অন্যযুগ/


বাঘিনীৰ সত্য জীৱন কাহিনী

  বাঘৰাণী খইৰী

মূল : অখিল মোহন পট্টনায়ক
অনুবাদ : ড° ৰত্নোত্তমা দাস বিক্ৰম 




(যোৱা সংখ্যাৰ পাছৰ পৰা) 

দিনৰ সাজ খইৰীয়ে বেছ ভালদৰে খাইছিল। সেয়ে ৰাতি আৰু খাবলৈ নিবিচাৰি চুপচাপ ঘুম মাৰি তাই তাইৰ মানৱী মাতৃৰ কাষতে শুই থাকিল। ৰাতি বোধকৰোঁ দুই এবাৰমান তাই কাহিছিল, কিন্তু সেইখিনি বাদ দি ৰাতিপুৱালৈকে খইৰী বেছ শান্ত হৈ শুই আছিল।

তাৰ পাছদিনা পুৱা সাতমান বজাত খইৰীয়ে হাড়ৰ সৈতে বেছ কিছু বান্দৰৰ মাংস খালে আৰু কিছু সময় বেলকনিত পায়চাৰি কৰিলে। কাঠৰ কেবিনৰ পৰা তললৈ যাব পৰা চিৰিটো মই খইৰীক দেখুৱাই দিলোঁ। খইৰীয়ে চিৰিৰ ওপৰত ভৰি দি কিছু ৰাস্তা নামি গৈ গৈ আকৌ পিছফালে ঘূৰি চায়। উদ্দেশ্য, ময়ো তাইৰ সৈতে তললৈ গলে খেলখন জমিব। শেষ পর্যন্ত মই যেতিয়া নগলোঁ, খুব ধীৰ স্বৰৰে প্রতিবাদসূচক ধীৰ ক্যাঁউ এটা কৰি তাই লাহে লাহে তললৈ নামি গল। তললৈ গৈ এটা জোপোহাৰ পিছফালে লেপেটা কাঢ়ি বাৰম্বাৰ বেলকনিৰ ফালে চাই চাই ক্যাঁউ-ক্যাঁউ কৰি মোক তাইক লগ দিবলৈ আৰু অধিক নিমন্ত্রণ কৰিবলৈ ধৰিলে। মই মোৰ ৰাতিপুৱাৰ জলপান খাই উঠি হাতত নোটবুকখন লৈ খইৰীক লগ দিবলৈ তললৈ নামি গলোঁ। মোক দেখি খইৰী থিয় হৈ গল। মই টেবুল উলিয়াই লিখা-মেলা আৰম্ভ কৰিলোঁ। খইৰীয়ে মোৰ কাষলতি আৰু ডিঙিত মুখ সুমুৱাই আকৌ দৌৰি গৈ অনেক সময় ধৰি জোপোহাৰ পাত, শুকান ডাল এইবোৰকে লৈ দৌৰা-দৌৰি কৰি সামান্য ভাগৰ লগাত মোৰ ওচৰলৈ আহি এইবাৰ চাৰিও ঠেং মেলি শুই পৰিল।

দিনৰ এটা বজাত মই দুপৰীয়াৰ সাঁজ খাবলৈ কাঠৰ কেবিনটোলৈ উঠি আহিলোঁ। ভাল ছোৱালীজনী হৈ খইৰীয়েও মোক অনুসৰণ কৰিলে। খোৱাৰ পাছত জীপত বয়-বস্তু বন্ধা হল। আমি ওলালোঁ নঅনালৈ বুলি। জীপ সাজু হোৱাৰ পাছত খইৰীয়ে নিজে নিজেই আহি জীপৰ পিছফালৰ ছিটত চুপচাপ বহি গল। অৱশ্যে জীপৰ পাছফালে তাইৰ কাৰণে এটুকুৰা বান্দৰৰ ৰান ৰখা হৈছিল। আবেলি চাৰি বজাৰ আগে আগে নঅনা গৈ নোপোৱা পর্যন্ত খইৰীয়ে কোনো গণ্ডগোল নকৰিলে। নঅনা গৈ পাই তাই জঁপিওৱা-জঁপি কৰি সন্ধ্যা ছয়মান বজালৈ খেলিলে। প্ৰায়ে চাৰে ছয়মান বজাত আমি তাইক লৈ আনিলোঁ। সন্ধ্যা আঠ বজাত তাই খাবলৈ বিচাৰিলে। আমাৰ সকলোৰে ওচৰ চাপি তাই উহুঁ-উহুঁকৈ আদৰ ধৰিলহি। মই খাবলৈ নিদিয়াত তাই বিৰক্তিৰে তাইৰ মানৱী মাতৃৰ ওচৰত মোৰ নামত কথা লগালেগৈ। অলপ পাছত যেতিয়া তাইক বান্দৰৰ মাংসৰে ভালদৰে এসাঁজ দিয়া হ, তাই পুনৰ মোৰ ওচৰলৈ আহি গা ঘেলাই মোৰ ফালে চাই আদৰ ধৰিলে, মোৰ মুখত দুবাৰমান চেলেকিলে আৰু তাৰ পাছত চুপচাপ গৈ তাইৰ বিছনাত শুই থাকিলগৈ।

পাছদিনা পুৱা সাত বজাত চামুচেৰে খইৰীক আমূল স্প্রে মিহলাই কিমা মাংস খাবলৈ দিয়া হল। খইৰীয়ে তাৰ আধা খালে। বাকী আধা খালে ব্লেকিয়ে।

