লোকনাথ গোস্ৱামী
(মন দাপোনত - ৮)
(১)
গাঁৱৰ কাহিনী কৈ
অন্ত কৰিব নোৱাৰি৷ জন্মৰ পৰা যৌৱনৰ এছোৱালৈ অৰ্থাৎ কলেজৰ দেওনা পাৰ হৈ তেজপুৰ একাডেমীত
কেইবছৰমান চাকৰি কৰালৈকে গাঁৱতে জীৱন অতিবাহিত কৰিছিলোঁ৷ গাঁৱৰ এই জীৱন পৰিক্ৰমা ইমানেই
বিচিত্ৰ, বৰ্ণিল আৰু ভিন্ন অভিজ্ঞতাৰে সমৃদ্ধ আছিল যে সেই অধ্যায়টো আধৰুৱা হ’লে মোৰ
আত্মকথাই যথোচিত প্ৰাণ নাপাব৷
এইখিনিতে প্ৰসংগক্ৰমে
এটা কথা মনত পৰিছে-
কিছু বছৰৰ আগতে গুৱাহাটী প্ৰেছ ক্লাবত মোৰ এখন বিশেষ গ্ৰন্থ উন্মোচনৰ কাৰণে শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি ছাৰক মোৰ মাৰুতি গাড়ীখনতে উঠাই হেঙেৰাবাৰীৰ হাউছিং ক’ল’নিৰ পৰা নিজে প্ৰেছ ক্লাবলৈ অনাৰ এক বিৰল অভিজ্ঞতা হৈছিল৷ দীঘলীয়া বাটছোৱা বহু কথাই পাতিছিলো দুয়োজনে৷ পিছৰ ছিটত মোৰ পত্নী বহি আহিছিল আমাৰ কথা শুনি শুনি৷ কথাৰ মাজতে বৰগোহাঞি ছাৰে মোক কৈছিল- ‘গোস্বামী, আপোনাৰ আচল ঘৰ গাঁৱত বুলি জানো৷ ময়োতো ঢকুৱাখনাৰ এখন তেনেই ভিতৰুৱা গাঁৱত জন্ম লৈছিলোঁ ৷ সেই ফালৰ পৰা আমি সঁচাকৈয়ে অতি সৌভাগ্যবান৷ আমি এতিয়া মহানগৰত বাস কৰোঁ৷ এই যে গাঁও আৰু মহানগৰৰ অভিজ্ঞতা আমি জীৱনত পাবলৈ সক্ষম হ’লো, ইয়ে আমাৰ জীৱনক, লগতে আমাৰ অনুভৱৰ পৃথিৱীখনক অধিক জীপাল আৰু চহকী কৰা নাইনে বাৰু?’
‘একেবাৰে সঁচা কথা ছাৰ, আপোনাৰ দৰে ময়ো গৌৰৱবোধ কৰোঁ৷
হোমেন বৰগোহাঞি ছাৰৰ
কথাটো মই প্ৰায়েই ভাবোঁ৷ তাহানিৰ গাঁৱৰ জীৱনৰ মাদকতাই বেলেগ আছিল৷ এতিয়া অৱশ্যে সেই
মাদকতা মুঠেও নাই৷ চাৰিওফালে কৃত্ৰিমতাই ছানি ধৰিছে৷ আগৰ পৰম্পৰাগত গ্ৰাম্য-সংস্কৃতি
এতিয়া ভেজাল হ’ল৷ কিন্তু আমি যথেষ্ট ভালখিনি পাইছিলো বুলি বুকু ডাঠি কব পাৰোঁ৷
তাৰ মাজতে গাঁৱৰ
জীৱনত, বিশেষকৈ ল’ৰালি কালত অৰ্জন কৰা কেতবোৰ অভিজ্ঞতা কাহানিও পাহৰিব নোৱাৰা বিধৰ
আছিল৷ তাহানি আমাৰ গাঁৱৰ ওচৰে-পাজৰে, যেনে মিলনপুৰ, তেলেৰীয়া, ডেকাৰগাঁও, মিছন চাৰিআলি
আদিত ৰাসোৎসৱ হৈছিল৷ চৌধ-চুবুৰীৰ ৰাইজ হিল-দল ভাঙি ওলাই আহিছিল সেই ৰাসোৎসৱ উপভোগ কৰিবলৈ৷
আমাৰ গাঁৱৰ মানুহবিলাকো বহুদিনৰ আগৰে পৰা উদ্বাউল হৈ থাকে ৰাসলৈ যাবলৈ৷ মোৰ লগৰ অকণ,
বলীন, সিদ্ধেশ্বৰ, তৰুণ, সুৰেন, দুলালহঁত চবেই ওলায় যাবলৈ৷ মোক সৰু বুলি সিহঁতে নিবলৈ
