অন্যযুগ/


বুদ্ধিৰ সাগৰ বীৰবল

ৰচনা পাঠক



বীৰবলৰ ডেকা কালৰ কথা৷

এদিন দৰবাৰত বহি থাকোঁতে  শ্বাহেনশ্বাহে প্ৰশ্ন সুধিলে, অসাধ্য সাধন কৰি দেখুৱাব পৰা সভাসদ মোৰ এই দৰবাৰত আছেনে?

সমজুৱাসকলৰ মাজত প্ৰতিযোগিতা আৰম্ভ হল৷ কোনোৱে ঘৰৰ মুধচত উঠি জঁপিয়াই পৰি হাত-ভৰি ভাঙিলে, কোনোবাই গৰম পানীত বুৰ মাৰি গাৰ ছালত পানীজোলা ফুটালে, আন কোনোবাই আকৌ হাতী একোটাক ভুকুৱাই মাৰিব পাৰিম বুলি কৈ তাকে কৰি দেখুৱাবলৈ গৈ হাঁহিয়াতৰ পাত্ৰ হল৷

বীৰবলে প্ৰতিযোগিতাত ভাগ লোৱাৰ কোনো লক্ষণ নেদেখুউৱাত শ্বাহেনশ্বাহে কলে,

-      মহামন্ত্ৰী বীৰবল! সকলোৱে কিবা নহয় কিবা কৰিছে৷ পাৰক বা নোৱাৰক, যত্নতো কৰিছে! তুমি ইমান উদাসীন হৈ থাকি প্ৰমাণ কৰিছা যে তুমি আচলতে এজন ভীৰু, কাপুৰুষ৷

ইমান গঞ্জনা শুনিও বীৰবলে একো নামাতিলে৷ মাথোঁ কলে,

-       জাহাপনা, কাইলৈৰ দিনটো মোক ছুটী লাগে৷

পাছদিনা শ্বাহেনশ্বাহ আৰু বাকীসকল সভাসদ দৰবাৰত ব্যস্ত হৈ থাকোঁতে বীৰবল শ্বাহেনশ্বাহৰ অন্দৰ মহলৰ হাৰেমত অৰ্থাৎ ৰাণীসকলৰ ভিতৰ চৰাত প্ৰৱেশ কৰিব খুজিলে৷ প্ৰহৰীয়ে বাধা দিয়াত বীৰবলে অৰ্থপূৰ্ণ হাঁহি এটা মাৰি কলে যে বেগম চাহেবাই নিজেহে তেওঁক লগ ধৰিব খুজি মাতি পঠাইছে৷ এইবুলি প্ৰহৰীৰ হাতত সোণৰ মোহৰ এটা দি বীৰবল ৰাণীৰ মহলত প্ৰৱেশ কৰিলে৷

সেই কালত মোগল শ্বাহেনশ্বাহসকলৰ ৰাণী অৰ্থাৎ বেগম চাহেবাসকল বাহিৰলৈ ওলোৱাৰ নিয়ম নাছিল৷ আনকি ৰজাৰ আটাইতকৈ মৰমৰ ৰাণীগৰাকীয়েও ৰাজ দৰবাৰখন গচকি পোৱা নাছিল৷ বীৰবলে এই নিয়মটোকে ভংগ কৰাব খুজিলে মহাৰাণী চাহেবাৰ দ্বাৰা৷

মহাৰাণী যোধা বেগম খুব ধুনীয়া আছিল৷ তদুপৰি তেওঁ আছিল শ্বাহেনশ্বাহৰ খুব মৰমৰ৷

বীৰবল গৈ মহাৰাণীৰ সম্মুখত উপস্থিত হলগৈ৷ মহাৰাণী আচৰিত হল৷ তেওঁ নিজকে সুধিলে, বীৰবলৰ কিবা বেয়া মতলব আছে নেকি বাৰু?

-       বেগম চাহেবা! মই আজি শ্বাহেনশ্বাহৰপৰা ছুটী লৈছো৷ বীৰবলে অৰ্থপূৰ্ণ চাৱনি এটাৰে মহাৰাণীক কলে,

-      ভাবিলোঁ, আজিৰ দিনটো আপোনাৰ লগতে কটাওঁ৷ সঁচা কথা কৈছোঁ বেগম চাহেবা, আপোনাতকৈ সুন্দৰী নাৰী আছে বুলি মই বিশ্বাস নকৰোঁ৷ আপুনি যদি দয়া কৰি শ্বাহেনশ্বাহক এৰি মোৰ লগত বিয়া হয় তেন্তে মই অতি আনন্দিত হম৷

মহাৰাণীয়ে ভাবিলে, কথা দেখোন বিষম! স্বয়ং শ্বাহেনশ্বাহৰ প্ৰিয় মন্ত্ৰীজনাই এনেকৈ পাটৰাণীজনীক ভালপোৱাৰ প্ৰস্তাৱ দিবলৈ আহিছে৷ তাকো কৰিছে শ্বাহেনশ্বাহৰপৰা ছুটী লৈ...৷ এই কথাই কথা নহয়৷ শ্বাহেনশ্বাহক এই মুহূৰ্ততে জনাই এওঁক উচিত শাস্তি দিয়াব লাগিব৷ ভাবি ভাবি মহাৰাণীৰ চকুপানী ওলাল৷ বহাৰপৰা উঠি তেওঁ ভিতৰ দুৱাৰেদি ৰাজ দৰবাৰলৈ খোজ ললে৷ আচলতে খোজ লোৱা নাই, তেওঁ এক প্ৰকাৰ কুকুৰ লৰহে ধৰিলে৷

বীৰবলো পিছে পিছে গল৷

ৰাজ দৰবাৰত বেগম চাহেবাক দেখি শ্বাহেনশ্বাহ আচৰিত হ

-      আৰে! ই কি? বেগম চাহেবা তুমি?

-       জাহাপনা, বীৰবলে মোক... বীৰবলে মোক ... মহাৰাণীয়ে আৰু একো কব নোৱাৰিলে৷ তেওঁক শোকে খুন্দা মাৰি ধৰিলে৷

তেনে সময়তে বীৰবলে মাত লগালে,

-    জাহাপনা, ভুল হলে ক্ষমা কৰিব৷ আচলতে মই বেগম চাহেবাক এই দৰবাৰলৈ আনি এটা অসাধ্যহে সাধন কৰিবলৈ যত্ন কৰিছিলোঁ৷

বীৰবলৰ কথা শুনি বেগমে শ্বাহেনশ্বাহলৈ চালে৷ লগে লগে দুয়ো হাঁহিবলৈ ধৰিলে৷ সভাসদসকলেও হাত চাপৰি বজালে৷

সকলোকে বীৰবলে শ্ৰদ্ধাৰে অভিবাদন জনালে৷

(২২)

বীৰবলে ধঁপাত খাইছিল৷ আনহাতে আকবৰে খাইছিল পাণ৷ আকবৰে ধঁপাত খোৱাক লৈ বীৰবলক অনেক কথা শুনাইছিল৷ কিন্তু পাণ খোৱা কাৰণে বীৰবলে আকবৰক খুব প্ৰশংসা কৰিছিল৷ সেই প্ৰশংসা যে আচলতে প্ৰশংসাৰ ছলেৰে কৰা নিন্দাহেশ্বাহেনশ্বাহ আকবৰেও নুবুজাকৈ থকা নাছিল, বুজিছিল৷ কিন্তু বীৰবলৰ নিচিনা তেওঁৰতো জিভাৰ আগত সৰস্বতী বহি থকা নাই যে তেওঁ বাক্‌‌যুদ্ধত বীৰবলক হৰুৱাব পাৰে!

