লোকনাথ গোস্বামী
মন দাপোণত-১৬
(১)
নামৰূপলৈ বুলি গাঁৱৰ
ঘৰখনৰ পৰা হোল্ডল(Holdall) এটাত কাপোৰ-কানি আৰু চামৰাৰ পুৰণি বাকচ এটাত অইন কিছু সামগ্ৰী
ভৰাই চাইকেলতে তুলি লৈ অকলে অকলে টাউনৰ সেই জুপুৰীটোলৈ আহিলো৷ জুপৰীটো তেতিয়া মোৰ Transit Campৰ দৰে আছিল৷ চাইকেলখন
থৈ ৰিক্সা এখনত উঠি টাউনৰ মাজ ভাগতে থকা ভোমোৰাগুৰি বাছ চিণ্ডিকেটলৈ আহিলো৷ গাঁৱৰ ঘৰখনৰ
পৰা ওলাই আহোঁতে মনটো শোকে খুন্দা মাৰি ধৰিছিল৷ মাই সজল দুচকুৰে চাই থকাৰ কৰুণ দৃশ্যটো
আজিও মনৰ পৰা মচ যোৱা নাই৷ মাৰ কাষতে ৰৈ নবৌৱেও একান্তমনে চাই মোক বিদায় দিছিল৷ দাদাহঁত
কামে কামে গৈছিল কাৰণে মোক বিদায় দিবলৈ কাষত কোনো নাছিল সেই সময়খিনিত৷ তেতিয়া তেজপুৰ
টাউনৰ মাজমজিয়াতে থকা ভোমোৰাগুৰি বাছ চিণ্ডিকেটৰ পৰা ভোমোৰাগুৰি ঘাটলৈ বাছ চলে৷ পুৰণি
মডেলৰ বাছৰ চেহেৰাই বেলেগ আছিল তেতিয়া৷ বাছ
বিলাকৰ ’আপাৰ’(Upper), লৱাৰ’(Lower) ক্লাছ থাকে৷ ভাড়াৰো তেনেকৈ তাৰতম্য থাকে৷ ড্ৰাইভাৰৰ দুৱাৰখনৰ একাষত ৰবৰৰ বেলুনৰ দৰে হৰ্ণটো
থাকে৷ হাতেৰে টিপি টিপি বজাব লাগে৷ হেণ্ডিমেনে
হেণ্ডেল মাৰিলেহে বাছখনৰ ইঞ্জিন ষ্টাৰ্ট হয়৷
এটা সময়ত ভোমোৰাগুৰি
ঘাট পালোগৈ৷ শিলঘাট অভিমুখী ফেৰী সাজু কৰি ৰখা দেখিলোঁ৷ বাছৰ পৰা হ’ল্ড’ল আৰু বাকচ
লৈ ফেৰীত উঠিলোঁগৈ৷ ভোমোৰাগুৰিৰ পৰা শিলঘাটলৈ একাধিকবাৰ যাত্ৰা কৰাৰ অভ্যাস আছিল৷ এবাৰ
১৯৬২ৰ চীন-ভাৰতৰ সীমা সংঘাতৰ সময়ত আৰু এবাৰ নৰেনদাক অসম চিকিৎসা মহাবিদ্যাললৈ চিকিৎসাৰ
বাবে নিওঁতে৷ ফেৰীত অকলে বহি আহোঁতে মনলৈ বিভিন্ন চিন্তাবিলাক আহিছিল৷ নতুন ঠাই, নতুন
চাকৰি, কেনেকুৱাবা লাগে৷ এৰি অহা গাঁওখন, ঘৰখন, তাতোকৈ তেজপুৰ টাউনত সাজিবলৈ লোৱা নতুন
আধৰুৱা ঘৰটোৰ কথা বৰকৈ মনৰ আগত ভাঁহি আছিল৷ এটা সময়ত ফেৰী চলিবলৈ ধৰিলে৷ দুঘণ্টামানৰ
অন্তত শিলঘাটত ফেৰী লাগিলগৈ৷ দেখিলো ফেৰীখন
ঘাটত লাগিবলৈ নৌ পাওঁতেই যাত্ৰীসকলে ফেৰীৰ পৰা জাঁপ মাৰি বাছৰফালে দৌৰিবলৈ ধৰিছে৷ ময়ো
হ’ল্ড’ল আৰু বাকচটো লৈ যিমান পাৰো ৰঙা বাছখনৰ ফালে কোবা-কুবিকৈ গ’লো৷ যোৰহাট অভিমুখী
