অন্যযুগ/


একক, অনন্য অনুভৱ তুলসী

  বিন্দু ভূষণ বৰা

 

 

শব্দ হ’ল মানুহৰ বোধ আৰু বুদ্ধিৰ স্মাৰক৷ শব্দৰ সাধনা পৃথিৱীৰ কঠিনতম আৰু পৱিত্ৰতম সাধনাসমূহৰ অন্যতম৷ আধুনিক অসমীয়া সাহিত্যত নিজস্ব ব্যক্তিশৈলীৰে জিলিকি থকা অনুভৱ তুলসীৰ কবিতাৰ ৰসপান কৰিলেই এই কথা বাৰুকৈ উপলব্ধি কৰিব পাৰি৷ সাহিত্যৰ আনবোৰ শাখাৰ তুলনাত শব্দৰ ক্ষেত্ৰত কবিতা সংযমী বা মিতব্যয়ী কলা৷ সেয়ে কবিতাত ভাষাৰ ৰূপ অতি বিচিত্ৰ আৰু বিবিধতাৰে পূৰ্ণ৷ অনুভৱ তুলসীৰ কবিতাই এই সত্যক বাৰে বাৰে প্ৰমাণ কৰা আমি দেখিছোঁ৷

অনুভৱ তুলসীৰ কবিতাৰ যিটো দিশে মোক আটাইতকৈ বেছি আকৰ্ষণ কৰে, সেইটো হ’ল- কবিতা সৃষ্টিৰ পৰত তেওঁৰ শব্দ নিৰ্বাচনৰ কছৰৎ৷ কলাত্মক নিৰ্মাণৰ প্ৰকৃতি সম্পৰ্কে আলোচনা কৰোঁতে কলাত স্ৰষ্টাৰ সীমাৱদ্ধতা সংক্ৰান্তত ফৰাছী কবি, দাৰ্শনিক পল ভেলেৰীয়ে এক গুৰুত্বপূৰ্ণ মত প্ৰকাশ কৰিছিল৷ মতটোৰ ভাবটো আছিল এনে ধৰণৰ- কলাৰ উত্তমোত্তম দৃষ্টান্ত বুলি কোনো কথা নাই;  উৎকৃষ্টতাৰ শেষ বিন্দুত উপনীত হোৱাৰ পৰিৱৰ্তে ই যেন সংশোধন বা পৰিশোধনৰ এক ধাৰাবাহিক প্ৰক্ৰিয়া৷ তুলসীৰ কবিতা পঢ়িলে অনুভৱ হয়, উৎকৃষ্টতাৰ শেষ বিন্দুত উপনীত হ’ব নে নহ’ব সেইটো পাছৰ কথা, কিন্তু কাব্যনিৰ্মিতি সুন্দৰ আৰু অৰ্থৱহ কৰিবৰ বাবে তেওঁৰ অবিৰত প্ৰয়াস থাকে; বাৰ বাৰ অনুশীলন-সংশোধনৰ অন্ততহে যেন ফলটো পাঠকৰ বাবে তেওঁ আগবঢ়াই দিছে- ঠিক কবি নীলমণি ফুকনে যিটো কৰিছিল৷

