ডাঃ অপূৰ্ব কুমাৰ
শইকীয়া
অনুভৱ
তুলসীৰ কবিতাই কেতিয়াবা ভূমিৰ কাব্য-প্ৰেমীয়ে মণিব নোৱৰা উচ্চতাত অৱস্থান কৰে৷ এয়া কবিজনাৰ
প্ৰতি উচ্চমত বা অভিযোগ দুয়োটা ৷ইয়াৰ কাৰণ হয়তো কেইবাটাও: তুলসীৰ কবিতাত মুক্তপদৰ অন্তৰ্ভুক্তি ,প্ৰথাগত ৰূপৰ পৰা আঁতৰি পৰীক্ষামূলক বৰ্ণনা-কৌশল, বহল বিস্তৃতিৰ
বিষয়গত আৰু ভাষিক অন্বেষণ, নিয়মমাফিক সংৰচনা আৰু পূৰ্বানুমেয়
ভাষাৰ পৰা আঁতৰি আহি কবিজনাই গ্ৰহণ কৰা 'nuanced' আৰু ব্যক্তিনিৰ্দিষ্ট
প্ৰকাশ—— এই গোটেইখিনি৷ ভাষাটোক দক্ষতাৰে সানিপিটিকি
পোতনি বা সাৰভাগ উলিয়াব পৰা বিৰল প্ৰতিভাৰ কবি আছিল
অনুভৱ তুলসী৷ তেওঁৰ কবিতা পঢ়িলে বুজা যায় আমাৰ ভাষাটোৰ প্ৰচণ্ড প্ৰকাশিকা
শক্তিৰ স্থিতিস্থাপকতা৷ মই ভাবোঁ , ব্যক্তিগত ৰূপক আৰু
ৰূপকীয় ৰূপক (metaphorizing the metaphors)ৰ ব্যৱহাৰ সীমিত কৰাহেঁতেন
তেওঁ পাঠক আৰু সমালোচকৰ বেছি ওচৰলৈ আহিব পাৰিলেহেঁতেন৷ ইচ্ছাকৃতভাৱেই তাক তেওঁ নকৰিলে
আৰু সমূহৰ মাজত থাকিও অদ্বিতীয় হৈ ৰ’ল৷
আহকচোন
আমি কবিৰ 'উৰুমি' (ঊৰুমি)কবিতাটোকে অকণমান আলোচনা কৰোঁ৷
“লাহে লাহে আবেলি হৈ অহাত ভাবিলোঁ-
আত্ৰাণিৰ
ইমানতে অন্ত;
ইয়াৰ
পৰাই শান্তিৰ সুষমা৷
মন মেলি
দিলোঁ৷
অন্তৰাত্মা
আপোনপাহৰা হৈ থাকোঁতে
এবাৰ
আত্মাই
ধূসৰ
দিনৰ কদমৰ চনকা ডালত ভৰি দিলে৷
নিছিগা
ধাৰে তেজ বৈ গৈ নৈ হ’ল৷
আৰু এই
চেৰেঙা ৰান্ধনী ৰ’দ দেখা পাই
সন্ধ্যাৰ
আকাশত আকউ উৰুমি(ঊৰুমি) লাগিল৷
কবিয়ে
ধাৰণা কৰে যৌৱন কেৱল আত্ৰাণি আৰু ঊৰুমিৰ
সমাহাৰ৷ জীৱনৰ আবেলি কবিৰ অনুভৱ হৈছে এয়াই যেন পৰম শান্তিৰ সুষমা ,পিছে এই ধাৰণাও পৰম নহয়৷ আত্মাই কেতিয়াবা 'ধূসৰ দিনৰ কদমৰ চনকা ডালত ভৰি থ’ব’ পাৰে আৰু ই যৌৱনৰ 'কদম তল'ৰ স্মৃতিক জাগ্ৰত কৰি তুলিব পাৰে৷ তেজৰ
নৈত এচেৰেঙা ৰান্ধনী ৰ’দৰ অনুভৱে চিৰাচিৰ কৰি তুলিব পাৰে সন্ধিয়াৰ
আকাশৰ সৌম্য৷ এই ঊৰুমিয়ে আচলতে কেতিয়াও জীৱনৰ লগ নেৰে৷ হয়তো জীৱনটো 'a harsh
discordant mixture of sounds' !
অনুভৱ তুলসীৰ কবিতাই
কেতিয়াবা ভূমিৰ কাব্য-প্ৰেমীয়ে মণিব নোৱৰা উচ্চতাত অৱস্থান কৰে ৷এয়া কবিজনাৰ প্ৰতি
উচ্চমত বা অভিযোগ দুয়োটা ৷ ইয়াৰ কাৰণ হয়তো কেইবাটাও : তুলসীৰ কবিতাত মুক্তপদৰ অন্তৰ্ভুক্তি, প্ৰথাগত ৰূপৰ পৰা
আঁতৰি পৰীক্ষামূলক বৰ্ণনা-কৌশল, বহল বিস্তৃতিৰ বিষয়গত আৰু ভাষিক অন্বেষণ, নিয়মমাফিক সংৰচনা
আৰু পূৰ্বানুমেয় ভাষাৰ পৰা আঁতৰি আহি কবিজনাই গ্ৰহণ কৰা 'nuanced' আৰু ব্যক্তিনিৰ্দিষ্ট
প্ৰকাশ—— এই গোটেইখিনি৷ ভাষাটোক দক্ষতাৰে সানি-পিটিকি পোতনি বা সাৰভাগ উলিয়াব পৰা বিৰল
প্ৰতিভাৰ কবি আছিল অনুভৱ তুলসী৷ তেওঁৰ কবিতা পঢ়িলে বুজা যায় আমাৰ ভাষাটোৰ প্ৰচণ্ড প্ৰকাশিকা শকতিৰ
স্থিতিস্থাপকতা৷ মই ভাবোঁ, ব্যক্তিগত ৰূপক আৰু ৰূপকীয় ৰূপক
(metaphorizing the metaphors)ৰ ব্যৱহাৰ সীমিত কৰাহ'লে তেওঁ পাঠক আৰু সমালোচকৰ বেছি
ওচৰলৈ আহিব পাৰিলেহেঁতেন৷ ইচ্ছাকৃতভাৱেই তাক তেওঁ নকৰিলে আৰু সমূহৰ মাজত থাকিও অদ্বিতীয়
হৈ ৰ’ল৷
মোৰ ব্যক্তিগত
অনুভৱ , অনুভৱ
তুলসীৰ কবিতাৰ সামগ্ৰিক আৰু প্ৰকৃত সমালোচনা এতিয়াও বাকী৷ সময়ে নিশ্চয় তেওঁৰ কবিতাৰ
প্ৰকৃত মূল্যায়ন কৰিব৷