পুৰুষোত্তমে খিৰিকীৰে বাহিৰলৈ চালে। ব্যস্ত চহৰখনৰ ব্যস্ত ৰাজপথটো বহু দূৰলৈকে দেখা যায়। দিনত এই ৰাজপথটো অতি ব্যস্ত হৈ থাকে। তাতে ওচৰতে য়ুনিভাৰ্ছিটিখন থকা বাবে সকলো সময়তে প্রাণচঞ্চল হৈ থাকে ঠাইখিনি। এতিয়া নিমাওমাও৷ মাজৰাতি চহৰখন শুইছে, লগতে বাটটোও। খিৰিকীৰে দেখা ষ্ট্ৰীটলাইট দুটাৰ পোহৰ আহঁতজোপাত পৰিছে। আহঁতজোপা নির্বিকাৰ। কিন্তু পুৰুষোত্তম নির্বিকাৰ হৈ থাকিব পৰা নাই, দুচকু জাপ খোৱা নাই, টোপনি অহা নাই।
জানাহা মোৰ চিত্তক।
নামঘোষাৰ পদফাকি মনতে বিৰবিৰালে, পুৰুষোত্তমে। একোঠলীয়া ‘ঘৰ’খনৰ পৰা ওলাই আহিল পুৰুষোত্তম। দ্বিতীয় মহলাৰ বেলকনিটোৰ পৰা অঞ্চলটো ভালকৈয়ে দেখা যায়। ফাগুন মাহৰ পাতবোৰ সৰি যোৱাৰ পাছত লঠঙা গছবোৰৰ ফাঁকে ফাঁকে দেখা যায় বহু দূৰলৈকে। পুৰুষোত্তমে এই নির্জন ৰাতি চায়েই থাকিব যেন এই বাটটো। হঠাৎ এনে লাগিল— নিজৰ জীৱনটোও যেন এনেকুৱাই। এই ৰাতিৰ বাটটোৰ নিচিনা। দীঘল, একা-বেঁকা, সৰীসৃপৰ দৰে অন্তহীন এটা বাট। লক্ষ্যহীন এক জীৱন।
‘টুপুং’
কিবা এটা শব্দ হ'ল অলপ দূৰৈত। পানীৰ ঢৌবোৰ বিয়পি পৰিল। পশ্চিম আকাশত বেলি লহিয়ালে। বৰনদীৰ মৰাসুঁতিটো হঠাৎ তাৰ মনত এটা দীঘল বাটৰ দৰে লাগিল। লক্ষ্যহীন বাট। কলীয়া আন্ধাৰে আৱৰি ধৰা এটা বাট। গাঁৱলৈ আহিলেই পুৰুষোত্তম এই মৰাসুঁতিৰ পাৰতে বহেহি। নিজ ঠাইত বৰনদীখনৰ কাষতে থাকে যদিও, পুৰুষোত্তমে গাঁৱৰ মৰাসুঁতিটোহে ভাল পায়। কোলাহল নাই। নির্জু। বিশাল নহয়। পুৰুষোত্তমৰ নিজৰ নিচিনা লাগে। নিজ ঠাইৰ নির্দিষ্ট নীতি-নিয়মৰ আৱদ্গধ আৰু তানুগতিক জীৱনটোতকৈ এই গাঁৱলৈ অহা দিনকেইটা ভাল লাগে। মুকলিমুৰীয়া।
আজিও দিনটো মনত আছে পুৰুষোত্তমৰ। শেৱালি ফুল ফুলা মাহটোৰ কোনো এটা দিন আছিল চাগৈ। কাৰণ ঘৰৰ পৰা পুৱা বেলাতেই ওলাই আহোঁতে ভগা ভঁৰালৰ গাধৈখনত থকা, আগদিনা আবেলি সি নিজহাতে যোগেন কাইৰ পদূলিৰ শেৱালিজোপাৰ তলৰ পৰা বুটলি অনা ফুলবোৰ সৰু খৰাহিটোত শুকাই আছিল।
ফুৰে মাধৱৰ গুণ গাই।
মধুৰ পিবাক আৰ নাই।।”
সাত বছৰীয়া পুৰুষোত্তমৰ বাবে ঘোষাৰ গূঢ় তত্ত্ব বুজা সম্ভৱ নাছিল যদিও তাৰ মনত পৰিছিল ভঁৰালৰ গাধৈৰ শুকান শোৱালিৰ সৰু খৰাহিটোলৈ৷ জিভাত তিতা লাগিলেও শেৱালিফুলৰ ভাজি খাই সি ভাল পাইছিল। পিছে খোৱা নহ'ল। গুৰুসেৱা, নিমখ দিয়া শৰাই আদি হোৱাৰ পাছত, দেউতাকৰ একালৰ আতৈ গজেন বুঢ়াভকতৰ বহাতে সি থকাটো স্থিৰ হ'ল। গজেন আতৈৰ মনত আছে, দুজনী ছোৱালী হওঁতেই সোমেশ্বৰে ল'ৰাপোৱালি এফেৰি সত্রলৈ আগবঢ়াব বুলি মানস কৰিছিল। বৰপুত্রৰ মোহে অন্ধ কৰি থাকোঁতেই পুৰুষোত্তমৰ জন্ম হয় আৰু সোমেশ্বৰে সকাহ পায়। বংশৰ চিন ৰাখিবলৈকেতো তেওঁৰ এটা সঁচ থাকিব!
