অন্যযুগ/


কোৱাণ্টাম মধ্যাকৰ্ষণ আৰু বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি ৰহস্য

 ° অনিল চন্দ্ৰ বৰা

 

বিশ্বব্ৰহ্মাণ্ডখন কেনেকৈ আৰম্ভ হ’ল সেইটো জানিবলৈ মানুহে বিভিন্ন ধৰণেৰে যত্ন কৰি আহিছে৷ তাৰে দুটা পন্থা হ’ল ধৰ্ম আৰু বিজ্ঞান৷ আমাৰ ভৰসা বিজ্ঞানতহে৷ এই ৰহস্য জানিবলৈ হ’লে সময়ৰ আৰম্ভ হওঁতে শুদ্ধভাৱে প্ৰয়োগ হ’ব পৰা তত্ত্বৰ প্ৰয়োজন৷ সাধাৰণ আপেক্ষিকতাবাদৰ ধ্ৰুপদী তত্ত্বৰ এককতা উপপাদ্য (Singularity Hypothesis)ৰ  মতে সময়ৰ আৰম্ভণি অসীম ঘনত্ব, উষ্ণতা আৰু স্থান-কালৰ বক্ৰতাৰ বিন্দুৰ পৰা হৈছে৷ এনে সময়ত বিজ্ঞানৰ সকলো জ্ঞাত নিয়ম ব্যৰ্থ হয়-এইয়াই হৈছে বিজ্ঞানীসকলৰ মূল সমস্যা৷ এককতাত ব্যৰ্থ নোহোৱা নতুন তত্ত্ব এটা প্ৰণয়ন কৰাটোও অতি কঠিন হ’ব, কাৰণ সেই  সম্পৰ্কে আমাৰ হাতত পৰ্যবেক্ষণ কৰিব পৰা কোনো তথ্য নাই৷ কিন্তু এককতা উপপাদ্যসমূহে দেখুৱাই যে মহাকৰ্ষণ ক্ষেত্ৰ সেই আদিম বিন্দুত ইমানেই শক্তিশালী হৈ পৰে যে ধ্ৰুপদী তত্ত্বই বিশ্বব্ৰহ্মাণ্ডৰ সেই বিন্দু ভালকৈ বৰ্ণনা কৰিব নোৱাৰে আৰু কোৱাণ্টাম মহাকৰ্ষণীয় প্ৰভাৱ গুৰুত্বপূৰ্ণ হৈ পৰে৷ গতিকে বিশ্বব্ৰহ্মাণ্ডৰ অতি প্ৰাৰম্ভিক পৰ্যায়ৰ বিষয়ে আলোচনা কৰিবলৈ মধ্যাকৰ্ষণৰ কোৱাণ্টাম তত্ত্ব ব্যৱহাৰ কৰিব লাগিব৷ কোৱাণ্টাম তত্ত্বত বিজ্ঞানৰ সাধাৰণ নিয়মবোৰ সময়ৰ আৰম্ভণিকে ধৰি সকলো সময়তে অব্যৰ্থ হয়৷ অৰ্থাৎ এককতাৰ বাবে নতুন নিয়মৰ প্ৰস্তাৱনা কৰাটো প্ৰয়োজনীয় নহয়, কাৰণ কোৱাণ্টাম তত্ত্বত কোনো এককতা থকাৰ প্ৰয়োজন নাই৷ গতিকে কোৱাণ্টাম বলবিজ্ঞান আৰু মধ্যাকৰ্ষণৰ সংমিশ্ৰণ ঘটাব পাৰিলেই সময়ৰ আৰম্ভণি অৱস্থাটো আমি বুজিব পাৰিম৷

