ৰাজীৱ কুমাৰ ফুকন
কবিতা
কেৱল কবিৰ মানসিক শ্ৰমৰ ফচল নহয়। কবিতা জীৱনবোধৰো স্বাক্ষৰ। সমসাময়িক সমাজ, সমাজৰ ঘটনাৱলী
বা পৰিবৰ্তিত সমাজৰ ওপৰত কবিৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া, বাস্তৱৰ অভিজ্ঞতা আদিয়ে কবিৰ জীৱনবোধত
অৰিহনা যোগায়। পৰিবৰ্তিত মূল্যবোধৰ চেতনাই কবিক অধিক জীৱনমুখী কৰি তোলে।কবিতা যিহেতু
শব্দ-শিল্প,কবিৰ শিল্পৰুচিয়েও কবিতাক দান কৰে নান্দনিক ব্যঞ্জনা। কবিতাৰ ভাৱ আৰু আংগিকে
পাঠকৰ মনত সাঁচ বহুৱায়। আধুনিক সমাজৰ জটিল মূল্যবোধ কবিতাত জটিলভাৱেই প্ৰকাশ ঘটিব পাৰে । বহু পাঠক,
সমালোচকে সেয়ে আধুনিক কবিতাক দুৰ্বোধ্য বুলি সততে সমালোচনা কৰে। জটিলতাৰ প্ৰকাশ কেৱল
কবিতাতে যে ঘটে এনে নহয় । এনে দুৰ্বোধ্যতা সাহিত্যৰ
অনান্য ক্ষেত্ৰলৈও প্ৰসাৰিত। শিল্প-কলালৈও প্ৰসাৰিত। নাটক বা গল্পতো আধুনিক জীৱন প্ৰতিফলনত
যেনেদৰে জটিলতা প্ৰকাশ পায়, শিল্প-কলাতো তেনেদৰে দুৰ্বোধ্যতা পৰিলক্ষিত হয়। অনুভৱ তুলসীৰ
কবিতাৰ ভাৱৰ জটিলতা বা প্ৰকাশৰ দুৰ্বোধ্যতা সম্পৰ্কেও কিছু সংখ্যক কবিতা অনুৰাগীয়ে
প্ৰায়ে অভিযোগ আনে। আধুনিক জীৱনৰ জটিল মানসৰ সৈতে পৰিচিত নহ’লে এনে দুৰ্বোধ্যতা দেখা পোৱাটো সাধাৰণ কথা।সমাজ জীৱনেই যেতিয়া দুৰ্বোধ্য
হৈ পৰিছে ইয়াৰ প্ৰতিফলন শিল্প সাহিত্যত ঘটাতো সাধাৰণ কথা ।
সমকালীন
জীৱনৰ বাৰ্তা কবিতাত প্ৰকাশ ঘটাবলৈ কবিয়ে নিজস্ব ধৰণে প্ৰয়াস কৰে। এনে ক্ষেত্ৰত কবিয়ে
নিজস্ব কাব্যৰীতি গ্ৰহণ কৰাটো স্বাভাৱিক। কবি অনুভৱ তুলসীয়েও এক নিজস্ব কাব্যৰীতিৰে
জীৱনৰ অভিজ্ঞতা কবিতাত প্ৰকাশ কৰিছে । জীৱন-যন্ত্ৰণা, নিসংগতাবোধ আৰু মানৱীয় অনুভুতিয়ে
কবিৰ কাব্যিক চেতনা চহকী কৰিছে । সুক্ষ্ম
অনুভুতি, অৰ্থঘন প্ৰকাশভংগী, প্ৰতীকী ভাষাৰ ব্যৱহাৰেৰে অনুভৱ তুলসীৰ কবিতাই ভাৱৰ গভীৰতা
বহন কৰিছে। ঘৰুৱা ঠাঁচ,
গীতিময়তা আৰু চিত্ৰধৰ্মিতাই কবিৰ কাব্যৰীতিক সংবেদনশীল কৰি তুলিছে । কথা হ’ল কেৱল ব্যক্তিগত নিৰ্যাসৰ কলাসুলভ অভিব্যক্তিয়েই কবিতা নে কবিৰ থাকে অন্য
কিছু দায়বদ্ধতা ?