'ল’ৰাৰ ৰুচি কি?’ প্রভু ঈশ্বৰৰ গুৰুগম্ভীৰ মাতষাৰৰ উত্তৰ গজেন আতৈয়েই দিলে, “বৰদলনিৰ বায়েন সোমেশ্বৰৰ পেটমোচা ল'ৰা, কথা কম কয়, প্রার্থনা-ঘোষা সুৰ লগাই গাব পাৰে! সেৱা কৰি থাকোঁতেই যে মাকৰ নাকে সোঁত সোঁতাইছিল, পুৰুষোত্তমৰ মনত আছে। সন্ধিয়ালৈ মাকহঁত গ'লগৈ। নিজ ঠাইৰ বাটচ’ৰাৰ পৰা বাটটো বেঁকা নোহোৱালৈকে পুৰুষোত্তমে চাই ৰ'ল। সেই একেই ক'লা দীঘল লক্ষ্যহীন বাট। বতাহত শেৱালি ফুলৰ গোন্ধ এটা নাকত লাগিছিলহি, তিতা শেৱালি ফুলৰ।
গজেন বুঢ়াভকতৰ ‘বহা’ পৰিপাটি। মানুহজন নীতি-নিয়মত কঠোৰ যদিও মৰমিয়াল। তাতে সোমেশ্বৰ আতৈৰ ল'ৰা বুলি পুৰুষোত্তমলৈ তেওঁৰ মৰম এফেৰি বেছি। “ঘাই বহাত নীতি-নিয়ম কৰি বিলতীয়াৰ হৰেনক ৰান্ধনি কৰাৰ পৰা গজেন আতৈ পাকঘৰৰ জা-জঞ্জালৰ পৰা মুক্ত। কিন্তু ভকতসবৱৰ খোৱা-বোবাৰ প্রতি তেওঁ কাঢ়া নজৰ ৰাখে। পুৰুষোত্তম ল'ৰাটো নিশকতীয়া। খোৱাত অৰুচি। হৰেনে পিছে সি ভালপোৱা খাদ্য বিধে বিধে ৰান্ধি খুৱায়।
গজেন বুঢ়া ভকতে নিজকে সঁপি দিছে ভগৱন্তৰ চৰণত। বেছিভাগ সময় কীর্তনঘৰতে থাকে। গজেন আতৈয়ে আওৰালে—
আমি প্রভু তযুদাস তাকে মানি জগবাস
‘গুৰুভটিমা’ গাওঁতেই যতীন বৰবায়নে বুজিছিল, পুৰুষোত্তমৰ কণ্ঠত সুৰ আছে, শোক আছে, ভক্তিৰ আকূতি আছে। পাৰিব ল’ৰাটোৱে৷ পুৰুষোত্তমৰো আগ্রহ আছিল। কম সময়তে অভ্যস্ত হৈ পৰিছিল। নিজ ঠাইৰ সকলো দায়িত্ব আস্থাৰে পালন কৰাৰ লগতে, নিজৰ নম্ৰ আৰু অন্তৰ্মুখিতাৰ বাবে প্রিয়ভাজন হৈছিল। উজনিৰ বিশ্ববিদ্যালয়খনৰ পৰা সত্ৰৰ বহাতে পঢ়িয়েই বি. এ.-টোও পাছ কৰিলে সি৷ আৰু প্রসংগীয়া গায়ন-বায়ন, বৰ দোহৰীয়া হৈ বৰবায়ন হ'বলৈ পুৰুষোত্তমৰ বেছি বছৰ নালাগিল। উঠি অহা 'নটুৱা ভকত'সকলক 'আগনটুৱা’ হৈ নৃত্যশিক্ষা দিয়াৰ পৰা নাট পৰিচালনা কৰি গীত-বাদ্য কৰালৈকে, পুৰুষোত্তম লায়েকৰ বৰবায়ন। গোলাই বৰবায়নৰ পাছত চৌষষ্ঠিখন মাটি আখৰাত সম্পূর্ণ নিপুণ বুলি পুৰুষোত্তমৰ সমগ্র অঞ্চলটোত নাম হৈছে। তৰালী বাইদেউৰ দলটোত ৰাজধানী আৰু কলিকতাতো যোৱাকেইবছৰত কেইবাটাও অনুষ্ঠান কৰি আহিছিলগৈ সি তাৰ দলৰ সৈতে।