কিন্তু কোৱাণ্টাম বলবিজ্ঞান আৰু মধ্যাকৰ্ষণৰ সংমিশ্ৰণ ঘটোৱা সম্পূৰ্ণ আৰু সামঞ্জস্যপূৰ্ণ তত্ত্ব আমাৰ হাতত এতিয়াও নাই৷ কিন্তু এনে একত্ৰিত তত্ত্বৰ কিছুমান বৈশিষ্ট্যৰ বিষয়ে আমি সম্পূৰ্ণৰূপে নিশ্চিত৷ এটা হ’ল ইয়াত ইতিহাস যোগফল (sum over histories or path-integral) ৰ ক্ষেত্ৰত কোৱাণ্টাম তত্ত্ব প্ৰণয়ন কৰা ফেইনমেনৰ প্ৰস্তাৱ অন্তৰ্ভুক্ত কৰা উচিত৷ এই পদ্ধতিত “ক”ৰ পৰা “খ”লৈ যোৱা কণিকাৰ কেৱল এটাই  ইতিহাস নাথাকে৷ বৰঞ্চ ই স্থান–কালৰ প্ৰতিটো সম্ভাৱ্য পথ অনুসৰণ কৰে৷ এই প্ৰতিটো ইতিহাসৰ লগত দুটামান সংখ্যা জড়িত হৈ থাকে, এটা তৰংগৰ আকাৰ আৰু আনটো ইয়াৰ চক্ৰীয় অৱস্থান বা ইয়াৰ পৰ্যায়৷

ধৰক, কণাএটাই কোনো বিশেষ বিন্দুৰ মাজেৰে পাৰ হোৱাৰ সম্ভাৱনা সেই বিন্দুৰ মাজেৰে পাৰ হোৱা প্ৰতিটো সম্ভাৱ্য ইতিহাসৰ সৈতে জড়িত তৰংগবোৰ যোগ কৰি পোৱা যায়৷ যেতিয়া প্ৰকৃততে এই যোগফলসমূহ সম্পন্ন কৰিবলৈ চেষ্টা কৰা হয় তেতিয়া অৱশ্যে গুৰুতৰ কাৰিকৰী সমস্যাই দেখা দিয়ে৷ এইবোৰৰ সমাধান আপুনি আৰু মই অনুভৱ কৰা বাস্তৱ সময়ত নহয়, তাৰ বাবে কাল্পনিক সময়ত সংঘটিত হোৱা কণিকাৰ ইতিহাসৰ ঢৌবোৰ যোগ কৰিব লাগিব৷

কাল্পনিক সময় কল্পবিজ্ঞানৰ দৰে শুনা যাব পাৰে, কিন্তু আচলতে ই এক সুনিৰ্দিষ্ট গাণিতিক ধাৰণা৷ ফেইনমেনৰ ইতিহাস যোগফলৰ সৈতে হোৱা কাৰিকৰী অসুবিধাৰ পৰা হাত সাৰিবলৈ হ’লে কাল্পনিক সময় ব্যৱহাৰ কৰিব লাগিব৷ ইয়াৰ ফলত স্থান–কালৰ  পাৰ্থক্য সম্পূৰ্ণৰূপে নাইকিয়া হৈ যায়৷ যিটো স্থান–কালত পৰিঘটনাৰ সময়ৰ স্থানাংকৰ কাল্পনিক মান থাকে, সেইটোক ইউক্লিডিয়ান বুলি কোৱা হয় কাৰণ ইয়াত জোখ-মাখ (মেট্ৰিক) নিৰ্দিষ্ট ধনাত্মক৷

