জয়ন্ত মাধৱ বৰা
৷ ৷ ন ৷ ৷
চন্দ্ৰৰ
শটো আনিবলৈ অৱশেষত গণেশ আকৌ ৰংজুলিলৈ যাব লগা হ’ল৷ গাঁওবুঢ়াই তাক কথাটো জনালেহি–‘থানাৰ
পাৰা ফোন কুৰছে৷ চন্দ্ৰ লাচটা আন্বা লাগে’৷
:
গিছিলুংতো৷ গোটাই ৰাতি মেডিকেলতে বহি থাকিলুং৷ নিদিলে৷ –গণেশে ক্ষোভত ক’লে৷
:
ধুৰৰ, সিগিলা বাজাৰৰ বস্তু কিনা-বেচাৰ নিচিনা নহয় না৷ চৰকাৰী নিয়ম থাকে৷
:
মুই ইবাৰ একেলায় নাযাং৷ –গণেশে দৃঢ়তাৰে ক’লে৷
গাঁওবুঢ়াৰ
লগত যিকেইজন আহিছিল, আটাইকেইজনে কথাটো আলোচনা কৰিলে৷ সিদ্ধান্ত হ’ল চন্দ্ৰৰ শটো আনিবলৈ
গণেশৰ লগত গাঁওবুঢ়া আৰু দুজন যাব৷ লাচটো ঠেলাত নহয়, কিবা কৰি এইবাৰ গাড়ীতেই আনিব৷
‘যাবা তো লাগ্ব এ৷ দিৰি কুৰ্বা নাল্গে৷ ’–গাঁওবুঢ়াই যেন নিদ্দেৰ্শহে দিলে৷ লগে লগে
আটাইকেইজন খৰখেদা কৰি যাবলৈ সাজু হ’ল৷
এইবাৰ
গণেশৰ অকণো কষ্টও নহ’ল, একো এটা চিন্তা কৰিব লগাও নহ’ল৷ ঘৰৰ সন্মুখৰ পৰাই গাঁওবুঢ়াই
ভাড়া কৰা ই-ৰিস্কাৰে গৈ ধুপধৰা পালেগৈ৷ ধুপধৰাৰ পৰা ‘লাইন বাচ’ত উঠি ৰংজুলি পালেগৈ৷
আটাইকেইটাৰ গাড়ীভাড়াও গাঁওবুঢ়াই দিলে৷ হচপিটালতো গণেশে একো কৰিবলগীয়া নহ’ল৷ গাঁওবুঢ়াই
চহী কৰি চন্দ্ৰৰ শটো চমজি ল’লে আৰু থানাই ঠিক কৰি দিয়া গাড়ী এখনেৰে শটো আনি একেবাৰে
গাঁও পোৱালেহি৷ প্ৰথমবাৰৰ বাবে গণেশে উপলব্ধি কৰিলে ক্ষমতা থাকিলে চৰকাৰী কামবোৰ সহজতে
হৈ যায়৷ কালি দিনটো সমাধা কৰিব নোৱাৰা কামটো আজি গাঁওবুঢ়া যোৱাৰ লগে লগে টিলিকতে সমাধান
হৈ গ’ল৷
:
সোংকালে কুৰ্বা লাগে কামগিলা৷ নোহালি লাচটা গোন্ধাব৷ ৷ –গাঁওবুঢ়াই নিদ্দেৰ্শ¸ দিলে৷
শটো সৎকাৰ কৰিবৰ কাৰণে সকলোৱে নিজৰ নিজৰ ভাগে দায়িত্ব লৈ ল’লে৷ ৰাজহুৱাভাৱে সিদ্ধান্ত
হ’ল, চন্দ্ৰৰ যিহেতু কেউ-কিছু নাই, নিয়মখিনি গণেশেই পালন কৰিব৷ এই কথাবোৰেই গণেশক আচৰিত
কৰি তোলে৷ কোনো দিন আত্মীয়তা নাছিল চন্দ্ৰৰ সৈতে৷ আচম্বিতে এদিন আহি ক’লেহি–‘মুই ভাল
ভাত শাক বানাবা পাৰং৷ তোৰ থিয়েটাৰ পাৰ্টীত ৰাখেক মোক৷ চাহ, ভাত বানায় দিম৷’ সি হাঁহি
দিছিল৷ পুতলা থিয়েটাৰ পাৰ্টীটোতনো কেইটা মানুহ থাকে? এইকেইটা মানুহক ৰান্ধি-বাঢ়ি খুৱাবলৈ
দৰমহা দি ৰান্ধনী ৰাখিব লাগেনে? তথাপিও সি এটা থিয়েটাৰ পাৰ্টীৰ মালিক৷ অন্ততঃ চন্দ্ৰৰ
নিচিনা মানুহ এটাৰ ওচৰত তাৰ ভিতৰৰ লাও-লোৱা অৱস্থাটো দেখুৱাব নোৱাৰে৷ থিয়েটাৰ পাৰ্টীৰ
মালিকৰ ডেমাকিৰে ক’লে–‘দৰমাহা দিবা নৰং৷ কিবা এটা দিম দে৷ থাকা খোৱা ফ্ৰী৷ আমাৰ লগতে
থাক্বি, খাবি৷’ সেই তেতিয়াৰে পৰা চন্দ্ৰ তাৰ লগত পুতলা থিয়েটাৰ পাৰ্টীত ঘূৰি ফুৰিলে৷
দৰমহা বুলি কেতিয়াবা এশ টকা, দুশ টকা দিয়ে, কেতিয়াবা তাকো নিদিয়ে৷ চন্দ্ৰৰ আক্ষেপ,
অভিযোগ একো নাছিল৷ থিয়েটাৰ পাৰ্টীটো ভাগি যোৱাৰ পাছত সি ক’লৈ গ’ল, কি কৰি খাইছে, গণেশে
খবৰ লোৱা নাছিল৷ ভাগ্যৰ কি পৰিহাস, এদিন সিয়েই চন্দ্ৰৰ ওচৰত হাত পাতিব লগা হ’ল৷ চন্দ্ৰৰ
জীৱনৰ অন্তিম দিনকেইটাত সিয়েই লগত থাকিবলগীয়া হ’ল৷ আনকি মৃতকৰ নিয়মবোৰো সিয়েই পালন
