অংকুৰ ৰঞ্জন ফুকন
‘…গতিকে সেই মন:সংযোগটো আমি সকলো কবিয়েই ৰাখিব লাগে।’- অনুভৱ
তুলসী
কোনো মন:সংযোগ নথকাকৈ শ্ৰদ্বাৰ্ঘ্যৰূপে খৰধৰকৈ কিবা এটা
লিখাটো আপোনাৰ কবি-প্ৰাণৰ প্ৰতি অসন্মান কৰা হ’ব। আপোনাৰ আকস্মিক-অকাল প্ৰয়াণে
দিয়া বেদনা, সেই পুত্ৰৱৎ স্নেহ,
অগণন স্মৃতি, বহু পৰিকল্পনা আপোনাৰ কায়িক উপস্থিতিত সাকাৰ
কৰিব নোৱৰাৰ ব্যৰ্থতাৰ অনুভূতি আৰু অপৰাধবোধ আজীৱন কঢ়িয়াই ফুৰিম। লাহে লাহে কিজানি মন:সংযোগ আহিব। তেতিয়া আকৌ গভীৰভাৱে নিৱিষ্ট হ’ম।
আপোনাৰ মহাপ্ৰয়াণৰ পাছত আপোনালৈ যি কথা লিখিছিলোঁ সেয়া অন্যযুগৰ যোগেদিয়ে
আপোনাৰ সেই অজান অন্যদেশলৈ পঠিয়ালোঁ।
কবি-পিতা
ভালে থাকা।
নতুন কবিতা লিখিলে আচাৰত ৰ’দ সানি, সৰু সৰু ফুল আৰু শাকবোৰত বৰষুণৰ বুটা বাছি হ’লেও পঢ়িবলৈ দিব ছাৰ। ‘দুৰ্দান্ত’
বুলি ক’ব পৰা কবিতালৈ ৰৈ থাকিম। ময়ো মোৰকেইটা পঢ়িবলৈ দিম। আপোনাৰ মুখৰপৰা
‘চমৎকাৰ’ উচ্চাৰিত নোহোৱালৈকৈ পৰিমাৰ্জন কৰিম।
যোৱা কেইমাহত আপুনি লিখি পঢ়িবলৈ দিয়া ইমানকেইটা
কবিতা- প্ৰতিটো কবিতাৰে ইটো যেন আনটোতকৈ মৃত্যুৰ ওচৰ চপা। ৰূপক-নিকট অনুষংগ
বিচাৰি আপুনি গেৰুকামুখ, হাফলং, বাংগালুৰু ভ্ৰমিছে আপুনি- সহযাত্ৰীজনে অনুমান কৰিছে, ক’ব পৰা নাই। অন্তিমটো বিমান যাত্ৰা, অন্তিমটো ৰে’ল যাত্ৰা, চালকৰূপে অন্তিমটো দীৰ্ঘ যাত্ৰা- আটাইকেইটাৰে
সহযাত্ৰীজনে আপোনাৰ এই অনন্ত যাত্ৰাৰো সহযাত্ৰী হ’ব বিচাৰিছিল। আপুনি অকলেই গ’লগৈ
ছাৰ।
তুলসীমুখৰ দোৰোণ ফুলত, পানীকাউৰীৰ চকুৰ
জলমগ্ন দৃশ্যৰে আপুনি মন পোহৰাই থাকিব। জুইচোৰ-বৰষুণৰ খেতিয়ক, মাটিভাষা-লুইতৰ পানীৰ বানান অথবা দিন-ৰাতিৰ সেই
নান্দনিক দ্বন্দ্বত আপুনি চিৰন্তন স্ব-আৱিষ্কৃত। ।
দিচাং-দিহিঙৰ ঢৌবোৰে, চোমনিৰ পলুকেইটাই,
বাখৰ বেঙেনাৰ কলিকেইটাই,
বৌদ্ধমঠৰ নিৰৱতাই,
দিকচৌ ডিফুৱে আপোনাক আকৌ
কৰিব আৱাহন…
কেম্প নাউ-ছাণ্টিয়াগো বাৰ্ণাবেউৱে, আইফেল টাৱাৰৰ উচ্চতাই, পিৰামিডৰ জ্যামিতিয়ে,
নীলৰ এটোপাল পানীয়ে,
আমষ্টাৰডামৰ পেইণ্টিংকেইখনে
সেই মুগ্ধ মানুহজনক পাহৰি নাযায়। মোৰ ভাবী পাছপ’ৰ্টখনে যি দেখুৱাব নোৱাৰিব কাহানিও,
সেই আপোনাৰ চকুৰে চালোঁ,
ইমান উপহাৰ ! এই দৃষ্টি
বিনিময়ো উপহাৰেই নহয় জানো !
সংজ্ঞাশূন্য হোৱাৰ আগদিনা আমাৰ ‘পিৰালি’ত দিয়া পদধূলা- সেয়া শেষ সাক্ষাৎ
নাছিল। আকৌ আহিব । আমাৰ কণমানি ‘পিৰালি’ক কৰি যাবহি পোহৰ।
আমাজনৰপৰা মোক অৰ্ডাৰ কৰিবলৈ দিয়া চীনামাটিৰ পিয়লাকেইটা চ’ৰাঘৰতে ৰাখি থ’ম। মন
গ’লেই আহিব। চাহ কৰিম। সেইকেইটাতে খাব পাৰিব।
কবিতাত লগ পাই থাকিম। স্মৃতি আৰু সপোনতো।
নতুন জীৱনত আমি বহু কবিতা লিখিবলৈ আছে, বহু ঠাই ফূৰিবলৈ আছে। সোনকালে লগ পাম।
ভালে থাকিবা
মোৰ কবি-পিতা