অন্যযুগ/


ৰ’দে বৰষুণে ইমান যে গান

লোকনাথ গোস্বামী

               

     (১৮)

 

(১)

সৰুৰে পৰা ঘৰৰ মানুহবিলাকৰ মুখত ঘৰৰ পৰা নাতিদূৰৰ বিন্দুকুৰি চাহ বাগিচাৰ কথা শুনি আহিছিলোঁ৷ বিন্দুকুৰি নামে এটা ৰে’ল-ষ্টেচনো আছে তাতে৷ তেজপুৰ ষ্টেচনটো(বৰ্তমান উঠাই দিয়া হৈছে)ৰ পিছতে ডেকাৰগাঁও ষ্টেচনটো, তাৰ পাছত বিন্দুকুৰি ষ্টেচন৷ এই বিন্দুকুৰিতে প্ৰতি দেওবাৰে এখন প্ৰকাণ্ড হাট বহে৷ বহু দূৰ-দূৰিৰ পৰা হাটলৈ মানুহ আহে হাট-বজাৰ কৰিবৰ বাবে৷ আমাৰ ঘৰৰ আগেদিয়েই পুৱাৰ পৰা গাঁৱৰ মানুহ হাটলৈ যোৱা আৰম্ভ কৰে৷ গাঁৱৰে মীনাৰামে এখন গৰু গাড়ীৰে গাঁৱৰ যিসকল মানুহ নিজে হাটলৈ যাব নোৱাৰে, তেওঁবিলাকৰ বেচিবলগীয়া ধান-মাহ, সৰিয়হ আদি গধূৰ বস্তাবিলাক তেওঁৰ গাড়ীতে বোজাই কৰি হাট পৌচাই দিয়ে৷ পাছত বস্তুৰ মালিকসকল চাইকেল মাৰি বা খোজকাঢ়ি হাটলৈ গৈ নিজে সেই বস্তু দাম-দৰ কৰি বজাৰত বিক্ৰী কৰে৷ মীনাৰামে তেওঁৰ গাড়ীত বজাৰলৈ বস্তু নিয়াৰ বাবদ আঠঅনা-দহঅনা কিবা ভাড়া লয়৷ আহোঁতেও তেনেকৈ বয়-বস্তু লৈ আহে৷ সেইটো তেওঁৰ ব্যৱসায়৷ আমাৰ দেউতাহঁতেও মীনাৰামৰ গাড়ীতে ভঁড়ালৰ পৰা গুটিধান উলিয়াই বস্তাত ভৰাই দিয়া আমি দেখিছিলোঁ৷ কেতিয়াবা নৰেনদা, মোহিনীদাহঁতো সেই বজাৰলৈ বজাৰ-সমাৰ কৰিবলৈ যোৱাৰ কথা আজিও মনত আছে৷

(২)

এবাৰ আমাৰ এটা বৰ আমোদজনক ঘটনা ঘটিছিল৷ তেতিয়া আমাৰ ঘৰত গৰু আছিল৷ কেৱল গাখীৰকণৰ বাবেই আমাৰ ঘৰত গৰু পুহিছিল বুলি জানো৷ কিয়নো হাল-কোৰ বোৱাৰ প্ৰশ্নই নাছিল আমাৰ ঘৰত৷ গোহালিঘৰত ভাগে ভাগে গৰু বন্ধা, পথাৰলৈ নিয়া, এৰাল দিয়া প্ৰায়বিলাক কাম মোৰ ওপৰতে  পৰিছিল সেই সময়ত৷ দাদাহঁত তেতিয়া টাউনৰ স্কুললৈ যায়৷ ৰাতিপুৱাই ঘৰৰ পৰা ওলাব লাগে৷  গতিকে দোকানলৈ গৈ বয়-বস্তু কিনা, গৰু এৰাল দিয়া, গোহালিত সন্ধিয়া হ’লে জাগ দিয়া,ঠাণ্ডাদিনত জুই পুওৱা, খৰি-খেৰ গোটোৱালৈকে কিমান যে কাম৷