ইউক্লিডীয় স্থান-কাল ব্যৱস্থাত স্থানৰ  দিশ আৰু সময়ৰ দিশৰ মাজত কোনো পাৰ্থক্য নাই৷ আনহাতে, বাস্তৱ স্থান-কালত পৰিঘটনাবোৰক সময়ৰ স্থানাংকৰ বাস্তৱিক মানৰ দ্বাৰা লেবেল কৰা হয়, সেয়ে পাৰ্থক্যবোৰ ক’বলৈ সহজ৷ সময়ৰ দিশটো পোহৰৰ শঙ্কুৰ ভিতৰত থাকে, আৰু স্থানৰ দিশবোৰ বাহিৰত থাকে৷ কাল্পনিক সময়ৰ ব্যৱহাৰক বাস্তৱ স্থান-কালৰ বিষয়ে গণনা কৰিবলৈ কেৱল গাণিতিক যন্ত্ৰ—বা কৌশল হিচাপে—গণ্য কৰিব পাৰি৷ অৱশ্যে ইয়াতকৈও বেছি কিবা হ’ব পাৰে৷ হয়তো ইউক্লিডীয় স্থান-কালেই হৈছে মৌলিক ধাৰণা আৰু আমি যিটোক বাস্তৱ স্থান-সময় বুলি ভাবো সেয়া আমাৰ কল্পনাৰ এটা ৰচনা মাথোঁ৷ কল্পনা আৰু বাস্তৱ আমাৰ মনৰ এটা ধাৰণাহে এটা৷ এইয়া ভাৰতীয় শাস্ত্ৰত বাস্তৱ আৰু মায়া বা কল্পনাৰ যি ধাৰণা দিয়া হৈছিল তাৰ লগত সম্পূৰ্ণ মিলি গৈছে৷ ভাগৱত গীতাত  চিৰন্তন, অপৰিৱৰ্তিত আত্মা আৰু পৰম সত্তাকহে বাস্তৱ বুলি সংজ্ঞায়িত কৰা হৈছে, আনহাতে মায়া, পৰিৱৰ্তিত বস্তু জগতক অবাস্তৱ  বুলি গণ্য কৰা হৈছে৷

যেতিয়া আমি ফেইনমেনৰ ইতিহাস যোগফলক বিশ্বব্ৰহ্মাণ্ডত প্ৰয়োগ কৰো, তেতিয়া এটা কণিকাৰ ইতিহাস এটা সম্পূৰ্ণ বক্ৰ স্থান–কাল যিয়ে সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ ইতিহাসক অনুৰূপভাৱে প্ৰতিনিধিত্ব কৰে৷ ওপৰত উল্লেখ কৰা কাৰিকৰী কাৰণসমূহৰ বাবে এই বক্ৰ স্থান–কালবোৰক ইউক্লিডীয় বুলি ধৰিব লাগিব৷ অৰ্থাৎ সময় কাল্পনিক আৰু মহাকাশৰ দিশৰ পৰা পৃথক কৰিব নোৱাৰি৷ কোনো এটা নিৰ্দিষ্ট বৈশিষ্ট্যৰ সৈতে এটা বাস্তৱ স্থান-কাল বিচাৰি পোৱাৰ সম্ভাৱনা গণনা কৰিবলৈ, সেই বৈশিষ্ট্য থকা কাল্পনিক সময়ৰ সকলো ইতিহাসৰ সৈতে জড়িত তৰংগবোৰ যোগ কৰা হয়৷ তাৰ পিছত বাস্তৱ সময়ত বিশ্বব্ৰহ্মাণ্ডৰ সম্ভাৱ্য ইতিহাস কি হ’ব সেইটো বুজিব পাৰি৷

