অন্যযুগ/


ৰ’দে বৰষুণে কিমান যে গান

 লোকনাথ গোস্বামী


মন দাপোণত-১৮

(১)

                              

     নামৰূপ তাপবিদ্যুৎ কেন্দ্ৰৰ সাংস্কৃতিক পৰিৱেশঃ

 

নামৰূপ উদ্যোগ নগৰীখনত পদাৰ্পণ কৰিলো যদিও বহু দিনলৈ ঠাইখনৰ আও-ভাও পোৱাই নাছিলো৷ ইউনিয়নৰ পাক-চক্ৰত সোমাই এখন অন্য পৃথিৱীলৈ যোৱা যেন অনুভৱ হৈছিল৷ সংগীতৰ পৃথিৱীখনৰ পৰা আঁতৰিয়েই গৈছিলো বুলিব পাৰি৷ তেনেতে এদিন আমাৰ কোৱাৰ্টাৰলৈ আহক  চাপ্লাই ইউনিয়নৰ আগশাৰীৰ নেতা ৰমা বৰদলৈ৷ সেইবাৰ তেখেত কিন্তু ইউনিয়নৰ কামত অহা নাছিল৷ আহিছিল তাপবিদ্যুৎ কেন্দ্ৰৰ সংগীত বিদ্যালয়ৰ বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠানৰ আমন্ত্ৰণী পত্ৰ দিয়াৰ লগতে বৰঙণি নিবৰ বাবেহে৷ তেতিয়াহে গম পালো কেন্দ্ৰটোত সংগীত বিদ্যালয় এখনো আছে৷ নিৰ্দ্দিষ্ট দিনত সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবলৈ গ’লো৷ তাপবিদ্যুৎ কেন্দ্ৰৰ প্ৰমোদ ভৱন(Thermal Club) ত অনুষ্ঠানৰ আয়োজন কৰিছে৷ সংগীত বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে তেওঁলোকৰ অভিভাৱকসকলেও অনুষ্ঠানত ভাগ লৈছে৷ ভালেই লাগিল অনুষ্ঠানটো উপভোগ কৰি৷ সামৰণিত জাতীয় সংগীতটো গাওঁতে লাগিল কেণা৷ ডাঙৰ ছোৱালী এজনীয়ে সংগীতটো ওপৰ স্কেলত ধৰিলে৷ শেষৰফাললৈ গাব নোৱাৰা হ’ল৷ দৃশ্যটো উপভোগ কৰাৰ বাহিৰে গত্যন্তৰ নাছিল৷ সেই শিল্পীসকলৰ মাজত ৰুণু দেৱীও আছিল বুলি আঁতৰৰ পৰা এজনে দেখুৱাই দিয়াতহে জানিব পাৰিলোঁ যে ৰুণু দেৱী নামৰ গান গোৱা, অভিনয় কৰা ছোৱালী এজনীও থাৰ্মেলত আছে আৰু তেওঁ তাৰ হাইস্কুলত পঢ়িছিল দেউতাক ভোলা শৰ্মাৰ চাকৰিসূত্ৰে৷ (এই গৰাকী ৰুণু দেৱীয়েই পৰৱৰ্তী সময়ত অসমৰ এগৰাকী বিখ্যাত অভিনেত্ৰী হ’ল)

