লোকনাথ গোস্বামী
(১)
চীন-ভাৰতৰ যুদ্ধৰ যেনিবা অৱসান ঘটিল৷ আকৌ পৰিস্থিতি স্বাভাৱিক হ’ল৷ চতুৰ্থ শ্ৰেণীৰ পৰা পঞ্চমলৈ প্ৰথম হৈ উত্তীৰ্ণ হ’লো৷ তেনেকৈয়ে স্কুলীয়া দিনবিলাক সুন্দৰকৈ অতিবাহিত হৈ থাকিল৷ স্কুলত পঢ়ি থকা সময়ছোৱাত পঢ়া-শুনাৰ লগতে গান-বাজনাতো মই সমানে পাৰদৰ্শী আছিলোঁ বুলি সকলোৱে কোৱা শুনিছিলোঁ৷ স্কুলৰ বছৰেকীয়া বঁটা-বিতৰণী সভা, পূজা অথবা গৰমৰ বন্ধ ঘোষণাৰ দিনা আয়োজন কৰা মৌ-মেল আদিত গীতে-মাতে নিয়মিত ভাগ লৈছিলোঁ৷ স্কুলীয়া দিনৰে পৰা মই ভাল গান গাঁও বুলি ছাৰ-বাইদেউসকলে কোৱা-কুই কৰাৰ লগতে যথেষ্ট মৰমো কৰিছিল৷ স্কুলৰ বাৰ্ষিক অনুষ্ঠানৰ দিন ঘোষণা কৰাৰ দিনাখনৰ পৰা কি গাম, কি নাগাম বুলি মোৰ গাটো সাতখন আঠখন লাগে৷ পোন্ধৰ-বিছদিন মানৰ পৰা ৰিহাৰ্চেল আৰম্ভ হৈ যায়৷ স্কুলৰ সাংস্কৃতিক অনুষ্ঠানত যিবিলাক ছোৱালীয়ে নাচিবলৈ আগ্ৰহ কৰে, তেওঁলোকে মোক আহি খাতিৰ কৰেহি নাচিবলৈ লোৱা গানটো গাই দিবৰ কাৰণে৷ মই আকৌ সেই গানটো সুকীয়াকৈ আয়ত্ত কৰি ল’ব লাগে৷ তেতিয়া আজি-কালিৰ দৰে ৰেক’ৰ্ড, কেছেট বজোৱাৰ কোনো ব্যৱস্থা মুঠেই নাছিল৷ কেতিয়াবা ভূপেন হাজৰিকাৰ গান, কেতিয়াবা ৰুদ্ৰ বৰুৱাৰ গান, কেতিয়াবা আকৌ দিপালী বৰঠাকুৰৰ গান, মুঠতে যিটো গানতে নাচে, সেইটো গানেই গাই দিব লাগে৷
এবাৰ এটা ঘটনা ঘটিল৷ কোনোবা এবছৰ সাংস্কৃতিক অনুষ্ঠানত দীপ্তি নামৰ লগৰে এজনী ছোৱালীয়ে বিহু নাচিবলৈ সাজি-কাচি আহিল৷ মোক ক’লে বিহু দুফাকিমান গাই দিবলৈ৷ যথা সময়ত নাচটো আৰম্ভ হ’ল৷ তেনেতে স্কুলৰ হে’ড মাষ্টৰ মহোৰাম বৰা দৰ্শকৰ মাজৰ পৰা দৌৰি আহি নাচটো আধাতে বন্ধ কৰি দিয়ালে৷ ময়ো গানটো আধা গোৱাকৈ এৰি দিবলগীয়া হ’ল৷ হে’ড মাষ্টৰে অনুষ্ঠানৰ দায়িত্বত থকা শিক্ষক কেইজনক ধমক দিলে তেখেতৰ বিনানুমতিত ষ্টে’জত বিহু নচুওৱাৰ কাৰণে৷ হে’ড ছাৰৰ মতে শিক্ষানুষ্ঠানত বিহুৰ পৰিৱেশনে শোভা নেপায়৷ সেই ঘটনাটো মোৰ মনত আজিও মচিব নোৱৰাকৈ বহি ৰ’ল৷ অসমীয়া মধ্যবিত্ত সমাজত বিহু কিদৰে এটা সময়ত এলাগী আছিল, সিদিনাৰ স্কুলত ঘটা সেই ঘটনাটোৱে তাৰেই যেন ইংগিত দিছিল৷