প্ৰান্তহীন বিশ্বব্ৰহ্মাণ্ড

বাস্তৱ স্থান-কালৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা ধ্ৰুপদী মধ্যাকৰ্ষণ তত্ত্বত বিশ্বব্ৰহ্মাণ্ডখনে আচৰণ কৰিব পৰাকৈ মাত্ৰ দুটা সম্ভাৱ্য উপায়হে আছে৷ হয় ইয়াৰ অস্তিত্ব অসীম সময়ৰ পৰাই আছে, নতুবা ইয়াৰ আৰম্ভণি আছিল অতীতৰ কোনো নিৰ্দিষ্ট সময়ত আৰু এককতাত৷ আচলতে এককতা উপপাদ্যবোৰে দেখুৱাইছে যে ই নিশ্চয় দ্বিতীয় সম্ভাৱনা৷ আনহাতে মধ্যাকৰ্ষণৰ কোৱাণ্টাম তত্ত্বত তৃতীয়টো সম্ভাৱনাৰ সৃষ্টি হয়৷ যিহেতু ইউক্লিডীয় স্থান-কাল ব্যৱস্থাত সময়ৰ দিশ আৰু স্থানৰ দিশৰ একে ভিত্তি থাকে, সেয়েহে স্থান-কালৰ বাবে পৰিসৰ সসীম হোৱাটো সম্ভৱ আৰু তথাপিও কোনো এককতা নাথাকে যিয়ে কোনো সীমা বা প্ৰান্ত গঠন কৰে৷ স্থান-কাল পৃথিৱীৰ পৃষ্ঠৰ দৰে হ’ব, মাত্ৰ আৰু দুটা মাত্ৰা থাকিব৷ পৃথিৱীৰ পৃষ্ঠভাগ সীমিত যদিও ইয়াৰ কোনো সীমা বা প্ৰান্ত নাই৷ যদি আপুনি সূৰ্যাস্তৰ ফালে জাহাজ চলায়, তেন্তে আপুনি পৃথিৱীৰ পৰা পৰি নাযায় বা কোনো এককতাৰ সন্মুখীন নহয়৷

যদি ইউক্লিডীয় স্থান-কাল ব্যৱস্থাত অসীম কাল্পনিক সময়লৈ উভতি এককতাৰ পৰা বিশ্বব্ৰহ্মাণ্ডৰ আৰম্ভ হয় বুলি ধৰা হয়, তেন্তে বিশ্বব্ৰহ্মাণ্ডৰ প্ৰাৰম্ভিক অৱস্থা নিৰ্দিষ্ট কৰাৰ ধ্ৰুপদী তত্ত্বৰ দৰেই একে সমস্যাই  হ’ব৷ হকিঙৰ মতে, “ঈশ্বৰে হয়তো জানে যে বিশ্বব্ৰহ্মাণ্ডৰ আৰম্ভণি কেনেকৈ হৈছিল, কিন্তু ইয়াৰ আৰম্ভণি আন এটা ধৰণেৰে নহয় বুলি ভবাৰ কোনো বিশেষ কাৰণ আমি দিব নোৱাৰো”৷ আনহাতে, মধ্যাকৰ্ষণৰ কোৱাণ্টাম তত্ত্বই এক নতুন সম্ভাৱনা মুকলি কৰি দিছে৷ ইয়াত স্থান–কালৰ কোনো সীমা নাথাকে৷ সেয়েহে সীমাত আচৰণ নিৰ্দিষ্ট কৰাৰ প্ৰয়োজন নাথাকিব৷ বিজ্ঞানৰ নিয়মবোৰ ব্যৰ্থ হোৱা কোনো এককতা নাথাকিব আৰু স্থান–কালৰ কোনো প্ৰান্ত নাথাকিব য’ত স্থান-কালৰ বাবে সীমাৰ চৰ্ত নিৰ্ধাৰণ কৰিবলৈ ঈশ্বৰ  বা কোনো নতুন নিয়মৰ প্ৰয়োজন হ’ব৷ আমি ক’ব পাৰো: “ব্ৰহ্মাণ্ডৰ প্ৰন্তীয় চৰ্ত হ’ল যে ইয়াৰ কোনো সীমা নাই৷” বিশ্বব্ৰহ্মাণ্ডখন সম্পূৰ্ণৰূপে স্বয়ংসম্পূৰ্ণ  আৰু বাহিৰৰ কোনো বস্তুৰ দ্বাৰা প্ৰভাৱিত নহয়৷ ইয়াৰ সৃষ্টিও নহয়, ধ্বংসও নহয়৷ ই মাত্ৰ স্থিতিসম্পন্ন ,ঈশ্বৰৰো হয়তো প্ৰয়োজন নাই৷

