অন্যযুগ/


পানী হিলৈ

  গোৱিন কুমাৰ খাউণ্ড


(সাত)

 

 

প্ৰচণ্ড ৰʼদ।  বাৰাণ্ডাৰ আৰামী বেঞ্চখনত বহি হিমানী আৰু মিলিটেৰীয়ে কথা পাতি আছে। কথানো কি, সেই একেবোৰেই। পতাবোৰকে পাতি পাতি অসম আন্দোলনৰ দিনবোৰলৈ ঘূৰি যায় দুয়োজন। ৰক্তাক্ত সময়ৰ হাবিতলীয়া দিনবোৰ, চকুৰ চাৱনিত উজলি উঠা কিৰণময়ী সময়বোৰ আকৌ মাতি আনিব খোজে মনৰ নিজানলৈ। হিমানী, মিলিটেৰীৰ দৰেই কিমান পুৰুষ-নাৰীয়ে সময় নিজানত বহি নিজক নিচুকাই আছে কোনে জানে? কোনে বুজে। এই বুজা-নুবুজাৰ মাজতে মিলিটেৰীয়ে  গহীনাই কয়-

“বুজিছা হিমানী।”

“নাই বুজা।”

“জীৱনটোত এবাৰো নুবুজিলা।”

“কি বুজিব লাগে মই। গাঁৱৰ মানুহে এই বয়সত মোৰ গাত বদনাম জাপি দিছে। পোনাই হাটে-বাটে বহুতৰ মুখত শুনিছে...!”

“কি শুনিছে?’’ মিলিটেৰীয়ে উভতি ধৰিব খোজে।

“তোমাৰ-মোৰ কথা...।”

“কি বুলি শুনিছে...?”

“ওলোটাই প্ৰশ্ন কৰি নাথাকিবা। পুলিচে ধৰি নিয়াৰ পৰা তুমি মানুহটো কিবা আজলমথালি কৰি থকা হʼলা। ডেকা-গাভৰুৱে ফুচফুচাই কথা পাতি থাকিলে বেয়া নেদেখি; কিন্তু আমাৰ দৰে বুঢ়া-বুঢ়ীয়ে পেনপেনাই থাকিলে বেয়া দেখি খগেন।”

বহুদিনৰ মূৰত হিমানীৰ মুখত মিলিটেৰীয়ে নিজৰ নামটো শুনিলে। সেয়ে ভিতৰি ভিতৰি এক বুজাব নোৱৰা তৃপ্তি অনুভৱ কৰি ক’লে, “যিমানেই নহওক, তুমি জীৱনত সকলো পালা, হওঁ বুলিয়েই আনৰ হৈ গুচি গ’লা, মই কিন্তু কাৰো হ’ব নোৱাৰিলোঁ। কোনো নাৰীয়ে মোক আৱৰি ধৰিব নোৱাৰিলে সুখ আৰু শান্তি পাব পৰাকৈ। কাৰো মুখে মোক আমনি কৰিব নোৱাৰিলে। পচনশীল বস্তুৰ দৰে মই তোমাৰ বুকুত পচি গৈ আছো হিমানী৷”

 

“মানে?” হিমানী আইতা ক্ষণিকৰ বাবে আত্মস্থ হ’ল। উদং কপালত নিজক বিচৰা মানুহৰ দৰেই হিমানীয়ে সন্মুখৰ উদং ৰাস্তাটোলৈ চালে। একে সময়তে মিলিটেৰীয়ে শুকান মুখখন মোহাৰি এবাৰ ভাইমনদাহঁতৰ ঘৰৰ ফালে চালে। চকুৰ সম্মুখত জৰিগুৰিৰ কনকলতাৰ ছবিখন জীৱন্ত হৈ উঠাৰ সময়ত মনত পৰিল থানাৰ দাৰোগাই সোধা অবাঞ্চিত প্ৰশ্নটোলৈ-

“আপোনাৰ সকলো কথা জানো আমি?” সুৰেন্দ্ৰ দাৰোগাই মদৰ নিচা ফালি কৈছিল।

“কি জানে?” মিলিটেৰীয়ে সুধিছিল।

“কি জানো আৰু? বিধৱা বুঢ়ী এজনীৰ সৈতে আপোনাৰ যে প্ৰেমলীলা ...!”