কৰিবলগীয়া হ’ল৷ কথাবোৰ ভাবি ভাবি সি আচৰিত হৈ যায়৷ আচলতে তেজ মঙহৰ সম্পৰ্কটো ডাঙৰ নহয়৷
মনটোহে আটাইতকৈ গুৰুত্বপূৰ্ণ৷ মনটো মিলিলে সকলো আপোন হৈ পৰে৷ মনটো নিমিলিলে তেজ মঙহৰ
সম্পৰ্ক থকাজনকো আঁতৰাই পঠোৱা হয়৷ মন মিলিব লাগিব৷ আন্তৰিকতা থাকিব লাগিব৷ মন নিমিলিল
কাৰণেই, আন্তৰিকতা নথকাৰ কাৰণেই ঘৈণীয়েকজনীয়েই আঁতৰি গুছি গ’ল৷ আৰু চন্দ্ৰ? অতীতৰ বহু
স্মৃতিয়ে তাক টানি নিয়ে৷ সেইযে ভাৰীগানৰ পাল্লা হোৱাৰ দিনা ৰাস্তাৰ কাষত ৰৈ গৰম গৰম
জেলেপী খাইছিল, গৰম গৰম চিংৰা খাইছিল, ভাৰীগান চাবলৈ অহা ছোৱালীক জোকাইছিল, কিনকিনিয়া
বৰষুণত তিতিছিল, সেইবোৰ এতিয়া অতৃপ্তিৰ মোহময় সাধুকথা৷ স্বপ্নপ্ৰাপ্ত সেই সম্ভাৱনা
এতিয়া শূন্য৷
মৃতকৰ
গোটেই কাম-কাজবোৰ গাঁওখনৰ গোটেই মানুহবোৰে লগ লাগি চন্দ্ৰৰ চোতালতে কৰিলে৷ গণেশে মন
কৰিলে এইকেইদিন গাঁৱৰ মানুহখিনিয়ে যেন দুখতকৈ ফূৰ্তি-তামাচাহে বেছিকৈ কৰিলে৷ সৰু সৰু
কথাতে হাঁহি ধেমালিৰে মুখৰ হৈ পৰে সময়বোৰ৷ গাঁৱৰ সাধাৰণ মানুহবোৰ এনেকুৱাই৷ অলপতে সুখী
হয়, অলপতে দুখীও হয়৷ অলপতে সন্তুষ্ট হয়, অলপতে অসন্তুষ্টও হয়৷ জীৱনৰ জটিলতা বুজি নাপায়৷
গণেশে প্ৰত্যেকৰে মুখবোৰ পঢ়িবৰ চেষ্টা কৰে৷ তাৰ ভাৱ হয়, প্ৰত্যেক মানুহেই সুখী হ’বলৈ,
অকণমান হাঁহিবলৈ, অকণমান ফূৰ্তি কৰিবলৈ এটা অজুহাত বিচাৰি ফুৰে৷ চন্দ্ৰৰ শ্ৰাদ্ধৰ অজুহাত
লৈয়ে মানুহবোৰ গোট খোৱাৰ সুবিধা পাইছে৷ কামৰ মাজতেই খুহুতীয়া কথাবোৰ ওলাইছে৷ দুখৰ মাজতো,
সমস্যাৰ মাজতো অকণমান হাঁহিছে৷ অকণমান ফূৰ্তি কৰিছে৷ এয়াই জীৱন৷ এনেকৈয়ে হয়তো চকুৰ
শ্ৰান্ত নীড়ত বাহ সাজে সপোনে৷ এনেকৈয়ে হয়তো জীৱনে জীয়ন দিয়ে গণি গণি সপোনৰ ঢৌ৷
শ্ৰাদ্ধ-বিধি
হোৱালৈকে ঠিকেই আছিল, গাঁৱৰ মানুহবোৰে গণেশক আগুৰি আছিল, প্ৰতিটো কাম তাক সুধি কৰিছিল,
যেন সিহে ঘৰখনৰ গৰাকী৷ কামবোৰ হৈ যোৱাৰ পাছদিনাখনৰ পৰাই সি ভয়ানক ধৰণেৰে নিঃসংগ হৈ
পৰিল৷ কৰিবলৈ একো কাম নাই, যাবলৈ কোনো ঠাই নাই৷ ঘৰখনতে মূৰে-কপালে হাত দি কিমান সোমাই
থাকিব? তাৰ বাবে এতিয়া দিন-ৰাতিৰ একো পাৰ্থক্য নোহোৱা হৈ পৰিছে৷ দিনটো যেন-তেন, সন্ধ্যা
নামি আহিলেই স্বপ্নভংগৰ বেদনাৰ আৰ্তিৰে ভৰি পৰে চৌপাশ৷ তেতিয়াই তাৰ ভয় লাগে৷ এনেকুৱা
লাগে চন্দ্ৰৰ দৰে তাকো যেন টানি লৈ যাব বেংডোবাই৷ চন্দ্ৰৰ দৰে তাৰ নিথৰ দেহটোও ওপঙি
উঠিব বেংডোবাৰ নিস্তৰংগ পানীত৷ গাঁওখন নিজম পৰি অহাৰ লগে লগে তাৰ নিসংগতা দুগুণে চৰে৷
তেতিয়াই ভয় লাগে৷ বুকুৰ ধপ্ধপনি বাঢ়ি যায়৷ এনেকুৱা লাগে যেন সেই মুহূৰ্ততে তাৰ মৃত্যু
হ’ব৷ মৃত্যুৰ কথা মনলৈ আহিলেই সি বেছি অস্থিৰ হৈ পৰে৷ ঘৰৰ পৰা দৌৰ মাৰি ৰাস্তালৈ ওলাই
গৈ গাঁৱৰ মানুহবোৰক চিঞৰি চিঞৰি মাতিবলৈ মন যায়৷ কাৰোবাৰ ঘৰৰ পদূলিয়েদি সোমাই গৈ দুৱাৰত
ঢকিয়াই ঢকিয়াই ক’বলৈ মন যায়– ‘মোকো তুমাৰ লগতে ৰাখেক৷ একেলায় ইৰি নাযাবি৷ নাহ’লে মোকো
চন্দ্ৰৰ নিচিনা বেংডোবাই টানি নিব’৷
ভয়তে
