শেহতীয়া দশকবোৰত বিশ্বৰ পৰীক্ষাগাৰসমূহে বিকশিত কৰা ধাতু–জৈৱিক কাঠামোৰ
ভিতৰখন বিশেষভাৱে পানীৰ অণু জমা কৰিবলৈ প্ৰস্তুত কৰা এটা আকৰ্ষণীয় আৰু অতি বিশাল ষ্টুডিঅ’
এপাৰ্টমেণ্ট হিচাপে ডিজাইন কৰা হৈছে বুলি বৰ্ণনা
কৰিব পাৰি। এই ধৰণৰ অন্যান্য ধাতু–জৈৱিক কাঠামোৰ নিৰ্মাণসমূহ কাৰ্বন ডাই অক্সাইড ধৰি
ৰখা, পানীৰ পৰা পিএফএএছ পৃথক কৰা, শৰীৰত ঔষধ প্ৰদান কৰা বা অতি বিষাক্ত গেছ পৰিচালনাৰ
বাবে প্ৰস্তুত কৰা হৈছে। কিছুমানে MOFএ ফলৰ পৰা নিৰ্গত হোৱা ইথিলিন গেছ আৱদ্ধ কৰি
ৰাখিব পাৰে, গতিকে ইহঁত অধিক লাহে লাহে পকিব পাৰে ।
সহজ ভাষাত ক’বলৈ গ’লে ধাতু–জৈৱিক কাঠামো ব্যতিক্ৰমীভাৱে উপযোগী। চুছুমু
কিটাগাৱা, ৰিচাৰ্ড ৰবছন আৰু ওমৰ য়াঘীক ২০২৫ চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা প্ৰদান
কৰা হৈছে কাৰণ তেওঁলোকে প্ৰথম ধাতু–জৈৱিক কাঠামো (MOF) সৃষ্টি কৰিছিল আৰু ইয়াৰ সম্ভাৱনা
প্ৰদৰ্শন কৰিছিল। বঁটা বিজয়ীসকলৰ কামৰ বাবেই ৰসায়নবিদসকলে লাখ লাখ বিভিন্ন এম অ’
এফ ডিজাইন কৰিবলৈ সক্ষম হৈছে, যাৰ ফলত নতুন ৰাসায়নিক আশ্চৰ্য্যকৰ পৰিঘটনা দেখিবলৈ
পোৱা গৈছে।
বিজ্ঞানত সঘনাই হোৱাৰ দৰেই ২০২৫ চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটাৰ কাহিনী
আৰম্ভ হয় মেলবৰ্ণ বিশ্ববিদ্যালয়ৰ ৰিচাৰ্ড ৰবছনৰ চিৰাচৰিত ধাৰাৰ বিপৰীতে কৰা চিন্তাৰ পৰা। ১৯৭৪ চনৰ কথা। ৰিচাৰ্ড ৰবছনে কাঠৰ বলৰ পৰমাণু
আৰ্হি প্ৰস্তুত কৰি ছাত্ৰ-ছাত্ৰীক আণৱিক গঠন বুজাবলৈ কাম কৰিছিল । ইয়াৰ বাবে তেওঁ
বিশ্ববিদ্যালয়ৰ কৰ্মশালাত বলবোৰ ফুটা কৰিছিল, যাতে কাঠৰ ৰডেৰে বলবোৰ সংলগ্ন কৰিব পৰা
যায়। কিন্তু ফুটাবোৰ বিশেষ ভাৱে কৰিব লাগিব যিহেতু প্ৰতিটো পৰমাণুৱে – যেনে কাৰ্বন,
নাইট্ৰজেন বা ক্ল’ৰিনে নিৰ্দিষ্ট ধৰণে ৰাসায়নিক
বান্ধোন গঠন কৰে। তেওঁ অন্তৰ্দৃষ্টিৰে দেখিলে
যে ফুটাবোৰৰ স্থান নিৰ্ণয়ত বিপুল পৰিমাণৰ তথ্য লুকাই থাকে । এই অন্তৰ্দৃষ্টিৰ ফলত তেওঁৰ পৰৱৰ্তী ধাৰণাটো আহিল:
যদি তেওঁ পৰমাণুৰ পৰিৱৰ্তে বিভিন্ন ধৰণৰ অণুক একেলগে সংযোগ কৰে তেন্তে কি হ’ব? নতুন ধৰণৰ আণৱিক নিৰ্মাণৰ ডিজাইন কৰাৰ এইয়াই আছিল
