অন্যযুগ/


ৰ’দে-বৰষুণে কিমান যে গান

  লোকনাথ গোস্বামী

 

মন দাপোণত-১৯

(১)

গানে-শ্লগানে জীৱনৰ গুৰুত্বপূৰ্ণ এছোৱা :

 

জলসাকে ধৰি গান-বাজনাৰ চৰ্চা চলি থকাৰ মাজতে য়ুনিয়নৰ কাম-কাজো সমানে চলিবলৈ ধৰিছিল তেতিয়াৰেপৰা৷ মই নতুনকৈ যুক্ত হোৱা য়ুনিয়নখনে কোনো কাৰ্যসূচীতে মোক এৰি  দিয়া  নাছিল৷ সদস্যসকলে মৰম-শ্ৰদ্ধাও কৰিছিল৷ তাৰ মাজতে ঘুনুক-ঘানাককৈ শুনিবলৈ পাইছিলোঁ যে বিদ্যুৎ পৰিষদৰ বহুকেইটা শ্ৰমিক-কৰ্মচাৰী সংগঠনৰ যৌথ উদ্যোগত আগন্তুক দিনত এক ব্যাপক আন্দোলনৰ কুচ-কাৱাজ চলি আছে৷ এইবাৰ সেই যৌথ সংগ্ৰাম সমিতিখনৰ সৈতে কনিষ্ঠ অভিযন্তা সেৱা সংস্থাকে ধৰি অইনকেইটাও সংগঠন, এছ’চিয়েশ্বন যুক্ত হৈছে৷ সাধৰণতে য়ুনিয়ন আৰু এছ’চিয়েশ্বনবিলাকে একেলগে কেতিয়াও কোনো আন্দোলনৰ কাৰ্যসূচী নলয়৷ আমি চাকৰিত যোগদান কৰাৰ সময়ত বিদ্যুৎ পৰিষদত শ্ৰমিক, কৰ্মচাৰী, কাৰিকৰী বিষয়া, প্ৰশাসনিক বিষয়াকে ধৰি প্ৰায় ছাব্বিছ হাজাৰ কৰ্মী-বিষয়া আছিল৷ সেই বৃহৎসংখ্যক শ্ৰমিক, কৰ্মচাৰী, বিষয়াৰ মাজত ষোলখন মান য়ুনিয়ন, এছ’চিয়েশ্বন আছিল৷ অভিযন্তা, কনিষ্ঠ অভিযন্তা, গাণনিক বিষয়া, প্ৰশাসনিক বিষয়াসকলৰ ভাগে ভাগে এছ’চিয়েশ্বন  আছিল৷ অইনহাতে শ্ৰমিকসকলৰ মাজতো ভাগে ভাগে  সংগঠন, কাৰিকৰী, অ-কাৰিকৰী, কেৰেণী-মহৰী, বৰবাবুলৈকে ভাগ ভাগ৷ কাৰো সৈতে কাৰো ভাল সম্পৰ্ক থকাৰ কথা আমি শুনা নাছিলোঁ৷ ইয়াৰ মাজতে নিৰ্দিষ্ট এখন য়ুনিয়ন আছিল ‘অসম মেঘালয়, মিজোৰাম বিজুলী যোগান কৰ্মী সংস্থা (ছাপ্লাই য়ুনিয়ন)’৷ মই প্ৰথমে য়ুনিয়নৰ কোনো ভূ-ভা পোৱাই নাছিলোঁ৷ কোনো-কোনোৱে মোক কথাটো অৱশ্যে নজনোৱা নহয় যে এনেকুৱা কাৰিকৰী প্ৰতিষ্ঠানত চাকৰি কৰি থাকিবলৈ হ’লে কোনো এক য়ুনিয়ন অথবা এছ’চিয়েশ্বনত যুক্ত হোৱাটো বাঞ্ছনীয়, কিয়নো চাকৰিকালত সমূখীন হ’ব পৰা বিভিন্ন সমস্যাৰ সমাধান মূলতঃ য়ুনিয়ন আদিৰ জৰিয়তেহে কৰাটো সম্ভৱ হ’ব পৰে৷ হয়ো হয়, মই চাকৰিত যোগদান কৰিয়েই প্ৰথমে আৱাসগৃহ (কোৱাৰ্টাৰ)ৰ সমস্যাত পৰিছিলোঁ৷ নামৰূপ থাৰ্মেল কলনিত একাধিক আৱাসগৃহ আছে যদিও বিষয়া-কৰ্মচাৰী অনুযায়ী পৰ্যাপ্ত নহয়, তদুপৰি নামৰূপ উদ্যোগিক অঞ্চলটোত ভাড়াঘৰো পাবলৈ নাছিল৷ কেনেবাকে মোৰ এই সমস্যাৰ ভূ পাই সেই নিৰ্দিষ্ট  য়ুনিয়ন ‘অসম মেঘালয়, মিজোৰাম বিজুলী যোগান কৰ্মীসন্থা (ছাপ্লাই য়ুনিয়ন)’ৰ দুজনমান সদস্য আহি মোৰ সৈতে চা-চিনাকি হৈ মোৰ প্ৰধান সমস্যাটোৰ সমাধান এটা উলিওৱাৰ কথা ক’লে৷ সেই সদস্য কেইজনৰ মাজত থকা দুজনমানৰ নাম মোৰ আজিও মনত আছে, এজান ৰমা বৰদলৈ- অফিচৰ কেৰাণী আৰু এজন সুৰেন তালুকদাৰ-য়ুনিয়নখনৰ ছেক্ৰেটাৰী৷ পাছত গম পালোঁ যে থাৰ্মেললৈ চাকৰি কৰিবলৈ নতুনকৈ অহা মানুহবিলাকক তেখেতসকলে আগে-ভাগেই লগ ধৰি চা-চিনাকি হোৱাৰ লগতে দুই-এটা সৰু-সুৰা সমস্যা সমাধানতো সহায়ৰ হাত আগবঢ়ায় আৰু তেনেকৈয়ে তেখেতসকলে  নতুন মানুহবিলাকক তেখেতসকলৰ য়ুনিয়নখনৰ সৈতে সাংগঠনিকভাৱে যুক্ত কৰোৱাৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰে৷ সেইখিনি সময়ত মোৰ সহকৰ্মীসকলৰ প্ৰায় কেউজনেই এই য়ুনিয়নখনৰ সদস্য আছিল৷ সেয়ে তেওঁবিলাকৰ পৰামৰ্শমতেই মই এই ‘ছাপ্লাই য়ুনিয়ন(চমুকৈ)খনৰ সদস্যভুক্ত হ’লোঁ৷ জীৱনত তেতিয়াই পোনপ্ৰথম মোৰ ট্ৰেড য়ুনিয়নৰ সৈতে সম্পৰ্ক ঘটে৷

