ডাঃ নীলাক্ষী চলিহা গগৈ
পৃথিৱীৰ প্ৰতিজন পাঠকৰে জীৱনৰ তাৎপৰ্য বেলেগ৷ জীৱনক
গ্ৰহণ কৰাৰ ধৰণ বেলেগ৷ পাঠকে আপোন কবি বা গল্পকাৰ বুলি ভাবিবলৈ প্ৰকৃততে নিজৰ জীৱন
যাতনাৰে প্ৰতিফলন নিহিত কবিতা গল্প লেখাজনকে বাছি লয়৷ হূদয়ৰ ভাষা য’ত প্ৰতিফলিত হয়, নহ’লে বাল্মিকীৰ শোকগাথা অম্লান হৈ নাথাকিলেহেঁতেন৷ বিচ্ছেদৰ যি শোক সকলো
মানুহৰ বুকুত বাজে, সেই শোকগাথা নমৰি
থাকে বুকুত৷
অনুভৱ তুলসীৰ
কবিতাই জীৱন আৰু জগতৰ অভিজ্ঞতাৰ যি সংযোগ সেয়া বৌদ্ধিক আৰু আনুভূতিক সমন্বয়ৰ
সুমিঠা ফল৷ কিমান গভীৰ অথচ স্পষ্ট হ’লে কবিৰ বুকুৰ মননশীলতা বা তাৎপৰ্যই আমাৰ দৰে
পাঠককে চৈতন্য আলোড়িত কৰিব পাৰে ভাবিলে আচৰিত লাগে৷ অনুভৱ তুলসীৰ ষোল্লখন কবিতা
কিতাপৰ আধাভাগ কবিতা পঢ়িছো যদিও অনুভৱ কৰি আচৰিত হৈছো তেওঁৰ জীৱন দৰ্শনৰ মানৱিক
প্ৰভাৱ৷ মহেন্দ্ৰ বৰাদেৱে এটি প্ৰবন্ধত কৈছে, “কবিৰ প্ৰয়োজন আৰু দৰ্শনৰ৷
কিন্তু তেওঁ তাক ৰচনাৱলীৰ বাহিৰত থব লাগিব৷”
খুব কম বয়সৰে পৰা
এইগৰাকী বিশিষ্ট কবিৰ লগত মাজে-মধ্যে কথা-বতৰা পতাৰ সৌভাগ্য হৈছিল৷ দহ বছৰমান
আগেয়ে নলবাৰীত অনুষ্ঠিত এটি কবিতাৰ অনুষ্ঠানত কবিৰ সান্নিধ্য লাভ কৰিছিলো৷
অনুষ্ঠানটিৰ আৰম্ভণিত এখন চাহৰ দোকানত আড্ডা চলিছিল৷ মোৰ কম বয়সতে লিখা এটি কবিতা
তেওঁক দিয়া কিতাপত পঢ়িছিল তেওঁ৷ “কবিতা মোৰ কুমাৰী কন্যা, খিলখিলাই হাঁহে পলকতে যি, পলকতে তাইৰ চকুত
বন্যা৷” তেওঁ মোক কৈছিল –
“আচলতে হাঁহি
নাথাকে৷ চকুৰ বন্যা লুকুৱাবলৈ হাঁহি থাকে৷” মাত্ৰ সিমানেই৷ আৰু মই সেয়া কোনোদিন
নাপাহৰিম৷ বিশ্বাস আৰু সংশয়, আনন্দ আৰু তিক্ততাৰ
মাজত দুলি থাকে আমাৰ কবি৷ ব্যক্তিসত্তাক সহজে অতিক্ৰমি যাব পাৰে তেওঁ৷ সেয়া তেওঁৰ
আধ্যাত্মিক সত্তাৰ অনুসন্ধান৷ কোনোৱে যদি কয় সততে মহানাগৰিক বা নাগৰিক
ঐতিহ্যহীনতাই মানুহৰ আধ্যাত্মিক অগ্ৰগতিক বাধাগ্ৰস্ত কৰে আমাৰ কবিয়ে এই লৈ
অন্তৰ্মুখী ভীতিগ্ৰস্ততাৰ বিপৰীতে কিন্তু বিশ্বাস আৰু সংশয় – দুয়োটাৰ কবলত ধৰাধৰিত
আত্মাৰোহণো কৰিছে বহু সময়ত৷ সেইবাবেই আমাৰ দৰে পাঠকৰ বাবে অনুভৱ তুলসীৰ কবিতা সহজ
নহয়৷ “ভৱিষ্যতৰ নৱ বিবাহিত দম্পতীযউঠি আহিছে চাৰিটা ঘোঁৰাই টনা মেঘবাগীতযটিলিঙাৰ
