লোকনাথ গোস্বামী
(৪য় অধ্যায়)
(১)
ডাঙৰ দাদাহঁতে (কাবুলদা,
জগতদা) গাঁৱৰপৰা ওলাই আহি টাউনত নিজস্ব স্থিতি একোটা লোৱাৰ লগতে দেউতাকো পাৰিবাৰিক
বোজাৰ পৰা কিছু সঁকাহ দিলে ঠিকেই, কিন্তু বাকী আমাৰ আঠোটা সন্তান পঢ়াই-শুনাই ডাঙৰ কৰাৰ
দায়িত্ব অকলে ল’ব পৰা অৱস্থা দেউতাৰ মুঠেও নাছিল সেইখিনি সময়ত, দেউতাৰ বাবে সি এক ডাঙৰ
সমস্যা হৈ পৰিছিল৷ দেউতাৰ তেতিয়া চাকৰি-বাকৰি একো নাছিল৷ খেতিৰ মাটি যিখিনি আছিল, সেয়াও
গাঁৱৰ মানুহক আধিত খেতি কৰিবলৈ দিবলগীয়া হৈছিল৷ খেতি-বাতি ভাল হ’লে ঘৰ চলোৱাত অসুবিধা
নাহৈছিল৷ কিন্তু সদায়ে খেতি ভাল হৈছিল বুলিব নোৱাৰি৷ পথাৰৰ আধাপকা ধান নিজে কাটি আনিব
লাগে৷ প্ৰথমে দেউতাই হাজিৰা লগাই আধি ধান কটাই ঘৰলৈ অনাইছিল৷ পিছত আমিবিলাক ডাঙৰ হৈ
অহাত আমিয়েই পথাৰৰ আমাৰ ভাগৰ ধানখিনি কাটি
আনি দেউতাক সহায় কৰিব পৰা হৈছিলো৷ তেনেকৈয়ে দাদাহঁতৰ লগত কাঁচি লৈ এটা সময়ত পকাধানৰ
পথাৰলৈ গৈ ময়ো ধান কাটিব পৰা হৈছিলো৷ পকা ধাননীৰ মাজত দিনটো কটাই, ঘৰৰ পৰা নিয়া ৰবাব
টেঙা, কমলা টেঙা খাই বিৰাট ফুৰ্তি পাইছিলোঁ৷ এটা সময়ত নাঙলৰ মুঠিত ধৰাৰ বাহিৰে পথাৰত
বহু কামেই কৰিবলৈ শিকিছিলোঁ৷ নাঙলৰ মুঠিত ধৰিব নেপায় বুলি কোৱাতহে ধৰা নাছিলোঁ৷ ধান
কটাৰ পিছত মৰণা মাৰি গুটি ধান ভঁড়ালত থোৱা হৈছিল৷
আমাৰ ঘৰৰ চোতালৰ সমুখত দুটা ভঁড়াল আছিল, এটা গুটি ধানৰ আৰু আনটো গছি ধানৰ৷ মৰণা
মাৰিবৰ কাৰণে বলধ গৰু আমাৰ ঘৰত নথকাৰ বাবে ওচৰৰ ঘৰৰ পৰা খুজি আনি মৰা হৈছিল৷ তেতিয়া
ঢেঁকীৰ দিন৷ এতিয়াৰ দৰে গাঁৱত ধান বনোৱা কল নাছিল গাঁৱত৷ মাই নিজে ভঁড়ালৰ পৰা গছিধান
উলিয়াই, ভৰিৰে মাৰি ৰ’দত শুকুৱাই ঢেঁকীত খুন্দি চাউল উলিয়াই আমাক ভাত বনাই খুওৱা পৰ্যন্ত
কাম কৰা আমি দেখিছিলোঁ৷ কেতিয়াবা ময়ো বা ঘৰৰ অইনেও সুবিধা বুজি মাক ঢেঁকী দি সহায় কৰি
দিব লগীয়া হৈছিল৷ তেনেকৈ এদিন ঢেঁকী দি থাকোঁতে অসাৱধানবশতঃ খুবলিত মাৰ হাতখন সোমাই