এবাৰৰ কথা, ৰাতি জাগটো ঠিকমতে জ্বলিছেনে নাই চাবলৈ যাওঁতে জ্বলি থকা জাগতে সোঁ ভৰিখন সোমাই গ’ল৷ উমি উমি জ্বলি থকা তুঁহৰ জাগ আছিল৷ সোঁ ভৰিৰ পতাখন তলে-ওপৰে বেয়াকৈ জ্বলিল৷ তাৰ দাগ এতিয়াও ভৰিৰ পৰা যোৱা নাই৷ লগে লগে মুখৰ পৰা ’মৰিলো ঔ’ বুলি বিকত চিঞৰ ওলাই গ’ল৷ চিঞৰ শুনি গৰুৱে কেনেবাকৈ খুচিলে বা গছকিলে বুলি ভাবি ঘৰৰ ভিতৰৰ পৰা মানুহবিলাক দৌৰি আহিল৷ আহি দেখে মই গোহালী ঘৰত  গৰুখিনিৰ মাজতে বহি চিঞৰি আছোঁ পুৰিলে পুৰিলে বুলি৷ গোহালিৰ পৰা মোক দাঙি নি ভিতৰত চাই দেখিলে সোঁভৰিৰ পতাৰ দুয়োফালে চাল-বাকলি এৰাই গৈছে আৰু জ্বলা তুঁহবোৰ তেতিয়াও ভৰিত লাগিয়েই  আছে৷ ওচৰৰে অভিজ্ঞ ককাই এজনক মাতি দেখুওৱাত তেওঁ বাৰীৰ পৰা পানীলাওৰ পাত ছিঙি আনি মোহাৰি পোৰা ঠাইখিনি চাফা কৰি লেপি দি কাপোৰেৰে বান্ধি দিলে৷ তেতিয়া আজিৰ দৰে ডাক্তৰৰ ওচৰলৈ লৰ মৰা কাৰবাৰ নাছিল, যোৱাৰ সমস্যাও আছিল৷ পোন্ধৰ দিনমান ঘৰতে আৱদ্ধ হৈ থাকিব লগীয়া হৈছিল৷ সিও এক যন্ত্ৰণা আছিল মোৰ বাবে ঘৰৰ ভিতৰত সোমাই থকাটো৷

 

(৩)

সেই ঘটনাৰ পাছতে গোহালিৰ গৰু বেচাৰ কথাটো আহিল৷ এজনী এজনীকৈ লাহে লাহে বিক্ৰী কৰাৰ চিন্তা কৰা হ’ল৷ এদিন তেনেকৈয়ে দেওবাৰ এটাত সৰুদাদা(কুমুদ গোস্বামী,বৰ্তমান প্ৰয়াত)ৰ সৈতে গৰু এজনী লৈ পুৱাই প্ৰথম বিন্দুকুৰিৰ দেওবৰীয়া হাটলৈ ওলালোঁ৷ মনত ফূৰ্তিও লাগিল৷ তেতিয়ালৈকে হাট সম্পৰ্কে বৰ এটা ধাৰণা নাছিল মনত৷ অলপ দূৰলৈকে গৰুজনী ভালেই আমাৰ লগে লগে গৈ আছিল৷ পাছত পকী ৰাষ্টাত উঠাৰ লগে লগে গাড়ী-মটৰ দেখি গৰুজনীয়ে উৎপাত কৰিবলৈ ধৰিলে৷ দাদাৰ হাতৰ পৰা ৰচীডাল বাৰে বাৰে ওলাই যাবলৈ বিচাৰে৷ দাদাৰ হাতৰ পৰা ৰচীডাল মই ধৰিলোঁ এবাৰ৷ মোক তাই একেকোবে টানি ৰাস্তাৰ পৰা পথাৰৰ মাজ পোৱালেগৈ৷ মই কিন্তু ৰচীডাল হাতৰ পৰা এৰি দিয়া নাছিলোঁ৷ দাদাই পিছে পিছে দৌৰি গৈ ৰচীডাল ধৰিলে যদিও কোনোবা পাকত গৰুজনীয়ে ৰচীৰে সৈতে দৌৰ মাৰিলে৷ আমিও পিছে পিছে ভিৰাই লৰ ধৰিলোঁ৷ সেইখিনি সময়তে পথাৰত দুজনমান মানুহে খেতিত লাগি আছিল৷ আমাৰ চিঞৰ-বাখৰ শুনি আগবাঢ়ি আহি গৰুজনী কোনোমতে ধৰি ৰচীডাল দাদাৰ হাতত দি জোৰকৈ ধৰি ল’বলৈ ক’লে৷ এইবাৰ আমি দুয়োটাই ৰচীডাল ধৰিলোঁ৷ আধাঘণ্টামানৰ মূৰত ভাগৰে-জুগৰে বিন্দুকুৰি হাটত সোমালোঁগৈ৷