সতে নিদ্ৰা যাব নতুবা বৰষিবযমাটি হ’ব নদন-বদন৷”
অনুভৱ তুলসীৰ কবিতা
কঠিন মানে জীৱনৰ জটিলতা পোহৰোৱাৰ স্বাৰ্থতেই কঠিন৷ পুংখানুপুংখ চিন্তা, সাংকেতিক ব্যঞ্জনা, গভীৰ অৰ্থবহী স্তাৱক – যদিওবা জীৱন কঠিন হ’লেই ভাষা কঠিন হ’ব তাৰো কোনো
নিৰ্দিষ্ট নীতি নাই৷ বহুমাত্ৰিক, গম্ভীৰ কৰি
তুলিবলৈকে হয়তো দেশৰ এজন শ্ৰেষ্ঠ কবি হিচাপে আমাৰ কবিয়ে এই পথ গ্ৰহণ কৰিছে৷ পিছে
কঠিনকৈ ক’লেও কবিয়ে নিজে কবিতাক সমগ্ৰ মানৱেৰে এটি উৎকৰ্ষৰ পথ হোৱাটো কামনা কৰিছে৷
আনকি কবিতা নুশুনাজনো কবিতাৰ প্ৰতি আস্থাশীল হোৱাৰ কামনা কৰিছে কবিয়ে৷ কবিয়ে নিজে
কৈছে, “মানুহক মানুহ কৰি ৰাখিবলৈকে কবিতাৰ প্ৰয়োজন৷”
কবিৰ আধাভাগ কবিতা
পঢ়িলেও, বা ‘নাজমা’ অথবা সৌ সিদিনাৰ ‘বানান কৰি পঢ়া লুইতৰ
পানী’ পঢ়িলেও গম পোৱা যায় কবিৰ ‘মাটি আৰু মাতৃ’ৰ প্ৰতি সংবেদনশীল, মাটি আৰু মাতৃৰ উত্তাপেৰে নিজকে জীয়ন দিয়া কবিয়ে এৰি আহিছে শৈশৱৰ গাঁওখনি৷
লোককথা, লোকসংস্কৃতি এৰি নগৰৰ উত্তাল গতিময়তাত থিয়ৈ থাকিও
কবিয়ে বাৰম্বাৰ বৈপৰীত্যৰ আদি পাঠ ল’ব খুজিছে৷ এইটো লক্ষণীয় কথা৷
সেইবাবেই তেওঁ লিখে
–
ঈশ্বৰে সেয়া পাতিছে
বৰষুণৰ মুকলি মেলা
আমাৰ মূৰৰ ওপৰত
কোনে কিনো গৰজত
মেলি ধৰিছেহি ছাতিৰ
গণতন্ত্ৰ
(বৰষুণ বনাম ছাতিৰ
গণতন্ত্ৰ)
এই আধ্যাত্মিক
চেতনা বিশে¡ষণাত্মক৷ কবিৰ
কবিতাবোৰ হৃদয়ংগম কৰিলে যি সচেতনতা, সংযম, সহানুভূতিৰে অচিন শক্তিৰ সুবাস পোৱা যায় তাত ধম¹য় ঈশ্বৰ নিৰুদ্দেশ যেন লাগে৷ ক’বলৈ মন যায় কবিয়ে জীৱনৰ অৰ্থ বিচাৰে ধ্যান আৰু
আত্মজ্ঞানৰ আত্মউত্তৰণেৰে৷ তাত মানৱ সম্পৃক্ততা তথা প্ৰকৃতিৰ অনুভৱ মুখ্য কথা৷
অৰ্থাৎ ইমান বিশ্বস্ত কবিজনৰ অন্তৰ্নিহিত অনুভৱেই মোৰ আধ্যাত্মিক অনুভূতি আমাৰ দৰে
পাঠকৰ তেনে অনুভৱ হয়৷ গভীৰ ভাবশৈলী কবিতাবোৰ পঢ়িলে আলবাৰ্ট আইনষ্টাইনৰ কথা এষাৰ
মনত পৰে– The most beautiful things we can experience is the
mysterious. It is the source of all true art and science.
ইমানৰ পাছতো সৰল
সহজ কবিৰ ভিতৰৰ আৰু এজন কবি আহি আমাক প্ৰশ্ন কৰে এনেকৈ –
“কোৱাচোন কোৱা
তোমাৰ বেদনা কেনেকুৱা
কেঁচা বৰলক জোকোৱাৰ
পৰিণামৰ দৰে নে?”
আৰু উত্তৰত আমি তেওঁক আমাৰ প্ৰাণৰ কবি বুলি আঁকোৱালি
লওঁ৷