থাকোঁতেই ঢেঁকীথোৰাই মাৰ হাতখন খুন্দি থেতেলাই পেলোৱাৰ কথা মনত পৰিলে আজিও গা শিৰশিৰাই
যায়৷ তথাপি এই ঢেঁকী আৰু ঢেঁকীৰ শব্দৰ সৈতে সৰুৰে পৰা এটা বুজাব নোৱাৰা আত্মিক সম্পৰ্ক
মোৰ গঢ়ি উঠিছিল ৷
গাঁৱৰ ঘৰখনত তেতিয়া
দেউতাহঁতে কিছুমান সুবিধা নোপোৱাও নহয়৷ নতুন খেতিৰ ফচল ওলালেই গাঁৱৰ মানুহে আমাৰ ঘৰত
অৰ্থাৎ গোসাঁই ঘৰত আগে-ভাগে নলগোৱাকৈ মুখত দিয়াৰ নিয়ম নাছিল৷ আমাৰ ঘৰত ভাগে-ভাগে এটা
ৰূমত সৰু সৰু ডুলি কিছুমান আছিল৷ এই ডুলি বিলাকত গাঁৱৰ মানুহে দিয়া নতুন মাটিমাহ, সৰিয়হ,
চাউল, আলু আদি সাঁচি থোৱা হৈছিল বহু দিনলৈ৷ সেই কাৰণেই সম্ভৱ টাউনৰ মানুহৰ মুখত চাউল
কিনি খোৱা কথাটো শুনিলে সৰুতে মই আচৰিতেই হৈছিলোঁ৷ টাউনৰ দাদাহঁতৰ ঘৰলৈ বা অইন কাৰোবাৰ
ঘৰত ভাত খোৱাকৈ গ’লে ঘৰৰ ৰান্ধনীয়ে কথাৰ চলেৰে
কৈয়ে দিয়ে - ‘তোমালোকৰ দৰে ঘৰৰ চাউল নহয় দেই, কিনা চাউলৰ ভাত, নষ্ট নকৰিবা৷’ ‘কিনা চাউল, ঘৰৰ চাউল এই বিলাক কথা মোৰ কাৰণে সাঁথৰ
আছিল তেতিয়া ৷
গাঁৱৰ ঘৰত মাছ-পুঠিও
কিনিবলগীয়া হোৱা নাছিল৷ দেউতা বৰ কৰ্মী মানুহ আছিল৷ সকলো কামতে হাতখন বৰ নিপুণ আছিল৷
মাছধৰা সঁজুলি ডিঙৰা, চেপা, খোকা, জুলুকি, পল, দলঙা, জাকৈ-খালৈ বনোৱাৰ পৰা আৰম্ভ কৰি
খেয়ালি জাল, কাৱৈলাঙি জাল গুঁঠালৈ সকলোতে পাকৈত আছিল৷ ময়ো যেতিয়াৰ পৰা সাঁতুৰিব পৰা
হ’লো, তেতিয়াৰ পৰাই দাদাহঁতৰ লগত নাইবা লগৰ লগৰীয়াৰ সৈতে নৈ, জান, জুৰিত মাছ ধৰিবলৈ
গৈছিলোঁ ৷
(২)
গাঁৱত থাকোঁতে সৰু
কালতে নৈ, জান-জুৰিত মাছ ধৰিবলৈ যোৱাৰ কিছুমান আমোদজনক কাহিনী আজিও মনত পৰিলে আপোনা-আপুনি
বিস্মিত হওঁ৷ শৈশৱৰ পৰা যৌৱনৰ এছোৱালৈ মই মোৰ জীৱনটো কি দৰে গাঁৱত অতিবাহিত কৰিছিলোঁ,
ভাবি নিজেই আজি বিচূৰ্তি খাওঁ৷ আজিৰ এই গুৱাহাটীৰ মহানগৰীৰ নাগৰিক জীৱনৰ সৈতে তাৰ কিমান তফাৎ, কাক কেনেকৈ বুজাম ? অইন নেলাগে, নিজৰ
সন্তান অথবা পত্নীক ক’লেও সহজে মানি লবলৈকে টান পায়, সেয়া সাজি সাজি কোৱা কথা বুলি
ভাবে৷ অৱশ্যে এই আত্মকথা লেখি থকাৰ সময়খিনিতে মৰাণৰ ফালে যাওঁতে মৰাণৰ ভাতৃপ্ৰতীম বন্ধু
