ড° সঞ্জীৱ বৰা
লগ
পোৱা বহু কবিৰ মাজৰ এজন তেওঁ, বহু গ্ৰন্থৰ প্ৰচ্ছদৰ ভিতৰৰে কিছু তেওঁৰ ৷ হ’লেও অনুভৱ তুলসী ছাৰ কিয় নাজানো- যেন অলপ বিশেষ৷ সংবেদনশীল,
মৃদুভাষী এক
ব্যক্তিত্ব৷
বহু দীঘলীয়া সময় তেওঁৰ সৈতে কাম কৰিছোঁ৷ শেহতীয়া প্ৰায় আটাইকেইখন গ্ৰন্থৰ প্ৰচ্ছদ মই যুগুত কৰোতে তেওঁক যিদৰে পাইছোঁ, সেই অভিজ্ঞতাই তেওঁক মোৰ বাবে বিশেষ কৰি ৰাখিলে৷ লগপোৱা সকলোৱেই জানে যে তেওঁৰ
ব্যক্তিত্বই
আছিল বিশেষ; আকৰ্ষণ কৰিব পৰাকৈ বিশেষ৷
তেওঁ খুবেই কম শব্দৰে কথা পাতিছিল। ক’ব নোখোজা শব্দৰে মন জুমি চাইছিল৷ তেওঁৰ ভাষাত
সময়, স্মৃতি,
হুমুনিয়াহৰ এটি নিজস্ব আভা আছিল। কবিতাৰ এই আভাই মোক আকৃষ্ট কৰিছিল৷ এই সন্মোহনী অসমীয়া কবিতাৰ বৈভৱ৷ মোৰ চকুত এই কাব্যিক সন্মোহনী ৰং আৰু ৰেখাৰে ৰূপ লৈছিল৷ কবিতাৰ ভাষাক ছবিলৈ ৰূপান্তৰ কৰা ইমান সহজ আছিল নে কেতিয়াবা! তুলসী ছাৰৰ কবিতাৰ বেলিকা সেয়া ৰোমাঞ্চকৰ অভিজ্ঞতা৷ আমাৰ সম্পৰ্ক কবিতাৰ ভাষা আৰু ছবিৰ সম্পৰ্ক ৷ এজন কবিৰ আন্তৰিক
অনুভূতিৰ
সম্পৰ্ক ৷ সেয়ে হয়তো, খুবেই কম কথাৰ আদান-প্ৰদান হৈছিল আমাৰ মাজত৷ কথা কম হ’লেও- মই তেওঁৰ কবিতাৰ ভাষা ঠিকেই বুজি পাইছিলোঁ ৷ প্ৰচ্ছদৰ নমুনা তেওঁলৈ পঠিয়াওঁতে তেওঁৰ উত্তৰত থকা শব্দ কেইটাই ইয়াৰ প্ৰমাণ৷ এই প্ৰতিক্ৰিয়াই
মোক
সমৃদ্ধ কৰি ৰাখিব জীৱনটো৷
জীৱন
উদযাপনৰ বিষয়৷ তেওঁক
লগ
পালেই অনুভৱ কৰোঁ ৷ উদযাপন যদি এটা মূৰ্ত ধাৰণা হয়, সেয়া তেওঁৰ কেশ-বিন্যাস৷ এই বিন্যাস মোৰ বাবে এটা মেটাফ'ৰ৷ শ্ৰেষ্ঠ কবিতাৰ প্ৰচ্ছদৰ বাবে এই বিন্যাসক মই বাচি লৈছিলোঁ ৷ বাকী ৰং-ৰেখাবোৰ তেওঁৰ দৰেই সৰল, পৰিমিত (তেওঁৰ কথাৰ দৰে) হৈছে বুলি মই ধৰি লৈছিলোঁ৷
শ্ৰেষ্ঠকবিতাৰ বাবে অঁকা তেওঁৰ স্কেচ্ছটো