এই প্ৰশ্ন
কবিৰ মনতো উদয় হৈছে আৰু তেওঁ ইয়াৰ উত্তৰো দিছে । “.. ব্যক্তি
বিশেষৰ সুকুমাৰ মনৰ পৰিচয় দাঙি ধৰিবলৈকে কবিতা,নে,বৃহত্বৰ
মানৱ সমাজৰ উত্কৰ্ষ,কল্যাণ কামনাই কবিতাৰ উদ্দেশ্য ? দুয়োটাই
কিজানি!প্ৰথমটোৰ প্ৰয়োজন চেতনশীল জীৱ মাত্ৰৰেই থাকে-মানৱ সভ্যতাৰ বিভিন্ন স্তৰত ইয়াৰ
ভিন্ন ধৰণে বিকাশ লাভ হৈ আজিৰ অৱস্থাত উপনীত হৈছেহি । দ্বিতীয়ত: কবিতা
নিয়ত মানৱ কল্যাণ, এক সাৰ্বিক শুভবোধৰ অগ্ৰদূত-’’(বানান কৰি পঢ়া
লুইতৰ পানী)। কবিয়ে অকপটে স্বীকাৰ কৰিছে যে মানুহৰ বাবেই কবিতা আৰু মানৱ সভ্যতাৰ বাবেই
কবিতা সদায় লিখা হৈ থাকিব। সেয়ে এটা কবিতা আন এটা কবিতাৰ পৰিপূৰক। এজন কবি আন এজন কবিৰ
পৰিপূৰক। দুৰ অতীতৰ পৰাই কবিতাৰ সোঁত এনেদৰে বৈ আহিছে। যুগে যুগে সমাজ পৰিবৰ্তন হৈ
আহিছে। সমাজৰ পৰিবৰ্তন সাপেক্ষে কাব্য সৃষ্টিতো পৰিবৰ্তনে দেখা দিছে। নতুন
কাব্যৰীতিয়ে পৰিবৰ্তিত সমাজ প্ৰতিফলিত কৰে। সমাজৰ ক্ষোভ, বেদনা, আনন্দ প্ৰকাশৰ বাবে
প্ৰয়োজন হয় এই নতুন কাব্যৰীতি। কবি বা শিল্পীয়েহে ক্ষোভ বা বেদনাক সৃজনীশক্তিলৈ পৰিবৰ্তন
কৰিব পাৰে। এই সৃজনীশক্তিৰ বাবে কবিক নতুন কাব্যভাষাৰ প্ৰয়োজন হয়।কবি অনুভৱ তুলসীৰ
মতে কাব্যভাষা কেঁচা খনিজ জাতীয় হ’ব লাগে। অতিমাত্ৰা আলংকৰিক
বা
২
অতি মসৃণ
ভাষা সত্য প্ৰকাশৰ অন্তৰায় হ’ব পাৰে।সেয়ে কবিয়ে কৈছে, “তামোলৰ সেলেঙী লগা গুণটো ভাষাত থাকিব লাগে,ভাষা হব লাগে ‘জধলা চুমা ’ ৰ দৰে।’’
একোটা
ভাষাৰ শব্দৰাজিত সেই সমাজৰ ইতিহাস আৰু সংস্কৃতি সোমাই থাকে। সমাজ বা জাতিৰ ইতিহাস,
সংস্কৃতি আৰু পৰম্পৰাৰ মাজতেই শব্দৰ সৃষ্টি হয়। অৰ্থাত শব্দৰ উত্স হ’ল সংস্কৃতি । কবিয়ে
ভাৱ প্ৰকাশৰ বাবে শব্দ নিৰ্বাচনত সচেতন হোৱা ভাল। ভাৱৰ লিপি হ’ল শব্দ,শব্দ হ’ল ভাষাৰ মাধ্যম । সেইবাবেই
কবি অনুভৱ তুলসীয়ে ভাষাটো ভালদৰে আয়ত্ব কৰিব পৰাটো কবিৰ বাবে অতি প্ৰয়োজন বুলি উপলব্ধি
কৰিছিল। সৰু সৰু ভাষাবোৰে সদায় অস্তিত্ব ৰক্ষাৰ বাবে সংগ্ৰাম কৰিব লগা হয়। কবিতা চৰ্চাৰ
জড়িয়তে ভাষাৰ সংগ্ৰামত অংশগ্ৰহণ কৰাৰ কথা কবিয়ে কৈছে। তেওঁৰ মতে মাটিয়েই প্ৰকৃত মাতৃ
আৰু মাটি-নিৰ্ভৰ মানুহৰহে ভাষা থাকিব পাৰে। তেওঁৰ কবিতাতো মাটিৰ স্বাদ, গ্ৰামীণ জীৱনৰ
সুৰ বা ঠাঁচ লক্ষ্য কৰা যায়। লোকজীৱনৰ পৰা তুলি অনা ছৱি আৰু শব্দ ৰসেৰে বৰ্তমানৰ জন
