বিপুল শৰ্মা
“ এই মাটিয়ে মোৰ চব দোষ ক্ষমা কৰি দিছে
এই মাটিয়ে মোৰ বুকুত সুমুৱাই লৈছে
মই অত্যাচাৰী হৈ উঠিছোঁ
এই মাটিৰ বাবে
মই আঙ্গুলিমালা” — (তিনিটা কবিতা, অত্যাচাৰ)
এনেদৰে সৰ্বজন, সৰ্বকালৰ চিৰ সত্যক কবিতাৰে প্ৰকাশ কৰিব
পৰাটোৱেই হৈছে, — কবিজনৰ কাব্য
সাধনাৰ মহত্ত্ব৷ কাৰণ কবিতাৰ ভাষা নাই, কবিতাৰ জাতি নাই আৰু কবিতাৰ দেশ নাই৷ সকলো দেশতে কবিতাৰ সুৰ একেই৷ সেই বাবেই কবি অনুভৱ তুলসীৰ এই কবিতাৰ পংক্তিটো
বিশ্বৰ সকলো ঠাইতে,সকলো সময়তে আৰু
সকলো মানুহৰ মাজতে প্ৰযোজ্য৷ অকল মানুহ বুলি ক’লে ভুল হ’ব৷ সকলো প্ৰাণী জগততে এই কথা প্ৰযোজ্য৷ এনে এক নিৰ্মোহ, চিৰন্তন সত্যক সহজ সৰল শব্দৰে, সহজ সৰল
কথনভংগীৰে যি সকল কবিয়ে কবিতা লিখিব পাৰে, সেই কবিসকলৰ ভিতৰত অন্যতম হৈছে “ অনুভৱ তুলসী”৷ আমি অনুভৱ তুলসীৰ কবিতা পঢ়িছো যৌৱনৰ আৰম্ভণিত৷ অনুভৱ তুলসীৰ প্ৰথম কবিতা সংকলন “নাজমা” প্ৰকাশৰ সময়ত আমি হাইস্কুলৰ ছাত্ৰ৷ তেখেতৰ প্ৰথম কবিতা “যমুনাৰ নীলা পানী” প্ৰকাশৰ সময়ত আমি প্ৰাথমিক বিদ্যালয়ৰ
ছাত্ৰ৷ যেতিয়া আমি কলেজৰ ছাত্ৰ আছিলোঁ, তেতিয়া যিসকল কবিৰ কবিতাই আমাৰ মুগ্ধ কৰিছিল, তেওঁলোকৰ ভিতৰত
অনুভৱ তুলসীও এগৰাকী আছিল৷ সেই সময়ত আমি “লাইপুলীয়া” নামৰ দুমহীয়া কবিতা
আলোচনী এখন সম্পাদনা কৰিছিলোঁ৷ আশী দশকৰ পিছত বহুকেইগৰাকী অসমীয়া যুব কবিয়ে
কবিতাৰ পথাৰত বিপ্লৱৰ জোৱাৰ আনিবলৈ সক্ষম হৈছিল৷ সেইসকলৰ ভিতৰত প্ৰচাৰ বিমুখ অনুভৱ তুলসীও আছিল৷
অনুভৱ তুলসীৰ প্ৰকৃত নাম হৈছে ডিম্বেশ্বৰ
শইকীয়া৷ ১৯৫৮ চনৰ তিনি ডিচেম্বৰত নগাঁৱৰ তুলসীমুখত জন্ম
গ্ৰহণ কৰিছিল৷ নিজৰ জন্ম অঞ্চলৰ পৰিচয় বুকুত সাবটি যিজনে নিজৰ
পৰিচয় দিয়ে,তেনে ব্যক্তিৰ স্বাভিমান আৰু জাতিৰ প্ৰতি
দায়বদ্ধতা অতি বেছি৷ নিজৰ জন্ম গাওঁ তুলসীমুখক পৰিচয় সজীৱ কৰিবৰ
বাবে সাহিত্য চৰ্চাৰ সময়ত নিজৰ নাম অনুভৱ তুলসী লৈছিল৷ ডিম্বেশ্বৰ শইকীয়াই যেন অনুভৱ তুলসীৰ যোগেদি নিজৰ শৈশৱ,যৌৱনৰ লগতে অঞ্চলটোৰ প্ৰতি এক সুকীয়া দায়বদ্ধতা
প্ৰকাশ কৰিলে ৷সাহিত্য চৰ্চাৰ যোগেদি নিজৰ জন্ম গাওঁখনৰ পৰিচয় সকলো সময়ত সংযুক্ত
ৰাখিব বিচাৰিছিল৷ গতিকে তেখেতৰ বাবে সাহিত্য চৰ্চা এক ছিৰিয়াছ বিষয হৈ পৰিব ৷অনুভৱ
তুলসীৰ সাহিত্য চৰ্চা বা কাব্য সাধনা কল্পনাৰ বা হৃদয়ৰ আবেগই নহয়, তেখেতৰ কাব্য
সাধনাত বৰ্তমান সময়ৰ বাস্তৱ চিত্ৰ প্ৰকাশ এক ক’লাজ বুলি ক’ব পাৰি ৷ উদাহৰণ স্বৰূপে- “তাৰ মাজতে বলে বেছকৈয়ে ছুইং ধৰিছে / মাহীৰ
