অন্যযুগ/


বেংডোবাৰ ঘাট

জয়ন্ত মাধৱ বৰা


৷৷আঠ৷৷


পুৱাই ভয়, আতংক আৰু উত্তেজনাত কঁপি উঠিল বেংডোবাৰ পাৰ৷ যেন আকৌ এবাৰ ভাঙি পৰিল নৈঋতত জ্বলি উঠা বেংডোবাৰ ওপৰৰ বেলি আৰু পানীত ওপঙি উঠিল মৃত্যুৰ নগ্নতা৷ কোনোবাই চিঞৰিলে– ‘বেংডোবাই আৰো নিল, বেংডোবাই আৰো নিল৷’ কি নিলে, কোনে নিলে, ঘটনাটো কি, একো নজনাকৈ, একো গম নোলোৱাকৈ দুই এজন দৌৰি যোৱাৰ লগে লগে বাকীবোৰো বেংডোবাৰ ফালে দৌৰিবলৈ ধৰিলে৷

: কি হ’ল

: নাজানং৷

: নাজানা যদি দাওৰিছা কিয়

: মানুহগিলা দাওৰিছে দেখা পোৱা নাই? কি হৈছে চাবা আহিছোং৷ 

সকলো ঢাপলি মেলিছে বেংডোবাৰ পাৰলৈ৷ বেংডোবাৰ পানীত ওপঙি আছে চন্দ্ৰৰ নিথৰ দেহ৷ পাৰত ৰৈ বিস্ময় বিস্ফাৰিত নয়নেৰে মানুহবোৰে চাই আছে৷ সৰু সৰু ল’ৰা-চোৱালীবোৰেও আলেঙে আলেঙে চুচুক-চামাককৈ আহি ভয়ে ভয়ে চাইছে বেংডোবাৰ পানীলৈ৷ ডাঙৰবোৰে সিহঁতক ধমকি দিছে–‘এই ছানামাখা, তুহা ইয়াত কিয় আহিছা? লাগে? যা, যা ঘৰত যা’৷ পানীযুঁৱলিত কাতি হৈ লাগি থকা চন্দ্ৰৰ মৃতদেহটোলৈ চাই কাৰোবাৰ মুখৰ পৰা আপোনা-আপুনি ওলাই আহিছে– ‘ৰাতিকালা ই ইয়াত মৰবা কিয় আইছিল?’

: আৰে যখিনীয়ে টানি আন্‌ছে৷

: ধুৰ, কিমানবা গেলা খাইছে, মাটি, পানী চিন নাপোৱা হৈছে৷

: গেলা খালিও সি ঘৰত যাবা এৰি ইয়াত কিয় আইছিল?

: গললাগি খালি ক’ত হুচ্‌ থাক্‌ব?

: সিতো আগতে ইমান মদাহী নাছিল?

: তিৰি মৰাৰ পাছতহে এংকা হ’ল৷

: ঠিকে কৈছা, তিৰিটাই তাক বেংডোবাত টানি আনিল৷

বেংডোবাৰ পাৰত অলেখ কথা৷ বেংডোবাৰ পাৰত অতীতৰ শেলুৱৈৰ দৰে গোট মৰা পিছল আন্ধাৰ, বৰফৰ দৰে চেঁচা৷ চুলেই গা সিৰসিৰাই যায়৷ বেংডোবাৰ পাৰত আকৌ বাজিছে কৰুণ সুৰৰ গীত এটা৷ বেংডোবাই সাঁচি থ’লে আৰু এটা কাহিনী৷ বন্ধ পানীৰ মাজত কক্‌বকাই উঠে কাহিনীবোৰে৷ তেতিয়াই দূৰৈৰ পাহাৰত থকা যখিনীবোৰে হাঁহে হি হি হি..৷ চন্দ্ৰৰ ঘটনাটোৰ কথা গণেশে বহু পলমকৈ গম পালে৷ কালি চন্দ্ৰক বিচাৰি নোপোৱাৰ পাছত সি আহি নিজৰ ঘৰত শুই থাকিল৷ ভাবিলে তাৰ দোকানৰ সমস্যাটোৰ কথা পাতিবলৈকে ক’ৰবালৈ গৈছে, আহোঁতে পলম হ’ব৷ তাক বিচাৰি নোপোৱাৰ কথাটোত গণেশে সামান্যতমো গুৰুত্ব দিয়া নাছিল৷ ভাগৰে-জুগৰে আহি নিজৰ ঘৰটোতে শুই পৰিছিল৷ ৰাতিপুৱা তাৰ ঘৰৰ দুৱাৰত কোনোবাই ঢকিওৱাৰ শব্দতহে সি সাৰ পালে৷ খপ্‌জপ্‌কৈ উঠি চকু মোহাৰি মোহাৰি দুৱাৰখন খুলি দিয়েই তাৰ চকু থৰ হৈ গ’ল–ঘৰৰ সন্মুখত পুলিচ আৰু গাঁৱৰ বহুত মানুহ৷ বিস্ময় বিস্ফোৰিত নেত্ৰে সি অলপ সময় চাই থাকিল৷ পুলিচ এজনে হাতত ধৰি তাক বাহিৰলৈ উলিয়াই আনিলে৷