সেয়াই আছিল হাটলৈ যোৱাৰ প্ৰথম আৰু শেষ অভিজ্ঞতা৷ গৰুজনী লৈ ভিতৰলৈ সোমোৱাৰ লগে লগে গৰুজনী কিনিবলৈ কেইবাজনো মানুহ আহি হেতা-ওপৰা কৰিলেহি৷ এজনে যদি এশ টকা দিয়ে, আনজনে এশ দহ টকা, আকৌ এজনে এশ বিছ টকা৷ মুঠতে চবকে গৰুজনী লাগে৷ মই একো বুজি নাপালোঁ৷ সৰুদাদাই তেতিয়া লাহেকৈ ক’লে, সিহঁত গৰুৰ দালাল, কম দামত কিনি বেছি দামত বেচিব৷ সেইটোৱেই সিহঁতৰ ব্যৱসায়৷ গতিকে দাদাই মোটামুটিকৈ গৰুৰ দামটো ধৰিব পাৰিলে৷  এটা সময়ত কিবা দাম-দৰ কৰি পইচা লৈ গৰুজনী মানুহজনক দি দিলে৷ পইচা লোৱাৰ পাছত দাদাই ক’লে তাৰ লগৰ ভৱানী শৰ্মাৰ চাহৰ দোকানলৈ যাবলৈ ওলাল৷ ভৱানী শৰ্মা হ’ল তেজপুৰ কলিবাৰীৰ বিপুল বাহাদুৰ, প্ৰেম বাহাদুৰ, অঞ্জু দেৱীহঁতৰ পৰিয়ালৰে৷ তেৱোঁ গান গায়, বাঁহী বজায়৷ তেজপুৰ চৰকাৰী স্কুলত দাদাই পঢ়োঁতে লগ পাইছিল৷ সেই সূত্ৰে ঘনিষ্ঠ৷ দোকানখন দাদাই বিচাৰি উলিয়ালে৷ আমাক দেখি তেওঁ বৰ ভাল পালে৷ আমাৰ দুয়োতাকে দুগিলাছ চাহ, লগতে কিবা বিস্কুটো দিলে খাবলৈ৷ চাহ খাই উঠি দাদাই কিবা-কিবি বজাৰ কৰিলে৷ আবেলি সময়ত ঘৰমূৱা হ’লোঁ৷ যাওঁতে এটা নতুন উদ্যম আছিল কাৰণে ভাগৰ লগা নাছিল৷ আহোঁতে কিন্তু ভৰি নচলা হৈ আহিছিল৷ ভাগৰে-জুগৰে কোনোমতে ঘৰ সোমাই হাত-মুখ ধুই কিবা এটা খাই বিছনাত পৰিলোঁ৷

(৪)

গাঁৱৰ জীৱনটো সঁচাকৈয়ে বৰ বিচিত্ৰ আৰু ঘটনাবহুল আছিল৷ হাঁহি-ফূৰ্তি যিদৰে আছিল জীৱনৰ সঙ্গী, পদে পদে ঘাত-প্ৰতিঘাতো আছিল জীৱনৰ এৰাব নোৱৰা সাৰথি৷ বনৰ পশু-পক্ষীৰ দৰে মুক্ত মনেৰে উৰি ফুৰাৰ মনটো আছিল প্ৰখৰ৷ সেই কাৰণেই হয়তো ঘৰৰ, সমাজৰ ৰীতি-নীতিৰ বান্ধোন ছিঙাৰ কামবিলাক মন গ’লেই কৰি ভাল পাইছিলোঁ৷ তাৰ পৰিণতি কি হ’ব পাৰে এবাৰলৈকো ভাবি চোৱাৰ অৱকাশ পোৱা নাছিলোঁ৷ জান-জুৰি, নৈ-বিল, চৰাই-চিৰিকতি, ঘৰৰ আগেদি পুৱা-গধূলি আহ-যাহ কৰা জাক-জাক গৰু-ম’হৰ লানি নিছিগা শাৰী, গৰখীয়াৰ পেঁপাৰ সুৰ, পকা ধানৰ গোন্ধ, শাওনৰ পথাৰৰ ৰোৱনীৰ কলাফুল, তাঁতশালত মাকোৰ ঘিত-ঘিতনি, বিহুৰ বতৰত নিশা এপৰলৈ ঢেঁকীৰ শব্দ, বৰ নামঘৰৰ ডবা-কাঁহৰ ৰজনজনাই যোৱা ধ্বনি, গাঁৱৰ সহজ-সৰল মানুখিনিৰ অকৃত্ৰিম মৰম-স্নেহ এই আটাইবোৰ আজিও হৃদয়-মনৰ কোঁহে কোঁহে খুন্দ খাই আছে৷ আমাৰ সীমিত যি লেখা-মেলা, চিন্তা-চৰ্চা, সামাজিক-ৰাজনৈতিক কাম-কাজ সকলোবিলাকতে এই সঞ্চিত অভিজ্ঞতাৰ চাপ নিঃসন্দেহে থকা বুলি অকপটে স্বীকাৰ কৰোঁ৷