এদিন ৰাজধানীৰপৰা আঁতৰৰ এখন ঠাইলৈ যাবলগীয়াত পৰিছিল শ্বাহেনশ্বাহ৷ লগত গৈছিল বীৰবল৷ এক্কা গাড়ী এখনত বহি দুয়ো প্ৰকৃতিৰ মনোৰম দৃশ্য উপভোগ কৰি কৰি গৈ আছে৷ এবাৰ আকবৰে দেখিলে, বাটৰ কাষতে এখন ধঁপাতৰ বাৰী; তাতে এটা গাধ চৰি আছে৷ এই কথাও আকবৰৰ চকুত পৰিল যে গাধটোৱে তলৰ ঘাঁহহে খাইছে; ধঁপাতৰ পাত এখিলাও খোৱা নাই৷

বাদশ্বাহে কলে, চোৱাঁচোন বীৰবল! গাধয়ো ধঁপাত নাখায়৷

বীৰবলে সেইফালে চালে আৰু কলে, হয় জাহাপনা! গাধইহে ধঁপাত নাখায়!

আকবৰে আৰু কথা বিচাৰি নাপালে৷

(২৩)

মানুহৰ হাতৰ তলুৱাত নোম নাই কিয়?

এদিন দৰবাৰত উত্থাপিত এই প্ৰশ্নটোৰ উত্তৰ উপস্থিত সভাসদসকলৰ কোনেও শ্বাহেনশ্বাহ সন্তুষ্ট হোৱাকৈ দিব নোৱাৰিলে৷

সেইদিনা আককিবা কাৰণত দৰবাৰলৈ বীৰবল পলমকৈ গৈছিল৷ তেওঁ দৰবাৰত উপস্থিত হওঁতে শ্বাহেনশ্বাহে বাকী সভাসদসকলক ককৰ্থনা কৰি আছে৷ বীৰবল পোনছাটেই সোমাই নগৈ প্ৰকাণ্ড স্তম্ভ এটাৰ আঁৰ হৈ শ্বাহেনশ্বাহৰ কথা শেষ হোৱালৈ ৰল৷ শ্বাহেনশ্বাহে কৈ আছে

-       তোমালোকক মিছাতে মই ৰাজভঁৰালৰ সোণৰ মোহৰবোৰ হাজাৰে হাজাৰে দৰমহা দিছোঁ৷ এই সামান্য প্ৰশ্নটোৰ উত্তৰ দিব নোৱাৰাঁ, ইফালে দাবী কৰাঁ যে তোমালোকতকৈ জ্ঞানী আৰু বুধিয়ক এই জগতত কোনো নাই! ধি্‌‌ক তোমালোকৰ জ্ঞান-বুদ্ধিৰ অহংকাৰ! ছেঃ আজি দৰবাৰত বীৰবলো নাই নহয়! তেওঁ থকা হলে এক টিলিকিতে এইটো প্ৰশ্নৰ উত্তৰ দিলেহেঁতেন৷ তেওঁৰ সফলতাত তো তোমালোকৰ কম ঈৰ্ষা নহয়৷ তেওঁৰ জ্ঞান-বুদ্ধিৰ স্বীকাৰ কৰিবা দূৰৈৰ কথা, তেওঁক তোমালোকে হিংসাহে কৰা!

শ্বাহেনশ্বাহ ৰল৷ দৰবাৰ কাঁহ পৰি জীণ গৈছে৷ শ্বাহেনশ্বাহে আৰু কিবা কয় নেকি শুনিবলৈ ৰৈ একো নোকোৱা যেন দেখি বীৰবল সোমাই গল আৰু শ্বাহেনশ্বাহক অভিবাদন জনাই নিজৰ আসনত বহিলগৈ৷ দৰবাৰ তেনেই থম্‌থমীয়া৷ বীৰবলে কাৰণটো বুজিছে, কিন্তু একো নুবুজাৰ ভাও ধৰি তেওঁ সুধিলে,

-      জাহাপনা! কিবা গুৰুতৰ বিষয়ৰ আলোচনা চলি আছিল যেন পাওঁ! ময়ো ভাগ লব পাৰিম নেকি?

-       তুমিও মানে? – শ্বাহেনশ্বাহে আচৰিত হৈ কলে - তোমাৰ বাহিৰে মোৰ সোঁৱে-বাঁৱে আছে কোন বীৰবল?

-       সোধক জাহাপনা৷ মোৰ জ্ঞান-বুদ্ধিৰে আপোনাক সন্তুষ্ট কৰিব পাৰিলে মই আনন্দিত হম৷

আকবৰে সুধিলে,

-       মানুহৰ হাতৰ তলুৱাত নোম নাই কিয়? এই প্ৰশ্নটোৰ উত্তৰ এইসকল সভাসদৰ এজনেও দিব নোৱাৰিলেহে!

বীৰবলে ভাবিলেশ্বাহেনশ্বাহৰ মন ভাল লগোৱাৰ আৰু বাকীসকল সমজুৱাৰ কটা ঘাত চেঙাতেল মৰাৰ এইটো উত্তম সুবিধা৷ তেওঁ কলে,

-      জাহাপনা! মই সাধাৰণ মানুহ৷ বিদ্যা-বুদ্ধিতো মই নিচেই সামান্য৷ গতিকে মই সকলো মানুহৰ কথা কব নোৱাৰিম৷ কিন্তু আপোনাকে ধৰি এই সভাৰ উপস্থিতসকলৰ হাতৰ তলুৱাত নোম নোহোৱাৰ কাৰণটো মই বিচাৰি পাইছোঁ৷

-      কোৱাঁ বীৰবল! আমাৰ কথাকে কোৱাঁ৷ – শ্বাহেনশ্বাহে অনুমতি দিলে৷ বীৰবলে চাৰিওফালে এবাৰ চকু পিৰিকিয়াই চালে আৰু কবলৈ ধৰিলে, 

-     জাহাপনা! আপুনি পৃথিৱীৰ গৰাকী, ৰাজ-ৰাজেশ্বৰ৷ লৰালিৰেপৰা আপুনি ধন-সোণকে দান কৰি আহিছে, পুৰস্কাৰকে দি আহিছে৷ এতেকে আপোনাৰ হাতত ধন-সোণৰ ঘঁহনি ইমানেই খাইছে যে তাত আৰু নোম গজাৰ উপায় নাই৷

আকবৰে গোঁফকোছাৰ তলেদি মিহি হাঁহি এটা মাৰিলে আৰু সুধিলে,

-       আৰু তোমাৰ?

-    জাহাপনা! বীৰবলে কবলৈ ধৰিলে, আপুনি দিয়া ধন-সোণৰ পুৰস্কাৰ মই ইমানেই পাইছোঁ যে সেইবোৰ লওঁতে লওঁতে মোৰ হাতৰ তলুৱাত গজিবলৈ নোমে সুবিধাই নাপালে৷

আকবৰে আকৌ এবাৰ হাঁহিলে আৰু সোঁহাতখনেৰে সভাসদসকললৈ ইঙ্গিত কৰি সুধিলে,

-        আৰু এওঁলোকৰ?