প্ৰাৰম্ভিক চিন্তা-চৰ্চা।
প্ৰতি বছৰে যেতিয়া ৰবছনে নতুন ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাবলৈ কাঠৰ মডেলবোৰ উলিয়াই
আনিছিল, তেতিয়া তেওঁৰ মনলৈও একেই ধাৰণা আহিছিল। অৱশ্যে এটা দশকৰো অধিক সময় পাৰ হৈ
যোৱাৰ পিছতহে তেওঁ ইয়াক পৰীক্ষা কৰাৰ সিদ্ধান্ত ল’লে। তেওঁ হীৰাৰ গঠনৰ পৰা অনুপ্ৰাণিত
হৈ এটা অতি সহজ আৰ্হিৰ পৰা আৰম্ভ কৰিছিল, য’ত প্ৰতিটো কাৰ্বন পৰমাণুৱে আন চাৰিটা পৰমাণুৰ
সৈতে বান্ধ খাই এটা সৰু পিৰামিড গঠন কৰে । ৰবছনৰ লক্ষ্য আছিল একেধৰণৰ গঠন নিৰ্মাণ কৰা,
কিন্তু তেওঁৰ লক্ষ্য আছিল ধনাত্মক আধানযুক্ত তামৰ আয়ন Cu+ৰ ওপৰত ভিত্তি কৰি। কাৰ্বনৰ
দৰে তামৰ আয়নেও ইহঁতৰ চাৰিওফালে আন চাৰিটা পৰমাণু থকাটো পছন্দ কৰে। তেওঁ তামৰ আয়নবোৰক
চাৰিটা বাহু থকা এটা টেট্ৰাচাইনোটেট্ৰাফেনাইলমিথেন অণুৰ সৈতে সংযুক্ত কৰিছিল। এই অণুটোৰ
প্ৰতিটো বাহুৰ শেষত নাইট্ৰাইল ৰাসায়নিক গোট থকাটো গুৰুত্বপূৰ্ণ, যিটো ধনাত্মক আধানযুক্ত তামৰ
আয়নৰ প্ৰতি আকৰ্ষিত হৈছিল। ৰবছনে ভৱিষ্যদ্বাণী কৰা মতেই আয়ন আৰু অণুৰ ইটোৱে সিটোৰ
প্ৰতি থকা অন্তৰ্নিহিত আকৰ্ষণৰ ফলত ইহঁতে নিজকে এক বৃহৎ আণৱিক নিৰ্মাণত সংগঠিত কৰিছিল।
হীৰাত থকা কাৰ্বন পৰমাণুৰ দৰেই ইহঁতে এটা নিয়মীয়া স্ফটিকীয় আকাৰ গঠন কৰিছিল। কিন্তু
এই স্ফটিকটো হীৰাৰ দৰে কম্পেক্ট পদাৰ্থ নহয়, ইয়াত বিপুল সংখ্যক বৃহৎ গহ্বৰ
আছিল। ১৯৮৯ চনত ৰবছনে তেওঁৰ উদ্ভাৱনীমূলক ৰাসায়নিক সৃষ্টি জাৰ্নেল অৱ দ্য আমেৰিকান
কেমিকেল ছ’চাইটিত উপস্থাপন কৰে। তেওঁৰ লেখাটোত তেওঁ ভৱিষ্যতৰ বিষয়ে জল্পনা-কল্পনা
কৰিছিল আৰু ইয়াৰ দ্বাৰা নতুন সামগ্ৰী নিৰ্মাণৰ
কৰিব পাৰে বুলি মত প্ৰকাশ কৰিছিল। ইয়াৰ পিছৰ বছৰৰ ৰবছনে বিভিন্ন পদাৰ্থৰে ভৰা গহ্বৰৰ
সৈতে কেইবাটাও নতুন ধৰণৰ আণৱিক নিৰ্মাণ উপস্থাপন কৰে। তাৰে এটা তেওঁ আয়ন বিনিময়ৰ
বাবে ব্যৱহাৰ কৰিছিল। তেওঁ আয়ন ভৰ্তি আণৱিক নিৰ্মাণটো এটা বেলেগ ধৰণৰ আয়ন থকা তৰল
পদাৰ্থত ডুবাই দিলে। ফলত আয়নবোৰে ঠাই সলনি কৰিলে, যিয়ে প্ৰমাণ কৰিলে যে আণৱিক নিৰ্মাণৰ