“চকু উলিয়াই আনিম ঐ পুলিচ। মোৰ নিচান কিন্তু এতিয়াও ঠিকেই আছে। আকৌ যদি হিমানীৰ কথা আপোনাৰ মুখত ওলায় জিভাখন কামুৰি ছিঙি পেলাম। আপোনাৰ দৰে গলত ৰচী লগাই মই চাকৰি কৰা নাই।”

মিলিটেৰীৰ কথাত সুৰেন্দ্ৰ ডাৰোগা বাঘৰ দৰে জঁপিয়াই পৰিব খুজিও ৰৈ গৈছিল। পুলিচি কায়দাৰে সুধিছিল- পোষ্টাৰ কোনে ফালিছিল।’’

“কিমান বাৰ ক’ব লাগে বান্দৰে ফালিছিল বুলি।”

“কথা ক’বলে আহিছে? বান্দৰে ফালিছে...?”

“বান্দৰে লগোৱা পোষ্টাৰ বান্দৰেই ফালিছে, মোক আৰু কথা সুধি নাথাকিব।”

মিলিটেৰীৰ ঢমকত সুৰেন্দ্ৰ পুলিচ সুৰসুৰীয়া হৈ আঁতৰি গৈছিল। লৌহ কপাটৰ মাজত উচুপি উঠিছিল মিলিটেৰী। হিমানী তাৰ বাবে তেজ-মঙহৰ এজনী নাৰীয়েই নহয়, জীৱনৰে এক সৰ্বগ্ৰাসী ৰূপ। যাৰ বাবে কোনো নাৰীয়ে মিলিটেৰীৰ বুকুত ঠাই উলিয়াব নোৱাৰিলে। ৰৌদ্ৰ নিলিমাদীপ্ত আকাশৰ দৰেই যি নাৰীয়ে মিলিটেৰীৰ অনাদৃত জীৱন আৱৰি ৰাখিছে সেই জীৱনৰ সুপ্ৰাচীন সুঘ্ৰাণ লৈ মিলিটেৰী মৌন হৈ পৰিল। নিৰ্দয় সময়ে দুজন পৌঢ় মানুহক ভেঙুচালি কৰি থকা সময়ত অদূৰৰ বতাহে আহি স্পৰ্শ কৰিছিল হিমানীক। সেয়ে সুধিলে -

“এই যে কাৰো হ’ব নোৱাৰিলোঁ বুলি ক’লা, মানে মোৰো হ’ব নোৱাৰিলা... তোমালোক পুৰুষবোৰ ...! হিমানী আইতা গৰগৰাই উঠিল। মনৰ ভিতৰত যেন প্ৰচণ্ড বিদ্ৰোহৰ সৃষ্টি হ’ল। কথাটো বুজিব পাৰি মিলিটেৰীয়ে ক’লে,

“নহয় অʼ...।”

“কি নহয় হা...।”

“এই তোমাক বুজোৱাটো বৰ জটিল দেই। ৰত্নদাই এনেয়ে কৈ থকা নাছিল।”

 “কি বুলি?”

 “দেৱা ন জানন্তি বুলি....।”

মিলিটেৰীৰ কথাত হিমানীয়ে পোন্দোৱাকৈ চালে। হিমানীৰ চাৱনি গৈ ভাইমনদাহঁতৰ কাষৰ মানুহ ঘৰৰ চাদৰ ওপৰত পৰিল গৈ। তীব্ৰ ৰ’দ ফালি বান্দৰ কেইটামান পানী টেংকিটোৰ ওচৰত ঘূৰি ফুৰিছে। পানীৰ পাইপবোৰত বান্দৰবোৰ ওলমি দিছে। হিমানীয়ে চাই আছে। আজি কেইদিনমানৰ আগতে হৰেণৰ ঘৈণীয়েকৰ মালা ডি-ৰ পেকেট এটা নি বান্দৰে খোৱাৰ পাছত বান্দৰ জাকৰ দেখাদেখি নাছিল যদিও কালিৰে পৰা দিনে-ৰাতিয়ে দপদপাই আছেহি। গৰ্ভনিৰোধক বড়ি খোৱা বান্দৰমখালৈ চাই বিমোৰ হৈ পৰা হিমানীৰ মাত-কথা একো নোহোৱা হোৱাত মিলিটেৰীয়ে মাত দিলে-