যদিও কাব্যকৰ্ম প্ৰকৃতাৰ্থত ‘সৃষ্টি’ নে নিৰ্মাণ’ তাক লৈ দীৰ্ঘদিনীয়া বিতৰ্কৰ শেষ নাই তথাপি কোনেও নুই কৰিব নোৱাৰে যে এক উৎকৃষ্ট কাব্যকৃতি তৈয়াৰ কৰাৰ বাবে ভাষিক উপাদান, আৱেগ আৰু সৃজনশীলতাৰ এক জটিল আন্তঃক্ৰিয়াৰ প্ৰয়োজন৷ ইংৰাজী বিষয়ৰ অধ্যাপক, সফল অনুবাদক অনুভৱ তুলসীয়ে ৰচনা কৰা কবিতাসমূহ পাৰিপাৰ্শ্বিকতাৰ প্ৰতি সূক্ষ্ম দৃষ্টি, অধ্যয়ন-অনুশীলন আৰু শব্দৰ সাধনালব্ধ প্ৰয়াসৰ ফল৷ বৰ্ণনাৰ মিতব্যয়িতা আৰু ভাবক বিচিত্ৰ আৰু অৰ্থঘন কৰিবৰ বাবে কবিয়ে প্ৰায়ে শব্দক সমাসবদ্ধ কৰে; বিশেষ্যত বিশেষণ আৰোপ কৰে; তুলনীয় উপমানটোকে উপমেয়ৰ ৰূপত দেখুৱায়৷ কবিয়ে যি শব্দ প্ৰয়োগ কৰে সেই শব্দবোৰে শ্ৰোতা বা পাঠকৰ হৃদয়ত সিহঁতৰ এক কাব্যিক ব্যঞ্জনাৰ সঞ্চাৰ কৰে৷ শব্দৰ ধবনিময় ৰূপেৰে পাঠকৰ কল্পনানুভূতিত বাৰ বাৰ আঘাত কৰিবলৈ কবিয়ে সচেতনতাৰে নিৰ্মাণ কৰে ব্যঞ্জনাময় শব্দথূপ৷ কবিৰ কাব্যিক শব্দথূপ নিৰ্মাণৰ এনে কছৰতে কবিতাক এক অনন্য মাত্ৰা দিয়ে৷ কবিৰ স্ব-কল্পিত, স্ব-আৰোপিত এনে প্ৰয়োগবোৰ কেতিয়াবা ব্যঞ্জনাৰ্থ প্ৰকাশক আৰু কেতিয়াবা নিজস্ব ব্যক্তিশৈলীৰো পৰিচায়ক৷ যেনে- অথাই সাঁথৰৰ কুঁৱলীফুল, ঢৌৰ অথাউনি, নটুৱানচা পাহাৰ, মমৰ ব’ঠা, উদয়াস্ত আঁচল, চিঠিৰ উজান, কেঁচা হালধি কঁকাল (‘চিহ্নযাত্ৰাৰ কেইটিমান জলমগ্ন দৃশ্য’),  শূলপাণি সমালোচক’ (‘অৱনী চক্ৰৱৰ্তী’) আদি৷ তেওঁৰ কবিতাৰ পৰা এনে শতাধিক উদাহৰণ দিব পাৰি৷ কবিতাত ছন্দস্পন্দন বা গীতিময়তা আৰু উপলব্ধিৰ অভিঘাত- এটা বাহ্যিক অনুশীলন, আনটো আন্তৰিক অনুশীলন৷ এই দুয়োটাক একে সময়তে সাৰ্থক সমান্তৰাল উপস্থাপন অতি কম সংখ্যক সফল কবিয়েহে কৰিব পাৰে৷ তুলসীৰ কবিতাত এনে চমৎকাৰী উপস্থাপন মন কৰক- (ক) ‘‘আয়ে মোৰ দেহৰ তুলসীত টোপটোপকৈ ঢালে পৱিত্ৰতা’’ (‘চিহ্নযাত্ৰাৰ কেইটিমান জন্মলগ্ন দৃশ্য’), (খ) ‘‘বচনাতীত প্ৰেয়সীয়ে বসন্তৰ হাঁচতিত বান্ধি বুদ্ধক দিব’’(‘জানো জানো জানো’), (গ) ‘‘ভূঁই চঁপা ফুলৰ দৰে ৰঙা বেলি প্ৰগাঢ় বিশ্বাসত’’(‘অৱনী চক্ৰৱৰ্তী’)৷ ‘চৰাইৰ চকুত ফুলৰ বিছনা’(২০০৩), ‘জুইচোৰ’(২০০৭), ‘দেওচেলেং’ (২০১০), ‘বৰষুণৰ খেতিয়ক’(২০১৫), ‘মাটিভাষা’(২০১৭), ‘বানান কৰি পঢ়া লুইতৰ পানী’(২০১৯)- এই পুথিকেইখনৰ নামকেইটাতেই মন কৰক কবিৰ শব্দপ্ৰয়োগৰ কছৰৎ আৰু চাতুৰ্য৷ ‘‘সবাতোকৈ সুন্দৰ চকুযুৰিৰ বাবে মই ৰুইছিলোঁ এটি নাহৰ পুলি... পিছে নাহৰৰ শিপাৰ পৰাই নাচি থকা চকুহাল হেৰাল’’(‘চকু’) - গল্প কথনৰ শৈলীৰে বিবেকক ঢৌৱাই যোৱা তেওঁৰ এনে আৰু কবিতা আছে৷ বহু কবিতা আন কবিয়েও লিখিছে৷ কিন্তু অনুভৱ তুলসীৰ কবিতাত তাৰ মাজতো এক নিজা শৈলী আছে৷ কবি অৱনী চক্ৰৱৰ্তীক উদ্দেশ্যি কবিতাৰ ভাষাৰে অনুভৱ তুলসীয়ে এদিন কৈছিল, ‘‘বেদনাক বৰনৈৰ ব্যঞ্জনা দিবলৈ তেওঁক কিহে উচটাইছিল’’(‘অৱনী চক্ৰৱৰ্তী’)৷ একেদৰে আমাৰো ঔৎসুক্য, শব্দক সাগৰৰ ব্যঞ্জনা দিবলৈ কবি অনুভৱ তুলসীক কিহে উচটাইছিল? কবিতাৰ পঠনে পাঠকৰ মনত ক্ষণিক আনন্দৰ মধুৰস এটোপাল দি যাব পৰাতেই কবিতাৰ চৰম সফলতা বুলি ভবা বহুজনৰ সমুখত চেতনাত তীব্ৰ চিকুট একোটা মাৰিও যে মন-গহন জোকাৰি যাব পাৰি কবি অনুভৱ তুলসীয়ে তাৰো এটি গভীৰ দিশ উন্মোচন কৰি গ’ল৷ কবিতাৰ বিষয়ৰ বিস্তৃতি আৰু ভাবৰ গভীৰতা-তীক্ষ্ণতা, আবেগ-বুদ্ধিৰ সমতুল উপস্থাপন, নিজস্ব কাব্য-দৰ্শন আদি বহুকেইটা দিশত অসমীয়া কাব্যজগতত অনুভৱ তুলসী একক আৰু অনন্য৷ এক কথাত তুলসী বহু উচ্চ স্তৰৰ কবি৷ কবিৰ আগতীয়া বিদায় অসমীয়া কাব্য-জগতৰ বাবে এক অপূৰণীয় ক্ষতি৷ কবিলৈ শেষ শ্ৰদ্ধাঞ্জলি জনাইছোঁ৷ আশা কৰিছোঁ,  তেওঁ চিকুণাই যোৱা বাটটোৱে এদিন ৰাজ-আলিৰ ৰূপ ল’ব৷

