নৱনীতা ভট্টাচাৰ্য্য
(৫)
ভীম-হনুমানৰ মিলন
প্রতিশ্রুতি অনুসৰি
মাকে সিদিনাখন বনীৰ আগত ভীম আৰু হনুমানৰ মিলনৰ কাহিনীটো ক’বলৈ আৰম্ভ কৰিলে-
তেতিয়া পাণ্ডৱসকল
পাশাখেলত হাৰি বনবাস খাতি আছিল৷ তেওঁলোকে নানা ঠাই ঘূৰি ফুৰি তেতিয়া বদৰিকাশ্ৰমত প্ৰৱেশ
কৰিছিল৷ সেইসময়তে এদিন বতাহে উৰুৱাই অনা এপাহ অতি ধুনীয়া সোণবৰণীয়া পদুম ফুল দ্ৰৌপদীৰ
সন্মুখতে পৰিলহি৷ দ্ৰৌপদীয়ে সেই ফুলপাহ বুটলি আনি ভীমক দেখুৱাই তেনেকুৱা আৰু কেইপাহমান ফুল আনি দিবলৈ খাটনি ধৰিলে৷
দ্ৰৌপদীৰ অনুৰোধ
মর্মে ভীমে সেই ফুলৰ সৰোবৰ বিচাৰি ওলাই গ’ল৷ এনেতে কিছুদূৰ যোৱাৰ পাছত ভীমে হৰিণাৰ
জাক, বনৰীয়া গাহৰি, ম’হ, সিংহ, শিয়াল আদি জাকে জাকে চলি থকা এখন পথাৰ দেখা পালে৷ তাৰ
পাছত নানা ধৰণৰ কলগছেৰে উপচি থকা কলৰ বাৰী এখন দেখা পালে৷ সেই বাৰীখনত সোমায়ে ভীমে
কেইজোপামান কলগছ উভালি পেলালে৷ লগে লগে গছত পৰি থকা চৰাইবোৰ উৰা মাৰিবলৈ ধৰিলে৷ ভীমে
সেই চৰাইবোৰৰ পিছ লৈ গৈ থাকিল৷ কিছুদূৰ যোৱাৰ পাছত তেওঁ এটা সৰোবৰ পালে৷ তেওঁ সৰোবৰটো
পায়েই তাত নামি গা ধুবলৈ ধৰিলে৷ পানীৰ পৰা উঠি আহি ভীমে তেওঁৰ শংখটো বজাবলৈ আৰম্ভ কৰিলে৷
শংখৰ মাত শুনি বনৰ সিংহবোৰে গুজৰিবলৈ আৰম্ভ কৰিলে আৰু জাকে জাকে হাতীবোৰ ওলাই আহি চিঞৰিবলৈ
আৰম্ভ কৰিলে৷ মুঠতে বনখনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ’ল৷
তাৰ ওচৰতে আকৌ হনুমান আছিল৷ ভায়েক ভীমে তাত তেনেদৰে হুলস্থুল কৰা দেখি তেওঁ চিন্তাত পৰিল৷ কিয়নো সেইডোখৰ আছিল স্বৰ্গৰ দুৱাৰমুখ৷ সেই ঠাইটুকুৰাত তেনেদৰে হুলস্থুল কৰাটো নিষিদ্ধ৷ সেইবাবে হনুমানে থিৰাং কৰিলে যে ভীমক বাটতে আগচি ধৰিব লাগিব৷ সেই বাটটো তেনেই ঠেক আছিল৷ ৰাস্তাৰ দুয়োফালৰ গছ-বন ঠেলি কোনোমতে এজন মানুহ আগুৱাই যাব পাৰে৷ হনুমানে বাটতে শুই নেজডাল জোকাৰিব ধৰিলে৷ সেই শব্দ পৰ্বতৰ গাত ঠেকা খাই ৰজনজনাই উঠিল৷ শব্দটো শুনি ভীমে উচপ খাই উঠিল৷ ওচৰ চাপি আহি দেখে মস্ত শিল এটাৰ ওপৰত বান্দৰ এটা শুই আছে৷ ভীমে ওচৰলৈ আহি বাট এৰি দিবলৈ ক’লে৷ হনুমানে তেতিয়া ভীমলৈ চাই ক’লে, “মোৰ গা নৰিয়া৷ তুমি আহি মোৰ টোপনি ভাঙিলা৷ এই বাটেৰে দেৱলোকলৈ যায়৷ তুমি তালৈ যাব নোৱাৰাঁ৷”
হনুমানৰ কথা শুনি
ভীমে খঙেৰে ক’লে, “তুমিনো কোন? মোৰ যিয়ে নহওক কিয় মই যামেই৷ মোৰ ৰাস্তা এৰি দিয়াঁ৷”
তেতিয়া হনুমানে ক’লে,
“মই এটা বান্দৰ৷ মোৰ গা নৰিয়া৷ লৰচৰ কৰিব পৰা শক্তি মোৰ নাই৷ যাব যদি খুজিছা মোক ডেই
গুচি যোৱাঁ৷”
ভীমে তেতিয়া ক’লে,
“মই সেই পাপ কাম কৰিব নোৱাৰোঁ৷ নহ’লে তাহানিৰ হনুমানে সাগৰ ডেই যোৱাৰ দৰে তোমাক নহয়,
পর্বতটোকে ডেই গলোহেঁতেন৷”
ভীমৰ কথা শুনি হনুমানে
ক’লে, “হনুমাননো কোন?”