“লেকিন হ’ল কি ।”

“তুমি মোক ইমান অৱজ্ঞা কৰাঁ। বুকুৰ মাজত প্ৰাৰ্থনা আৰু শুভবোধ কঢ়িয়াই ফুৰা মানুহ আমি; জটিলতা একেবাৰে বুজি নাপাওঁ। হয়তো সেয়ে জীৱনত ইমান ঠেকাও খাওঁ। তথাপি ভাবোঁ, ঈশ্বৰ আমাৰ লগত সদায়েই আছে যেতিয়া চিন্তা কিহৰ !!”

“সেয়া তুমি অলপতে উচুপি উঠা। এই হিমানী...!” মিলিটেৰীয়ে হিমানীৰ সোতোৰা-সোতোৰ হাতখনত ধৰিবলৈ গৈও ৰৈ গ’ল। চাদৰ ওপৰৰ বান্দৰকেইটাৰ ফালে দেখুৱাই ক’লে- “বান্দৰমখাৰ উৎপাতটো চোৱাঁচোন।” হিমানীয়ে চালে।

“চোৱাঁ, কেনেকৈ পানী টেংকিৰ ঢাকোনখন এৰুৱাইছে। কৈ থৈ আহোঁগৈ নে কি?”

“নালাগে...।” হিমানীৰ প্ৰতিটো চেতনাপ্ৰদ শব্দই বুকু খান্দি নিয়াৰ দৰে লাগিছে মিলিটেৰীৰ। মালৰী এজনীয়ে পিঠিত পোৱালিটো লৈ পানী টেংকিৰ সাফৰখন পাৰে মানে বখলিয়াবলৈ চাইছে। মলুৱা এটায়ো সমানে সমানে পানী টেংকিটোৰ সাফৰখনত কামোৰ মাৰি ভাঙিবলৈ চাইছে। একোবত সাফৰখন এৰুৱাই বান্দৰজাকে গৰম পানীতে গা ধুইছে। তাকে দেখি মিলিটেৰীয়ে হাঁহি আছে।

“কি হ’ল।” হিমানীয়ে সুধিলে।

“হাঁহি উঠিছে বান্দৰজাকৰ অতপালি দেখি।”

“সকলোতে বান্দৰামি। কালি বান্দৰ কেইটামান টি. ভিত দেখিছিলোঁ। বীৰৰ সন্তানৰ পৰা দালাল এটাই  “বজ্ৰকণ্ঠ” উপাধি লোৱা দেখিলোঁ। বীৰৰ সন্তানে আয়োজন কৰা অনুষ্ঠানত দালালে হেংদাং লৈও ভাও দিয়াৰ সুযোগ পাইছে। ৰজা দিনৰ পোছাক পিন্ধিছে। দালালৰ অসভ্যালিক ৰাইজে সাধুৰ বচন বুলিছে। আমি অধম কাৰণেহে এইবোৰ চাই চাই চিঞৰি আছো— ৰাম নাম সত্য হ্যায়!

“মোৰ কিন্তু ভয়হে লাগিছে। এজাক বান্দৰে অসমীয়া মানুহৰ বাৰী-ঘৰ এফালৰ পৰা নিঃশেষ কৰি আনিছে। আন এজাক বান্দৰে সমাজখন সেই তেতিয়াৰ পৰা কল বখলিওয়াৰ দৰে বখলিয়াই আহিছে।”