 

ব্যক্তিগত অনুভৱ : বহু কম সাহিত্যিকৰ ক্ষেত্ৰত খেদ হয়, যে ‘জ্ঞানপীঠ’ নহ’লেও ‘সাহিত্য অকাডেমি বঁটা’টো অন্ততঃ তেওঁৰ প্ৰাপ্য আছিল৷ দুবাৰকৈ ‘সাহিত্য অকাডেমি বঁটা’ৰ পেনেলত দেখাৰ পাছত অনুভৱ তুলসীৰ নামটো চূড়ান্ত বিজয়ী হিচাপে নেদেখি মোৰো খেদ থাকি গ’ল৷ ইয়াৰ বাবে কাকো মই দোষাৰোপ কৰিব খোজা নাই৷ মই ভাবোঁ, অকাডেমিতকৈও ডাঙৰ বঁটা, সন্মানৰ যোগ্য তেওঁৰ প্ৰতিভা৷ অকণমান খেদ এই বাবেই যে ১৯৫৫ চনৰ পৰা এতিয়ালৈকে গঢ়  লৈ উঠা সাহিত্য অকাডেমি বঁটা প্ৰাপকৰ তালিকাখনে অসমীয়া জাতীয় সাহিত্যৰ ইতিহাসৰ বহু দিশেই নতুন প্ৰজন্মৰ আগত পোহৰাই তোলে৷ বাৰু, সি যি হওক, আমি সকলোৱে জানো- কবি অনুভৱ তুলসী নিজ গুণে মহীয়ান৷ তেওঁৰ সৃষ্টিৰাজিৰ বিস্তৃত চৰ্চা হওক৷  

 

 

ঠিকনা :

সহকাৰী অধ্যাপক, অসমীয়া বিভাগ

কমাৰ্চ কলেজ কোকৰাঝাৰ,

কোকৰাঝাৰ-৭৮৩৩৭০, বি. টি. আৰ., অসম

ফোন- ৮৬৩৮৮০৯৫৪৯

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