তাৰ পাছত খইৰীক লৈ মই বাহিৰলৈ ওলালোঁ। পিঠাবটা ৰাস্তাৰ ওচৰত মই জীপখন ৰাখিলোঁ আৰু তাইৰ মানৱী মাতৃৰ সতে খইৰী ওলাই গল কাষেৰে বৈ যোৱা নলা এটাত গা ধুবলৈ বুলি। মোৰ নিজৰ সেই অঞ্চলটো ট্রেকিং কৰাৰ উদ্দেশ্য আছিল। সেয়ে মই অকলেই ওলালোঁ। যি ৰাস্তাৰে গলোঁ, সেই বাটত বহুত ডাঙৰ ডাঙৰ গছবোৰ উভলি পৰি জংঘলৰ ৰাস্তা অৱদ্ধ কৰি ৰাখিছে। কোনো ধৰণৰ যান-বাহন লৈ সেই ৰাস্তাৰে যাতায়াত কৰা সম্ভৱ নহয়।

ৰাস্তাৰে গৈ থাকোঁতে সেই অঞ্চলত হাতী, শম্বৰ, বৰা গাহৰি, বনৰীয়া ছাগলী, দেওহাঁহ থকাৰ বহুতো প্রমাণ পালোঁ। ঠিক সেইদৰে প্ৰচুৰ পৰিমাণে আছে ময়ূৰ। এঠাইত বাঘৰ মল পৰি থকা দেখি সেয়া অনুসৰণ কৰি খোজ কাঢ়িবলৈ আৰম্ভ কৰিলোঁ। বোধকৰোঁ এই ৰাস্তাৰে গৈয়েই বাঘিনীয়ে চিকাৰ পোৱাত সমর্থ হয়, তাকে নহলে বাঘিনীয়ে এইটো ৰাস্তাৰে ইমানবাৰ অহা-যোৱা কৰিব কিয় ? বৰষুণে ধোৱা মাটিত বাঘিনীৰ খোজৰ অনেক  চিন দেখিবলৈ পালোঁ আৰু সেইবোৰৰ জোখ ললোঁ। দেখিলোঁ, এই খর্বী(?) উপত্যকাত বাঘিনীৰ সৈতে এটা সৰু পোৱলিও বাৰম্বাৰ অহা-যোৱা কৰিছে।

ঘূৰি আহি দেখিলোঁ খইৰীৰ মানৱী মাতৃৰ বাঁওফালৰ চেলাউৰিৰ ওপৰত বেছ কিছু অংশ কাটি জৰ্‌জৰ্‌কৈ তেজ ওলাইছে। পাছত জানিব পাৰিলোঁ, খইৰীয়ে নলাত নামি বেছ কিছু সময় গা ধুই তিতা দেহাৰে উভতি আহি তাইৰ মানৱী মাতৃৰ শাৰীত ধৰি তাইৰ লগত নলাটোলৈ টানিছিল। কেইবাবাৰো উহুঁ-উহুঁকৈ তোষামোদ কৰি তাই তাইৰ মানৱী মাতৃক জংঘলৰ ভিতৰলৈ লগতে লৈ যাবলৈও চেষ্টা কৰিছিল। আন একো উপায় নাপাই তেওঁ জীপৰ ভিতৰত থকা বান্দৰৰ নেগুৰডাল আনি খইৰীক মাতিলে। বান্দৰৰ নেজডাল খাওঁতে কিছু অংশ তাইৰ মাকৰ কোলাত পাক খালে আৰু তাইৰ মাকে নেজডাল চিধা কৰি দিওঁতেই হঠাতে গ্যাঁউ কৰি উঠা খইৰীৰ হাতোৰা লাগি গল তেওঁৰ বাঁও চেলাউৰিৰ ওপৰত। খইৰীৰ মানৱী মাতৃৰ খং উঠিল আৰু আঘাত পোৱা ঠাইখিনিত অলপমান পানী মাৰি জীপত আহি বহিলহি। কিছু সময়ৰ পাছত আকৌ আদৰ ধৰি, লেন চেলাই উহুঁ-উহুঁকৈ খইৰীও আহি জীপত বহিলহি আৰু বান্দৰৰ নেজডাল চোবাবলৈ ধৰিলে।

ক্ষতস্থানটো দেখি মই বেছ বিব্রতবোধ কৰিলোঁ। প্রায় পঁচিছ বছৰৰ আগতে মোৰ ভিনদেউ এজনৰ বাঘৰ হাতোৰাৰ আঘাততে মৃত্যু মুখত পৰিছিল। ভিনদেউৰ ক্ষতস্থানো এনেকুৱা সৰু ক্ষত এটাই আছিল।

পাছদিনা ওলালোঁ নঅনা জংগললৈ বুলি। লগত লৈ ললোঁ অলপ জলপান। কিছুদিন আগতে সেই জংগলত এজনী গাভিনী গাইক বাঘে মাৰিছিল। গাইজনীক বাঘে দহ-পোন্ধৰ মিটাৰ খেদি নিয়াৰ পাছত বাঘৰ হাতোৰাৰ একেটা কাতে গাইজনী চেতনা হেৰুৱাই পৰি গৈছিল। তাৰ পাছত গাইজনীক বাঘে প্রায় সত্তৰ মিটাৰমান পাহাৰৰ ওপৰৰ এঠাইলৈ চোঁচৰাই নিছিল, যি ঠাইত গাঁৱৰ মানুহে বাঘে মৰা গাইজনীৰ বিচাৰি পাইছিল। সেই ঠাইৰ পৰা ছয় মিটাৰমান দূৰত বেছ কিছু তেজ; বাঘটোৱে কিজানি সেইখিনিতে কিছু সময় বিশ্রাম লৈছিল। তাৰ পাছদিনা দুপৰীয়াৰ আগতে যেতিয়া মানুহে মৰা গাইজনীক দেখে, বাঘটোৱে গাইজনীৰ পাছঠেঙৰ পৰা কটি পর্যন্ত সমস্ত খাই পেলাইছিল। সেই ঠাইত থিয় হৈ এজনী বাঘিনীৰ গোঁজৰণি দুই-তিনিবাৰমান শুনিবলৈ পালোঁ। গাইজনীৰ অৱশিষ্ট অংশ কোড়াঘিটু গাঁৱৰ বাসিন্দাই লৈ গৈ ভোজ খালে। সেই অঞ্চলত যোৱা দহবছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে বাঘে গাই মৰাৰ ঘটনা ঘটিল।

