ড॰ নিৰোদ গোহাঁই
যোৱা
শতিকাৰ শেষৰ ফালৰ দুটা দশকত অনুভৱ তুলসীৰ কবিতাই আমাৰ পাঠক মনক জোকাৰি গৈছিল, দোৰোণ
ফুলেৰে আৰম্ভ হৈছিল৷ তেওঁৰ প্ৰথম কবিতা সংকলন নাজমা আশীৰ দশকতে প্ৰকাশ হয় যদিও সংগ্ৰহ
কৰা নাছিলোঁ৷ তেতিয়াও হীৰেন ভট্টাচাৰ্যই গাঁৱে-ভূঞে হোৱা কাব্যপাঠৰ অনুষ্ঠানবোৰলৈ আহি
কবিতা পঢ়িছিল আৰু হীৰুদাৰ উজনীয়া লোকগীত আৰু লোকভাষাৰ নতুন প্ৰকাশে আমাক মুগ্ধ কৰিছিল৷
নীলিম কুমাৰ জনপ্ৰিয় হৈ আহিছিল আচিনাৰ অসুখ, বাৰীকোৱঁৰ
আদি সংকলনৰ মাজেদি৷ সমীৰ তাঁতী, লুটফা হানুম ছেলিমা
বেগম, বিপুলজ্যোতি
শইকীয়া আদিৰ কবিতা পঢ়িছিলোঁ আৰু আবৃত্তি কৰিছিলোঁ৷ অনুভৱ তুলসীৰ কবিতাত কিবা এক আচহুৱা
অনুৰণন শুনিবলৈ পাইছিলোঁ৷ আচলতে আমি বুদ্ধিমান ৰসজ্ঞ পাঠক বুলি দাবী কৰিবলৈ অপাৰগ আছিলোঁ৷
অনুভৱ তুলসীয়ে এক নিজা কাব্যভাষা গঢ়ি তুলিছিল, যাৰ ফলত
পৰৱৰ্তী কালত বানান কৰি পঢ়িব পাৰিছিল লুইতৰ পানী৷ সেইবাবেই ক’ব পাৰি একবিংশ শতিকাৰ
অসমীয়া কবিতাক এক নতুন কাব্যভাষাৰে সমৃদ্ধ কৰা কবিজন অনুভৱ তুলসী৷
নিৰন্তৰ
কাব্যচৰ্চাৰ মাজেদি অনুভৱ তুলসীয়ে এই নিগনি দৌৰৰ সময়তো কবিতাক সাধনাৰ এটা পৰ্যায়লৈ
নিব পাৰিছিল৷ তেওঁক লগ পালে অনুভৱ হৈছিল তেওঁ যেন কিবা এক চিত্ৰকল্পৰ লগতে খেলি আছে৷
পৃথিৱীৰ মহৎ সাহিত্যকৰ্মৰ লগত সুসম্পৰ্কৰে তেওঁ তেওঁৰ কাব্যসত্তা গঢ়ি তুলিছিল৷ বিশেষকৈ
চলচ্চিত্ৰ আৰু সংগীতৰ ৰসিক হোৱাৰ হেতু তেওঁৰ কাব্যভাবনাই ব্যাপ্তি লাভ কৰে৷ আংগিকৰ
ভিন্নকৌশল অনুশীলন কৰি অসমীয়া কাব্যসাহিত্যক বিস্তৃতি প্ৰদান কৰাত সফল হৈছিল৷ কবিতা
এটাৰ মাজত লুকাই থকা ৰং, ৰূপৰ লগতে সংগীত, ভাস্কৰ্যৰপৰা
গ্ৰহণ কৰা ভংগিমাৰ কথা বিভিন্ন প্ৰসংগত তেওঁ কৈছে৷ পাঠক অধ্যৱসায়ী আৰু প্ৰাজ্ঞ হ’ব
লাগিব এই কথাও বিভিন্ন প্ৰসংগত তেওঁ কৈছিল৷ মহিম বৰাৰ ভৰলী পাৰৰ আবেলি শীৰ্ষক কবিতাৰ
আলোচনাত তেওঁ লিখিছে হে সুহৃদ প্ৰস্তুত হৈ আঁহা, যদিহে
পঢ়িব খোজা এই কবিতা৷ এই কথা আমাৰ আধুনিকতাৰ আৰম্ভণি কালৰপৰাই আওৰাই আহিলেও যোৱা শতিকাৰ
শেষ দশকৰপৰাহে ইয়াৰ ব্যাখ্যা হ’বলৈ ধৰে৷ যেনে নীলমণি ফুকনৰ কবিতাৰ বিষয়ে হীৰেন গোহাঁইৰ
পাতনিখন ফুকনৰ কাব্যচৰ্চাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ দলিল৷ তেনেদৰে কবিৰ কথা যেতিয়া কবিয়ে
বিশ্লেষণ কৰিবলৈ আৰম্ভ কৰিলে
তেতিয়াহে অসমীয়া আধুনিক কবিতাৰ মাজত থকা বোধ-বুদ্ধিৰ প্ৰসংগবোৰ সহজ হ’বলৈ আৰম্ভ কৰে৷
সেই ফালৰপৰা অনুভৱ তুলসী এজন তীখৰ কাব্যসমালোচকো৷
চিনেমা
আৰু সংগীতৰ মাজত কবিয়ে বিচাৰি পোৱা নান্দনিকতাই আহি আকৌ কবিতাত নতুন ৰূপ লাভ কৰেহি৷
গডাৰেই হওক বা কিয়োৰোস্তামিয়েই হওক তেওঁৰ দৃষ্টিত ছবিনিৰ্মাতা কবি৷ অনুভৱ তুলসীয়ে লিখা
চলচিত্ৰীয় ভাষা...