(২)
স্কুলত পঢ়ি থকাৰ সময়ত স্কুল টুৰ্ণামেণ্ট অনুষ্ঠিত হৈছিল৷ প্ৰথমে
মহকুমা ভিত্তিত অনুষ্ঠিত কৰি পাছত জিলাভিত্তিক কৰা হৈছিল৷ এই স্কুল টুৰ্ণামেণ্টবিলাকে
আমাক একোখন বহল ক্ষেত্ৰ দিছিল নিজৰ নিজৰ প্ৰতিভা বিকাশৰ লগতে মুকলি পথাৰলৈ ওলাই অহাৰ
বাবে৷ মোৰ নিজৰো শিল্পীজীৱনত এই স্কুল টুৰ্ণামেণ্টবিলাকৰ কাহানিও পাহৰি নোৱাৰা প্ৰভাৱ
আছে৷ তেতিয়া আমাৰ জিলাখন আছিল দৰং আৰু জিলাখনৰ মহকুমা দুটা আছিল, মঙ্গলদৈ আৰু শোণিতপুৰ৷
এই দুয়োটা মহকুমাৰ বচা বচা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ঘটা সংযোগ আৰু সংস্কৃতিৰ বিনিময়ৰ
দিনবিলাকৰ কথা এতিয়াও সজীৱ হৈ আছে মনত৷ জিলা ভিত্তিতেই হওক বা মহকুমা ভিত্তিতেই হওক,
গীত-মাত, নৃত্য, আবৃত্তি, একাংকিকা নাট আদিৰ প্ৰতিযোগিতাবিলাক প্ৰায়েই তেজপুৰ টাউনৰ মাজ-মজিয়াত
অৰ্থাৎ তেজপুৰ একাডেমী স্কুলৰ মুকলি ফিল্ডখনত হৈছিল৷ প্ৰতিযোগিতাৰ মান বহু ওপৰ খাপৰ
আছিল তেতিয়া৷ তেজপুৰ টাউনৰ প্ৰায়ভাগ সংগীতানুৰাগী মানুহ সেই প্ৰতিযোগিতা উপভোগ কৰিবলৈ
অহা দেখিছিলো আমি৷ তদুপৰি টাউনৰ চৰকাৰী ল’ৰাৰ স্কুল, ছোৱালী স্কুলকে ধৰি কাষৰ-পাজৰৰ
স্কুলবিলাকৰ শিক্ষক-শিক্ষয়িত্ৰীসকলো আহে নিজ নিজ স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ৷ মুঠতে
সুন্দৰ পয়োভৰ, সুন্দৰ পৰিৱেশ, অবিস্মৰণীয়৷
মই তেতিয়া আমাৰ স্কুলৰ ছাৰসকলৰ পৰামৰ্শমতে প্ৰায়বিলাক বিষয়তে ভাগ লৈছিলোঁ৷ মোৰ ওপৰত ছাৰসকলে বা স্কুলখনে ভৰসাও কৰিছিল৷ বিশৈষকৈ মই গানত ভাল আছিলোঁ৷ সেই সময়ত আমাৰ বেছি প্ৰতিযোগিতা হৈছিল তেজপুৰ বহুমুখী কন্যা বিদ্যালয়ৰ ছাত্ৰীসকলৰ সৈতে৷ তেজপুৰ বহুমুখী কন্যা বিদ্যালয়ত তেতিয়া সংগীতৰ একোগৰাকী বিখ্যাত শিক্ষয়িত্ৰী