অন্যযুগ/


অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ ইতিহাস

 সমুজ্জ্বল শইকীয়া

(১)

কল্পবিজ্ঞান সাহিত্য বুলিলে বিজ্ঞানক ভিত্তি কৰি মানুহৰ বিশ্বাসযোগ্য হোৱাকৈ লিখা এক শ্ৰেণীৰ কল্প কাহিনীক বুজায়৷ এই কাহিনীত কল্পনাৰে বিজ্ঞানৰ আৱিষ্কাৰ, আৱিষ্কাৰৰ সুফল অথবা কুফল আৰু মানুহৰ বিভিন্ন প্ৰতিক্ৰিয়াক দেখুওৱা হয়৷ কল্পবিজ্ঞান সাহিত্যত কল্পনাৰে বিজ্ঞানৰ চমৎকাৰী দিশ আৰু ইয়াৰ সম্ভাৱনীয়তাক প্ৰকাশ কৰাৰ চেষ্টা কৰা দেখা যায়৷ মানুহৰ জীৱনক বিজ্ঞানে কেনেকৈ প্ৰভাৱান্বিত কৰিব পাৰে সেয়া কল্পবিজ্ঞান সাহিত্যত সাৰ্থকভাৱে প্ৰকাশ পায়৷ আধুনিক বিজ্ঞানৰ অগ্ৰগতিয়ে সমগ্ৰ পৃথিৱীৰ মানুহৰ জীৱনলৈ পৰিৱৰ্তন আনিছিল৷ যাৰ ফলত মানুহৰ জীৱন আৰু সামাজিক প্ৰগতিক প্ৰত্যক্ষ কৰি একাংশ বুদ্ধিদীপ্ত লেখকে পশ্চিমীয়া দেশত এই শ্ৰেণীৰ সাহিত্য প্ৰথমে ৰচনা কৰিছিল৷ ঊনবিংশ শতিকাত ইংলেণ্ডৰ মেৰী শ্বেলীয়ে ১৯১৮ চনত যি ফ্ৰাংকেনষ্টাইন নামৰ উপন্যাসখন লিখিছিল তাৰ পৰাই প্ৰকৃত লক্ষণযুক্ত কল্পবিজ্ঞান কাহিনীৰ সৃষ্টি হয়৷ তাৰ পাছতে জুল ভাৰ্ন, এইচ.জি.ৱেলছ, এড্‌গাৰ এলান প, ৰবাৰ্ট লুই ষ্টিভেনশ্যন, আৰ্থাৰ কনান ডয়াল আদিয়ে উৎকৃষ্ট মানৰ কল্পবিজ্ঞান কাহিনী ৰচনা কৰি এই শ্ৰেণীৰ সাহিত্যৰ এটা ধাৰা সৃষ্টি কৰি থৈ যায়৷

কল্পবিজ্ঞান সাহিত্য’-ৰ কথা আলোচনা কৰিলে এইখিনিতে বিজ্ঞান সাহিত্য’-নো কি সেয়াও স্পষ্ট কৰা ভাল৷ বিজ্ঞান সাহিত্য আৰু কল্পবিজ্ঞান সাহিত্য’-ৰ মাজৰ প্ৰভেদ এয়ে যে বিজ্ঞান সাহিত্যত বিজ্ঞানৰ কোনো আৱিষ্কাৰ, তত্ত্বকথা আদিক ৰস লগাকৈ আৰু সকলোৱে বুজিব পৰাকৈ বৰ্ণনা কৰা হয়৷ বাস্তৱিক বিজ্ঞানৰ কথাক বিজ্ঞান সাহিত্যত ৰস লগাকৈ, মননশীলভাৱে বৰ্ণনা কৰা হয়৷ আনহাতে কল্পবিজ্ঞান সাহিত্যত কল্পনাৰ পয়োভৰ থাকে৷ কল্পনাৰে বিজ্ঞান সম্বন্ধিত কোনো নতুন বস্তু, ঘটনা, পৰিৱেশ আদি কল্পবিজ্ঞান সাহিত্যত দেখুওৱা হয়৷ বিজ্ঞানে মানুহৰ জীৱনলৈ কি অকল্পনীয় পৰিৱৰ্তন আনে সেয়া কল্পবিজ্ঞান সাহিত্যত দেখুৱাবলৈ যত্ন কৰা হয়৷ অৱশ্যে ঐতিহাসিক দিশৰ পৰা বিচাৰ কৰিলে দেখা যায় যে কল্পবিজ্ঞান সাহিত্যতকৈ বিজ্ঞান সাহিত্য’-ৰ সৃষ্টি আগতীয়া৷

এইখিনিতে বিজ্ঞান সাহিত্য কি এই সম্পৰ্কত শান্তনু তামুলীয়ে কোৱা কথাখিনি গুৰুত্বপূৰ্ণ৷ তেওঁ কৈছে, ‘‘বিজ্ঞানৰ তাত্ত্বিক বিষয়বস্তুক সৰ্বসাধাৰণ আনকি অন্য বিষয়ৰ বিজ্ঞসকলৰ বোধগম্য হোৱাকৈ বৰ্ণনাত্মক আৰু ৰসোত্তীৰ্ণ ভাষাৰে ৰচনা কৰা লেখনিৰাজি হ বিজ্ঞান সাহিত্য’’ ৰমেশ চন্দ্ৰ গোস্বামীয়ে কৈছে এনেদৰে, ‘‘বিজ্ঞান সাহিত্য হৈছে বিজ্ঞান আৰু সাহিত্যৰ এক সুখগ্ৰাহ্য সংমিশ্ৰণ বা সহাৱস্থান৷ ইয়াত বৈজ্ঞানিক তত্ত্ব, তথ্য সংবাদ আদিয়ে সাহিত্যৰ ৰসত বিধৌত হৈ চিকুণ ৰূপ পৰিগ্ৰহ কৰে৷’’ 

ঠিক সেইদৰে কল্পবিজ্ঞান সাহিত্য’-নো কি সেই সম্পৰ্কতো সমালোচকসকলৰ মন্তব্য পোৱা যায়৷ প্ৰাচ্য-পাশ্চাত্যৰ বহুতো পণ্ডিতৰ মতৰ জৰিয়তে কল্পবিজ্ঞান সাহিত্যৰ স্বৰূপ স্পষ্ট হয়৷ কল্পবিজ্ঞান সাহিত্যক পোনপ্ৰথমে Science Fiction বুলি নামকৰণ কৰা হিউগো গাৰ্নছবেকে কৈছে, ‘‘মই বিজ্ঞান-কাহিনী শব্দৰে জুল ভাৰ্ন, এইচ জি ওৱেলছ, ড্‌গাৰ এলন পো আদিয়ে লেখা গল্পকহে বুজাওঁ৷ যত থাকে বৈজ্ঞানিক সত্য আৰু ভৱিষ্যতৰ দৃষ্টিৰে মিশ্ৰিত হোৱা মনোমোহা ৰোমাঞ্চ৷ এইবোৰ ৰুচিকৰ ধৰণেৰে চিত্ৰিত কৰা আজিৰ নতুন আৱি‍ষ্কাৰসমূহ কাইলৈ বাস্তৱ হৈ পৰাও অসম্ভৱ নহয়৷’’ আনহাতে  দীনেশ চন্দ্ৰ গোস্বামীয়ে এই শ্ৰেণীৰ সাহিত্যৰ সংজ্ঞা এনে ধৰণে‍ দিছে – ‘‘কল্পবিজ্ঞান ৰচনা কৰোঁতে বিজ্ঞানৰ প্ৰকৃত জগতখনৰ নিশ্চিত তথ্য বা তত্ত্বৰ ওপৰত ভিত্তি কৰি ৰচনা কৰাতকৈ কল্পনাৰ বান্ধ কিছু ঢিলাই দি, প্ৰকৃত বিজ্ঞানৰ জগতখনৰ পৰা সম্ভাৱ্য বিজ্ঞানৰ জগত এখনলৈ আগবাঢ়ি গৈ, তাত সৃষ্ট হোৱা পৰিস্থিতিৰ ভিত্তিত এটা কল্পিত কাহিনী ৰচনা কৰা হয়৷ এই কাহিনীও মানুহ বা অন্য কোনো চৰিত্ৰ’-ৰ সাফল্য-সংঘাত, হৰ্ষ-বিষাদ কাহিনী; মাত্ৰ বিজ্ঞানখিনি বা সম্ভাৱ্য বিজ্ঞানখিনি তাৰ উপজীব্য; তাক বাদ দি সেই কাহিনী ৰচিত হব নোৱাৰে৷ সেইবাবে সি হল বিজ্ঞানভিত্তিক কল্পকাহিনী বা কল্পবিজ্ঞান কাহিনী৷’’ আন এজন সমালোচক গোৱিন্দ প্ৰসাদ শৰ্মাই দিয়া কল্পবিজ্ঞান সাহিত্য’-ৰ সংজ্ঞাটো হৈছে – ‘‘বিজ্ঞানৰ অৱদানবোৰৰ কথা মনত ৰাখি বা আজিৰ বিজ্ঞানৰ বা ভৱিষ্যতৰ সম্ভাৱ্য আৱিষ্কাৰৰ সুফল বা কুফলবোৰ চকুৰ আগত ৰাখি বিজ্ঞানৰ কাল্পনিক কাহিনী ৰচনা কৰিলে তাকে চাইঞ্চ ফিক্‌শ্যন বা বিজ্ঞানভিত্তিক কাহিনী বোলা হয়৷’’ পাশ্চাত্যৰ সমালোচক আইজাক এছিম্‌ভছে কৈছে, ‘‘সাহিত্যৰ সেইটো শাখাৰ সৈতে কল্পবিজ্ঞান সাহিত্যক ব্যাখ্যা কৰিব পাৰি যি বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ পৰিৱৰ্তনত মানুহৰ প্ৰতিক্ৰিয়াৰ সম্পৰ্কক দেখুৱায়৷’’ গতিকে কল্পবিজ্ঞান সাহিত্য বুলিলে এই কথা স্পষ্ট হয় যে, (ক) কল্পবিজ্ঞান সাহিত্য বিজ্ঞান আধাৰিত সাহিত্য আৰু ইয়াত কল্পনাৰ পয়োভৰ থাকে (খ) বিজ্ঞান-প্ৰযুক্তিৰ পৰিৱৰ্তন আৰু মানুহৰ তাত ভূমিকা, প্ৰতিক্ৰিয়াক দেখুৱায়৷ (গ) কল্পবিজ্ঞান সাহিত্যত বৰ্তমান, ভৱিষ্যতৰ কথা মনত ৰাখি বিজ্ঞানৰ সু-ফল আৰু কু-ফলবোৰক দেখুওৱা হয়৷

বিজ্ঞান সাহিত্য আৰু কল্পবিজ্ঞান সাহিত্যৰ মাজত সামান্য পাৰ্থক্য দেখা পালেও আচলতে কল্পবিজ্ঞান সাহিত্য বিজ্ঞান সাহিত্যৰে ভিতৰুৱা৷ বিজ্ঞান সাহিত্যক আমি এনেদৰে দেখুৱাব পাৰোঁ

বি‍জ্ঞান সাহি‍ত্য
কাহিনীযুক্ত কাহিনীবিযুক্ত
(গল্প, উপন্যাস, নাটক, জীৱনী, কবিতা আদি)(প্ৰবন্ধ, নিবন্ধ, সাক্ষাৎকাৰ আদি)
 

   কাহিনীযুক্ত আৰু কাহিনীবিযুক্ত দুয়োখিনি সাহিত্যকে লোকবোধ্য বিজ্ঞান সাহিত্য বা জনপ্ৰিয় বিজ্ঞান সাহিত্য হিচাপে অভিহিত কৰা হয়৷ কল্পকাহিনী থকা কাহিনীযুক্ত সাহিত্যখিনিক কল্পবিজ্ঞান সাহিত্য হিচাপে অভিহিত কৰা হৈছে৷ ইংৰাজী ভাষাত এনে কাহিনীক ‘Science Fiction’, চমুকৈ ‘sf’বোলা হয়৷

 

(২)