: ইমান দেৰিলৈকে শুই আছ যে? ৰাতি ক’ত গৈছিলি? –পুলিচ অফিচাৰজনে ধমকি দিয়াৰ দৰে সুধিলে৷ গণেশৰ এইবাৰ ভয় লাগিল৷ পুলিচ অহা মানে ভয়ৰ কথাই৷ কিবা জগৰ নলগালে পুলিচ এনেয়ে কিয় আহিব? পুলিচ আহিবলগা কি কাম কৰিলে, এই সময়ত অন্ততঃ তাৰ মূৰটোৱে চিন্তা কৰি উলিয়াব নোৱাৰিলে৷ ভয়ত কোৱাৰ দৰে ক’লে– ‘কালি আমি একো কাজিয়া লাগা নাই৷ তাহা দোকান দিবা নেদা কাৰ্‌ণে খঙতে চন্দ্ৰ ক’তবা গেল৷ মুই একেলায় দিনটা থাকিলোং৷ তাহাও একো ন’কাল, ময়ো একো নকলুং’৷

: চন্দ্ৰ যে ক’ৰবালৈ গুচি গ’ল বুলি ক’লি, ক’লৈ গ’ল?

: নাজানং৷ গধূলা তাক তাৰ ঘৰত বিচিৰায় আহিলোং৷ নাপালোং৷ ভাবিলোং কিবা কামত গিছে৷

: যাওঁতে তোক একো কৈ যোৱা নাই? : নাই৷ দোকান দিবা নেদা কাৰ্‌ণে খঙত ৰাস্তাতে বহি আছিল৷ কিতিয়া ক’ত গেল মুই গম নাপালোঁং৷

: সি আগতে বেংডোবাৰ ফালে যায় নেকি?

: মুই লগত থাকা সময়ত যাৱা নাই৷

: তোৰ লগত সি বেংডোবাৰ কথা পাতিছিল নেকি? : নাই৷ সি খালি কামৰ ধান্দাতে থাকে৷

: সি মদ খায় নেকি?

: দোকানৰ পৰা আহি অলপ খায়৷– কৈয়েই গণেশ চিন্তিত হৈ পৰিল৷ চন্দ্ৰৰ কথা তাক ইমানকৈ সুধি আছে কিয়? চন্দ্ৰই নকৰিবলগীয়া কিবা এটা কৰা নাইতো? গণেশে আচৰিত হৈ সন্মুখত থিয় হৈ থকা গাঁৱৰ মানুহখিনিৰ মুখলৈ চালে৷ জুমটোৰ মাজৰে কোনোবা এটাই ডাঙৰকৈ ক’লে– ‘তুহা কালি ৰাতি কঁহাই গেলা খাবা গিছিলি?’ গণেশৰ খং উঠি গ’ল–‘কিমান ক’বা লাগে সি দিফিৰাতে মোক নোকোৱা কৰি ক’তবা গুচি গেল৷ বেলাভাটী তাক বহুত বিচিৰালোং৷ নাপালোং৷ মুই ঘৰত আহি ঘুমটি মাৰিলোং৷