নৃপেন বৰুৱাহঁতৰ বাৰীৰ পুখুৰীত খেয়ালি জাল মাৰি মই মাছ ধৰাৰ এক বিৰল দৃশ্য নৃপেনৰ পত্নী
মানসীয়ে ধৰি ৰাখিছিল৷ সেই ভিডিঅ’ইহে সকলোৰে ওচৰত মোৰ শৈশৱৰ কৃতিত্বৰ প্ৰমাণ দাঙি ধৰিছিল
প্ৰমাণস্বৰূপে ৷
খনাজানত কেতিয়াবা
বাৰিষা মাছৰ উজান পৰে৷ ওচৰৰ গাঁওবিলাকৰ মানুহবিলাক দৌৰি আহে উজানৰ মাছ ধৰিবলৈ৷ পূৰ্বতে
কৈ আহিছোঁ খনাজানটো যিখিনি ঠাইত গৈ ডিপোতা নৈত পৰিছে, তাতে মথাউৰিৰ ওপৰত এখন শ্লুইচ
গে’ট দিয়া হৈছিল জানটোত ভৰ-বাৰিষা পানী ওলোৱা-সোমোৱা নিয়ন্ত্ৰণ কৰিবৰ বাবে৷ ডিপোতা
নৈৰ পানীৰ উচ্চতা কমিলে জানটোৰ শ্লুইচ গে’টখন খুলি দিয়া হয়, যাতে জানটোৰ ওফন্দি অহা
পানীখিনি নৈ লৈ উলিয়াই দিব পৰা যায়৷ জানৰ পানী ওলাই যাওঁতেই লগতে মাছো ওলাই যায়, ডাঙৰ-সৰু
সকলো ধৰণৰ মাছ৷ শ্লুইচ গে’টখনৰ মুখত মানুহে খেয়ালি জাল মাৰি উজানৰ মাছ হেঁপাহ পলুৱাই
ধৰে৷ কিন্তু মাছমৰা মানুহ বেচি হ’লে জেগা পাবলৈ অসুবিধা হয়৷ সেয়ে এদিন কুশদাৰ(সৰু দাদা-কুমুদ
গোস্বামী)ৰ সৈতে এটা বুদ্ধি পাঙিলোঁ৷ আমি পিচদিনা পুৱাই পুৱাই আগে ভাগে গৈ তাত জেগা
লোৱাৰ কথা ভাবিলোঁ৷ ৰাতিয়েই জাল-খালৈ, কাপোৰ-কানি সাজু কৰি ৰাখিলোঁ৷ ৰাতি টোপনি নাহিলেই
ভালকৈ৷ তেতিয়া ‘এলাৰ্ম’ দিবলৈ ঘড়ীও নাছিল ঘৰত৷ এটা সময়ত দাদাই ঘৰৰ
বাহিৰলৈ চাই দেখিলে ৰাতি পুৱালেই, দেৰিয়েই হ’ল চাগে৷ জেগা পোৱা আজিও টান হ’ব৷ তথাপি
মোক লৰা-লৰিকৈ জগাই লগত লৈ গ’ল নৈৰ পাৰলৈ৷ নৈৰ পাৰত থিয় হৈ মনটো ভাল লাগি গ’ল, কিয়নো
তেতিয়ালৈকে আমাৰ দুটাৰ বাহিৰে কোনো মানুহ গৈ পোৱা নাছিল৷ আমি কাপোৰ-কানি সলাই ল’লো
আৰু দাদাই জালখন হাতত তুলি ল’লে ঠিক তেনেতে বেছেৰীয়া ‘বেচ ওৱৰ্কচপ’ৰ পৰা ভাঁহি অহা
শুনিলোঁ ঘণ্টাৰ টং টং দুটা শব্দ- অৰ্থাৎ তেতিয়া ৰাতি দুটা বাজিছে ৷ ওপৰৰ আকাশখনলৈ চাই
দেখিলোঁ জোনটো মূৰৰ ওপৰতে আছে৷ ডাৱৰীয়া বতৰত জোনটো নেদেখিলোঁ, পোহৰ হোৱা যেন ভাব হৈছিল
আমাৰ৷
এতিয়া কি কৰিম?