-   জাহাপনা! বৰ দুখ লাগে যে মই পুৰস্কাৰ পোৱা দেখি মোৰ এই মাননীয় সহকৰ্মীসকলে অনবৰতে হাত মোহাৰি থাকিবলগীয়া হয়৷ আপুনিয়েই কওক, অনবৰতে মোহাৰি থকা হাতৰ তলুৱাত বাৰু নোম গজিব কেনেকৈ?

এইবাৰ আকবৰে হাঁহি সামৰি ৰাখিব নোৱাৰিলে৷ তেওঁ হাঃ হাঃ কৈ হাঁহিবলৈ ধৰিলে৷ সভাসদসকলে লাজত মূৰ দাঙিব নোৱৰা হল৷

(২৪)

এবাৰ কিবা কথাত শ্বাহেনশ্বাহ আকবৰৰ খং উঠি বীৰবলক ৰাজ্যৰ পৰা বাহিৰ হৈ যাবলৈ নিৰ্দেশ দিলে৷ বীৰবলেও স্থিৰ কৰিলে যে এইবাৰ তেওঁ আকবৰক বিপদত পেলাইহে এৰিব৷ কাৰণ আগে-পাছেও ৰজাই তেওঁক খেদি দিয়ে আৰু দুদিনৰ পাছতে বিপদত পৰি মানুহ পঠাই ঘৰৰপৰা মতাই নিয়ে৷ এইবাৰ জাহাপনাক তেনে সুবিধা দিয়া নহ, –তেওঁ থিৰাং কৰিলে৷

ঘৰতে সোমাই থাকিলেহে মতাই নিব! এইবাৰ জাহাপনাক এনে সুবিধা নিদিওঁ৷ এইবুলি বীৰবলে ছদ্মবেশ ধৰি বেলেগ এখন ৰাজ্যলৈ গুচি গল৷

ইফালে বীৰবলহীন ৰাজসভাখন আকবৰৰ তেনেই নিৰস আৰু শূন্য শূন্য লাগিবলৈ ধৰিলে৷ গতিকে তেওঁ বীৰবলৰ ঘৰলৈ মানুহ পঠিয়ালে৷

বাৰ্তাবাহক ঘূৰি আহি কলেহি-

-        বীৰবলৰ ঘৰৰ দুৱাৰত এটা প্ৰকাণ্ড তলাহে ওলমি আছে৷

আকবৰ বিবুধি হল৷ কলৈ গল মানুহটো? ছেঃ বৰ বেয়া কথা হল৷ মই তেওঁক ইমান বেয়াকৈ কব নালাগিছিল৷ মানুহটোৱে বাৰু মনত কমটো আঘাত পাই দেশান্তৰী হলনে? ক্ষমা খুজিবলৈও উপায় নাই! কি কৰোঁ? আকবৰৰ মনত অনুশোচনা হবলৈ ধৰিলে৷

কিছুদিন যোৱাৰ পাছত আকবৰ অধৈৰ্য হল আৰু বিভিন্ন দেশলৈ বীৰবলৰ সন্ধানত মানুহ পঠালে৷

দৰবাৰত আকবৰক ৰাজ্যশাসনত অমনোযোগী যেন দেখি বাকীসকল সভাসদে বিবিধ উপায়েৰে তেওঁৰ মন যোগাবলৈ যত্ন কৰিব ধৰিলে৷ কিন্তু আটাইখিনি ফুটুকাৰ ফেন৷ বীৰবল বীৰবলেই৷ শিল জানো সোণ হব পাৰে?ৰা চৰাইৰ পাখি দুটিমান গাত গুজি ললেই জানো কাউৰীটো কাউৰী গুচি মৰা হৈ পৰিব?

শ্বাহেনশ্বাহে সদায়ে বাটচৰালৈ চাই থাকে : জানোচা বীৰবল আহিছেই! পিছে নাই! এটা এটাকৈ আটাইবোৰ মানুহ ঘূৰি আহিল; বীৰবলৰহে ছাঁটোও কোনেও দেখা নাপালে হেনো৷

আকবৰে বুজিলে, বীৰবলে ওচৰৰ কোনোবা ৰাজ্যতে ছদ্মবেশ ধৰি আছে৷ নহলে মানুহটো বতাহৰ লগত মিলি যাব কেনেকৈ?

গতিকে আকবৰে এটা বুদ্ধি পাঙিলে৷ কাকতীৰ হতুৱাই ওচৰ-পাজৰৰ আৰু দূৰৰো চিনাকি ৰজাসকলৰ প্ৰতি তেওঁ চিঠি এখন লিখালে৷ চিঠিখনৰ সাৰমৰ্ম হল যে শ্বাহেনশ্বাহ আকবৰে গঙ্গা আৰু যমুনা নৈৰ বিয়া পাতিছে৷ বিয়ালৈ সকলো ৰাজ্যৰ ৰজাই যাতে নিজৰ নিজৰ ৰাজ্যৰ নৈবোৰক পঠায়!

চিঠি পাই সকলো ৰজা হতভম্ব হল৷ ইখন ৰাজ্যৰ ৰজাই আনখন ৰাজ্যৰ ৰজালৈ আনকি খবৰো পঠালে বোলে হিন্দুস্তানৰ সম্ৰাট আকবৰৰ মানসিক ৰোগ হৈছে! এৰা, আকবৰ বলিয়া হল!

পিছে এখন ৰাজ্যৰ ৰজাৰপৰা আকবৰলৈ এখন চিঠি আহিল৷ চিঠিত লিখা হৈছে : যিহেতু আমাৰ ৰাজ্যৰ নৈবোৰে আপোনাৰ ৰাজ্যলৈ যোৱা বাট-পথবোৰ চিনি নাপায়; গতিকে বাট দেখুৱাই নিবলৈ আপোনাৰ ৰাজ্যৰ পুখুৰী এটাকে যদি ইয়ালৈ পঠাই দিয়ে তেন্তে আমাৰ আটাইবোৰ নৈকে বিয়া খাবলৈ পঠাই দিব পাৰোঁ৷

চিঠিখন পঢ়ি আকবৰৰ মুখমণ্ডল হাঁহিৰে উজলি উঠিল৷ তেওঁ বুজি পালে, এইখন চিঠি নিশ্চয় বীৰবলৰ বুদ্ধিমতেই লিখা হৈছে!