সন্ধিয়া প্রসংগৰ পাছতে বহালৈ আহি বাৰান্দাখনতে চাহ এটুপি খাই নাল ভগা চকীখনতে বুঢ়াভকত সদায় বহে। ‘আমাৰ দিল্লীলৈকে যোৱাৰ কথা ভবা হৈছে। তৰালী বাইদেৱে তাৰ অসমীয়া মানুহে খুলিব খোজা নৃত্যৰ ইস্কুলখনত শিকোৱাৰ কথা কৈছে, থকা-খোৱা তাৰ এছ’চিয়েশ্যনেই দিব। আমি কেৱলীয়া শিচ্ হৈয়ে থাকিব। তোম্ৰা আজ্ঞা পালে আমি প্রভু ঈশ্বৰক সুধিব বুলি ভাবিছোঁ।’– একে উশাহতে পাতনি নতৰাকৈ পুৰুষোত্তমে কথাকেইটা ক'লে। তেলচিকটি লাগি হালধীয়া হোৱা এশ ৱাটৰ লাইটটোৰ পোহৰত, পুৰুষোত্তমে দেখিলে বুঢ়াভকতৰ দুচকুৱেদি চকুপানী বৈ আহিছে। অদূৰত কোনোবো এটা বহাৰ ডেকা ভকতৰ কণ্ঠৰ ঘোষা এফাকি কাণত পৰিলহি—
ভজয় কৃষ্ণৰ পাৱে।
দিল্লীত থাকোঁতেই পুৰুষোত্তমে খবৰটো পাইছিল যদিও বিদেশৰ নৃত্যশিল্পীৰ দল এটাৰ লগত ব্যস্ত থকাৰ বাবে সেই সময়ত আহিব নোৱাৰিলে। বহালৈ আহিহে খবৰবোৰ পাইছে সি। গজেন আতৈ অশীতিপৰ। বাঁওকাণখনে কিছু কম শুনে। হৰেনেই সকলো চোৱা-চিতা কৰে। ঘাটৰ ব্যৱসায় মোটামুটি ভাল। উঁৱলি যোবা বহাটোৰ বহু মেৰামতি কৰালে সি। নতুন পানীকল এটাও লগোৱালে।
চলাজনা প্রভুঈশ্বৰ থাঁকোতেই ডেকাপ্ৰভুৱে সাংসাৰিক হোৱাৰ মন বান্ধি ননৈ চুকৰ গাভৰু এগৰাকীৰ লগত ঘৰ বান্ধিলেগৈ৷ নতুন এজনৰ সন্ধান চলি থাকোঁতেই প্রভুঈশ্বৰ বৈকুণ্ঠগামী হ'ল। পুৰুষোত্তমে দিল্লীতে উপবাস কৰি নিয়ম-কাৰণখিনি কৰিছিল। এতিয়া বুঢ়াভকতে শৰাই এখন যোগাৰ কৰিছে, পুৰুষোত্তমৰ পৰিশুদ্ধিৰ বাবে।
“তোম্বাৰ কথা জনা হৈছে বৰবায়ন, দিল্লীত বেছ কিছু নাম কৰিছে শুনিছোঁ। বিদেশ ভ্রমণো হ'ল কেইবাবাৰো।”— ডেকাপ্ৰভুৱে মাত লগালে।
ডেকাপ্রভুৱে দেখিছোঁ কম সময়তে আমাৰ ঠাঁচৰ কথা-বতৰাও শিকি পেলালে।— পুৰুষোত্তম মনতে ভাবিলে। তেৰাৰ কথাষাৰত আন্তৰিকতাতকৈও কিছু ঈৰ্ষা আৰু শ্লেষ থকা যেনহে বোধ হ'ল পুৰুষোত্তমৰ।