 পূৰ্বতে কৈ আহিছোঁ যে মই চাকৰিত যোগদান কৰাৰ সময়খিনিতে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ শ্ৰমিক-কৰ্মচাৰীসকলৰ সমন্বিত মঞ্চৰ আহ্বানত এক যৌথ আন্দোলন চলি আছিল৷ এই যৌথ আন্দোলনৰ সভা-সমিতিবিলাক বাটে-ঘাটে চলি থকাৰ সময়তে মই ব্যক্তিগতভাৱে যুক্ত হোৱা ‘অসম মেঘালয়, মিজোৰাম বিজুলী যোগান কৰ্মীসন্থা (ছাপ্লাই য়ুনিয়ন)’য়ো সভা-সমিতি পাতিবলৈ আৰম্ভ  কৰিছিল৷ দুয়োটা মঞ্চৰ মাজত ভালেই মতদ্বৈধতা বিৰাজ কৰিছিল৷ মই তেতিয়া ইয়াৰ একো আও-ভাও পোৱা নাছিলোঁ৷ সেয়ে মই নিজে যুক্ত হোৱা য়ুনিয়নৰ কথা আৰু কামবিলাকেই সঠিক বুলি ভাবি সমৰ্থন কৰিছিলোঁ৷ আমাৰ য়ুনিয়নখনে ইতিমধ্যেই  সিদ্ধান্ত  হৈছিল যে কোনো কাৰণতে যৌথ সংগ্ৰাম সমিতিৰ আন্দোলনৰ সৈতে নিজকে চামিল নকৰে৷ আন্দোলন যদি কৰিবই লাগে, য়ুনিয়নে নিজৰ ৰঙা পতাকাৰ তলত কৰিব৷ য়ুনিয়নৰ এই সিদ্ধান্ত নিজৰ সদস্যসকলৰ মাজলৈ এনেদৰে লৈ যাব লাগিব যাতে যৌথ আন্দোলনৰ নেতৃবৃন্দই আমাৰ য়ুনিয়নৰ সদস্যসকলক কোনোপধ্যে বিচলিত কৰিব নোৱাৰে৷ ইফালে যৌথ সমিতিয়ে যুদ্ধংদেহি ভাব লৈ জোৰদাৰ সংগ্ৰামৰ বাবে শ্ৰমিক-কৰ্মচাৰীসকলৰ মাজত জঁপিয়াই পৰিছে৷ তেওঁবিলাকৰ লগত কথা পাতিলে তেওঁলোকৰ সংগ্ৰামৰ যুক্তি-যুক্ততা, সংগ্ৰামৰ নায্যতা, দাবী-দাবাবিলাক সমৰ্থন নকৰি নোৱাৰি৷ আনহাতে আমাৰ য়ুনিয়নৰ নেতৃবৃন্দৰ লগত কথা পাতিলে যৌথ সমিতিৰ সৈতে যুক্ত হোৱা সংগঠনবিলাকৰ সংগ্ৰামী চিন্তা-চেতনাৰ ওপৰত সন্দেহ কৰাৰ থল থাকে৷ বিগত দিনৰ কাৰ্যকলাপৰ পৰা এই ধৰণৰ সন্দেহ প্ৰকাশ কৰে আমাৰ য়ুনিয়নে৷  মুঠতে গোটেই বিষয়টো মোৰ কাৰণে আছিল এক প্ৰত্যাহ্বান, কিম্বা অগ্নিপৰীক্ষা৷