ভেটিকানত অনুষ্ঠিত হোৱা সন্মিলনত ষ্টিফেন হকিঙে প্ৰথমে পৰামৰ্শ আগবঢ়াইছিল  যে হয়তো সময় আৰু স্থান একেলগে এনে এটা পৃষ্ঠ গঠন কৰে যিটো আকাৰত সীমিত কিন্তু কোনো সীমা বা প্ৰান্ত নাই৷ ষ্টিফেনৰ গৱেষণা পত্ৰখন অৱশ্যে যথেষ্ট গাণিতিক আছিল৷ অৱশ্যে  বিশ্বব্ৰহ্মাণ্ডৰ বিষয়ে ভৱিষ্যদ্বাণী কৰিবলৈ প্ৰান্তহীনতা ধাৰণা (no boundary idea) কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেয়া ষ্টিফেন হকিং আৰু   জিম হাৰ্টলে পিছৰ পৰ্যায়তহে বিশ্লেষণ কৰিছিল৷ সময় আৰু স্থান প্ৰান্তহীনভাৱে সীমিত বোলা ধাৰণাটো মাথোঁ এটা প্ৰস্তাৱহে৷ আন কোনো নীতিৰ পৰা ইয়াৰ অনুমান কৰিব নোৱাৰি৷ আন যিকোনো বৈজ্ঞানিক তত্ত্বৰ দৰেই ইয়াকো প্ৰথম অৱস্থাত নান্দনিক বা আধ্যাত্মিক কাৰণত আগবঢ়োৱা হ’ব পাৰে, কিন্তু প্ৰকৃত পৰীক্ষাটো হ’ল ই পৰ্যবেক্ষণৰ সৈতে মিল থকা ভৱিষ্যদ্বাণী কৰে নে নকৰে৷ কোৱাণ্টাম মধ্যাকৰ্ষণৰ ক্ষেত্ৰত অৱশ্যে এইটো নিৰ্ণয় কৰাটো কঠিন, দুটা কাৰণত৷ প্ৰথমতে, কোনটো তত্ত্বই সাধাৰণ আপেক্ষিকতাবাদ আৰু কোৱাণ্টাম বলবিজ্ঞানৰ সফলতাৰে সংমিশ্ৰণ ঘটায় সেয়া আমি এতিয়াও নিশ্চিত নহয়, যদিও এনে তত্ত্বৰ গঠনটো কেনে হ’ব তাৰ বিষয়ে যথেষ্টখিনি জনা হৈছে৷ দ্বিতীয়তে, গোটেই বিশ্বব্ৰহ্মাণ্ডখনক বিতংভাৱে বৰ্ণনা কৰা যিকোনো মডেলেই সঠিক ভৱিষ্যদ্বাণী গণনা কৰিবলৈ গাণিতিকভাৱে বহুত বেছি জটিল হ’ব৷ সেয়েহে আনুমানিক হিচাপ কৰিব লাগিব আৰু তথাপিও ভৱিষ্যদ্বাণী  নিৰ্ণয়ৰ সমস্যাটো কঠিন হৈয়েই থাকিব৷