প্রায় এক বজাত বাকুৱা গৈ পাই যি অলপমান জলপান লগত লৈ গৈছিলোঁ, খাবলৈ আৰম্ভ কৰিলোঁ। তাতে শুনিবলৈ পালোঁ যে, তাৰ মানুহে বহু সময়ত ৰাং কুকুৰ দেখিবলৈ পায়। খইৰী জংঘলৰ ভিতৰলৈ যাবলৈ ব্যস্ত হৈ উঠিছিল। কিজানি ৰাং কুকুৰৰ কবলত পৰিব, সেই ভয়তে খইৰীক বাহিৰলৈ যাবলৈ নিদি এটা ঘৰত বন্ধ কৰি ওঠৰদেউলী গাঁৱলৈ বুলি যাবলৈ ওলালোঁ। খিৰিকীৰে মুখখন উলিয়াই ওঁ-ওঁকৈ অতি স্পষ্টভাবে খইৰীয়ে কৈছিল, মোক এৰি থৈ তুমি নাযাবা। বাধ্য হৈ দুৱাৰ খুলি তাইক লগতে নিবলগীয়াত পৰিলোঁ।

ওঠৰদেউলীৰ ওচৰত দেখিলোঁ, সেই ঠাইৰ দেউলবোৰ সম্পূর্ণ জৰাজীর্ণ অৱস্থাত। সম্ভৱতঃ বর্তমান সেই দেউলবোৰ পৰিণত হৈছে চোৰ-চিকাৰীৰ এক আড্ডাস্থলীলৈ। আশে-পাশে অনেক জন্তু থকাৰ যথেষ্ট প্রমাণ পালোঁ। তাতে এটা বান্দৰ মাৰিলোঁ আৰু বান্দৰটোৰ ছাল চেলাই মাংসবোৰ দীঘলে দীঘলে কাটি শুকাবলৈ দিলোঁ। ভাবিলোঁএই শুকোৱা মাংস খইৰীয়ে খাবও পাৰে। কিয়নো এবাৰ কটকত এবোজা শুকান মিছামাছৰ ওপৰত তাই জীপৰ পৰা জঁপিয়াই পৰিছিল। তাৰ পাছত শুকাবলৈ দিয়া মাংসখিনি জীপৰ ভিতৰত ৰাখি আমি ওলালোঁ বুঢ়াবলংগ নদীৰ ফালে। বুঢ়াবলংগৰ পৰা দুদুৰুচম্পা মাত্র চাৰি কিলোঁমিটাৰ বাট। এই অঞ্চলত এজনী বাঘিনী আছিল। ১৯৭২ চনত দেখা গৈছিল সেই বাঘিনীয়ে তাইৰ পোৱালিকেইটা লৈ খেলা কৰা, তেতিয়া ৰাং কুকুৰৰ ইমান দপদপনি নাছিল।।

সেই দুর্গম ৰাস্তাৰে গৈ থাকোঁতে প্রচুৰ বাঘৰ মল দেখিবলৈ পালোঁ আৰু সেই মলত অনেক শম্বৰৰ নোম আছিল। কিন্তু ভুল কথা, সেয়া বাঘৰ মল নাছিল, সেয়া আছিল ৰাং কুকুৰৰ মল। সিহঁতে দল বান্ধি জন্তু একোটা খেদি ধৰি জীয়াই জীয়াই আঁজুৰি খায়। সেয়ে সিহঁতে একে সময়তে খাই একে সময়তে মলত্যাগ কৰাৰেই কথা। দেখি মনতে দুখ লাগিল, যি অঞ্চল এদিন ব্রাঘ্য-অধ্যুষিত আছিল, সেই অঞ্চল আজি পৰিণত হৈছে ৰাং কুকুৰৰ চাউনীত।

নঅনাৰ পৰা প্রায় বাইছ কিলোমিটাৰ পাৰ হৈ এটা বিৰাট হাতীৰ দল দেখিলোঁ। সিহঁতে শুৰ দাঙি দুই-তিনিবাৰ চি কাৰ কৰিছিল। খইৰী জীপৰ ভিতৰতে উচ্‌পিচাই উঠিল আৰু তাৰপাছত এটা প্রশ্নবোধক দৃষ্টিৰে মোৰ ফালে চালে। ৰাস্তাত অনেক জন্তু দেখিলোঁ। কাষতে ধানখেতি থকাত ধান খাবলৈ বুলি সেইবোৰ জংগলৰপৰা ওলাই আহিছিল।

সন্ধ্যাবেলা গেষ্ট হাউচলৈ ঘূৰি আহিলোঁ। মই লণ্ঠন জ্বলাই বাকী থকা কাম অলপ কৰিবলৈ বহিলোঁ। খইৰী আহি মোৰ ওচৰতে বহিলেহি। মই তাইক লাহেকৈ মোৰ কম্বলখনেৰে ঢাকি দিলোঁ।