 এটা সময়ত আন্দোলনৰ দিন চমু চাপি আহিল৷ মই আমাৰ য়ুনিয়নৰ নেতৃবৃন্দৰ সৈতে যৌথ আন্দোলনৰ সৈতে একেলগ হ’ব পাৰি নেকি পুনৰ কথা পতাৰ চেষ্টা কৰিলোঁ৷  এইবাৰ তেওঁলোকে মোক কেন্দ্ৰীয় কমিটিৰ সৈতে বিষয়টো গুৰুত্বসহকাৰে আলোচনা কৰিবৰ কাৰণে গুৱাহাটীলৈ লৈ গ’ল৷ সুৰেন তালুকদাৰ আৰু দীপক দত্তই মোক ৰেলেৰে নামৰূপৰ পৰা গুৱাহাটীৰ মুখ্য কাৰ্যালয় পোৱালেগৈ৷ তাত গৈ দেখিলো, য়ুনিয়নৰ কেন্দ্ৰীয় কমিটিৰ নেতৃবৃন্দ আৰু নাচোৰবান্দা৷ কোনো কাৰণতে একেলগে আন্দোলন নকৰে৷ তাৰ সমৰ্থনত তেওঁলোকে নানা যুক্তি আগবঢ়ালে৷ ঘূৰি আহি কেন্দ্ৰীয় কমিটিৰ নেতৃবৃন্দৰ যুক্তিখিনিকে ৰাজহুৱা সমিতিত দাঙি ধৰিলোঁহি৷ ইফালে যৌথ সমিতিৰ নেতৃবৃন্দই সেইখন মিটিঙত মই দাঙি ধৰা বক্তব্য শুনি আছিল৷ মোৰ বক্তব্য শুনাৰ পাছত তেওঁলোক মোৰ ওপৰত খৰ্গহস্ত হৈ পৰিল৷ মোৰ চাল-চলনৰ ওপৰত তেওঁলোকে নজৰ ৰাখিবলৈ আৰম্ভ কৰিলে৷