প্ৰান্তহীনতা প্ৰস্তাৱৰ অধীনত বিশ্বব্ৰহ্মাণ্ডখনে সম্ভাৱ্য ইতিহাসৰ বেছিভাগকে অনুসৰণ কৰা বুলি পোৱাৰ সম্ভাৱনা নগণ্য৷ কিন্তু ইতিহাসৰ এটা বিশেষ পৰিয়াল আছে যিবোৰ আনবোৰতকৈ বহুত বেছি সম্ভাৱনাপূৰ্ণ৷ এই ইতিহাসবোৰক পৃথিৱীৰ পৃষ্ঠৰ দৰে চিত্ৰিত কৰিব পাৰি, উত্তৰ মেৰুৰ পৰা দূৰত্বই কাল্পনিক সময়ক প্ৰতিনিধিত্ব কৰে; অক্ষাংশৰ বৃত্তৰ আকাৰে বিশ্বব্ৰহ্মাণ্ডৰ স্থানীয় আকাৰক প্ৰতিনিধিত্ব কৰিব৷ বিশ্বব্ৰহ্মাণ্ড উত্তৰ মেৰুৰ পৰা একক বিন্দু হিচাপে আৰম্ভ হয়৷ দক্ষিণলৈ যোৱাৰ লগে লগে অক্ষাংশৰ বৃত্তটো ডাঙৰ হৈ পৰে, যিটো কাল্পনিক সময়ৰ লগে লগে বিশ্বব্ৰহ্মাণ্ডখন বিস্তাৰিত হোৱাৰ সৈতে মিল খায়৷ বিশ্বব্ৰহ্মাণ্ডখন বিষুৱৰেখাত সৰ্বোচ্চ আকাৰত উপনীত হ’ব আৰু দক্ষিণ মেৰুৰ এটা বিন্দুলৈ পুনৰ সংকোচিত হ’ব৷ উত্তৰ আৰু দক্ষিণ মেৰুত বিশ্বব্ৰহ্মাণ্ডৰ আকাৰ শূন্য হ’লেও এই বিন্দুবোৰ পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ মেৰু একক হোৱাৰ দৰে এককতা নাথাকিব৷ পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ মেৰুত যেনেকৈ বিজ্ঞানৰ নিয়মবোৰে কাম কৰে তেনেকৈ বিশ্বব্ৰহ্মাণ্ডৰ আৰম্ভণিতো কাম কৰিব৷

বাস্তৱ সময়ত বিশ্বব্ৰহ্মাণ্ডৰ ইতিহাস অৱশ্যে বহুত বেলেগ দেখা যাব৷ ই কোনোবা নূন্যতম আকাৰৰ পৰা আৰম্ভ হোৱা যেন লাগিব, যিটো কাল্পনিক সময়ত ইতিহাসৰ সৰ্বোচ্চ আকাৰৰ সমান৷ তেতিয়া বিশ্বব্ৰহ্মাণ্ডখন স্ফীতিশীল আৰ্হিৰ দৰে বাস্তৱ সময়ত সম্প্ৰসাৰিত হ’ব৷  বিশ্বব্ৰহ্মাণ্ডখন অতি বৃহৎ আকাৰলৈ সম্প্ৰসাৰিত হ’ব, কিন্তু শেষত ই পুনৰ সংকুচিত হৈ বাস্তৱ সময়ত এককতা যেন লগা বস্তুলৈ পৰিণত হ’ব৷ এইদৰে এক অৰ্থত কৃষ্ণগহ্বৰৰ পৰা আঁতৰি থাকিলেও আমি সকলোৱেই অভিশপ্ত৷ কাল্পনিক সময়ৰ দ্বাৰা বিশ্বব্ৰহ্মাণ্ডখনক চিত্ৰিত কৰিব পাৰিলেহে কোনো এককতা নাথাকিলহেঁতেন৷

ধ্ৰুপদী সাধাৰণ আপেক্ষিকতাবাদৰ এককতা উপপাদ্যসমূহে দেখুৱাই যে বিশ্বব্ৰহ্মাণ্ডৰ আৰম্ভণি থাকিব লাগিব, আৰু এই আৰম্ভণিক কোৱাণ্টাম তত্ত্বৰ দ্বাৰা বৰ্ণনা কৰিব লাগিব৷ ইয়াৰ ফলত এই ধাৰণাটো আহিল যে বিশ্বব্ৰহ্মাণ্ডখন কাল্পনিক সময়ত সীমিত হ’ব পাৰে, কিন্তু  এককতা নাথাকে৷ আমি বাস কৰা বাস্তৱ সময়লৈ গ’লে কিন্তু এককতা দেখা যাব৷ কৃষ্ণগহ্বৰত পৰি যোৱা দুৰ্ভগীয়া  মহাকাশচাৰীজনৰ পৰিনাম আঠালতীয়া হ’ব৷ কাল্পনিক সময়ত জীয়াই থাকিব পাৰিলেহে তেওঁ কোনো এককতাৰ সন্মুখীন নহ’ব৷ এই কথাবোৰা ভাৰতীয় দৰ্শনত উল্লেখ থকাৰ দৰে হুবহু একেই, মায়া ত্যাগ কৰি পৰম আত্মাত বিশ্বাস কৰিলেহে পৰম শান্তি পোৱা যায়৷

