অন্যযুগ/


ৰ’দে বৰষুণে কিমান যে গান - ১৭

  লোকনাথ গোস্বামী

(মন দাপোণত - ১০)


 (১)

                            

 স্কুলীয়া জীৱনৰ পৰা কলেজীয়া জীৱনলৈ :

হাইস্কুলীয়া জীৱনৰ পৰাই আৰম্ভ কৰি কলেজীয়া জীৱনলৈকে সেই দীঘলীয়া সময়ছোৱাৰো বহু ঘাত-প্ৰতিঘাত, হাঁহি-কান্দোনৰ কাহিনী আছে৷ সেই সময়ছোৱা কবলৈ গ’লে আমাৰ গাঁৱৰ ঘৰখনৰ আৰ্থিক অৱস্থা খুবেই বেয়া আছিল৷ দেউতাৰ উপাৰ্জন বুলিবলৈ আগৰে পৰা নাছিলেই৷ সত্ৰৰ শিচ-ভকতৰ আহ-যাহো ক্ৰমাৎ কমি আহিছিল৷ পূৰ্বৰ দৰে গাঁৱৰ ৰাইজৰ খেতি-বাতিৰ ফচলো ঘৰখনলৈ অহাটো কমিছিল৷ মোৰ ওপৰৰ বাইদেউ (বুলু বাইদেউ)ক কম বয়সতে বিয়া দি উলিয়াই দিয়া কথাটো মনত আছে৷ পঞ্চম শ্ৰেণীত পঢ়ি থাকোঁতেই বিয়া দিছিল৷ তেতিয়া দেউতাই ঘৰৰ মাটি বিক্ৰী কৰি বিয়াৰ খৰচ উলিয়াইছিল বুলি জানিছিলোঁ৷ দেউতাই জ্যোতিষশাস্ত্ৰ চৰ্চা কৰিছিল৷ ওচৰ-চুবুৰীয়াৰ বাহিৰেও দূৰ-দূৰণিৰ পৰা দেউতাৰ ওচৰলৈ মানুহ আহিছিল বিয়া-বাৰু, বিদ্যাৰম্ভ, অন্নপ্ৰাসন, চূড়াকৰণ আদিৰ শুভদিন, শুভক্ষণ চোৱাবৰ কাৰণে৷ জ্যোতিষ চৰ্চাৰ নামত দুই-এপইচা অৰ্জন কৰিছিল বুলি গম পাইছিলোঁ৷ বেছি খা-খৰচৰ কাম ওলালে ভঁৰালৰ গুটিধান উলিয়াই বিন্দুকুৰি হাটলৈ পঠোৱাও দেখিছোঁ৷ দেউতাই কেতিয়াবা শিচ-ভকতসকলকো কয় নতুন ধান চপোৱাৰ পাছত সম্ভৱ হ’লে গোসাঁই ঘৰলৈ বুলি আগ বঢ়াবলৈ৷ কেতিয়াবা মোক চাইকেলখন লৈ দ গাঁও, বাম গাঁৱৰ দুই-চাৰিজনৰ ঘৰলৈ যাবলৈ কয় কিবা এমুঠি আনিবৰ বাবে৷ তেওঁলোকেও গোসাঁই বাপু আহিছে বুলি এদোণ, দোদোণ ধান বস্তাত ভৰাই দিয়ে, মই চাইকেলৰ  ধূৰা দুডালৰ মাজত বস্তাটো দুইফালে ওলমাই দি চাইকেলখন ঠেলি ঠেলি ঘৰলৈ আহোঁ৷