হিমানী উচুপি উঠিল। এখন ব্যর্থ সমাজৰ ছবিয়ে হিমানীক প্ৰতি মুহূৰ্ততে চিন্তিত কৰি ৰাখে। প্রতিজন চিন্তাশীল অসমীয়াৰ বিপৰীতে এতিয়া হাজাৰ হাজাৰ উৰুলিপুঙা ,কথাচহকী মানুহৰ দপদপনি। চিন্তাশীল মানুহৰ মূল্য  সমাজখনত কোনেও নুবুজা হৈ আহিছে। কঠিন সত্যৰ সৈতে মুখামুখি হৈ  তৰুণ প্রজন্মক মহৎ উদ্দেশ্যৰ সৈতে  চিনাকি কৰাই দিয়াৰ কথা নাভাবি শৰৎ শৰ্মাৰ দৰে নেতাবোৰ ব্যস্ত হৈ আছে অসমীয়াক হিতাধিকাৰীৰূপত গঢ়ি তোলাত। তেওঁলোকৰ যেন এটাই লক্ষ্য- উঠি অহা ডেকা-গাভৰুবোৰ  নির্বোধ হওক, সমাজৰ তুচ্ছ বিষয়বো লৈ মানুহ আলোচনাত মত্ত হৈ থাকক৷ মূল বিষয়সমূহ বাদ পৰক, এলাগী হওক, অর্থহীন কথাক লৈ মানুহ নিচাগ্ৰস্ত হৈ থাকক।সমস্যা সমাধানৰ সলনি কেনেকৈ জটিল কৰিব পাৰি সেই কথাত যেন সমাজখন ডুবি থাকক।

মৌন সময় আগচি হিমানীয়ে নীলৰ মুখখন মনত পেলাই কথাবোৰ ভাবি থাকোঁতেই বান্দৰজাকৰ মাজত অদ্ভূত চিঞৰ-বাখৰ লাগিল। চাৰিওফালে ভতুৱা কুকুৰমখাই ভুকিবলৈ আৰম্ভ কৰাত মিলিটেৰীয়ে হাঁহি হাঁহি ক’লে, “নিজকে কেতিয়াবা এই ভতুৱা কুকুৰজাকৰ দৰেহে লাগে মোৰ।”

 “এতিয়া জানো আমাৰ সমাজত কুকুৰৰ কিবা মূল্য আছে। জীৱৰ নামত আমাৰ দেশত দুটাই আছে। গাহৰি আৰু গৰু। নিজক গৰু-গাহৰি বুলি চিনাকি দিয়াই ভাল হ’ব যেন লাগিছে।”

কিবা এটা কোৱাৰ ছলেৰে মিলিটেৰীয়ে হিমানীৰ হাতখনত এবাৰ চুই চাব খুজিলে।  দুচকু ঘোপা কৰি চাই থাকিল তাই। নাই মিলিটেৰীয়ে স্পৰ্শ কৰিব নোৱাৰাকৈ নিজক আবুৰ কৰি ৰাখিব খোজে হিমানীয়ে। মনৰ মাজতে উমলি থাকক ধ্ৰুপদী সময়। নাই নাই, কোনেও কাকো স্পৰ্শ কৰিব নালাগে।

 

০০০

মানুহবোৰ পথাৰত নমাৰ সময়তে  ভাইমনদাৰ  মাক ঢুকাল। অঞ্চলত শতবৰ্ষ গৰকা মানুহ অকল তেৱেঁই আছিল। পোনাই খেতি-পথাৰ পাহৰি তিলানীৰ পৰা কাজলৈকে দিন-ৰাতি একাকাৰ কৰিলে। আজিকালি পোনাৰ চলিবলৈকে বৰ টান হয়। মাকে পেঞ্চনৰ টকাৰে সমুলি জোৰা মাৰিব নোৱৰা হৈ অহাৰ সময়ত সুৰভিৰ পৰা মদৰ বটল এটা ফুট গধূলিতে আনি পোনা কোঠাত সোমায়। আগতে কৰতিয়াল বুলি কোনেও চকুলৈ নাচালে আজিকালি মদাহী বুলি কোনেও নাম নোলোৱা হ’ল। চৰকাৰে অবিৱাহিতবোৰক মাহে  পঁচিছশকৈ টকা দিব বুলি কোৱা শুনাৰ পৰা পোনাৰ মনত অপাৰ আনন্দ। সেই অপাৰ আনন্দ মদৰ গিলাছত মিলাই প্ৰথম সোহাটো মাৰিবলৈ লওঁতেই হিমানী দুৱাৰখন ঠেলি কোঠাটো লৈ সোমাই অহাত পোনা অপ্ৰস্তত হৈ পৰিল। দৃশ্যটো দেখি হিমানীৰ বুকু কঁপি উঠিল। ৰণচণ্ডী মূৰ্তি ধৰি মদৰ বটলটো টেবুলৰ পৰা তুলি লৈ পোনাৰ গালৈ মাৰি পঠিয়ালে। মাকৰ এনে আচৰণত পোনাই চিঞৰি উঠিল “কিয় পেলালি?”