লগে লগে তেওঁ নিজে সৈন্য কেইজনমান লৈ সেইখন ৰাজ্য পালেগৈ৷ সেই ৰাজ্যৰ ৰজাক লগ ধৰি সুধি-পুচি তেওঁ বীৰবলক উদ্ধাৰ কৰিলে৷

আচলতে বীৰবল ছদ্মবেশী পণ্ডিত এজন হৈ সেইখন ৰাজ্যৰ ৰাজসভাতে আছিল৷

(২৫)

শ্বাহেনশ্বাহৰ বাসভৱনৰ দুজন ৰক্ষীয়ে বীৰবলক ভাল নাপাইছিল আৰু সৰু সুৰা অপকাৰ কৰি তেওঁক মাজে সময়ে আমনি কৰি আহিছিল৷ এদিন বীৰবলে সিহঁতক শাস্তি দিবলৈ মন কৰিলে৷

সেইদিনা দৰবাৰ বহা নাছিল৷ ৰাতিপুৱাৰেপৰা ভালেখিনি চিন্তা-ভাৱনা কৰি বীৰবলে এটা কবিতা ৰচনা কৰিলে আৰু আবেলি পৰত চোলাৰ জেপত কবিতাটো লৈ ৰাজভৱনলৈ বুলি খোজ দিলে৷

ৰাজভৱনৰ প্ৰথমজন ৰক্ষীয়ে বীৰবলক বাধা দিলে, বোলে জাহাপনাই এতিয়া জিৰণি লৈছে৷ বীৰবলে কলে বোলে, ভাই মোক সোমাবলৈ দিয়া৷ আজি জাহাপনাই মোক যি পুৰস্কাৰ দিব তাৰে পূৰাপূৰি আধা মই আজি তোমাক দিম৷

তেতিয়া পুৰস্কাৰৰ আশাত ৰক্ষীজনে তেওঁক সোমাবলৈ দিলে৷

দ্বিতীয়জন ৰক্ষীয়েও তেওঁক বাধা দিলে আৰু তেৱোঁ প্ৰথমজনক কোৱা কথাখিনিকে কৈ গৈ আকবৰৰ ওচৰ পালেগৈ৷

-     জাহাপনা! অসময়ত আমনি কৰিছোঁ, ক্ষমা কৰিব৷ আচলতে মই এনেকুৱা এটা সুন্দৰ কবিতা লিখিলোঁ যে সেইটো প্ৰথম আপোনাকে শুনাবলৈ বুলি মই উধাতু খাই আহিছোঁ৷

আকবৰে কবিতা শব্দটো শুনিয়েই উৎসাহী হৈ উঠিল৷ বীৰবলে তেওঁক কবিতাটো শুনালে৷

আকবৰ প্ৰসন্ন হৈ বীৰবলক এশটা সোণৰ মোহৰ দিবলৈ ধনভঁৰালীক নিৰ্দেশ দিলে৷ বীৰবলে কলে,

-       জাহাপনা, আজি মোক সোণৰ মোহৰ পুৰস্কাৰ নালাগে৷ মোক আজি এশটা সৌকাৰ কোব দিয়ক৷

বাদশ্বাহ আচৰিত হল যদিও বীৰবলৰ কথাতে মান্তি হল৷ তেতিয়া সৌকাধৰাক লৈ বীৰবল ৰক্ষী দুজনৰ ওচৰত উপস্থিত হল৷ দুয়োজন ৰক্ষীকে পঞ্চাছটাকৈ সৌকাৰ কোব দিয়াই উঠি বীৰবলে বাদশ্বাহলৈ চাই কলে;

-       জাহাপনা! আনৰ সম্পত্তিলৈ লোভ কৰা মানুহক ভগৱানে এনেকুৱা শাস্তিয়েই নিদিয়েনে?

বাদশ্বাহে হাঁহিলে৷

সেইদিনাৰপৰা ৰক্ষী দুজনে বীৰবলক অপকাৰ কৰা দূৰৰে কথা, তেওঁৰ নামটো শুনিলেও ভয়ত কঁপি থাকিবলৈ ললে৷

(২৬)

-        এই কথাই কথা নহয়৷ তাক ভালকৈ এশিকনি দিব লাগিব৷ ভাবি ভাবি দৰবাৰৰপৰা বীৰবল ঘৰলৈ আহি আছিল৷ দৰবাৰত ঘটা ঘটনাটো মনত পৰাত তেওঁৰ গা-মন তেনেই জ্বলি উঠিল৷

ঘটনাটো হল এনেকুৱা : শ্বাহেনশ্বাহৰ নাপিতটোৱে বীৰবলক সমূলি দেখিব নোৱাৰে৷ সেইবুলি সি যে মহামন্ত্ৰী বীৰবলক প্ৰাণে মৰাৰ বুধি সাজিব পাৰে, এই কথা বীৰবলে সপোনতো ভবা নাছিল৷ পিছে বীৰবলে নভবাখিনিকো সি পাষণ্ডই ভাবিলে৷

দৰবাৰলৈ আহি নাপিতটোৱে শ্বাহেনশ্বাহক কলেহি,

-        জাহাপনা! যোৱাৰাতি মই এটা বৰ দুখ লগা সপোন দেখিলো৷

শ্বাহেনশ্বাহে জানিবলৈ বিচৰাত সি কলে যে আকবৰৰ স্বৰ্গগামী পিতৃ-পিতামহসকলে বৰ দুখ কৰিছে৷ দুখৰ কাৰণ, আকবৰে তেওঁলোকৰ খবৰ-খাতি নোলোৱা হল৷

নাপিতৰ কথাই আকবৰৰ মনৰ দুৰ্বল অংশতে আঘাত হানিলে৷ কেনেকৈনো স্বৰ্গগত উপৰি পুৰুষৰ খবৰ লব পাৰি জানিব খোজাত নাপিতে কলে যে ৰজাই নিজৰ খুব বিশ্বাসী, মৰমৰ, মৰ্যাদাসম্পন্ন লোক এজনক স্বৰ্গলৈ পঠাই দিব লাগে৷

জীয়া মানুহকনো স্বৰ্গলৈ পঠাব পাৰি কেনেকৈ? শ্বাহেনশ্বাহৰ এই প্ৰশ্নৰো উত্তৰ সি ঠিক কৰি আনিছিল : বোলে খৰি-খেৰ এদম গোটাই তাৰ মাজতে মানুহজনক বহুৱাই জুই দি দিব লাগে৷

তাৰ পাছতে প্ৰশ্ন হ, কাক পঠাব লাগে৷

নাপিতে কলে,

-        জাহাপনা, গোটেই দেশখনৰ ভিতৰত আপোনাৰ মৰমৰ আৰু বিশ্বাসী লোক এজনেই আছে! সেইজন হল প্ৰধানমন্ত্ৰী বীৰবল৷ তেখেতৰ মৰ্যাদাও আপোনাৰ ঠিক পিছতেই!

বাকী সভাসদসকলেও যিহেতু বীৰবলক দেখিব নোৱাৰিছিল; গতিকে বাটৰ হুল আতঁৰোৱাৰ আশা এফেৰি দেখি তেওঁলোকেও নাপিতৰ মততে হয়ভৰ দিলে৷ অগত্যা বিশেষ চিন্তা-ভাৱনা নকৰাকৈয়ে শ্বাহেনশ্বাহে বীৰবলকে স্বৰ্গলৈ পঠাবলৈ সিদ্ধান্ত কৰিলে৷

বীৰবল তেনেই শলঠেকত পৰিল৷ পিছে সন্ধিৰ বাঁহ যে বুধিৰেহে কাটিব পাৰি তেওঁ বাৰুকৈয়ে জানে৷ সেয়েহে তেওঁ কলে,

-        জাহাপনা! আপোনাৰ উপৰি পুৰুষসকলৰ খবৰ-বাতৰি লবলৈ মোক নিৰ্বাচন কৰি আপুনি যথাৰ্থতে মোক সম্মানিত কৰিছে৷ পিছে জাহাপনা, মোক পঠোৱাৰ প্ৰস্তুতি চলে মানে মোক এমাহৰ ছুটী লাগে৷