: ইতিয়া বেংডোবাত ভাহি আছে৷

: হা? কি? বিশ্বাস-অবিশ্বাসৰ দোমোজাত অলপ সময়ৰ বাবে গণেশে একো চিন্তা কৰিব নোৱাৰা হ’ল৷ বেংডোবাত পৰি চন্দ্ৰ মৰিল, সঁচানে কথাটো? মূৰে-কপালে হাত দি সি দুৱাৰখনৰ ওচৰতে বহি দিলে৷ প্ৰতি ক্ষেত্ৰতেই তাৰ লগতেই বেয়াবোৰ কিয় হয়? চন্দ্ৰক লগ পোৱাৰ পাছৰে পৰা তাৰ জীৱনটোৱে গতি লৈছিল৷ মুজুৰা পৰা মনটো প্ৰাণ পাই উঠিছিল৷ ভৱিষ্যতৰ প্ৰতি আশাবাদী হৈ পৰিছিল৷ কিবা এটা কৰাৰ হেঁপাহত আকৌ এবাৰ উৎসাহী হৈ উঠিছিল৷ হঠাৎ চন্দ্ৰৰ ঘৈণীয়েক মৰি গ’ল আৰু শেষত সিও আঁতৰি গ’ল৷ কিয় হয় তাৰ লগত সদাই এনেকুৱা? পুলিচ আৰু মানুহখিনিৰ লগতে সিয়ো বেংডোবাৰ পাৰলৈ আহিল৷ চন্দ্ৰৰ শটো পাৰৰ মাটিতে পৰি আছে৷ মানুহবোৰ জুম বান্ধি বান্ধি থিয় হৈ আছে৷ থিয় হৈ থকা মানুহবোৰে এনেদৰে তাৰ ফালে চালে যেন সিহে চন্দ্ৰক বেংডোবালৈ ঠেলা মাৰি দি মাৰি পেলালে আৰু সেইকাৰণেই পুলিচে তাক ধৰি আনিছে৷ শটোৰ ওচৰত থিয় হৈ গণেশে কপাল সংকুচিত কৰি শটোলৈ চালে৷ চন্দ্ৰই এই কামটো কিয় কৰিলে? বেংডোবাৰ পাৰলৈ ৰাতিখন সি কিয় আহিছিল? দোকানখন দিয়াক লৈ গণ্ডগোলখিনি লাগিল বুলিয়েই এনেকুৱা এটা কাম কৰিব লাগেনে? নে বেংডোবাই তাক মাতি আনিলে? প্ৰতি বছৰেই বেংডোবাই মতা এটাক লয় বুলি প্ৰবাদ এটা আছে যে, এই ঘটনাটোৱে সেইটোকে সত্য বুলি প্ৰমাণিত কৰিলে নেকি? গোটেইখন মায়াৰ মাজত সোমাই থকা যেন লাগিছে৷ ক্ৰমশঃ যেন কায়াহীন হৈ পৰিছে বেংডোবাৰ পাৰৰ গছ-লতিকা আৰু হু হু শূন্যতাৰ ভৰত যেন উশাহ ল’ব নোৱাৰা অৱস্থা এটাৰ সৃষ্টি হৈছে৷ চন্দ্ৰৰ শৱদেহটো পুলিচে লৈ গ’ল৷ কিবা বোলে প’ষ্টমৰ্টেম কৰিব লাগিব হেনো৷ এইটো বোলে নিয়ম৷ বেংডোবাৰ পানীতে মুখখন ধুই চন্দ্ৰও লগতে গ’ল৷ বেংডোবাৰ পানী স্পৰ্শ কৰোঁতে তাৰ গাটো সিৰক্‌কৈ উঠিছিল৷ লঘোণে-ভোকে দিনটো গণেশ হচপিটালখনতে ইফাল-সিফাল কৰি থাকিবলগা হ’ল৷ প’ষ্টমৰ্টেম কৰা ডাক্তৰ অহা নাই বাবে চন্দ্ৰৰ শৱদেহটো উলিয়াই দিয়া নাই৷ শটো নিনিয়াকে সি যাবও নোৱাৰে৷ চন্দ্ৰৰ কামবোৰ কৰিবলৈ তাৰ বাহিৰে আৰু কোনো নাই৷ তাৰ ল’ৰা-ছোৱালী নাছিল৷ বংশৰ মানুহবোৰো দুধনৈৰ পৰা বহু ভিতৰৰ গাঁও এখনত থাকে৷ বহুদিনৰ আগতে চন্দ্ৰৰ বাপেক ইয়ালৈ উঠি আহিছিল৷ তাৰো ককাই-ভাই বুলিবলৈ কোনো নাছিল৷ অকল সিয়েই ল’ৰা৷ বাপেক-মাক মৰাৰ পাছত সি অকলশৰীয়া হৈছিল৷ তেতিয়াই সি গণেশৰ পুতলা থিয়েটাৰত চাহ যোগনীয়াৰ হিচাপে সোমাইছিল৷ গণেশৰ পুতলা থিয়েটাৰ বন্ধ হোৱাৰ পাছত সি ধুপধৰা বজাৰৰ হোটেল এখনত কৰ্মচাৰী হিচাপে সোমাইছিল৷ কিছুদিনৰ পাছতে সি নিজাকৈ চাহৰ দোকান আৰম্ভ কৰিলে৷ তেতিয়াই পিপলীবাৰীৰ ছোৱালী এজনীৰ লগত তাৰ মনৰ মিল হ’ল৷ আগৰ দিনত হোৱা হ’লে কিমান যে নীতি-নিয়ম কৰি বিয়া পাতি ছোৱালী আনিবলগা হ’লহেঁতেন৷ কিন্তু চন্দ্ৰৰ কাৰণে কোনে কৰিব? বংশ পৰিয়াল বুলিবলৈ কোনো নাই৷ দোকানতে ওচৰত যাকে পালে তেওঁকেই বিস্কুটৰ সৈতে চাহ একাপ খুৱালে আৰু ছোৱালীক লৈ আনি ঘৰ সুমুৱালে৷ ঘৰ বুলিবলৈ টিনপাতৰ দুটা কোঠাৰ চালি এখন৷ মানুহজনী অহাৰ পাছত সেইটোকে আটোমটোকাৰিকৈ ঘৰৰ নিচিনাকৈ ৰাখিছিল তাই৷ দুবছৰ পাৰ হোৱাৰ পাছতো সিহঁতৰ ল’ৰা-ছোৱালী হোৱা নাছিল৷ তাৰ কাৰণে কিন্তু চন্দ্ৰৰ কোনো আক্ষেপ নাছিল– ‘ইগিলা ভাগ্যৰ কথা৷ ভাগ্যত থাকিলি হ’ব, নাথাকিলি নাই৷ তাৰ কাৰণে তাইক দোষ দি কি হ’ব?’ চন্দ্ৰই ঘৈণীয়েকক ভাল পাইছিল৷ ভাল পাই বিয়া কৰি অনা ছোৱালীজনীয়েই সৌ সিদিনা মৰি থাকিল৷ সকামৰ মাজতে সি এদিন কৈছিল– ‘মোৰ কাৰণেই তাই মুৰিল৷ আগতে মেডিকেলত নিলি তাই বাচি থাকিল হৈ৷’ সি অনুতপ্ত হৈছিল৷ বোধহয় খুব অকলশৰীয়া অনুভৱ কৰিছিল৷ গণেশ অকনমান আঁতৰ হ’লেই চিঞৰ-বাখৰ লগাইছিল– ‘ক’হাঁই গি’লি? ক’হাঁই গি’লি?’