ইয়াৰ পৰা হয়তো অনুমান কৰিব পাৰি যে তথাকথিত কাল্পনিক সময়টোৱেই আচলতে মৌলিক সময়, আৰু আমি যিটোক বাস্তৱ সময় বুলি কওঁ, সেয়া আমি কেৱল আমাৰ মনত সৃষ্টি কৰা আন কিবা এটাহে৷ বাস্তৱ সময়ত বিশ্বব্ৰহ্মাণ্ডৰ আৰম্ভণি আৰু অন্ত এককতাত থাকে যিয়ে স্থান-কালৰ সীমা গঠন কৰে আৰু য’ত বিজ্ঞানৰ নিয়মবোৰ ব্যৰ্থ হয়৷ কিন্তু কাল্পনিক সময়ত কোনো এককতা বা সীমা নাথাকে৷ গতিকে হয়তো আমি যিটোক কাল্পনিক সময় বুলি কওঁ সেয়া সঁচাকৈয়ে অধিক মৌলিক, আৰু আমি যিটোক বাস্তৱ সময় বুলি কওঁ সেয়া কেৱল এটা ধাৰণা যিটো আমি উদ্ভাৱন কৰি বিশ্বব্ৰহ্মাণ্ডখন কেনেকুৱা বুলি ভাবো সেইটো বৰ্ণনা কৰাত সহায় কৰে৷ কিন্তু বৈজ্ঞানিক তত্ত্ব মাথোঁ আমি আমাৰ পৰ্যবেক্ষণৰ বৰ্ণনাৰ বাবে বনোৱা গাণিতিক আৰ্হি৷ ই কেৱল আমাৰ মনতহে বিদ্যমান৷ গতিকে “কোনটো বাস্তৱ, “বাস্তৱ”নে “কাল্পনিক” সময়  ইয়াৰ কোনো অৰ্থ নাই৷  কোনটোৰ বৰ্ণনা অধিক উপযোগী সেটোহে মাত্ৰ মূল কথা৷

প্ৰান্তহীনতা প্ৰস্তাৱটোৱে যেন ভৱিষ্যদ্বাণী কৰিছে যে, বাস্তৱ সময়ত বিশ্বব্ৰহ্মাণ্ডখনে স্ফীতিশীল আৰ্হিৰ দৰে আচৰণ কৰিব লাগে৷ এটা বিশেষভাৱে আকৰ্ষণীয় সমস্যা হ’ল প্ৰাৰম্ভিক বিশ্বব্ৰহ্মাণ্ডত সম ঘনত্বৰ পৰা হোৱা সৰু সৰু বিচ্যুতিৰ আকাৰ৷ এইবোৰৰ ফলত প্ৰথমে তাৰকাৰাজ্য, তাৰ পিছত তৰা আৰু শেষত আমাৰ দৰে সত্তাৰ সৃষ্টি হোৱা বুলি ভবা হয়৷ অনিশ্চয়তাৰ নীতিৰ পৰা বুজা যায় যে আদিম বিশ্বব্ৰহ্মাণ্ডখন সম্পূৰ্ণভাৱে সমবিতাৰিত হ’ব নোৱাৰে৷ বৰঞ্চ কণিকাবোৰৰ অৱস্থান আৰু বেগত কিছু অনিশ্চয়তা বা উঠা-নমা থাকিব লাগিব৷ প্ৰান্তহীনতা চৰ্ত ব্যৱহাৰ কৰিলে দেখা যায় যে বিশ্বব্ৰহ্মাণ্ডখন নিশ্চয় অনিশ্চয়তা নীতিয়ে অনুমতি দিয়া নূন্যতম সম্ভাৱ্য অসদৃশতাৰে আৰম্ভ হৈছিল৷