এদিন সি ডেনিছ ৰাভাৰ ঘৰত শুলে৷ ডেনিছৰ সৈতে তাৰ সকামৰ দিনকেইটাতে অন্তৰংগতা গঢ়ি উঠিছিল৷
ডেনিছ অলপ হেবাং৷ সুবিধা পালেই গাঁৱৰ মানুহবোৰে তাক জোকায়৷ জোকালে সি হেবাঙৰ দৰে হাঁহিটো
মাৰে৷ জোকোৱা মানুহবোৰে তেতিয়া বেছি ৰস পায়৷ হা হাকৈ হাঁহে৷ এদিন মানুহবোৰে তেনেকৈ
হাঁহি থাকোঁতে ডেনিছে দুখেৰে তাক কৈছিল– ‘মানুহগিলাই মোক খালি ঠাট্টা কৰি থাকে’৷ উচপ
খাই উঠাদি উঠিছিল গণেশ৷ কপালৰ ৰেখা সংকুচিত হৈ পৰিছিল৷ সি ডেনিছৰ ভিতৰৰ মানুহটোক পঢ়িবলৈ
চেষ্টা কৰিছিল৷ কাৰোবাৰ স্বভাৱক লৈ, চৰিত্ৰৰ দুৰ্বলতাক লৈ ঠাট্টা কৰিলে মানুহজনে দুখ
পায়, প্ৰথমবাৰৰ বাবে গণেশে কথাটো উপলব্ধি কৰিছিল৷ পুতলা থিয়েটাৰ চলাই থাকোঁতে সিয়ো
কেতিয়াবা চন্দ্ৰক তেনেকৈ ঠাট্টা কৰিছিল৷ উপহাস কৰিছিল৷ সি ঠাট্টা কৰিলে বাকীবোৰে চন্দ্ৰলৈ
চাই চাই হাঁহে৷ সেই সময়ত চাগে চন্দ্ৰয়ো দুখ পাইছিল৷ কথাটো ভাবি গণেশ অনুতপ্ত হ’ল৷ ভাৱ
হ’ল চন্দ্ৰৰ দৰে ডেনিছো যেন বিষণ্ণতাত সিক্ত এক বিষাদগাথা৷ তেতিয়াৰে পৰা ডেনিছ ৰাভাৰ
প্ৰতি সি অনুৰক্ত হৈ পৰিল৷ তাৰ লগত ছাঁটোৰ দৰে লাগি থকা হ’ল৷ তাক লৈ যাতে কোনেও হাঁহিব
নোৱাৰে সেই বিষয়ে সি সচেতন হৈ থকা হ’ল৷ ডেনিছেও উমান পাইছিল তাৰ প্ৰতি থকা গণেশৰ অনুৰাগৰ
কথা৷ লাহে লাহে দুয়োটা ঘনিষ্ঠ হৈ পৰিল৷ মৃতকৰ কাম-কাজবোৰ শেষ হোৱাৰ পাছত গণেশে যেতিয়া
তাৰ ভীতিগ্ৰস্ততাৰ কথা ক’লে ডেনিছে তাক টানি নিয়াদি লৈ গ’ল–‘চ, চ ইয়াত এংকায় থাক্বা
নাল্গে৷ একেলায় থাকিলি যখিনি আহিব৷ মোৰ ঘৰতে থাক্বি চ’৷ একেবাৰে থকাকে নগ’ল যদিও
ৰাতি ৰাতি ডেনিছৰ ঘৰত শুবলৈ গ’ল গণেশ৷
ঘৈণীয়েক
আৰু এজনী আঠ বছৰীয়া ছোৱালীৰ সৈতে ডেনিছৰ সৰু সংসাৰ৷ অভাৱ পিষ্ট জীৱন, ঘৰটোত সোমালেই
উমান পোৱা যায়৷ একেখন চোতালতে ডেনিছৰ ককায়েকে ঘৰ সাজি বেলেগে আছে৷ ককায়েকৰ অৱস্থা ভাল৷
ঘৰটো ডাঙৰকৈয়ে সাজি লৈছে৷ ডেনিছৰ ঘৰটোৰ এটাই কোঠা৷ পিছফালে চালি এখন দি লৈছে ৰন্ধা-বঢ়া
কৰিবলৈ৷ একেটা কোঠাতে ডেনিছৰ পৰিয়ালটোৰ লগত গণেশো শুব লগা হৈছে৷ প্ৰথমদিনা গণেশে ইতঃস্ততঃ
কৰিছিল৷ ডেনিছক বাহিৰলৈ মাতি আনি কৈছিল–‘তুই আৰো মুই চুন মোৰ ঘৰতে ঘুন্তি মাৰি থাক্বা
পাৰোং৷ ওচৰতে তোৰ দাদা আছে, তোৰ তিৰি আৰো বিটিটা থাক্বা পাৰ্ব একেলায়’৷
:
এ আহিলি যিতিয়া আজি ইয়াতে ঘুন্তি মাৰ৷
সেই
গোটেই নিশাটো গণেশৰ টোপনি অহা নাছিল৷ বহুদিনৰ মূৰত এগৰাকী মহিলাৰ লগত একেটা কোঠাতে
শুব লগা হৈছিল৷ ডেনিছ আৰু ছোৱালীজনী টোপনিত লালকাল দি পৰি আছিল৷ সি উমান পাইছিল ডেনিছৰ
ঘৈণীয়েকৰো টোপনি অহা নাই৷ সঘনাই ইকাতি-সিকাতি কৰিছিল৷ কেইবাবাৰো বাহিৰলৈ গৈছিল৷ ভিতৰলৈ
সোমাই আহোঁতে টোপনিৰ ভাও ধৰি চকুদুটা আধা মেলি সি ডেনিছৰ ঘৈণীয়েকক লক্ষ্য কৰিছিল৷ মানুহজনীৰ
কাপোৰবোৰ অসংযত অৱস্থাত আছিল৷ মুহূৰ্ত্তৰ বাবে তাৰ শৰীৰৰ উষ্ণতা বাঢ়ি গৈছিল৷ সি ডেনিছৰ
ফালে চাইছিল৷ টোপনিত লালকাল দি পৰি আছে সি৷ কিমান সৰল হ’লে এনেকৈ একেটা কোঠাতে তাক
শুবলৈ দিব পাৰে?