সেই মানুহটোৱেই কালি বেংডোবাত পৰি মৰি থাকিল৷ সি মৰাৰ লগে লগে সিযে পৃথিৱীলৈ আহিছিল, তাৰ চিন-মোকামো নাইকিয়া হ’ল৷ মানুহেও পাহৰি যাব কিছুদিনৰ পাছতে৷ চন্দ্ৰৰ কথাবোৰ ভাবি ভাবি গণেশৰ দুখ লাগিল৷ পুতলা থিয়েটাৰত থকাৰ সময়ত তাক সি সদাই কেটেৰা-জেঙেৰা কৰি কথা কৈছিল৷ সি তেনেকুৱা ব্যৱহাৰ কৰাৰ বাবে বাকীবোৰেও তাক ঠাট্টা-মস্কৰা কৰিছিল৷ সিহঁতৰ তেনেকুৱা ব্যৱহাৰত সিযে দুখ পাইছিল, সেই কথা সিহঁতে তেতিয়া এবাৰলৈও অনুভৱ কৰা নাছিল৷ আজি সেইবোৰ কথা তাৰ মনত পৰিছে৷ কথাবোৰ মনলৈ আহি মনটো গধুৰ কৰি তুলিছে৷ বেয়া লাগিছে৷ অনুতপ্ত হৈছে৷ অতীতৰ দিনবোৰ আকৌ ঘূৰাই পোৱাহেঁতেন সেই ভুলবোৰ নকৰিলেহেঁতেন৷ নিশা আঠমান বজাত প’ষ্টমৰ্টেমৰ কাম হ’ল বুলি তাক জনালে৷ হচপিটালৰে এজনে তাক মাতি নি ক’লে– ‘এইবোৰত চহী কৰক৷ তাৰ পাছত ডে’ডবডিটো লৈ যাব পাৰিব’৷

: এই ৰাতিকালা কেংকা কুৰি নিম? –গণেশে অসহায় হৈ ক’লে৷

: গাড়ীত লৈ যাওক৷ ডে’ডবডি নিয়া গাড়ী ভাড়াত পায়তো৷

: মোৰ লগত এক টাকাও নাই৷মাৰ মোৰ হাতত টকা নাই৷

: তেতিয়াহ’লে ডে’ডবডিটো কি ইয়াতে পেলাই থ’ব নেকি?