মায়’দিয়া
পৰ্বতৰ টিং ইপিনে বৰফে ঢাকি থ’লে
গছৰ সেউজ
পাতক কোঙা কৰি শুকুলাই সিঞাৰিলে৷
অনুভৱ
তুলসীক সম্ভৱতঃ গুৱাহাটী গ্ৰন্থমেলাত প্ৰথম লগ পাইছিলোঁ ২০০৭ চন মানত৷ তেতিয়া কি কথানো
পাতিছিলোঁ একো মনত নাই৷ তাৰ পাছত তেওঁ ডিব্ৰুগড়লৈ আহিছিল৷ আমাৰ বহাতে আড্ডা হৈছিল৷
তেতিয়াৰেপৰা বিভিন্ন উপলক্ষত উজনিলে আহিলে কথা হয়৷ বিপুলজ্যোতি শইকীয়াৰ লগত মৰাণ গ্ৰন্থমেলালৈ
আহোঁতে আমাৰ মৰাণ মহিলা মহাবিদ্যালয়লৈ আমন্ত্ৰণ জনাই নিছিলোঁ৷ তেওঁ কবিতাৰ বিষয়ে এটা
চমু আৰু গুৰুত্বপূৰ্ণ ভাষণ দিছিল৷ এবাৰ আমি দুয়ো মদন-কামদেৱ আৰু পিংগলেশ্বৰলৈ গৈছিলো৷
ভাস্কৰ্য সম্পৰ্কে তেওঁ বহু গুৰুত্বপূৰ্ণ কথা কৈছিল৷ তেওঁ আমাৰ সময়ৰ অসমীয়া সাহিত্যৰ
শ্ৰেষ্ঠ লেখকসকলৰ এজন৷ তেওঁৰ গভীৰ জীৱনবোধ আৰু শিল্পচেতনাই আমাক সদায়েই আকৰ্ষণ কৰি
থাকিব৷ তেওঁৰ কাব্যনিৰ্মিতিৰ আদৰ্শই আমাৰ ভাষাৰ নবীনসকলক সদায়ে উৎসাহিত কৰিব৷ জনপ্ৰিয়তাৰ
বিপৰীতে নিৰলস সাধনাৰ মাজেদি তেওঁ লিখি গৈছে কিছুমান অবিস্মৰণীয় কবিতা৷
অনুভৱ
তুলসী নাই... এই পৃথিৱীৰ মায়া এৰি গুচি গৈছে৷ হঠাতে৷ মনত পৰে, এদিন
পুৱা বিছনাত থাকোতেই সাদিনত প্ৰকাশ পোৱা মুৰাকামিৰ বিষয়ে সৰু ৰচনাখন পঢ়ি তেওঁ ফোন
কৰিছিল৷ সেই শিশুৰ দৰে কোমল আৰু প্ৰেৰণাময় মাতষাৰ আৰু কোনোদিন নুশুনো৷ প্ৰিয় কবি, ইমান
সোনকালে গুছি যোৱাৰ কথা নাছিল...৷
মৰাণ
মহিলা মহাবিদ্যালয়
মৰাণহাট, চৰাইদেউ