পুৱাতে উঠি খইৰীয়ে নঅনা ফৰেষ্ট ৰেষ্ট হাউছৰ চাৰিওফালে জঁপিওৱা-জঁপি আৰম্ভ কৰি দিলে। বঙলাৰ ভিতৰতে ইফালে-সিফালে লুকাই ফুৰোঁতে মোৰ ভৰিটো অসতর্ক মুহূর্তত ধৰি খেলিবলৈ ইফাল-সিফাল কৰিবলৈ ধৰে। এবাৰ হঠাতে বাথৰুমৰ ভিতৰত পানীৰ চপ্‌চপ্‌ শব্দ শুনা পালোঁ। গৈ দেখিলোঁ খইৰীয়ে বাথৰুমৰ পানীৰ চৌবাচ্চাত সোমাই চপ্‌চপ্‌কৈ খেলি আছে। বেছকৈ তাইক এক চৰ শোধালোঁ। দুষ্ট লৰা-ছোৱালী দুষ্টামি কৰিবৰ সময়ত ধৰা পৰি গলে যেনেকৈ চায়, তেনেকৈ চাই তাই গুচি গল। তাৰ পাছত খইৰীক ধৰি মচি-মেলি দি তাইক সাষ্টাংগ কৰালোঁ। সেইদিনা তাতে খইৰীৰ মাপ লৈছিলোঁ। তাইৰ নাকৰ আগৰ পৰা নেগুৰৰ শেষলৈকে এশ পঁয়ত্রিছ চেণ্টিমিটাৰ আৰু তাইৰ ওজন আছিল সোতৰ কিলোগ্রাম।

মাংস প্রায় শেষ হৈ আহিছিল। আৰু এটা মাত্র বান্দৰৰ ঠেং বাকী আছিল। সেইকাৰণে আমি খইৰীৰ খোৱাৰ সময় জানি-শুনি দেৰি কৰিছিলোঁ। তাই খাবৰ বাবে কিছু আমূল স্পে’, কিছু বাল-আমূল আৰু দুটা কণী দি পুডিং তৈয়াৰ কৰা হল। খইৰীৰে তাৰে মাত্ৰ অলপহে খালে। বোধকৰো বাল আমূলৰ গোন্ধটো পাই তাই খাবলৈ মন নকৰিলে।

বাহিৰলৈ গৈ ওচৰৰ গাঁৱৰ বৰ গছ এজোপাত দুটা বাদুলী মাৰিলোঁ। খইৰী মোৰ পিছে পিছে আহিছিল। বাদুলী দুটা তলত পৰা মাত্রকে খইৰী গৈ সেই কেইটাৰ ওপৰত জঁপিয়াই পৰিল। তাই তাতেই খাব বিচাৰিছিল। কিন্তু সেয়া কৰিবলৈ নিদি তাইক অনেক তোষামোদ কৰি বঙলাৰ ভিতৰলৈ আনিলোঁ। পুনৰ মটিয়াগুড়া গাঁৱৰ ওচৰত আৰু কেইটামান বাদুলী মৰাৰ চেষ্টা কৰিছিলোঁ। হঠাৎ দেখিলোঁ খইৰী কাষত নাই। জংগলৰ ভিতৰলৈ গুচি গৈছে বুলি ভাবি তাইক বহুবাৰ মাতিলোঁ। কিন্তু কোনো উত্তৰ নাপালোঁ। তাৰ পাছত মুখেৰে উহুঁ-উহুঁ শব্দ উলিয়াই তাইক আকৌ মাতিলোঁ। এইবাৰ বেছ কিছু দূৰৰ পৰা খইৰীয়ে উত্তৰ দিলে। তাৰ কিছু সময়ৰ পাছত দেখিলোঁ, খইৰীয়ে লাহে-ধীৰে ৰাণীৰ দৰে অলস ভংগিমাৰে জংগলৰ ভিতৰৰ পৰা ওলাই আহিছে। কথা-বতৰাৰ মাজতে এজন বুঢ়াই কলে যে তেওঁলোকৰ গাঁৱত ৰাতিপুৱা এটা সৰু দামুৰী গৰুপোৱালি মৰিছে। তেওঁৰ সৈতে গৈ মৰা দামুৰী পোৱালিটো লৈ আনিলোঁ। প্রায় তিনি কিলোগ্রাম ওজনৰ তাজা মাংসতো পোৱা গল।

গেষ্ট হাউচলৈ খইৰীয়ে সেই দামুৰীটোৰ মাংস খালে আৰু তাইক বেছ খুছ হোৱা যেন লাগিল। কাৰণ তাৰ লগে লগে তাই উহুঁ-উহুঁ কৰি মোৰ চাৰিওফাল ঘূৰি গাত গা ঘঁহাবলৈ ধৰিলে।

ডিচেম্বৰ পোন্ধৰ, ১৯৭৪। ৰাতি প্রায় তিনি বজাত উঠি খইৰী মোৰ লগত বাথৰুমলৈ গৈ প্রস্ৰাৱ কৰিলে আৰু ঘূৰি আহি কিছু সময় শুই থাকি পুৱা পাঁচ বজাতে তাইৰ খেলা-ধূলা আৰম্ভ কৰি দিলে। তাৰ পাছত তাই আৰু নুশুলে।

দ সামান্য ওলোৱাৰ পৰত খইৰীয়ে প্রায় এঘণ্টা ধৰি ব্লেকিৰ সৈতে দৌৰা-দৌৰি, জঁপিওৱা-জঁপি কৰি খেলিলে। তাৰ পাছত আহি চুপচাপ মোৰ ওচৰত লেপেটি খাই শুই থাকিল। মই মাৰি থোৱা হাঁহ এটা চাফ-চিকুণ কৰি প্রায় আধা মাংস তাইক দিলোঁ। মাংস খাই উঠি তাই পুনৰ দৌৰ দিলে জংঘলৰ ভিতৰলৈ। ক্যাঁউ-ক্যাঁউ’কৈ মোকো মাতিলে তাইৰ লগত যাবলৈ। সেইদিনা প্রায় একমান বজাত যেতিয়া আমি আমাৰ মধ্যাহ্ন ভোজন কৰিলোঁ, সেই সময়ত তাই কেৱল আমাৰ কাষত থিয় দি থাকিল। আমাৰ পৰা খাবলৈ একো নিবিচাৰিলে।

