লোকনাথ গোস্বামী
মন দাপোণত-২১
নামৰূপ সাহিত্য-সংস্কৃতি
সংঘৰ ইতিবৃত্তঃ
নামৰূপ থাৰ্মেলত
চাকৰিত যোগদান কৰাৰ সময়ত দেখিছিলো ‘ক্লাব-কালচাৰ’ৰ এক পৰম্পৰা৷ ‘থাৰ্মেল ক্লাব’টো খেলা-ধূলা, সাংস্কৃতিক আদি সকলো
ক্ৰিয়া-কলাপৰ বাবেই নিৰ্মিত হৈছিল যদিও ফুটবলৰ
কাৰণে বিখ্যাত আছিল৷ উদ্যোগবিলাকত এটা সময়ত বিশ্বকৰ্মা পূজাৰ ভালেই পয়োভৰ আছিল৷ পূৰ্বতে
উল্লেখ কৰি আহিছোঁয়েই যে এই বিশ্বকৰ্মা পূজা পাতিবলৈ গৈ মোৰ কি দশা হৈছিল!
এই ‘ক্লাব
কালচাৰ’ৰ অন্তৰ চ’ৰাত এবাৰ প্ৰৱেশ কৰিয়েই গম পালোঁ যে আমাৰ দ্বাৰা তাত পাট্টা পোৱাটো
মুঠেও সম্ভৱ নহয়৷ জনা-নজনা, অভিজ্ঞ-অনভিজ্ঞ সকলোৱে তাত আধিপত্য বিস্তাৰ কৰিবলৈ বিচাৰোঁতে
কিবা খিচিৰি ‘কালচাৰ’ এটাহে হ’য়৷ সৃষ্টিশীল কাম একো নহয়, লোকৰ পিঠাৰে বিহু পতাৰ প্ৰতিযোগিতা
চলে৷ তেতিয়াই তাৰ বিকল্প ৰাস্তাৰ সন্ধান কৰিলোঁ মনে মিলা মানুহখিনিক লগত লৈ, ভাবিলোঁ
মনে মিলা, সংস্কৃতিবান আৰু সৃষ্টিশীল চিন্তা-ভাৱনা কৰিব পৰা সীমিত মানুহক লৈ কাম কৰাটোহে
যুগুত হ’ব৷ সেই উদ্দেশ্যে তাপবিদ্যুৎ কেন্দ্ৰতে গোটেই নামৰূপ সামৰি বচা বচা কিছু মনে
মিলা সংস্কৃতিবান মানুহক গোট-পিত খুৱাই অনুষ্ঠান এটা গঢ়াৰ কথা ভবা হ’ল, যাতে ইয়াত ক্লাবৰ
দৰে কাৰো আধিপত্য নচলে৷ ভবা মতেই কাম৷ গঢ়ি তোলা হ’ল ‘নামৰূপ সাহিত্য-সংস্কৃতি সংঘ’৷
সেয়া ১৯৭৮ চনমানৰ কথা হ’ব৷ এই সন্দৰ্ভত আগভাগ লোৱা সকলৰ ভিতৰত আছিল লোকনাথ কাকতি(তাপবিদ্যুৎ
কেন্দ্ৰ হাইস্কুলৰ শিক্ষক), বানেশ্বৰ খাউন্দ (তাপবিদ্যুত কেন্দ্ৰৰ সহকাৰী অভিযন্তা),
বুদ্ধেশ্বৰ বুঢ়াগোহাঁই( প্ৰতাপবিদ্যুৎ কেন্দ্ৰৰ হাইস্কুলৰ প্ৰধান শিক্ষক), মদন গগৈ(শিক্ষক),
হৰেশ্বৰ শইকীয়া(অফিচৰ), প্ৰণতি গোহাঁই( এচ ডি অ’ চুৰেন গোহাঁইৰ পত্নী) প্ৰমুখ্যে তাপবিদ্যুৎ
কেন্দ্ৰৰ গণ্য-মান্য ব্যক্তিসকল৷ এইসকলৰ লগতে সাৰ নিগমৰ অভিযন্তা তথা বাণেশ্বৰ খাওন্দৰ
নলে-গলে লগা বন্ধু পদুম শইকীয়াকো অন্তৰ্ভূক্ত কৰি লোৱা হৈছিল৷
‘সাহিত্য-সংস্কৃতি সংঘ’ৰ জৰিয়তে মাহেকে-পষেকে