বহু সময়ত বাৰীৰ আম, কঠাল, জামু, বাঁহ, গোহালিৰ গৰু-গাই আদিও দেউতাই আমাৰ পঢ়া, কাপোৰ-কানিৰ খৰচ উলিয়াবৰ কাৰণে বিক্ৰী কৰা দেখিছিলোঁ৷ দাদাহঁতক টাউনৰ চৰকাৰী পঢ়া-শুনা কৰাৰ সুবিধা কৰি দিছিল যদিও, চাইকেল একোখন যোগাৰ কৰি দিব নোৱাৰাৰ কাৰণে সাত-আঠ মাইল দূৰ খোজেৰে যাবলগীয়া হৈছিল৷ পাছলৈ আৰ্থিক অনাটনৰ কাৰণে দেউতাই উচ্চশিক্ষাৰ বাবে কলেজলৈ পঠিয়াব পৰা নাছিল দাদাহঁতক৷ তেনে এটা পৰিস্থিতিত ডাঙৰ দাদা আৰু মাজু দাদাই পৰ্বতীয়াৰ একেখন মজলীয়া স্কুলতে একেলগে চাকৰি কৰি সাময়িকভাৱে পৰিয়ালটোক সকাহ দিছিল৷ তেনেকুৱাতে মাজু দাদাই আধাতে পঢ়া-শুনা সামৰি কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ সংস্থান ‘এছ এছ বি’-ত চাকৰি পাই তাত যোগদান কৰিবলগীয়া হ’ল৷ ডাঙৰ দাদা (নৰেন দাদা)ই চাকৰিৰ সন্ধানত থকাৰ লগতে প্ৰাইভেটকৈ বি এ পৰীক্ষা দিবলৈ নিজকে প্ৰস্তুত কৰিছিল৷ দেউতাই নিজেও গাঁৱৰ পৰা খোজ কাঢ়ি গৈ চৰকাৰী অফিচত মানুহ লগ ধৰি চাকৰিৰ কাৰণে কথা পাতিছিল৷ তেনেকৈয়ে হয়তো ডাঙৰ দাদাই ডি চি অফিচত কেৰাণীৰ চাকৰি এটা পোৱাৰ পাছত দেউতাই কিছু সকাহ পালে৷ ডাঙৰ দাদা আৰু মাজু দাদাৰ চাকৰিৰ পইচাৰে ঘৰখন মোটামুটিকৈ চলি  আছিল৷ কেৰাণীৰ চাকৰি কৰি থাকোঁতেই নৰেন দাদাই প্ৰাইভেটকৈ ‘বি এ’ পৰীক্ষা  দি প্ৰথমবাৰ অকৃতকাৰ্য হৈছিল যদিও দ্বিতীয়বাৰলৈ কৃতকাৰ্য হৈছিল৷ আমাৰ গাঁওখনত নৰেনদা দ্বিতীয়জন স্নাতক আছিল৷ প্ৰথমজন আছিল দাদাৰ লগৰে দিমচাঁদ (পুতুদা) বৰা৷

আমাৰ ঘৰৰ পৰিয়ালটোৰ ল’ৰা-ছোৱলীৰ সংখ্যা আঠোটা আছিল যদিও ডাঙৰ বাইদেউৰ বিয়া আমাৰ জন্মৰ আগেয়েই হৈছিল কাৰণে ঘৰত দেখিবলৈ পোৱা নাছিলোঁ৷ দ্বিতীয়জনী বাইদেউক বিয়া দিবৰ সময়ত ভণ্টী ৰেণু বহুত সৰু আছিল৷ তাৰ পাছতহে ভাই বাবাৰ জন্ম হৈছিল৷ অৰ্থাৎ পৰিয়ালৰ সদস্যৰ সংখ্যা এফালে যদি কমিছিল, আনফালে বাঢ়িও গৈছিল৷  সেয়ে ঘৰৰ ইমানখিনি সদস্যৰ খোৱা-পিন্ধা, পঢ়া-শুনাৰ খা-খৰচৰ জোৰা-তাপলি মৰাটো প্ৰায় কঠিন হৈ পৰিছিল৷ গাঁৱৰ ঘৰ কাৰণে অৱশ্যে ধান-চাউল, মাছ-পুঠি, তৰি-তৰকাৰী, গাখীৰ আদি বেছিকৈ কিনিবলগীয়া হোৱা নাছিল৷ কিন্তু পঢ়া-শুনাৰ খৰচ বছৰি বছৰি বাঢ়ি গৈ আছিল৷

এবাৰ কোনোবা এদিন মই স্কুললৈ যাবলৈ ওলোৱাৰ সময়ত তেনেই সৰু অথচ মনত ৰৈ যোৱা ঘটনা এটা ঘটিছিল৷ মোক স্কুললৈ ভাত খুৱাই পঠিয়াবলৈ ঘৰত এটাও চাউল নাছিল৷ মাই উপায়হীন হৈ সৰু দাদাক ওচৰৰ শম্ভূকাইৰ ঘৰলৈ চাউল বিচাৰি পঠিয়াইছিল৷ সৰুদাদাৰ হাতত শম্ভূকাইৰ ঘৈণীয়েকে বাওধানৰ ৰঙা চাউল এবাটি দি পঠিয়াইছিল আৰু মায়ে ততাতৈয়াকৈ তাকে চৰুত বহাই দিছিল৷ ভাত খাবলৈ গৈ ৰঙা চাউলৰ ভাত দেখি ‘এনেকুৱা ভাত নাখাওঁ’ বুলি উচাৎ মাৰি উঠি যাওঁতে মাই জোৰকৈ টানি আনি ভাতৰ পাতত বহুৱাই দিছিল৷ ময়ো উপাই নেপাই কান্দি কান্দি আধা খাই, আধা এৰি কাঁহীত পানী ঢালি উঠি গৈছিলোঁ৷ সেই কথাবিলাক মনত পৰিলে সেই সময়ৰ মাৰ অসহায় মুখখন আজিও চকুৰ আগত দুখ লগাকৈ ভাঁহি উঠে৷