ভিতৰলৈ আৰু বাহিৰলৈ পদাৰ্থ বৈ যাব পাৰে।
ৰবছনে তেওঁৰ পৰীক্ষাত দেখুৱাইছিল যে নিৰ্দিষ্ট ৰাসায়নিক পদাৰ্থৰ বাবে অনুকূল
বিশাল অভ্যন্তৰীণ অংশৰ সৈতে স্ফটিক নিৰ্মাণৰ বাবে তেওঁৰ ডিজাইন ব্যৱহাৰ কৰিব পাৰি।
তেওঁ পৰামৰ্শ দিছিল যে এই নতুন আণৱিক নিৰ্মাণৰ ৰূপটো যদি সঠিকভাৱে ডিজাইন কৰা হয় তেন্তে
সেইটোক ৰাসায়নিক বিক্ৰিয়াৰ অনুঘটক হিচাপে ব্যৱহাৰ কৰিব পাৰি।
কিন্তু ৰবছনৰ আণৱিক নিৰ্মাণ সমূহ ছিন্নভিন্ন হোৱাৰ প্ৰৱণতা যথেষ্ট আছিল যাৰ বাবে তেওঁৰ কামক বহুতে
অদৰকাৰী বুলিহে কৈছিল। ৰবছনৰ এই আনৱিক নিৰ্মাণ সমূহৰ ওপৰত চুছুমু কিতাগাৱা আৰু ওমৰ
য়াঘীয়ে ১৯৯২ চনৰ পৰা ২০০৩ চনৰ ভিতৰত পৃথকে পৃথকে এক ধাৰাবাহিক যুগান্তকাৰী কাম কৰিলে।
জাপানৰ কিণ্ডাই বিশ্ববিদ্যালয়ত কাম কৰি থকা কিটাগাৱাই “অদৰকাৰীৰ উপকাৰিতা
(Usefulness of useless)” নীতি অনুসৰণ কৰি
ছিদ্ৰযুক্ত আণৱিক গঠন সৃষ্টিৰ সম্ভাৱনাৰ বিষয়ে অনুসন্ধান কৰিবলৈ আৰম্ভ কৰিছিল
যদিও তেওঁৰ আৰ্থিক অনুদানৰ বহু আবেদন নাকচ কৰা হৈছিল। অৱশ্যে তেওঁ হাৰ নামানিলে আৰু
১৯৯৭ চনত তেওঁৰ প্ৰথমটো বৃহৎ অগ্ৰগতি লাভ কৰে। কোবাল্ট, নিকেল বা জিংক আয়ন আৰু বাইপাইৰিডিন
নামৰ অণু এটা ব্যৱহাৰ কৰি তেওঁৰ গৱেষণা গোটে ত্ৰিমাত্ৰিক ধাতু–জৈৱিক কাঠামো সৃষ্টি
কৰিছিল যি মিথেন, নাইট্ৰজেন আৰু অক্সিজেন আকৃতি সলনি নকৰাকৈ শোষণ আৰু মুক্ত কৰিব পাৰিছিল
। কিটাগাৱাৰ নিৰ্মাণ দুয়োটা সুস্থিৰ আছিল যদিও গৱেষণাৰ পুঁজিদাতাসকলে বিশেষ গুৰুত্ব
নিদিলে কাৰণ ৰসায়নবিদসকলৰ হাতত ইতিমধ্যে জিঅ’লাইট নামৰ সুস্থিৰ আৰু ছিদ্ৰযুক্ত পদাৰ্থ
আছিল যি একেধৰণৰ গুণসম্পন্ন ।
চুছুমু কিটাগাৱাই বুজি পাইছিল যে যদি তেওঁ কোনো ডাঙৰ অনুদান লাভ কৰিব লাগে
তেন্তে তেওঁ সংজ্ঞায়িত কৰিব লাগিব যে ধাতু–জৈৱিক কাঠামো কিহৰ বাবে অনন্য । গতিকে,
১৯৯৮ চনত তেওঁ জাপানৰ কেমিকেল ছ’চাইটিৰ বুলেটিনত নিজৰ দৃষ্টিভংগীৰ বৰ্ণনা কৰিছিল। তেওঁ
এম অ’ এফৰ কেইবাটাও উপকাৰিতা উপস্থাপন কৰিছিল।
উদাহৰণস্বৰূপে, বহু ধৰণৰ অণুৰ পৰা ইহঁতক সৃষ্টি কৰিব পাৰি আৰু বিভিন্ন কাৰ্য্যক একত্ৰিত কৰাৰ বিশাল সম্ভাৱনা আছে।