আলোচনা চক্ৰৰ আয়োজন কৰা, বিশিষ্ট ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা, জ্যোতি দিৱস-বিষ্ণু ৰাভা
দিৱস পতা আদি কাৰ্যক্ৰমণিকাত গুৰুত্ব আৰোপ কৰা হৈছিল৷ তেনেকুৱা আলোচনা চক্ৰতে মই দুবাৰকৈ
দুটা আলোচনা আগবঢ়োৱাৰ সুযোগ মিলিছিল৷ তাৰে এটাৰ বিষয় আছিল ‘বৰগীত’ আৰু আনটো বিষয় ‘জ্যোতি
সংগীত’৷ দুয়োটা বিষয়ত মই আগবঢ়োৱা আলোচনাই উপস্থিত শ্ৰোতা-দৰ্শকক ইমানেই প্ৰভাৱান্বিত
কৰিছিল যে তেতিয়াৰ পৰা মোৰ প্ৰতি মানুহবিলাকৰ শ্ৰদ্ধা, মৰম আৰু গুৰুত্ব কেউটাই বৃদ্ধি
পাইছিল, যিবিলাক কাম মই ক্লাবত কৰিবলৈ হয়তো সুযোগ-সুবিধা নেপালোহেঁতেন! সেই আলোচনাৰ
পিছতেই সিদ্ধান্ত লোৱা হ’ল যে আগন্তুক ১৭ জানুৱাৰি (১৯৭৭)ৰ ‘জ্যোতি দিবস’টো ‘সাহিত্য-সংস্কৃতি
সংঘ’ৰ উদ্যোগতে আগতীয়া পৰিকল্পনাৰে থাৰ্মেলতে পতাৰ৷
‘সাহিত্য-সংস্কৃতি
সংঘ’ৰ মজিয়াতে সহকাৰী অভিযন্তা বাণেশ্বৰ খাউন্দৰ সৈতে মোৰ এক ঘনিষ্ঠ সম্পৰ্ক লাহে লাহে
গঢ়ি উঠে৷ বাণেশ্বৰ খাউন্দ তেজপুৰ বিশ্বনাথ চাৰিআলিৰ পাভৈৰ৷ নামৰূপত তেজপুৰীয়া বুলিয়েই
সকলোৱে জানে৷ শ্ৰীখাউন্দে গানৰ লগতে ভাল অভিনয় আৰু আবৃত্তিও কৰিছিল বুলি তাৰ মানুহৰ
মুখত শুনিছিলোঁ৷ সেই সময়ত নামৰূপত ‘ইয়ুথ কালচাৰেল গ্ৰুপ’ নামেৰে এটা প্ৰতিষ্ঠিত নাট্যদল
আছিল৷ মূল নাট্যকাৰজন আছিল শম্ভূ গুপ্তা(বৰ্তমান প্ৰয়াত)৷ শম্ভূ গুপ্তা আছিল কৰ্মসূত্ৰে
থাৰ্মেলৰ জুনিয়ৰ ইঞ্জিনিয়াৰ৷ এই নাট্য-গ্ৰুপটোৰ কেইগৰাকীমান আমাৰ পৰিচিত শিল্পী আছিল ৰুণু দেৱী(পাছলৈ প্ৰখ্যাত বোলছৱি
অভিনেত্ৰী), ডলি দত্ত গুপ্তা(বৰ্তমান প্ৰয়াত এখেতো বোলছৱি অভিনেত্ৰী আছিল) আৰু বাণেশ্বৰ
খাউন্দ৷ পাছত ৰুণু দেৱী আৰু বানেশ্বৰ খাউন্দ আমাৰ ‘সাহিত্য-সংস্কৃতি সংঘ’ৰ একোগৰাকী
অপৰিহাৰ্য সদস্য হৈ পৰে।
জ্যোতিদিৱসঃ
আগন্তুক বছৰ, মানে
মই নামৰূপ থাৰ্মেলত যোগদানকৰা পিছৰ বছৰত ১৯৭৭ চনৰ ১৭ জানুৱাৰী দিনটো ’জ্যোতি দিবস’
হিচাবে উদযাপন কৰাৰ সিদ্ধান্ত লোৱাৰ দিনাই সভাৰ অন্তত বাণেশ্বৰ খাউন্দে মোক তেখেতৰ
কোৱাৰ্টাৰলৈ লৈ গ’ল ৷ গৈয়েই ৰান্দনি ল’ৰা বগাইক দুজনৰ কাৰণে ভাতৰ ব্যৱস্থা কৰিবলৈ ক’লে
