অন্যযুগ/


ৰ’দে-বৰষুণে কিমান যে গান

 লোকনাথ গোস্বামী

(মন দাপোনত - ৯)

                  

                               

(১)

 

গাঁৱৰ ঘটনা কৈ অন্ত কৰিব নোৱাৰি৷ বহাগ বিহু আহিলেই হুচৰি গোৱাৰ ধুম উঠে, জাকে জাকে হুচৰিৰ দল ওলায় গাঁৱত৷ প্ৰায়বিলাক হুচৰি দল প্ৰথমে আমাৰ ঘৰলৈ বুলি আহে৷ আহি সত্ৰত মূৰ দোঁৱায়, লগতে দেউতাকো সেৱা জনাই হুচৰি আৰম্ভ কৰে৷ কিমান যে আনন্দকৰ আছিল সেই দিনবোৰ৷ গাঁৱৰে ধীৰেন্দ্ৰকায়ে ঘোষা-পদ জুৰে সুললিত কণ্ঠেৰে, শুনিলে শুনি থাকিবৰ মন যায়-

              বৰদোৱা শুৱনি কীৰ্তনঘৰ এখনি

                           ভকতৰ শুৱনি চুলি

              যমুনাৰ বালিতে কানাই বজায় বাঁহী

                           ৰাধাৰে মুকলি চুলি কি ঐ ৰাম

                              ৰাধাৰে মুকলি চুলি৷৷

 

এবাৰৰ কথা-

লগৰ সুৰেন, দুলালহঁতে গাঁৱত হুচৰি নেগাই টাউনত গোৱাৰ মন মেলিলে৷ গাঁৱৰ মানুহে চাউলহে দিয়ে, টাউনৰ মানুহে পইচা দিয়ে সৰহকৈ৷ ময়ো যাব লাগিব দলটোৰ সৈতে৷ সিহঁতে ঠিক কৰিছে এইবাৰ হুচৰিত মিৰি-মিৰিয়নী নাচ থাকিব৷ মই মিৰিয়নী হৈ গাবও লাগিব, নাচিবও লাগিব, যিহেতু মই বিহু গাওঁ, তাতে মাতটো ভাল৷ আপত্তি নকৰিলোঁ৷ কিন্তু ঘৰত ক’লেতো কেতিয়াও যাবলৈ নিদিয়ে! ইফালে বিহুৰ বতৰত সত্ৰলৈ শিচ-ভকত আহে দেউতাৰ ওচৰলৈ নতুন বছৰৰ সেৱা জনোৱাৰ লগতে নতুন পঞ্জিকাৰ ৰাশিফল চোৱাবলৈ, কুশল-বাৰ্তা ল’বলৈ৷ আমি শিচ-ভকত সকলক চাহ-তামোলেৰে আলপৈচান ধৰিব লাগে৷ মায়ে অকলে চম্ভালিব নোৱাৰে৷ দাদা-বাইদেউহঁতৰো আহৰি নেথাকে৷ মোৰ ওপৰতে গোটেইখিনি জাপি দিয়ে৷ গতিকে নামঘৰ, লগতে দেউতাৰ কামখিনি যিমান পাৰি সোনকালে কৰি ঘৰৰ মানুহখিনিয়ে গম নোপোৱাকৈ লগৰ সমনীয়াৰ সৈতে হুচৰি গাবলৈ বুলি গাঁৱৰ পৰা টাউনলৈ বুলি যাবলৈ প্ৰস্তুত হ’লোঁ৷

সাত-আঠ মাইল বাট খোজ কাঢ়ি টাউনৰ হজৰাপুখুৰীৰ পাৰ(ৰে’ল গে’ট)পালোঁগৈ৷ তাতে দোকান এখনৰ পিছফালে পৰিত্যক্ত সৰু ঘৰ এটা পালোঁ সাজ-সজ্জাৰ কাৰণে৷ মোক গালে মুখে হিমানী, পাউদাৰ এসোপা সানি মিৰিয়নীৰ সাজ পিন্ধালে৷ তেনেকৈ মিৰিজনকো সজালে৷ সন্ধিয়াৰ লগে লগে হুচৰি গাবলৈ ওলালোঁ ওচৰৰ মানুহৰ ঘৰত৷ ওচৰৰ মানুহ ঘৰতৰ চোতালত উঠি প্ৰথমতে হুচৰি নাম লগালোঁ৷ হুচৰি নামৰ পিচত বিহু আৰম্ভ কৰিলোঁ৷ মানুহঘৰৰ সকলো ওলাই আহিল চোতাললৈ হুচৰি চাবলৈ৷ চাই থকা পৰিয়ালটোৰ ছোৱালী এজনীয়ে কোৱা কথা কাণত পৰিল৷ ল’ৰাটোৰ মাতটো বৰ মিঠা, ইমান শুৱলাকৈ হুচৰি, বিহুনাম গাইছে৷ হুচৰি গোৱাৰ সামৰণী পেলোৱাৰ পিছত সেই ছোৱালীজনীয়ে মোক ওচৰলৈ মাতি নি সুধিলে- ‘ঐ, তই ছোৱালী নে ল’ৰা? তোৰ নাম কি, ঘৰ ক’ত?’