তেওঁ উপলব্ধি কৰিলে যে এম অ’এফ সমূহে কোমল পদাৰ্থ গঠন কৰিব পাৰে। জিঅ'লাইট সাধাৰণতে কঠিন পদাৰ্থ, আনহাতে এম অ' এফত নমনীয় আণৱিক
বিল্ডিং ব্লক থাকে যিয়ে এটা নমনীয় পদাৰ্থ
সৃষ্টি কৰিব পাৰে। ইয়াৰ পিছত তেওঁ মাত্ৰ নিজৰ ধাৰণাবোৰ বাস্তৱত ৰূপায়ণ কৰিবলৈ লাগিছিল।
কিটাগাৱাই আন গৱেষকৰ সৈতে নমনীয় এম অ’ এফ বিকশিত কৰিবলৈ আৰম্ভ কৰে।
ওমৰ য়াঘীৰ কাহিনী অতি প্ৰেৰণাদায়ক । তেওঁৰ বাবে ৰসায়ন বিজ্ঞান অধ্যয়ন
কৰাটো বৰ সাধাৰণ কাম নাছিল। তেওঁ আৰু তেওঁৰ বহু ভাই-ভনী জৰ্ডানৰ আম্মানত এটা কোঠাত
ডাঙৰ-দীঘল হৈছিল য’ত বিদ্যুৎ সংযোগেই নাছিল। স্কুল আছিল তেওঁৰ প্ৰত্যাহ্বানমূলক জীৱনৰ একমাত্ৰ আশ্ৰয়স্থল। এদিন
দহ বছৰ বয়সত সাধাৰণতে তলা লগোৱা স্কুলৰ পুথিভঁৰালটোত লুকাই চুৰকৈ সোমাই শ্বেল্ফৰ পৰা
যাদৃচ্ছিকভাৱে কিতাপ এখন বাছি লৈছিল। ইয়াক খুলিয়েই তেওঁৰ চকু দুটা বুজিব নোৱাৰা এখন
মনোমোহা ছবিৰ প্ৰতি আকৰ্ষিত হৈ পৰিল আৰু আণৱিক গঠনৰ সৈতে তেওঁৰ প্ৰথম মুখামুখি হ’ল।
১৫ বছৰ বয়সত পিতৃৰ কঠোৰ নিৰ্দেশনাত য়াঘীয়ে পঢ়া-শুনা কৰিবলৈ আমেৰিকালৈ
গুচি যায়। ৰসায়ন বিজ্ঞান আৰু শেষত নতুন সামগ্ৰীৰ ডিজাইনৰ কলাৰ প্ৰতি তেওঁ আকৰ্ষিত
হৈছিল যদিও নতুন অণু নিৰ্মাণৰ পৰম্পৰাগত পদ্ধতিটো অতি অপ্ৰত্যাশিত বুলি বিবেচনা কৰিছিল। সাধাৰণতে ৰসায়নবিদসকলে
ইটোৱে সিটোৰ লগত বিক্ৰিয়া কৰিবলগীয়া পদাৰ্থবোৰ এটা পাত্ৰত একত্ৰিত কৰে। তাৰ পিছত
ৰাসায়নিক বিক্ৰিয়া আৰম্ভ কৰিবলৈ তেওঁলোকে পাত্ৰটো গৰম কৰে। আকাংক্ষিত অণুটো গঠন হয়,
কিন্তু ইয়াৰ লগত প্ৰায়ে অনেক পাৰ্শ্বক্ৰিয়াও থাকে।
১৯৯২ চনত যেতিয়া য়াঘীয়ে এৰিজোনা ষ্টেট ইউনিভাৰ্চিটিত গৱেষণা গোটৰ নেতা
হিচাপে প্ৰথম পদবী আৰম্ভ কৰিছিল তেতিয়া তেওঁ অধিক নিয়ন্ত্ৰিত ৰাসায়নিক বিক্ৰিয়া ঘটোৱাৰ উপায় উলিয়াব বিচাৰিছিল যাতে নতুন সামগ্ৰী
সৃষ্টি কৰিব পাৰি। তেওঁৰ লক্ষ্য আছিল বিভিন্ন ৰাসায়নিক উপাদানক সংযোগ কৰি বৃহৎ স্ফটিক
তৈয়াৰ কৰিবলৈ যুক্তিসংগত ডিজাইন ব্যৱহাৰ কৰা। এই প্ৰত্যাহ্বানজনক কামত তেওঁলোক সফল