বাছ হয়নে নহয় সুধি ল’লো৷ হয় বুলি কোৱাত হ’ল্ড’লটো পিছফালে দি বাকচটো লৈ পিছফালৰ ছিট
এটাত বহিলোঁগৈ৷
(২)
নামৰূপ যাত্ৰাঃ
নামৰূপলৈ তেতিয়া
বিয়লি বেলা মানে এক বজাত এখন নামৰূপী অভিমুখী চৰকাৰী বাছ চলিছিল৷ গতিকে তেজপুৰৰ পৰা জোৰা-তাপলি মাৰি গৈ সেইখন বাছ
কোনোপধ্যেই ধৰিবগৈ নোৱাৰি৷ যোৰাহটলৈ গৈ এৰাতি
কটাই পিছদিনাহে এক বজাৰ চৰকাৰী বাছখন ধৰিব পাৰি৷ সন্ধিয়া সাতমান বজাত যোৰহাট বাছ-আস্থান
পালোগৈ৷ বাছৰ পৰা নামি ৰিক্সা এখন ধৰি চোলাধৰাৰ দিশে গ’লো৷ তেতিয়া হোটেলত থকাৰ অভ্যাস মুঠেও নাছিল৷ চিনাকি মানুহ
বিচাৰি উলিওৱাটো এটা গতানুগতিক নিয়মত পৰিণত হৈছিল৷ চোলাধৰাত আমাৰ ভাগিন (বয়সত ডাঙৰ
দাদাৰ লগৰ) দেউতিদা (জগন্নাথ গোস্বামী, জলপৰিবহন বিভাগৰ অভাৰচিয়াৰ, বৰ্তমান প্ৰয়াত)
আছিল৷ দেউতিদাৰ বৌজনী (ৰাণী বৌ) বৰ সাদৰী মানুহ৷
ৰাণীবৌহঁতৰ ঘৰৰ পদূলিত টালি-টোপোলাসহ মোক দেখি একপ্ৰকাৰ আচৰিতেই হৈছিল৷ তেনেকৈয়ে এবাৰ
ডাঙৰদাদা, মানে নৰেনদাক অসুস্থ দেহাৰে লৈ সন্ধিয়া ওলাইছিলোগৈ ৰাণীবৌহঁতৰ ঘৰ৷ তেতিয়াও
আচৰিত হৈছিল হঠাতে ৰাতি গৈ ওলাওঁতে৷ এইবাৰো তেওঁলোকে কিবা সোধাৰ আগেয়েই আচল কথাটো ময়ে
আগে-ভাগে ক’লো৷ নতুন চাকৰিত যোগ দিবলৈ যোৱা
বুলি জানি ভাল পালে৷ দিনটোৰ যাত্ৰাৰ অন্তত একেবাৰে ভাগৰি পৰিছিলো৷ মোৰ চেহেৰা দেখিয়েই
বৌয়ে গম পাই গৈছিল৷ মুখ-হাত ধুই লবলৈ ক’লে প্ৰথমে৷ তাৰ পিছত চাহ আনিলে৷ চাহ খাই থাকোতে নতুন চাকৰিৰ
কথা সুধিলে৷ অভাৰচিয়াৰ দেউতিদাৰ প্ৰথম প্ৰশ্ন, ‘বিদ্যুৎ পৰিষদত কেমিষ্টৰ কাম কি?’ বুজাই
দিলোঁ৷ তাৰ পিছতো ‘তাত গৈ ক’ত থাকিম, দা-দৰ্মহা কিমান’ ইত্যাদি অনেক কথা চলিল৷ ৰাতি
খাই-বৈ সোনকালে শুই পৰিলোঁ৷
পিছদিনা দুপৰীয়া
ভাতসাজ খাই পুনৰ টালি-টোপোলা লৈ বাছ-আস্থান পালোঁগৈ৷ নামৰূপৰ বাছৰ টিকট এটা কাটি বাছত
বহিলোঁগৈ৷ নামৰূপৰ পৰা শিৱসাগৰ, নাজিৰা, শিমলুগুৰি হৈ চলে নামৰূপৰ বাছ৷ সেইদিনা যোৰহাট
বাছ-আস্থানৰ পৰা বাছখন ওলাওঁতেই বহু পলম হৈছিল৷
এক বজাৰ ঠাইত চাৰি বজাত যাত্ৰা আৰম্ভ হ’ল৷ যাত্ৰীসকলে কোৱা শুনিলো, নামৰূপ পাওঁতে নিশা
