অন্যযুগ/


বিনন্দীয়া অষ্ট্ৰিয়া

অংগনা চৌধুৰী
 ৪ অক্টোবৰ ২০১৯-ত গধূলি আমি ভাৰতৰ পৰা অহা সৰ্বমুঠ ৪২ জনীয়া দলটোৱে ইটালিৰ ৰোমত এয়াৰ ইণ্ডিয়াৰ বিমানেৰে অৱতৰণ কৰিছিলোঁহি৷ তাৰ পৰা এছ.’.টি.চি. (SOTC-ৰ ট্যুৰ মেনেজাৰ পূজা সিঙৰ সাহায্যত ইটালিৰ মুখ্য স্থানসমূহ দৰ্শন কৰি তিনিৰাতি সেই দেশৰ বেলেগ বেলেগ ঠাইত কটাই আমি আগবাঢ়িছিলোঁ অষ্ট্ৰিয়া অভিমুখে৷ এই যাত্ৰাটো আছিল অতিকে মোহনীয়৷ আল্প্‌ছ পৰ্বতৰ বৰফেৰে ঢকা শিখৰ, দাঁতি কাষৰীয়া ধুনীয়া গাঁওবোৰ, পুৰণি ঘৰ আৰু গীৰ্জাসমূহ চাই চাই গৈ হেঁপাহ নপলায়৷ গাঁওবোৰত বহুত আঙুৰৰ খেতি আৰু মাজে মাজে ৱাইনৰ ফেক্টৰি দেখি গৈছিলোঁ৷ ৱাইন উৎপাদনে তেওঁলোকৰ অৰ্থনৈতিক দিশটোত গুৰুত্বপূৰ্ণ ভূমিকা দখল কৰি আছে৷ শাৰী শাৰী গছবোৰ আৰু ঘৰৰ বাৰাণ্ডাত কাঠৰ বাকচৰ পৰা সমুখলৈ ওলমি থকা লতাজাতীয় ফুলবোৰ যেন ছবিতহে আঁকি থোৱা হৈছে এনে লাগি যায়৷
আমাৰ ক’চ্চ্‌খন (প্ৰকাণ্ড বাচখন) প্ৰতি আঢ়ৈঘণ্টাৰ মূৰে মূৰে একো একোটা পেট্ৰল পাম্পত ৰখোৱা হৈছিল যত সুন্দৰ, চাফ-চিকুণ টয়লেটৰ উপৰি ৰেষ্টুৰেণ্ট একোখনো আছিল৷ তাত প্ৰতি আঢ়ৈ ঘণ্টাৰ মূৰে মূৰে ড্ৰাইভাৰে আধা ঘণ্টা জিৰণি লোৱাটো নিয়ম৷ তাৰ হিচাপ ৰাখি থাকে ড্ৰাইভাৰৰ ছিটৰ ওচৰত লগাই থোৱা টেকমিটাৰ নামে এক যন্ত্ৰই৷ যদি টেকমিটাৰ চেক কৰোঁতে নিয়ম পালন কৰা নাই বুলি ট্ৰেফিক পুলিচে গম পায়, তেন্তে জৰিমণা ভৰাৰ উপৰি এবছৰলৈ লাইচেঞ্চ কেন্‌চেলো কৰি দিব পাৰে৷ সেয়ে ড্ৰাইভাৰসকলে সেই নিয়ম পালন কৰি চলে৷ জিৰণি লৈ লৈ চলোৱাৰ ফলত দুৰ্ঘটনাও হ্ৰাস পায়৷ কৰ পৰা কলৈ গাড়ীবোৰ কিমান স্পীডত যাব সেয়াও বাটৰ দাঁতিত লিখা থাকে৷ সেয়ে ৰাষ্টা খালী থাকিল বুলিয়েই বা ড্ৰাইভাৰৰ মন গল বুলিয়েই যেনেকৈ-তেনেকৈ যি‍কোনো স্পীডত গাড়ী চলাই নিব নোৱাৰে লগতে অভাৰটেকো কৰা বাৰণ৷ বৃহৎ বৃহৎ টানেলবোৰৰ দ্বাৰত গাড়ীৰ ভিতৰৰ তাপমাত্ৰা জোখা ছেঞ্চৰ লগোৱা থাকে, যাতে টানেলৰ ভিতৰত কেতিয়াও বিষ্ফোৰণ নঘটে৷ কাৰণ ঠাণ্ডা ঠাই বাবে ক’চ্চ্‌বোৰত হিটাৰ লগাই থোৱা হয়৷