নিবিচাৰিছিল৷ কেৱল সৰু বুলিয়েই নহয়, সত্ৰৰ ঘৰখনত কেতবোৰ অলিখিত আচাৰ-নীতিৰ বান্ধোনৰ
কথা সিহঁতেও জানিছিল৷ গোসাঁইঘৰৰ ল’ৰা বুলি গাঁওখনৰ তথাকথিত নিম্ন সম্প্ৰদায়ৰ ল’ৰা-ছোৱালীৰ
সৈতে একেলগে সকলো সময়তে খোৱা-বোৱা কৰাতো বাদেই,
ফুৰা-চকা কৰাতো হকা-বধা আছিল৷ অথচ আমি তেতিয়া একেখিনি ল’ৰা-ছোৱালীৰ সৈতে একেখন স্কুলতে
পঢ়া-শুনা কৰিছিলোঁ, পথাৰে-সমাৰে ৰবাব টেঙাৰ ফুটবল খেলিছিলোঁ, খনাজান, ডিপোতা নৈত সাঁতুৰিছিলোঁ,
মাছ ধৰিবলৈ গৈছিলোঁ৷ তেতিয়া কিন্তু কোনো ধৰণৰ নিয়ম-নীতিৰ প্ৰশ্ন উঠা নাছিল৷
সেইবেলি ৰাসৰ সময়ত
মোৰ মনত এটা দুষ্ট বুদ্ধি খেলালে৷ যি কোনো প্ৰকাৰে পলাই হ’লেও লগৰ ল’ৰাৰ লগত ৰাস চাবলৈ
যামেই৷ ৰাসৰ দুদিনমানৰ আগৰ পৰা অকণহঁতৰ পৰা গম ল’লোঁ ৰাসলৈ যোৱা-নোযোৱা কথাটো৷ অকণহঁত
যাবই৷ সেইবাৰ মিছন-চাৰিআলিলৈ যাব, মিছন-চাৰিআলিৰ ৰাস বোলে বৰ ভাল হয়৷ সঁচা-সঁচি অসুৰ
ওলায়৷ মানুহৰ মাজৰ পৰা কোলাৰ কেঁচুৱা উঠাই নি কেঁচাতেজ পি খায় বোলে৷ শুনি ভয় খাইছিলোঁ
যদিও ৰাসৰ সেই অসুৰটো ওচৰৰ পৰা চাবলৈ বৰ মন আছিল৷ কিন্তু মোকতো ঘৰৰ পৰা যাবলৈ কোনো
কাৰণতে অনুমতি নিদিয়ে৷ সেই কাৰণে মই যোৱাৰ কথা যে ভাবিছোঁ, ঘৰৰ কাকো নকলোঁ, অকণহঁতকো
নক’লোঁ, কিয়নো ক’লেই ওচৰৰ মানুহে জানিব আৰু ওচৰৰ মানুহৰ পৰা ঘৰৰ দাদাহঁতে গম পাই আগতেই
বাধা দিব৷ যিদিনা ওচৰৰ মানুহ মিছন চাৰিআলিৰ ৰাস চাবলৈ ওলাব, ময়ো কোনেও গম নোপোৱাকৈ
ঘৰৰ পৰা মনে মনে পলাই যাম৷
সন্ধিয়া খাই-বৈ মানুহ
ৰাসলৈ যাবলৈ ওলাল৷ চুবুৰীটোত তাল-ফাল লাগি গৈছে৷ অকণ, বলীনহঁতেও নাচি-বাগি হুলস্থুল
কৰি ওলোৱা গম পালোঁ ঘৰৰ ভিতৰৰ পৰাই৷ মাক ভোক লাগিছে বুলি কৈ সোনকালে ভাত খাই বিছনাত
শুবলৈ গ’লোঁ৷ ঘৰৰ দাদাহঁতে মোক ইমান নিৰ্লিপ্ত দেখি আচৰিতেই হৈছিল৷ লগৰ লগৰীয়াৰ চিঞৰ-বাখৰ
শুনিও বাটলৈ ওলোৱা নাই৷ বৰ ভাল পালে৷ ভিতৰলৈ আহি দেখিলে মই মূৰে-গায়ে কাপোৰ লৈ টোপনি
গৈছোঁ৷ গাঁৱৰ মানুহবিলাক যোৱাৰ পাছত দাদাহঁত ভাত খাবলৈ পাকঘৰত সোমাল৷ ঠিক সেইখিনি সময়তে
মই কোনেও গম নোপোৱাকৈ বিছনাৰ কাপোৰবিলাক মই শুই থকাৰ দৰে কায়দা কৰি জাপি থৈ ঘৰৰ পিছফালৰ
দুৱাৰখন মনে মনে খুলি বাৰীৰ লুংলুঙীয়া হাবিতলীয়া বাটটোৰে দৌৰি দৌৰি ৰাস্তাত উঠি গাঁৱৰ
ৰাস চাবলৈ যোৱা মানুহখিনিৰ মাজত বিলীন হৈ গ’লোঁ৷ মোৰ কিমান যে ফূৰ্তি, অকণহঁতৰ সৈতে