“এইখন কি মদাহীৰ ঘৰ পাইছ! কিমান দিনৰ পৰা কৈ আছোঁ তোক মদ এৰ বুলি। ক মদ এৰিবিনে মোক এৰিবি  তই। শৰ্মা কুকুৰে পিৰালি চুকতে মদৰ দোকান খুলি খাই দিছে তহঁতক।”

সুৰাৰ গোন্ধে কোঠাটো ছানি ধৰাত উশাহ নোপোৱা যেন লগিল হিমানীৰ। সেয়ে উছাট মাৰি কোঠাটোৰ পৰা ওলাই আহিল। পোনাই চোলাটো সোলোকাই নীলা স্পটিং এটা পিন্ধি ল’লে। বিছনাৰ তলৰ পৰা এশ টকীয়া নোট এখন উলিয়াই আকৌ মদৰ বটল এটা আনিবলৈ ওলাই যাওঁতেই হিমানীয়ে সুধিলে “আকৌ ক’লৈ যাৱ হাঁ।”

 “তোক কিয় লাগে। কাম নাই, বন নাই সন্ধিয়াতে ঘৰত সোমাই কি কৰি থাকিম মই।”

 “সেইসোপা খাই খাই মৰিবি তই।” হিমানীয়ে কান্দোন ৰখাব নোৱাৰিলে। পোনা ওলাই যোৱাৰ ফালে চাই উচুপি থাকোঁতেই ফোনটো বাজি উঠাত দেখিলে অনুৰ ফোন। ইচ্ছা কৰিয়েই ফোনটো নধৰিলে। কিছু সময়ৰ পাছত ফোনটো আকৌ বাজি উঠিল। দেখিলে জীয়েকৰে ফোন। ফোনটো ৰিচিভ কৰি হিমানীয়ে ক’লে,

“কচোন।”

“কি কৰিছ মা? ”

“আছোঁ আৰু, এনেয়ে!”

“গাটো বেয়া নেকি?”

“নহয় অʼ৷ ভাত ৰান্ধিছনে? অনুৱে উদ্বিগ্নতাৰে সুধিলে।

“নাই ৰন্ধা।”

“ই আছেনে ঘৰত? ’’

“আছিলে এইমাত্ৰ ওলাই গৈছে।” হিমানীয়ে কান্দোন ৰখাব নোৱাৰিলে। সেয়ে ফোনটো কাটি দিলে। ফোনটো আকৌ বাজিছিল যদিও ধৰিবলৈ ইচ্ছা নগ’ল। হিমানী  বাৰাণ্ডাৰ চকীখনতে বহি পৰিল। বাৰে বাৰে শৰৎ শৰ্মাৰ মুখখন চকুৰ আগত ভাহি আহিল। মদৰ দোকানখন হোৱাৰ পৰা জৰিগুৰিৰ প্ৰায়বোৰ ডেকাই মদ খাবলৈ শিকিলে। আগতে লুকাই-চুৰকৈ খাইছিল যদিও এতিয়া মাছে- মঙহে মুকলিকৈয়ে খাবলৈ ঠাই এখন হোৱাত সমাজেও বাধা দিব নোৱৰা হ’ল। সমাজখনে যেন শৰৎ শৰ্মাহঁতৰ সিদ্ধান্তবোৰ মানি ল’লে। মদ খোৱাটো সামাজিক অপৰাধ নহৈ সামাজিক ষ্টেটাছ হৈ পৰিল। আগতে কাৰোবাৰ ঘৰত জন্ম দিন হৈছিল ঘৰতে অনুষ্টুপীয়াকৈ কিবা এটাৰ আয়োজন চলিছিল। আজিকালি আকৌ কথাটো সুকীয়া হ’ল। দিনত ঘৰুৱাভাৱে হ’লেও ধনীবোৰে সুৰভিত নাচ-গানৰ আয়োজন কৰি পাৰ্টী দিবলৈ ল’লে। ৰাতি এডোখৰলৈকে পাৰ্টীৰ নামত উখল-মাখল লাগি থাকে অসম আন্দোলনৰ নেতাই আৰম্ভ কৰা মদৰ দোকানত। হিমানীৰ দৰে মানুহবোৰে কেতিয়াবা ভাবে, নেতাবোৰে বাৰু অসম আন্দোলনৰ কথা একেবাৰে পাহৰিলে নেকি? কিয় হৈছিল অসম আন্দোলন? ৮৫৫ জন শ্বহীদৰ বাবে নেতাবোৰে কি কৰিলে? কেইজন বিদেশী খেদিলে নেতাবোৰে। আছুৰ সভাপতি হৈ সাংসদ হ’ল, মুখ্যমন্ত্ৰী হ’ল, কেন্দ্ৰীয় মন্ত্ৰী হ’ল, অসম চুক্তিৰ, দাবী চনদৰ কোনবোৰ কাম কৰিলে জাতিৰ নায়কসকলে!