: কালি দিনত লৈ যাম

: নহ’ব নহ’ব, ডাক্তৰক সুধিব লাগিব৷ হচপিটালৰ নিয়ম মতেহে হ’ব৷

হচপিটালৰ কৰ্মচাৰীজন খৰখোজে ভিতৰলৈ সোমাই গ’ল৷ বোধহয় ডাক্তৰক সুধিবলৈ গৈছে৷ ডাক্তৰে যদি শটো নিব লাগিবই বুলি কয়, সিতো মহাবিপদত পৰিব৷ গণেশে আৰু দ্বিতীয়বাৰ একো নাভাবিলে৷ হচপিটালৰ পৰা পলাই অহাদি গুচি আহিল৷ খৰখোজে গাঁৱৰ ফালে আহি থাকোঁতে সি ভাবিলে হীৰা দোকানীৰ ঠেলাখনকে লৈ সি আকৌ আহিব৷ গাঁৱৰ দুজনমানকো লগত আহিবলৈ অনুৰোধ কৰিব৷ মানুহ বেছি হ’লে হচপিটালৰ নিয়মবোৰো সলনি হৈ যাব চাগে৷ টকাৰেই ক্ষমতাশালী হওক বা বাহুবলৰেই ক্ষমতাশালী হওক, আজিকালি ক্ষমতাশালী হ’লেই নীতি-নিয়ম সকলো তেওঁৰ ফালেই যায়৷ আগতে সমাজত আদৰ্শক খামুচি ধৰি থকাজনে আগস্থান পাইছিল৷ আজিকালি টকা থকাজনে আগস্থান পায়৷ সেই টকা তেওঁ কেনেকৈ ঘটিছিল সেই কথা জানিলেও আগস্থান পায়, নাজানিলেও আগস্থান পায়৷ মুঠতে টকা থাকিলেই হ’ল৷ গাঁও আহি পাওঁতে ৰাতি ভালেখিনি হ’ল৷ এই ৰাতিখন যে গাঁৱৰ কোনোবা তাৰ লগত আকৌ হচপিটাললৈ যাব, আশা নাই৷ তথাপি সি ওচৰৰে দুজনমানক চিঞৰি চিঞৰি মাতিলে৷ লীলা আৰু বেণু ওলাই আহিল৷ শুইছিলেই৷ তাৰ চিঞৰ শুনি উঠি আহিছে৷ ৰাতিপুৱা চন্দ্ৰৰ শটো পুলিচে লৈ যোৱাৰ পাছৰে পৰা দিনটো গাঁওখনত সেইবোৰ কথাই আলোচনা হৈ আছিল৷ এতিয়া গণেশে চিঞৰি মতাত দুয়োটা দৌৰা-দৌৰিকৈ ওলাই আহিল৷

: কি হ’ল? দিনটো ক’ত আছিলি? লাচটা পুলিচে দিয়া নাই নাকি? – লীলাই উশাহ নসলোৱাকৈ সুধিলে৷ গণেশে এফালৰ পৰা সকলো কথা কৈ গ’ল৷ শেষত ক’লে, চন্দ্ৰৰ শটো লৈ আহিবলৈ কৈছিল, গাড়ী ভাড়া কৰিবলৈ তাৰ হাতত টকা নাই বাবে পলাই গুছি আহিল৷ লীলা আৰু বেণু বিবুদ্ধিত পৰিল৷ গণেশকো দোষ দিব নোৱাৰি৷ হাতত টকা নাথাকিলেনো বেচেৰাই অকলে কি কৰিব?

: লাচটোতো আনিবই লাগিব৷ নহ’লে গোটেই গাঁওখনৰে বদনাম হ’ব৷ –বেণুৱে ক’লে৷ তিনিওটা আকৌ চিন্তিত হৈ পৰিল৷ এটা সময়ত লীলাই ক’লে– ‘ঠেলাখন লৈ যাং চ৷ লাচটা লৈ আহং৷’ অলপ সময় তিনিওটা থেৰো-গেৰোঁ কৰি থাকিল৷ এটা সময়ত গণেশে চোতালৰ ওচুকত থকা ঠেলাখন টানি আনিলে আৰু নিশাৰ আন্ধাৰ ফালি তিনিওটা আকৌ ৰংজুলিৰ হচপিটালখনৰ ফালে ঠেলাখন টানি টানি গৈ থাকিল৷ হচপিটাল যেতিয়া পালেগৈ, তেতিয়া নিশা দুপৰ৷ হচপিটালৰ চৌপাশে কাঁহ পৰি জীণ যোৱা নিস্তব্ধতা৷ হচপিটালৰ বাৰান্দাতে তিনিওটাই ইফালে সিফালে ঘূৰি-মেলি চালে৷ দুৱাৰৰ কাঁচৰ মাজেৰে কোঠাবোৰৰ ভিতৰলৈ জুমি জুমি চালে৷ কোঠা এটাৰ ভিতৰৰ বেঞ্চখনত মানুহ এটা শুই আছিল৷ গণেশে চিনি পালে৷ চন্দ্ৰৰ ঘৈণীয়েকক লৈ অনাৰ দিনা প্ৰথমতে এই মানুহটোকে পাইছিল৷ হচপিটালখনৰ ৰাতিৰ চকীদাৰ৷ সিদিনাও এই চকীদাৰজনে সিহঁতক সহায় কৰিছিল৷ গণেশে সাহ পালে আৰু দুৱাৰখনত ঢকিয়াবলৈ ধৰিলে৷ কেইবাবাৰো ঢকিওৱাৰ পাছত, চিঞৰাৰ পাছত মানুহজনে সাৰ পালে আৰু মূৰটো দাঙি বিৰক্তিৰে দুৱাৰখনৰ ফালে চালে– ‘কায়? কি হ’ল?’

