জোনমণি দাস
স্কুলত পঢ়ি থকাৰ
সময়ত দেউতাই মোক সাধু কিতাপ কিছুমান আনি দিছিল। সেইবোৰ পঢ়ি পঢ়ি মই কিতাপৰ প্ৰেমত
পৰিছিলোঁ।ৰসৰাজ বেজবৰুৱাৰ 'বুঢ়ী আইৰ সাধু'খন মই দ্বিতীয়
শ্ৰেণীত পঢ়ি থাকোঁতেই জোঁটাই জোঁটাই পঢ়ি শেষ কৰিছিলোঁ। এই কিতাপখনৰ লগত মোৰ
ভালপোৱাৰ কাৰণটো হ'ল এইখন পঢ়াৰ আগেয়ে ইয়াত থকা সাধুবোৰ আইতাৰ মুখত
শুনিছিলোঁ। আইতাই গৰম দিনৰ ৰাতি সাধুবোৰ বৰ শুৱলা আৰু কৰুণকৈ কৈ গৈছিল। বিশেষকৈ 'তেজীমলাৰ সাধু', 'তুলা আৰু তেজাৰ সাধু, 'কমলা কুঁৱৰীৰ সাধু' বৰ কৰুণকৈ কৈ শুনাইছিল। সেই সুৰটো বুকুত আজিও বাজি আছে,মই নমৰালৈকে
থাকিব।…
হাইস্কুলৰ ষষ্ঠ,সপ্তম শ্ৰেণীত পঢ়ি
থকা থকাৰ সময়ত স্কুলৰ ওচৰতে থকা শিৱসাগৰ জিলা পুথিভঁৰালত পানী খোৱা ছুটীৰ সময়ত খুব বহিছিলোঁ। দেশ-বিদেশৰ বিভিন্ন শিশু উপযোগী কিতাপ
পঢ়িছিলোঁ। (তাৰ লগে লগে দুই-এটাকৈ পদ্য-গদ্য লিখাৰ বৃথা প্ৰয়াস কৰিছিলোঁ আৰু
সেইবোৰৰ কিছুমান স্থানীয় সৰু সৰু আলোচনীত ছপাও হৈছিল।)…
লাহে লাহে ডাঙৰ হৈ
অহাত নলিনীৱালা দেৱী আৰু যতীন্দ্ৰনাথ দুৱৰাৰ কিতাপ পঢ়িলোঁ। সেই কবিতাবোৰে মোৰ মননত
সাৰ-পানী যোগালে। (সেই কবিতাবোৰ এতিয়াও মুখস্থ মাতি দিব পাৰোঁ)…
এদিনৰ কথা, এদিন শিৱসাগৰ পুথিভঁৰালত এখন কিতাপ দেখিলোঁ। নাম বাৰীকোঁৱৰ। কবি নীলিম কুমাৰ।
কিতাপখনে মোক প্ৰচুৰ আনন্দ দিলে।…
নিউ বুক ষ্টলত এদিন
এখন কিতাপ দেখিলোঁ। উঁৱলি যোৱা কিতাপ। দাম বোধহয় ১০ টকা নে ১৫ টকা আছিল বোধহয়!
কিতাপখন কিনি আনিলোঁ। মোৰ আকৰ্ষণৰ বিন্দু আছিল লেখকৰ নামটো। সেই সময়ত মোক দুগৰাকী
লেখকৰ নামে খুব আকৰ্ষিত কৰিছিল- নীলিম কুমাৰ আৰু অনুভৱ তুলসী।
অনুভৱ তুলসীৰ 'দোৰোণ ফুল'খন কিনি আনি পঢ়াৰ
পাছত মোৰ অনুভৱ হ'ল-কবিয়ে লিখা কথাবোৰ দেখোন মই গাঁৱৰ মানুহৰ হোজা
মানুহৰ মুখত শুনা। কবিৰ প্ৰতি কৌতূহল বাঢ়িল। সময়ো বাগৰিল আৰু ময়ো কলেজীয়া শিক্ষা
সামৰি গুৱাহাটী পালোঁহি। ইতিমধ্যেই কবিৰ সকলো কিতাপ পঢ়া হৈ গৈছিল। ভাষাক ভাঙি যে
নতুন আয়তন দিব পাৰি সেয়া অনুভৱ তুলসীৰ কবিতাই শিকনি দিয়ে।
অনুভৱ তুলসীক লগ
পোৱাৰ পাছত বহু তিতা-মিঠা-কেঁহাৰ অভিজ্ঞতা হ'ল। মই এটি প্ৰকাশনত কাম কৰোঁতে
স্বত্বাধিকাৰীৰ নিৰ্দেশ মৰ্মে কিছুমান কিতাপৰ পৰিকল্পনা কৰোঁতে তাত অনুভৱ তুলসীৰ 'শ্ৰেষ্ঠ কবিতা'খনো আছিল। বহু কথা
থাকে। লিখিবলৈ থাকি যায়। সদৌ শেষত কওঁ- নতুন কবিসকলে অসমীয়া ভাষাটোৰ কালিকা আৰু
মহিমাক বুজিবলৈকে অনুভৱ তুলসীৰ কবিতা মনপুতি পঢ়া উচিত।