অনুষ্ঠান সামৰিবৰ সময়ত ৰমা বৰদলৈয়ে মোক দৰ্শকৰ মাজৰ পৰা ষ্টেজলৈ লৈ গৈ দুজনমানৰ সৈতে পৰিচয় কৰাই দিলে৷ অনুষ্ঠানটো পৰিচালনা কৰা মানুহজনৰ নাম বানেশ্বৰ খাওন্দ, কেন্দ্ৰৰ সহকাৰী অভিযন্তা, গান ওপৰৰ স্কেলত ধৰা ডাঙৰ ছোৱালীজনীয়েই আছিল ৰুণু দেৱী আৰু হাৰম’নিয়াম বজোৱাজন সূৰ্য ভাগৱতী-সাৰ নিগমৰ কৰ্মী, হাৰম’নিয়াম বজাবৰ কাৰণে আমন্ত্ৰণ কৰি অনা হৈছিল তেখেতক৷ এইসকলৰ সৈতে চিনাকি হৈ ভাল লাগিল৷ তেওঁলোকেও মোৰ সৈতে আগ্ৰহেৰে কথা পাতি আগলৈ একেলগে কাম কৰাৰ কথা ক’লে৷ পৰিৱেশটো বৰ ভাল লাগিল, মনটোও ফৰকাল লাগিল, হওক তেও, কিবা এটা ভাল পৰিৱেশ বিচৰা মতে পোৱা যাব চাগে ইয়াত ৷

(২)

পিছদিনা সন্ধিয়া সময়ত সংগীত বিদ্যালয়খনলৈ গ’লোঁ৷ গৈ দেখিলো ওচৰৰ হাইস্কুলখনতে স্কুলখন চলে৷ সংগীতৰ গুৰু বহি আছে তাৰে এটা ৰুমত আৰু কাষৰ ৰুমত সংগীতৰ ক্লাছ চলি আছে৷ খবৰ লৈ জানিলো সংগীত বিদায়ালয়ৰ গুৰুজনৰ নাম ৰোষধৰ বৰুৱা, তেখেত সাৰ নিগম সংগীত মহাবিদ্যালয়ৰ পৰা মাজে মাজে ইয়ালৈ আহে ক্লাছ ল’বলৈ৷ তেখেতৰ ওচৰলৈ গৈ চিনাকি হ’লো৷ তেজপুৰৰ পৰা নতুনকৈ গৈ তাপবিদ্যুৎ কেন্দ্ৰত যোগদান কৰা বুলি জানি বৰ ভাল পালে৷ তেজপুৰৰ মানুহ হিচাপে গানৰ চৰ্চা আছে নেকি বুলি সোধাত ময়ো বৰ আগ্ৰহেৰে আছে বুলি কোৱাত কিবা এটা শুনাবলৈ ক’লে৷ ময়ো হাৰম’নিয়ামখন টানি আনি তেজপুৰত গুৰু গণেশ দাসৰ ওচৰত শিকা ভজন এটা গাই শুনালোঁ৷ ভজনটো গাই থাকোঁতেই তিনি-চাৰিজনমান অন্য মানুহ ৰুমটোলৈ সোমাই আহি মজিয়াতে বহি ল’লে৷ এনেকুৱা লাগিল সেইসকল আটায়ে যেন দূৰৰ পৰা মোৰ গান শুনিয়েই কাষ চাপি আহিছিল৷ দেখি মোৰো গা উঠিল৷ বানেশ্বৰ খাওন্দ নামৰ ক্লাৱৰ অনুষ্ঠানত লগ পোৱা সহকাৰী অভিযন্তাগৰাকীয়েও তেজপুৰীয়া প্ৰতিনিধি হিচাপে জ্যোতিসংগীত এটা শুনাবলৈ অনুৰোধ কৰিলে৷ মই ‘আমাৰে সখীয়া আকুল বিয়াকুল’ জ্যোতিসংগীতটো আৰম্ভ কৰাৰ লগে লগে তেখেতেও গুণ-গুণাবলৈ লাগি গ’ল মোৰ সৈতে৷ তেতিয়াহে কথাই কথাই ওলাল তেখেতো তেজপুৰীয়া(বিশ্বনাথ চাৰিআলি) আৰু তেখেতেও গান গায়, অভিনয় কৰে বুলি৷ বাকী যিসকল লোক সিদিনা তাত বহিছিল গৈ তেখেতসকলৰ সৈতেও পৰিচয় হ’লোঁ৷ এগৰাকী হাইস্কুলৰ প্ৰধান শিক্ষক বুদ্ধেশ্বৰ বুঢ়াগোহাঁই(বৰ্তমান প্ৰয়াত), এগৰাকী সহকাৰী শিক্ষক মদন গগৈ, এগৰাকী হৰেশ্বৰ শইকীয়া, তেখেত অফিচৰ কৰ্মচাৰী৷ কেউজনেই তাপবিদ্যুৎ কেন্দ্ৰৰ সাহিত্য-সংস্কৃতি ক্ষেত্ৰখনৰ আগৰণুৱা ব্যক্তি৷ কেউজনৰ লগত পৰিচয় হৈ মনটো ভৰি গ’ল৷ কিবা এটা যেন আশাৰ ৰেঙনি দেখিবলৈ পালোঁ৷