 আন্দোলনৰ আগদিনা আমাৰ সহকৰ্মী ৰাণা শৰ্মাৰ ওপৰত কৰ্তৃপক্ষই বজাৰ কৰাৰ দায়িত্ব দিছিল৷ আন্দোলন চলি থকাৰ সময়ত পাৱাৰ হাউছৰ ভিতৰত যিসকল শ্ৰমিক-কৰ্মচাৰী বিদ্যুৎ উৎপাদন অব্যাহত ৰখাৰ কামত নিয়োজিত হ’ব, তেওঁবিলাকক পুৱা-গধূলি খোৱাৰ যোগান ধৰা হ’ব৷ সেই খোৱাৰ যোগাৰৰ বাবে বজাৰ কৰিবৰ কাৰণে ৰাণা শৰ্মাই মোকো লগ ধৰিলে৷ নামৰূপৰ পৰা অফিচৰ জীপ এখন লৈ গৈ নাহৰকটীয়াত বজাৰ কৰাৰ সিদ্ধান্ত লৈছিল ৰাণা শৰ্মাই৷ নামৰূপত বজাৰ কৰা দেখিলে আন্দোলনকাৰীসকলে গম পোৱাৰ সম্ভাৱনা থাকে৷ গতিকে বজাৰ কৰিবলৈ নাহৰকটীয়া পালোঁগৈ৷ নাহৰকটীয়াত তৰি-তৰকাৰী, চাউল-দাইল, কণী যি পাৰে সকলো বস্তাত ভৰাই লৈ এটা সময়ত জীপগাড়ীত তুলি দি নামৰূপ কলনিলৈ ঘূৰি আহিলোঁ৷ পাছতহে ৰাণা শৰ্মাই মোক ক’লে যে তেওঁ সেই বজাৰ কৰিবলৈ দিয়া পইচাৰ এটা অংশ ৰাহি কৰি চুট এজোৰৰ দাম উলিয়ালে৷ মই লগত গ’লো যদিও এইবিলাকৰ একো ভূকে নাপালোঁ৷

 সন্ধিয়া সময়ত হঠাতে জীপগাড়ী এখন আহি কোৱাৰ্টাৰৰ সমুখত ৰ’লহি৷ তাৰ পৰা বৰা উপাধিৰ আমাৰ য়ুনিয়নৰে সদস্য এজন খৰধৰকৈ নামি আহি আমাৰ তিনিওজনকে ক’লে- ‘ওলাওক ওলাওক এতিয়াই, পাৱাৰ হাউছলৈ যাব লাগে৷ দুটামান কাপোৰ-কানি লগত লৈ লওক, কেইদিন পাৱাৰ হাউছৰ ভিতৰত থাকিবলগীয়া হয় ঠিক নাই।’  মানুহজনৰ কথা শুনি আমি কেউজনেই থতমত খালোঁ৷ ইফালে বোলে সময়ো নাই৷ গাড়ীখন ষ্টাৰ্ট কৰি থোৱাই আছিল৷ আগ-পিছ নুগুণি দুটামান লাগতিয়াল কাপোৰ, অন্যান্য সামগ্ৰী মোনা এটাত ভৰাই লৈ তিনিওজন দৌৰি জীপখনৰ পিছফালে উঠিলোঁগৈ, জীপগাড়ীখন বেগাই চলাই দিলে৷ জীপখন যোৱাৰ পাছত দূৰত কোনোবাই চিঞৰা শুনিলো- ‘সেয়া চা চা, দালালকেইটা গ’ল৷ ইহঁতক ‘মেনেজমেণ্টে’ কিনিলে৷ এতিয়া পাৱাৰ হাউছত সোমাই  ‘মেনেজমেণ্টে’ৰ চুৱা চেলেকিবলৈ গৈছে৷ ওলাই আহিবি নহয়, তেতিয়া তহঁতক চাই ল’ম  যা’৷

একো কথা ভালকৈ ভবা-চিন্তা কৰিবলৈ নৌ পাওঁতেই য়ুনিয়নৰ মেৰপেচত বৰ বেয়াকৈ সোমাই পৰিলোঁ৷ ৰাতি পাৱাৰ হাউছৰ অফিচ, বাৰাণ্ডা য’তে পাওঁ, তাতে শুবলৈ চেষ্টা কৰিলোঁ৷ পাছদিনা পুৱা ছয় বজাৰ পৰা আন্দোলনকাৰী যৌথ সমিতিয়ে অনিৰ্দিষ্ট সময়লৈ আন্দোলন ঘোষণা কৰিছে৷ ‘মেনেজমেণ্টে’ উঠি পৰি লাগিছে যাতে কোনো কাৰণতে বিদ্যুৎ উৎপাদন, পৰিৱহন অথবা যোগান ব্যাহত নহয়৷ অৰ্থাৎ আন্দোলনটো যাতে কোনোপধ্যে সফল হ’ব নোৱাৰে৷ আমাৰ ছাপ্লাই য়ুনিয়নৰো একেটাই লক্ষ্য, যাতে অন্দোলনটো কোনোপধ্যে সফল হ’ব নোৱাৰে৷ সেই কাৰণে বিদ্যুৎ উৎপাদন, পৰিৱহন, যোগানকে ধৰি কোনো ব্যৱস্থা যাতে ব্যাহত হ’ব নোৱাৰে তাৰ বাবে সৰ্বতোপ্ৰকাৰে যুঁজত নামি পৰিছে আমাৰ য়ুনিয়নৰ মানুহবিলাক৷ আনফালে আন্দোলনকাৰীয়ে উঠি-পৰি লাগিছে যাতে গোটেই উৎপাদন, যোগান ব্যৱস্থা অচল কৰি বিদ্যুৎ পৰিষদ কৰ্তৃপক্ষক শ’লঠেকত পেলাব পাৰে৷ মুঠতে দুই মহৰ যুঁজত আমাৰ দৰে বিৰিণাবিলাকৰ মৰণ৷