দহ-এঘাৰ মান বাজিব৷ শুনি মোৰ বুকুৰ ঢপ-ঢপনিয়েই উঠিবলৈ ধৰিলে৷ ইমান ৰাতি অচিনাকি ঠাই
এখনত বাছৰ পৰা নামি কলৈ যাম,ক’ত থাকিম ডাঙৰ চিন্তা হ’ল৷ তথাপি নতুন যাত্ৰা-পথৰ দুয়োকাষৰ
গাঁও-ভূঁই, প্ৰাকৃতিক পৰিৱেশ, বিশাল চাহবাগিচা বিলাক চাই চাই বিভোৰ হৈ গৈ থাকিলো৷ সেয়াও
এক অনন্য অভিজ্ঞতা আছিল৷ মাজে মাজে ঘৰখনলৈ, মাৰ মুখখনলৈকো মনত পৰিছিল৷ মনত দুখ দুখ
ভাব এটা সোমাই আছিল৷ বহু দূৰলৈকে এনেদৰে বিভোৰ হৈ গৈ থাকোতে কাষত যে আৰু এজন যাত্ৰী
বহি গৈছে খেয়ালেই কৰা নাছিলো৷ এটা সময়ত দুয়োজনৰে মাজত কিবা প্ৰকাৰে মাত-বোল আৰম্ভ হ’ল৷
ময়েই তেখেতক প্ৰথমে সুধিলোঁ ক’লৈ যাব বুলি৷ তেখেতে নামৰূপলৈ যাব বুলি ক’লে৷ মই আকৌ
সুধিলো নামৰূপৰ কলৈ বুলি৷ তেখেতে নামৰূপ থাৰ্মেললৈ গৈ আছে বুলি ক’লে৷ নামৰূপ থাৰ্মেল
বুলি কোৱাৰ লগে লগে মনটো ফৰকাল লাগি গ’ল৷ তেতিয়া মই পৰম উৎসাহেৰে ‘ময়ো নামৰূপ থাৰ্মেললৈ
গৈ আছো’ বুলি ক’লো৷ তেওঁৰো মোৰ উদ্দেশ্যৰ কথা জানিবলৈ আগ্ৰহ বাঢ়ি গ’ল৷ মই যেতিয়া নামৰূপ
থাৰ্মেলত নতুন কৈ ‘এচিষ্টেণ্ট কেমিষ্ট’ৰ পদত যোগদান কৰিবলৈ গৈ আছোঁ বুলি ক’লো, তেওঁ
এইবাৰ হাঃ হাঃ কৈ হাঁহি দি ক’লে- ‘ময়ো থাৰ্মেলত চাকৰি কৰি আছোঁ’ এছিষ্টেণ্ট কেমিষ্ট’ৰ
পদত৷’ শুনি মোৰ হাঁহিমেই নে কান্দিম লাগিল৷ মানুহজনৰ হাতখনত খামুচি ধৰিলোঁ, মনত ডাঙৰ
সাহস পালোঁ, মুখেৰে ওলাই গ’ল- ‘আমি একেখন নাৱৰে যাত্ৰী’৷ তেখেতৰ নামটো জানিবলৈ বিচৰাত
‘ৰাণা শৰ্মা’ বুলি ক’লে, ঘৰ গুৱাহাটীৰ জু-ৰোডত৷
কথা পাতি গৈ থাকোঁতে
হাতৰ ঘড়ীটোলৈ চাই দেখিলো নিশা প্ৰায় দহ বাজিছে৷ তেতিয়ালৈকে গাড়ী ক’তো ৰখোৱা নাই৷ ইফালে
ভোকত পেটে কলমলাবলৈ ধৰিছে৷ মানুহজনক কথাটো কওঁ মানলৈ বাছখন এঠাইত ৰখালেগৈ৷ তেতিয়াহে
বিজুলীৰ পোহৰ দেখিলোঁ৷ মানুহজনৰ পৰা জানিলো ঠাইখনৰ নাম সোণাৰি বুলি৷ গাড়ীৰ পৰা সকলো
যাত্ৰীয়েই নামি প্ৰথমে মুকলি ঠাইত প্ৰস্ৰাৱ কৰিবলৈ দৌৰি গ’ল৷ আমি দুজনো অলপ দূৰলৈ গ’লো৷
ঘূৰি আহি চাহৰ দোকান খনত সোমালো৷ তেওঁ ভাত