এটা সময়ত তেজপুৰ একাডেমীত চাকৰি কৰি থকাৰ সময়ত তেজপুৰৰ(নতুনপাৰা) গণেশ দাসৰ ওচৰত শাস্ত্ৰীয় সংগীতৰ শিক্ষা লোৱা আৰম্ভ কৰিছিলোঁ৷ তাৰ পিছৰে পৰা শাস্ত্ৰীয় সংগীতৰ প্ৰতি মোৰ ধাউতি অধিক বৃদ্ধি পাবলৈ ধৰিলে৷ নামৰূপলৈ যোৱাৰ পিছত তাৰ চৰ্চ্চা কেনেবাকৈ ব্যাহত হব পাৰে বুলি ভাবি চিন্তাত পৰিছিলোঁ৷ সিদিনাখন নামৰূপ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ ৰোষ বৰুৱা ছাৰক পাই ভালেই পালোঁ৷ সেই আগ্ৰহতে এদিন নামৰূপ সংগীত মহাবিদ্যালয়খন বিচাৰি উলিয়ালোঁগৈ৷ সোণাৰী তিনিআলিতে মহাবিদ্যালয়খন৷ তালৈ গৈ বহু কেইজন নতুন মানুহক লগ পালোঁ৷ নৃত্য-প্ৰশিক্ষক দীনবন্ধু বৈশ্যৰ লগতে অনাতাঁৰ শিল্পী দুলাল গগৈ(বৰ্তমান প্ৰয়াত), মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি অকণ বুঢ়াগোহাঁইকে প্ৰমুখ্য কৰি অনেক৷ সকলোৰে লগত পৰিচয় হ’লোঁ৷ সকলোৱে মোৰ পৰা গান শুনিবলৈ বিচাৰিলে৷ ময়ো সুযোগটো নোলোৱাকৈ নেথাকিলোঁ৷ এটাৰ পিছত এটাকৈ কেইবাটাও গান শুনালোঁ৷ আটায়ে শুনি ভূয়সী প্ৰশংসা কৰিলে৷ তেতিয়াৰ পৰা সংগীত মহাবিদ্যালয়খনৰ ভিতৰৰ মানুহ হৈ পৰিলোঁ৷ শনিবাৰ, দেওবাৰে প্ৰায় গানৰ মজলিছ বহে৷ সেই মজলিছত মই এগৰাকী অপৰিহাৰ্য অংশীদাৰ হৈ পৰিলোঁ৷

(৩)