নীতি-নিয়মসমূহ দেখি-শুনি বে ভাল লাগিল৷ অকল যে পুলিচে ধৰাৰ ভয়ত তেওঁলোকে সেইবোৰ মানি চলিছে তেনে নহয়; কথা-বতৰা, হাৱ-ভাৱৰ পৰা ধৰিব পাৰি যে নিজ দেশ আৰু দেশবাসীৰ প্ৰতি তেওঁলোক যথেষ্ট সচেতন৷ তদুপৰি পৰিষ্কাৰ-পৰিচ্ছন্নতা, পুৰণি ঘৰ, বয়-বস্তু আদিৰ মূল্য বুজি সযতনে ৰখাৰ মানসিকতা, সময়ৰ সদ্‌ব্যৱহাৰ এনে কেইবাটাও দিশত তেওঁলোকৰ পৰা আমাৰ দেশে হয়তো শিকিবলগীয়া বহু কথা আছে৷
সৌন্দৰ্যত চহকী ঠাই অষ্ট্ৰিয়াৰ ইনচ্‌ব্ৰুকত যেতিয়া আমি নামিলোঁ তেতিয়া ফেৰফেৰীয়া চেঁচা বতাহ এজাকে আমাক আদৰণি জনালে৷ আমাক ইনচ্‌ব্ৰুকৰ আল্‌ষ্টাত (Altstadt) বুলি অল্ড টাউন এখনলৈ লৈ যোৱাৰ কথা৷ তাৰ আগতে পুৰণি ভাৰতীয় ভাস্কর্যৰে সজ্জিত পাঞ্জাৱী ৰেষ্টুৰেণ্ট এখনত আমি দুপৰীয়াৰ আহাৰ খাই ললোঁ৷ তাৰ পাছত আমি এখন চিকুণকৈ ৰখা ধুনীয়া পাৰ্কৰ মাজেৰে খোজকাঢ়ি খোজকাঢ়ি অল্ড টাউনলৈ আগবাঢ়িলোঁ৷ বহু টুৰিষ্টে ঘোঁৰাবাগীত উঠিও টাউনখন ফুৰে৷ ৮০০ বছৰ পুৰণি এই অল্ড টাউনৰ বেছিভাগ স্থাপত্যই হল গথিক(Gothic) আৰু বৰক (Baroque) শৈলীৰ৷ চালে চকু ৰোৱা এই কেইবামহলীয়া ঘৰবোৰো এতিয়াও ব্যৱহাৰৰ উপযোগীকৈ ৰখা কথাটো কিন্তু শলাগিবলগীয়া৷ তদুপৰি চৌদিশে ৰমক্‌-জমক্‌কৈ ফুলি থকা ফুলবোৰে সোণত সুৱগা চৰাইছিল৷ অল্ড টাউনৰ মাজেৰে কল্‌কল্‌কৈ বৈ গৈছিল ইন্‌ ৰিভাৰ (Inn river)৷ আমি নৈখনৰ ওচৰ গৈ পাওঁতে তাৰ ওপৰত সৃষ্টি হৈছিল ৰামধেনুৰ৷ পাছফালে ৰামধেনুক লৈ ফটউঠিবলৈ সকলোৰে উৎসাহ চাবলগীয়া আছিল৷ ইন্‌ নৈৰ ওপৰত থকা দলঙখন আছিল ফুলৰ থোপাৰে সজোৱা দূৰে দূৰে আছিল নানাৰঙী ঘৰবোৰ, তাৰ পাছফালে আছিল আল্প্‌ছ পৰ্বতমালা, ডাৱৰবোৰ কপাহৰ দৰে তললৈ নামি আহি চাপৰ চাপৰ চূড়াবোৰত লাগি আছিল আৰু এনে হেন ছবিৰ দৰে সৌন্দৰ্য দেখি আমিবোৰে ৰলাগিছিলোঁ৷ নৈৰ দাঁতিবোৰ বহলকৈ পকা কৰা আৰু তাতে বহি চৌপাশৰ পৰিৱেশ উপভোগ কৰিবলৈ কাঠৰ বেঞ্চৰ ব্যৱস্থা কৰা আছিল৷ ওচৰে-পাঁজৰে আছে কেফে, টেল, দোকান-পোহাৰ৷ এটাই বস্তু নাই, সেয়া হৈছে হুলস্থূল, চিঞৰ-বাখৰ৷ ইমানবোৰ টুৰিষ্ট ঘূৰি আছিল, কোনোৱে পেৰেম্বুলেটৰত পানীকেঁচুৱা লৈ, কোনোৱে হুইল চেয়াৰত সংগীক লৈ, কিন্তু কতো কোনো কথাতে হেতা-ওপৰা বা কোলাহল নাই৷