নিয়োজিত আছিল৷ তাৰ ভিতৰত এগৰাকী আছিল মীৰা দাস চলিহা (বৰ্তমান প্ৰয়াত), অসমৰ প্ৰথম গৰাকী লক্ষ্ণৌৰ পৰা ‘বিশাৰদ’ ডিগ্ৰী লোৱা সংগীত-শিক্ষয়িত্ৰী৷ সেই স্কুলতে অইন এগৰাকী সংগীতজ্ঞ আছিল শীলা বৰঠাকুৰ (বৰ্তমান প্ৰয়াত)৷ সেইসকল অভিজ্ঞ শিক্ষয়িত্ৰীয়ে ছাত্ৰীসকলক প্ৰতিযোগিতালৈ ভালকৈয়ে প্ৰস্তুত কৰি আনিছিল৷ তাৰ প্ৰতিযোগীসকল খেয়াল, ভজন, ৰবীন্দ্ৰ সংগীত আদি প্ৰতিযোগিতাবিলাকৰ বাবে খুবেই পাৰদৰ্শী আছিল৷ তেওঁলোকৰ প্ৰতিযোগিতাত ভাগ ল’বলৈ অহা গতি-গোত্ৰ দেখি প্ৰথমে ভয়েই খাইছিলোঁ মই৷ মই তেতিয়া খেয়াল, ভজন, ৰবীন্দ্ৰ সংগীত গাবলৈ শিকাই নাছিলোঁ, মানে আও-ভাৱেই পোৱা নাছিলোঁ একো ৷
আমাৰ স্কুলত আকৌ কোনো অভিজ্ঞহে নালাগে সাধাৰণভাৱে দেখুৱাই দিয়া সংগীতৰ লোকো ক’বলৈ গ’লে নাছিল৷ অৱশ্যে বৰগীত শিকোৱা ছাৰ এজন আছিল, তেখেত আছিল যজ্ঞেশ্বৰ মহন্ত ছাৰ (বৰ্তমান প্ৰয়াত)৷ বেছেৰীয়াৰ মদাৰগুৰি সত্ৰৰ সত্ৰাধিকাৰ যজ্ঞেশ্বৰ মহন্ত ছাৰে যেনিবা মোক বৰগীতটো চাই দিছিল৷ তাৰ বাহিৰে বাকীখিনি মই নিজেই যিমান পাৰো শিকি-বুজি যাবলগীয়া হৈছিল৷ মই বৰগীত, কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত, আধুনিক গীত, বনগীত, আইনাম, বিয়ানাম আদি সৰুৰে পৰা ঘৰতে স্বতস্ফুৰ্তভাৱে শিকি অহা প্ৰায়বিলাক গীতেই যিমান পাৰোঁ ভালকৈ গাবলৈ চেষ্টা কৰিছিলোঁ৷ পাছত দেখিলোঁ এই আটাইবিলাকতে মই হয় প্ৰথম, নহ’লেবা দ্বিতীয় হ’বলৈ সক্ষম হৈছিলোঁ৷ তেতিয়া তেজপুৰ একাডেমীৰ প্ৰধান শিক্ষক পদ্মেশ্বৰ বৰঠাকুৰ (বৰ্তমান প্ৰয়াত) ছাৰ, লগতে কন্যা বিদ্যালয়ৰ প্ৰতিযোগী লৈ অহা সংগীতৰ শিক্ষয়িত্ৰী মীৰা দাস চলিহা, শীলা বৰঠাকুৰ আদিয়েও মোক ওচৰলৈ মাতি নি মোৰ পৰিচয় সোধাৰ উপৰি ভূয়সী প্ৰশংসা কৰি অভিভূত কৰিছিল৷
আজিকালি আগৰ দৰে
স্কুল টুৰ্ণামেণ্ট হোৱাৰ কথা নুশুনো৷ মই ভাবোঁ এইটো মুঠেও ভাল কথা হোৱা নাই৷ কেৱল পাঠ্যপুথি,