শ্বাহেনশ্বাহেও ছুটী মঞ্জুৰ কৰিলে৷

দুদিনমান ঘৰতে বহি বহি চিন্তা কৰি বীৰবলে এটা বুদ্ধি উলিয়ালে৷ যিখন ঠাইত তেওঁক পুৰিবলৈ খৰি খেৰ জমা কৰা হ, সেই ঠাইলৈ নিজৰ ঘৰৰ ভিতৰৰ পৰা এটা সুৰংগ খন্দোৱাবলৈ বীৰবলে মনস্থ কৰিলে৷ কথা মতেই কাম৷ পষেক মানৰ ভিতৰতে ৰাতি ৰাতি কুৰিজন বনুৱা লাগি বীৰবলৰ ঘৰৰ শোৱনী কোঠাৰপৰা সেই নিৰ্দিষ্ট ঠাইলৈ এটা সুৰঙ্গ খান্দি উলিয়ালে৷

ইতিমধ্যে ঠাইখনত খৰি-খেৰ দমোৱা হৈছিল৷ পৰ্বতাকাৰ ধাৰণ কৰা কাঠ-খৰিবোৰৰ মাজেদিও মানুহ এজন তললৈ নামি সুৰঙ্গইদি বীৰবলৰ ঘৰলৈ মনে মনে গুচি আহিব পৰাকৈ ব্যৱস্থা কৰা হল৷

ইমানখিনি কাম এমাহৰ ভিতৰতে হৈ উঠিল৷ এমাহৰ পাছৰ নিৰ্দিষ্ট দিনটোত শ্বাহেনশ্বাহৰপৰা বিদায় লৈ কৰ্মীবোৰে পাতি দিয়া জখলাইদি বীৰবল খৰিৰ দমটোৰ ওপৰত উঠিল৷ শ্বাহেনশ্বাহৰ নিৰ্দেশত সেৱকে খৰিত জুই জ্বলাই দিলে৷

দাউ দাউকৈ জ্বলি উঠা লেলিহান জুইৰ মাজেদি গৈ বীৰবল যে নিজৰ ঘৰ পালেগৈ কোনেও গমকে নাপালে৷

নাপিতটোৱে বীৰবল মৰা পৰিল বুলি ভাবি মনে মনে খুব আনন্দ পালে৷

আকবৰৰহে ভাল নলগা হল৷ বীৰবলহীন ৰাজ দৰবাৰখন তেওঁৰ মনত শ্মশান শ্মশান লাগিল৷ সদায়ে তেওঁ বাটলৈ চাই থকা হ: জানোচা বীৰবল আহি পায়হি!

শ্বাহেনশ্বাহে বাট চাই থকা দেখি নাপিতটোৱে মনে মনে হাঁহে আৰু নিজকে কয় : মৰা মানুহনো ঘূৰি আহেনে?

পিছে আহিল! এদিন বীৰবল স্বৰ্গৰপৰা ঘূৰি আহি আকৌ শ্বাহেনশ্বাহ আকবৰৰ দৰবাৰ পালেহি।

নাপিতটোৰ মূৰত বিনা মেঘে বজ্ৰপাত ঘটাই এদিন ডাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপ লৈ বীৰবল আহি দৰবাৰ পালেহি৷ এমাহমান ঘৰতে পুথি-পাঁজি পঢ়ি-শুনি সেইদিনা মলিয়ন সাজ এজোৰ পিন্ধি বীৰবল শ্বাহেনশ্বাহক দেখা কৰিবলৈ আহিল৷

আকবৰ আনন্দিত হল৷ বীৰবলক তেওঁ উপৰ্যুপৰি উপৰি পুৰুষৰ খবৰ সুধিবলৈ ধৰিলে৷

বীৰবলে কৈ গ: ভাল, ভাল৷ আটায়ে পৰম সুখত আছে৷ পিছে জাহাপনা! তেওঁলোকৰ বিশেষকৈ পুৰুষসকলৰ কাৰণে এটা বৰ দুখজনক কথা হৈছে৷

-        সেইটো কি? সেইটো মই দূৰ কৰিব পাৰিমনে বীৰবল?

-        পাৰে জাহাপনা! আপুনি ইচ্ছা কৰিলে নোৱৰা কাম কি আছে৷

-        কোৱাঁ৷ তেওঁলোকৰ দুখৰ কাৰণ কোৱাঁ৷ বুলি কৈ আকবৰে বীৰবলৰ মলিয়ন কামিজটোত চকু পৰাত কৈ উঠিল,

-       তেওঁলোকৰ কাপোৰ ধোৱা ধোবা নাই?

-        আছে জাহাপনা!

-        তেন্তে তোমাৰ কামিজটো ইমান লেতেৰা কিয়?

-        জাহাপনা! মই স্বৰ্গলৈ যাওঁতে কানি-কাপোৰ একোকে নিয়া নাছিলোঁ নহয়৷ সেয়েহে একেযোৰকে পিন্ধোতে পিন্ধোতে অলপ লেতেৰা হৈছে আৰু৷

-        ঠিক আছে৷ বীৰবল, কোৱাঁ, মোৰ পিতৃ-পিতামহৰ দুখৰ কাৰণ কি?

বীৰবলে আটাইলৈকে এবাৰ চালে আৰু লাহে লাহে নিজৰ ডাঢ়ি-চুলিত হাত ফুৰাই ফুৰাই কবলৈ ধৰিলে,

-        দেখিছে জাহাপনা! এই কেইদিনতে মোৰ চুলি-ডাঢ়িৰ অৱস্থা কি হৈছে? এতিয়া আপোনাৰ পিতা শ্বাহেনশ্বাহ হুমায়ুন বা আপোনাৰ ককাদেউতাক শ্বাহেনশ্বাহ বাবৰৰ ডাঢ়ি-চুলিৰ অৱস্থা কি হৈছে কল্পনা কৰকচোন! তেখেতলোকে আপোনাৰ আটাইতকৈ দক্ষ ক্ষৌৰকাৰজনক অতি সোনকালে স্বৰ্গলৈ পঠাই দিবলৈ কৈছে৷

নাপিতটো ওচৰতে আছিল৷ সি মুহূৰ্ততে বীৰবলৰ বুদ্ধিৰ ওচৰত পৰাস্ত হোৱা বুলি হাড়ে হাড়ে বুজিলে৷

কেইদিনমানৰ পাছত বীৰবলক স্বৰ্গলৈ পঠোৱাৰ দৰেই নাপিতকো পঠোৱা হল৷ পিছে নাপিততো আৰু বীৰবল নহয়!