     এতিয়া অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ আলোচনালৈ আহিছোঁ৷ অসমীয়া কল্পবিজ্ঞান সাহিত্য ৰচনাৰ ধাৰা বিংশ শতিকাৰ পৰাহে আৰম্ভ হৈছে৷ আৱাহন আলোচনীত প্ৰথমে কল্পকাহিনী আৰু বিজ্ঞান-কথা থকা গল্প ৰচিত হোৱা দেখা যায়৷ পৰৱৰ্তী সময়ত পাশ্চাত্যৰ ইংৰাজী কল্পবিজ্ঞান সাহিত্য অধ্যয়নৰ ফলত অসমীয়া ভাষাত অনেক বিষয়বস্তুৰ বিজ্ঞানভিত্তিক কাহিনী সৃষ্টি হৈছে৷ ইউৰোপ, আমেৰিকা, ৰাছিয়া আদি দেশৰ কল্পবিজ্ঞান সাহিত্য লেখকসকলে সাহিত্যৰ এই ধাৰাটোক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিছিল৷ বিদেশী লেখকৰ কাহিনীৰ প্ৰভাৱত অসমীয়া বিজ্ঞানভিত্তিক সাহিত্যৰ ক্ষেত্ৰখনত যথেষ্ট গ্ৰগতি সাধন হয়৷ অসমীয়াৰ নিচিনাকৈয়ে ভাৰতীয় প্ৰায়বোৰ প্ৰান্তীয় ভাষাৰ কল্পবিজ্ঞান সাহিত্য প্ৰথমাৱস্থাত ইংৰাজী কল্পবিজ্ঞান সাহিত্যৰ পৰা প্ৰভাৱিত হৈছে৷ মাৰাঠী, বাংলা, গুজৰাটী, তামিল, উড়ীয়া, হিন্দী আদি বহুতো ভাষাত ভাল ভাল কল্পবিজ্ঞান সাহিত্যৰ পাঠ ইংৰাজী সাহিত্যৰ প্ৰভাৱৰ ফলত সৃষ্টি হৈছে৷ অসমৰ লেখকসকলেও প্ৰভাৱিত হোৱাৰ অন্যতম কাৰণ হৈছে বিদেশী ভাষাৰ কল্পবিজ্ঞান উপন্যাস, গল্প, নাটক আদিৰ অধ্যয়ন৷

অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ প্ৰধানকৈ তিনিটা প্ৰকাৰ দেখা যায়৷ সেয়া হৈছে (১) গল্প, (২) উপন্যাস আৰু (৩) নাটক৷ কিন্তু ইংৰাজী সাহিত্যত বহুতো কল্পবিজ্ঞান কবিতা ৰচিত হৈছে যদিও অসমীয়া ভাষাত প্ৰকৃত লক্ষণযুক্ত কল্পবিজ্ঞান কবিতা ৰচনা হোৱা দেখা নাযায়৷

অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ আলোচনা কৰোঁতে, কল্পবিজ্ঞান সাহিত্যৰ বিকাশৰ ৰূপৰেখাক ভিত্তি কৰি তাৰ ইতিহাসক কেইটিমান স্তৰত বিভাজন কৰিব পৰা যায়৷ সেয়া হৈছে

(ক) স্বাধীনতা-পূৰ্ব কালৰ অসমীয়া কল্পবিজ্ঞান সাহিত্য

(খ) স্বাধীনতা-পৰৱৰ্তী কালৰ অসমীয়া কল্পবিজ্ঞান সাহিত্য

উল্লিখিত শ্ৰেণীবিভাজনৰ স্বাধীনতা পূৰ্বৰ কালছোৱাত অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ সৃষ্টি খুব কম হোৱা পৰিলক্ষিত হয়৷ এই সময়ছোৱাত প্ৰকাশ হোৱা দুটি কল্পবিজ্ঞান গল্প হৈছে হৰিপ্ৰসাদ বৰুৱাৰ বিৰচতীয়াৰ দেশ’ (১৯৩৭) আৰু নগেন্দ্ৰনাৰায়ণ চৌধুৰীৰ ৰসায়ন’ (১৯৩৮)৷ স্বাধীনতাৰ পাছৰ কালত অসমীয়া কল্পবিজ্ঞান সাহিত্যত গল্পৰ বিকাশ বেছিকৈ হোৱাৰ উপৰি আন প্ৰকাৰ (Genre) যেনে, উপন্যাস, নাটক আদিও প্ৰকাশ পায়৷ স্বাধীনতা পৰৱৰ্তী অসমীয়া কল্পবিজ্ঞান কাহিনীত বিষয়বস্তু আৰু কল্পনাৰ বৈচিত্ৰ্য মন কৰিবলগীয়া৷ তলত অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ প্ৰকাৰসমূহৰ ঐতিহাসিক ৰূপৰেখা দাঙি ধৰা হল৷

 

কল্পবিজ্ঞান গল্প:

অসমীয়া ভাষাত প্ৰথমে কল্পবিজ্ঞান সাহিত্যৰ আৰম্ভণি হৰিপ্ৰসাদ বৰুৱাই কৰিছিল বুলি কোৱা হয়৷ ১৯৩৭ চনত আৱাহন আলোচনীৰ পাতত প্ৰকাশ পোৱা তেখেতৰ বিচৰতীয়াৰ দেশ গল্পটোক প্ৰথম অসমীয়া কল্পবিজ্ঞান গল্প বোলা হয়৷ অন্যহাতে কল্পবিজ্ঞান সাহিত্যৰ আন এটা ৰূপ নাটকৰ শুভাৰম্ভ ঘটে ১৯৫৬ চনত৷ তাৰ পাছতেই উপন্যাস প্ৰকাশ হয় ১৯৬০ চনত৷ দেখা যায় যে অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ এই তিনিটা ৰূপৰ সাহিত্য ৰচনা হৈ আছে৷

অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ শুভাৰম্ভ ঘটোৱা বিৰচতীয়াৰ দেশ নামৰ গল্পটো প্ৰথমে আৱাহন কাকতৰ অষ্টম বছৰৰ সপ্তম সংখ্যাত প্ৰকাশ হৈছিল৷ ‘‘এই সন্দৰ্ভতে সৌৰভ কুমাৰ চলিহাই (নিজ অনুসন্ধানৰ ভিত্তিত) লিখিছে ‘‘প্ৰথম অসমীয়া কল্পবিজ্ঞান গল্পটো হল ১৯৩৭ চনত আৱাহনত প্ৰকাশিত হৰিপ্ৰসাদ বৰুৱা বি.ই, এ-ই-এছে লিখা বিৰচতীয়াৰ দেশ৷ ইয়াৰ পাছতে ১৯৩৮ চনত আৱাহনত নগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে ৰসায়ন নামৰ এটা কল্পবিজ্ঞান গল্প প্ৰকাশ কৰে৷’’ বিৰচতীয়াৰ দেশ গল্পটোত ফাগুনা নামৰ চৰিত্ৰটোৱে দেৰগাঁৱৰ শিৱদলৰ পূজাৰীৰ ওচৰত ভাং এচিলিম খাই আহে আৰু ৰাতি সি ভাঙৰ নিচাত সপোন এটা দেখা পায়৷ সেই সপোনটোতে ফাগুনাই বৃহস্পতি গ্ৰহৰ এজন আৱাসীৰ সৈতে টেলিফোনত কথা পাতে আৰু দুয়োৰে মাজত কথোপকথন হবলৈ ধৰে৷ বিজ্ঞানৰ সম্ভাৱনীয়তাক প্ৰকাশ কৰা এই গল্পটোকে প্ৰথম অসমীয়া কল্পবিজ্ঞান কাহিনী হিচাপে স্বীকৃতি দিয়া হৈছে৷ কিন্তু এই গল্পটোৰ ঠাইত নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ ৰসায়ন নামৰ গল্পটোকহে গুণগত দিশ বিচাৰ কৰি প্ৰকৃত অসমীয়া কল্পবিজ্ঞান গল্প বুলিও কোৱা হৈছে৷ অসমীয়া গল্পগুচ্চ’-ত লিখা হৈছে, ‘‘ৰসায়ন নামৰ চুটিগল্পটি অসমীয়া সাহিত্যৰ সৰ্বপ্ৰথম কল্পবিজ্ঞান কাহিনী (science fiction) বুলি কব পাৰি৷ এজন ভণ্ড সন্ন্যাসীৰ দিহা-পৰামৰ্শ মতে মূৰ্খ ডাক্তৰ এজনে পুনযৌৱন লাভ কৰিব খোজা বুঢ়া মানুহজনক ৰাসায়নিক পদ্ধতিৰে তৈয়াৰ কৰা ঔষধ খুৱাই, বান্দৰৰ তেজৰ ইনজেকছন দিয়াৰ ফলত কেনেকৈ বুঢ়াজনে বান্দৰৰ দৰে শব্দ কৰি গছৰ ডালত বগাবলৈ ধৰিলে, সেই কাহিনীকে হাস্য আৰু ব্যঙ্গৰসৰ সহায়ত দাঙি ধৰা হৈছে৷’’ অন্যহাতেদি গুণগত দিশৰ ফালৰ পৰা সৌৰভ কুমাৰ চলিহাৰ এটি গল্পকহে প্ৰকৃত কল্পবিজ্ঞানভিত্তিক গল্প বুলি কোৱা হয়৷ এ. কে. জিয়াউদ্দিন আহমেদে কৈছে ‘‘...পিছে তাত বিজ্ঞানতকৈ ফেণ্টাছিৰ চৰিত্ৰহে বেছি আছিল৷ প্ৰকৃততে সৌৰভ কুমাৰ চলিহা ৰচিত আৱাজ নামৰ গল্পটোকেই কল্পবিজ্ঞানৰ সম্পূৰ্ণ চৰিত্ৰ বহন কৰা প্ৰথম অসমীয়া কল্পবিজ্ঞান গল্প বুলি কব পাৰি৷’’

অসমীয়া কল্পবিজ্ঞান গল্পৰ প্ৰথম পৰ্যায়ৰ ভিতৰত নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ ৰসায়ন গল্পটো লেখত লবলগীয়া৷ গল্পটোত মানুহে আধুনিক বিজ্ঞানৰ জৰিয়তে প্ৰাচীন কালৰ চিকিৎসা শাস্ত্ৰৰ উত্তৰণ ঘটাই প্ৰৌঢ়ত্ব মানুহক যৌৱন দান কৰিছে৷ ড° ফুকনে সুদীৰ্ঘ দিন গৱেষণা কৰি দৰৱ আৱিষ্কাৰ কৰি বৃদ্ধ মানুহ এজনক ডেকাৰ পৰা লৰাকালৰ অৱস্থালৈ লৈ গৈছে৷ পিছত যেনিবা ভয় দেখুৱাই লৰাকালৰ পৰা আকৌ ডেকালৈ আৰু ক্ৰমে বৃদ্ধ অৱস্থালৈ মানুহজনক লৈ যোৱা হৈছে৷ চিকিৎসা বিজ্ঞানৰ আশ্চৰ্যজনক সফলতা আৰু ইয়াৰ ভৱিষ্যৎ সম্ভাৱনীয়তাক এই গল্পটোৱে বহন কৰিছে৷ কুমুদেশ্বৰ বৰঠাকুৰে আৰ্থাৰ কনান ডয়ালৰ শ্বাৰ্লক হোমছৰ কাহিনীৰ আদৰ্শত লিখা গোলাই ছিৰিজ’-ৰ এটম বোমা কাহিনীটোও অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ প্ৰাথমিক পৰ্যায়ৰ এটি লেখত লবলগীয়া কাহিনী৷ গুৱাহাটীত এটম বোমা বনোৱা, ইয়াৰ বিস্ফোৰণ মেঘালয়ৰ পাহাৰীয়া ঠাইত কৰাৰ আঁচনি কাহিনীটোত পোৱা যায়৷ উল্লেখযোগ্য যে, দ্বিতীয় মহাসমৰত আমেৰিকাই জাপানৰ হিৰোশ্বিমা আৰু নাগাচাকি চহৰত এটম বোমা নিক্ষেপ কৰি দ্বিতীয় মহাসমৰৰ সমাপ্তি ঘটাইছিল৷ এই বোমাৰ বিস্ফোৰণত পলকতে লক্ষাধিক লোকৰ মৃত্যু হৈছিল৷ ফলস্বৰূপে এটম বোমাৰ ভয়াৱহতাৰ কথা গোটেই বিশ্বতে বিয়পি পৰিছিল৷ মাৰাত্মক এটম বোমা প্ৰস্তুত কৰাৰ পৰিকল্পনাকে অসমীয়া লেখকে গল্পত দেখুৱাইছে৷