৷ তাৰ পাছত মুখ-হাত ধুই চাহ দুকাপ খাই হাৰমনিয়ামখন উলিয়াই বিচনাত থলে৷ খাউন্দৰ কোৱাৰ্টাৰত
হাৰমোনিয়াম দেখি মোৰ মনটো উৎফুল্লিত হৈ পৰিল,কিয়নো তেতিয়ালৈকে মোৰ কোৱাৰ্টাৰত নিজাববীয়াকৈ
হাৰমোনিয়াম নাছিল৷ হাৰম’নিয়ামখন আগবঢ়াই দি মোক খাওন্দে জ্যোতি সংগীত দুফাঁকিমান গুণ-গুণাবলৈ
কৈ নিজে কাগজ-কলম লৈ বহি গ’ল ১৭ জানুৱাৰিৰ
অনুষ্ঠানটোৰ সৈতে ৰজিতা খুৱাই এখন সংগীতালেখ্য ৰচনা কৰিবৰ ববে৷ সংগীতালেখ্য হ’লে বহুকেইটা
গীত-মাত, কবিতাৰ অন্তৰ্ভূক্তিৰ লগতে ভালেসংখ্যক শিল্পী, কলা-কুশলীকো সাঙুৰি ল’ব পৰা
যাব৷ চিন্তাটো ভালেই লাগিল মোৰ৷ মই হাৰম’নিয়ামত আঙুলি বুলাই এটাৰ পিছত এটাকৈ জ্যোতিৰ
গান গুণ-গুণাবলৈ লাগি গ’লোঁ৷ প্ৰথমেই মনলৈ আহিল লক্ষ্মীনাথ বেজবৰুৱাৰ গানটোলৈ, যিটো
গানত জ্যোতিপ্ৰসাদ আৰু বিষ্ণু ৰাভা দুয়ো সুৰ সংযোজন কৰিছিল -
*সখী হে কি ক’মে দুখৰে কথা
অমৃত মথোঁতে বিষ উপজিলে
মিঠা মৌ হ’ল তিতা---
তাৰ পাছত এটা এটাকৈ গুণ-গুণালো---
* আমাৰে সখীয়া আকুল বিয়াকুল---
* সেউজী সেউজী সেউজী অ’---
* তোৰে মোৰে আলোকৰে যাত্ৰা---
ইত্যাদি
খাউন্দে লগে লগে
কলমটো হাতত লৈ লিখি গ’লঃ ‘’আজিৰ পৰা পাঁচশ বছৰৰ আগেয়ে মহাপুৰুষ শংকৰদৱে যি মহান সাংস্কৃতিক
আদৰ্শ দেখুৱাই থৈ গৈছিল, সেই আদৰ্শেৰেই পৰৱৰ্তী আধুনিক কালত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদে
অসমীয়া জাতিটোক এক নতুন আলোক সন্ধানী বাটেৰে আগুৱাই যাবলৈ সাহস আৰু প্ৰেৰণা যোগালে৷’
খাউন্দে লিখি গ’ল
আৰু ময়ো হাৰম’নিয়ামত আঙুলি বুলাই গুণ-গুণাই গ’লো৷
সংগীতালেখ্যখনে এটা
গতি ল’বলৈ আৰম্ভ কৰোঁতেই আকৌ দুয়োজনৰ মাজত আলাপ আৰম্ভ হ’ল৷ খাওন্দে ক’লে ‘গান আৰু কবিতাৰ
লগতে যদি জ্যোতিৰ নাটকৰ কিছু দৃশ্যাংশ সংগীতালেখ্যখনত গাঁথি দিয়া যায়, কেনে হ’ব?’ মই
একে আষাৰতে ক’লো ‘সোণত সুৱগা চৰিব’৷ সিদিনালৈ তাতে সামৰি খাই-বৈ খাওন্দৰ লগতে একেখন
বিচনাত শুই থাকিলোঁ৷ সিও এক অনন্য অভিজ্ঞতা আছিল মোৰ কাৰণে ৷
চাকৰি আৰু অন্যান্য
কাম চলি থকাৰ মাজতে কেতিয়াবা খাউন্দৰ সৈতে কণ্ট্ৰোল ৰুমতো বহোগৈ ৷ মই সিফালে লেবৰেটৰিত
কাম কৰি থাকোঁ, খাওন্দে কণ্ট্ৰোল ৰুমত কাম কৰি থাকে৷ প্ৰয়োজন বোধ কৰিলে আমি ফোনতো কথা
পাতিব পাৰো৷ খাউন্দে আলেখ্য লিখাৰ কামটো আগুৱাই নিয়াৰ মাজতে এদিন আকৌ ৰাতি বহিলোঁ তেখেতৰ
তাত৷ আমি ঠিক কৰিলো যে ‘লেডিজ ক্লাব’ৰ মহিলাসকলক এইবাৰ ভালদৰে যুক্ত কৰাব লাগিব৷ নহ’লে
প্ৰতিভাসম্পন্ন এই মানুহবিলাক কেৱল ৰন্ধন-প্ৰকৰণ, চালাড-চিলাইৰ মাজতে মজি থাকিব৷ তাৰোপৰি
নতুনকৈ যদি কোনোবা গান-বাজনাত ৰাপ থকা মানুহ আহিছে, খবৰ লৈ তেওঁলোককো জড়িত কৰাব লাগিব৷
‘নিমাতী কন্যা’ আৰু ‘ৰূপালীম’ নাটকৰ দুটা-এটা দৃশ্য যদি আলেখ্যখনত ভৰাব পৰা যায়, তেতিয়াও
বহুত ভাল হ’ব ৷
আবেলিলৈ ‘লেডিজ ক্লাৱ’ৰ
মানুহখিনিক লগ ধৰি প্ৰস্তাৱটো দিলো৷ মানুহখিনিয়ে আগ্ৰহেৰে আমাৰ প্ৰস্তাৱটো গ্ৰহণ কৰিলে৷
নাটকৰ দৃশ্যাংশ প্ৰদৰ্শনৰ কথা কণ্ট্ৰোল ৰুমত উলিয়াওঁতে কোনোবা এজনে দিল্লী বাগিচাত
এটা পৰিয়াল থকা বুলি ক’লে৷ পৰিয়ালটোৰ ছোৱালী দুজনীৰ নাটকত বোলে বিৰাট ৰাপ৷ খাওন্দে
ময়ে দিল্লী বাগিচা পালোগৈ৷ পৰিয়ালটো বিচাৰি উলিয়ালো৷ ভবামতেই দেখাই-শুনাই ধুনীয়া ছোৱালী
এজনীক আৱিষ্কাৰ কৰিলোঁ তাত(ছোৱালীজনীৰ লগতে অভিভাৱকৰ নাম, পৰিচয় মনত পেলাব নোৱাৰাৰ
বাবে অতিশয় দুঃখিত)৷ কিন্তু তাতো এটা সমস্যাই দেখা দিলে, বাগিচাৰ পৰা সন্ধিয়া সন্ধিয়া
থাৰ্মেললৈ গৈ ৰিহাৰ্চেল কৰিবহি কেনেকৈ? সেই দায়িত্বও খাউন্দ আৰু ময়ে কান্ধ পাতি ল’ম
বুলি ক’লোঁ৷ মাঘৰ বিহুত দীঘলীয়াকৈ যাতে কোনো ঘৰলৈ নেযায় সেইটোও অনুষ্ঠানটোৰ সৈতে জড়িত
মানুহখিনিক আগতেই সঁকিয়াই দিয়া হ’ল ৷
পহিলা জানুৱাৰিমানৰ
পৰাই ক্লাবত ৰিহেৰ্চেল আৰম্ভ কৰি দিয়া হ’ল৷ ‘লেডিজ ক্লাব’ৰ মহিলাসকলে দুটা গান কোৰাচ
হিচাপে গাব৷ দুটা গানৰ নৃত্য হ’ব৷ ‘নিমাতী কন্যা’ৰ চিত্ৰলেখাই ঊষাৰ সমূখত বহি সপোনকোৱঁৰৰ
চিত্ৰ আঁকি থকা অংশটো নাট্যৰূপত প্ৰদৰ্শিত হ’ব৷ সেই নাট্যাংশত কোনে অভিনয় কৰিব সেয়াও
ঠিক কৰা হ’ল৷ অভিনয়ৰ দিশটো চোৱাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল আবাসিক এলেকাৰে এগৰাকী অভিজ্ঞ