স্কুলৰ কিতাপ-বহী কিনাৰো সমস্যা হৈছিল পইচাৰ অভাৱত৷ সেয়ে আমাৰ সমসাময়িক ওপৰ শ্ৰেণীৰ ল’ৰা-ছোৱালীবিলাকক সিহঁতৰ কিতাপবিলাক পৰীক্ষাৰ পিছত মোক দিবৰ বাবে আগতীয়াকৈ কৈ থৈছিলোঁ৷ লগৰ লগৰীয়াৰ পৰা বহু সময়ত ধাৰ কৰি আনিও পঢ়িবলগীয়া হৈছিল৷ তেনেকৈয়ে কিন্তু প্ৰথম বিভাগত মেট্ৰিক পাছ কৰিলোঁ৷

(২)

কলেজীয়া জীৱন আৰু ভাড়াঘৰৰ বিলৈ :

কলেজীয়া জীৱনৰ হাঁহি-কান্দোনৰ কাহিনী কৈ অন্ত পেলাব নোৱাৰি৷ ‘পি ইউ’ অৰ্থাৎ প্ৰাক-বিশ্ববিদ্যালয়ৰ এবছৰীয়া পৰীক্ষাৰ ফলাফল মুঠেও আশাব্যঞ্জক নোহোৱাত মনত বৰ দুখ লাগিছিল৷ কিন্তু সেয়া কেৱল মোৰেই দোষ বা দুৰ্বলতা আছিল বুলি ভাবিব পৰা নাছিলোঁ৷ নিজৰ ওপৰত মোৰ ভালেই বিশ্বাস আছিল৷ আচলতে প্ৰাক-বিশ্ববিদ্যালয় শ্ৰেণীৰ বিজ্ঞানৰ পাঠ্যক্ৰমৰ ইমান কম সময়ত আও-ভাৱেই নeপালোঁ৷ সেই সময়ত ঘৰখনত দিহা-পৰামৰ্শ দিয়া মানুহো নাছিল বুলি কব পাৰি৷ দেউতা-মা একেবাৰে অনভিজ্ঞ আছিল এনেবিলাক বিষয়ত৷ দাদাহঁত আছিল তেনেই উদাসীন৷ কাৰোবাৰ উচতনিতে বুলি কব লাগিব, বিজ্ঞান শাখাত নাম লগালোঁ পাছলৈ ডাক্তৰ-ইঞ্জিনিয়াৰ হব পৰাকৈ৷ সেয়ে  জুল’জি, বটানি, কেমিষ্ট্ৰী, ফিজিক্স এই গোটেইবিলাক বিষয় লৈছিলোঁ৷ আটাইকেইটা বিষয়ৰে প্ৰেক্টিকেল ক্লাছ আছিল৷  সিবিলাক বিষয়ৰ ড্ৰয়িং আঁকি আঁকি এক প্ৰকাৰ ভাগৰি পৰিছিলোঁ৷ পুৱা আঠমান বজাতে এমুঠি খাই ঘৰৰ পৰা ওলাওঁ, ৰাতি আকৌ সাত-আঠ বজাত চাইকেল মাৰি ভাগৰি-জুগৰি ঘৰ সোমাওঁহি৷ ঘৰত পঢ়িবলৈ সময়েই মিলাব নোৱাৰোঁ৷ তদুপৰি ঘৰৰ কিছুমান কাম তাৰ মাজতে কৰিবলগীয়া হৈছিল অনিচ্ছা সত্ত্বেও৷ দোকান-বজাৰ, গৰু-গাই, পাকঘৰত মাক লাগনি-খৰি যোগান ধৰালৈকে কামৰ অন্ত নাছিল৷ তাৰ মাজতে গান-বাজনাৰ চৰ্চা চলিয়েই আছিল৷ ঘৰৰ বাকী মানুহখিনিয়ে কেৱল পঢ়াৰ টেবুলত বহি থকাটো বৰ ভাল নাপাইছিল৷ বিজ্ঞান বিষয়টোৰ জটিলতা সম্পৰ্কে কিমান বুজি পাইছিল, সেই লৈও সন্দেহ আছিল৷ ঘৰখনত অকল ময়েহে পঢ়িছিলোঁ বিজ্ঞান বিষয় লৈ৷ বিজ্ঞান পঢ়া, কেমিষ্ট্ৰীত অনাৰ্ছ লোৱা ইত্যাদিবিলাক মোৰ নিজৰেই সিদ্ধান্ত আছিল৷ বাকী কাৰো মূৰ ঘমাবলৈ সময় নাছিল৷