অলপ দিনৰ আগলৈকে নীলয়ো এই কথাবোৰকে কৈ আছিল। কা আইনৰ জৰিয়তে অসমীয়া সুৰক্ষিত হ’ব বুলি বিদেশীক অসমলৈ আদৰি অনা কাৰ্যই অসম চুক্তি যে মূল্যহীন কৰিলে সেই কথা কৈ নীলই কৈছিল- অসম আন্দোলনৰ পাছত অসমীয়াই আজিলৈকে ৰাজহাড় পোন কৰি থিয় হ’ব পৰা কোনো এজন নেতা নাপালে। ‘জয় আই অসম’ ৰ নামত ৰাজনৈতিক বেপাৰ কৰি ব্যক্তি স্বাৰ্থ আৰু ভোগ বিলাসৰ বাবে অসমী আইক বাৰে বাৰে অপমান কৰি এবাৰো বিবেক দংশন নহয় আমাৰ নেতাবোৰৰ। পানী হিলৈ ফুটাই থকা অসমীয়া নিগমে মৰিব এই বান্দৰমখাৰ বাবে।”

হিমানীয়ে সেইদিনা একো কোৱা নাছিল নীলক। কংগ্ৰেছী ৰত্নদালৈ বিয়া হোৱাটো নীলই একেবাৰে সহিব পৰা নাছিল সেই সময়ত। কিন্তু আজি আৰু কংগ্ৰেছ বুলি একো কথা নাইকিয়া হ’ল। জাতিটোক ঠগ, প্ৰৱঞ্চনা কৰি ছহিদৰ কথা কৈ কৈ ৰণ জিনা নেতাৰ দুমুখীয়া কথা এতিয়া মদৰ গিলাছত বুৰ গ’ল বুলিয়েই সকলোৱে ভাবে। জৰিগুৰিৰ নেতাবোৰো সেই একে সোঁততে উটি যোৱাৰ সময়ত ভাবি হিমানী গৈ গৈ গোহালিটোৰ ওচৰ পালেগৈ। হালোৱা গৰুহাল বেচি দিয়াৰ পাছত আজিকালি গোহালিটো উদং হৈ থাকে। এইহেন খেতি পথাৰৰ দিনতো মানুহবোৰৰ ৰোৱা-তোলাৰ প্ৰতি অলপো আগ্ৰহ নাই। চাকৰি-বাকৰি থকাবোৰে বান্দৰৰ উপদ্ৰৱত খেতি এৰাৰ দৰেই দুখীয়া-নিছলাকেইঘৰে ৰেচনৰ চাউল খাই হিতাধিকাৰীৰ বিছনাত মহাজনৰ দৰে শুই-বহি কটাইছে।

গোহালিৰ আঁঠুৱাখন এবাৰ চাই-চিতি মিলিটেৰীলৈ ফোনটো লগালে। ৰিং কৰি কৰি ফোনটো কাট খাই গ’ল। কেতিয়াবা ভাবে নাই মিলিটেৰীৰ সৈতে আৰু কোনো সম্পৰ্ক নাৰাখে। কেতিয়াবা নিজেই নিজকে সোধে- খগেন মিলিটেৰী তাইৰ কোননো বুলি। সম্বন্ধৰ কোনো এটা বাটতে মিলিটেৰীক থিয় কৰাই ৰাখিব নোৱাৰি দুচকু মুদি দিয়ে। তেনে সময়ত চাৎকৈ মনলৈ আহে মিলিটেৰীয়ে সদায়ে ক’ব বিচৰা কথাটো। মিলিটেৰীয়ে হোৱাই-নোহোৱাই কৈ থাকে “মানুহৰ মৰমতকৈ পৃথিৱীত ডাঙৰ বস্তু একো নাই হিমানী।”

 “কোনে কৈছে?”