(৫)

                                  গেলগেলি বিলৰ মাছ :

গেলগেলি এখন বিশাল বিল৷ আমাৰ গাঁৱৰ দক্ষিণ-পশ্চিম দিশত প্ৰায় ছয়-সাত মাইল দূৰত এই বিল৷ লুইতৰ উত্তৰ পাৰৰে দ-পৰ্বতীয়াৰ পৰা আৰম্ভ কৰি শিঙৰীলৈকে যি বৃহৎ মথাউৰি নিৰ্মাণ কৰা হৈছিল,তাৰ ফলত মথাউৰিটোৰ উত্তৰ পাৰে এক বিস্তৃত এলেকাজুৰি এক জলাশয়ৰ সৃষ্টি হৈছিল৷ এই সুবিস্তৃত জলাশয়ৰ নাম কেনেকৈ গেলগেলি হৈছিল, তাক জনা নাযায়৷ সেই গেলগেলি বিলতে চৌপাশৰ শতাধিক গাঁৱৰ ৰাইজে মিলি বছৰি সমূহীয়াকৈ মাছ ধৰাৰ এটা পৰম্পৰা গঢ় লৈ উঠিছিল৷ সেই মাছ সকলো মানুহে সমানে ভগাই ঘৰে ঘৰে নিয়াৰ নিয়ম আছিল এটা সময়ত৷ মাছ ধৰাৰ দিন-বাৰ গাঁৱে গাঁৱে শিঙা বজাই জনাই দিয়া হয়৷ গেলগেলি বিলত মাছ মৰাৰ খবৰ বনজুইৰ দৰে চৌদিশে তৎক্ষণাত বিয়পি পৰে৷ কেতিয়াবা স্কুললৈ যোৱাটোৱেই বাদ দিওঁ৷ আমাৰ ঘৰত আকৌ মাছ আনিবলৈ বুলি গেলগেলি বিললৈ ময়ে যাব লাগে৷ বলীন,  অকণ,  সুৰেন, দুলাল, ভূপেন, গজেন, কোমল আৰু কত যে কিমান লগৰ সমনীয়া দল বান্ধি ওলায়, কোনোপধ্যে নাযাওঁ বুলি ভাবিব নোৱাৰি৷