হ’ল যেতিয়া গৱেষণা গোটটোৱে জৈৱিক অণুৰ সৈতে ধাতুৰ আয়ন সংযুক্ত কৰিবলৈ আৰম্ভ কৰিলে।
১৯৯৫ চনত য়াঘীয়ে দুটা ভিন্ন দ্বিমাত্ৰিক সামগ্ৰীৰ গঠন প্ৰকাশ কৰে; এইবোৰ জালৰ দৰে
আছিল আৰু তাম বা কোবাল্টৰ দ্বাৰা একেলগে ধৰি ৰখা হৈছিল। পিছৰটোৱে নিজৰ স্থানত অতিথি
অণুক আতিথ্য দিব পাৰে আৰু যেতিয়া এইবোৰ সম্পূৰ্ণৰূপে দখল কৰা হয়, তেতিয়া ই ইমানেই
সুস্থিৰ আছিল যে ইয়াক ভাঙি নোযোৱাকৈ ৩৫০ ডিগ্ৰী চেলছিয়াছলৈ গৰম কৰিব পৰা যায়। য়াঘীয়ে
এটা প্ৰবন্ধত এই সামগ্ৰীৰ বৰ্ণনা কৰি তেওঁ “ধাতু–জৈৱিক কাঠামো” শব্দটো প্ৰয়োগ কৰে যিটো এতিয়া বৰ্ধিত আৰু ক্ৰমবদ্ধ
আণৱিক গঠনক বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা হয় য’ত সম্ভাৱনাময়ভাৱে গহ্বৰ থাকে, আৰু যি
ধাতু আৰু জৈৱিক (কাৰ্বন-ভিত্তিক) অণুৰ পৰা নিৰ্মিত। য়াঘীয়ে ১৯৯৯ চনত ধাতু–জৈৱিক কাঠামোৰ
বিকাশৰ পৰৱৰ্তী মাইলৰ খুঁটি স্থাপন কৰিছিল, যেতিয়া তেওঁ এম অ’এফ-৫ বিশ্বৰ আগত উপস্থাপন
কৰিছিল। এই সামগ্ৰীবিধ এতিয়া ৰসায়ন বিজ্ঞানৰ ক্ষেত্ৰখনত ক্লাছিক হৈ পৰিছে। ই এক ব্যতিক্ৰমীভাৱে
বিশাল আৰু সুস্থিৰ আণৱিক নিৰ্মাণ। ভিতৰখন খালী হ’লেও ইয়াক ভাঙি নোযোৱাকৈ ৩০০ ডিগ্ৰী
চেলছিয়াছলৈ গৰম কৰিব পাৰি।
কিন্তু বহু গৱেষকে ভ্ৰু কোঁচাই দিয়াৰ কাৰণ আছিল পদাৰ্থবিধৰ ভিতৰত লুকাই
থকা বিশাল অংশটো। দুই গ্ৰামমান MOF-5 য়ে ফুটবল খেলপথাৰৰ সমান ডাঙৰ এলেকা এটা ইয়াৰ
ভিতৰত ধৰি ৰাখে, অৰ্থাৎ ই জিঅ’লাইটে যিমান
গেছ শোষণ কৰিব পাৰে তাতকৈ বহু বেছি গেছ শোষণ কৰিব পাৰে । যেতিয়া কিটাগাৱে তেওঁৰ পদাৰ্থবোৰ
পানী বা মিথেনেৰে ভৰাইছিল, তেতিয়া ইয়াৰ আকৃতি সলনি হৈছিল আৰু যেতিয়া ইয়াক খালী
কৰা হৈছিল, তেতিয়া ই পুনৰ মূল ৰূপলৈ ঘূৰি আহিছিল। এই পদাৰ্থটোৱে কিছু পৰিমাণে হাওঁফাওঁৰ
দৰে আচৰণ কৰিছিল যিয়ে গেছৰ উশাহ ল’ব পাৰে আৰু বাহিৰলৈ উলিয়াই আনিব পাৰে, পৰিৱৰ্তনশীল
কিন্তু সুস্থিৰ। ওমৰ য়াঘীয়ে ২০০২ আৰু ২০০৩ চনত ধাতু–জৈৱিক কাঠামোৰ ভেটিৰ চূড়ান্ত
ৰূপ দিছিল। দুটা প্ৰবন্ধত তেওঁ দেখুৱাইছে যে এম অ’এফসমূহক যুক্তিসংগতভাৱে পৰিৱৰ্তন