নটৰাজ শ্বটৰ টিআৰপিয়ে মুধচ চুইছে / নাও-জাহাজে এতিয়া চোং সলাইছে /নাবিকৰ নাম নুমাল,নামে কৰে কি / বামতে মোক বুৰালি / ঢোকে ঢোকে
পানীও খুৱালি / বৰশীৰ পুঙা যেন জীৱন দিলি ”—(বনচিৰিকা)
শুৱালকুছিৰ বুধৰাম মাধৱ সত্ৰাধিকাৰ
মহাবিদ্যালয়ৰ উপাধ্যক্ষ ৰূপে অৱসৰ গ্ৰহণ কৰা অনুভৱ তুলসীৰ বাবে
কাব্য জগতৰ নতুন চিন্তাৰ বাট মুকলি হৈছিল তুলসীমুখৰ গাৱঁৰ ঘৰ খনত ৷গাৱঁৰ ঘৰখনত সৰু
পৰা দেখা বৈষ্ণৱ সত্ৰীয়াৰ লগতে কষি আৰু কৃষ্টিৰ যি পৰিৱেশে লগতে ৰেডিঅ’ৰ লোকসংগীতৰ মাজত শৈশবৰ পৰা কৰা মনটোৱে যেন কবিতাৰ মাজলৈ গতি লয়
৷কবি নীলমণি ফুকনক লগ পোৱাৰ পিছত যেন অনুভৱ তুলসী আৰু ন ৰূপত উজলি উঠিল৷ ১৯৮০ চনত প্ৰথম কবিতা প্ৰকাশ
পোৱা কবি অনুভৱ তুলসীৰ কবিতা চৰ্চা এক
জুলাই ২০২৫ ৰ মৃত্যুৰ আগলৈকে অব্যাহত ৰাখিছিল — “সৌ সিদিনা গেৰুকামুখত কি /
দেখিছিলো / সোৱনশিৰি নামে এক নদীৰ / মৃত্যু / নে নিজৰ চকুৰে দেখিছিলোঁ / নিজৰ মৃত্যুৰ প্ৰতিৰূপ ”—( আবৃত্তি)
কবিসকল ভবিষ্যতৰ দ্ৰষ্টা বুলি কোৱা হয় ৷প্ৰকৃত
কবিয়ে তেওঁৰ ভবিষ্যতৰ লগতে সমাজৰ ভবিষ্যত দেখা পায় ৷অনুভৱ তুলসী এগৰাকী প্ৰকৃত
স্বাভাৱ সিদ্ধ কবি ৷গতিকে তেওঁ নিজৰ ভবিষ্যতৰ দেখিছিল আৰু তাক প্ৰকাশ কৰিছিল
৷তেখেতে মৃত্যুৰ সম্পৰ্কত আন এটি কবিতাত এনেদৰে লেখিছে ,-“ কোন ক’ত আছা হয়নে,আহাচোন,শ নিয়া গাড়ীক খবৰ দিয়া / সতী জয়মতী নগৰ,পাতসিয়া-২৫,৬নং উপ পথ,এই ঠিকনা দিবা ”-(দিনলিপি) ৷নিজৰ ভবিষ্যত নিজেই
দেখা কবি অনুভৱ তুলসীৰ প্ৰকাশিত গ্ৰন্থ ত্ৰিছখনৰো অধিক, ইয়াৰে বিছখনৰো অধিক
কাব্য গ্ৰন্থ, এখন গল্প পুথি, পাচঁখন অনুবাদ
গ্ৰন্থ,কবিতা
সমালোচনাগ্ৰন্থ, ভ্ৰমণমুলক গ্ৰন্থ, চিনেমা বিষয়ক আদি
গ্ৰন্থ প্ৰকাশ হৈছে ৷ ১৯৮৫ চনত “নাজমা” কবিতা সংকলনৰ যোগেদি অসমীয়া
কবিতাৰ পথাৰত নিজৰ সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল ৷এই “নাজমা”ৰ কবিতা
সমূহত অনুভৱ তুলসীয়ে এক নতুন সুৰত আৰু নতুন ৰূপত ,এটি
নিজৰ ধাৰা সৃষ্টি কৰিছিল ৷ তেনে দুটিমান পংক্তি হৈছে — “পূৰ্বৰ পৰা
পশ্চিমলৈ/ তোৰ নৈৰ সোঁত, নাজমা / বহুদূৰ মোক লৈ ব’ল, / গোলাপ গছত থৈ যাবি” বা “এসাঁজ খুৱালো শাকেৰে / এসাঁজত দিছিলো মাছ / ৰাতিলৈ খুৱাম মঙহ / কলিজাটো কাট তুলসী”
অনুভৱ তুলসীৰ লগত আমাৰ ব্যক্তিগত ভাবে চিনাকি
নাছিল যদিও ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত ধেমাজিত অনুষ্ঠিত সোনোৱাল কছাৰী সাহিত্য সভাৰ