পিছদিনাখনৰ পৰা সি ডেনিছৰ ঘৰলৈ শুবলৈ নগ’ল৷ ডেনিছকে
জোৰ কৰি তাৰ ঘৰলৈ লৈ আহিলে–‘মোৰ ঘৰতে ঘুন্তি মাৰ্বি আহ৷ তাত তোৰ দাদা আছে যিতিয়া তিৰিটা
নদৰায় আহ্’৷ সেইদিনাৰ পৰা ডেনিছ গণেশৰ লগত গণেশৰ ঘৰতে শোৱে৷ লাহে লাহে ডেনিছৰ লগত
তাৰ ঘনিষ্ঠতা বাঢ়ি গ’ল৷ ঘৰত সোমাই থাকি আমনি লাগিলেই সি ডেনিছৰ ঘৰ পায়গৈ৷ ডেনিছৰ ঘৈণীয়েকে
তালৈ লাজ কৰে৷ সি আহিলেই লাজতে তাই কিবা এটা অজুহাত উলিয়াই আঁতৰি যায়৷ সি তেতিয়া বৰ
অস্বস্তি অনুভৱ কৰে৷ কিবা এটা যেন অপৰাধহে কৰিছে৷ যেন ডেনিছৰ সৰলতাৰ সুযোগহে লৈছে৷
ডেনিছৰ লগত কথা পাতি থাকে যদিও কোঠাটোৰ পৰা দৌৰ মাৰি ওলাই যাবৰ মন যায়৷ এদিন কোঠাটোত
সোমাই থাকোঁতেই ডেনিছৰ ককায়েকে দুয়োটাকে ধম্কি দিয়াৰ দৰে দিলে–‘তিৰিটা যৰে তৰে পাৰা
আনি খুৱাই আছে৷ ইতিয়া কথা পাত্বা এই কাম নোহোৱাটাক আনি লৈছ৷ লাজ নাল্গে’? তাৰপাছত
গণেশৰ ফালে একেই সুৰত ক’লে–‘তোৰ ই আল্চিয়া স্বভাৱটাৰ কাৰ্নেই তোৰ তিৰি পালায় গেল৷
এংকায় বেলেগোৰ ঘৰত সুমুৱাই থাকিবা লাজ নাল্গে’?
অলপ
সময়ৰ বাবে গণেশ অপ্ৰস্তুত হৈ পৰিছিল৷ আজিলৈকে কোনেও এনেকৈ তাক তিৰস্কাৰ কৰা নাই৷ সি
ডেনিছৰ ফালে চালে৷ ডেনিছ তলমূৰকৈ থিয় হৈ আছে৷ ককায়েকৰ মুখে মুখে সি কথা ক’ব নোৱাৰে৷
ককায়েকেই তাৰ পৰিয়ালটোক চলাই আছে৷ ঘৈণীয়েকে অ’ত-ত’ত কাম কৰি দুই এটকা আনে৷ তাৰেই কাপোৰ-কানিৰ
যোগাৰটো মৰে৷ সি একো নকৰে৷ নকৰে মানে কিবা এটা কৰিবলৈ লগালে লাভতকৈ লোকচান বেছিহে হয়৷
বেছিভাগ সময় সি শুই বহি আড্ডা মাৰিয়েই কটায়৷ ককায়েকৰ স্বভাৱ তাৰ সম্পূৰ্ণ ওলোটা৷ অকল্পনীয়
পৰিশ্ৰম কৰিব পাৰে মানুহটোৱে৷ কৰেও৷ তেনেকৈয়ে তেওঁ নিজৰ পৰিয়ালৰ লগতে ডেনিছৰ পৰিয়ালটোও
পোহ-পাল দি আছে৷ এইটো কাৰণতে সি ককায়েকৰ পৰা ওলাওঁতে সোমাওঁতে গালি এসোপা খায়৷ ডেনিছে
ককায়েকৰ মুখৰ ওপৰত মাতিব নোৱাৰে৷ সেই সাহস তাৰ নাই৷ এতিয়াও ডেনিছে ককায়েকক একো ক’ব
নোৱাৰিলে৷ গণেশেও একো ক’ব নোৱাৰিলে৷ লাজ আৰু ঘোৰতৰ অপমানত দগ্ধ হৈ গণেশ কোঠাটোৰ পৰা
ওলাই আহিল৷ বুজা হোৱাৰ পৰা এতিয়ালৈকে সি মন কৰিছে, বাৰে বাৰে সি অপমানিত হয়৷ বাৰে বাৰে
সি লাঞ্চিত হয়৷ বাৰে বাৰে সি পৰিস্থিতিৰ ওচৰত অসহায়ভাৱে আত্মসমৰ্পণ কৰিব লগা হয়৷ য’তে
ত’তে৷ দেউতাককো অপমানিত হোৱা দেখিছে, বায়েককো অপমানিত হোৱা দেখিছে৷ কেৱল অপমানিতই নহয়,
ঠাট্টা-মস্কৰা, লাঞ্ছনা-গঞ্জনা সকলো পোৱা দেখিছে৷ তেনেকৈয়ে দুয়োটা মৰি থাকিল৷ তুচ্ছতাৰ
তিতিক্ষা লৈ, এসোপা হাহাকাৰ লৈ বাপেক, বায়েক দুয়োটা গুছি গ’ল৷ মাকক অপমানিত হোৱা কিন্তু
সি কোনো দিনেই নেদেখিলে৷ মানুহজনীয়ে সদাই মূৰ দাঙিয়েই থাকিল৷ কাৰো ওচৰত হাত পতা নাছিল৷
