অন্যযুগ/


অথ বণিক-সম্বাদ

ড° খগেশ সেন ডেকা 

(সৎ ব্যৱসায়ীসকললৈ ক্ষমা প্ৰাৰ্থনাৰে) 
একালৰ এটি গুপুত কাহিনী৷ এজন দোকানী আছিল, গেলামালৰ দোকানী৷ ভিতৰুৱা গাঁৱৰ তেনেই সৰু ঠাই৷ তাত সেইখনেই আছিল একমাত্ৰ তেনেবিধ মালৰ দোকান৷ দোকানীজন আছিল বিৰাট বপুৰ৷ মধ্যদেশ ভীমকায়, মস্ত শকত-আৱত, থুলন্তৰ চেহেৰাৰ৷ দোকানখনৰ নাম যদিও গণকৰ হতুৱাই গণনা কৰি লখিমী ভাণ্ডাৰ ৰখা হৈছিল, সকলোৰে মুখে মুখে কিন্তু সি পেটলাৰ দোকানহিচাপে সেই ঠাইত ফেমা হৈ পৰিছিল৷ হওঁতে দোকানীজনৰ ভাল নাম এটা আছিলচক্ৰধৰ, চক্ৰধৰ তালুকদাৰ৷ পিছে থাকিলে হব কি? আছে গৰু নাবায় হাল, থকাতকৈ৷ গতিকে কালৰ কুটিল গতিত তাৰ অৰিজিনেল নামটোৰ জেগাত ডুপ্লিকেট ফিটিং হল আৰু দোকানীও চক্ৰধৰ গুচি পেটলা হিচাপে সেই ঠাইত জনাজাত হৈ পৰিল পেটলা৷
চক্ৰধৰ ওৰফে পেটলা দোকানী আছিল আমাৰ ভাৰতবৰ্ষৰ  তেত্ৰি কৌটি দেৱতাৰ একান্ত ভকত৷ তাৰ অন্তৰত ভকতি ৰসে ইতিমধ্যে জুলীয়া গুৰে‍ কলহৰ তলিত দানা বন্ধাদি গোট মাৰিছিল৷ পেটলা ওৰফে চক্ৰধৰ দোকানী কায়-মনো-বাক্যে নিশ্চিত আছিল যে একান্ত ভকতসৱে’-হে ইহ জগতত ধন-ধান, সা-সম্পত্তি ঘটি ইহকাল-পৰকাল উভয়তে সুখে-সন্তোষে দিন বিতাব পাৰে৷ কিন্তু পূৰা তেত্ৰি কৌটিজনক একে ঠাইত ৰখাটোতো সম্ভৱ নহয়৷ গতিকে, সি তেত্ৰি কৌটিৰ মাজৰ পৰা নিজস্ব পদ্ধতিৰ লটাৰীৰে দুজনাক ছিলেক্ট্ কৰি দোকানৰ এচুকত সুন্দৰকৈ বহুৱাই ৰাখিছে৷ সেই দুজনা দৈনিক পূজা-সেৱা পোৱা ভাগ্যৱান-ভাগ্যৱতী দেৱ-দেৱী হ
(১) হেমৱন্ত-মেনকাৰ জীয়াৰী আই পাৰ্ৱতী আৰু ভঙুৱা মহাদেৱৰ বৰপুত্ৰ হস্তীমুণ্ডযুক্ত শ্ৰীমান গণেশ আৰু (২) জগতৰ সকলো ধন-সম্পত্তিৰ মালিকনী শ্ৰীযুতা লখিমী দেৱী৷ পেটলাই তাতে পুৱা-গধূলি দুবাৰকৈ দৈনিক চাকি-বন্তি জ্বলাই, ধূপ-ধূনাৰে ধূম্ৰজাল তৈয়াৰ কৰি, টিলিঙা বজাই দুয়োকে পূজা-অৰ্চনা কৰি অঁটাইহে দগা-পাল্লাত হাত লগায়৷ সেই পৰত