ল্ড টাউনখন এৰি আহিবৰে মন যোৱা নাছিল৷ কিন্তু তাৰ পৰা আমি শ্ব’ভ্‌স্কি ক্ৰিষ্টেল ৱৰ্ল্ড (Swarovski Crystal World)-লৈ যোৱাৰ কথা৷
১৮৯৫ চনত শ্ব’ভ্‌স্কি ক্ৰিষ্টেল ৱৰ্ল্ড স্থাপিত হৈছিল৷ ইয়াৰ প্ৰৱেশদ্বাৰত থকা গছ-লতিকাৰে তৈয়াৰী মানুহৰ মুখৰ প্ৰতিকৃতি, যাৰ মুখেৰে অহৰহ জলপ্ৰপাত বৈ থাকে, তাৰ সমুখত ৰৈ আমি প্ৰত্যেকেই ফটউঠিলোঁ৷ ভিতৰলৈ গৈতো একেবাৰে অবাক হোৱাৰ পাল৷ ক্ৰিষ্টেলেৰে কি কি যে বনোৱা নাই! জীৱ-জন্তুৰ পৰা আৰম্ভ কৰি বুৰঞ্জীমূলক কীৰ্তিচিহ্নলৈকে, খ্ৰীষ্ট্‌মাছ ট্ৰীৰ পৰা নানান আৰ্কিটেক্‌শ্বাৰেল ষ্ট্ৰাকশ্বাৰলৈকে৷ থৰ লাগি আমি কেৱল চাবহে পাৰিছোঁ৷ বহুত কোঠাৰ ভিতৰত এটা কোঠা মোৰ আটাইতকৈ ভাল লাগিল, যিটো অকল লাখ লাখ ক্ৰিষ্টেলেৰেই তৈয়াৰী য’ত সোমালে প্ৰত্যেকটো টুকুৰাত নিজকে দেখা পোৱা যায়৷ একেবাৰে শেষৰ হলঘৰটোত ক্ৰিষ্টেলেৰে তৈয়াৰী নানা দামৰ, নানা ডিজাইনৰ আ-অলংকাৰ, শ্ব’-পিচ আদি আছে কিনি নিব পৰাকৈ৷ লগতে আছে এখন কেফে৷ আমাৰ ট্যুৰ মানেজাৰে হাঁহি হাঁহি ক’লে যে পত্নীসকলে অলংকাৰ পছন্দ কৰোঁতে বহুত সময় লয়তো, সেয়ে পতিসকল ব’ৰ নহ’বলৈ ইয়াতে কেফেখনৰ ব্যৱস্থা কৰা হৈছে৷ অৱশ্যে তাতে পুৰুষসকলৰ বাবেও ধুনীয়া ধুনীয়া ব্ৰেচলেট, আঙঠি, নেকপিচ আদি দেখা পালোঁ৷ মই শ্বৰ’ভ্‌স্কিত অহাৰ চিন হিচাপে কাণত পিন্ধা টপ এযোৰ আৰু লকেট এটা কিনিলোঁ৷ তাত ঠায়ে ঠায়ে ডাঙৰ ডাঙৰ কোঠাত ক্ৰিষ্টেলৰ পৰা কেনেকৈ বস্তুবোৰ তৈয়াৰ কৰা হয়, সেয়া স্ক্ৰীনত দেখুৱাই থকা হয়৷ আগ্ৰহীসকলে তাতে বহি চাবও পাৰে৷
তাৰ পৰা ওলাই আহোঁতে বাহিৰত আন্ধাৰ হৈছিল আৰু শীতৰ তীব্ৰতা বাঢ়ি আহিছিল৷ বেগৰ পৰা মই জেকেটটো উলিয়াই পিন্ধি ল’লোঁ৷ কাৰণ এনে হিমচেঁচা বতাহৰ সৈতে আমি অভ্যস্ত নহয়, শৰীৰে মোকাবিলা কৰিব নোৱাৰিবও পাৰে৷