আমি চহলালৈ যাবৰ কাৰণে যেতিয়া জীপৰ বয়-বস্তু উঠাবলৈ ধৰিলোঁ, খইৰী আহি চুপ্‌চাপ্‌ জীপৰ ভিতৰত বহিলহি। সামান্য দুর্গন্ধ পালোঁ। আৰু তাৰ লগে লগে দেখ গ, ড্রাইভাৰৰ ভৰি যত থাকে, সেইখিনিতে তাই মলত্যাগ কৰিছে। ইয়াৰ আগতেও তাই এবাৰ সেই ঠাইত শৌচ কৰিছে। তাৰ পাছত হাঁহটোৰ বাকী আধা খাবলৈ তাই কোনোপধ্যে ৰাজী নহ‘ল। আনক কষ্টৰে খোচামতি কৰি, ভয় খুৱাইহে যোৱাৰ বাটত তাইক হাঁহটো খুৱালোঁ।

চহলাত প্রচণ্ড ঠাণ্ডা পৰিছিল। মই খইৰী আৰু ব্লেকিক বুলনি ঘৰত সুমুৱাই দুৱাৰ বন্ধ কৰি দিলোঁ। তাৰ পাছত মই জংগললৈ জন্তু চাবলৈ বুলি ওলালোঁ। দেখা গল জংঘলৰ সেই অঞ্চলত অনেক হাতী, কিন্তু বান্দৰ অতি কম। খইৰীৰ খাদ্যৰ বাবে প্ৰায়ে বান্দৰৰ মাংসৰ ওপৰত নিৰ্ভৰ কৰিবলগা হয়। খাই উঠি ওচৰৰ জংঘলৰ পৰা এটা শহাপহু মাৰি আনিলোঁ। খইৰীয়ে ৰাতি প্রায় ন বজাত শহাপহুৰ মাংসৰে দিব্যভোজন কৰিলে। হঠাৎ ইমান ঠাণ্ডা সহিব নোৱাৰিব বুলি ভাবি প্রায় পোন্ধৰ টোপাল চিকন্‌ আৰু পোন্ধৰ টোপাল আবডেক্‌ তাইক খুৱাবলগীয়া হল। সেয়া খোৱাৰ সময়ত তাই হঠাতে উঠি বহিল, মূৰটো দুবাৰমান ইফাল-সিফাল কৰি জোঁকাৰিলে আৰু গাঁউ-গাঁউ কৰিলে, যেন আবডেক্‌ অসতর্ক মুহূর্তত তাইক খুৱাই দিয়া বাবে আমাক গালি পাৰিলে। তাৰ পাছত খইৰী শুই থাকিল। পুনৰ কিছু সময়ৰ পাছত উঠি আমাৰ লগত খেলি থাকি পুনৰ শুই থাকিল। কিন্তু এই কিছু সময়ৰ খেলাখিনি আমাৰ কাৰণে যথেষ্ট সাংঘাতিক আছিল। প্রায় কুৰি কিলোঁ ওজনৰ গধুৰ বস্তু এটা যেন বিদ্যুৎ বেগেৰে আহি আমাৰ গাত খুন্দা মাৰিলে। যদি তাইৰ কিলাকুটিত প্রাকৃতিক শ্বক্‌ অবজার্ভাৰ নাথাকিলেহেঁতেন, তেনেহলে আমি ৰীতিমত তেল মালিচ কৰি গাৰ বিষ আঁতৰাবলগীয়া হলহেঁতেন।

প্রায় এঘণ্টা-ডেৰঘণ্টা শুইছিলোঁ, তাৰ পাছত মই হঠাতে উঠি পৰিলোঁ। উঠি দেখিলোঁ, খইৰীয়ে মোৰ ভৰিৰ ওচৰত তাইৰ আগঠেং দুটা দুয়োফালে মেলি চিধা জঁপিয়াবলৈ ওলাইছে মোৰ বাঁওগাল আৰু কাণৰ ওপৰত। তাই জঁপিয়াই পৰি তাই দুই দুই হাতোৰাৰে মোৰ মূৰটো জপটিয়াই ধৰি ভিজা ভিজা ওঁঠেৰে মোৰ থুঁতৰিত ঘঁহি আদৰ ধৰা আৰম্ভ কৰি দিলে। মই তাইৰ দেহৰ ওপৰত হাত ৰাখি মোৰ বুকুৰ ফাললৈ তাইক লাহেকৈ টানি আনিলোঁ। এক মিনিট তাই চুপ চাপ পৰি থাকিল। তাৰ পাছত একে জাঁপে তললৈ গুচি গল। মতলব, খেলা বাদ দি ইমান সময়ে বিছনাত কোন শুই থাকে ?