কৰি বিভিন্ন ধৰ্ম প্ৰদান কৰিব পাৰি। তেওঁ এম অ’এফ-৫ৰ ১৬টা ভিন্নতা উৎপাদন কৰিছিল, য’ত
মূল পদাৰ্থতকৈ ডাঙৰ আৰু সৰু দুয়োটা গহ্বৰ আছিল,
এটা ভিন্নতাই বিপুল পৰিমাণৰ মিথেন গেছ জমা কৰিব পাৰে, যিটো য়াঘীয়ে আৰএনজি
ইন্ধনে চলোৱা বাহনত ব্যৱহাৰ কৰিব পৰা যাব বুলি পৰামৰ্শ দিছিল।
পৰৱৰ্তী সময়ত ধাতু–জৈৱিক কাঠামোৱে পৃথিৱীখনক ধুমুহাৰ দৰে লৈ গৈছে। গৱেষকসকলে
বিভিন্ন টুকুৰাৰ বিস্তৃত পৰিসৰৰ সৈতে এটা আণৱিক কিট প্ৰস্তুত কৰিছে যাৰ সহায়ত নতুন
এম অ’এফ তৈয়াৰ কৰিব পাৰি। এইবোৰৰ আকৃতি আৰু চৰিত্ৰ বেলেগ বেলেগ, যিয়ে বিভিন্ন উদ্দেশ্যৰ
বাবে এমঅ’এফৰ যুক্তিসংগত আৰু এআই-ভিত্তিক ডিজাইনৰ বাবে অবিশ্বাস্য সম্ভাৱনা প্ৰদান
কৰে। উদাহৰণস্বৰূপে, য়াঘীৰ গৱেষণা গোটে এৰিজোনাৰ
মৰুভূমিৰ বতাহৰ পৰা পানী সংগ্ৰহ কৰিছে। ৰাতিৰ ভাগত তেওঁলোকৰ এম অ’এফ মেটেৰিয়েলে বতাহৰ
পৰা জলীয় বাষ্প ধৰি ৰাখিছিল। যেতিয়া পুৱা হ’ল আৰু সূৰ্য্যই সামগ্ৰীটো গৰম কৰিলে,
তেতিয়া তেওঁলোকে পানী সংগ্ৰহ কৰিবলৈ সক্ষম হ’ল।
গৱেষকসকলে অসংখ্য ভিন্ন আৰু কাৰ্যক্ষম এম অ’এফ সৃষ্টি কৰিছে। এতিয়ালৈকে
বেছিভাগ ক্ষেত্ৰতে সামগ্ৰী সমূহ সৰু পৰিসৰতহে ব্যৱহাৰ কৰা হৈছে। মানৱতাৰ বাবে এম অ’এফ
সামগ্ৰীৰ সুবিধাসমূহ ব্যৱহাৰ কৰিবলৈ বহু কোম্পানীয়ে এতিয়া ইয়াৰ গণ উৎপাদন আৰু বাণিজ্যিকীকৰণত
বিনিয়োগ কৰিছে। কিছুমান সফলো হৈছে। উদাহৰণস্বৰূপে, ইলেক্ট্ৰনিকছ উদ্যোগে এতিয়া অৰ্ধপৰিবাহী
উৎপাদনৰ বাবে প্ৰয়োজনীয় কিছুমান বিষাক্ত গেছ ৰখাৰ বাবে এম অ’এফ সামগ্ৰী ব্যৱহাৰ কৰিব
পাৰে। কিছুমান এম অ’এফে ক্ষতিকাৰক গেছৰ অণুক
ভাঙিব পাৰে, আন কিছুমান এম অ’এফক ৰাসায়নিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি। অসংখ্য
কোম্পানীয়ে কাৰখানা আৰু শক্তি কেন্দ্ৰৰ পৰা কাৰ্বন ডাই অক্সাইড ধৰি ৰাখিব পৰা সামগ্ৰী
পৰীক্ষা কৰি আছে, যাতে সেউজ গৃহ গেছৰ নিৰ্গমন হ্ৰাস পায়।
লেখকৰ ঠিকনা:
জ্যেষ্ঠ আঞ্চলিক সঞ্চালক
ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়
যোৰহাট আঞ্চলিক কেন্দ্ৰ
(9435300316)