বিংশ শতিকাৰ দ্বিতীয়াৰ্ধৰ পৰা অসমীয়া কল্পবিজ্ঞান সাহিত্যলৈ বৈচিত্ৰ্য আৰু নতুনত্ব অহা দেখা যায়৷ সৌৰভ কুমাৰ চলিহাই কল্পবিজ্ঞান কাহিনীক সবলভাৱে উপস্থাপন কৰে৷ পঞ্চাশৰ দশকত সৌৰভ কুমাৰ চলিহাই আৱা’’ (১৯৫০) নামৰ কল্পবিজ্ঞান গল্পটো লিখিছিল৷ তেখেতৰ আন কল্পবিজ্ঞান গল্পবোৰৰ ভিতৰত ওপৰত (১৯৬৩), ‘শেষ অনুৰোধ (১৯৯৩),  মৰুদ্যান (২০০৮) আদি অন্যতম৷ দীনেশ চন্দ্ৰ গোস্বামীয়ে সৌৰভ কুমাৰ চলিহাৰ এটা গল্পক কল্পবিজ্ঞানৰ সম্পূৰ্ণ চৰিত্ৰ বহন কৰা গল্প বুলি কৈছে৷ তেওঁ কৈছে ‘‘কল্পবিজ্ঞানৰ সম্পূৰ্ণ চৰিত্ৰ বহন কৰা প্ৰথম অসমীয়া প্ৰকৃত কল্পবিজ্ঞান গল্পটো আছিল সৌৰভ কুমাৰ চলিহাই ১৯৫০ চনত ৰচনা কৰা আৰু অসম বাতৰিত ১৯৬৬ চনত প্ৰকাশ কৰা গল্প আৱাজ’’ আৱাজত শব্দৰ মহিমা প্ৰকাশ পাইছে৷ শব্দৰ পৰা হোৱা অশান্তিত মানুহৰ প্ৰতিক্ৰিয়া আৰু শব্দৰ পৰা হোৱা অশান্তিৰ পৰা সকাহ পাবৰ বাবে যন্ত্ৰ নিৰ্মাণ কৰা দেখুওৱা হৈছে৷ কল্পবিজ্ঞান গল্পটোৰ ভাষা এনে ধৰণৰ ‘‘তেওঁ গোটেই দিনটো বহি বহি প্ৰুফ চায় আৰু জৱ্‌ প্ৰিণ্টিঙৰ তদাৰক কৰে, চাৰিওপিনে মানুহ ওলায় আৰু সোমায়, ন্‌ বাজে, টাইপ্ৰাইটাৰ চলে, আৰু আধাখোলা দুৱাৰখনেৰে তিনিটা ফ্লেট্‌-মেশ্বিন আৰু এটা মন টাইপৰ সংমিশ্ৰিত ধ্বনি সৰ্বক্ষণ ভাহি আহে আন সকলো তল পেলাই, সিহঁতৰ শব্দ তেওঁ ৰাতি টোপনিতো শুনে: ঘট্‌লং ঘট্‌লং ক্ৰিট্‌ ক্ৰিট্‌ ক্লক - ঘট্‌লং ঘট্‌লং ক্ৰিট্‌ ক্ৰিট্‌ ক্ৰিট্‌ - ক্লক-৷’’১০ গল্পটোৰ মূল চৰিত্ৰটোৱে যন্ত্ৰ এটা উলিয়ায়; যিটোৱে শব্দ প্ৰদূষণ কমায়৷ তাৰ নাম মিনিনয়জ৷ কিন্তু পাছত দেখা গল যে, মিনিনয়জে যন্ত্ৰ সাজোঁতাৰ পত্নীৰ মাতৰ ওপৰতো ক্ৰিয়া কৰি আৱে‍দনহীন কৰিছে৷ যাৰ বাবে অৱশেষত মিনিনয়জ’-ক দুয়ো মিলি ধ্বংস কৰি পেলায়৷ সত্তৰৰ দশকত তেখেতৰ ওপৰত (১৯৬৩) গল্পটো প্ৰকাশ হয়৷ কৃত্ৰিম মাধ্যাকৰ্ষণৰ কক্ষত হোৱা চিকিৎসা, উন্নত চিকিৎসাৰ কাৰণে চিকিৎসকে কৰা প্ৰচেষ্টা, মহাকাশযান, চিকিৎসকৰ হাবিয়াসৰ স্পুল নিয়া আদি আৰু আন বিজ্ঞানৰ তত্ত্ব-তথ্যৰে গল্পটো ৰচিত হৈছে৷ চলিহাই ১৯৯৩ চনত লিখা শেষ অনুৰোধ গল্পটোত মানুহ আৰু ৰবটৰ মাজৰ সম্পৰ্কক দেখুওৱা হৈছে৷ এই গল্পটোত দুটা চৰিত্ৰৰ কথোপকথন হোৱা দেখা গৈছে৷ কাৰেল নামৰ ব্যক্তিগত সহায়ক ৰবটটোৰ সৈতে গল্পৰ মূল চৰিত্ৰটোৱে বিভিন্ন বিষয়, প্ৰশ্নৰ অৱতাৰণা কৰিছে৷ যদিও ৰাসায়নিক আৰু বৈদ্যুতিক শক্তিৰ বিন্যাসেৰে কাৰেল চালিত হয় তথাপি আৱেগ-অনুভূতিপূৰ্ণ এজন স্বাভাৱিক মানুহৰ নিচিনাকৈয়ে ৰবট কাৰেলে গল্পৰ আনটো মানুহ চৰিত্ৰৰ সৈতে বাৰ্তালাপ কৰিছে৷ কাৰেলৰ সৈতে দাৰ্শনিক কথা-বতৰাও বয়সীয়াল ব্যক্তিজনে পাতে৷ কাৰেলে তেখেতক দাদা সম্বোধন কৰে৷ কাৰেলৰ দেহ-বৰ্ণনা কৰিছে এইদৰে, ‘‘সি কি ভাবিছে কেতিয়াও মই একো বুজিব নোৱাৰোঁ, কাৰণ তাৰ চকু-মুখ বুলি কোনো বস্তু নাই, আছে ওপৰৰ পিনে দুটা সৰু সৰু ছিদ্ৰ (বোধহয় পৰকলা লগোৱা, তলপিনেও কিন্তু তেনেকুৱা দুটা, যি ঠাই মানুহৰ চকুৰ ঠাই নহয়), আৰু ছিদ্ৰ দুটাৰ তলত তাহানিৰ ৰেডিঅৰ লাউডস্পীকাৰৰ দৰে এটুকুৰা আয়তাকাৰ পৰ্দা বা মেম্ব্ৰেইন, ৰ পৰা শব্দ ওলায়  অন্যথাই কাৰেল এটা অৱয়বহীন দীঘল চেপেটা বাকচ, প্ৰায়  ফুট ওখ, কুৰি শতিকাৰ ৰুক্ষ ৰবটবোৰৰ দৰে এণ্টেনা, চেন্সৰ আদিৰে কণ্টকাকীৰ্ণ নহয়৷ বাকচটো, অৰ্থাৎ কাৰেলৰ দেহটো ধাতু বা প্লাষ্টিক নহয়, এবিধ কিবা জৈৱিক ছাল, মানুহৰ দেহত্বকৰ দৰে মুগা বৰণীয়া৷ ভৰি বুলিও একো নাই, কোনো সৰু চকা বা শ্লাইড্‌ আদিও সন্নিৱিষ্ট নাই, মজিয়াত ভৰি নিদিয়াকৈ, বোধহয় মজিয়াত বায়ু প্ৰতিফলিত কৰাই বায়ুৰ কুশ্যনৰ ওপৰত ভাহি-ভাহি চলে  এইবোৰ মই ঠিক নুবুজোঁ৷’’১১ কিন্তু সহায়ক কাৰেলক মানুহ চৰিত্ৰটোৱে জীৱনৰ অৱসান ঘটাবলৈ শেষ অনুৰোধ কৰিছে৷ তেখেতৰ মৰুদ্যান (২০০৮) গল্পটোত গল্পকাৰৰ দাৰ্শনিক দৃষ্টিভংগী প্ৰকাশ পাইছে৷ জীৱন আৰু জগতৰ সম্পৰ্কীয় ধাৰণা,  ব্ৰহ্মাণ্ডত বিচৰণ কৰি, পৃথিৱী, আন গ্ৰহ-নক্ষত্ৰৰ কথা অৱতাৰণা কৰি ইবোৰৰ সৃষ্টি-স্থিতিৰ বিষয়ত চিন্তনীয় ধাৰণা গল্পটোত প্ৰকাশ কৰিছে৷

সত্তৰ আৰু আশীৰ দশকত কেইবাটাও কল্পবিজ্ঞান গল্প প্ৰকাশ হোৱা দেখা যায়৷ বিজয়কৃষ্ণ দেৱশৰ্মাই অসমীয়া ভাষাত একাধিক গল্প ষাঠিৰ দশকৰ পৰা লিখি আহিছে৷ তেখেতে লিখা চন ২৪৬৬, ১ এপ্ৰিল (১৯৬৩) নামৰ গল্পটো আমাৰ প্ৰতিনিধি’-ত প্ৰকাশ হৈছিল৷ এই গল্পত জিতু নামৰ এটা চৰিত্ৰই এটি যন্ত্ৰ সাজে৷ সেই যন্ত্ৰৰ জৰিয়তে বৃহস্পতি গ্ৰহৰ মানুহৰ সৈতে সংযোগ স্থাপন কৰে আৰু তালৈ গমন কৰাৰ কাহিনী বৰ্ণিত হৈছে৷ ভৱিষ্যৎ সময়ৰ অতি আধুনিক ছবি এখন মহাকাশ সম্পৰ্কীয় গল্পটোত দেখা পোৱা যায়৷ তেখেতৰ গল্প সংকলনৰ ভিতৰত চন্দ্ৰলোকত প্ৰথম মানুহ ১৯৬৯ চনত প্ৰকাশ পায়৷ বিজয়কৃষ্ণ দেৱশৰ্মাৰে সূৰ্য্যৰ সোণালী আপেল (১৯৭৬) নামৰ কল্পবিজ্ঞান গল্প সংকলনত অন্তৰ্ভুক্ত হোৱা গল্পবোৰ হ স্পেচ ষ্টেচন, নোভাৰ দেশত মনোজ কুমাৰ, আৱৰ্ত, নবাগত নক্ষত্ৰ, মায়াবী দোকান, স্পেচশ্বিপ-মডেল ৩০০০,  পিকনিক, মধুচন্দ্ৰিকা, চন ২৪৬৬, ১ এপ্ৰিল, অজান বিভীষিকা, অন্য তৰঙ্গ, ব্ৰহ্মাস্ত্ৰ, সোণৰ চিলা ৰূপৰ বতাহ, অন্য এক পৃথিৱীৰপৰা, সূৰ্য্যৰ সোণালী আপেল স্পেচ ষ্টেচন গল্পত মহাকাশত উপঙি থকা ছেটেলাইট এটাক আঁতৰোৱাৰ কাৰণে কৰা প্ৰচেষ্টাক দেখুওৱা হৈছে৷ ১৯৬০ চনত আমেৰিকান বিমান বাহিনীয়ে এই কৃত্ৰিম উপগ্ৰহটো প্ৰেৰণ কৰিছিল৷ মহাকাশ পৰিভ্ৰমণত এনে ছেটেলাইটে বিপদ ঘটাব বুলি এই ছেটেলাইটটোক কক্ষপথৰ পৰা আঁতৰলৈ পঠোৱাৰ কথা বৰ্ণিত হৈছে৷ প্ৰথম পুৰুষত বৰ্ণিত হোৱা গল্পটোত মহাকাশত হব পৰা ভয়ানক বিপদৰ আংশকা, স্পেচ ছুটৰ ভিতৰৰ বৰ্ণনা, সূৰ্যৰ পৰা হব পৰা বিপদ আদি কাহিনীটোত বৰ্ণনা কৰা হৈছে৷ সূৰ্যৰ সোণালী আপেল গল্পটোত এদল বিজ্ঞানীয়ে মহাকাশ অভিযানেৰে গৈ সূৰ্যৰ পৰা জুই অনাৰ প্ৰচেষ্টা দেখা গৈছে৷ সেই অভিযানত তেওঁলোক কেনে বিপদৰ সন্মুখীন হৈছে তাৰ বৰ্ণনা মনপৰশা৷ তেওঁলোকে যোৱা ৰকেটটোৰ নাম প্ৰমিথুচ৷ কোনোৱে কয় কাপ ডি ওৰো৷ কোনোৱে কয় ইকাৰাচ৷ অভিযানত তেওঁলোকে খাবৰ বাবে লগত অন্যান্য বস্তুৰ লগতে নিছিল দুহেজাৰৰো অধিক বটল টেঙাপানী৷ এহাজাৰ বিয়েৰ৷ যাত্ৰাপথত তেওঁলোকে কবিতা ৰোমন্থন কৰি গাই গাই যায়৷ অৱশেষত সূৰ্যৰ ওচৰত প্ৰমিথুচ উপস্থিত হয়৷ সন্মুখীন হবলগা হয় চাৰিহাজাৰৰ পৰা সাতহাজাৰ ডিগ্ৰীলৈকে উষ্ণতাৰ৷ যাৰ ফলত সহযোগী ব্ৰেটন মৰিল৷ অৱশ্যে শীত-তাপ নিয়ন্ত্ৰিত যানখন আৰু আনসকল বিজ্ঞানী বাচি থাকে৷ কেপ্তেইনে দৃঢ়তাৰে কাম কৰি প্ৰকাশ কৰা ধাতুৰ কাপ দুখন সূৰ্যৰ ভিতৰলৈ সোমোৱাই দি জুই সংগ্ৰহ কৰে৷ সেই জুই লৈ তেওঁলোকে অহা পথেৰে ঘূৰি আহিবলৈ যত্ন কৰিছে৷