ঘূৰি যাবলৈকো ভয়,
তাত থাকিবলৈকো ভয় ৷ নৈৰ পাৰলৈ অহা-যোৱা কৰা লুংলুঙীয়া পথছোৱাৰ দুয়োকাষে হাবিৰে আবৰা৷
মানুহে কোৱা শুনো ৰাতিপুৱালেই কুকুৰনেচীয়া বাঘ জানত পানী খাবলৈ অহাৰ লগতে খাদ্যৰ সন্ধানতো
ফুৰে৷ ইফালে ফেউৰাই কন্দাও শুনিলো৷ বাঘ দেখিলে বোলে ফেউৰাই কান্দে৷ আমাৰ ভয়ত তৎ নাইকীয়া
হ’ল৷ যি হয় হ’ব বুলি চুলিৰ আগত জীউটো লৈ মৰণত
শৰণ দি যিমান পাৰোঁ খৰ-খেদাকৈ সেই হাবিতলীয়া বাটেৰেই ঘৰলৈ বুলি খোজ দিলোঁ৷ ঘৰলৈ আহি
কোনেও গম নোপোৱাকৈ বিচনাত পৰিলোঁ আৰু লগে লগে টোপনি গ’লো৷ পুৱা মা উঠি আহি আমাৰ দুয়োটাকে
বিচনাত দেখি কোৱা শুনিলো- ‘ইহঁতে আকৌ বোলে ৰাতি নৌ পুৱাওঁতেই মাছ মাৰিবলৈ যায়, বেচেৰা
দুটাই সাৰেই নেপালে৷’ আমি মনে মনে থাকিলোঁ, একো নকলো মাক৷
স্কুলত থাকোঁতে মাছ
মাৰিবলৈ যোৱাৰ আৰু কেতবোৰ আমোদজনক কাহিনী আছে৷ আগতে কোনো দুষ্টলোকে বোৱতী নৈৰ পকনীয়াত
বোমা বিস্ফোৰণ ঘটাই মাছ মৰাৰ কাৰবাৰ এটা কৰিছিল৷ বোমটো পানীৰ তলত ফুটাৰ পিছত এটা ‘ঘাউপ’কৈ
শব্দ হয় ৷ শব্দটো শুনিলেই ওচৰ-পাজৰৰ মানুহে গম পাই যায় নৈত কোনোবাই বোম দিয়া বুলি৷
তেতিয়া আৰু কোনো ৰৈ নেথাকে৷ যেয়ে য’তে যেনেকৈ নেথাকক, চবেই পথাৰে পথাৰে নাইবা মথাউৰিয়ে
মথাউৰিয়ে সেই শব্দ ভাঁহি অহা দিশে ঢপলিয়ায়৷ ময়ো ঘৰত থাকোঁতে যদি সেই শব্দ শুনিছিলোঁ,
কালৈকো অপেক্ষা নকৰি একে দিশে দৌৰিছিলোঁ৷ নৈৰ পাৰ পাই দেখোঁ মানুহবিলাক নৈত জপিয়াই
পৰিছে আৰু যেয়ে যি পাইছে থপিয়াই থপিয়াই সৰু-ডাঙৰ মাছ দুহাতে ধৰিছে৷ মই যিহেতু সাঁতুৰিব
পাৰিছিলোঁ, গতিকে পিন্ধা কাপোৰেৰেই নৈত জাপ দি যি পাৰোঁ মাছ ধৰিবলৈ চেষ্টা কৰিছিলোঁ৷
বোম দিলে মাছবিলাক বোলে কলা আৰু অন্ধ হৈ দ পানীৰ পৰা ওপৰলৈ আহি ওপঙি থাকে৷ তেতিয়াই
মানুহে ধৰিবলৈ সুবিধাটো পায়৷
ল’ৰালি কালত সিও
এক বিশেষ আকৰ্ষণীয় খেলা হৈ পৰিছিল আমাৰ লেখীয়া ল’ৰা-ছোৱালী বিলাকৰ বাবে৷ কিন্তু তেনেকৈ
মাছ মৰা কাৰবাৰটো মুঠেও ভাল পোৱা নাছিলোঁ ৷
(আগলৈ)