কাকো খাতিৰ কৰা নাছিল৷ প্ৰাপ্যৰ পৰা বঞ্চিত হ’লেই জাঙুৰ খাই উঠিছিল৷ পুৱাৰ পৰা ৰাতিলৈকে
মানুহজনীয়ে এটা মুহূৰ্ত্তও এনেয়ে শুই বহি কটোৱা নাছিল৷ কেৱল কাম আৰু কাম৷ বাপেক, বায়েক
আৰু তাক, এই তিনিটা আলচিয়াক মানুহজনীয়ে অকলেই পোহ-পাল দিছিল৷ মাকৰ বাবেই সিহঁত তিনিটাই
এসাঁজো লঘোনে থাকিবলগীয়া হোৱা নাছিল৷ মাক মৰাৰ পাছত সি আৰু বায়েকে মাকৰ অভাৱ বেছিকৈ
অনুভৱ কৰিছিল৷ মাকক বিচাৰি বায়েকে সদাই কান্দিছিল৷ অকল্পনীয়ভাৱে আজিও সি অপমানিত হ’ল৷
তাৰেই ভুল৷ কাম-বন নকৰি লোকৰ ঘৰত কিয় বহি থাকিব লাগে?
খৰখোজে
আহি সি ঘৰত সোমালহি৷ তাৰ ইমানেই লাজ লাগিল, বাটত লগ পোৱা কাৰো মুখলৈ সি কেৰাহিকৈয়ো
নাচালে৷ নাচালে মানে চোৱাৰ সাহস নকৰিলে৷ কোনোবাই কিবা সুধি দিলে উত্তৰ দিবলৈ যি এক
মানসিক অৱস্থাৰ প্ৰয়োজন, সেইটো সি ডেনিছৰ ঘৰতেই
হেৰুৱাই থৈ আহিছে৷ ঘৰত সোমাই অনুভৱ কৰিছে পাৰ্থিৱ জীৱনৰ অসহায়তা, অক্ষমতা আৰু শূন্যতা৷
সিয়ো জানে কিবা এটা কৰিব লাগে৷ কৰিবলৈহে একো মোৰ নাপায়৷ সাহসৰ অভাৱ হৈছে৷ উৎসাহৰ অভাৱ
হৈছে৷ আগতে মাকে বুজাইছিল৷ কি কৰিব লাগিব, কি কৰিব নালাগে বুজাই দিছিল৷ মাক মৰাৰ পাছত
সি দিশহাৰা হ’ল৷ যিটোকে কৰিবলৈ লৈছে সেইটোতে অসফল হৈছে৷ হঠাৎ তাৰ মনলৈ আহিল চন্দ্ৰৰ
চাহৰ দোকানখনৰ কথা৷ সৰঞ্জামবোৰ আছেই দেখোন৷ সেইবোৰ লৈয়ে ধুপধৰাত চাহৰ দোকান এখন আৰম্ভ
কৰিব পাৰে৷ চন্দ্ৰ জীয়াই থাকোঁতে দোকানখনটো সিয়েই চলোৱাৰ নিচিনা হৈছিল৷ সি লগে লগে
চন্দ্ৰৰ ঘৰ পালেগৈ৷ গৰাকীবিহীন এখন ঘৰ, সুযোগ সুবিধা চাই এপদ এপদকৈ ওচৰ-চুবুৰীয়াই বস্তুবোৰ
নি আছে৷ সি সোমাওতে আগফালৰ পিছফালৰ দুয়োখন দুৱাৰেই খোলা৷ বাৰীখনতো গৰুকেইটামান সোমাই
আছে৷ সোমাই আছে নে সুমুৱাই দিছে? সি ডিঙি মেলি ইফালে সিফালে চালে৷ কাকো নেদেখিলে৷ সৌ
সিদিনালৈকে ইয়াত এখন ঘৰ আছিল, ঘৰখনত এসোপা সপোন আছিল, এসোপা হেঁপাহ আছিল, অভিমান আছিল,
মৰম আছিল, মৰমৰ আব্দাৰ আছিল৷ আজি একো নাই৷ এখন এৰাবাৰী৷ যাৰ মন গৈছে সোমাইছে, এপদ এপদকৈ
বস্তুবোৰ চুৰি কৰি নিছে৷ চুৰি কৰি নিওঁতে হাতখন এবাৰলৈয়ো কঁপি উঠা নাই কাৰো৷ সামান্যতমো
অপৰাধবোধ জাগি উঠা নাই৷ কেইদিননো হ’ল মানুহটো মৰা, ঘৰখনত লুটপাত আৰম্ভ হ’লেই৷ দোকানৰ
সৰঞ্জামবোৰ বস্তা এটাত ভৰাই সি কোঠা এটাৰ চুকত থৈ দিছিল৷ সেইটো নাই৷ বস্তাটোৰ সৈতে
উঠাই নিছে৷ গণেশৰ দুখো লাগিল, খঙো উঠিল৷ গাঁৱৰে ল’ৰা এটাৰ এই দুৰৱস্থা, তাৰপাছতো তাৰ
উদং ঘৰখনত চুৰি কৰিবলৈ আহোঁতে মানুহবোৰৰ মনবোৰে বাধা নিদিয়ে৷ খঙতে সি গাঁওবুঢ়াৰ ঘৰ
পালেগৈ৷
:
ঘৰখানত এটাও বস্তু নাই৷ ওচৰৰ মানুহমাখাই যদি নেনে কাই নিব? –সি খঙত ক’লে৷ গাঁওবুঢ়াই