এই দশকতে গল্পকাৰ ভবেন্দ্ৰনাথ শইকীয়ায়ো কল্পবিজ্ঞান গল্প লিখাত হাত দিছিল৷ তেওঁৰ ১৯৬৯ চনত প্ৰকাশিত গহ্বৰ এটা উৎকৃষ্ট গল্প৷ মানুহৰ শৰীৰৰ অংগ সংস্থাপনৰ চিত্ৰ এই গল্পত পোৱা যায়৷ গল্পটোৰএটা প্ৰধান চৰিত্ৰ হৈছে মি. পিয়েনাৰ৷ মি. পিয়েনাৰ হৃদযন্ত্ৰৰ অসুখত ভুগি মৃত্যুৰ দিন গণি থকা এগৰাকী ৰোগী৷ সকলোৱে ভাবে যে পিয়েনাৰৰ মৃত্যু অৱশ্যম্ভাৱী৷ কিন্তু এই পিয়েনাৰৰ শৰীৰতে ডাক্তৰ কেম্পবেলে মটৰ দুৰ্ঘটনাত আহত হৈ মৃত্যু হোৱা স্মিথ নামৰ এজন কলা ছালৰ লোকৰ হৃপিণ্ডটো সংস্থাপন কৰি দিয়ে৷ আধুনিক বিজ্ঞানে চমৎকাৰ সফলতা লাভ কৰে৷ মিঃ পিয়েনাৰ বাচি থাকিবলৈ সক্ষম হয়৷ কিন্তু দুখৰ কথা যে মি. পিয়েনাৰৰ বুকুৰ ভিতৰত যে স্মিথৰ শৰীৰৰ হৃৎপিণ্ডটো আছে সেয়া স্মিথৰ পত্নীয়ে জানে৷ তাইৰ স্মিথৰ সৈতে বিয়া হোৱা মাত্ৰ দুমাহ হৈছিল৷ বিয়াৰ পাছত এদিন স্মিথ আৰু পত্নী মেৰী নেচনেল পাৰ্কলৈ ফুৰিবলৈ গৈ ঘূৰি আহোঁতে দুৰ্ঘটনা হয়৷ সেই দুৰ্ঘটনাত মৃত্যু হোৱা স্মিথৰে কলিজাটো বৈজ্ঞানিক পদ্ধতিৰে উলিয়াই নি মি. পিয়োনাৰৰ শৰীৰত স্থাপন কৰা হৈছে৷ মেৰিয়ে সদায় মি. পিয়েনাৰক লক্ষ্য কৰি থাকে৷ তাইৰ দূৰৰ পৰা চাই থাকে৷ কাৰণ তাই জানে যে তাইৰ প্ৰিয়জনৰ কলিজাখন সোমাই আছে আন এজন মানুহৰ বুকুত৷ মেৰিয়ে এদিন লগ পাই পি. পিয়েনাৰক কৈছে, ‘‘আপোনাক? মই দূৰৰ পৰা সদায় চাইছোঁ৷ মোক আপোনাক ওচৰৰ পৰা চাবলৈ লাগে, আপোনাৰ লগত কথা পাতিবলৈ লাগে, আপোনাৰ সান্নিধ্য লাগে৷ মই একেবাৰে নিঃস্ব হৈ গলোঁ ডাঙৰীয়া৷ মোৰ আৰু কোনো নাই৷ কিন্তু স্মিথৰ কলিজাখন আপোনাৰ বুকুত আছে৷ আমি কলিজাৰ লগতে মানুহৰ অন্তৰ থাকে বুলি ভাবো৷ স্মিথৰ সুন্দৰ, মৰমেৰে ভৰপূৰ অন্তৰখনৰ শলাগ লৈ মই তেওঁৰ বুকুৰ কলিজা থকা ঠাইডোখৰত হাত ফুৰাইছিলো৷ সেইখন কলিজাই এতিয়া আপোনাৰ বুকুত ধপধপাই আছে, আপোনাক জীয়াই ৰাখিছে৷ কলিজাখনেই যদি জীয়াই থাকিল, তেনেহলে মোৰ স্মিথ কেনেকৈ মৰিল?’’ মি. পিয়েনাৰে এইখিনি কথা শুনি আচৰিত হল৷ তেওঁ গৈ ঘৰৰ পত্নীক অৱশেষত মেৰীয়ে অনুসৰণ কৰা আৰু দুখ প্ৰকাশ কৰা ইত্যাদি কথাবোৰ কবলগা হল৷ ফলস্বৰূপে মি. পিয়েনাৰৰ সম্পৰ্ক পত্নীৰ সৈতে ক্ৰমে বেয়া হৈ আহিল৷ গল্পটোৰ শেষৰ ফালে পাৰিবাৰিক অশান্তি আৰু মেৰীৰ সৈতে হোৱা দ্বন্দ্বত মি. পিয়েনাৰৰ জীৱন সংঘাতময় হৈ পৰিছে৷ যাৰ ফলত এদিন পিয়েনাৰৰ মৃত্যু ঘটিছে৷ এদিন মেৰীৰ ঘৰলৈ যোৱাৰ পাছতেই ঘূৰি অহাৰ বাটত পাছদিনা পিয়েনাৰৰ মৃতদেহ ঘৰৰ ওচৰৰ পাৰ্কখনত উদ্ধাৰ হয়৷ বিজ্ঞানৰ কথাৰে লিখা গহ্বৰ এটা অন্যতম মনপৰশা ট্ৰেজিক গল্প৷

অসমীয়া ভাষাত ভালেমান কল্পবিজ্ঞান গল্প ৰচনা কৰা শান্তনু তামূলীয়ে ১৯৬৪ চনত চন্দ্ৰলৈ কৰা অভিযান আৰু ঘূৰি আহোঁতে হোৱা দুৰ্ঘটনাক কেন্দ্ৰ কৰি হে চন্দ্ৰ বিদায় নামৰ কল্পবিজ্ঞান গল্প এটা ৰচনা কৰিছিল৷ শান্তনু তামূলীৰ পৰৱৰ্তী সময়ত সংকলনৰ ৰূপত প্ৰকাশ পোৱা মায়ামৃগ (১৯৯৮) এটা উল্লেখযোগ্য গল্প সংকলন৷ মায়ামৃগ’-ত আঠটা কল্পবিজ্ঞান গল্প আছে৷ ‘‘চিয়াঁহী উৰাই দিব পৰা মাইক্ৰবচৰ কল্পনাক লৈ প্ৰথম গল্প বৰ্ণ-বিৱৰ্তন’-ক গল্পৰ প্ৰাথমিক চৰ্ত উৎকণ্ঠাৰ সহায়ত নিটোল ৰূপ দান কৰা হৈছে৷ বাতৰি কাগজত, পৰীক্ষাৰ প্ৰশ্নকাকতত, বেংকৰ চেক্‌, লটাৰীত প্ৰথম পুৰস্কাৰ পোৱা টিকটৰ নম্বৰ আদি সকলো ইংক ইটিং মাইক্ৰবচৰ কাল্পনিক অন্তৰ্ধানত গল্পটি স্বাদযুক্ত হৈ পৰিছে৷ সোমৰসৰ বিষয়ে বিস্তৃত গৱেষণা কৰি তিনিশ বছৰতকৈও অধিক জীয়াই থাকিব পৰা অমৃত পান কৰাৰ চাঞ্চল্যজনক তথ্যৰে সজাই তোলা হৈছে অমৃতৰ সন্ধানত ইণ্টাৰনেট শীৰ্ষক গল্পটি৷ প্ৰত্যক্ষ বৰ্ণনাৰে সজীৱ হৈ উঠা বৰষুণ নামৰ বিজ্ঞানৰ কাহিনীটো সমানেই চিত্তাকৰ্ষক৷ ‘উল্কা’ নামৰ কাহিনীটোত লেখকে জ্যোতিৰ্বিদ অৱধূত বৰ্মনৰ উল্কা গৱেষণাগাৰৰ বিষয়ে উৎসুক্য বঢ়াই তুলিছে৷ সংকলনৰ আটাইতকৈ আকষৰ্ণীয় গল্পটি হৈছে মায়ামৃগ৷ যন্ত্ৰ, প্ৰযুক্তিবিদ্যা, বৈজ্ঞানিক চিন্তা-চেতনা আৰু বিজ্ঞানক প্ৰকৃতাৰ্থত মানৱ কল্যাণৰ অৰ্থে প্ৰয়োগ কৰাৰ ক্ষেত্ৰত মহাকাশ অভিযানৰ নিশ্চয় গুৰুত্ব আছে৷ হিলাৰী, উজীৰ হুছেইন আৰু চলিহাএই চাৰি চৰিত্ৰৰ যান্ত্ৰিক মহাকাশচাৰীৰ জীৱনলৈ লেখকে বিচিত্ৰতা আনি মহাকাশৰ ৰহস্যমোচনৰ বিজ্ঞানৰ কাহিনীৰ লগত সাহিত্যিক আবেদন সংযুক্ত কৰিবলৈ সক্ষম হৈছে৷ কাৰ্টোগ্ৰাফাৰ হুছেইনে শেষত উচ্চাৰণ কৰা মায়ামৃগ শব্দটোত নকল গ্ৰহটোৰ সন্ধানত কৰা চেষ্টা বা অপচেষ্টাৰ ব্যঞ্জনা লুকাই আছে৷ ... জোনটি, ৰণ্‌টি আৰু পিতৃ-মাতৃ চাৰিটি চৰিত্ৰৰ মাজেৰে উৰন্ত চাকি, স্পেইছ ছ্যুট পিন্ধা মানুহ, কম্পিউটাৰে ৰেকৰ্ড কৰা অন্য গ্ৰহৰ প্ৰাণীৰ সংকেত আৰু ইয়াৰ প্ৰত্যুত্তৰ আদিৰে তৰাৰ বন্ধু কাহিনীটো ৰসাল হৈ পৰিছে আৰু সম্ভাৱনীয়তাক আৱিষ্কাৰৰ সমতুল্য বুলি ধৰি লোৱা হৈছে৷ সংকলনটিৰ শেষ গল্পটি প্ৰাচীৰ৷ অন্যতম সফল গল্পস্বৰূপে স্বীকৃত হোৱা প্ৰাচীৰ বিজ্ঞান কাহিনীৰ বাবে থাকিবলগীয়া সমূহ  অনুপান থকাত প্ৰযুক্তিবিদ্যাৰ দৌৰত মানুহে জীৱন আৰু মহাকা জয় কৰাৰ দ্যোতনাৰে সমাপ্ত কৰা হৈছে৷ ঈগল মহাকাশ ষ্টেচন কলিন্‌ছ অভিমুখী যানত ইতিপূৰ্বে মৃত্যু হোৱা অনুপমক পুনৰ জীয়াই তোলা হৈছে৷ প্ৰাচীৰ কেৱল বিজ্ঞানৰ কাহিনী নাইবা ভাবলেশহীন মহাকাশ যাত্ৰাৰ আমনিদায়ক যাত্ৰা নহয়; ই হৈছে সাহিত্যৰ আৱে‍দনক কম্পিউটাৰৰ মনিটৰৰ সৈতে সমানে দিয়া গুৰুত্বৰ ফলত উদ্ভাসি উঠা নতুনত্বৰ স্বাদ থকা এক সুখকৰ বৰ্ণনা৷’’১২ শান্তনু তামূলীৰ পানী (২০০৮) গল্পটোত মিষ্টাৰ দিহিঙীয়া আৰু মিষ্টাৰ তামূলীয়ে কথোপকথনৰ মাজেৰে কৰা এটা পৰিকল্পনাৰ কথা প্ৰকাশ পাইছে৷ মিষ্টাৰ দিহিঙীয়া ভৱিষ্যতৰ পৰা আহিছে৷ তেওঁ এক ডিফেন্স লেবটৰীত গৱেষণা কৰে৷ মিষ্টাৰ তামূলী এসময়ত ভূতত্ত্ববিদ হিচাপে কাম কৰিছিল৷ দুয়োৰে মাজত হোৱা আলোচনাত গম পোৱা যায় যে হিমালয়ৰ পাহাৰ খহাই চীন দেশে ব্ৰহ্মপুত্ৰৰ নদীৰ সোঁত গোবি মৰুভূমিৰ মাজেৰে বোৱাই নি দেশৰ প্ৰগতি সাধন কৰিব৷ গতিকে সেয়া ৰোধ কৰিব লাগিব মিষ্টাৰ তামূলীয়ে৷ ভৱিষ্যতৰ পৰা অহা মিষ্টাৰ দিহিঙীয়াই এটা ডিভাইছ তামূলীৰ হাতত তুলি দিয়ে৷ তামূলীয়ে চীনৰ ভয়ংকৰ ষড়যন্ত্ৰৰ পৰা ভাৰতত হবলগা মহাপ্ৰলয়ক ৰোধিব লাগিব৷