তাৰ পাছত তাই গৈ তাইৰ মানৱী মাতৃৰ কম্বল টানি তেওঁক উঠাবলৈ বাৰম্বাৰ চেষ্টা কৰিলেগৈ। তাত সেই কামত নিৰস্ত্র হৈ ব্লেকিক খেলিবলৈ টানিলে। ব্লেকিয়েও গাঁউ-গাঁউ কৰিলে। তাৰ পাছত সকলোঁ চুপচাপ। মই ভাবিলোঁ, খইৰী বোধহয় ব্লেকিৰ কাষতে শুই পৰিল। কিন্তু, তাই কি শুই থকা জন্তু ? পুনৰ মোৰ দুৱাৰৰ শিকলি খৰ-খৰ কৰি অতি কৰুণভাৱে ক্যাঁউ-ক্যাঁউ কৰিলে। মই বাধ্য হৈ দুৱাৰ খুলিলোঁ। তাৰ পাছত আৰু কোনো নুশুলে। ব্লেকিও আহি খেলত যোগ দিলেহি।

কলিঞ্চ্ মোৰ এজন পুৰণি বন্ধু, ইকলজিষ্ট৷ তেওঁ পুৱা সাত বজাতে আহি পালেহি। শিমলিপাল জংঘল আৰু সেই জংঘলৰ ব্ৰাঘ্য নিয়ন্ত্রণ সম্পর্কে বহু সময় ধৰি গল্প কৰা হল। জীপ লৈ উত্তৰ শিমলিপালৰ কিছু অংশ চাই আহিবলৈও গলোঁ। তেওঁ খইৰী আৰু জংঘলত থকা খইৰীৰ বন্ধুবোৰৰ সম্পর্কে অত্যন্ত উদ্বেগেৰে বিভিন্ন প্রশ্ন সুধিছিল। এই কলিঞ্চৰ দৰে মানুহৰ সক্রিয় সহযোগ ব্রাঘ্য সংৰক্ষণৰ বাবে অত্যন্ত প্রয়োজন। প্রকৃতপক্ষে আমিবোৰে বাঘৰ চাল-চলন আৰু অভ্যাস সম্পর্কে অনেক কম জানো, আৰু জানিব বিচৰা লোকৰ সংখ্যাও অনেক কম। কলিঞ্চক বিদায় দিবৰ বাবে তালবন্দী পর্যন্ত গৈছিলোঁ। এই সময়ৰ ভিতৰত আমাৰ বাকী থকা আলোচনাখিনি সমাপ্ত কৰাৰ সুযোগ বিচাৰি বাটতে আমি কিছুমান বান্দৰ দেখিলোঁ। কলিঞ্চে কলে, এইটোৱেই হৈছে বাঘৰ ঘাই ঘাটি। মই কলোঁ, মই উভতিবৰ সময়ত খইৰীৰ কাৰণে এটা বান্দৰ মাৰি নিম। আনকি যদি প্রয়োজন হয়, তেনেহলে জাতীয় পশু বচাই ৰাখিবলৈ মই জাতীয় পক্ষী ময়ূৰ মাৰিবলৈকো দ্বিধা নকৰিম। কিন্তু মই উভতি অহাৰ সময়ত তাত বান্দৰো নেদেখিলোঁ, ময়ূৰো নেদেখিলোঁ।

ঘূৰি আহি পুনৰ বান্দৰৰ সন্ধানত ওলাব লগীয়া হল। খইৰীক খাবলৈ দিবতো লাগিবই। ভাগ্য ভাল, মই মোৰ পইণ্ট টু টু ৰাইফলেৰে এটা বান্দৰ মাৰিব পাৰিলোঁ। খইৰীৰ হাঁহ বা শহাপহুৰ মাংস খোৱাত বিশেষ আগ্রহ নাছিল।

তাৰ পাছত আমি গলোঁ নঅনা কেম্পলৈ। জীপৰ পৰা ওলাই তাই প্রথমে ঘাঁহৰ ওপৰত তাইৰ শৌচ-প্রস্ৰাৱৰ কার্য সমাপ্ত কৰিলে। সূর্য পাহাৰৰ সিপাৰে লুকাই পৰা পর্যন্ত তাই সেই বাহিৰতে থাকি ইফালে-সিফালে ঘূৰা-ফিৰা কৰি থাকিল। মই তাইক ওচৰলৈ মাতিলোঁ। উদ্দেশ্য, বাহিৰৰ ঠাণ্ডাৰ পৰা তাইক ঘৰৰ ভিতৰলৈ লৈ যাম। ঠিক সেই সময়তে দেখিলোঁ, এটা লুংলুঙীয়া ৰাস্তাৰে খোজকাঢ়ি তিনিটা লৰা আমাৰ ৰেষ্ট হাউছলৈ আহিছে। সিহঁতে হঠাৎ মাজ ৰাস্তাতে থমকি ৰৈ বেছ উত্তেজিত হৈ খইৰীৰ ফাললৈ আঙুলিয়ালে। চিকাৰৰ ওপৰত জঁপিওৱাৰ আগ মুহূর্তত বাঘে যিদৰে চোপ লৈ বহি পৰে, খইৰীয়েও ঠিক সেই ভংগীতে বহি পৰিছিল। মই জানিছিলোঁ, সেইকাৰণে দৌৰা-দৌৰিকৈ লৰাকেইটাৰ ওচৰ পলোঁগৈ। মই কিছুদূৰ গৈছোঁ, হঠাৎ খইৰীয়ে লৰাকেইটাৰ ফালে অতি দ্রুতগতিৰে দৌৰিবলৈ আৰম্ভ কৰিলে। তিনিওটা লৰাই ভয়তে চিঞৰিবলৈ ধৰিলে। তাৰে দুটাই দৌৰিবলৈ ধৰিলে ৰেষ্ট হাউছৰ ফালে। আৰু আনটোৱে উপায় নাপাই কেৱল চিঞৰিছে। মই খইৰী’ ‘খইৰীকৈ মাতি খুব জোৰত তাইৰ ওচৰলৈ দৌৰিলোঁ। মোতকৈ বহুত আগতেই খইৰী লৰাটোৰ ওচৰ পাইছিলগৈ, কিন্তু তাই লৰাটোক স্পর্শও নকৰিলে। পাৰ হৈ গৈ আকৌ দৌৰিলে বাকী দুটা লৰাৰ পাছত। কিন্তু সেই মুহূর্ততে ব্লেকিয়ে ভুকি ভুকি সেই লৰা দুটাক ৰেষ্ট হাউছৰ সীমাৰ বাহিৰ কৰি দিছিল।