এতেকে নাপিত সঁচাকৈয়ে স্বৰ্গলৈকে গলগৈ৷

(২৭)

তুৰস্কৰ সম্ৰাটে হিন্দুস্তানৰ শ্বাহেনশ্বাহ আকবৰৰ দৰবাৰৰ পণ্ডিতসকলৰ কথা প্ৰায়েই শুনে৷ মাজে মাজে তেওঁৰ মনত খেদ ওপজে নিজৰ ৰাজ্যৰ পণ্ডিতসকলৰ কথা ভাবি৷ বিশেষকৈ বীৰবল নামৰ বুদ্ধিয়ক আৰু জ্ঞানী পণ্ডিতজনৰ নিচিনা অন্ততঃ এজন লোক যদি তুৰস্কৰ ৰাজসভাত থাকিলেহেঁতেন! সম্ৰাটে ভাবিলে৷

পিছে নিজৰ উজীৰ-নাজিৰসকলে সম্ৰাটক বুজালে যে বীৰবল তেনেই সামান্য পণ্ডিত৷ বুধিৰ বেলিকাও বীৰবল তুৰস্কলৈ আহিলে তেনেই ঠোঁট-মুখ চেলেকি উভতি যাবলগীয়াতহে পৰিব৷

অৱশেষত সম্ৰাটে আকবৰলৈ চিঠি লিখিলে : কমেও দহদিনৰ কাৰণে বীৰবলক তুৰস্কলৈ পঠাওক৷ নহলে তুৰ্কী সেনাই হিন্দুস্তান আক্ৰমণ কৰি ছাৰখাৰ কৰি পেলাব৷

অগত্যা আকবৰেও বীৰবলক দুদিনমান বিদেশ ফুৰি আহিবলৈ পঠালে৷ বীৰবলেও বুজিলে যে তুৰস্কৰ সম্ৰাটে নিশ্চয় তেওঁৰ বুধি-বৃত্তিৰ পৰীক্ষা নোলোৱাকৈ নাথাকে৷

তেওঁ যি ভাবিছিল সেয়া ষোল অনা সঁচা বুলি প্ৰমাণিত হল৷ কাৰণ, ৰাজধানী চহৰত সোমোৱা মাত্ৰকে তেওঁক দুজন কটকী আহি কলেহি যে চুলতানে তেওঁক পোনেই দৰবাৰলৈকে মাতি পঠাইছে৷ তেঁৱো কিবা এটা বুজি পালে আৰু ৰং মনেৰে ৰাজ দৰবাৰলৈ সোমাই গল৷

কিন্তু ই কি? সিংহাসনত দেখোন চুলতান নাই! সভাসদসকলেও তেওঁক একোকে কোৱা নাই৷ বীৰবলক অপ্ৰস্তুত কৰাৰ ফাকটি!

যি হল হল৷ বীৰবলে চাৰিওফালে চালে৷ এজন সভাসদৰ ওচৰলৈ গৈ তেওঁ কলে,

-        চুলতান, আপুনি সিংহাসনতহে বহিব লাগে! এনেকৈ চুচুক্‌ চামাক্‌‌ কৰি সভাসদসকলৰ মাজত লুকাই থাকিব লাগে কিয়?

সঁচাকৈ, সেইজনেই আছিল চুলতান৷ তেওঁ ততালিকে উঠি গৈ সিংহাসনত বহিলগৈ৷ বাকী সভাসদসকলে বীৰবলক প্ৰশংসা কৰিলে৷ চুলতানে সুধিলে,

-        বীৰবল ডাঙৰীয়া, মই লুকাই থাকোঁতে আপুনি কেনেদৰে চিনি পালে যে ময়েই মই? আগে-পাছেতো আপোনাৰ আৰু মোৰ দেখা-সাক্ষাৎ হোৱা নাই!

বীৰবলে কলে, পৰ্যবেক্ষণ শক্তিৰ বলতে মই আপোনাক চিনি উলিয়ালোঁ মহামান্য চুলতান৷ আপুনি পিৰিক্‌ পাৰাক্‌কৈ বাকীসকলৰ পিনে চাই আছিল আৰু বাকীসকলে আটায়ে কেৱল আপোনাৰ পিনেই চাই আছিল৷

(২৮)

দিল্লীত এজন প্ৰখ্যাত চিত্ৰকৰ আছিল৷ বিশেষকৈ প্ৰতিকৃতি অঁকাত তেওঁৰ খ্যাতি দেশে-বিদেশে ৰজন্‌জনা হৈ পৰিছিল৷ দেশ-বিদেশৰ অনেক ৰজা-মহাৰজাই তেওঁক নিমন্ত্ৰণ কৰি নিজৰ নিজৰ প্ৰতিকৃতি অঁকাই লৈছিল৷ সম্ৰাট আকবৰ আছিল প্ৰতিভাক শ্ৰদ্ধা জনাব জনা ব্যক্তি৷ সেয়ে তেওঁ চিত্ৰকৰজনক মাটি-ভেটি, লগুৱা-লিগিৰী দি চিত্ৰকলাৰ চৰ্চা কৰিবলৈ সুবিধা কৰি দিছিল৷

দিল্লীতে এজন সদাগৰ আছিল৷ মানুহজন আছিল মহা কৃপণ৷ শুকান জেওৰা খৰি এডাল চেপিলে ৰস ওলাব পাৰে, কিন্তু সেই সদাগৰৰ হাতেৰে ফুটাকড়ি এটাও এনেয়ে সৰি নপৰে৷ বিলাসিতা কৰিবলৈ তেওঁৰ বৰ মন, পিছে বিলাসিতাৰ নামত ধন খৰচ কৰিবলৈ তেওঁ নাৰাজ৷

সেই বিশ্ববিখ্যাত চিত্ৰকৰৰ হতুৱাই নিজৰ প্ৰতিকৃতি এখন অঁকাবলৈ তেওঁৰ বৰ আশা আছিল৷ কিন্তু চিত্ৰকৰজনক ধন দিব লগা হব বাবে তেওঁ মনৰ আশা মনতে সামৰি যত্ন কৰি আছিল : কি বুধিৰেনো ধন খৰচ নকৰাকৈ ছবিখন অঁকাই লব পৰা যাব৷

ভাবোঁতে ভাবোঁতে তেওঁৰ মনত কুটবুধি এটাই উখল-মাখল লগালে৷ সেয়ে এদিন গৈ তেওঁ চিত্ৰকৰৰ বহা পালৈগৈ৷

-        তুমি বোলে খুব সুন্দৰ প্ৰতিকৃতি আঁকিব পাৰাঁ?

-        ঈশ্বৰৰ অনুগ্ৰহত যত্ন কৰি কৰি পৰা হৈছোঁ আৰু৷

-        তুমি এখন ছবিত কিমান ধন লোৱাঁ?

-        এহাজাৰ স্বৰ্ণমুদ্ৰা৷

-        তোমাক মই দহ হাজাৰ স্বৰ্ণমুদ্ৰা দিম৷ কিন্তু মোৰ ছবিখন অবিকল হব লাগিব৷ সামান্য বিকৃত হলেও তুমি ধন নোপোৱাঁ৷

-        ঠিক আছে৷ চিত্ৰকৰে কলে৷

সেই চুক্তিমতেই কেইবাদিনো যত্ন কৰি চিত্ৰকৰে প্ৰতিকৃতিখন আঁকি উলিয়ালে৷ ছবিখন দিবলৈ তেওঁ যেতিয়া সদাগৰৰ ঘৰলৈ গল তেতিয়া সদাগৰে আগৰপৰা পাঙি থোৱা বুধি মতেই কলে,

-        নাকটো বেঁকা হল দেখোন! কি ছবি আঁকিছা এইখন?