১৯৭০ চনত দীনেশ চন্দ্ৰ গোস্বামীয়ে কম্পেক্ট ৰেডিয়েটৰ নামৰ এক যন্ত্ৰৰ কথাৰে কঁকাল নামৰ এটা ব্যঙ্গাত্মক গল্প প্ৰকাশ কৰিছিল৷ গোস্বামীয়ে ১৯৭২ চনত যুগসন্ধি নামৰ এটা গল্প লিখে৷ এই গল্পত বিজ্ঞান মনস্কৰ পতি-পত্নীৰ জীৱনৰ কথাৰে কাহিনী গঢ় লৈ উঠিছে৷ বিজ্ঞানৰ ফলত মানৱ জীৱনত হব পৰা পৰিৱৰ্তন ইয়াত দেখা যায়৷ টেষ্ট টিউব বেবী, আৰ্টিষ্টিক চকু, দাঁত-হাঁড় সলনি কৰা, ছাল বদলোৱা আদি চিকিৎসা বিজ্ঞানৰ অনেক কথা ইয়াত বৰ্ণিত হৈছে৷ ১৯৭৪ চনত প্ৰকাশ পোৱা পৰিব্ৰাজক নামৰ গল্পত টাইম ট্ৰেভেল কৰি অতীতলৈ যোৱাৰ কথা আছে৷ বিজ্ঞানী ৰঞ্জন চৌধুৰীয়ে পৰীক্ষাগাৰত এটা যন্ত্ৰৰ জৰিয়তে জ্ঞান-অভিজ্ঞতাক সঞ্চয় কৰিবলৈ বুলি চেষ্টা কৰোঁতে ছৰ্ট চাৰ্কিট হৈ অতীতলৈ গুচি যায়৷ অতীতত গৈ ককাকক লগ পায়গৈ৷ অতীতত থাকি আত্মীয়লোকক লগ পোৱাৰ ৰোমাঞ্চকৰ কাহিনীৰে গল্পটো শেষ হৈছে৷ তেওঁৰ নিস্পৃহ (১৯৭৪) গল্পটোত মগজুৰ নিউৰণ প্ৰক্ৰিয়াৰ বিষয়ক লৈ কাহিনী গঠিত হৈছে৷ পৰ্টেবল স্মেল এবজৰ্বাৰ (১৯৭৪) গল্পত দুৰ্গন্ধ নাশৰ প্ৰয়াস আৰু যন্ত্ৰ নিৰ্মাণ কৰা দেখা যায়৷ পাৰিজাত নামৰ এগৰাকী ছাত্ৰীক প্ৰফেছৰ এইচ পিয়ে অধিক গুৰুত্ব দিয়াৰ কাৰণ হল পাৰিজাতৰ চুলিৰ পৰা ওলোৱা সুগন্ধ৷ কিন্তু সেই সুগন্ধৰ আমেজ লব নোৱাৰি প্ৰফেছৰে স্মেল এবজৰ্বাৰ নামৰ এক যন্ত্ৰ তৈয়াৰ কৰে৷ কিন্তু যন্ত্ৰটোৱে সকলো প্ৰকাৰৰে গোন্ধ শোষণ কৰাত অৱশেষত যন্ত্ৰটো ত্যাগ কৰিবলগা হয়৷ ভদ্ৰতামাপক যন্ত্ৰ (১৯৭৭) গল্পটোত সঞ্জয়, বিপুল আৰু শান্তা নামৰ বিজ্ঞানৰ শিক্ষাৰ্থী তিনিজনে এটা যন্ত্ৰ সাজি উলিয়ায়৷ সেই যন্ত্ৰটোৰে অভদ্ৰ লোকক চিনাক্ত কৰি সেই সেই লোকক শাস্তি দিবৰ চেষ্টা কৰে৷ অৱশেষত তিনিও বন্ধু বিজ্ঞানীৰ মাজতে সংঘাত সৃষ্টি হৈ যন্ত্ৰটো ভাঙি শেষ কৰি পেলায়৷ এক তৰংগৰ দৰে (১৯৭৯) গল্পটোত ইলেকট্ৰনিক্‌ছ বিভাগৰ প্ৰফেছৰ এছ. ৰংগৰাজনে ইলেকট্ৰকনিক প্ৰযুক্তিৰ সহায়ত আৱিষ্কাৰ কৰা বস্তুৰ চমৎকাৰ বিৱৰণ আছে৷ বিজ্ঞানী ৰংগৰাজনে বিজ্ঞানেৰে কৰিব পৰা বহুতো কথা জানে৷ কিন্তু এদিন ৰংগৰাজনক কোনোৱে হত্যা কৰে৷ নব্বৈৰ দশকতো অসমীয়া কল্পবিজ্ঞান গল্প লিখা উল্লেখযোগ্য গল্পকাৰসকলৰ ভিতৰত দীনেশচন্দ্ৰ গোস্বামী উল্লেখযোগ্য৷ নব্বৈৰ দশকত দীনেশ চন্দ্ৰ গোস্বামীৰ ভদ্ৰতামাপক যন্ত্ৰ (১৯৮৫) আৰু পোৰ্টেবল স্মেল এবজৰ্বাৰ (১৯৮৬) নামৰ গল্প সংকলন দুটা প্ৰকাশ পায়৷ এই সংকলন দুটাত পূৰ্বৰ দশকৰো গল্প সন্নিৱিষ্ট হৈছে৷ ১৯৮৭ চনত প্ৰকাশ হোৱা এখেতৰ আলফা স্পন্দন গল্পটোত মানুহৰ কৰ্মদক্ষতা বৃদ্ধি কৰিবলৈ ভাগৰ, আলস্য, আমনি নাইকিয়া কৰিবৰ বাবে হেমলেট সাজি উলিওৱাৰ কথা বৰ্ণিত হৈছে৷ আলস্য (১৯৯০) নামৰ গল্পত পঁইতাচোৰাৰ পৰা প্ৰস্তুত কৰা খাদ্য খোৱাৰ ফলত মানুহৰ আলস্য ভাব নাইকিয়া হোৱাৰ কাহিনী আছে৷ আধুনিক বিজ্ঞানেৰে পোক-পতংগৰ পৰা খাদ্য প্ৰস্তুত কৰি মানুহৰ উপযোগী কৰাৰ সম্ভাৱনীয়তাক ইয়াত প্ৰকাশ কৰিছে৷ বিংশ শতিকাৰ শেষ দশকতো কল্পবিজ্ঞান গল্প চৰ্চাকাৰীসকলৰ ভিতৰত দীনেশচন্দ্ৰ গোস্বামী অন্যতম৷ একবিংশ শতিকাত গল্প সংকলন কেইবাটাও প্ৰকাশ হৈছে যদিও বিংশৰ শেষ দশকতে অবিকল আদি আলোচনীত তেখেতৰ ভালেমান কল্পবিজ্ঞান গল্প প্ৰকাশ পাইছিল৷ এই দশকতে এক তৰংগৰ দৰে (১৯৯৫) আৰু অভিন্ন হৃদয় (১৯৯৭) গল্প সংকলন দুটা প্ৰকাশ পায়৷ একবিংশ শতিকাৰ প্ৰথম দশকত কল্পবিজ্ঞান গল্পৰ কেইবাটাও সংকলন প্ৰকাশ কৰে দীনেশ চন্দ্ৰ গোস্বামীয়ে৷ সেইবোৰ হৈছে অভিন্ন হৃদয় (২০০৪), ‘কল্পজগত (২০০৪), দীনেশ চন্দ্ৰ গোস্বামীৰ স্বনিৰ্বাচিত গল্প (২০০৫)৷ অন্তৰ্বাহী (২০১১), ‘নতুন শতিকাৰ কল্পবাস্তৱ (২০১৬) আদি দ্বিতীয় দশকত প্ৰকাশিত যদিও ইয়াৰ গল্পবোৰ বিংশ শতিকাৰ শেষ দশকৰ আৰু একবিংশ শতিকাৰ প্ৰথম দশকৰ৷ কল্পজগত গ্ৰন্থত পঁচিছটা গল্প আছে৷ অন্তৰ্বাহীত বাইছটা গল্প অন্তৰ্ভুক্ত হৈছে৷ নতুন শতিকাৰ কল্পবাস্তৱ ১৯৯৫ চনৰ পৰা ২০০০ চনৰ ভিতৰত অবিকল আলোচনীত লিখা গল্পৰে সংকলনটো কৰিছে৷ দীনেশ চন্দ্ৰ গোস্বামীৰ এই গল্পবোৰ ‘‘বিদ্যুৎ চুম্বকীয় পদ্ধতি, কম্পিউটাৰ, অন্য গ্ৰহৰ জীৱ, কৃত্ৰিম ভূমিকম্প, পোহৰৰ তৰংগ, ইনভাইট্ৰ ফাৰ্টিলাইজেচন, চাৰগেট মাদাৰ, বায়ৰবট, জেনেটিক ইঞ্জিনীয়াৰিং, লেজাৰ প্ৰযুক্তি, এইড্‌ছ, ক্লনিং, যৌন উত্তেজক, এণ্টিফাৰ্টিলিটি এজেণ্ট আদি বিভিন্ন বিষয়বস্তুৰে ৰচিত হৈছে৷’’১৩ কল্পবিজ্ঞান গল্পবোৰত দীনেশ চন্দ্ৰ গোস্বামীয়ে বিজ্ঞানৰ বিভিন্ন দিশক সামৰি লৈছে৷

ষাঠিৰ দশকৰ পৰা বিভিন্ন বিষয়ক লৈ বিজ্ঞান ৰচনা লিখা ক্ষীৰধৰ বৰুৱাই ১৯৭৪ চনৰ নবেম্বৰ-ডিচেম্বৰ সংখ্যাৰ আনন্দ সংবাদত কম্পিউটাৰক বিষয় হিচাপে লৈ লিখা কম্পিউটাৰ শিল্পী গল্পটোও অন্যতম৷ তেওঁৰ কম্পিউটাৰক বিষয় হিচাপে লৈ লিখা এটি গল্প হৈছে প্ৰগেম চিত্ৰলেখা