পাহাৰীয়া একা-বেঁকা পথেৰে আমাৰ ক’চ্চ্‌খন আগবাঢ়িল আল্প্‌ছ পৰ্বতৰ পাদদেশত থকা ‘এলপেনকনিং’ হোটেললৈ৷ এই হ’টেলখন নিজেই যেন এক পৰ্যটনক্ষেত্ৰ৷ কাঠেৰে নিৰ্মিত বিশাল বাংলো, ফুলেৰে সুশোভিত বাগিচা, বহু ঠাই জুৰি আৱৰি থকা বেকয়াৰ্ড৷ তদুপৰি প্ৰতিটো কোঠা বেড্‌ৰুম, ডাইনিং স্পেচ, ড্ৰেছিং কৰ্ণাৰ, ড্ৰয়িংৰুমেৰে আটকধুনীয়াকৈ সুসজ্জিত৷ মোৰ আটাইতকৈ প্ৰিয় ঠাইটি আছিল কোঠাত সংলগ্ন আৰামী চকী থকা বেলকনিখন, য’ৰ পৰা বৰফেৰে আৱৰা আল্প্‌ছৰ শৃংগ চাই হাতত কফি একাপ লৈ সকলো চিন্তা বাদ দি বহি থাকিব পাৰি৷ এই অঞ্চল টিৰ’ল নামে ঠাইৰ অন্তৰ্গত৷ যিহেতু শৰৎকাল চলি আছিল, গছৰ পাতবোৰ হালধীয়া, কমলা আৰু ৰঙা ৰঙলৈ পৰিৱৰ্তিত হৈ যোৱাৰ অপৰূপ দৃশ্য উপভোগ কৰাৰ মোৰ সৌভাগ্য হৈছিল৷ তাত তেওঁলোকে ইয়াক  ‘ফল ছি‍জন’ (Fall Season) বুলিছিল৷ ৰাতি হ’টেলত আধা য়ুৰোপীয়ান আধা ভাৰতীয় ধৰণৰ খাদ্য খাই কপাহ-কোমল বিছনাত পৰা মাত্ৰকে টোপনি গ’লোঁ৷ পাছদিনা পুৱতি নিশাতে সাৰ পালোঁ৷ ভাবিলোঁ সূৰ্যোদয় হোৱাৰ ফট’ তোলাৰ এয়ে সুৱৰ্ণ সুযোগ৷ লগতে ৰ’দ ওলোৱাৰ লগে লগে চৌহদটোৰো ফট’ তুলিব লাগিব৷ যিহেতু ব্ৰেকফাষ্ট্‌ কৰি উঠি খু্উব সোনকালেই আমি জাৰ্মানিলৈ গমন কৰিম, সেয়ে পিনৰ নুশুই কানি-কাপোৰ সামৰাত লাগিলোঁ৷ 
তললৈ নামি আহোঁ মানে সূৰ্যোদয় হৈ গৈছিল৷ বয়-বস্তুবোৰ ৰি‍চেপ্‌শ্বনত থৈ কেমেৰাটো হাতত ল’লোঁ৷ উদ্দেশ্য, ব্ৰেকফাষ্ট কৰাৰ আগতেই চৌহদটোৰ ফট’ তুলিম ঘূৰি ঘূৰি৷ পিছে চৌহদটো ঘূৰাটোতো পাছৰ কথা, কাচৰ দৰজাৰ বাহিৰত এক মিনিটমান ৰৈয়ে ঠাণ্ডাত থাকিব নোৱাৰি মই ভিতৰলৈ দৌৰ মাৰিলোঁ৷ মোলৈ চাই হাঁহি মৰা ৰি‍চেপ্‌শ্বনিষ্টগৰাকীক সুধিলোঁ যে বাহিৰত ঠাণ্ডা কিমান৷ তাই আৰু অলপ বহলকৈ হাঁহি ক’লে যে মাইনাছ ৱান৷ ভিতৰত হিটাৰৰ উমত বহি বাহিৰৰ ঠাণ্ডাৰ বিষয়ে একো আন্দাজেই কৰিব নোৱাৰি৷ ব্ৰেকফাষ্ট কৰাৰ পাছত টিৰ’লিৰ ‘এলপেনকনিং’-ক বিদায় দিয়াৰ সময় সমাগত হ’ল৷
বিনন্দীয়া অষ্ট্ৰিয়াৰ অপৰূপ সৌন্দৰ্যক মুগ্ধতাৰে চাই চাই আমি আগবাঢ়ি গৈ থাকিলোঁ জাৰ্মানিলৈ বুলি৷ খুউব কম সময়তে অষ্ট্ৰিয়াই মোৰ মনত নিগাজীকৈ ঠাই এডোখৰ দখল কৰি লৈছিল আৰু ই চিৰস্থায়ী৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