ব্যক্তি যজ্ঞেশ্বৰ শৰ্মাৰ ওপৰত৷ ৰিহাৰ্চেল মাজে মাজে এচ ডি অ’ ভোলা শৰ্মা(ৰুণু দেৱীৰ
দেউতাক) কোৱাৰ্টাৰতো হৈছিল৷ ৰুণু দেৱীৰ দেউতাক আৰু মাক দুয়ো বৰ উৎসাহী আছিল এনেবিলাক
অনুষ্ঠানৰ প্ৰতি৷ বাকীবিলাকৰ ৰিহাৰ্চেল ক্লাবতে হৈছিল৷ ‘বিশ্ববিজয়ী ন জোৱান’ গানটো কেইগৰাকীমান ডেকা-গাভৰুৰ
‘মাৰ্চপাষ্ট’ স্ক্ৰীণৰ পিছফালে কৰাই ‘লাইট
& ছেদ’ ৰ জড়িয়তে প্ৰদৰ্শন কৰাৰ কথা ভবা
হ’ল৷ এই ‘মাৰ্চপাষ্ট’ অনুশীলন কৰাওঁতে নতুনকৈ চাকৰিত যোগদান কৰা স্বপন ভট্টাচাৰ্য উপাধিৰ
সহকাৰী অভিযন্তা এজনে বাৰে বাৰে গণ্ডগোল কৰাৰ কাৰণে মোৰ আৰু খাউন্দৰ পৰা ধমকিও খাইছিল
৷
তাৰে ভালে কেইবছৰমানৰ
পিছত দূৰ্গাপুৰৰ ‘পাৱাৰ ইঞ্জিনিয়াৰ’চ ট্ৰেইনিং চেণ্টাৰ’ত ট্ৰেইনিং লবলৈ গৈ যিগৰাকী
উপসঞ্চাকলক প্ৰথম দেখা কৰিবলগীয়া হৈছিল, সেই উপসঞ্চালকগৰাকীয়ে মোক দেখিয়েই চকীৰ পৰা
উঠি দি মোক ক’লে- ‘গোস্বামী আপুনি’? মইতো থতমত খালোঁ৷ মানুহজনক মুঠেও চিনি পোৱা নাই৷
তেওঁ তেতিয়া কথাটো ধৰিব পাৰি মোক ক’লে- ‘আপুনি নামৰূপ থাৰ্মেলত আমাক যে গান শিকাইছিল,
মোক যে বাৰে বাৰে ভুল কৰাৰ কাৰণে ধমকি দিছিল, সেই ভুল কৰা মানুহ জন ময়েই, স্বপন ভট্টাচাৰ্য৷’৷
লগে লগে দহ-বাৰ বছৰৰ আগৰ কথাবোৰ মনত পৰি গৈছিল তেতিয়া ৷
মুঠতে জানুৱাৰি মাহৰ
প্ৰথমাৰ্দ্ধ ৰিহাৰ্চেলৰ মাজেদিয়েই পাৰ হৈছিল৷ তাপবিদ্যুৎ কেন্দ্ৰৰ পৰিৱেশটোৱেই সংগীয়ময়
হৈ পৰিছিল৷ তাৰ আগতে জ্যোতিপ্ৰসাদৰ গীত-মাত এনেদৰে বহল আৰু সামূহিক পৰিৱেশত কাহানিও
চৰ্চ্চা হোৱা নাছিল৷ ৰিহাৰ্চেলৰ পিছত খাউন্দৰ সৈতে জীপগাড়ীখন লৈ দিল্লীবাগিচাত অভিনেত্ৰীগৰাকীক
থ’বলৈ যোৱা কথাটো লৈ কলনিত আমাৰ বন্ধু মহলক কিছুদিন ভালেই আমোদ দিছিল৷ কিয়নো সেইখনি
সময়ত আমি দুয়ো তজবজীয়া, চফল ডেকা আছিলো৷ আমি পিছে সেইবোৰলৈ তিমান কৰ্ণপাত কৰা নাছিলোঁ
৷
১৭ জানুৱাৰিৰ অনুষ্ঠানটোৰ
কাৰণে এটা ভাল সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল৷ সেয়া আছিল এগৰাকী বিশিষ্ট ব্যক্তিক ৰাজহুৱাভাৱে
সম্বৰ্দ্ধনা জনোৱা৷ কিন্তু কাক জনোৱা হ’ব?