হ’ম ৱৰ্ক, টিউশ্বনৰ মাজতে ল’ৰা-ছোৱালীক আৱদ্ধ কৰি ৰাখিলে ল’ৰা-ছোৱালীৰ মনবিলাক যান্ত্ৰিক
হৈ পৰে, ব্যক্তিকেন্দ্ৰিক মানসিকতাই গ্ৰাস কৰে, ল’ৰা-ছোৱালীবিলাকৰ মনলৈ সততে সামূহিক
চিন্তা নাহে৷
(৩)
স্কুল টুৰ্ণামেণ্টৰ কেনেকুৱা প্ৰভাৱ থাকিব পাৰে তাৰে উদাহৰণ এটা এইখিনিতে উনুকিয়াবলৈ মন গৈছে৷ ১৯৬৮ চনৰ কথা৷ তেজপুৰত ‘অসম সাহিত্য সভা’ৰ ৩৫সংখ্যক অধিৱেশনৰ আয়োজন চলিছে, জানুৱাৰি মাহত হ’ব৷ সভাপতি নিৰ্বাচিত হৈছে জ্ঞাননাথ বৰা৷ এদিনাখন নৰেনদা
অফিচৰ পৰা আহি তপতে তপতে মোক ক’লেহি যে ‘তেজপুৰত এইবাৰ সাহিত্য সভাৰ অধিৱেশন হ’ব নহয়,
সাংস্কৃতিক উপ সমিতিৰ উপ সভাপতি (সভাপতি বিষ্ণুপ্ৰসাদ ৰাভা) হৰেন মহন্তই মোক বাটতে পাই
কৈ পঠিয়াইছে যে অধিৱেশনৰ মুকলি সভা এটা বৰগীতেৰে আৰম্ভ কৰা হ’ব৷ বিষ্ণু ৰাভা আৰু হৰেন
মহন্তই সমিতিৰ অন্যন্য সদস্যসকলৰ সৈতে আলোচনা কৰি ঠিক কৰিছে বৰগীতটো তয়ে গাব লাগিব৷
হৰেন মহন্তই বৰগীতটো নিজে তোক শিকোৱাৰ দায়িত্ব লৈছে৷’
মোক আৰু কোনে পায়? ইমান ডাঙৰ এটা অনুষ্ঠানত বৰগীত গাবলৈ সুযোগ
পাইছোঁ৷ সেই বছৰ মই নৱম শ্ৰেণীত আছিলোঁ৷ পাছৰ বছৰত মেট্ৰিক পৰীক্ষা৷ পঢ়া-শুনাৰ প্ৰশ্ন
আছে৷ তথাপি গাব পাৰিম বুলি দাদাহঁতক ক’লোঁ৷ দাদাহঁতেও বৰ বেছি আপত্তি নকৰিলে৷ গোৱাটো
ডাঙৰ কথা নাছিল, কিন্তু মাজগাঁৱৰ চিপহা সত্ৰৰ হৰেন মহন্তৰ ঘৰলৈ গৈ শিকাটোহে সমস্যা
হৈ পৰিছিল৷ আমাৰ দ বেছেৰীয়াৰ ঘৰৰ পৰা চিপহা সত্ৰলৈ দূৰত্ব প্ৰায় আঠ মাইল আছিল৷
কেনেকৈ যাম, কোন সময়ত যাম, ইত্যাদি প্ৰশ্নবিলাকে মোক ভালেই
বিমোৰত পেলাছিল৷ তাৰ মাজতে ঠিক হ’ল যে দাদাহঁত অফিচলৈ যোৱাৰ আগতেই কোনোবা এজনৰ চাইকেল
এখন লৈ পুৱাৰ ভাগতে হৰেন মহন্তৰ মাজগাঁৱৰ ঘৰলৈ গৈ
বৰগীতটো শিকিবগৈ লাগিব আৰু পুনৰ সময়ত
ঘৰলৈ ঘূৰি আহিব লাগিব৷ অন্ততঃ এসপ্তাহমান যাব লাগিব, তেতিয়াহে গীতটো আয়ত্তলৈ আনিব পৰা
যাব, যিহেতু সাহিত্য সভাৰ অনুষ্ঠান৷
(আগলৈ)