অলপ সময় চিন্তা কৰিলে৷ তাৰপাছত ক’লে–‘তাৰ মাটিখিনিত ৰাইজৰ হৈ কিবা কুৰবা লাগব’৷ গণেশৰ
কপাল সংকুচিত হৈ পৰিল৷ সি বুজি পালে এইযে ওচৰ-চুবুৰীয়াই চন্দ্ৰৰ ঘৰৰ বস্তুবোৰ চুৰি
কৰি লৈ গ’ল, এতিয়াও নি আছে, সেইবোৰৰ মানে একো বিচাৰ নকৰে গাঁওবুঢ়াই৷ চন্দ্ৰ মৰি গ’ল,
তাৰ বস্তুবোৰৰ কাৰণে গাঁওবুঢ়া কাৰো লগত বেয়া হ’ব নোখোজে৷ বৰ স্বাৰ্থপৰ এইচব৷ সেইবোৰ
বিচাৰ কৰিলে গাঁওবুঢ়াকে কিছুমানে বেয়া পাব৷ তাতকৈ নজনাৰ ভাও ধৰি থকাই ভাল৷ যিমান খঙত
সি গাঁওবুঢ়াৰ ঘৰ ওলাইছিলগৈ সিমান খঙত সি ওলাই গুচি আহিল৷ সকলো বিশ্বাসৰ পৰা বিচ্যুত
হৈ সি আহি ঘৰ সোমাল৷ দিনে দিনে মানুহবোৰ ইমান স্বাৰ্থপৰ আৰু সুবিধাবাদী হৈ পৰিছে যে
তাৰ দৰে সাধাৰণ মানুহবোৰ জীয়াই থকাই টান হৈছে৷ কিবা এটা কৰিব লাগিব৷ মাকৰ দৰে মূৰ দাঙি
থিয় হৈ থাকিবলৈকে কিবা এটা কৰিব লাগিব–সি মনতে ভাবিলে৷ এইযে কিবা এটা কৰিব লাগিব বুলি
দৃঢ়তাৰে ভাবিলে, দেহলৈ নতুন শক্তি অহা যেন পালে সি৷ একপ্ৰকাৰ সিদ্ধান্তই লৈ পেলালে–চন্দ্ৰৰ
দৰে সিয়ো ধূপধৰাত চাহ তামোলৰ দোকান এখন দিব৷ জনসংখ্যা বঢ়াৰ লগে লগে ধূপধৰাখন একপ্ৰকাৰ
টাউনৰ নিচিনাই হৈ পৰিছে৷ অফিচবোৰ বাঢ়িছে৷ অফিচলৈ আহ-যাহ কৰা মানুহৰ সংখ্যা বাঢ়িছে৷
মানুহৰ আহ-যাহ বাঢ়িলেই বেপাৰ বাণিজ্যও ভাল হয়৷ ধূপধৰাতো এতিয়া দোকানৰ সংখ্যা বাঢ়ি গৈছে৷
আনকি দৈনিক বজাৰখনো ডাঙৰ হৈছে৷ চাহ-তামোলৰ দোকান ভাল চলিব তাত৷ কথাটো মনলৈ অহাৰ লগে
লগে দোকানৰ সৰঞ্জামবোৰ কিনিবৰ বাবে ধূপধৰালৈ যোৱাৰ কথা ভাবিলে৷ কি কি কিনিব লাগিব,
মনে মনে তালিকা এখনো প্ৰস্তুত কৰি ল’লে৷
সি
যেতিয়া ধূপধৰা পালেগৈ, তেতিয়া ধূপধৰা উতপ্ত৷ জনজাতীয় সংগঠন এটাৰ সদস্যসকলে থানাখনৰ
সন্মুখত ধৰ্ণা দি আছে৷ ল’ৰাবোৰ উত্তেজিত হৈ থানাখনৰ ভিতৰলৈ সোমাব খুজিছে৷ পুলিচে গেটখন
বন্ধ কৰি ল’ৰাবোৰক সোমাই যোৱাত বাধা দি আছে৷ এক উত্তেজনাময় পৰিৱেশ৷ ৰাস্তাটোৱেদি যিমান
মানুহ অহা-যোৱা কৰিছে, সকলো ৰৈ গৈছে৷ পৰিস্থিতি উত্তপ্ত হোৱাৰ ভয়ত কিছুমান হয়তো আঁতৰি
গৈছে, বেছিভাগেই কিন্তু উৎসুক হৈ চাই আছে৷
:
কি হৈছে? –গণেশে এজনক সুধিলে৷
:
ভালকুৰি নাজানং৷ আপী চুৰি কৰি নিছে বেলে৷ –মানুহজনে আকৌ থানাৰ গেটখনৰ ফালে ডিঙি মেলি
চালে৷ লাহে লাহে পৰিস্থিতি বেছি উতপ্ত হৈ পৰিছে৷ গোৱালপাৰাৰ পৰা পুলিচ আৰু সেনা ভৰ্ত্তি
গাড়ী দুখন আহি পাইছেহি৷ সেনাৰ জোৱানবোৰে ল’ৰাবোৰক গেটখনৰ কাষৰ পৰা আঁতৰাই পঠিয়াবলৈ
চেষ্টা কৰিছে৷ ল’ৰাবোৰে উত্তেজিত হৈ চিঞৰিছে৷ থিয় হৈ ঘটনাটো চাই থকা মানুহবোৰৰ কিছুমানে
পুলিচক দোষ দিছে, কিছুমানে ছোৱালীকেইজনীক দোষ দিছে৷ জুম বান্ধি বান্ধি থিয় হৈ মানুহবোৰে