সেই সময়ত বেছ ঠাণ্ডা পৰিছিল। বঙলাৰ ভিতৰত ব্লেকি আৰু খইৰীয়ে দৌৰা-দৌৰি কৰি খেলা-ধূলা কৰিলে কিছু সময়। খইৰীয়ে ব্লেকিৰ সৈতে খেলাৰ সময়ত তাইৰ হাতোৰাৰ নখ পূৰা বাহিৰ কৰি আনিব ধৰেই, কিন্তু যেতিয়াই এই ফালৰ পৰা চিঞৰ শুনে, “খইৰী, নখ নুলিয়াবি”, তেতিয়াই তাই নখবোৰ হাতোৰাৰ ভিতৰ সুমুৱায়। কিন্তু খইৰীয়ে তাইৰ দাঁত আৰু গুৰিদাঁত অতি কোমলকৈ ব্যৱহাৰ কৰে। মোৰ কাষত সেইদিনা শুবৰ পৰত খেলাৰ মাজত অজানিতে তাইৰ নখ বাহিৰ হৈ আহে; “খইৰী”! নখ নহব!”, লগতে জোৰেৰে এপাট চৰ। তাৰ পাছতে খইৰী মোৰ ওচৰৰ পৰা উঠি শুবলৈ তাইৰ মাকৰ ওচৰ পায়গৈ।

পাছদিনা তাইৰ খুব ভোক নলগা পর্যন্ত আমি খাবলৈ দিয়া নাছিলোঁ। আমি জলপান খাই উঠাৰ পাছত তাইক প্রায় ডেৰ কেজি বান্দৰৰ মাংস দিলোঁ। তাতে অলপমান ভিটামিন বি মিহলাই দিছিল। হেঁহো-নেঁহো কৰি তাই মাংসখিনি খালে। প্রায় ডেৰঘণ্টাৰ ভিতৰত তাই গোটেইখিনি মাংস খাই পেলাইছিল। সেইদিনা মধ্যাহ্নভোজনৰ পাছত আমি তাৰপৰা বাহিৰলৈ যোৱা যেন ছলনা কৰি ঘৰত দুৱাৰ-খিৰিকী বন্ধ কৰিছিলোঁ। ঠিক সেই সময়তে খইৰীয়ে বেছ তীক্ষ্ণ ভাবেৰে দুবাৰ গোঁজৰণি মাৰিলে। মই বুজিব পাৰিলোঁ যে আৰু কিছুদিনৰ পাছত খইৰী যেতিয়া ডাঙৰ হব আৰু স্বাভাৱিক যৌন প্রক্রিয়াৰ কাৰণে তাইৰ সংগী মতা বাঘক মাতিব, আজিৰ গোঁজৰণি তাৰেই এক ক্ষুদ্র সংস্কৰণ।

বাঘৰ বিষয়ে গৱেষণা কৰা কোনো কোনো লোকে কয় যে, মতা বাঘেহে কেৱল যৌন মিলনৰ বাবে এনেকুৱা ধৰণে গোঁজৰে। কিন্তু বাঘিনী খইৰীয়ে প্রমাণ কৰিলে যে বাঘিনীয়েও তেনে ধৰণেৰে গোঁজৰে।

সেইদিনা আমি জোৰন্দা জলপ্রপাতৰ ওচৰত বাঘৰ পদচিহ্ন পোৱা বুলি শুনি সেয়া পৰীক্ষা কৰিবলৈ গৈছিলোঁ। সেমেকা, কোমল বালিৰ ওপৰত বাঘৰ পদচিহ্নবোৰ অতি স্পষ্টভাৱে ধৰিব পৰা গৈছিল। সেই পদচিহ্নবোৰ আছিল যুৱক বাঘৰ পদচিহ্ন। আমি সেইবোৰৰ মাপ ললোঁ। প্রায় দুই কিলোমিটাৰ আগলৈ গৈ আমি দেখিলোঁ বাঘে এটা শম্বৰ মাৰিছে। মৰা শম্বৰটোৰ খুপৰী আৰু বাঁও উৰুৰ হাড় এৰি কোনো অৱশিষ্ট নাছিল। আগতে মাপ লোৱা বাঘৰ পদচিহ্ন আৰু শম্বৰটো মৰাৰ সময় প্রায় সমসাময়িক আছিল। এয়া প্রমাণ কৰিবলৈ সম্ভৱ হল যে শম্বৰটো মাৰিছে সেইটো বাঘে, যিটোৰ পদচিহ্নৰ মাপ আগতে লৈছিলোঁ।

ঘূৰি আহি শম্বৰৰ উৰুৰ হাড়ডাল খইৰীক দিলোঁ। খইৰীয়ে অনেক সময় ধৰি হাড়ডাল চুহি চুহি তাত থকা টুকুৰা-টুকুৰ শুকান মাংস খাইছিল। পাছত মই তাইৰ বান্দৰৰ মাংস দি সেইডাল মুখৰ পৰা এৰুৱালোঁ।