কবি সন্মিলনৰ সঞ্চালক ৰূপে অহা সময়ত প্ৰথম ল’গ পাইছিলো৷ সেই কবি সন্মিলনৰ উদ্ধোধক আছিল সমালোচক ড° মৃদুল শৰ্মা৷ অতি কম ক’থা কোৱা নীট এণ্ড ক্লিন অনুভৱ তুলসীক ল’গ পোৱাৰ পিছত ধাৰণা হৈছিল,-“তেখেত নিজেই এটি কবিতা আৰু হৃদয়ত অনবৰতে কবিতা
কঢ়িয়াই ফুৰে যেন লাগিছিল৷” কবি তুলসীয়ে ক’ম কথা ক’লেও কিন্তু জীৱনটোৰ উপভোগৰ
সম্পৰ্ক এক নিজস্ব ধাৰণা আছে— “ দুই হাতে খৰছ কৰি / মদকেই খালোহেঁতেন তুলসী জীৱনটোনো কি / পৰৰ হাতৰ পইচা”
অনুভৱ তুলসীৰ প্ৰতিটো কবিতাত আমি এক নতুন স্বাদ
পাওঁ ৷কবিতাৰ ন ন ৰূপত পাঠকৰ হাতত তুলি দিবলৈ যত্ন কৰা কবি অনুভৱ তুলসী য়ে যেন
কবিতাক উপভোগ কৰে ৷কবিতাৰ যি শব্দৰ খেল বা স্বাদ তাক নিজেই খেলিব দিয়ে আৰু কবিয়ে
উপভোগ কৰি এক অনাবিল আনন্দ লাভ কৰে আৰু পাঠকক সেই আনন্দ দিবৰ যত্ন কৰে ৷সিই বাবে
অনুভৱ তুলসীৰ কবিতাত লোক গাঁথা,স্থানীয় ভাষাৰ
ধ্বনি,সুৰ লয়,বৰ্তমান সময়ৰ মানসিকতাৰ গভীৰ মিলন দেখা যায় ৷এই
মিলনত গীতিধৰ্মীতা আৰু বৌদ্ধিক গভীৰতাৰ এক অপূৰ্ব সমাহাৰ ৷সেইবাবেই অনুভৱ তুলসীৰ
কবিতা অসমীয়া সাহিত্যত একক আৰু অনন্য,য’ত আমাৰ সমাজ আৰু পৰিবেশৰ লগত সুন্দৰ ব্যঞ্জনা সৃষ্টি কৰিছে ,-“তেজাৰ চকুত/জৰাফুল ফুলা ৰাতি/গৰকাই গুনগুনাই
থকা ৰাতি”-(শান্তি জানৰ পথাৰ) মুনীন বৰকটকী বঁটাকে ধৰি বিভিন্ন বঁটা লাভ কৰা অনুভৱ
তুলসীৰ কবিতাত কথন ভংগীয়ে সকলোকে আকৰ্ষণ কৰে ,-“ এটি ছেফটিপিন লাগে নায়কক,দিবা নেকি ?/ভেনটি বেগটো ভাল লাগিছে—/ নিশ্চয় প্ৰতি দেবতাই
দিয়া,বিবাহ বাৰ্ষিকীত ”
অনুভৱ তুলসীৰ কবিতাত বৰ্তমান সময়ৰ বাস্তৱ জীৱনৰ
চিৰন্তন সত্য বৰ সহজ আৰু সৰল ভাবে প্ৰকাশ কৰিছে এনেদৰে—“ৰাশি ৰাশি ধূপৰ ধোঁৱা / লেহুকা কুণ্ডলী দিযোৱা / সন্তানক / শ্মশানৰ উত্তৰাধিকাৰ” বা “সবাতোকৈ ভাল শইচৰ সপোন মলঙি যায় / মোৰ মনৰো মনৰ, প্ৰাণৰো প্ৰাণৰ কবিজন মৰে / কীটনাশক খাই মৰা সেই কবিৰ হাড় তেনেই ঠুনুকা / মোহাৰি দিলেই চোন গুৰি হৈ যায় / ওঁহো, নাই নাই, বজ্ৰৰ বীজ তাত
নাই৷”
শেষত
আশী দশকৰ পিছত যি সকল কবিৰ কবিতা অসমীয়া কাব্য সাহিত্যত গতি দিছিল,সেই সকলৰ ভিতৰত অনুভৱ তুলসীৰ কবিতাই পাঠকক সকলো সময়তে মোহছন্ন
কৰি ৰাখিছিল ৷গতিকে নতুন কৈ কবিতা চৰ্চা কৰা কবি সকলে অনুভৱ তুলসীৰ কবিতা পঢ়া উচিত
বুলি ভাবোঁ ৷
***
ঠিকনা : ৱাৰ্ড নং ৫, ধেমাজি-৭৮০৫৭, অসম। ফোন -৮০১১৫৯০৩৭৯