ঘটনাটোক নিজৰ ধৰণেৰে বিশ্লেষণ কৰিছে৷ তেতিয়াহে গণেশে ঘটনাটোৰ প্ৰকৃত কথাখিনি গম পালে৷
কিছুদিনৰ পৰা ধূপধৰা, বকো, ৰংজুলি, এই ঠাইসমূহৰ ভিতৰুৱা গাঁও কিছুমানৰ পৰা জনজাতীয়
ছোৱালী কিছুমান নিখোজ হৈ পৰিছিল৷ কেতিয়াবা একেখন গাঁৱৰে চাৰি পাঁচজনী ছোৱালী নিখোজ
হৈ যায়৷ দুদিনমান হুলস্থূল হয়, পুলিচেও দুদিনমান ছোৱালী বিচৰাৰ নামত আক-তাক সোধা-পোচা
কৰে, গাঁওবোৰত ঘটনাটোক লৈ ব্যাপক চৰ্চা হয়, তাৰপাছত ঘটনাটো তল পৰে৷ মানুহবোৰ দুখীয়া৷
ছোৱালী বিচৰাৰ নামত টকা-পইচাও খৰচ কৰিব নোৱাৰে৷ খুব বেছি থানালৈ গৈ পুলিচক হাত-যোৰ
কৰি অনুৰোধ কৰিব পাৰে৷ টকা নথকা বাবে পুলিচেও এইসকল লোকক গুৰুত্ব নিদিয়ে৷ ছোৱালী হেৰোৱাৰ
দুখত হামৰাও কঢ়াৰ বাহিৰে এইসকল লোকৰ আৰু অন্য কোনো উপায় নাথাকে৷ আচৰিত কথা, এই ছোৱালীবোৰ
ক’লৈ যায়, কিয় যায়, কাৰ লগত যায় কোনেও গম নাপায়৷ জনজাতীয় সংগঠনটোৰ ল’ৰাবোৰে কথাটো বহুদিনৰ
পৰা লক্ষ্য কৰি আছিল৷ গোপনে অনুসন্ধানো চলাই আছিল৷ এইবাৰহে সত্যটো উদ্ঘাটন হ’ল৷ এচাম
দালালে জনজাতীয় সৰল ছোৱালীবোৰক সিহঁতৰ সৰলতাৰ সুযোগ লৈ বেলেগ ৰাজ্যত চাকৰি দিয়াৰ প্ৰলোভন
দি গোপনে লৈ যায়৷ বেলেগ ৰাজলৈ নি ছোৱালীবোৰক বিক্ৰী কৰি দিয়ে৷ ছোৱালীকেইজনীক লৈ যোৱাৰ
কৌশলো সাংঘাতিক৷ একেলগে সাত আঠজনী ছোৱালীক দালাল চক্ৰটোৱে টাৰ্গেট কৰে৷ আটাইকেইজনী
ছোৱালীক দালাল চক্ৰটোৱে এনেকুৱাকে পতিয়ন নিয়ায় যে কথাবোৰ সিহঁতে কাকো নকয়৷ ঘৰতো নকয়৷
দালালকেইটাৰ গোপন নিদ্দেৰ্শ মতেই এটা নিদ্দিৰ্ষ্ট দিনত আটাইকেইজনী ছোৱালী ৰেলষ্টেচনত
লগ হয়৷ তেতিয়াও কিন্তু দালাল চক্ৰটো সিহঁতৰ কাষলৈ নাহে৷ আলেঙে আলেঙে লক্ষ্য কৰি থাকি
ছোৱালীকেইজনীক ফোনত নিদ্দেৰ্শ দি থাকে৷ ৰেলত উঠাৰ পাছতো দালালকেইটা ছোৱালীকেইজনীৰ কাষলৈ
নাহে৷ একেটা ডবাতে থাকে, ফোনত কথাও হয়, কিন্তু সন্মুখলৈ নাহে৷ কোচবিহাৰ পাৰ হোৱাৰ পাছতহে
দালালকেইটা ছোৱালীকেইজনীৰ কাষলৈ আহে৷ বুদ্ধি কৰি ছোৱালীকেইজনীৰ ফোনবোৰ লৈ লয় যাতে সিহঁতে
কাৰো সৈতে যোগাযোগ কৰিব নোৱাৰে৷ তেতিয়াহে ছোৱালীকেইজনীৰ সন্দেহ হয়৷ গম পায় সিহঁত ফান্দত
পৰিছে৷ তেতিয়া কিন্তু সিহঁতৰ পলাবলৈ কোনো উপায় নাথাকে৷ ভয়, ভাবুকিৰে সিহঁতক এনেকুৱা
এটা অৱস্থালৈ লৈ যায় যে সিহঁতৰ মুখৰ মাত পৰ্যন্ত হেৰাই যায়৷ চাকৰি দিয়াৰ নামত এই দালালবোৰে
সৰল ছোৱালীবোৰক একো একোজনী দেহোপজীৱিনী কৰি তোলে৷ কেতিয়াবা প্ৰেমৰ ছলনাৰে পলুৱাই নিয়ো
বিক্ৰী কৰি দিয়ে৷ এবাৰ সুবিধা বুজি তাৰে দুজনী ছোৱালী পলাই আহিবলৈ সক্ষম হ’ল আৰু সেই
ছোৱালী দুজনীৰ পৰাই সংগঠনৰ ল’ৰাবোৰে কথাটো গম পালে৷ এইবাৰ তেনেকৈ নিবলৈ আহোঁতেই ৰেলষ্টেচনতে