 “ময়ে কৈছোঁ।” মিলিটেৰীয়ে কয়।

“তেতিয়া হ’লে কাৰোবাৰ পৰা মৰম বিচাৰি লʼলেই হ’ল।”

“নাই অʼ, সকলো মৰম একে নহয়। সকলো মৰমৰ মাজত মানুহ কুশলে থাকিব নোৱাৰে।’’

 “হ’ব, থোৱাঁ তোমাৰ গীত-মাত।’’

ঢমক খাই মিলিটেৰী যাওঁগৈ বুলি গুচি যায়। তাৰ পাছত আকৌ আহে। গলগলীয়া মাতেৰে গাই আহে, “প্ৰথম জগালোঁ ময়ে তন্দ্ৰলসা গাভৰুক মনোৰমা হিয়াৰ তোমাৰ।”

 “পঞ্জাবত থাকোতেই সেইবোৰ লিখিছিলা।”

“তোমাৰ মনত আছে।”

“এখেতেও গাই শুনাইছিল।”

তেনেকৈয়ে আৰম্ভ হয় আৰু এটা অধ্যায়ৰ। কথাৰ মাজে মাজে চাহ- ভাতৰ যোগাৰ কৰে। থৰ লাগি হিমানীৰ বগা কাপোৰ সাজলৈ চাই থাকে মিলিটেৰীয়ে। বগা কাপোৰ সাজ একেবাৰে সহিব নোৱাৰি কেতিয়াবা কয়, “আজিকালি আৰু বগা সাজ পিন্ধি নাথাকে।”

“কিয়? হিমানীয়ে সোধো বুলিয়েই সোধে।

“দেখা নাই।”

“দেখিছোঁ। সেই বুলি আৰু গাত চেকা লগাবৰ মন নাই মোৰ ৰঙা-নীলা কাপোৰ পিন্ধি। মানুহে ভাবিব তোমাৰ বাবেই মই বগা সাজ এৰিলোঁ।”

“হেই কি যে কোৱাঁ তুমি। লেকিন আজিকালি বগা সাজ নিপিন্ধে আৰু।”

মিলিটেৰীয়ে যিদিনাই বগা সাজযোৰৰ কথা কয় সেই দিনাই হিমানীয়ে মাকক সপোনত দেখে। মাজৰাতিও অকলশৰে উচুপি থাকে। ভয় লাগে। এখন অভাৱনীয় ছবিয়ে অজগৰ হৈ গ্ৰাস কৰি আনিব খোজে ভৰিৰ পৰা মূৰলৈ।

হিমানীৰ বিয়াৰ পাছতে দেউতাক ঢুকাইছিল। মাকৰ বয়স তেতিয়া আঢ়ৈকুৰিৰ ওচৰ চাপিছিল। হিমানীৰ বিয়াত পিন্ধিবলৈ অনা  কাপোৰৰ পৰা আৰম্ভ কৰি  বিধ বিধ কাপোৰেৰে  ভৰি আছিল মাকৰ বাকচ। কোনো দিনেই সেই কাপোৰ পিন্ধাৰ হাবিয়াস হোৱা নাছিল । ৰোগ শয্যাত ঢলি পৰা সময়ত মাক আকৌ গাভৰু- বোৱাৰী হ’ব খুজিছিল। পুৱাই যেনে তেনে- গাটো তিয়াই আইনাখন লৈ দীঘলীয়াকৈ সেন্দুৰৰ ফোঁট লৈছিল। নতুন হৈ থকা কাপোৰ পিন্ধি হোৱাই- নোহোৱাই চিঞৰি আছিল- মোৰ বিয়া হ’ব নহয়। যামগৈ আৰু এইখন ঘৰৰ পৰা।” মাকৰ সেইৰূপ দেখি নাতিনীয়েকহঁতে হাঁহিছিল। আইতাকে দহ- বাৰ বছৰীয়া হাঁহিবোৰ তল পেলাই সোলা মাতেৰে গাইছিল-