স্নাতক শ্ৰেণীত বি এছ ছি পঢ়া আৰু কেমিষ্ট্ৰীত অনাৰ্ছ লোৱাৰ সিদ্ধান্ত নিজে লোৱাৰ পিছত স্বাভাৱিকতে ঘৰৰ পৰা চাইকেল মাৰি, বোকা-পানী গছকি পঢ়া-শুনা কৰিব পাৰিম নে নোৱাৰিম বুলি ভয়ো খাইছিলোঁ৷ তেতিয়া তেজপুৰ টাউনত আমাৰ ঘৰুৱা তথা সম্পৰ্কীয় মানুহ বহুতো আছিল৷ তাৰে কাৰোবাৰ ঘৰত থাকি ডিগ্ৰীটো পঢ়িব পাৰিম নেকি চিন্তা কৰিবলৈ ধৰিলোঁ৷  দুই এঘৰত কথাটো উনুকিয়ায়ো চালোঁ, নাই, কাৰো পৰা তেনে কোনো সঁহাৰি নাপালোঁ৷  তাৰ মাজতে এঘৰত চেষ্টা এটা কৰিলোঁ৷ পৰ্বতীয়া (বৰ্তমান পাৰ্ৱতি নগৰ)ত আমাৰ ভিনদেউ এজনৰ ঘৰ আছিল৷ ভিনদেউ মানে আমাৰ আগৰগৰাকী মাৰ জীয়েক এজনীক তেখেতে বিয়া কৰাইছিল৷ তেখেতৰ নাম আছিল লোহিত গোস্বামী৷ প্ৰথমগৰাকী পত্নী ঢুকোৱাৰ পাছত ভিনদেৱে দ্বিতীয় বিৱাহ কৰায়৷ ঘৰখনত সদস্যৰ সংখ্যা ভালেমান আছিল৷ সেইগৰাকী বাইদউকে মোৰ কথাবিলাক এদিন কৈছিলোঁ৷ তেখেতেও সহানুভূতিৰে মোৰ কথাবিলাক শুনিছিল যদিও তাত থকাৰ কথা হ’লে ঘুণাক্ষৰেও কোৱা নাছিল৷ তথাপি নিজৰ মনেৰে ভাবিয়েই এদিনাখন টালি-টোপোলা কেইটামান বেগত ভৰাই, কিতাপ-পত্ৰখিনি লৈ ভিনদেউ-বাইদেউহঁতৰ ঘৰলৈকে কিছুদিন থকাৰ কথা ভাবি আহিলোঁ৷ তেনেদৰে হঠাৎ আহি বাইদেউহঁতৰ ঘৰত সোমাই দিয়াত বাইদেউ, লগতে ভাগিনহঁতো অপ্ৰস্তুত হৈছিল৷ মই দুখৰ কথাবিলাক ভাঙি-পাতি কোৱাৰ পাছত উপায়ন্তৰ হৈ বাৰাণ্ডাৰ ফালৰ সৰু ৰূম এটাতে থিতাপি লবলৈ ক’লে৷ তাৰ পৰাই চাইকেল লৈ যাবলগীয়া হৈছিল কলেজলৈ, যিহেতু পৰ্বতীয়াৰ পৰা দৰং কলেজলৈ তেতিয়াও ভালেখিনি দূৰ আছিল৷