এই দশকতে কল্পবিজ্ঞান কাহিনী লিখিবলৈ আৰম্ভ কৰা অভিজিৎ শৰ্মা বৰুৱাৰ প্ৰথম কল্পবিজ্ঞান গল্প হৈছে অথ মধ্যাকৰ্ষণ সংবাদ (দৈনিক জনমভূমি, ১৯৮২)৷ এই গল্পটোত গল্পকাৰে বিশ্ব ব্ৰহ্মাণ্ডৰ আন গ্ৰহৰ প্ৰাণীয়ে পৃথিৱীৰ মধ্যাকৰ্ষণ ভৰ লৈ যোৱা, ফলত পৃথিৱীত হব পৰা ভয়ংকৰ পৰিস্থিতিৰ কথা কলাত্মকভাৱে প্ৰকাশ কৰিছে৷ অভিজিৎ শৰ্মা বৰুৱাই পৰৱৰ্তী সময়ত অৰ্ধশতাধিতকৈও বেছি কল্পবিজ্ঞান গল্প ৰচনা কৰিছে৷ সাম্প্ৰতিক কালতো তেখেতে কল্পবিজ্ঞান গল্প চৰ্চা কৰি আছে৷ এই দশকত অভিজিত শৰ্মা বৰুৱাই কেইবাটাও গল্প প্ৰকাশ কৰিছে৷ সেইবোৰ হৈছে বাদ দে বুজিছ (২০০৫), ‘ডাউনল (২০০৯), ‘২২.২.২২২২ (২০০৯), ‘বিপ্ৰ দামোদৰ (২০০৮), ‘বিৱৰ্তনত প্ৰেম (২০০৮), ‘মানুহৰ মন (২০০৫), ‘লোবিছ গ্ৰহৰ আলহী (২০০৫) আদি৷ বাদ দে বুজিছ গল্পত দুজন বন্ধুৰ এজন হৈছে বিজ্ঞানী আৰু আনজন ৰাজ্যৰ মন্ত্ৰী৷ মন্ত্ৰী ধ্ৰুৱই বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাত বিজ্ঞানী বন্ধুৰ ওচৰলৈ আহি সহায় খুজিবলৈ বাধ্য হয়৷ ফলত বিজ্ঞানী বন্ধুৱে কৃত্ৰিম ডাৱৰ সৃষ্টি কৰি বৰষুণ সৃষ্টি কৰাত আৰু গুলী মাৰিলে মানুহৰ গাৰ কাষেদি পাৰ হৈ যোৱাত সহায় কৰা তাবিজ সৃষ্টি কৰি সহায় কৰি দিয়ে৷ কিন্তু ৰাজ্যত জাবৰৰ পৰা হোৱা সমস্যা সমাধান কৰিবৰ বাবে মন্ত্ৰীয়ে বিজ্ঞানী বন্ধুক অনুৰোধ কৰাত এবিধ বেক্টেৰিয়া বিজ্ঞানী বন্ধুৱে সৃষ্টি কৰে৷ কিন্তু সেই বেক্টেৰিয়া প্ৰয়োগ কৰি কামত লগোৱাত সমাজত থকা সকলো জাবৰৰ লগতে কিছুমান মানুহকো বেক্টেৰিয়াই অন্তৰ্ধান কৰি পেলায়৷ তাৰমানে সমাজত কিছুমান মানুহো আৱজৰ্নাৰ দৰেই হৈ পৰিছে৷ সেয়া জানি অৱশেষত জাবৰ নিৰ্মূল কৰা বেক্টেৰিয়াৰ প্ৰয়োগকে দুয়ো বন্ধ কৰিবলৈ বিবেচনা কৰে৷ ডাউনল গল্পটোত অনিল চৌধুৰী নামৰ কেলিফৰ্নি‍য়াত থকা অসমীয়া এজন বিজ্ঞানীয়ে এটা যন্ত্ৰ সাজি উলিয়ায়৷ যিটো যন্ত্ৰৰে মানুহৰ মগজুৰ চিন্তা কপি কৰি ৰাখিব পাৰে আৰু সেয়া কম্পিউটাৰৰ সহায়ত জানিব পাৰে৷ এদিন চৌধুৰীয়ে সেই যন্ত্ৰৰ সহায়ত এজন অসমীয়া বন্ধুৰ এটা ক’ড নম্বৰেৰে খুলিব পৰা ছুটকেইছ খোলাত সহায় কৰে৷ কিন্তু অনিল চৌধুৰীয়ে সজা যন্ত্ৰটোৰ কথা বন্ধুজনৰ বাহিৰে আন কাকো নকৈছিল৷ কিন্তু অনিল চৌধুৰীৰ যন্ত্ৰটোৰ কথা তথা অভূতপূৰ্ব আৱিষ্কাৰৰ কথা আন এচাম বিজ্ঞানীয়ে গোপনে জানি সেয়া চুৰ কৰিবৰ বাবে চেষ্টা কৰে৷ সেই চক্ৰান্তক গম পাই ভৱিষ্যতে দুষ্ট চক্ৰই তেওঁৰ যন্ত্ৰটোক বেয়া কামত ব্যৱহাৰ কৰিব বুলি ভাবি অনিল চৌধুৰীয়ে যন্ত্ৰটো আৰু সমস্ত তথ্য-পাতি নিজেই ধ্বংস কৰি পেলায়৷ এই দশকতে অভিজিত শৰ্মা বৰুৱাই লিখে এটি দীৰ্ঘ পৰিসৰৰ গল্প হৈছে বৰাহ-নন্দন (২০১০)৷ ইয়াত চিকিৎসা বিজ্ঞানৰ জৰিয়তে দুৰ্ঘটনাগ্ৰস্ত এজন ব্যক্তিক মৃত্যুৰ পৰা বচাবলৈ গাহৰিৰ মগজু সংস্থাপন কৰা আৰু ফলস্বৰূপে সেই ব্যক্তিজনৰ লক্ষণত পৰিৱৰ্তনে দেখা দিয়াৰ কাহিনী আছে৷ অভিজিত শৰ্মা বৰুৱাৰ ভুতুড়ে বিজ্ঞানী (২০১৫) গল্পটোত লেখকে পদাৰ্থ বিজ্ঞানৰ চমৎকাৰী ফলাফল দেখুৱাইছে৷ গল্পটোত বিজ্ঞানী কমলেশ চক্ৰৱৰ্তীয়ে পৰীক্ষা-নিৰীক্ষা কৰি বস্তুক অণু-পৰমাণুলৈ নি তাৰ স্থান সলনি কৰি মানুহক আচৰিত কৰি তুলিছে৷ আমি সাধাৰণতে নেদেখা-নুশুনা বস্তুবোৰ চাব পৰাকৈ কমলেশ চক্ৰৱৰ্তীয়ে চশ্‌মা তৈয়াৰ কৰিছে৷ বস্তুক অদৃশ্য কৰাৰ কথা-বাৰ্তা গল্পটোত হৈছে৷ দুজন বন্ধুৰ মাজত হোৱা কথা-বাৰ্তাৰ জৰিয়তে গল্পটো আগবাঢ়িছে৷ অলৌকিক বৰ্ণনাই গল্পটোত স্থান লাভ কৰিছে৷ ২০১৫ চনত তেখেতে নতুন পৃথিৱী শিশু উপযোগী কল্পবিজ্ঞান গল্প-সংকলন প্ৰকাশ কৰে৷ তেখেতৰ কি যে আপদ! (২০১১) শিশু গল্পটোত প্ৰণৱ চৌধুৰীয়ে জীয়েক ৰিয়াক বিজ্ঞানৰ কথাৰে এটা গল্প কৈছে৷ কাহিনীটোত এদল বিজ্ঞানীয়ে অণুজীৱৰ সহায়ত কেনেকৈ অস্ত্ৰ, বিস্ফোৰক সামগ্ৰী চিনাক্ত কৰিবলৈ চেষ্টা কৰিছে সেয়া বৰ্ণিত হৈছে৷ ড্ৰাগছ সেইটো কি বস্তু’, ‘দামিনী কাণ্ডৰ যৱনিকা’,  ইয়াতে মাৰিলোঁ টিপা’, ‘ইলেকট্ৰনিক প্ৰেম’, ‘আবৰ্জনা’, আকাশী গাড়ী’, ‘অন্তিম মানৱ’, ‘সীমাৰ বাহিৰত আদি তেখেতৰ আন কিছুমান কল্পবিজ্ঞান গল্প৷

একবিংশ শতিকাত ভালেমান কল্পবিজ্ঞান গল্প লিখা বন্দিতা ফুকনে প্ৰিয়তমা নামে এটা গল্প ১৯৮৪ চনত লিখিছিল৷ এইটো তেখেতৰ প্ৰথম কল্পবিজ্ঞান কাহিনী৷ এই গল্পটিত মানুহৰ প্ৰাত্যহিক জীৱনত ব্যৱহাৰ কৰিবৰ কাৰণে ৰবট সৃষ্টি কৰাক দেখুওৱা হৈছে৷ বন্দিতা ফুকনৰ প্ৰথমখন গল্প সংকলন হৈছে দ্বিতীয় ব্যক্তি (১৯৯১) এইটো দশকৰে৷ দ্বিতীয় ব্যক্তি গল্পত এগৰাকী বিবাহিত মহিলাৰ কাহিনী বৰ্ণিত হৈছে৷ মহিলাগৰাকীক দ্বিতীয় ব্যক্তি এজনে নিৰীক্ষণ কৰা আৰু এসময়ত মহিলাগৰাকী অন্তৰ্ধান হোৱাৰ কথা পোৱা যায়৷ ১৯৯৬ চনত তেওঁ কেনে আছে সংকলনটো প্ৰকাশ কৰে৷ ইয়াৰে তেওঁ কেনে আছে গল্পটো মহাকাশ সম্পৰ্কীয় কাহিনী৷ ইয়াত বিশেষ ৰে’ (ray)-ৰ সহায়ত জীৱই কৰা যাত্ৰা তথা ট্ৰেন্স্‌ফাৰ কৰাৰ কথা বৰ্ণিত হৈছে৷ মহাকাশলৈ ৰে ট্ৰেন্সফাৰেৰে কুকুৰ পঠোৱাৰ কথা ইয়াত পোৱা যায়৷ নিৰ্বাচিত গল্পৰে আট ৰহস্য (২০০০) নামৰ এটা সংকলনো বন্দিতা ফুকনে প্ৰকাশ কৰে৷ এই দশকতে বন্দিতা ফুকনৰ সময় হৈছেনে (২০০৬) গল্পত দিবাকৰ দত্ত নামৰ গড়কাপ্টানি‍ বিভাগৰ অভিযন্তা এগৰাকীৰ ৰোগীয়া শৰীৰ আৰু মানসিক অস্থিৰতা প্ৰকাশ পাইছে৷ কোষৰ পৰা হোৱা ৰোগত আক্ৰান্ত দিবাকৰ দত্তৰ শৰীৰত এসময়ত আৰম্ভ হৈছে বহুমূত্ৰ ৰোগ৷ ১৯৯১ চনতে প্ৰথমটো গল্প সংকলন প্ৰকাশ কৰা বন্দিতা ফুকনে সময় হৈছেনে (২০১৬) আৰু এক ৰহস্যৰ সন্ধানত (২০১৬) নামেৰে দুটা গল্প সংকলন প্ৰকাশ কৰে৷ সময় হৈছেনে? সংকলনৰ নিখুঁত অসমীয়া কল্পবিজ্ঞান গল্পবোৰৰ ভিতৰত এটি শক্তিশালী গল্প৷ মানুহৰ জীৱনত যন্ত্ৰৰ প্ৰভাৱ আৰু যন্ত্ৰৰ ভয়াৱহতা গল্পটোত দেখা যায়৷ আই আই টিৰ চূড়ান্ত বৰ্ষৰ মেধাৱী ছাত্ৰ ভাৰ্গৱে নিৰ্মাণ কৰা চান নামৰ এটা ৰবটে কিদৰে পাছত নিখুঁতভাৱে ভাৰ্গৱকে হত্যা কৰিলে তাৰ লোমহৰ্ষক বৰ্ণনা গল্পটোত পোৱা যায়৷ বন্দিতা ফুকনৰ আন এটা গল্প এটোপাল ঘামৰ বিষয়বস্তু শৰীৰ বিজ্ঞান৷ কেন্সাৰ ৰোগত আক্ৰান্ত স্বপ্না নামৰ এগৰাকী অভিনেত্ৰীয়ে কেনেকৈ অত্যাধুনিক চমৎকাৰী চিকিৎসা কৰে আৰু সৌন্দৰ্য অটুট ৰাখিবলৈ চেষ্টা কৰে তাৰ কাহিনী পোৱা যায়৷ লেখিকাৰ আন এটি গল্প হৈছে উদ্ধাৰ৷ গল্পটো মহাকাশ জগত সম্পৰ্কীয়৷ এই গল্পত স্পাৰ্টান নামৰ এখন মহাকাশ যানৰ কথা বৰ্ণিত হৈছে৷ সেই যানতে গৈ দুজন শিক্ষাৰ্থীয়ে মহাকাশত আৱদ্ধ আন দুজন বন্ধুক উদ্ধাৰ কৰিছে৷ যন্ত্ৰমানৱ তথা ৰবটৰ ভূমিকা, গ্ৰহ-নক্ষত্ৰৰ জগতৰ বিৱৰণ, এলিয়ান, জৈৱ পদাৰ্থ, ৰোগ, কৃত্ৰিম বৰষুণ, কম্পিউটাৰ-প্ৰযুক্তি,  ক্ল, ভৱিষ্যতৰ পৰিৱেশ আদি দিশ বন্দিতা ফুকনৰ গল্পত প্ৰকাশ পাইছে৷