: মুই ... মুই গণেশ....সিদিনা আইছিলোং যে তিৰী এটা লৈ, ৰাতি৷ বিৰক্তিত চকীদাৰজনে আকৌ বেঞ্চখনত মূৰটো পেলাই দিলে৷ দুৱাৰখনত ঢকিয়াবলৈ লৈয়ো গণেশ ৰৈ গ’ল৷ দুৱাৰৰ কাঁচত মুখখন লগাই সি ডাঙৰ ডাঙৰকৈ ক’লে– ‘সিদিনা যে মোৰ লগত আহিছিল, আপাটা তিৰীটাক লৈ, সি আপাটাও মৰিল৷ তাৰ লাচটা ইয়াতে আছে৷ নিৱা আহিছং৷

: কালি দিনত, দিনত৷ ভালকৈ এঘুমতি মৰাৰ বাবে মানুহজনে বেঞ্চখনতে ইকাতি হৈ শুই দিলে৷ গণেশ, লীলা, বেণু তিনিওটা অসহায় হৈ পৰিল৷ মাতি থাকিলেও যে মানুহজন নুঠে, সেইটো সিহঁতে গম পাই গ’ল৷ এই মাজনিশা সিহঁত এতিয়া যাব ক’লৈ? ইমান দূৰ খোজকাঢ়ি আহোঁতেই ভাগৰত জুৰুলা হৈ পৰিছে৷ ঘূৰি গৈ আকৌ ৰাতিপুৱা আহিবলৈ গাত শক্তি নাথাকিব৷ উপায়হীন হৈ তিনিওটা হচপিটালৰ বাৰান্দাতে বহি দিলে৷ কিছু সময়ৰ পাছতে খুটা এটাত আউজি বহি থকা বেণুৰ নাকৰ পৰা ঘৰ-ঘৰ শব্দ ওলালেই৷ বিৰক্তিত লীলাই ক’লে–‘আমি মৰি আছুং চিন্তাত, ই বেটা নাক বাজায় ঘুণ্টি মাৰিছে’৷ গণেশে একো নক’লে৷ কিছুমান মানুহে সকলো পৰিস্থিতিকে সহজভাৱে ল’ব পাৰে৷ সামান্যতমো উত্তেজিত নহৈ পৰিস্থিতিক চম্ভালি ল’ব পাৰে৷ বেণুও তেনেকুৱা৷ সেই কাৰণেই এনেকুৱা অৱস্থাত পৰাৰ পাছতো নিশ্চিন্তমনে শুই দিব পাৰিছে৷ গোটেই ৰাতিটো গণেশ আৰু লীলাই তেনেকৈ অস্থিৰ হৈয়ে কটালে৷ এবাৰ উঠি দুৱাৰৰ কাঁচৰ মাজেৰে চকীদাৰজনলৈ জুমি চায়৷ তাৰ পাছত আকৌ পকা মজিয়াখনত বহে৷ দুয়োটাই দেখিলে খুটাত আউজি থকাৰ পৰা পকা মজিয়াখনতে দীঘল দি পৰি বেণু পৰম শান্তিত শুই পৰিছে৷ অস্বস্তি আৰু বিৰক্তিত লীলাৰ মুখৰ পৰা আপোনা-আপুনি ওলাই আহিল–‘ধুৰ, কি মানু ৰে ইগিলা৷ লাচ নিবা আহি নাক বাজাই ঘুণ্টি মাৰি আছে’৷

প্ৰথমবাৰৰ বাবে সিহঁত দুটাৰ ৰাতিটো দীঘল দীঘল লাগিল৷ নুপুৱাবই যেন৷ কাহিলি কাহিলি পুৱাতে দুৱাৰখন খুলি চকীদাৰজন বাহিৰলৈ ওলাই অহাৰ লগে লগে গনেশ আৰু লীলা বহাৰ পৰা ঘপহকৈ থিয় হৈ চকীদাৰজনৰ ওচৰলৈ দৌৰি যোৱাদি গ’ল৷ সিহঁতৰ ভাৱ হ’ল চকীদাৰজনে এতিয়াই চন্দ্ৰৰ শটো উলিয়াই দিব আৰু সিহঁতে লৈ যাব পাৰিব৷ তেতিয়াও বেণু শুই থকা দেখি লীলাৰ খঙেই উঠিল–‘অই নুঠা কিয়? (অশ্লীল) ইয়াত তাপিলা পাৰি ঘুণ্টি মাৰি থাক৷ এৰি থৈ যাম৷ গম পাবি’৷

: লাচটো ঠেলাখনতে লৈ যাম৷ উলিয়াই দিয়ক৷ –গণেশে চকীদাৰদনৰ ফালে চাই ক’লে৷ চকীদাৰজনৰ কপাল সংকুচিত হৈ পৰিল– ‘কাৰ লাচ’? : সিদিনা মোৰ লগত যে আহিছিল মানুটা৷ সি বেংডোবাত পৰি মৰিল৷ কালি পুলিচে লাচটা লৈ আনছে৷ গধূলা মোক লাচটা নিবা দিবা খুজিছিল৷ মুই ঠেলা লবা যাই আৰো গাঙেত যাবা লাগা হ’ল৷ আহি পওৱাতে দিৰি হ’ল৷