জীৱনৰ কাৰুণ্য কবিয়ে ফুটাই তুলিছে এনেদৰে-
জীয়া
মানুহ মৰে কিয়
উপজিয়েই
কান্দে কিয় কেঁচুৱাই
মানুহ
মৰি হয়নে যঁতৰ
ৰঙা আঁচুৰ
মহুৰাটোৱেই হয়গৈনে মহাজীৱন
আই তই
যাতনাৰ দীঘল দিনৰ তাঁত-বাটি কৰি
উদিত
বেলিৰ হাতেৰেই তোলাৱনে ব’
আন্ধাৰৰ
দাঁৰ মাৰি ৰাতিৰ ভৰুণ নৈ পাৰ হোৱা
কোটোহাপাৰৰ
নামঘৰত ৰামবিজয় ভাওনা
লাইখুটাত
আঁউজি বহি থকা পিতাই
হাতীয়ে
গচকাদি মোক টোপনিয়ে গচকে
ধৰ ধৰ
মাৰ মাৰখন লাগে
সপোন
ভগাৰ পিছত তোৰ চোন দেখা-দেখি নাই
( আমাৰ
বিহুকাপোৰ কোনে নিলে)
ভাৱ আৰু
ভাষাই হ’ল মনৰ প্ৰকাশক শক্তি। ভাৱ প্ৰকাশৰ বাবে কালভেদে ভাষাৰ প্ৰায়োগিক কৌশল বেলেগ
হোৱাতো স্বাভাৱিক । যুগ সাপেক্ষে
ভাৱ প্ৰকাশৰ ভংগী সলনি হয়। ৰোমাণ্টিক
কালত সত্য প্ৰকাশৰ বাবে যি প্ৰকৰণ কৌশলে ভাৱপ্ৰকাশৰ বাট মুকলি কৰি ৰাখিছিল, আধুনিক
যুগত সেই প্ৰকৰণ কৌশল সলনি হ’বলৈ বাধ্য । কবিৰ
মতে মানুহৰ মনেই কবিতাৰ ঘৰ।মানৱ মনৰ দীনতাই কবিতাৰ কলাকো দুৰ্বল কৰিছে । মানুহৰ উত্কৰ্ষৰ
বাট কবিতাইও মুকলি কৰিব পাৰে। সেয়ে
কবিয়ে দুখ-যাতনা বা বাস্তৱৰ কঠোৰতাক প্ৰশান্তচিত্তে উপলব্ধি কৰাৰ কথা কৈছে। কঠিন বাস্তৱক
কেৱল ভাৱোদ্দীপক প্ৰতিফলনলৈ ৰূপান্তৰ নকৰি বাস্তৱৰ দুখ-যাতনাৰ সম্যক উপলব্ধিৰে প্ৰকাশ
কৰিব পাৰিলেহে সত্যৰ উন্মোচন হয়। এনে সত্যৰ উন্মোচনেহে কবিতাক বলীষ্ঠতা প্ৰদান কৰে,
পাঠকক দীৰ্ঘ সময় আলোড়িত কৰি ৰাখে ।
৩
কবি অনুভৱ
তুলসীৰ কবিতাত আছে সত্যৰ অনুসন্ধান। জীৱনৰ বিচিত্ৰতা, গূঢ় ৰহস্য বুজিবৰ বাবে কবি ব্যাকুল।সকলো
ধৰণৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া বা বৈপৰীত্যৰ পৰা শিক্ষা ল’বলৈ কবি উন্মুখ।
জীৱনৰ অভিজ্ঞতা, চেতনা আৰু সংবেদনশীলতাই কবি মনে বিকল্পৰ সন্ধান কৰে। কবিয়ে বিশ্বপ্ৰাণৰ
সৈতে সংপৃক্ত হ’ব খোজে। কবিয়ে নিজেই কৈছে, “..যাতে মই বিশ্বপ্ৰাণৰ এক ক্ষুদ্ৰাতিক্ষুদ্ৰ কণিকা হৈ বৰ্তি থাকিব পাৰো-
এনে সমৃদ্ধি সন্ধানৰ সময়তো মই মোৰ অসমীয়া পৰিচয় কেতিয়াও ম্লান হবলৈ দিয়া নাই।’’ “অসমীয়া মন-মনীষা, হৃদয়বৃত্তিৰ বাৰতা মোৰ কবিতাৰ যোগেৰে প্ৰকাশ কৰাৰ হেঁপাহেই
মোৰ মূলভেটি।’’ জীৱন
অন্বেষাৰ এই অভিজ্ঞতা প্ৰকাশৰ বাবে কবিয়ে নিৰ্বাচিত শব্দৰ সাজোনেৰে কবিতা সৃষ্টি কৰিছিল
য’ত অসমীয়া ভাষাৰ মাটি-মিঠা গ্ৰামীন ঠাঁচ এটাই প্ৰাণ পাই উঠিছিল।
০০০
ফোন : ৮৬৩৮৫১২২৬৩