লোকনাথ কাকতীয়ে ঘপ কৈ এজন গুৰুত্বপূৰ্ণ মানুহৰ নাম কৈ দিলে৷ তেখেত হ’ল শিৱসাগৰৰ ফুনু
বৰুৱা, যিগৰাকী ব্যক্তিয়ে জ্যোতিপ্ৰসাদৰ জয়মতী চিনেমাত গদাপাণিৰ ভাও লৈছিল৷ নামটো কোৱাৰ
লগে লগে আমাৰ মনত আনন্দৰ সীমা নোহোৱা হ’ল৷ এই প্ৰস্তাৱটো আমাৰ প্ৰকল্পৰ কাৰ্যবাহী অভিযন্তা
প্ৰদীপ কটকীক গৈ দিলোগৈ৷ এনেবিলাক ক্ষেত্ৰত কাৰ্যবাহী অভিযন্তা প্ৰদীপ কটকীৰ ভূমিকা
সদায় উৎসাহজনক আছিল৷ তেখেতে ফুনু বৰুৱাক শিৱসাগৰৰ পৰা অনা-নিয়াৰ, লগতে অতিথিশালাত এৰাতি
ৰখাৰ সমস্ত দায়িত্ব গ্ৰহণ কৰিলে ৷
পৰিকল্পনা কৰা মতেই
১৭ জানুৱাৰিৰ শিল্পীদিৱস উদযাপিত হ’ল৷ শিৱসাগৰৰ পৰা ফুনু বৰুৱা আহিল৷ দিনৰ অনুষ্ঠানত
তেখেতক ৰাজহুৱাভাবে উষ্ম আদৰণী জনোৱা হ’ল৷ সম্বৰ্দ্ধনাৰ উত্তৰত নিজৰ জীৱনৰ বহু নজনা,
নুশুনা কথা ক’লে৷ নিশাৰ সাংস্কৃতিক সন্ধিয়া অভূতপূৰ্ব হৈছিল৷ বানেশ্বৰ খাওন্দ আৰু প্ৰণতি
গোঁহাইয়ে অনুষ্ঠানৰ আঁত ধৰিলে৷ জ্যোতিসংগীতকে ধৰি গীত-মাতৰ অনুষ্ঠান বিলাকৰ তদাৰকৰ
দায়িত্ব ময়ে লবলগীয়া হৈছিল৷ পোহৰ নিয়ন্ত্ৰণৰ দায়িত্ব জুনিয়ৰ ইঞ্জিনিয়াৰ দেৱাশীষ বোসে
সুন্দৰকৈ পালন কৰিছিল৷ কেৱল নামৰূপৰে নহয়, চুবুৰীয়া বৰহাট, জয়পুৰ, নাহৰকটীয়া আদিৰ পৰাও
চাইকেল মাৰি, বাইক-স্কুটাৰ লৈ সাংস্কৃতিক অনুষ্ঠান চাবলৈ মানুহ আহিছিল৷ এই অনুষ্ঠানটোৱে তাপবিদ্যুৎ কেন্দ্ৰৰ সাংস্কৃতিক
মানদণ্ড বহু উৰ্দ্ধলৈ নিলে৷ তাৰ লগতে ‘সাহিত্য-সংস্কৃতি সংঘ’ৰ সৈতে জড়িত মানুহখিনিৰ
মাজতো এক সৃষ্টিশীল চিন্তা-চেতনাৰ বীজ ৰোপিত হ’ল৷ তেতিয়াৰ পৰা তথাকথিত ‘ক্লাব-কালচাৰ’
ৰ গুৰুত্ব বহুখিনি কমি আহিল নামৰূপ থাৰ্মেলত ৷ গোটেই নামৰূপতে জ্যোতিসংগীত চৰ্চ্চাৰ
ক্ষেত্ৰখন তেতিয়াৰ পৰাই বহল হ’ল ৷ অৱশ্যে ‘বহাগী বিদায়’ পূৰ্বৰ দৰেই চলি থাকিল৷
(ক্ৰমশঃ)