 পুৱাৰ খোৱা-বোৱা ঠিকে-ঠাকেই হ’ল৷ আগদিনা ৰাণা শৰ্মাৰ সৈতে বজাৰ কৰি অনা ব্ৰেড, কণী, কল আদিৰে তাত কৰ্মৰত শ্ৰমিক-কৰ্মচাৰী, বিষয়া-অভিযন্তাসকলৰ পুৱাৰ ব্ৰেকফাষ্ট হৈ গ’ল৷ কিন্তু গণ্ডগোল লাগিল দুপৰীয়াৰ খোৱা-বোৱাক লৈ৷ দুপৰীয়াৰ খোৱা-বোৱা বাহিৰৰ পৰা যোগান ধৰাৰ কথা আছিল৷ সেই কথাটো আন্দোলনকাৰীসকলে জানিব পাৰি পাৱাৰ হাউছটো চাৰিওফালৰ পৰা ঘেৰি ৰাখিলে, যাতে পৰুৱা এটাও সোমাব নোৱাৰে৷ দুপৰীয়াৰ আহাৰ সময়ত নাপাই ভিতৰত থকা মানুহবিলাকৰ মাজত হাহাকাৰ সৃষ্টি হ’ল৷ সময়ত খাদ্য আহি নাপালে সকলোৱে কাম-বন বাদ দি বাহিৰলৈ ওলাই যোৱাৰ ভাবুকি দিলে৷ তাৰে নেতৃস্থানীয় কেইজনে কেন্দ্ৰ অধীক্ষক বি কে বেনাৰ্জী চাহাবক ফোনতে ভিতৰৰ পৰিস্থিতিটো জনোৱাৰ দায়িত্ব মোক দিলে৷ ময়ো কণ্ট্ৰোল ৰুমলৈ গৈ বেনাৰ্জী চাহেবলৈ ফোন কৰি দুপৰীয়াৰ খাদ্য সময়মতে গৈ নাপালে মানুহবিলাকে কাম এৰি বাহিৰলৈ ওলাই যাব বুলি কৈ দিলোঁ৷ মোৰ কথা শুনি বেনাৰ্জী চাহাবৰ বিৰাট খং উঠিল আৰু খঙতে ধমকি দি মনে মনে থাকিবলৈ সতৰ্ক কৰি দিলে৷ অৱশ্যে খাদ্যৰ কিবা এটা ব্যৱস্থা কৰি থকা বুলিও ক’লে৷ মই মানুহখিনিক কথাটো কৈ অলপ ধৈৰ্য ধৰিবলৈ অনুৰোধ কৰিলোঁ৷ ইফালে বাহিৰত এক উত্তপ্ত পৰিৱেশ সৃষ্টি হোৱা বুলি জানিলোঁ৷ আন্দোলনকাৰীসকলে ধৰি লৈছিল যে ভিতৰলৈ খাদ্যৰ যোগান বন্ধ কৰি দিলে মানুহবিলাকে কাম এৰি ওলাই যাব আৰু আন্দোলন সফল হ’ব৷ কিন্তু কৰ্তৃপক্ষয়ো ইমান সোনকালে আত্মসমৰ্পণ কৰিবলৈ নিবিচাৰিছিল৷ সেয়ে বিশাল আৰক্ষী বাহিনী মোতায়েন কৰি আন্দোলনকাৰীক ছত্ৰভংগ দিয়াই কোনোমতে বাহিৰৰ পৰা খাদ্যৰ যোগান ধৰিবলৈ সক্ষম হ’ল৷ খাদ্যৰ যোগান ধৰাৰ পাছত শ্ৰমিক-কৰ্মচাৰীসকলে পুনৰ মনপুতি কামত লাগি গ’ল৷