: মুই সিগিলা নাজানং৷ সিগিলা কাম বেলেগে কৰে৷ ডাক্তাৰ আহিবা লাগবো৷ পুলিচৰ পাৰ্মিচন লাগবো৷ গণেশ আচৰিত হৈ গ’ল৷ কি কয় এই মানুহটোৱে? কালিতো তাক লাচটো নিবলৈ কৈছিলেই৷ আজি আকৌ উল্টা-পুল্টা? অসহায়ভাৱত সি লীলাৰ মুখলৈ চালে৷ লীলায়ো একো নুবুজাৰ দৰে তাৰ মুখলৈকে চাই আছে৷ ইতিমধ্যে বেণুও উঠি আহি সিহঁতৰ ওচৰত ৰৈছেহি৷ তিনিওটাই দেখিলে শুবলৈ অনা কাপোৰখিনি কাষলতিৰ তলত সুমুৱাই চকীদাৰজন সিহঁতৰ আগেদিয়েই হচপিটালৰ পৰা ওলাই গুচি গ’ল৷ হঠাৎ ঘটনাবোৰ যে সিহঁতে ভবাতকৈ ওলোটা হৈ যাব, সিহঁতৰ মনলৈ এবাৰো অহা নাছিল৷ এই মুহূৰ্তত কি কৰা উচিত সিহঁতে ভাবি নাপালে, কেৱল হতাশ হৈ তিনিওটাই চকীদাৰজন যোৱাৰ ফালে চাই থাকিল৷ বিবুদ্ধিত পৰি গণেশ হচপিটালৰ পকা মজিয়াখনতে বহি পৰিল৷ কালি দিনটো কষ্ট, গোটেই ৰাতিটো টোপনি খতি, শেষত এতিয়া এই পৰিস্থিতি৷ লীলাই খং আৰু ক্ষোভত ক’লে– ‘সেই যে শিৱ ঠিকাদাৰৰ ঘৰত কাম কৰা আপাটা ঠিকাদাৰৰ বাৰীতে ফাঁচী লৈছিল, তিতিয়াতো পুলিচে লাচটা লৈ গিছিল৷ চৰকাৰী কামগিলা কৰি লাষ্টত চোন মেডিকেলৰ গাড়ীতেই ঘৰত থৈ গিছে৷ সেংকা হ’লি আমি কিয় ইয়াত বহি থাক্‌বা লাগে? আমাক ঢিলা পাই খিলা মাৰ্‌বা আইছে? চ গাঙত যাং৷ মানুগিলাক লগ লাগাং৷’ একো নুবুজাৰ দৰে গণেশে লীলাৰ মুখলৈ চালে৷ ই কথাবোৰ বেছি জটিল কৰি ল’বহে খুজিছে দেখোন৷ পুলিচৰ লগতনো কোনোবাই ফেপেৰি পাতি লয়নে?

: , ইয়াত বহি থাকি লাভ নাই ৷–খং আৰু ক্ষোভত বেণুৰ ফালে চাই কথাখিনি কৈয়েই লীলা হচপিটালৰ গে’টৰ ফালে গ’লেই৷ বেণুও পিছে পিছে গ’ল৷ মন নাথাকিলেও উপায়হীন হৈ ঠেলাখন টানি টানি গণেশো সিহঁতৰ পিছে পিছে যাব লগা হ’ল৷ গোটেই বাটচোৱা লীলাই মাজে মাজে ভোৰভোৰাই আহিল– ‘নিয়মমাখা আমাৰ হেনা সৰু মানুৰ কাৰ্‌ণেহে৷ ধনী মানুৰ কাৰ্‌ণে একো নিয়ম নাই চাল্লা’৷ খোজকাঢ়ি আহি থাকোঁতে গণেশে ভাবিছিল গাঁও পোৱাৰ পাছতেই লীলাই গাঁৱৰ মানুহবোৰক চিঞৰি চিঞৰি মাতি এঠাইত গোট খুৱাব আৰু চন্দ্ৰৰ শটো যে সিহঁতক নিদিলে সেইটো জনাই দিব৷ গোটেই ৰাতি সিহঁতৰ কিমান কষ্ট হ’ল সেই কথাখিনিও ক’ব৷ কিন্তু গাঁও পোৱাৰ পাছতেই তাক আচৰিত কৰি লীলা নিজৰ ঘৰলৈ সোমাই গ’ল৷ তলমূৰ কৰি বেণুও সুৰসুৰকৈ নিজৰ ঘৰৰ ফালে গুচি গ’ল৷ গণেশে ভাবিলে মুখ-হাত ধুই দুয়োটা চাগে আকৌ ওলাই আহিব৷ বহুত পৰ লীলাৰ পদূলিত ৰৈ থকাৰ পাছতো যেতিয়া সিহঁত এটাও ওলাই নাহিল, গণেশ লীলাৰ ঘৰৰ পদূলিয়েদি সোমাই গ’ল আৰু দুৱাৰমুখৰ পৰাই মাতিলে– ‘অ’ লীলা, লীলা’৷ কেইবাবাৰো মতাৰ পাছত মুখখন ঘোপা কৰি ঘৈণীয়েকজনী ওলাই আহিল আৰু বিৰক্তিৰে ক’লে– ‘কি হ’ল?’