নামৰূপত মজলিছৰ পয়োভৰঃ

এটা সময়ত গোটেই সাৰ-নগৰীখনতে জনাজাত হৈ গ’ল আমি গান গোৱা কথাটো৷ ইফালে সিফালে লাহে লাহে মোক তালৈ নিমন্ত্ৰণ দিয়া আৰম্ভ হৈ গ’ল৷ প্ৰথম দুৱাৰ মুকলি কৰিলে  ইউনিয়নৰ নেতা হিচাপে আহিয়েই লগ পোৱা ৰমা বৰদলৈয়ে৷ এইগৰাকী ৰমা বৰদলৈৰ খুলশালীয়েক বিশিষ্ট গীতিকাৰ, সুৰকাৰ, গায়ক প্ৰশান্ত বৰদলৈ ৰমা বৰদলৈৰ ঘৰলৈ প্ৰায়ে ফুৰিবলৈ আহে ডিব্ৰুগড়ৰ পৰা৷ তেনেকৈ এদিন আহোঁতে ৰমা বৰদলৈয়ে মোৰ লগতে সংগীত বিদ্যালয়ৰ সৈতে জড়িত কেইগৰাকীমান সংগীতানুৰাগী ব্যক্তিকো তেখেতৰ ঘৰলৈ আমন্ত্ৰণ কৰিলে৷ আৰম্ভ হ’ল জলসা, প্ৰথম জলসা নামৰূপত, এক ভাবিব নোৱৰা সুৰীয়া পৰিৱেশ৷ তাতে প্ৰশান্ত বৰদলৈয়ে মোৰ গান শুনি অভিভূত হ’ল৷ মই তেতিয়া শাস্ত্ৰীয়, লঘূ সকলো ধৰণৰ গানেই গাওঁ৷ তেখেতে মোৰ গান শুনি এটাই প্ৰশ্ন কৰিলে ‘ৰেডিঅ’ত গান মই গাওঁ নে নেগাওঁ’৷ তেতিয়ালৈকে গোৱা নাই বুলি কোৱাত আচৰিত হ’ল৷ লগে লগে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা ফৰ্ম আনি কণ্ঠপৰীক্ষা দিবলৈ পৰামৰ্শ দিলে৷ এনেদৰেই প্ৰশান্ত বৰদলৈয়েই মোৰ এই ৰেডিঅ’ যাত্ৰাৰ বাট মুকলি কৰি দিয়া প্ৰথমজন মানুহ৷ তেখেতৰ পৰামৰ্শমতেই আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত কণ্ঠ পৰীক্ষা দি উত্তীৰ্ণ হৈ অনাতাঁৰ শিল্পী হ’লোঁ৷ (সেই সম্পৰ্কে পিছত বহলাই কম বাৰু) সেই জলসাৰ সুবাদতে প্ৰশান্ত বৰদলৈৰ পৰা নতুন নতুন গান শিকি গোৱাৰ  সুবিধাকণ পালোঁ৷

তেনে এক উৎসাহজনক পৰিৱেশৰ মাজতে দেৱাশীষ বোস নামৰ জুনিয়ৰ ইঞ্জিনিয়াৰ  এজন মোৰ ওচৰলৈ এদিন আহিল৷ তেওঁ বেলেগৰ মুখত মোৰ কথা শুনি মোৰ ওচৰলৈ আহিছিল নিমন্ত্ৰণ এটা দিবলৈ৷ মহালয়াৰ দিনা দত্ত উপাধিৰ গাণনিক বিষয়া এগৰাকীৰ কোৱাৰ্টাৰত এটা জলসাৰ আয়োজন চলি আছে৷ সেই জলসাত বোলে ময়ো ভাগ ল’ব লাগে৷ ভালেই পালো নিমন্ত্ৰণটো পাই৷ সিদিনা গোটেই নিশা তাত গান গালোঁ৷ খোৱা-বোৱা সকলো তাতেই হৈছিল৷ মই দৰবাৰী ৰাগৰ ভজন এটা গাইছিলোঁ সৰুতেই শিকা, সকলোৱে বৰ প্ৰশংসা কৰিছিল৷ তেনেলৈয়ে সংগীতৰ মূৰ্চ্ছনাৰ মাজতে ৰাতি পুৱাই গ’ল৷ মই জলসাৰ পৰা বাহিৰে বাহিৰে দিল্লীঘাটৰ লেৱৰেটৰীলৈ  ‘ডিউটি’কৰিবলৈ যাবলগীয়া হোৱা কথাটো আজিও পাহৰা নাই৷

(ক্ৰমশঃ)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