আন্দোলনকাৰীৰ প্ৰত্যাহ্বান নৰজিল৷ আমাৰ য়ুনিয়নৰ মানুহখিনিয়ে ভালেই পালে৷ কিন্তু মোৰ মনত গোটেই ঘটনাটো এটা অবুজ সাঁথৰ হৈ দেখা দিলে৷ কিয়নো যৌথ সংগ্ৰাম সমিতিয়ে আন্দোলন কৰিছে বিদ্যুৎ পৰিষদ কৰ্তৃপক্ষৰ বিৰুদ্ধে পৰিষদৰ শ্ৰমিক-কৰ্মচাৰী, বিষয়া সমন্বিতে সকলোৰে সামূহিক স্বাৰ্থত৷ কোনো শ্ৰমিক-কৰ্মচাৰী, বিষয়া বা তেওঁবিলাকৰ সংগঠনৰ বিৰুদ্ধে নহয়৷ তেন্তে আমাৰ য়ুনিয়নে সেই আন্দোলনৰ বিৰোধিতা কিয় কৰিব লাগে? তেনে কৰা মানেতো কৰ্তৃপক্ষকে সহায় কৰা আৰু নিজৰ ভৰিত নিজে কুঠাৰ মৰাৰ লেখীয়া কথা৷ এইকথাবিলাক কাকো মুখ ফুটাই ক’ব নোৱৰা পাকচক্ৰ এটাত ক’ব নোৱৰাকৈয়ে সোমাই মহা-দোমোজাত পৰিলোঁ৷ আকৌ দেখিলো দুপৰীয়া ভাত খাবলৈ নাপালে কোনেও কাম নকৰে, তেতিয়াতো আওপকীয়াকৈ আন্দোলনটোকেই সমৰ্থন কৰা হ’ব!  কেৱল পেটৰ ভাতমুঠিৰ কাৰণেই আন্দোলনকাৰীৰ পক্ষত থিয় দিব, এইটো কেনেকুৱা কথা ? ত্যাগৰ মনোভাব কিয় নাই ?

আন্দোলনটো নামৰূপকে ধৰি গোটেই অসমতে দুদিনমানলৈ ভালেই চলিল৷ তাৰ পাছত সাধাৰণতে যিটো ঘটে, সেইটোৱেই ঘটিল- পৰিষদ কৰ্তৃপক্ষই আন্দোলনকাৰী যৌথ সমিতিক আলোচনাৰ মেজলৈ মাতিলে৷ কিন্তু তাৰ আগতেই নেতৃত্বৰ একাংশই কৰ্তৃপক্ষৰ সৈতে পিছ দুৱাৰেদি আলোচনাৰ মেজত বহি দুই-চাৰিটা দাবী আদায় কৰি আন্দোলন উঠাই ল’লে৷ আন্দোলনৰ আহ্বান দিয়া যৌথ সংগ্ৰাম সমিতিৰ চৈধ্যগৰাকী নেতাই এনে হঠকাৰী কাম কৰিছিল কাৰণে আন্দোলনকাৰীসকলে সেইসকলক ‘চৈধ্য দালাল’ আখ্যা দিছিল৷ গোটেই আন্দোলনটোৰ এনে অবাঞ্ছিত পৰিণতিৰ পাছত আমি যুক্ত থকা য়ুনিয়নখনে ইয়াৰ সদস্যসকলৰ লগতে সাধাৰণ ৰাইজৰ সমুখত আন্দোলনটো বিৰোধিতা কৰাৰ যুক্তিযুক্ততা সাব্যস্ত কৰিবলৈ ভালেই সুবিধা পালে৷