মই লাহেকৈ ক’লো মোৰ নাম, ঘৰৰ কথা৷ ছোৱালীজনীয়ে খিলখিলাই হাঁহি মাকহঁতক ক’লে- ‘উৱা, এইটো দেখোন আমাৰ ভাইটি, নৰেনখুৰাহঁতৰ ভাইটি৷’

লগে লগে মুখৰ কাপোৰ গুচাই ভালকৈ চালে, চিনি পালে, আৰু দেখিলে বেছেৰীয়াৰ মূৰাৰী সত্ৰৰ গোঁসাই ল’ৰাৰ এই কাণ্ড৷ তাতকৈ বৰ বেছি একো নক’লে৷ হুচৰিৰ বিনিময়ত কি দিলে গম নেপালোঁ, যিমান পাৰোঁ সোনকালে ঘৰখনৰ পৰা ওলাই আহিলোঁ৷ আচলতে সেইখন আমাৰ ডাঙৰ দাদা কাবুলদাহঁতৰ(ত্ৰৈলোক্য গোস্বামী)ঘৰ৷ সন্ধিয়া সময়ত মই গম পোৱা নাছিলোঁ৷ তাৰ পিছত টাউনৰ বচা বচা কিছুমান মানুহৰ ঘৰত হুচৰি গোৱাৰ পিছত ৰাতি বেছি হোৱাত দোকান এখনৰ বাৰাণ্ডাতে জিৰণি ল’লো৷ খোৱা-বোৱা একো নহ’ল৷ দোকান, হোটেল চব বন্ধ হৈ গৈছিল তেতিয়ালৈ৷ পিছদিনা পুৱা আহি লঘোণে-ভোকে ঘৰ ওলালোঁহি৷ ভাগৰে-জুগৰে থাকি দুপৰীয়া ভাত-পানী  খাই শুই পৰিলো৷ ঘৰৰ কোনেও একো নোসোধা দেখি ভাবিলোঁ কথাটো ইমান ডাঙৰ নহয়৷

কিন্তু সন্ধিয়ালৈ এটা অকল্পনীয় ঘটনা ঘটিল৷ মাজুদাদা চাকৰিৰ পৰা আহি কাপোৰ-কানি সলাই হাতত এডাল ৰছী আৰু বেত লৈ মোক চোতাললৈ ডাঙৰ ডাঙৰ কৈ মাতিলে৷ ময়ো একো আও-ভাও নুবুজি ভিতৰৰ পৰা চোতাললৈ দৌৰি  আহিলোঁ৷ লগে লগে মাজুদাদাই মোৰ হাতখনত ধৰি নঙলাৰ খুটাটোত ৰছীডালেৰে মেৰিয়াই মেৰিয়াই বান্ধিলে৷ তাৰ পিছত উপৰ্যুপৰি প্ৰশ্ন আৰু বেতৰ কোব৷ ওচৰ-চুবুৰীয়া মানুহ আহি চোতালত গোট খালেহি৷ সকলোকে শুনাকৈ চিঞৰি চিঞৰি ক’বলৈ ধৰিলে- ই আমাৰ ঘৰৰ মান-সন্মান চব শেষ কৰি দিলে৷ টাউনলৈ গৈ আজি আমাৰ পৰিয়ালৰ মানুহৰ পৰাই টান কথা শুনিব লগা হ’ল৷ গোঁসাই ঘৰৰ ল’ৰা, সত্ৰৰ  ল’ৰাই শুদিৰৰ ল’ৰাৰ সৈতে গৈ টাউনত হুচৰি গাই ফুৰিছেগৈ, কেও-কোনো নোহোৱা মানুহৰ ঘৰৰ ল’ৰাৰ দৰে৷ তাক এনেকৈ ঘৰৰ পৰা যাবলৈ এৰি দিয়াৰ কাৰণে টাউনত থকা আমাৰ ডাঙৰ দাদাহঁতৰ পৰিয়ালৰ মানুহখিনিয়ে বৰ বেয়াকৈ কথা শুনাইছে মোক৷  ‘ভাইটিক কণ্ট্ৰোল নকৰিলে ই আমাৰ বংশৰ নাম নুমুৱাব’ বুলি কৈছে৷ ভীষণ লাজ পাইছোঁ আজি ইয়াৰ কাৰণে বুলি আকৌ বেতৰ কোব৷ মই ইফালে চিঞৰত তাল-ফাল লগাইছোঁ৷ শেষত মা আহি দাদাক এৰি দিবলৈ কোৱাত যেনিবা ৰছীডাল খুলি এৰি দিলে৷