                     অ’ মন তগৰ

                     আজি শুদা হ’ব

                     অযোধ্যা নগৰ।

মাকৰ হৃদয় ভগা মাত শুনি হিমানীৰ সৰু ককায়েক ওচৰ চাপি আহিছিল। নিমাত হৈ গৈছিল মাকৰ সেইৰূপ দেখি। দগমগীয়া সেন্দুৰত জুই জ্বলি উঠাৰ দৰে লাগিছিল। তেনে এক ৰূপতে মাকক দেখিছিলগৈ হিমানীয়ে। বগা সাজৰ সলনি পাটৰ কাপোৰ পিন্ধি থকা মাকৰ মুখখন জিলিকি উঠাৰ সময়তে হিমানীয়ে এদিন সোধো বুলিয়েই  মিলিটেৰীক কৈছিল - “কথা এটা সোধোনে?”

“সোধাঁ।”

“এখেত জীয়াই থাকোঁতেও তুমি মোক এনেদৰেই লগ পাই থাকিব খুজিছিলানে?”

“নাই, নাই একেবাৰে নাই থকা। সেইভাব মোৰ মনত একেবাৰে নাছিল। কিন্তু তোমাৰ মুখ মই সদায় আঁকি ফুৰিছিলোঁ। কাশ্মীৰত থাকোঁতে তোমাৰ উলংগ ফটো এখন আঁকিছিলোঁ মই।”

“কিয়, কিয় আঁকিছিলা তেনে ফটো।’ হিমানীৰ খং উঠিছিল।

 “মন গৈছিল। বিশ্বাস কৰা মই কোনো দিনে তোমাক ...!”

“মিছা নকʼবা। নীলই এদিন কথাৰ প্ৰসংগত কিবা এটা কোৱা যেন লাগিছিল।”

 “নাই। ৰত্নদাৰ নামত শপত খাই কৈছোঁ, মই কেতিয়াও তেনে কথা মনলৈ অনা নাছিলোঁ। অৱশ্যে...।”

“সেয়া...!”

“বিশ্বাস কৰাঁ । মই যে কাৰোবাৰ মৰমত জীয়াই আছো সেইটো মনে মনে ভাবিছিলোঁ।”

“মিছা কৈছা তুমি। তোমাৰ মুখলৈ চায়ে গম পাইছিলোঁ মই। আমাৰ এখেতে কিন্তু অসম আন্দোলনৰ কথা ওলালেই খং কৰিছিল। পাছতহে গম পালোঁ আন্দোলনৰ মাজতে তোমাৰ- মোৰ যে সম্পৰ্ক এটা গঢ়ি উঠিছিল এখেতে বোধহয় জানিছিল।”

আন্ধাৰত বহি কথাবোৰ ভাবি থাকোঁতেই আকৌ ফোনটো বাজি উঠিল। অচিনাকি নম্বৰটো ৰিচিভ কৰোঁ-নকৰোঁকৈ থাকোঁতেই ৰিচিভ কৰিলে। ফোনৰ সিপাৰে এক হুলস্থুলীয়া পৰিৱেশৰ উমান পালে। তাৰ মাজতে কোনোবা এজনে ক’লে, ”আপুনি হিমানী বাইদেউ হয়নে বাৰু...?”

“হয়, হয় কোনে কৈছে?”

“মই জৰিগুৰি থানাৰ পৰা কৈছোঁ। আপোনাৰ লʼৰাটোৰ এক্সিডেণ্ট এটা হৈছে, সোনকালে থানালৈ আহকচোন।”

কথাটো শুনিয়েই হিমানীৰ হাতে-ভৰিয়ে কঁপনি উঠিল। ’পোনা পোনা’ বুলি চিঞৰি উঠাৰ সময়তে আকৌ ফোনটো বাজি উঠিল।

(ক্ৰমশঃ)

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