চিত্ৰকৰে ছবিখন ঘূৰাই আনিলে৷ ঘৰত বহুপৰ একেৰাহে চায়ো তেওঁ নাকটো বেঁকা হোৱা নেদেখিলে৷ ছবিখন একেদৰেই পাছদিনা সদাগৰৰ ঘৰলৈ নিয়াত সদাগৰে কলে,

-        ওঁ, নাকটো এতিয়া ভাল হৈছে৷ কিন্তু এই চকুটো অলপ গণ্ডগোলীয়া হোৱা নাইনে? এইটো ঠিক কৰি দিবা৷

চিত্ৰকৰ পুনৰ উভতিল৷ সেইদিনাও চিত্ৰকৰে ছবিখনত অকণো বিকৃতি দেখা নাপালে৷ পাছদিনা পুনৰ সেইখন লৈ তেওঁ সদাগৰৰ ঘৰ পালেগৈ৷ সদাগৰে পুনৰ একেদৰেই কলে৷ মুঠতে সদাগৰৰ মতে ছবিখন ভাল হোৱা নাই৷

তাৰ পাছতে সদায়ে একেটা ঘটনাই ঘটিল৷ প্ৰতি দিনেই সদাগৰে ছবিখনৰ কিবা নহয় কিবা এটা খুঁত উলিয়ায় আৰু চিত্ৰকৰক বিফল মনোৰথ কৰি ঘূৰাই পঠায়৷

চিত্ৰকৰে বুজিলে, আচলতে সদাগৰৰ ধন দিবলৈ মন নাই৷ তেওঁ চিন্তা-ভাৱনা কৰি অৱশেষত বীৰবলৰ কাষ চাপিল৷

আদিৰপৰা অন্তলৈ গোটেইখিনি কথা শুনি বীৰবলে চিত্ৰকৰক এটা পৰামৰ্শ দিলে৷

পাছদিনা চিত্ৰকৰ পুনৰ গল সদাগৰৰ ঘৰলৈ৷ এইবাৰ তেওঁ চিত্ৰখন কাপোৰেৰে মেৰিয়াই লৈ গল৷ সদাগৰক চিত্ৰখন দিয়াত সদাগৰে কাপোৰৰ আৱৰণ গুচালে৷ কিন্তু আৰে! ই কি? এইখনতো চিত্ৰ নহয়, এখন দাপোণহে!

-        সদাগৰ মহোদয়, আপোনাৰ অবিকৃত প্ৰতিকৃতি এইখনেই৷ এতিয়া মোক দহ হাজাৰ স্বৰ্ণমুদ্ৰা আৰু ইমানদিনে কৰা লটিঘটিৰ বাবদ আৰু দুহাজাৰ স্বৰ্ণমুদ্ৰা মুঠ বাৰ হাজাৰ স্বৰ্ণমুদ্ৰা আদায় দিয়ক৷ অন্যথা মই শ্বাহেনশ্বাহৰ দৰবাৰলৈ যাম৷

সদাগৰৰ মুখে তেনেই কেঁহেৰাজ বটাৰ বৰণ ধৰিলে৷ লাজে অপমানে তেওঁ চিত্ৰকৰক ধন-বিত দি বিদায় দিলে৷

(২৯)

এবাৰ শ্বাহেনশ্বাহৰ টান নৰিয়া হৈছিল৷ দেশ-বিদেশৰ নানান কবিৰাজ-বেজ জ্ঞানীয়েও তেওঁৰ নৰিয়া ভাল কৰিব পৰা নাছিল৷

অৱশেষত আকবৰে জীয়াই থকাৰ আশাকে এৰিব খুজিলে৷ পিছে তেনে সময়তে এজন কবিৰাজ আহি দেখিলে যে মহাৰাজৰ আচলতে জ্বৰহে হৈছে! সাধাৰণ জ্ব, অথচ অসাধাৰণ ৰোগী! গণ্য-মান্য লোকে হাঁচি এটা মাৰিলেও গোটেইখন ৰৌজাল-বৌজাল লাগে৷ আকবৰৰো সাধাৰণ জ্বৰকে অসাধাৰণভাৱে জটিল ৰোগ বুলি ভাবি বিবিধ দৰব-জাতি খুৱাই থকা কাৰণে তেখেতৰ শৰীৰ বেছিকৈ দুৰ্বল হৈ পৰিছে!

কবিৰাজজনৰ কথা আকবৰে কিন্তু বিশ্বাস নকৰিলে৷ তেওঁৰ মতে তেওঁ কিবা মাৰাত্মক ৰোগত ভোগাটোৱেই সত্য৷

অৱশেষত কবিৰাজে বীৰবলৰ শৰণাপন্ন হৈ আটাইবোৰ কথা ভাঙি-পাতি কলে৷ তেতিয়া বীৰবলে কবিৰাজজনক কাণে কাণে এটা বুধি দিলে৷

পাছদিনা কবিৰাজজন পুনৰ আহিল আৰু বাদশ্বাহক কলে,

-      জাহাপনা, মোক ক্ষমা কৰিব৷ কালি আপোনাৰ ৰোগটো চিনাক্তকৰণত মই ভুল কৰাটো হয়৷ ঘৰলৈ গৈ নানান পুথি-পাঁজি পঢ়ি দেখিলোঁ যে হয়, আপোনাৰ নৰিয়া জটিল৷ পিছে আশা এৰিবলগীয়া নাই৷ এটা বস্তু খালেই আপোনাৰ অসুখ নোহোৱা হব৷

-       বস্তুটো কি? সম্ৰাটে অধৈৰ্য হৈ সুধিলে৷

-        এগিলাছ মাথোঁ বলদৰ গাখীৰ৷ সেইটো ঔষধ যোগাৰ নোহোৱালৈকে আপোনাক মই এইকেইটা ঔষধ খাবলৈ অনুৰোধ কৰিছোঁ৷ এইবুলি কবিৰাজে শ্বাহেনশ্বাহৰ দাসীৰ হাতত জ্বৰৰ দৰব আৰু সেইখিনি খোৱাৰ নিয়ম বুজাই দি গুচি গল৷ সম্ৰাটে তেওঁক দিব খোজা মাননিও তেওঁ নললে৷ মাথোঁন কলে যে সম্ৰাট আৰোগ্য হলেহে তেওঁ বক্‌‌ছিছ লবলৈ আহিব৷

শ্বাহেনশ্বাহে মুহূৰ্ততে বীৰবলক মতাই পঠালে৷ বীৰবলো আহি হাজিৰ হলহি৷

-    বীৰবল, মোক এগিলাছ বলদৰ গাখীৰ লাগে৷

-       বলদৰ গাখীৰ? জাহাপনা, বলদেতো গাখীৰ নিদিয়ে!

-     বীৰবল, মই কোনো কথাই নুশুনো৷ তুমি মোক অনেক বিপদৰ মুহূৰ্তত সহায় কৰিছা৷ এইটো বিপদো পাৰ কৰাৰ দায়িত্ব তোমাৰ৷

-        কিন্তু জাহাপনা!