সত্ৰৰ আচাৰ-নীতি, ঘৰৰ কেতবোৰ বান্ধোনে মোক বৰ আমুৱাইছিল৷ সেইবিলাক আচাৰ-নীতি বা বান্ধোন একাবাৰেই অদৰকাৰী বুলি ভাবিছিলোঁ সেই বয়সতে৷ তাৰ পৰা সেয়ে চেগ পালেই মুক্ত হবলৈ বিচাৰিছিলোঁ৷ জানি-শুনিও বহু সময়ত নকৰিবলগীয়া কামো কৰিছিলো্ঁ তেতিয়াই৷

এবাৰৰ কথা, গাঁৱৰ ৰাইজে লগ হৈ ন-খাব৷ আগদিনাই ডিপোতা নৈত জেং-জাবৰ দি থোৱা দ কেঁকুৰিটোত গাঁৱৰ ৰাইজে মিলিজুলি জাল-পল, জুলুকি মাৰি জীয়া জীয়া ৰৌ-বৰালী, নাৰ-বাট মাছ ধৰি গাঁৱৰ কোনোবা এজনৰ ঘৰত জমাই থলে৷ পিছদিনা ওচৰৰে ভব নাথহঁতৰ ডাঙৰ চোতালত ভোজৰ আয়োজন৷ ভাগে ভাগে গাঁৱৰ ৰাইজ কামত লাগি গৈছে৷ তেতিয়া খেচাৰি দাইল, কোমোৰা খুবেই ব্যৱহাৰ হয় ভোজত৷ বাকী তৰি-তৰকাৰী কিনিব’ই নেলাগে৷ মাঁথো নিমখ, খাইতেল, গৰম মচলা আদি কিনিব লাগে৷ আমি স্কুললৈ যাওঁতে ভবদাহঁতৰ ঘৰৰ আগেদিয়েই যাব লাগে৷ ভোজৰ আয়োজন যাওঁতেই চাই গ’লো৷ সোনকালে স্কুল ছুটী হ’লে ভাল হয় বুলি মনতে ভাবিলোঁ৷ স্কুললৈ গ’লোঁ যদিও শ্ৰেণীত মন বহা নাছিল৷ দুটা নে তিনিটা শ্ৰেণীৰ পিছতেই ছুটীৰ ঘণ্টা বাজিল৷ হাতত ফলি-কিতাপ লৈ যেয়ে যেনেকৈ পাৰোঁ বাটলৈ ওলাই আহি ভোজৰ চোতালৰ দিশে লৰ মাৰিলোঁ৷ তাত গৈ দেখিলোঁ চোতালত ল’ৰা-ছোৱালী বিলাক বহিবৰ কাৰণে শৰণ খেৰৰ মুঠা বিলাক দীঘলে দীঘলকৈ পাৰি দিছে৷ আমি লগৰ লগৰীয়াৰ সৈতে যেয়ে যেনেকে পাৰোঁ তাত শাৰী পাতি বহি দিলোগৈ৷  কি যে ফূৰ্তি মনত !

এটা সময়ত মুখত গামোচা বান্ধি হাতত চৰিয়া লৈ বিলনীয়াই এফালৰ পৰা পাতত ভাত দি গৈছে৷ মোৰ ওচৰ পোৱাৰ পিছত মোৰ মুখলৈ চালে৷ পিছত কাষতে থকা মানুহ এজনক মোৰফালে আঙুলি টোঁৱাই কিবা কোৱা শুনিলোঁ৷ সেই মানুহজনে মোক ভাতৰ পাতৰ পৰা কোলাত তুলি বাহিৰলৈ লৈ গ’ল৷ নি  কলে, ‘বাপু তুমি ইয়াত বহিব নেপায় নহয়, তুমি ইয়াত বহি খোৱা-বোৱা কৰিলে আমাক পাপে চুব৷ তোমালোকৰ ঘৰলৈ আমি ভোজৰ সকলো বস্তু পঠিয়াই দিছোঁ৷ তুমি ঘৰতে খাবাগৈ দেই৷’ মই আৰু ফেঁকুৰি ফেঁকুৰি কান্ধিবলৈ ধৰিলোঁ৷ তাকে দেখি অইন এজনে মোক কান্ধত তুলি নি ঘৰত থৈ আহিলগৈ৷

গাঁৱৰ শূদিৰৰ সৈতে একেলগে খোৱাৰ নিয়ম যে নাই, সেই কথা দাদাহঁতে যি দৰে বুজিছিল, মই তেতিয়ালৈকে বুজা হোৱা নাছিলোঁ৷ গাঁৱত ভোজ পাতিলে ডাঙৰ পাচি এটাত চাউল-দাইল,তৰি-তৰকাৰী, মা-মচলা, মাছ আদি ভৰাই সত্ৰত দিয়াৰ নিয়ম আছিল তেতিয়া৷ তাকে সিধা দিয়া বুলি কৈছিল৷ সেইদিনা আমাৰ মায়ে সেই বস্তুৰেই আমাৰ পৰিয়ালৰ সাজটো ৰান্ধিছিল আৰু আমিও ভোজৰ ভাত বুলি তাকে বৰ তৃপ্তিৰে খাইছিলোঁ৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