যোৱা শতিকাৰ শেষ দশকত আন ভালেকেইজন গল্পকাৰে কল্পবিজ্ঞান গল্প লিখা দেখা যায়৷ বিজয়কৃষ্ণ দেৱশৰ্মাৰ বিজ্ঞানভিত্তিক গল্পগুচ্চ (১৯৯১) এইটো দশকত প্ৰকাশ পোৱা আন এখন কল্পবিজ্ঞান গল্প সংকলন৷ অৱশ্যে ইয়াত বিংশ শতিকাৰ আশী-নব্বৈৰ দশকত ৰচিত গল্প অন্তৰ্ভুক্ত হৈছে৷ বিজয়কৃষ্ণ দেৱশৰ্মাৰ বাসনা বিলীন শক্তিশালী কল্পবিজ্ঞান গল্প৷ তেখেতৰ মাওথিয়া (২০১২) গল্পটোত অন্য গ্ৰহৰ প্ৰাণীয়ে পৃথিৱীৰ পৰা ইউৰেনিয়াম নিয়াৰ কথা আছে৷ বিজ্ঞান লেখক এ. কে. জিয়াউদ্দিন আহমেদে অনুঘটক (১৯৯৩) গল্পত বৈজ্ঞানিক গৱেষণা আৰু সভ্যতাৰ ধ্বংসাত্মক চিত্ৰ একোখন দেখুৱাইছে৷ আন এগৰাকী কল্পবিজ্ঞান কাহিনী লেখক ৰথীন্দ্ৰনাথ গোস্বামীয়ে একাধিক কল্পবিজ্ঞান গল্প ৰচনা কৰিছে৷ অনুপম, দীপলিনা আৰু ভাগ্য (১৯৯৪) দেৱতা এখেতৰ প্ৰথমটো কল্পবিজ্ঞানভিত্তিক গল্প৷ এই গল্পটোত মানুহৰ জিনৰ ওপৰত বিজ্ঞানীয়ে কৰা পৰীক্ষা, দেৱতাৰ ৰূপত জিনক গণ্য কৰা, মানুহৰ ভৱিষ্যত প্ৰজন্ম সুৰক্ষিত কৰিবৰ কাৰণে জিনৰ বিশেষভাৱে সহায় লোৱা কথা পোৱা যায়৷ এখেতৰে নয়নমণি (১৯৯৬) নামৰ গল্পত কম্পিউটাৰ ভাইৰাছৰ আক্ৰমণক বিষয়বস্তু হিচাপে লৈছে৷

আন এগৰাকী গল্পকাৰ মনোৰঞ্জন হাজৰিকাই ১৯৯৮ চনত প্ৰান্তিক’-ত প্ৰকাশ কৰা মৃত্যু নামৰ গল্পটোৰ কাহিনী মহাকাশক লৈ গঠিত৷ বুধ গ্ৰহত ভৱিষ্যৎ কালত ভাৰতবৰ্ষই উপনিৱে‍শ স্থাপন কৰে৷ ড° মৃদুল দত্ত এগৰাকী বিজ্ঞানী৷ ঔপনিৱেশ স্থাপন হোৱা বুধ গ্ৰহলৈকে বিজ্ঞানী মৃদুল দত্তই আৰ্যভট্ট নামৰ মহাকাশ যানখনত গতি কৰে৷ ভৱিষ্যতৰ পৃথিৱীখনত অক্সিজেনৰ পৰিমাণ কমি মানুহ বসবাসৰ অনুপযোগী হৈ যোৱাত বুধ গ্ৰহত মানুহে কৃত্ৰিম পদ্ধতিৰে উদ্যোগ স্থাপন কৰা দেখুৱাইছে৷ মানৱ ক্ল’নৰ সৃষ্টি কৰাৰ প্ৰসংগও গল্পটোত আছে৷ গল্পটোৰ চৰিত্ৰ মৃদুলে শেষত এখন আন্তঃৰাষ্ট্ৰীয় ছেমিনাৰত ডক্তৰ ডায়মণ্ড মেক্সৱেলৰ পৰা জানিব পাৰে যে, পৃথিৱীত মানৱ ক্ল’নজন হিচাপে নিৰ্মাণ কৰা প্ৰথম ব্যক্তিয়েই হৈছে মৃদুল৷ অৰ্থাৎ সি৷ কথাটো জানি মৃদুল আচৰিত হয়৷ আত্মবেদনাত দগ্ধ হৈ মৃদুলে অৱশেষত তাৰ যানখন সূৰ্য অভিমুখে চলাই দিলে৷ মনোৰঞ্জন হাজৰিকাই  ২০০০ চনত প্ৰান্তিক আলোচনীতে প্ৰকাশ কৰা আশা গল্পটোত মহাকাশৰ শনি গ্ৰহৰ এটা উপগ্ৰহ টাইটানত ভৱিষ্যতৰ প্ৰাণীৰ বসবাসৰ পৰিকল্পনাক দেখুৱাইছে৷ পৃথিৱীত তৃতীয় যুদ্ধ হৈ যোৱাৰ ফলত পাৰমাণৱিক বিস্ফোৰণে পৃথিৱীখন জীৱৰ বসবাসৰ অনুপযোগী কৰি তোলে৷ তেতিয়ালৈ মানুহে চন্দ্ৰত মানুহৰ বসবাসৰ উপযোগী স্থান নিৰ্মাণ কৰি তুলিছিল৷ তাতে বিখ্যাত ভাৰতীয় জ্যোৰ্তিপদাৰ্থ বিজ্ঞানী ড° মৃদুল দত্ত, ৰুছ বিজ্ঞানী ড° ইভান পাভলভ, আমেৰিকান বিজ্ঞানী ড° আডম ৰাডাৰফৰ্ড, চীনা বিজ্ঞানী ঝি লিং-এ মহাবিশ্বৰ টাইটানত প্ৰাণীৰ বসবাসৰ উপযোগী পৰিৱেশ সৃষ্টিৰ পৰিকল্পনা কৰিছে৷ মনোৰঞ্জন হাজৰিকাৰ অমৰত্ব আৰু গোলাম গল্প দুটা ক্ৰমে ২০০১ আৰু ২০০২ চনত প্ৰান্তিক’-ত প্ৰকাশ পায়৷ দুয়োটাতে মহাকাশ কাহিনী বৰ্ণিত হৈছে৷ অমৰত্ব গল্পটোৰ কাহিনী ২১২২ চনৰ পাছৰ মানৱ সভ্যতাৰ কাহিনী বৰ্ণিত হৈছে৷ সেই সময়ত বিজ্ঞানৰ চমকপ্ৰদ সফলতাৰে মানুহৰ জীৱন চাৰিশ বছৰলৈকে বাচি থাকিব পৰাৰ ব্যৱস্থা হৈছে৷ তথাপি বিজ্ঞানীসকলে মানুহক অমৰত্ব প্ৰদান কৰিবলৈ পৰীক্ষা-নিৰীক্ষা অব্যাহত ৰাখিছে৷ মহাকাশৰ পৰীক্ষা কেন্দ্ৰত ডক্টৰ পাভ্‌লভ নামৰ এজন বিজ্ঞানীয়ে মানুহৰ জীৱনক অমৰত্ব দান কৰিবলৈ বুলি পৰীক্ষা কেন্দ্ৰত সাজু হোৱাৰ কাহিনী ইয়াত পোৱা যায়৷ গোলাম গল্পটোত পৃথিৱীৰ মানুহে মঙল গ্ৰহত উপনিৱেশ স্থাপন কৰাৰ কাহিনী বৰ্ণিত হৈছে৷ তাত মানুহে জীৱন বিপন্ন কৰি কিদৰে বনুৱা হিচাপে কাম কৰিছে তাৰ আভাস দিয়া হৈছে৷ ৰসায়নবিদ ড° বিমান বৰুৱাই মঙলৰ ডক্টৰ এণ্টনি ফ্ৰেংকক লগ কৰি উভতি আহোঁতে অনিবাৰ্য মৃত্যুৰ দুৰ্ঘটনাৰ ইংগিতেৰে গল্পৰ সামৰণি হৈছে৷

ফণীন্দ্ৰকুমাৰ দেৱচৌধুৰীৰ স্বপ্ন নগৰীত কাল্পনিক ভ্ৰমণ (১৯৯৯) এখেতৰ কল্পবিজ্ঞানভিত্তিক গল্প৷ অসমৰে দুলীয়াজান চহৰখনৰ অত্যাধুনিক ৰূপত বৰ্ণনা কৰা হৈছে গল্পটোত৷ গল্পৰ প্ৰধান চৰিত্ৰটোৱে দুলীয়াজানলৈ আহি দেখা পোৱা ছবিৰ বৰ্ণনা চমৎকাৰী৷ গল্পকাৰে কল্পনাৰে দেখুৱাইছে দুলীয়াজানৰ বিজ্ঞান-প্ৰযুক্তিসৃষ্ট পৰিৱেশ, তেল কোম্পানীৰ প্ৰগতি, তৈলনগৰী হিচাপে দুলীয়াজানৰ বিশ্বত স্থিতিক৷ বিশ্বৰ শ্ৰেষ্ঠ তৈলনগৰী হিচাপে গল্পটোত দুলীয়াজানক দেখুৱাইছে৷ বিক্ৰম মজিন্দাৰ এজন গল্পকাৰৰ কথাও জনা যায়৷ তেওঁৰ প্ৰত্যাৱৰ্তন (১৯৯৯) হৈছে এটি কল্পবিজ্ঞান গল্প৷ লেখক মানৱেন্দ্ৰ কুমাৰ বৰুৱায়ো কল্পবিজ্ঞান গল্প লিখিছে৷ তেখেতৰ নিহত অতীত নীৰৱ নহয় (২০০০) গল্পত পৃথিৱীত হোৱা ভয়ংকৰ যুদ্ধ, দুৰ্যোগ আদিৰ ফলত মানুহে গৈ মহাকাশৰ ষ্টেশ্যনত বাস কৰাৰ ছবি দেখুৱাইছে৷ আন এক কল্পবিজ্ঞান গল্প যন্ত্ৰ মানৱৰ ডায়েৰীত ৩০১১ আৰু ২৯৭১ চনৰ ভৱিষ্যতৰ সমাজৰ মানুহৰ প্ৰজনন ব্যৱস্থা আৰু অৱস্থিতিৰ কথা দেখুৱাইছে৷