গ্ৰাহক আহিলেও পেটলাৰ ৰেডিমেড উত্তৰ— ‘‘অলপ পাছত আহিবি যা৷’’ উপায় নাই৷ পেটলাৰ শ্ৰীমুখৰ বচন মানি লোৱাৰ বাহিৰে অন্যোপায় নাই৷ কাৰণ সেই ঠাইত তেনে দোকান দ্বিতীয়খন পাবলৈ নাই৷ নহলে দহ মাইল আঁতৰৰ সৰু টাউনখনলৈ যাব লাগিব৷ হওক তেও, এতিয়া যেনিবা ইমাৰ্জেন্সিত লাগ বুলিলেই গেছৰ বাৰ্নাৰত চৰুটো উঠায়ো দৌৰ মাৰি দাইলকণ, তেলটোপা আনিব পৰা গৈছে৷ নহলে তাৰো মুদা মৰিলহেঁতেন৷ (মই চিকিৎসাজনিত কাৰণত কলকাতাত থকা কালত, মুকুন্দপুৰ বজাৰত ঠিক পেটলা টাইপৰ ভকতিত নিমগ্ন এগৰাকী গেলামালৰ দোকানীক পাইছিলোঁ৷ সন্ধিয়া পৰত পেটলাৰ দৰে সিজনাৰো ৰেডিমেড উত্তৰ এটা ওঁঠত লাগিয়ে থাকে— ‘‘একটু পৰে আসুন’’৷ গ্ৰাহকৰ উপায় নাই৷ কাৰণ কেতবোৰ বিশেষ সামগ্ৰী গোটেই বজাৰখনৰ ভিতৰত অকল একটু পৰে আসুন’-ৰ দোকানতহে পোৱা যায়৷) 
পেটলাৰ মাল জোখাৰ কিটিপটো কিন্তু শলাগিবলগীয়া৷ সেই দোকানৰ মাল আনি আপুনি যদি ঘৰত জোখে তেন্তে মই গেৰাণ্টি দি কব পাৰোঁ কেজি মুখে কমচে কম এশ/ডেৰশ গ্ৰাম কম পাবই৷ (কথাষাৰ মনে মনেহে কৈ থলোঁ৷ আনক কোৱা নিষেধ৷ নহলে গৰবৰ হৈ যাব৷ গতিকে প্লিজ…)৷ আচলতে পেটলা দোকানীৰ হাতত এটুকুৰা চুম্বক থাকে৷ মাল জোখাৰ সময়ত হাতৰ টিপতে সেইবিধ চীজ মাল তোলা পাল্লাখনৰ তলফালে লগাই দিয়ে৷ পেটলাই আৰু এটা কাম কৰে মিঠাতেলৰ চোক বঢ়াবলৈ তাত কিছু পিঁয়াজৰ ৰস মিলাই থয়৷ তেল বিচৰা গ্ৰাহকৰ চকুত বা নাকত সুযোগ বুজি লগাই দি সেই তেল যে একেবাৰে খাঁটি, সেই কথা এলজেব্ৰাৰ ফৰ্মূলাৰ দৰে হেন্স প্ৰুভ্‌ড বুলি প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰি বুজাই দিয়ে৷