বছৰ বাগৰি গৈছে। নিজৰ একনিষ্ঠ সাধনা আৰু চেষ্টাৰে পুৰুষোত্তমে নিজাববীয়া চিনাকি এটা সৃষ্টি কৰিবলৈ সক্ষম হৈছে। জ্ঞান অন্বেষণৰ অপাৰ আগ্রহৰ বাবে এই নৃত্যকলাৰ বিষয় এটাতে বিশ্ববিদ্যালয়ৰ সর্বোচ্চ বিদ্যায়তনিক ডিগ্রী লাভ কৰিবলৈও পুৰুষোত্তম সক্ষম হৈছে। দেশৰ মানচিত্রত এই নৃত্যকলাক প্রসাৰ আৰু প্রচাৰ কৰাত পুৰুষোত্তমে একনিষ্ঠভাৱে লাগি আছে। বিদেশতো পুৰুষোত্তমৰ সুনাম হৈছে। দিল্লীৰ এছ'চিয়েশ্যনে দিয়া দুটা কোঠাতে থাকি, পুৰুষোত্তমে নিজৰ কৃচ্ছ্ৰ সাধনা অব্যাহত বাখিছে। দুবছৰৰ আগতে তেওঁৰ স্কুলখনৰ শাখা বঢ়াবৰ বাবে দুতিবাম বঢ়াভকতৰ বহাৰ প্রকাশক আনি লৈছে। প্ৰকাশে ইয়াৰ শাখা দুটাৰ শ্রেণীবোৰ চায়। ভালেমান ছাত্র-ছাত্রী।
মৰাসুঁতিৰ পাৰৰ, বৰদলনিৰ ল'ৰা পুৰুষোত্তম, গজেন বুঢ়াভকত আৰু ধনীৰাম বৰবায়নৰ শিষ্য। বহা, কীর্তনঘৰ, ঘাই বহা ইয়াতে জীউটো। নীতি-নিয়মবোৰ বান্ধোন নহয়, জীৱন চৰ্চাহে। ৰাজধানী মহানগৰী এখনত এযুগ থকাৰ পাছতো শিপাডালৰ মোহ। সকলো নীতি-নিয়ম পালন কৰিহে দেশ-বিদেশ ভ্রমণ কৰিছে৷ সময়ৰ লগত খোজ দিয়াৰ সাহস কৰিছে। মৰাসুঁতিৰ পৰা বৰনদী অভিমুখী হোৱা সহজ নহয়, পুৰুষোত্তমে জানে। সেয়ে ভুলৰ অৱকাশ ৰাখিব নোখোজে। পুৰুষোত্তমৰ মনত আছে, আগৰজনা প্রভু ঈশ্বৰৰ পৰা গজেন বুঢ়াভকতৰ লগত গৈ অনুমতি লোৱা দিনটোৰ কথা, আতাৰ তেজগোৰা চেহেৰা আৰু গহীন ব্যক্তিত্বলৈ সমীহ, সম্ভ্ৰম দুয়োটাই জাগে।
দিল্লীত পুৰুষোত্তমে নৃত্যকলাৰ প্রসাৰ আৰ প্রচাৰৰ বাবে এন. জি. অ’. এটা খুলি লৈছিল। ড° ত্ৰিপাঠী, মায়া বাইদেউ, এছ'চিয়েশ্যনৰ ফুকন ছাৰ আদিক লৈ। যোৱা কেইবছৰমানৰ পৰা ৰাজধানীৰ বিখ্যাত বিশ্ববিদ্যালয় এখনৰ সহযোগত সি কেইবাটাও আন্তঃৰাষ্ট্ৰীয় মানৰ অনুষ্ঠান আয়োজন কৰি আহিছিল। যথেষ্ট প্রশংসা পোৱাৰ লগতে নৃত্যকলাবিধৰ প্রসাৰ কৰাতো সি সফল হৈছে। বাষ্ট্রীয় কলা সংস্থা এটায়ো আর্থিক সহায় কৰাৰ লগতে পুৰুষোত্তমক তাৰ কামৰ বাবে পুৰস্কৃতও কৰিছে। পিছপৰা ৰাজ্যখন আৰু বৰনদীৰ পাৰৰ ঠাইখনৰ বাবে সি আজিকালি গৌৰৱৰ বিষয়। নতুনচাম ভকতে পুৰুষোত্তমক আদর্শ জ্ঞান কৰিছে। যোগ্য আৰু প্রতিভাশালী দুজনমানক বাট দেখুৱাইছে পুৰুষোত্তমে।
