দিগন্ত শইকীয়া
আমাৰ সময়খিনিক কবিতাৰ ফ্ৰে'মত ধৰি ৰখিবলৈ সক্ষম হোৱা কম সংখ্যক অসমীয়া কবিৰ ভিতৰত অনুভৱ তুলসী অন্যতম। বিষয়বস্তুৱেই হওক বা ভাষাৰ ব্যৱহাৰেই হওক; প্ৰতীক-চিত্ৰকল্প বা অন্যান্য কাৰিকৰী দিশতেই হওক, তেখেতৰ কবিতা প্ৰকৃতাৰ্থতেই 'নতুন'।
তেখেত নীৰৱতাৰ কবি। তেখেতৰ নিজা এক মানসিক সৌৰজগত আছিল, য'ত তেখেত বিভোৰ হৈ থাকি ভাল পাইছিল। কম কৈছিল, কম লিখিছিল; বেছি পঢ়িছিল। হীৰেন ভট্টাচাৰ্য, নীলমণি ফুকন বা নীলিম কুমাৰৰ কবিতাৰ দৰেই সাম্প্ৰতিক সময়ত তেওঁৰ কবিতাও একক আৰু অনন্য বুলি ক'লে বঢ়াই কোৱা নহ'ব। ক'বখোজা কথাটো হ'ল তেখেতৰ কবিতাবোৰ 'তেখেতৰ' কবিতাই। অসমীয়া সাহিত্যৰ ইতিহাস আৰু পৰম্পৰাত তেখেতৰ কাব্য থাকি যাব চিৰদিন।
কবি হিচাপে তেখেতক দিব লগা মৰ্যাদাখিনি আমি তেখেতৰ জীৱনকালত দিব নোৱাৰিলো যেন বোধ হয়। তেখেতৰ কবিতাৰ গুণৰাজিৰ তুলনাত কমকৈ আলোচিত বা সমালোচিত হোৱা যেন বোধ হয়। বৃত্তিগতভাৱে বিশ্ব সাহিত্যৰ বহু নামজ্বলা কবিৰ অনেক কবিতা যোৱা কিছুবছৰ ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাই অহাৰ অভিজ্ঞতাৰে ক'ব খোজো যে প্ৰয়াত অনুভৱ তুলসীকে ধৰি বহুকেইজন অসমীয়া কবিৰ কবিতা সেইবোৰ কবিতাৰ সমকক্ষ। ভাল অনুবাদৰ অভাবতেই হওক বা অন্য কোনো কাৰণতেই হওক কবিতা সমুহ বিশ্বপ্ৰেক্ষাপটলৈ ওলাই যাব পৰা নাই।
মানুহ বছৰৰ সংখ্যাৰে জীয়াই নাথাকে, কামেৰেহে জীয়াই থাকে।
যোৱা ৬ জুন তাৰিখে নগাৱঁত এখন সভাত প্ৰথম আৰু শেষবাৰ তেখেততৰ সতে কথা পতাৰ সুযোগ পালোঁ। অলপতে কোনো এখন আলোচনীত য়েৎছৰ এটা কবিতাৰ অনুবাদ পঢ়ি বৰ ভাল পোৱাবুলি মই জনাওঁতে তেখেতে য়েৎছৰ আৰু বহু কবিতাৰ অসমীয়া অনুবাদ সাজু কৰি ৰখা বুলি জানিবলৈ দিছিল।তুলনামূলকভাৱে কম বয়সতে বা আকস্মিকভাৱে তেখেতৰ মৃত্যু হ'ল যদিও আহিব লগা সময়ত মানৱ সমাজত নিজৰ অস্তিত্বৰ উমান দিবৰ জোখাৰে তেখেতে সকলোখিনি কৰি গৈছে। ভবী প্ৰজন্মক উদ্বুদ্ধ কৰিবৰ জোখাৰে তেখেতৰ কৰণীয়খিনি কৰি গৈছে।
অমৰ হওক তেখেতৰ কবিতা।