পালে ভাতকে খোৱাৰ কথা ক’লে৷ কিয়নো নামৰূপত গৈ ৰাতিখন ক’তো হোটেল নেপাম বুলি মোক ক’লে৷
সেয়ে শ্ৰীশৰ্মাৰ লগতে মোকো ভাতকে দিবলৈ ক’লো৷ ৰাতি বেছি হোৱাৰ কাৰণে ভাতৰো নাটনি পৰিছিল
যদিও যি পালো তাকেই খাই কোনোমতে উদৰ পূৰালো৷ তাৰ পিছত আকৌ যাত্ৰা আৰম্ভ হ’ল৷ ৰাতিৰ
গভীৰ এন্ধাৰ হোৱা বাবে বাছেৰে পাৰ হৈ যোৱা ঠাইবিলাক ধৰিব নোৱাৰিলোঁ৷ দিনত হোৱা হ’লে হয়তো নতুন ঠাই বিলাকৰ সম্যক পৰিচয়
এটা পালোঁহেতেন৷ এনেকৈ নৈ-বিল, পথাৰ-পাহাৰ অতিক্ৰমি হঠাৎ বিজুলীৰ চিকমিকনি দেখিলোঁ৷
তাৰপিছত পোহৰ আৰু পোহৰ৷ তেতিয়াই শ্ৰীশৰ্মাই
মোক নামিবৰ কাৰণে সাজু হবলৈ ক’লে৷ কিবা এটা
অজান শিহৰণ অনুভৱ কৰিলো মনত৷ তেতিয়ালৈকে নেজানো সেই যাত্ৰাৰ শেষ ক’ত, কেনেকৈ হবগৈ৷
বাছখন এঠাইত ৰ’ল৷ কণ্ডাক্টৰে ‘নামক নামক থাৰ্মেল পালেহি’ বুলি ৰাতিখন
চিঞৰিলে৷ হোল্ডল আৰু বাকচটো লৈ বাছৰ পৰা নামি
দেখিলো বৰষুণ কিনকিনাই আছে৷ চাৰিওফালে পোহৰ, তাৰ লগে কাণত পৰিল কলঘৰৰ পৰা ভাঁহি অহা
এক অস্বাভাৱিক গুমগুমনি৷ পৰিৱেশটো মোৰ তেনেই অপৰিচিত আছিল৷ আহোঁতে বাছত ঘটনাক্ৰমে চিনাকি
হোৱা সহযাত্ৰী ৰাণা শৰ্মাক লগ নোপোৱা হ’লে সেই ৰাতিখন তেনেই অচিনাকি ঠাই এখনত মোৰ অৱস্থা
কি হ’লহেতেন আজিও ভাবিলে বুকু কঁপি যায়৷ থাৰ্মেল কলনীৰফালে আগবাঢ়ি যাওঁতে দেখিলো ভালেখিনি
দূৰত পাৱাৰ হাউচৰ মুধচত ৰঙা আখৰেৰে জিলিকি আছে N T P S(Namrup Thermal Power
Station)৷ সেই পাৱাৰ ষ্টেচনৰ পৰা ভাঁহি আহিছে কাণত ধৰা এক ‘হুইচলিং শব্দ’(Whistling
Sound)৷ দীঘল ৰাস্তাটোৰ মাজৰ বিভাজক(Divider)ত
ওখ ওখ শাৰী শাৰী ইউকেলিপ্টাচ গছ৷ তেতিয়ালৈকে মই নেজানিছিলো শ্ৰীশৰ্মাৰ সৈতে মই ক’লৈ
গৈ আছিলো৷ এটা সময়ত শৰ্মা সমীপৰ আবাসিক এলেকা এটাৰ ফালে মোক লৈ সোমাই গ’ল৷ প্ৰথম কোৱাৰ্টাৰটোত
তেতিয়াও লাইট জ্বলি আছিল৷ ৰাণা শৰ্মাই শইকীয়া উপাধিৰ কোনোবা এজনক বাহিৰলৈ মাতিলে৷ তেওঁ
ওলাই অহাৰ পিছত মোৰ সৈতে চিনাকি কৰাই দিওঁতে অলপো গুৰুত্ব নিদি মাথোঁ কোৱা শুনিলো-
‘নতুন মানুহবিলাক আহোঁতে প্ৰথমে ঠিকেই থাকে, পাছত লাহে লাহে পাহৰিলৈ আৰম্ভ কৰে, ‘আপোনাৰ
