নীলিমা ঠাকুৰীয়া হক
আন্ধাৰত এটি জোনাকী পৰুৱা
সুখৰ চিত্ৰকল্প
শব্দ সান্ত্বনাৰ বুলনি
ভঁৰালত মেটমৰা দুখ অ’ নাজমা
চিৰালফটা বুকু পথাৰত পাৰি থৈছোঁ
খেতিয়ক হবলৈ মাতিছোঁ
বৰষুণক
কেবল অনুভৱহে কৰিব পাৰি অ’ নাজমা
কথাবোৰ ক'ব নোৱাৰিলোঁ । নাজানো যে
থানথিত লগাই ক'বলৈ
পুখুৰী দাপোণমতী
জোনাকত
নিৰ্জন নিমাত
মোৰ দৰেই
দুৱাৰখন সাজি থাকোতেই সময় গ'ল
দুৱৰী হ'ব নোৱাৰিলোঁ
কালসন্ধি বা সন্ধি কালৰ
তুলসীমুখৰ
অগা-ডেৱা কৰা শব্দবোৰক
সুধিব নোৱাৰিলোঁ কেনি আহিছে
কিয়বা আহিছে
ভাঙি-ছিঙি খহটা কালক অ’ নাজমা
নিমজ কৰাৰ প্ৰয়াস
অন্যযুগত চলি আছে চাগে’
কোনোবা কবিয়ে কালক চিলেথ কৰি লিখিব
পোহৰৰ আখৰবোৰ
দোৰোণ ফুলৰ দৰে শুভ্ৰ
আত্মমগ্ন দৃশ্যাৱলী
চিতাৰ জুই চুৰ কৰি আনিছোঁ অ’ নাজমা
কবিতাৰ ভাতি কলিজাত
নুমাবলৈ নিদিবি ।