আমাৰ গাঁৱৰ পশ্চিম সীমাইদি ডিপোতা নৈ বৈ গৈছে৷ ডিপোতা নৈৰ দুয়োপাৰে দুটা প্ৰকাণ্ড মথাউৰি৷ আৰিমৰা ঘাটৰ বাঁহৰ সাঁকোৱেদি নৈখন পাৰ হৈ সিপাৰৰ মথাউৰিটোত উঠি নাচি-বাগি গৈ থাকোঁ৷ হাফপেণ্ট, গেঞ্জী একোটা পিন্ধিয়েই গুচি যাওঁ৷ লগত মাছ বান্ধি আনিবলৈ মাৰ্কিন কাপোৰ এটুকুৰা নাইবা কাপোৰৰ মোনা এটা লৈ যাওঁ৷ আবেলি সময়ত বিলৰ পাৰ পই দেখোঁ লুইতৰ পাৰৰ প্ৰকাণ্ড মথাউৰিটোৰ ওপৰত অগনন মানুহ৷ আগদিনাৰ ৰাতিৰ পৰা বিলত মাছ মৰা আৰম্ভ হয়৷ মাছ মাৰিবৰ কাৰণে পেছাদাৰী মাছুৱৈক দায়িত্ব দিয়া হয়৷ প্ৰকাণ্ড প্ৰকাণ্ড টনা জালেৰে এফালৰ পৰা মাছবিলাক টানি লৈ অহা হয়৷ মাছ মৰাৰ অন্তত মুকলি ঠাইত জমা কৰা হয়৷ ৰৌ-বাহু, চিতল-বৰালী, ভকুৱা, শ’ল, আঁৰি, বাত-ভাঙোন কত যে কিমান বিধে বিধে মাছ, দেখিয়েই মজা লাগে৷ শতাধিক মোন মাছ একেলগে দেখাৰ সৌভাগ্য হৈছিল তেতিয়া৷ প্ৰতিখন গাঁৱৰ মুখিয়াল মানুহখিনিয়ে গোটেই কাৰবাৰটো তদাৰক কৰিছিল৷ মানুহবিলাক মথাউৰিৰ ওপৰত শৃঙ্খলাৱদ্ধভাবে শাৰী পাতি বহি যায়৷ পাচিয়ে পাচিয়ে প্ৰথমে বাত-ভাঙোন, কুঁঢ়ি-ভকুৱা আদি সৰু, মজলীয়া মাছবিলাক গোটে গোটে পাতে পাতে ভগাই দিয়া হয়৷ তাৰ পাছত আঁৰি, ৰৌ, বাহু, চিতল, শ’ল আদি কাটি ভাগ কৰা হয়৷ মাছ ভগাই থাকোতে কেতিয়া পশ্চিমত বেলি লহিয়ায়, গমকে নাপাওঁ৷

এটা সময়ত মাছৰ টোপোলা হাতত লৈ নাচি-বাগি, গাই-বাই ঘৰলৈ ওভতোঁ৷ উভতি আহোঁতে আকৌ নকৰিবলগীয়া কিছুমানো কাম কৰিব লগীয়া হয় সমনীয়াৰ সংগত পৰি৷ মথাউৰিটোৰ দুয়োপাৰে গাঁৱৰ মানুহৰ চাপৰিবিলাক থাকে৷ চাপৰিত বিধে বিধে মাটিমাহ, মটৰমাহৰ খেতি-পথাৰবিলাক থাকে৷ ভোকৰ তাড়নাত কেতিয়াবা গৃহস্থই গম নোপোৱাকৈ চাপৰিৰ মাহ ছিঙি আনি খাওঁ৷ কেঁচা মাহ খাই বৰ সোৱাদ লাগে৷ গৃহস্থই  কেনেবাকৈ দেখিলেই পহু খেদা দিয়ে৷ তেতিয়া আমি প্ৰাণ টাকি মথাউৰিৰ ওপৰেদি দৌৰ মাৰোঁ৷ ঘৰ আহি পাওঁতে কেতিয়াবা বহু পলম হয়৷ কিন্তু বীৰৰ দৰে জীয়া মাছৰ ডাঙৰ টোপোলা লৈ যেতিয়া ঘৰ সোমাওঁহি, তেতিয়া ঘৰৰ সকলোৰে মুখত যেন এক আনন্দৰ অভিব্যক্তি ফুটি উঠা দেখা পাওঁ৷ কাপোৰ-কানি সলাই মুখ-হাত ধুই বৰ ভোক লাগিছে বুলি মাক কওঁ৷ মায়েও মুখখন দেখিয়েই গম পাই যায় কথাটো৷ লগে লগে কিবা এটা খাবলৈ দি লৰালৰিকৈ পাকঘৰত সোমায় ভাতৰ ব্যৱস্থা কৰিবলৈ৷ সেইখিনি সময়তে মই শুই নিঃপালি দিওঁ৷ ইফালে ঘৰৰ বাকী মানুহখিনিয়ে জীয়া মাছৰ টেঙা আঞ্জা টকালি পাৰি পাৰি খায়৷ মোক কিন্তু তেতিয়া কাৰো জগোৱাৰ সাধ্য নাথাকে৷ মোৰ ভাগৰ মাছ-ভাত পাছদিনালৈ মায়ে থৈ দিবলৈ বাধ্য হয় ৷

(ক্ৰমশঃ)

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