 তেনেকৈয়ে ইমান এটা বিৰাট আয়োজনৰ পৰিসমাপ্তি ঘটিল যদিও তাৰ পাৰ্শ্বক্ৰিয়াৰ অন্ত নপৰিল৷ মূলতঃ ৱৰ্কাৰ্ছ য়ুনিয়ন আৰু ছাপ্লাই য়ুনিয়নৰ মাজত ভিতৰি ভিতৰি এক শীতল যুদ্ধ চলি থাকিল৷  ৱৰ্কাৰ্ছ য়ুনিয়নৰ এচাম উদণ্ড সদস্যই ছাপ্লাই য়ুনিয়নৰ নেতা-কৰ্মীৰ ওপৰত চেগ বুজি বাটে-পথে মাৰ-পিট চলাবলৈ ধৰিলে৷ বিশেষকৈ সাৰ নিগমৰ বজাৰলৈ যাওঁতে বজাৰত নাইবা ৰাস্তাই-ঘাটে আগচি ধৰি নেতাসকলক অপদস্থ কৰিবলৈ ধৰিলে৷ এই কামত সহায় আগবঢ়োৱাসকলৰ মাজত এজন আছিল ভুৱন গগৈ, যিজনক এই ধৰণৰ কাৰ্য-কলাপৰ কাৰণে নামৰূপ থাৰ্মেল কৰ্তৃপক্ষই গুৱাহাটীৰ মুখ্য কাৰ্যালয়লৈ বদলিৰ নিৰ্দেশ দিলে৷ পৰিৱেশটো বেয়াৰ ফাললৈ গতি কৰিলে৷ সেই অনাহূত পৰিৱেশৰ মাজতে ‘বয়লাৰ এটেণ্ডেণ্ট’ প্ৰশান্ত চাংমাই(?) সন্ধিয়া সময়ত আমাৰ কোৱাৰ্টাৰলৈ  আহি মোক ক’লেহি যে – ‘আপুনি অলপ সাৱধানে থাকিব, অকলশৰে ওলাই-সোমাই নুফুৰিব৷ আপোনাৰ ওপৰতো সিহঁতৰ চকু আছে৷ আজি দুজনমানে কথা-পাতি থকা শুনিলোঁ৷’ চাংমাইৰ কথা শুনি মোৰ পেটতে হাত-ভৰি লুকাল৷ মোৰ ‘কলৈ যাওঁ গোপাল, কলৈ যাওঁ কৃপাল’ অৱস্থা হ’ল৷ চাকৰিলৈ যাবলৈকো ভয় লগা হ’ল৷ পাৱাৰ হাউছৰ ভিতৰখনো নিৰাপদ নহয়, বিশেষকৈ আমাৰ লেবৰেটৰীৰ ভিতৰে-বাহিৰে চৌপাশটো হাবিয়ে-জংঘলে ভৰা আছিল৷ তাৰ ভতৰতে কোনোবাই আক্ৰমণ কৰিবলৈ গ’লে কোনে ৰক্ষা কৰিব ? এতিয়া কি কৰোঁ মই ?

 দুদিনমানলৈ লগ-সংগ লৈহে চাকৰিলৈ গ’লো৷ বজাৰ-সমাৰলৈ যাবলৈ বাদেই দিলোঁ৷ এদিন তাৰ মাজতে অফিচলৈ যাওঁতে সেই ভূপেন হাজৰিকা নামৰ ৱৰ্কাৰ্ছ য়ুনিয়নৰ সভাপতিগৰাকীৰ সৈতে অফিচতে মুখামুখি হ’লো৷ তেখেতে মোক সমুখতে বহুৱাই লৈ প্ৰথমে গানৰ কথা পাতিলে৷ তেখেত এগৰাকী প্ৰগতিশীল চিন্তাৰ ব্যক্তি বুলি জানিছিলোঁ৷ কথাৰ মাজতে য়ুনিয়নৰ বিষয়টো ওলাল৷ সুবিধা পাই মোৰ দোদুল্যমান অৱস্থাটোৰ কথা নিজেই ক’লোঁ৷ তেখেতেও দুজনমান য়ুনিয়নৰ মানুহ মতাই আনি ওচৰতে বহুৱাই লৈ য়ুনিয়নবিলাকৰ সুবিধাবাদী চৰিত্ৰৰ কথাটো মুকলিকৈ ক’লে৷ তেখেতৰ কথাবিলাক শুনি ভাল লাগিল৷ মনত সাহস পালোঁ৷ লাহে লাহে সহজ হবলৈ চেষ্টা কৰিলোঁ৷ কিছুদিন য়ুনিয়নৰ কাম-কাজৰ পৰা আঁতৰি আকৌ সংগীতৰ ক্ষেত্ৰখনত সোমাই পৰিলোঁ৷

(আগলৈ)

 

(ক্ৰমশঃ)


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