“হনুমান হ’ল মোৰ
ককাই৷ মহা গুণবান আৰু প্ৰতাপী বীৰ৷ ময়ো ইচ্ছা কৰিলে তোমাক এসেকা দিব পাৰোঁ৷”
হনুমানে ক’লে, “মই
এতিয়া বুঢ়া হৈছোঁ৷ তাতে গা নৰিয়া৷ উঠিবকে নোৱাৰোঁ৷ তুমি দয়া কৰি নেজডাল আঁতৰাই কাষেদি
গুচি যোৱাঁ৷”
ভীমে কিন্তু নেজডাল দুহাতেৰে ধৰি দাঙিব খুজিও নেজডাল দাঙিব নোৱাৰিলে৷ গোটেই গা ঘামি-জামি গ’ল যদিও নেজডাল অকণো লৰচৰ কৰিব নোৱাৰিলে৷ তেতিয়া ভীমে ভুল ধৰিব পাৰি হাতযোৰ কৰি ক’লে, “মই আপোনাক নক’বলগীয়া বহুতো কথাই ক’লো৷ মোক দায় নধৰিব৷ আপুনি কোন? কোনোবা দেৱতা নে সিদ্ধ পুৰুষ৷”
হনুমানে তেতিয়া নিজৰ
ৰূপলৈ আহি চিনাকি ক’লে, “মই হনুমান৷ ভগৱান শ্ৰীৰামে মোক অমৰ হোৱাৰ আশীর্বাদ দিছিল৷
সীতা মায়ে বৰ দি কৈছিল, মই যেতিয়াই যি বস্তু বিচাৰোঁ, তেতিয়াই সি মোৰ ওচৰত ওলাবহি৷ শুনা
ভীম, এই পথেৰে তুমি আৰু আগুৱাই যাব নোৱাৰিবা৷ তুমি যি পদুম বিচাৰি আহিছা, সেই ফুল ফুলি থকা সৰোবৰটো
সেইখিনিতে পাবা৷”
ভীমে হনুমানক সেৱা
জনাই আশীর্বাদ ল’লে আৰু নিজৰ দুখৰ কাহিনী বিৱৰি ক’লে৷ হনুমানে ভীমৰ কথা শুনি ক’লে,
‘মই অৰ্জুনৰ ধ্বজাৰ ওপৰত বহি লৈ হুংকাৰ কৰিম৷ সেয়ে হ’লে তোমালোকে অনায়াসে শত্রু সংহাৰ
কৰিব পাৰিবা৷” এইবুলি কৈ হনুমান তাৰপৰা গুচি গ’ল৷ এনেদৰে ভীম আৰু হনুমানৰ মিলন ঘটিছিল৷
মাকৰ সাধু শুনি বনীয়ে
পুনৰ গদাটো হাতত লৈ ক’লে, “ভীমৰ সমান শক্তিশালী কোনো নাই৷ ময়ো মহাশক্তিশালী৷”
“আছে৷”
বনীৰ ভাও দেখি মাকে
মিচিকিয়াই হাঁহি ক’লে, “ভীমেও কিন্তু সময়ৰ আগত হাৰ মানিবলগীয়া হৈছিল৷”
মাকে কথাষাৰ ক’বহে
পালে বনী দাং খাই উঠিল৷ তাকে দেখি মাকে ক’লে, “মহাভাৰতত তেনে এটা সাধুও …
মাকে কথাষাৰ ক’বহে
পালে বনীয়ে লগে লগে মাকক সাধুটো ক’বলৈ অনুৰোধ কৰিব ধৰিলে৷ মাকে কিন্তু বনীক আগতে পঢ়া
মেজত বহিবলৈহে আদেশ দিলে৷ মাকৰ আদেশ মতে সি পঢ়িবলৈ বহিল আৰু উপযুক্ত সময় অহালৈ অপেক্ষা
কৰিলে৷
(আগলৈ)