লগতে লৈ যাওক’৷ এই বুলি আকৌ ভিতৰলৈ সোমাই গ’ল৷ মই একো বুজি নেপালো৷ পাছত শ্ৰীশৰ্মাই
ক’লে, তেৱোঁ এজন নতুনকৈ যোগদান কৰা ‘এচিষ্টেণ্ট কেমিষ্ট’, নাম ধবলগিৰি শইকীয়া, নামটো
বেলেগ ধৰণৰ আছিল৷ শৰ্মাই কোৱা আন এটা কথা শুনিহে মই বিচূৰ্তি খালো৷ সেই কোৱাৰ্টাৰটোত
বোলে ৰাতি ৰাতি জুৱাৰ অড্ডা বহে৷ অনন্ত শৰ্মা নামৰ জুনিয়ৰ ইঞ্জিনিয়াৰ এজনে নিজলৈ এটা
ৰুম ৰাখি বাকী কেইটা জুৱাৰীক ভাড়ালৈ দিয়ে৷ তেনেকৈ নিতৌ বাহিৰাকৈ পইচা ঘটে৷ কথাবিলাক
মুঠেও ভাল লগা নাছিল মোৰ৷
কেইটামান কোৱৰ্টাৰ
পাৰ হৈ শৰ্মাই আৰু এজন শৰ্মাক ৰাতিখন চিঞৰি মাতিলে৷ সেইজন শৰ্মা টোপনিৰ পৰা উঠি আহি
ৰাণা শৰ্মাক কি হ’ল সুধিলে৷ ৰাণা শৰ্মাই মোলৈ দেখুৱাই ক’লে ‘এখেত গোস্বামী, তেজপুৰৰ
পৰা আহি আছে আমাৰ লেবৰেটৰীত নতুনকৈ যোগ দিবলৈ৷ আপুনি আজি ৰাতিটো আপোনাৰ তাতে ৰাখক,
কাইলৈ বেলেগ ব্যৱস্থা কৰিব লাগিব৷’ সিজন শৰ্মাই মোৰ ভৰিৰ পৰা মূৰলৈ চালে, তাৰ পিচত
ভিতৰলৈ মাতি বাহিৰৰ ৰুমটোতে বিচনা এখন দেখুৱাই তাতে শুবলৈ ক’লে৷ ময়ো হোল্ডল, বাকচ আদি
মজিয়াতে থৈ বাথৰুমটো দেখুৱাই দিবলৈ ক’লো৷ বাথৰুমত
মুখ-হাত ধুই ভাগৰে-জুগৰে আহি বিচনালৈ আহি দেখিলো আৰু এজন মানুহ তাতে শুই আছে৷ মই বেচি
একো নুশুধিলো৷ ভাগৰে-জুগৰে মই শুই পৰিলো যদিও বহু দেৰিলৈ টোপনি নাহিল৷ বাৰে বাৰে ভাবিবলৈ
ধৰিলো ‘ক’ত বা আহি সোমালোহি’৷
সেই যে ৰাতি শৰ্মা
উপাধিৰ মানুহজনৰ ঘৰত কটালো, তেওঁৰ নাম আছিল লক্ষ্মী শৰ্মা, জুনিয়ৰ ইঞ্জিনিয়াৰ, লেবৰেটৰীৰে
সহকৰ্মী৷ লক্ষ্মী শৰ্মাৰ মাকো লগতে আছিল কোৱাৰ্টাৰত৷ পিচদিনা পুৱা চিনাকি দিয়াত, তেজপুৰৰ
মানুহ বুলি জানি বৰ ভাল পালে৷ সকলৰ আত্মীয় লোক (সৰ্ৱেশ্বৰ, চন্দ্ৰ পঞ্চাননৰ ঘৰ) তেজপুৰৰ
আমাৰ ঘৰৰ ওচৰতে আছে বুলিও ক’লে৷ আইনজন আছিল তালেব আলি, তেৱোঁ এচিষ্টেণ্ট কেমিষ্ট, নতুনকৈ
যোগদান কৰা৷ তাতে পুৱাৰ চাহ-তাহ খাই উঠাৰ পিছত ৰাণা শৰ্মা আহি মোৰ চাকৰি থলী D M
Plant & Chemical Labratoy লৈ লৈ গ’ল৷ তালেব আলিও গ’ল, তেতিয়াহে তালেব আলিৰ সৈতে
কথা-বতৰা হ’লো৷ তেওঁ ছিপাঝাৰৰ লোক৷
(ক্ৰমশঃ)