চলিত শতিকাৰ প্ৰাৰম্ভৰ পৰা সাম্প্ৰতিক সময়লৈকে ভালেমান কল্পবিজ্ঞান গল্প ৰচিত হোৱা দেখা যায়৷ ৰাজীৱ প্ৰসাদ শইকীয়াই পাতি-কাউৰীৰ অভিযোজন আৰু ইয়াৰ ফলত প্ৰকৃতিৰ আবৰ্জনা পলিথিনবোৰ কেনেকৈ পাতি-কাউৰীয়ে হজম কৰিব পৰা হল তাক দেখুৱাইছে পলি চৰাই (২০০৩) গল্পত৷ ডাঃ জয়ন্ত কুমাৰ গোস্বামীয়ে আনুবংশিক (২০০৯) গল্প সংকলনত ষ্টেমচেল গৱেষণা, ফেচট্ৰেন্সপ্লেণ্ট, নেনো প্ৰযুক্তি, বাৰ্ধক্য প্ৰতিৰোধ আৰু পুনৰ যৌৱন প্ৰাপ্তি আদি ভিন্ন বিষয়ৰ গল্প সন্নিৱিষ্ট হৈছে৷ সেইদৰে দেৱীচৰণ ঠাকুৰে লিখা অভিসাৰ’, ‘নতুন প্ৰহৰ আদি অন্যতম কল্পবিজ্ঞানভিত্তিক গল্প৷ ডাঃ নুৰুল ইছলামে গেছ প্ৰয়োগক বিষয় হিচাপে লৈ গেলা চোচো (২০১০) নামৰ গল্প ৰচনা কৰিছে৷ জয়ন্ত কুমাৰ গোস্বামীৰ প্ৰত্যাগত গল্পত শীতলীকৃত মানুহৰ মৃতদেহত হৃপিণ্ড সংস্থাপন কৰি জীয়াই তোলাৰ কাহিনী আছে৷ মিহিৰ কুমাৰ গোস্বামীৰ সেজীয়া মৰমৰ নীৰৱ উচুপনি (২০১৫) আন এটি কল্পবিজ্ঞানভিত্তিক গল্প৷ অজন্তা দাসৰ বুমেৰাং গল্পটোত অন্তৰীপা চৌধুৰী আৰু পলি ৰিচাৰ্ছ লেবৰেটৰিৰ অধ্যক্ষ তথা মালিক অভিষেক চৌধুৰীৰ আন্তৰিক মিলনক দেখুওৱা হৈছে৷ প্ৰথমাৱস্থাত গাম্ভীৰ্যপূৰ্ণ আচৰণৰ অভিষেক চৌধুৰীয়ে লেবৰেটৰি‍ৰ অন্তৰীপা বৰপূজাৰীক গুৰুত্ব দিয়া নাই যদিও পাছলৈ অন্তৰীপাই এটা গাৰ্ডেন মেশ্বিনৰ মডেল সৃষ্টি কৰে৷ সেয়া অভিষেক চৌধুৰীক দেখুৱায়৷ কেনেকৈ সেই মেশ্বিনটোৱে কৃত্ৰিম গাৰ্ডেন ক্ৰিয়েট কৰিব পাৰে তাকো পৰীক্ষা কৰি দেখুৱালে৷ অভিষেক চৌধুৰীয়ে অন্তৰীপাৰ কাৰ্য আৰু প্ৰতিভাত মোহিত হয়৷ পাছলৈ দুয়োৰে মাজত প্ৰেম হয়৷ ৰঞ্জু হাজৰিকাৰ বলিয়া পতঙ্গ’-ত তিনিটা প্ৰধান চৰিত্ৰ দেখা যায়৷ সুপৰ্ণ, অনংগ আৰু পূৰ্বা৷ পূৰ্বা অনংগৰ পত্নী৷ এসময়ত পূৰ্বাৰে প্ৰেমত পৰিছিল সুপৰ্ণয়ো৷ কিন্তু অনংগয়ো পূৰ্বাৰ প্ৰেমত পৰাত দুয়ো বন্ধুৰ মাজত প্ৰতিযোগিতা হয়৷ অৱশেষত পূৰ্বাক লাভ কৰে অনংগই৷ কিন্তু সুন্দৰ ৰূপৰ অধিকাৰী অনংগ আছিল একাধিক নাৰীৰ প্ৰতি আসক্ত৷ সি বিয়া কৰোৱাৰ পাছতো বহু নাৰীৰ লগত শাৰীৰি‍ক সম্পৰ্ক কৰিছিল৷ সেই কথা এবাৰ সুপৰ্ণৰ ঘৰলৈ অতিথি হিচাপে আহোঁতে পূৰ্বাই সুপৰ্ণক জনালে৷ বিজ্ঞানী সুপৰ্ণই নিজৰ লেবৰেটৰি‍ত পতংগৰ ওপৰত প্ৰয়োগ কৰা এবিধ পদাৰ্থ সৃষ্টি কৰিছিল৷ যিবিধ পদাৰ্থ প্ৰয়োগ কৰিলে এবিধ গোন্ধ নিৰ্গত হয়৷ যি গোন্ধৰ বাবে আন কীট-পতংগ কাষ চাপি আহে৷ সেই পদাৰ্থবিধকে প্ৰতিশোধৰ জ্বালাত সুপৰ্ণই বন্ধু অনংগৰ শৰীৰত প্ৰয়োগ কৰে৷ যাৰ বাবে অসংখ্য কীট-পতংগই অনংগৰ শৰীৰত আহি পৰাত বীভৎসভাৱে অনংগৰ মৃত্যু হয়৷ পাছত ভুলবশতঃ সুপৰ্ণৰ শৰীৰতো পদাৰ্থবিধ সোমাই যোৱাত সুপৰ্ণৰো মৃত্যু হয়৷ পূৰ্বাই সুপৰ্ণক ভালপোৱাৰ কাৰণে তায়ো একেলগে মৃত্যুক আঁকোৱালি লয়৷ দীপক কুমাৰ শৰ্মাৰ সিদ্ধান্ত (২০১৩) গল্পত অত্যাধুনিক বিজ্ঞান-প্ৰযুক্তি আৰু ৰবটিক মানৱেৰে কাম-কাজ কৰা এখন পৃথিৱীৰ কথা বৰ্ণিত হৈছে৷ সেই ভাৰ্চুৱেল জগতত জেনন আৰু মামণি নামৰ দুই চৰিত্ৰৰ মাজত হোৱা সংঘাত আৰু পাছত মিলনৰ ছবি প্ৰকাশ পাইছে৷ দিব্যজ্যোতি বৰাৰ অন্তিম ঘাতক (২০১৪)-ত ভৱিষ্যতৰ অসমখনত প্ৰেম নিষিদ্ধ হোৱাৰ কাহিনী আছে৷ গল্পটোৰ আৰম্ভণি বাক্যটো এনে ধৰণৰ যিয়েই প্ৰেম কৰিব তেওঁকেই হত্যা কৰা হব৷’’ গিয়াচুদ্দিন আহমেদ৷ ৪০৫০ চনৰ কথাৰে গল্পৰ কাহিনী আগবাঢ়িছে৷ সেই সময়ৰ অসম আৰু ভাৰতবৰ্ষখন খণ্ড-বিখণ্ড হোৱাৰ কথা আৰু ইয়াৰ ৰাজনৈতিক চৰিত্ৰ সলনি হোৱাৰ ছবি প্ৰকাশ পাইছে৷ গল্পটোত যতীন্দ্ৰনাথ দুৱৰা এজন আন্তঃৰাষ্ট্ৰীয় খ্যাতিপ্ৰাপ্ত বিশিষ্ট হত্যাকাৰী৷ চৰকাৰে তেনে হত্যাকাৰীক দায়িত্ব দিয়ে, যিয়ে প্ৰেম কৰে তেওঁকেই হত্যা কৰিবলৈ৷ যতীন্দ্ৰনাথ দুৱৰাৰ সৈতে গুলেমা বেগমৰ চিনাকি হয়৷ গুলেমা বেগম ঘাতক বিদ্যা বিষয়ত গৱেষণা কৰি থকা ছাত্ৰী৷ যতীন্দ্ৰনাথ দুৱৰাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ ফলতে তাই তেওঁৰ পৰা অসমৰ নিষিদ্ধ প্ৰেম, ঘাতকৰ কাহিনী, ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কীয় কথা জানিব পাৰিছে৷ গুলেমা বেগমে নিজৰো বহু কথা যতীন্দ্ৰনাথ দুৱৰাক কৈছে৷ সেই যতীন্দ্ৰনাথ দুৱৰাই গুলেমা বেগমক নি প্ৰেমৰ যাদুঘৰ দেখুওৱাৰ ছলেৰে হত্যা কৰিছে৷ গুলেমা বেগমৰ অপৰাধ আছিল যে তাইৰ মনত প্ৰেমভাব জাগি উঠিছিল৷ গল্পটোৰ কাহিনীৰ সমাপ্তি চমৎকাৰপূৰ্ণ৷ দিব্যজ্যোতি বৰাৰে আন এটা কল্পবিজ্ঞানভিত্তিক গল্প হৈছে নীলাভ অৰণ্য৷ এই গল্পটোত এটা চৰিত্ৰৰ মনোবিশ্লেষণেৰে পুথি, পুথিভঁৰাল, ভৱিষ্যতৰ ৰহস্যময় বিজ্ঞানসন্মত পুঁথিভৰালৰ কাহিনী পোৱা যায়৷ অমূল্য হাজৰিকাৰ  মিনুস্কুলা গল্পত এদল বিজ্ঞানীয়ে ৰাষ্ট্ৰসংঘৰ আৰ্থিক সাহায্যত গৱেষণা কৰে৷   ° অৰিন্দম চৌধুৰী আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী৷ চৌধুৰীসহ বিজ্ঞানীৰ দলটোৱে বিজ্ঞানৰ পৰীক্ষা-নিৰীক্ষা চলাই মানুহক তিনি ইঞ্চিয়া কৰি তুলিবলৈ সক্ষম হল৷ তাৰ পাছত বিজ্ঞানীৰ দলটোৰ কেইবাজনেও নিজৰ ওপৰত পৰীক্ষা কৰি তিনি ইঞ্চিৰ ক্ষুদ্ৰ মানৱ হৈ নামবৰ হাবিৰ ভিতৰৰ ফটাশিল জলপ্ৰপাতৰ ওচৰত গৱেষণা কৰিবলৈ ধৰিল৷ কিন্তু পাছত তেওঁলোকে দীৰ্ঘদিন ক্ষুদ্ৰ হৈ থকাৰ পাছত ভৱিষ্যতলৈকো সৰু হৈ থাকিবলৈকে ইচ্ছা প্ৰকাশ কৰাৰ কাহিনী গল্পটোত পোৱা যায়৷ হৰেকৃষ্ণ ডেকাৰ বাসোপযোগিতা গল্পত এগৰাকী ভাৰতীয় মূলৰ পত্নীয়ে কানাড়াৰ নব্বৈ বছৰীয়া স্বামী মেক্সিম ৰবাৰ্টছৰ স্মৃতি-বিভ্ৰম ৰোগক চিকিৎসা কৰি আৰোগ্য কৰি তোলাৰ কাহিনী বৰ্ণিত হৈছে৷ সংখ্যাত কমকৈ লিখিলেও বিজ্ঞান সাহিত্যৰ লেখক জয়ন্ত কুমাৰ শৰ্মাই দধিচি (২০১৬) নামৰ গল্পত প্ৰমিথিউছ নামৰ যানখনে মহাকাশৰ সৌৰজগতৰ মাজেদি কৰা যাত্ৰা আৰু এই যাত্ৰাত মহাকাশৰ অভিজ্ঞ তাৰ কথা বৰ্ণনা প্ৰকাশ কৰিছে৷ চিকিৎসক মিহিৰ কুমাৰ গোস্বামীৰ কিডনী, বৰ্ণালী, হিমালয়ৰ ফুল আদি কল্পবিজ্ঞানভিত্তিক গল্প৷ জটিল ৰোগৰ চিকিৎসা কৰা তথা কিডনী সংৰোপণ আৰু মানমাপক যন্ত্ৰ সহায় লোৱাৰ বৰ্ণনা কিডনী গল্পত; ‘অটিজিম ৰোগত আক্ৰান্ত শিশু এটিৰ যন্ত্ৰণা আৰু পিতৃ-মাতৃৰ অসহায় অৱস্থাৰ বৰ্ণনা বৰ্ণালী গল্পত; দীৰ্ঘায়ু লাভ কৰা ফুলৰ বৰ্ণনা হিমালয়ৰ ফুল গল্পত পোৱা যায়৷

উল্লিখিত গল্পকাৰসকলৰ উপৰি আন দুই-এজন লেখকে কল্পবিজ্ঞান গল্প লিখিছে৷ কিন্তু অসমীয়া ভাষাৰ আন আন শ্ৰেণীৰ গল্পৰ তুলনাত কল্পবিজ্ঞান গল্পৰ সংখ্যা অতি কম৷ কল্পবিজ্ঞান গল্প সংকলনৰ সংখ্যাও একেবাৰে কম৷ শেহতীয়াকৈ শান্তনু তামূলী সম্পাদিত অসমীয়া কল্পবিজ্ঞান গল্প-সংকলন (২০১৭) এখন উল্লেখযোগ্য সংকলন৷

(আগলৈ)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