অসীম ধৈৰ্যৰ এই কবি সত্তাই সময় আৰু অপেক্ষাৰ বহু পাঠ মোক শিকালে৷ তেওঁৰ অপেক্ষা আৰু আক্ষেপ দুয়োটাতেই মই বিস্ময় মানো৷ জয়ন্ত মহাপাত্ৰৰ কবিতাৰ প্ৰচ্ছদ প্ৰস্তুত কৰাৰ প্ৰায় এবছৰৰ পাছত প্ৰকাশ পাইছে ৷ ৰামধেনু ডকাইতি প্ৰচ্ছদৰ বাবে মই এটা বছৰমান সময় লৈছোঁ ৷ তেওঁ মোক মাত্ৰ দুটা মেছেজ কৰিছিল ৷ “অপেক্ষাৰ ফল মিঠা বুলি মই উমান পাইছোঁ ! ভাল কিবা এটা হ’ব…”-এটা মেছেজ আছিল এনে ধৰণৰ৷ এই অপেক্ষা আৰু আক্ষেপশূন্যতাই মোক আৰু অধিক দায়ৱদ্ধ কৰি তুলিছিল৷ মই জানিছিলোঁ, তেওঁ আপত্তি নকৰে, কিন্তু বহু সময়ত কাম কৰি থাকোঁতে এই বিশ্বাসৰ বাবে ভয়াৰ্ত হৈ পৰোঁ৷ মই ভয় খাওঁ- মই তেওঁৰ বিশ্বাস-অপেক্ষাৰ যথোচিত সন্মান বা যত্ন ল’ব পাৰিচোনে! বহু ব্যস্ততাৰ মাজত কাম কৰা মোৰ বাবে এই আক্ষেপহীন অপেক্ষা এক বিশেষ অনুপ্ৰেৰণা।
মই
সুবিধা পালেই ক’ৰবাত ছাৰৰ গ্ৰন্থৰ নামকৰণৰ কথা কওঁ৷ নামবোৰ আচৰিত কাব্যিক, ৰহস্যময় ৷ চমকপ্ৰদ নামবোৰৰ বাবেই প্ৰচ্ছদৰ
কামবোৰ অলপ বেলেগ কৰিবলৈ বাধ্য হৈ পৰোঁ ৷ শ্ৰীমন্তমনপৰুৱা, ৰামধেনু ডকাইতি, বানান কৰি পঢ়া লুইতৰ পানী,জোনৰ বেজি বেলিৰ বটিয়া- প্ৰত্যেক নামেই একো একোটা সম্পূৰ্ণ কবিতা যেন৷ তেওঁৰ প্ৰচ্ছদত প্ৰায়ে নীলা ৰং ব্যৱহাৰ কৰিছিলোঁ ৷ এই নীলা বিষাদৰ নীলা নহয় ৷ এয়া প্ৰাপ্তিৰ নীলা, পূৰ্ণতাৰ
নীলা,
সাগৰৰ দৰে গম্ভীৰ নীলা, দ, পোতনৰ নীলা৷
তেওঁৰ শব্দৰ সৈতে মোৰ ৰেখা একেলগে অগুৱাই যাবলৈ দিছিলোঁ৷ কবিতাৰ মই ৰসিক পাঠক আছিলোঁ৷ কবিতা এটা পঢ়ি সাতটা দিন মনত কঢ়িয়াই লৈ পাগুলি থকা স্বভাৱ এটা ‘আছিল’ ৷ অনুভৱ ছাৰৰ প্ৰচ্ছদৰ কাম কৰি থাকোঁতে তেওঁৰ সৈতে কবিতা এটা আওৰাই থকা যেনেই লাগিছিল৷ ছাৰো আছিল ছবিৰ চমজদাৰ দৰ্শক৷ তেওঁ একো আভাস নিদিয়ে প্ৰচ্ছদৰ বাবে, সকলো মোৰ মতেই কৰোঁ ৷ পঠিয়াই দিয়াৰ পাছত যিকেইটা কথা কয়, সেই একেই ভাৱনাতেই ময়ো ছবিখনৰ কাম কৰোঁ ৷ মই আচৰিত হওঁ৷
ব্যক্তি হিচাপে তেওঁৰ সৌম্য
স্বভাৱ, মৰমে সাধাৰণতেই আমাৰ মনবোৰত গভীৰ সাঁচ বহুৱাইছিল৷ কিতাপৰ প্ৰচ্ছদবোৰ তেওঁৰ সৈতে মোৰ বাৰ্তালাপ যেন,আৰু মই পৃষ্ঠা লুটিয়াই তেওঁক অনুভৱ কৰিম।