ঘৰৰ পৰা গৈ পৰ্বতীয়াৰ লোহিত ভিনদেউহঁতৰ ঘৰত থাকি পঢ়া-শুনা কৰাৰ কথাটো শুনি মাই বৰ দুখ কৰিছিল৷ বেলেগৰ ঘৰত থাকি কেনেকৈ পঢ়িব, কেনেকৈ খাব ইত্যাদি কথাবোৰ ভাবি মাৰ চিন্তাৰ অন্ত নাই৷ কিয়নো তাৰ আগলৈকে আমাৰ ঘৰৰ পৰিয়ালৰ কোনো এজনো তেনেকৈ বেলেগৰ ঘৰত থাকি পঢ়া-শুনা কৰিবলগীয়া হোৱা নাছিল৷ ভিনদেউহঁতৰ ঘৰত থাকি তেনেকৈ বিশেষ অসুবিধা পোৱা নাছিলোঁ যদিও বৰ সুখীও নাছিলোঁ৷ খা-খৰচৰ কথা একো ভবা নাছিলোঁ বা কোৱাও নাছিলোঁ ভিনদেউহঁতৰ কাকো৷ এটা সময়ত তাৰ পৰাও ওলাই যোৱাৰ চিন্তা কৰিবলগীয়াত পৰিলো৷

(৩)

দুই-তিনিমাহমান যোৱাৰ পিছত স্নাতক শ্ৰেণীৰ দুজনমান সহপাঠীৰ সৈতে কথাটো আলচ কৰিলোঁ৷ তেওঁলোকেও ভাড়া ঘৰৰ কথা চিন্তা কৰি আছিল৷ এটা সময়ত কলেজৰ পৰা নাতিদূৰত মাজগাঁৱত ঘৰ এটা লগৰ এজনে বিচাৰি উলিয়ালে৷ পৰ্বতীয়াৰ পৰা এদিন সেই ভাড়াঘৰলৈ টালি-টোপোলা লৈ গুচি গ’লোঁ৷ তেওঁলোকৰ এজন আছিল শচীন বৰঠাকুৰ, তেওঁ জামুগুৰিৰ ধলাইবিলৰ আছিল৷ আনজন ৰাতুল শৰ্মা, তেওঁ আছিল চতিয়াৰ৷ ঘৰৰ মালিক আছিল মৃগেন বৰুৱা আৰু তেখেতৰ ভায়েকৰ নাম আছিল অৱনী বৰুৱা৷ ব্যৱহাৰ-পাতি বৰ ভাল আছিল৷ মই শনিবাৰে ঘৰলৈ আহি দেওবাৰে সন্ধিয়া বা সোমবাৰে পুৱাই ভাড়া ঘৰলৈ অহা-যোৱা কৰিছিলোঁ একমাত্ৰ মাৰ কাৰণে৷ মাৰ হাতে ভাতসাঁজ খোৱাৰ হেঁপাহ কিমান হ’ব পাৰে, সেয়া ভাষাৰে বুজাব নোৱাৰি৷ ভাড়াঘৰৰ শচীন আৰু ৰাতুল চোকা ল’ৰা আছিল৷ পুৱা গধূলি বেছ পঢ়া-শুনাত নিমগ্ন আছিল৷ মই আকৌ তেজপুৰৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতেও প্ৰায়ে জড়িত হৈ থকাৰ কাৰণে পঢ়া-শুনাত মাজে মাজে যতিও পৰিছিল৷ ভাড়াঘৰত  আছিলোঁ যদিও এটা সংকটত পৰিবলগীয়া হৈছিল৷ ঘৰ ভাড়াটো নিয়মিত দিব পৰা নাছিলোঁ৷ স্থানীয় ‘বাগাৰিয়া ট্ৰাষ্ট’ এটাৰ পৰা মাহে বিছ টকাৰ জলপানি এটা পাইছিলোঁ যদিও তাৰে ভাড়াটো মিলাব পৰা নাছিলোঁ৷ সময়ত ঘৰভাড়া দিব নোৱৰা কাৰণে কিছুদিন ঘৰৰ পৰা অহা-যোৱা কৰিবলৈ লৈছিলোঁ৷ তাৰ মাজতে পাঠ্যক্ৰমৰ কিতাপখিনি আনিবলৈ গৈ গম পালোঁ লগৰ দুজনে কিতাপখিনি বাকচত তলা মাৰি ভৰাই থৈ দিছে৷ ঘৰভাড়া দিলেহে বোলে কিতাপখিনি বাকচৰ পৰা উলিয়াই দিব৷ মহা বিপদত পৰিলোঁ৷ টিউচন দুটা তাৰ মাজতে কৰিবলৈ ল’লোঁ৷ পাছত টিউচনৰ পইচাৰে ঘৰভাড়া আদায় দি কিতাপখিনি মোকলাই আনিলোঁ৷ ভাড়াঘৰৰ জীৱনৰ তাতে ইতি পৰিল৷ আকৌ দ গাঁৱৰ পৰা চাইকেল যাত্ৰা আৰম্ভ হ’ল৷

(ক্ৰমশঃ)

  

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