তাৰ পাছদিনা আমি মাটিঘাটিৰ ফালে গৈছিলোঁ। সেইফালে বহুতো গছ কটাত জংঘল বহু ঠাইত মুকলি হৈ পৰিছিল। সেই মুকলি হোৱা ঠাইবোৰ অনেক আজে-বাজে গছেৰে ভর্তি হৈ পৰিছিল। সেই এলেকাত যে বাঘ আছিল, তাৰো কিছু সংকেত পোৱা গল। সেই ঠাইৰ বঙলাৰ চকীদাৰে কিছুদিন আগতে মাটিঘাটি পুলৰ সিপাৰে এজনী বাঘিনী অহা দেখিছিল। সি কলে, সি বোলে সেইদিনা বাঘক কৈছিল যে সিয়েই সেই হাবিৰ মানুহ, যি শিমলিপালৰ বাঘৰ ভৱিষ্যত ৰক্ষণাবেক্ষণৰ বাবে দায়ী। বাঘে বোলে তাৰ কথা শুনি এবাৰ তাৰ ফালে চাই পুনৰ মুখ ঘূৰাই আস্তে আস্তে উভতি গৈছিল।

বৰমকাবাৰীৰপৰা প্রায় তিনি কিলমিটাৰমান যাওঁতে বাটত বেছ ডাঙৰ বাঘৰ মল পৰি থকা দেখিলোঁ। বাঘৰ সেই মলত আছিল অনেক বান্দৰৰ নোম। সেই ঠাই টুকুৰাত এটা ডাঙৰ বাঘ অহাযোৱা কৰি থকাৰ সম্বাদ ১৯৭২ চনমানৰে পৰা পাই থকা গৈছিল। এতিয়াও সেইটো বাঘ ঠিক সেই এলেকাতেই আছে।

সেই এলেকাত আমি দুই প্রকাৰৰ বান্দৰৰ প্রার্দুভাৱ দেখিবলৈ পালোঁ। শিমলিপালৰ অন্য ঠাইৰ দৰে সেই ঠাইৰ বান্দৰবোৰেও বিপদৰ সূচনা পালে গছৰ ওপৰত নাথাকি ওপৰৰপৰা তললৈ নামি আহে আৰু জোপোহাৰ মাজে মাজে লুকাই লুকাই পলাই যাবলৈ চেষ্টা কৰে। অন্য ঠাইত যিদৰে বান্দৰবোৰে বাঘৰ গোন্ধ পালে ডালৰ পৰা ডাললৈ জঁপিয়াই জঁপিয়াই খেক্‌খেক্‌ কৰে, ইয়াত তেনেকুৱা নহয়। ইয়াত কেৱল বান্দৰবোৰে তললৈ যাবৰ সময়ত গছৰ কেইবাটাও ডাল দুলিবলৈ ধৰে, আৰু জোপোহাৰ ভিতৰে ভিতৰে লুকাই লুকাই যোৱাৰ সময়ত খালী খচ্‌ খচ্‌ শব্দ কৰে, যিদৰে এটা বৰাগাহৰি ফুটকানি জংঘলৰ মাজৰে গলে শব্দ হয়। এই বাবেই বাঘৰ মলত ইমান বান্দৰৰ নোম পোৱা গল।

বান্দৰবোৰে তললৈ নামি আহি জোপোহাৰ ভিতৰে ভিতৰে চুপি চুপি পলাবলৈ চেষ্টা কৰোঁতে বাঘেও নিজকে জোপোহাৰ ভিতৰত লুকোউৱাৰ কৌশল শিকি ললে। লুকাই লুকাই গৈ বান্দৰ মাৰি পেলোৱাটো বাঘৰ পক্ষে সহজ। এই কাৰণেই সিহঁতৰ খাদ্যবস্তুৰ বৃত্তৰ ভিতৰত বান্দৰো সোমাই পৰিল।

দুদুৰচম্পা, বাড়ভংগা এলেকালৈ যাওঁতে বহুত ৰাংকুকুৰ থকাৰ সংকেত পালোঁ। সেইদিনা পুৱা মাত্র সাতটা ৰাংকুকুৰ দল বান্ধি যোৱা দেখা গৈছিল। সিহঁতে দিনে দিনে এটা সমস্যা হৈ উঠিছে, বিশেষকৈ শিমলিপালৰ বাঘৰ ঘাই ঘাটিৰ ঠাইত।

সেইদিনা আমি নঅনালৈ ঘূৰি আহিলোঁ। যোৱা কিছুদিন হল আমি খইৰীৰ বিভিন্নৰ ধ্বনিবোৰ এটা ছেন্‌ছিটিভ টেইপ্‌ ৰেৰ্ডাৰত ৰেকৰ্ড কৰিছোঁ। এদিন শব্দ ঠিকমতে ৰেকৰ্ড হৈছে নে নাই জানিবলৈ আমি টেইপ ৰেকৰ্ডাৰৰ শব্দ বঢ়াই দিলোঁ। তাত খইৰীয়ে বিভিন্ন সময়ত কৰা ধ্বনিবোৰ অত্যন্ত স্পষ্টকৈ শুনা গল। প্রথমে খইৰীয়ে সেই শব্দবোৰ দুইকাণ থিয় কৰি কিছু সময় শুনিলে, তাৰ পাছত তাই বাহিৰলৈ গৈ চাই আহিলেগৈ, তাইৰ দৰে আন কোনো বাঘে শব্দ কৰিছে নে নাই। কিন্তু অলপ সময়ৰ পাছতে তাই জানিব পাৰিলে যে কোনো এক বিকল্প উপায়ৰে তাইৰেই বিভিন্ন সময় শব্দ ধৰি ৰাখি আকৌ এবাৰ সেইবোৰ শুনোৱা হৈছে, যিদৰে তাই জানিব পাৰিছিল প্রথমবাৰ আইনাত মুখ দেখাৰ সময়ত।

(আগলৈ)

 

 

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