: লীলাক ডাকাওতো৷

: ধুৰ ঘুণ্টি গেল সি৷ ইথানে নুঠে৷ বেলাভাটি আহিবি যা৷ গণেশ বিমোৰত পৰিল৷ ইহঁতক ভৰসা কৰিয়েই হচপিটালৰ পৰা চন্দ্ৰৰ শটোও নানিলে৷ পুলিচে যদি আহি তাকেই ধৰে? তাৰ ভয় লাগিল৷ তাৰ ভাব হ’ল লোকৰ ওপৰত ভৰসা কৰিয়েই সি এটাৰ পিছত এটাকৈ ভুল কৰি গৈ আছে৷ খোজকাঢ়ি খোজকাঢ়ি আকৌ ৰংজুলি পাবলৈ তাৰ গাত আৰু শক্তি নাই৷ ভাগৰত অৱশ শৰীৰ৷ স্বপ্নভংগৰ বেদনাৰ আৰ্তিৰে ভৰি পৰিছে তাৰ মনাকাশ৷ পাৰ্থীৱ জীৱনৰ অসহায়তা, অক্ষমতা, শূন্যতা সি এতিয়া বাৰুকৈয়ে উপলব্ধি কৰিছে৷ হতাশ হৈ সি লীলাৰ ঘৰৰ পৰা ওলাই আহিল৷ ঘৰলৈ যাবলৈ তাৰ ভয় লাগিছে৷ কিজানি পুলিচ আহি তাক ধৰি লৈ যায় চন্দ্ৰৰ শটো তেনেকৈ এৰি থৈ অহা বাবে৷ কি কৰিব, ক’লৈ যাব সেইবোৰকে ভাবি সি বিমোৰত পৰিল৷ এনেকুৱা সময়তে তাৰ মাকলৈ মনত পৰে৷ মাকৰ অভাৱ অনুভৱ কৰে৷ মাক তাৰ নিচিনা নাছিল৷ কষ্ট কৰিছিল৷ কাৰো পৰা একো আশা নকৰিছিল৷ পুৱাৰ পৰা ৰাতিলৈ অপৰিসীম শ্ৰম কৰি ঘৰখন চলাইছিল৷ বাপেকটো আছিল ওলোটা৷ আলছিয়া আৰু মদাহী৷ সিয়ো বাপেকৰ নিচিনাই হ’ল৷ একো কামৰে উপযুক্ত নহয়৷ এই মুহূৰ্তত নিজৰ ওপৰতে তাৰ খং উঠিল৷ নিজৰ অক্ষমতাৰ বাবেই, চিন্তা কৰি কামবোৰ নকৰা বাবেই কালিৰে পৰা একো এটা নোখোৱাকৈ, ৰাতি চকুৰ টিপ এটা নমৰাকৈ সি কেৱল অনৰ্থক ঘূৰি ফুৰিছে৷ ক’ব নোৱাৰাকৈয়ে টোপনিত খোজকঢ়া মানুহৰ দৰে সি আহি বেংডোবাৰ পাৰ পালেহি৷

বেংডোবাৰ পানীত ডঁৰিকণাবোৰে ধেমালি কৰিছে৷ আনন্দতে নাচিছে৷ ইটোৱে সিটোক মৰম কৰিছে৷ ইটোৱে সিটোক মনৰ কথাবোৰ কৈছে৷ কিমানযে কথা! শেষেই নহয়৷ বেংডোবাৰ ঘাটৰ পাৰৰ ঔগছবোৰ ফুলিছে৷ বেংডোবাৰ ঘাটত ঔফুলৰ গোন্ধ নদীত উঠা ঢৌৰ দৰে মিলি গৈছে ৷ বেংডোবাৰ ঘাটত হাঁহাকাৰৰ অলেখ কাহিনী কজলা ডাৱৰ এচপৰাৰ দৰে ওলমি আছে৷ বেংডোবাৰ ঘাটে কাহিনী এসোপা সাঁচি ৰাখিছে৷ তাৰ আৰু হীৰামণিৰ কাহিনী৷ ঠিক তৰুলতা আৰু নৰহৰিৰ দৰেই৷ বেংডোবাৰ ঘাটে এইবাৰ সাঁচি ৰাখিলে চন্দ্ৰৰ কাহিনী৷ হাহাকাৰৰ কাহিনী৷ ছলনাৰ কাহিনী৷ বঞ্চনাৰ কাহিনী৷ বেংডোবাৰ পাৰত বাজি উঠিছে কাৰুণ্যৰ অসহায় ধ্বনি৷ সেই ধ্বনি বতাহে কঢ়িয়াই নিছে৷ বতাহতো বিয়পি পৰিছে কাৰোবাৰ বিদায় ৰাগিনী৷ বেংডোবা...বেংডোবা...


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