বুঢ়াভকতসকলৰ মধ্যস্থতাত, পুৰুষোত্তমে সেইবাৰলৈ নিৰাময় পালে। প্রভুঈশ্বৰে চৰ্ত বান্ধি দিলে, অন্ততঃ তিনিবছৰলৈ নিজা পচন্দৰ কোনো শিল্গীক পুৰুষোত্তমে অনুষ্ঠানৰ বাবে নিব নোৱাৰিৰ আৰু প্রভু ঈশ্বৰৰ পূর্ব অনুমতি আৰু নির্বাচন মতেহে নিব পাৰিব। অন্যথা নিজ ঠাইত সোমোৱা নিষিদ্ধ কৰা হ'ব। বহাৰ পৰাও বিতাৰিত হ'ব লগা হ'ব। নির্বিবাদে মানি লৈ পুৰুষোত্তম গুচি আহিছিল। পাৰে, আন বহু শিল্পী আছে চিনাকি। এচাম উঠি অহা দক্ষ শিল্পী আছে। তেওঁলোকক লৈ অনুষ্ঠান কৰিব পাৰে। কিন্তু নিজৰ ঠাইৰ টান, শিপাৰ টানে পুৰুষোত্তমক আশ্বাসিত কৰে। তাতে নীৰেনৰ বাঁহী, মহেনৰ গায়ন আৰু গোপাল বায়নৰ সমকক্ষ সতকাই পোবা নাযায়। থুলৰ মিলটোৱে পুৰুষোত্তমক সাহস যোগায়।
মার্টিনাৰ আগৰ মেইলটোৰপৰাই আচলতে পুৰুষোত্তমৰ সিদ্ধান্ত লোৱাৰ সময় আহি পৰিছিল। তিনিমাহৰ পাছত বার্লিনত বিশ্বৰ ধ্রুপদী নৃত্যৰ এক বৃহৎ আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতা হ'ব। এই মঞ্চখন বিশ্বৰ এখন অতি সন্মানীয় মঞ্চ। সমগ্র এছিয়াৰ পৰা কেইটামান দলহে নির্বাচিত হৈছে আৰু আমাৰ দেশৰ পৰা একমাত্র পুৰুষোত্তম বৰবায়নৰ দলটো। জাতীয় দায়িত্বৰ লগতে ইয়াৰ লগত ৰাষ্ট্ৰীয় সন্মানৰ কথাও জড়িত হৈ আছে। আজি মার্টিনাই সেয়েহে অনতিপলমে যোগদান নিশ্চিত কৰিবলৈ কৈছে। নহ'লে আন কোনো এটা দলক বাছনি কৰা হ'ব। ধ্রুপদী নৃত্যৰ অলিম্পিক এয়া। কোন সতে এৰি দিব সি! বহু বছৰীয়া কষ্টৰ ফচল ফলাৰ সময় এয়া পুৰুষোত্তমৰ। পুৰুষোত্তমে জানে, নীৰেন, কমল, গোপালহঁত সাজু হৈ উঠিব। তেওঁ মাত্র আজ্ঞা কৰিলেই হ'ল। কিন্তু প্রভুঈশ্বৰৰ আগতীয়া অনুমতি, তিনি বছৰৰ সময় আৰু প্রত্যেকবাৰতেই ভিন্ন শিল্পীৰ চর্তটো কোনোপধ্যেই পালন নহ'ব। চর্তভংগ। নিজ ঠাইৰ নিয়ম ভংগ হ'ব। হয়তো নিজ ঠাইত প্ৰৱেশ কৰা আৰু বুঢ়াভকতৰ বহালৈ যোৱা জীৱনটোৰ বাবে নিষিদ্ধ হ'ব।
প্রকাশ হয়তো টোপনি গ'ল। একো সাৰ-সুৰ নাই। নহ'বৰেই কথা। ফেঁহুজালিলৈ কিমান পৰনো বাকী!
পুৰুষোত্তমে ঘোষা এফাকি আওৰালে-
যিজনে ফুৰে সুমৰি।
তাক মোৰ বুলি হাতে অস্ত্র তুলি
ৰাখিয়া ফুৰন্ত হৰি।।”
পুৱাৰ কোমল ৰ’দ অলপ আহি পুৰুষোত্তমৰ মুখত পৰিলহি।