বয়-বস্তুৰ আলাই-আথানি পেটলাৰ মুচলুমেও সহ্য নহয়৷ এই যে আমি চাহ কৰি উঠি সিজোৱা চাহপাতবোৰ পেলাই দিওঁ, পেটলাই কিন্তু তেনে অপব্যয় কেতিয়াও নকৰে৷ সি আগতে ব্যৱহাৰ কৰা চাহপাতবোৰ ৰদত সুন্দৰকৈ শুকুৱাই নতুন চাহপাতৰ সৈতে ৰিমিক্স কৰি থয়৷ একেবাৰে মহাপুৰুষীয়া কাৰবাৰ, আমাৰ দৰে পথালিচকুৱা নৰ-মনিচে তাৰ কি ভু পাম৷ তাতে যুগটোৱেই হৈছে ৰিমিক্সৰ যুগ৷ এনে আৰু বহু কাহিনী আছে৷ সেইবোৰ নোকোৱাই ভাল৷ বুজোঁতাই নিশ্চয় বুজিছেই৷ মুঠতে পেটলাই শাস্ত্ৰত বৰ্ণিত অজামিল উপাখ্যানৰ ফৰ্মূলা বাস্তৱত পূৰাদমে এপ্লাই কৰি চলে৷ সেই যে গোটেই জীৱন দুষ্কৰ্ম কৰিও মৰাৰ পৰত যমদূতক দেখি ভয়ত সৰু পুতেক নাৰায়ণক চিঞৰি চিঞৰি মাতোঁতে বিষ্ণুদূত আহি ভি ভি আই পি-ৰ দৰে সসন্মানেৰে বাটত কোনো ট্ৰেফিক জেম নোহোৱাকৈ জীৱটো নি চিধাই বৈকুণ্ঠ পুৰী পৌঁছাই দিছিল, সেইজনা মহান পুৰুষ অজামিলৰ কথা কৈছোঁ৷ গতিকে পাপ নহয়, একেবাৰে মহাপাপ কৰক, তাত একো হানি নহয়৷ মাত্ৰ মাজে মধ্যে ভগৱানকো পূজা কৰক, বচ্  বৈকুণ্ঠ ভৱন নহলেও অন্ততঃ সৰগধাম পাই যাব’’— এই কথাত পেটলাই একান্তভাৱে বিশ্বাস কৰিছিল৷
পিছে পৃথিৱীৰ জীৱকুলৰ যি গতি হয়, পেটলাৰো এদিন সেই দশা হল৷ কিছু দিন বেমাৰ ভুগি এদিন কালসন্ধ্যাৰ পৰত পেটলা ওৰফে চক্ৰধৰ তালুদাৰ দোকানীয়ে ইহলীলা সম্বৰণ কৰিলে৷ এতিয়া আহিল পৰলোকৰ কথা৷ গোটেই জীৱন জুৰি অতগাল পুইণ আৰ্জি থৈছে যেতিয়া জীৱটো নিবলৈ স্বাভাৱিক কাৰণতে সৰগৰ পৰা এখন সুসজ্জিত দিব্য বিমান তিনিজনা ভুবন ভুলোৱা ৰূপেৰে জাতিষ্কাৰ দেৱদূতসহ উপস্থিত হল আৰু পেটলাৰ জীউটো ওপৰেৰে উৰুৱাই নি এক্কেবাৰে চিধাই সেই চাৰিআলিটো পালেগৈ,  ৰ পৰা সৰগ, নৰক, মৰত আৰু মহাৰাজ যমৰ ৰাজধানীলৈ যাব পাৰি৷ সৰগৰ পৰা আকৌ পোনে পোনে এটা বাট বৈকুণ্ঠলৈ গৈছে৷ সি যি কি নহওক, চাৰিআলিটোলৈ যোৱাৰ বাটত পাপী জীউবোৰে প্ৰথমে এখন বৰ ভয়ানক নদী পাৰ হব লাগে৷ শাস্ত্ৰত পোৱা মতে প্ৰবল সোঁতেৰে প্ৰৱহমান সেই নদীখনৰ নাম বৈতৰণী৷ নদীখন হিংসুক জলচৰেৰে ভৰা৷ মৰতত পুণ্য নামৰ চীজবিধ অৰ্জন কৰা জীৱক যিহেতু আকাশ-মাৰ্গেৰে হেলিকপ্তাৰেৰে নিয়া হয়, এতেকে তেনেবিধ জীৱই সেই নদী সাঁতুৰি পাৰ হোৱাৰ কুৱেশ্বন দাজ্ নট্ এৰাইজ্৷ মুঠতে যিটো চাৰিআলিত পেটলাৰ জীউ লৈ দেৱদূতকেইজনে বিমানখন ৰখালে, তাৰে পৰা পাপ-পুইণৰ বিচাৰভেদে জীৱবোৰক সৰগ বা নৰকলৈ পঠিওৱা নিয়ম৷ দেৱদূতকেইজনে বিমানখন হেলিপেডত ৰাখি চাহ-পানী খাই ভাগৰ পলুওৱাৰ চিন্তা কৰোঁতেই  ভয়ংকৰ তিনি গোটা যমদূত আগে ভৈলা উপগত৷ যমদূতৰ ভাষ্য হল পেটলা দোকানী মহাপাপী৷ গতিকে তাৰ নৰক গতি হ, বই লাগিব৷ এয়া মহাৰাজ যমৰ ৰিভাইজ্‌ড অৰ্ডাৰ, আৰ্জেণ্ট হুকুম৷ সেই হুকুম অৱশ্য পালনীয়৷ তাৰ হেৰফেৰ হব নোৱাৰিব৷ কিন্তু কথাটো হ, শ্ৰীযুত গণেশ আৰু আই লখিমীৰ পূজা-সেৱাৰ জৰিয়তে অত দিনে আৰ্জি অহা পুইণ বস্তু মুহূৰ্ততে কিদৰে শূইনত বিলীন হ? স্বাভাৱিকতে দোকানীৰ মনত উদয় হোৱা সি এক লাখটকীয়া প্ৰশ্ন! হয়োতো, এয়া কিদৰে সম্ভৱ! দেৱদূত-যমদূতৰ মানত অৱশ্যে অৰ্ডাৰ ইজ অৰ্ডাৰ৷ পিছে ঘাই শাক মৰলীয়া ৷ আচল ৰহস্য কৰবাত৷
সকলোৱে জানে যে, যমৰজাৰ এজনা একাউণ্টেণ্ট, মানে হিচাপৰক্ষী বিষয়া আছে৷ নাম তেওঁৰ চিত্ৰগুপ্ত৷ তেওঁ কেইবাজনো এছি‍ছ্‌টেণ্টৰ সহায়ত সেই অফিচটো নিয়াৰিকৈ চলায়৷ সমুখত তৰ্জু আৰু হিচাপৰ খাতা এখন লৈ তেওঁ মহামহিম যম মহোদয়ৰ ওচৰত বহি মৰতৰ জীৱকুলৰ পাপ-পুণ্যৰ হিচাপ তৰ্জুখনত ওজন কৰাৰ উপৰি এছিছ্‌টেণ্টকেইজনে ফাইলত দাখিল কৰা অন্তিম হিচাপ খাতাখনত লিখি ৰাখে৷ বেচেৰাৰ কিন্তু ব্যস্ততাৰ অন্ত নাই৷ আমাৰ মৰতৰ চৰকাৰী পা-পইচাৰ হিচাপ ৰখা এচাম একাউণ্টেণ্টৰ দৰে কামত ফাঁকি দিয়া বা তলপাকে ধন লৈ টকা-পইচাৰ ছিক্সটি-ফৰ্টি কৰা কাৰবাৰ তাত নচলে৷ গতিকে হিচাপ আৰু তৰ্জুৱে পাপী বুলি কলে জীৱক নৰকলৈ আৰু পুইণৰ ভৰ অধিক হলে দেৱলোকলৈ পঠিওৱাৰ বাবে তেওঁ যমৰ ওচৰত ইতিমধ্যে পুট-আপ হোৱা ফাইলটোত চহী কৰি দাখিল কৰে৷ মৃত্যুৰাজ যম মহাৰাজে চিত্ৰগুপ্তৰ হিচাপ অনুসাৰে কোন জীৱক নৰকলৈ নিব আৰু কোন জীৱক সৰগলৈ নিব তাৰ অৰ্ডাৰ পাছ কৰে৷ অত দিনে তেনেকৈয়ে চলি