দালালকেইটাৰ মাজৰ দুটাক ল’ৰাবোৰে ধৰিলে৷ ৰেল ষ্টেচনতে খুব পিটিলে৷ তেতিয়াই পুলিচ আহিল৷
সেই দালাল দুটাই এতিয়া থানাত সোমাই আছে৷ কথাটো গম পোৱাৰ লগে লগে গাঁৱৰ মানুহবোৰে থানাখন
ঘেৰাও কৰিলে৷ গাঁৱৰ সাধাৰণ মানুহবোৰৰ পুলিচৰ ওপৰত বিশ্বাস নাই৷ চিঞৰি চিঞৰি কৈ আছে–পুলিচে
টকা খাই এৰি দিব৷ দালাল দুটাক ৰাইজৰ হাতত গতাই দিব লাগে৷ গাঁৱৰ কিমান ছোৱালীক ছলনা
কৰি নিলে৷ সিহঁতক উলিয়াই দিবই লাগিব৷ এইটো কাৰণতে থানাৰ সন্মুখত হুলস্থূল৷
থানাখনলৈ
চাই চাই গণেশে ভাবিলে–আগতে ভৰিৰ গছকত পৰুৱা এটা মৰিলেও মানুহৰ বেয়া লাগিছিল৷ ঘৰৰ পাৰ
চৰাইযোৰ খোৱা নাছিল, মাৰিবলৈ বেয়া পোৱা কাৰণে৷ এতিয়া মানুহে মানুহকে মাৰিবলৈ সংকোচ
নকৰে৷ প্ৰেমৰ নামত ছলনা কৰি ছোৱালীজনীক লৈ গৈ বিক্ৰী কৰি দিয়ে৷ কিমান বিশ্বাস কৰি ঘৰখন
এৰি, মাক দেউতাকক এৰি ছোৱালীজনী ল’ৰাটোৰ লগত যায়, অথচ সেই নৰাধমটো যে ইমান জঘন্য মনোবৃত্তিৰ,
ছোৱালীজনীয়ে গম নাপায়৷ কিছুমান ছোৱালীক বিয়া পাতি আনি যৌতুক বিচাৰি ঘৰতে জ্বলাই দি
আত্মহত্যাৰ ৰূপ দিয়ে৷ পৰকীয়া প্ৰেম কৰি ঘৈণীয়েকে প্ৰেমিকৰ লগ লাগি গিৰিয়েককে মাৰি পেলায়৷
মানে এতিয়া অবয়বটোহে মানুহৰ নিচিনা হৈ আছে, স্বভাৱ, চৰিত্ৰ সকলো জন্তুৰ দৰে হৈ গ’ল৷
হঠাৎ তাৰ মনলৈ আহিল, তাৰ ঘৈণীয়েকজনীও দেখোন তেনেকুৱাই আছিল৷ তাৰ হাতত যেতিয়া টকা আছিল,
তায়ো আছিল৷ যেতিয়া সি দেৱলীয়া হ’ল, তাক তাইৰ প্ৰয়োজন নোহোৱা হৈ গ’ল৷ থানাত সুমুৱাই
থোৱা নৰাধমকেইটাৰ লগত তাইৰ ঘৈণীয়েকৰ পাৰ্থক্য সি একো বিচাৰি নাপালে৷ মানুহৰ শাৰীত এইবোৰক
থ’বই নোৱাৰি৷ ঘৈণীয়েকে কৰা ব্যৱহাৰ, ডেনিছৰ ককায়েকে কৰা অপমানৰ কথাবোৰ মনলৈ আহিল৷ তাৰ
খং উঠি গ’ল৷ কিবা এটা কৰিব লাগিব৷ কৰিবই লাগিব৷ মনটো দৃঢ় কৰি সি ধূপধপাৰ দৈনিক বজাৰখনৰ
ফালে খৰখোজে আগবাঢ়িল৷
চাহৰ
দোকানখনৰ বাবে প্ৰয়োজনীয় সামগ্ৰীখিনি কিনি সি যেতিয়া ঘৰমুৱা হ’ল, তেতিয়া সন্ধ্যা লাগো
লাগো৷ ধূপধৰা ব্যৱসায়িক অঞ্চল হোৱা বাবে এতিয়াও ভীৰ কমা নাই৷ থানাখনৰ সন্মুখত মানুহবোৰ
এতিয়াও আছে৷ মাজে মাজে থানাৰ গেটখন হাতেৰে জোকাৰি কিছুমানে খঙত চিঞৰে–‘কুকুৰমাখাক উলাই
দি’৷ মানুহবোৰ উগ্ৰ হোৱাৰ পাছতো পুলিচে একো কৰা নাই৷ কৰিব পৰা নাই৷ মাত্ৰ শান্ত হ’বলৈ
কৈছে৷ গণেশে অনুভৱ কৰিলে–সাধাৰণ মানুহৰ খং উঠিলে দুৰ্নীতিৰে প্ৰাচুৰ্যৰ পাহাৰ গঢ়া মানুহবোৰৰ
বুকু কঁপি উঠে৷ হয়তো থানাত সোমাই থকা ল’ৰাকেইটাৰো ভয় লাগিছে, হয়তো পুলিচকেইজনৰ বুকুতো
কঁপনি উঠিছে৷
লেখকৰ ঠিকনা :
চানেকি পথ, বাই লেন ৩, ঘৰ নং ৫৪,
বাঘৰবৰী, পাঞ্জাবাৰী, গুৱাহাটী ৩৭,
ফোন - ৯৮৬৪০৬৬৮৯২