-        কোনো কিন্তু মই শুনিব নোখোজো৷ মোক যদি জীৱন্ত অৱস্থাত চাবলৈ বিচাৰাঁ তেন্তে মোক এগিলাছ বলদৰ গাখীৰ আনি খুউৱাঁ৷ অন্যথা মোলৈ আশা নকৰিবা বীৰবল৷

শ্বাহেনশ্বাহৰ কথাৰ সুৰটো তেনেই নিশকতীয়া হৈ পৰিল৷ বীৰবলে খন্তেক চিন্তা কৰাৰ ভাও জুৰি কলে,

-      জাহাপনা, আপুনি মোক মাত্ৰ দুটা দিনৰ সময় দিয়ক আৰু এই দুটা দিনত আপুনি আজিৰ কবিৰাজজনে দিয়া ঔষধকে খাই থাকক৷ দুদিনৰ পাছত মই আপোনাক বলদৰ গাখীৰ খুৱাম৷

এইবুলি বীৰবলে শ্বাহেনশ্বাহৰপৰা বিদায় লৈ তেওঁৰ হাতধৰী লিগিৰী কেইজনীৰ ওচৰলৈ গৈ কলে,

-        জাহাপনাক আগৰ দৰববোৰ নিদিবি৷ অকল আজিৰ কবিৰাজজনে দিয়া দৰবটোহে দিবি৷

বীৰবল ঘৰ পালেহি৷

ইতিমধ্যে শ্বাহেনশ্বাহে নতুন দৰবটো খাবলৈ আৰম্ভ কৰিলে৷

পাছদিনা বীৰবল দৰবাৰলৈ নগল৷ শ্বাহেনশ্বাহৰ লিগিৰীয়ে তেওঁলৈ খবৰ পঠিয়ালে যে নৰিয়া কমিছে৷

সেইদিনাৰ ৰাতিলৈ ৰাজ কাৰেঙৰ গাতে লাগি থকা যমুনা নৈৰ ঘাটত তিৰোতা এজনীয়ে বৰ বৰ মাতেৰে গান গাই গাই কাপোৰ থুকুচিবলৈ লাগিল৷ ৰজাৰ শোৱনী কোঠাটোৰ একেবাৰে তলতে নৈৰ ঘাটটো৷ এতেকে তিৰোতাজনীৰ গান শুনি শুনি ৰজা বিৰক্ত হল৷ ইমান বেসুৰা গান, তাতে গাইছে ডাঙৰ ডাঙৰকৈ৷

বহুপৰ বহু ধৈৰ্য ধৰি কাপোৰ থুকুচাৰ শব্দ আৰু তাল-মান নোহোৱা গান শুনি আকবৰৰ মূৰ বিষাবলৈ ধৰিলে৷ তেওঁ ততালিকে ৰক্ষী দুজনক মাতি আনি তিৰোতাজনীক ধৰি আনিবলৈ হুকুম দিলে৷

ৰক্ষী দুজনে তিৰোতা এজনীক ধৰি আনিলে৷ শ্বাহেনশ্বাহো শোৱনী কোঠাৰ পৰা ওলাই আহিল৷ তিৰোতাজনীক দেখা মাত্ৰেই তেওঁৰ খঙে চুলিৰ আগত ধৰিলেগৈ৷

-       হেৰতই কেনে তিৰোতা হোঁ? এই মাজ ৰাতিখন কাপোৰ ধুবলৈ আহিছ কেলেই? কাম কৰাৰ সময় অসময়ৰ জ্ঞানকণো তোৰ নাইনে? তিৰোতাজনীয়ে তলমূৰকৈ কলে,

-        অপৰাধ মাৰ্জনা কৰিব জাহাপনা! কথা হ, আমাৰ মালিকে আজি আবেলি লৰা এটা প্ৰসৱ কৰিলে৷ কেঁচুৱাৰ লগত লাগি-ভাগি কাপোৰ-কানিবোৰ ধুবলৈ এতিয়াহে সময় ওলাইছে হুজুৰ! ভাগৰ লাগিছে যদিও মালিকৰ কেঁচুৱা হোৱাৰ আনন্দতে মুখেদি কব নোৱাৰাকৈয়ে দুই-এফাঁকি গীতো ওলাইছে৷

মালিকে লৰা জন্ম দিলে! ই কেনে কথা? শ্বাহেনশ্বাহে ভাবিলে, তিৰোতাজনী চেৰাবলিয়া নেকি?

-        হেৰতই মোক চিনি পোৱা নাই হবলা? মিছা কথা কৈ মোৰ শান্তি ভংগ কৰা, মোৰ লগত চুপতি কৰাৰ শাস্তি কিমান ভয়াৱহ তই নাজাননে?

-        মই মিছা কোৱা নাই হুজুৰ! আপোনাৰ যদি সন্দেহ হৈছে তেন্তে মোৰ মালিকক মতাই আনি সুধি চাব পাৰে৷

আও! এই ইমানকৈ ন-দি কৈছে যে? মতা মানুহৰ কেঁচুৱা জন্ম হৈছে?

-       তোৰ মালিকে যে মিছা কথা নকব বা আনৰ কেঁচুৱা এটাকে আনি নিজৰ বুলি মোক নেদেখুৱাবহি তাৰ কি নিশ্চয়তা আছে?

-        আছে হুজুৰ৷ আমাৰ মালিকে কৈছে, মোৰনো লৰা জনম দি লাজ পাবলগীয়া কিটো আছে? জাহাপনাৰ সাম্ৰাজ্যত আজিকালি বলদ গৰুৱেও গাখীৰ দিয়ে হেনো!

কথাষাৰ শুনি শ্বাহেনশ্বাহ চক্‌ খাই গল৷ বলদে গাখীৰ দিয়ে? মানে?

-        হেৰতোৰ মালিকৰ নাম কি?

-        জাহাপনা, মই আপোনাৰ প্ৰধান মন্ত্ৰী বীৰবল মহাশয়ৰ ঘৰতে ইখন-সিখন কৰোঁ৷

আকবৰে বুজি পালে৷ গোটেই ঘটনাটো যে বীৰবলৰ পৰিকল্পিত সেয়া বুজি উঠি তেওঁৰ হাঁহি উঠিল৷ ইতিমধ্যে আগদিনাৰ আবেলি সময়ৰপৰা দৰব খাই খাই তেওঁৰ গাটোও অকণমান ভাল লাগিছিল৷ তেওঁ কলে,

-        ব হব৷ তই এতিয়া কাপোৰ ধুব নালাগেমোৰ হুকুম৷ তই তোৰ মালিকৰ ঘৰলৈ যা৷ আৰু কাইলৈ ৰাতিপুৱাতে মালিকক মই মাতিছোঁ বুলি কবিগৈ৷

তিৰোতাজনীয়ে কলে, তেখেত আকভয়ত কঁপি আছে৷ জাহাপনাক হেনো তেখেতে কিবা এটা আনি দিব লাগিব৷

-      হেৰতেওঁক তই কবি যে মই বিচৰা বস্তুটো ইতিমধ্যে পালোঁ৷ গতিকে তেওঁ আৰু বিচাৰিব নালাগে৷ আৰু শুন, তই আজি ভয়-ডৰ নকৰি মোৰ আগত যিখন নাটক কৰিলি তাৰ কাৰণেও মহাৰাণীৰ ওচৰৰপৰা কাইলৈ পুৰস্কাৰ লৈ যাবিহি যা!

এইবুলি কৈ সম্ৰাট নিজৰ শোৱনী কোঠাত সোমাল৷ বিছনাত দীঘল দি তেওঁ ভাবিলে বাঃ! বীৰবল কম বুদ্ধিয়ক নহয়৷


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