নাচি-বাগি পথাৰৰ মাজৰ মুকলি ৰাস্তাটোৱেদি জোনাক ৰাতি যাত্ৰা কৰিলোঁ মহানন্দে আনন্দে৷
তেনেদৰে মুক্ত মনেৰে
নাচি-বাগি গৈ থাকোঁতে দেখিলো মূৰে-গায়ে কাপোৰ মেৰিয়াই মানুহ এটা চাইকেল মাৰি গৈ কিছু
দূৰত থকা আহত গছ ডালৰ তলত ৰৈ আছে৷ ওচৰ চপাৰ লগে লগে গাৰ কাপোৰ আঁতৰাই হাতত লুকুৱাই
অনা দীঘল ডালেৰে মানুহৰ মাজৰ পৰা টানি নি মোক উৰাই-ঘূৰাই কোবাবলৈ ধৰিলে৷ মই গম পাই
গৈছিলোঁ সেয়া মাজুদাদাই হ’ব বুলি৷ কিয়নো ঘৰখনৰ ভিতৰত মাজুদাদায়েই এনেবোৰ কথাত বেছিকৈ
মাত মাতে৷ মই কোব খাই গগন ফলা চিঞৰ মাৰিবলৈ ধৰিলোঁ৷ কথা বিষম দেখি বাকী মানুহখিনিয়ে
দাদাৰ হাতৰ পৰা মোক এৰুৱাই আনি জাকত সুমুৱাই ল’লে আৰু দাদাক বঢ়াই-বুজাই উভতি যাবলৈ
ক’লে৷ লগতে মোক ৰাসলৈ লৈ যোৱাৰ দায়িত্ব ল’লে মানুহখিনিয়ে৷ দাদা গুচি গ’ল৷ ময়ো কান্দি-কাটি
উচুপি উচুপি আকৌ মানুহখিনিৰ সৈতে খোজ ল’লোঁ৷
এটা সময়ত ভাগৰি-জুগৰি
মিছন-চাৰিআলি পালোঁগৈ৷ দূৰৰ পৰাই লাইটৰ পোহৰত দেখিলোঁ লোকে লোকাৰণ্য৷ মানুহৰ ফাঁকে
ফাঁকে আমাৰ মানুহবিলাক গৈ তাতে খালী ঠাই অলপ উলিয়াই বহিল আৰু মোকো লগতে বহুৱাই ল’লে৷
জীৱনত পোন-প্ৰথমবাৰৰ বাবে ৰাস উপভোগ কৰাৰ বিৰল সুযোগ পালোঁ৷ সুশৃংখলভাৱে বহি থকা সহস্ৰাধিক
দৰ্শকৰ ফাঁকে ফাঁকে গোপীসকলে ৰাসৰ গীত গাই গাই হালি-জালি নাচি আছে৷ লগে লগে সুললিত
সুৰত সমবেত কণ্ঠত গাই গৈছে-
আঁহা সখী আঁহা মাই বৃন্দাবনে
যাওঁ
বজাইছে মোহন বেণু নয়ন
ভৰি চাওঁ--
আকৌ ঘূৰি ঘূৰি আমাৰ
ওচৰ পাওঁতে গোৱা শুনিলো-
ত্ৰাহি ত্ৰাহি ত্ৰাহি কৰাহি ত্ৰাণ
অসুৰে মাৰিলে আমাৰ প্ৰাণ-
ৰাসৰ নৃত্য-গীত চাই চাই এটা সময়ত কেতিয়া টোপনি গ’লোঁ গমকে নাপালোঁ৷ কৃষ্ণ, অসুৰ, ৰাধাৰ কেতিয়া প্ৰৱেশ ঘটিল, অসুৰে কোলাৰ কেঁচুৱা নি কেতিয়া কেঁচা তেজ পিলে, সেয়া একোৱেই নেদেখিলোঁ৷ ৰাতিপুৱাই গ’ল ৰাসৰ অন্ত পৰোঁতে৷ এটা সময়ত মানুহখনি যাবলৈ উঠি মোক জগাই দিয়াত মই বোলে খপ-জপকৈ উঠি চকু মোহাৰি মানুহবিলাকক সুধিছিলোঁ ‘অসুৰ ওলাল নেকি’ ? কোনোবা এটাই টপৰাই ক’লে- ‘অসুৰ এতিয়া ওলাবলৈ বাকী নাই, ৰাস শেষ হ’ল, এতিয়া ঘৰলৈ যাওঁ ব’লা৷
ঘৰৰ পৰা পলাই, মাৰ
খাই ৰাস চাবলৈ গৈও মোৰ ৰাস চোৱা নহ’ল৷ মাথোঁ ৰাসৰ সেই গীতবিলাকৰ মিঠা সুৰবিলাক আজিও
মনত অনুৰণিত হৈ থাকিল৷
(আগলৈ)