আহিছে৷ পেটলা দোকানীৰ ক্ষেত্ৰত কিন্তু চিত্ৰগুপ্তৰ ভুলক্ৰমে এটা ডাঙৰ মিছ্‌টেইক হৈ গল৷ তৰ্জুৰ বিজুতিৰ ফলত হোৱা ফেৰৰ হেৰ-ফেৰৰ বাবে তাৰ পুইণৰ ভৰ বেছি হল৷ গতিকে, সেই হিচাপ অনুসাৰে পেটলাৰ জীৱটো সৰগলৈ নিয়াৰ বাবে অৰ্ডাৰ পাছ কৰি দেৱদূতক ব্যৱস্থা লবলৈ পঠিয়াই দিলে৷ গল কথা গুচিল৷ কিন্তু কিছু পাছত চিত্ৰগুপ্তৰ অফিচৰ জুনিয়ৰ এছি‍ছ্‌টেণ্ট এজনে ভুলটো ধৰা পেলালে৷ চিত্ৰগুপ্তই ততালিকে খাতা চেক কৰি দেখিলে কথা বিষম৷ পেটলা দোকানীৰ পুণ্যতকৈ দেখোন পাপৰ মাত্ৰাহে বেছি৷ গতিকে ইমিডিয়েট ৰিভাইজ্‌ড এণ্ড আৰ্জেণ্ট অৰ্ডাৰ পাছ কৰাই মহাৰাজ যমৰ হতুৱাই যমদূতক তলব কৰি দোকানীৰ জীউটো নৰকলৈ পঠিওৱাৰ দিহা কৰা হল৷ সেই মৰ্মে যমদূতে গৈ দেৱদূতৰ সৈতে পেটলাৰ জীউটোক চাৰিআলিটোতে লগ পালে৷ দেৱদূতকেইজনে যমৰজাৰ আৰ্জেণ্ট অৰ্ডাৰটো পঢ়ি তৎকালেই পেটলাৰ জীউটো যমদূতক হেণ্ড অভাৰ কৰিলে৷ পেটলাই দেখিলে কথা বিষম৷ সি লাহেকৈ মাত লগালে— ‘‘ছাৰসকল, যি হৈছে হৈছে দিয়ক৷ মোক আপোনাসৱে ইয়াতেই এৰি দিয়ক৷ এইটো চাৰিআলি যেতিয়া মই সৰগ, নৰক, মৰত সকলো দিশৰ গ্ৰাহক পাম৷ গতিকে মোৰ দোকানখন উঠাই আনি ইয়াতে বহাই লওঁ৷ আপোনালোক আটাইকেইজনকে সদায়ে মই ফ্ৰী ৰেছনৰ যোগান ধৰিম৷’’
পিছে হব কি? যমৰ নগৰত মৰতৰ দৰে অনীতি, দুৰ্নীতি আদি যে নচলে৷ গতিকে পুনৰ মুচিক ভৱ৷ নিয়ম নিয়মেই৷ তাৰ এচিকুটো ইফাল-সিফাল হব নোৱাৰে৷ গতিকে পেটলা দোকানীৰ ভি ভি আই পি-ৰ মৰ্যাদা তৎকালে কৰ্তন কৰা হল আৰু তাক নি বৈতৰণী নদীৰ সিটো পাৰত থৈ অহা হল৷ প্ৰথমে সি গৰু বা আন কিবা জন্তুৰ নেজত ধৰি সাঁতুৰি নৈখন পাৰ হব লাগিব৷ তাৰ পাছত তাক নৰকলৈ নি পাপ অনুসাৰে শাস্তি দিয়া হব৷ আগতেই কৈছোঁ নদীখন আকৌ ঘঁৰিয়ালকে ধৰি অসংখ্য হিংস্ৰ জলচৰ জীৱৰে ভৰা৷ পেটলা ভয়ত পেপুৱা লাগিল৷ কাষত যমদূতৰ গোঁজৰণি

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