যেতিয়া বিশ্বব্ৰহ্মাণ্ডখনে স্ফীতিশীল আৰ্হিৰ দৰে দ্ৰুত সম্প্ৰসাৰণৰ কিছু সময় পাৰ কৰিছিল, সেই সময়ছোৱাত প্ৰাৰম্ভিক অসদৃশতাবোৰ বৃদ্ধি তাৰকাৰাজ্যৰ উৎপত্তি হয়৷ এইদৰে আমি বিশ্বব্ৰহ্মাণ্ডত দেখা সকলোবোৰ জটিল গঠনৰ ব্যাখ্যা হয়তো বিশ্বব্ৰহ্মাণ্ডৰ বাবে প্ৰান্তহীনতা চৰ্ত আৰু কোৱাণ্টাম বলবিজ্ঞানৰ অনিশ্চয়তা নীতিৰ দ্বাৰা দিব পাৰি৷

স্থান আৰু সময়ে প্ৰান্তহীন বন্ধ পৃষ্ঠ গঠন কৰিব পাৰে বুলি ধৰি লোৱা ধাৰণাটোৱে বিশ্বব্ৰহ্মাণ্ডৰ কাম-কাজত ঈশ্বৰৰ ভূমিকাৰ ওপৰতো গভীৰ প্ৰভাৱ পেলায়৷ প্ৰাকৃতিক ঘটনাৰ বৰ্ণনাত বৈজ্ঞানিক তত্ত্বৰ সফলতাৰ লগে লগে বেছিভাগ মানুহেই বিশ্বাস কৰিবলৈ লৈছে যে ঈশ্বৰে বিশ্বব্ৰহ্মাণ্ডখনক কিছুমান নিয়ম অনুসৰি বিকশিত হ’বলৈ অনুমতি দিয়ে৷ এই নিয়মবোৰ ভংগ কৰিবলৈ তেওঁ যেন বিশ্বব্ৰহ্মাণ্ডত হস্তক্ষেপ নকৰে৷ কিন্তু নিয়মবোৰে আমাক কোৱা নাই যে বিশ্বব্ৰহ্মাণ্ডখন আৰম্ভ হোৱাৰ সময়ত কেনেকুৱা হ’ব লাগিছিল৷ যেতিয়ালৈকে বিশ্বব্ৰহ্মাণ্ডৰ আৰম্ভণি এটা এককতা আছিল বুলি ধৰা হয়, তেতিয়ালৈকে ক’ব পাৰি যে ইয়াক বাহিৰৰ কোনো কাৰকে সৃষ্টি কৰিছিল৷ কিন্তু যদি বিশ্বব্ৰহ্মাণ্ডখন সঁচাকৈয়ে সম্পূৰ্ণৰূপে স্বয়ংসম্পূৰ্ণ, কোনো সীমা বা প্ৰান্ত নাথাকে, তেন্তে ইয়াৰ সৃষ্টিও নহ’লহেঁতেন, ধ্বংসও নহ’লহেঁতেন৷ সৰলভাৱে ই মাত্ৰ থাকিব৷

 

লেখকৰ ঠিকনা:

জেষ্ঠ আঞ্চলিক সঞ্চালক,

ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়,

যোৰহাট আঞ্চলিক কেন্দ্ৰ

ম’বাইল: ৯৪৩৫৩০০৩১৬

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