অন্যযুগ/


প্ৰবন্ধ এটা কেনেকৈ লিখিব লাগে

ৰক্তিম ৰঞ্জন শইকীয়া

 

বিখ্যাত ইংৰাজ ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ ছমাৰছেট মমক এবাৰ সোধা হ’ল যে উপন্যাস লিখাৰ কিবা নিয়ম আছে নেকি? ছমাৰছেট মমে কিছু সময় ভাবি উত্তৰ দিলে, “তিনিটা নিয়ম আছে৷ কিন্তু দুৰ্ভাগ্যবশতঃ সেই নিয়মকেইটানো কি কোনেও নাজানে৷ প্ৰবন্ধ কেনেকৈ লিখিব লাগে বুলি যদি কোনোবাই সোধে তাৰো উত্তৰ একেই হ’ব৷ গতিকে এই প্ৰশ্নৰ উত্তৰ দিবলৈ কৰা প্ৰচেষ্টা হয়তো লৰাব নোৱৰা শিলক থেলি চোৱাৰ নিচিনা কাৰ্য৷

প্ৰবন্ধ এটা কেনেকৈ লিখিব লাগে সেই বিয়য়ে আলোচনালৈ যোৱাৰ আগতে প্ৰবন্ধৰ সংজ্ঞা আৰু শ্ৰেণীবিভাজনৰ বিষয়ে কিছু জনাটো আৱশ্যক৷ কেম্ব্ৰিজ ইংৰাজী অভিধানৰ মতে এটা প্ৰবন্ধত নিম্নোল্লিখিত বৈশিষ্ট্যসমূহ থাকে:

·    প্ৰবন্ধ কোনো এটা নিৰ্দিষ্ট বিষয়ত গদ্যত ৰচিত হয়

·     প্ৰবন্ধ সদায়েই বাস্তৱ (Non Fiction) বা কল্পনাবৰ্জিত

·   একোটা প্ৰবন্ধ এখন কিতাপ, বাতৰি কাকত, আলোচনী অথবা ইণ্টাৰনেটত সন্নিৱিষ্ট হ’ব পাৰে৷

· একোটা প্ৰবন্ধ স্বয়ংসম্পূৰ্ণ৷ ইয়াক সন্নিৱিষ্ট হৈ থকা মাধ্যমটোৰ পৰা আঁতৰাই আনিলেও ই স্বয়ংসম্পূৰ্ণই হৈ থাকে আৰু ইয়াৰ অৰ্থ অনুধাৱনত কোনো পাৰ্থক্য নঘটে৷

উল্লিখিত বৈশিষ্ট্যসমূহৰ উপৰিও প্ৰবন্ধৰ অন্য কিছু চকুত পৰা বৈশিষ্ট্য হ’ল:

·    একোটা প্ৰবন্ধ বৃহৎ পাঠক সমাজৰ উদ্দেশ্যে লখা হয়, সেয়ে পাঠকক আকৰ্ষণ কৰা আৰু আকৰ্ষণ ধৰি ৰখাৰ বাবে প্ৰয়োজনীয় উপকৰণ ইয়াত থাকে৷

·   একোটা প্ৰবন্ধ এখন প্ৰতিবেদনতকৈ কম আনুষ্ঠানিক হয় আৰু বেছি আকষৰ্ণীয় তথা মনোগ্রাহীকৈ উপস্থাপন কৰা হয়৷

·  একোটা প্ৰবন্ধত মতামত (Opinion), ভাৱ (Thoughts), যুক্তি (Argument), তথ্য ((Facts) আৰু পৰামৰ্শ (Suggestion) থাকিব পাৰে৷

প্ৰবন্ধৰ বিভিন্ন শ্ৰেণীবিভাজন তাত্ত্বিকসকলে কৰিছে৷ কিন্তু প্ৰবন্ধ এটা মনোগ্ৰাহীকৈ লিখিবলৈ যাওঁতে আমি এটা প্ৰয়োজনীয় শ্ৰেণীবিভাজন মানি চলো৷ সেই শ্ৰেণীবিভাজনটো হৈছে –

প্ৰবন্ধ দুই প্ৰকাৰৰ – (১) মৌলিক (Foundamental) আৰু (২) অমৌলিক (Secondary)৷ মৌলিক প্ৰবন্ধকো আকৌ তিনিভাগত ভগাব পাৰি – (১) যুক্তিৰ সহায়েৰে তত্ত্ব প্ৰতিষ্ঠা কৰা প্ৰবন্ধ, (২) তথ্যৰ সহায়েৰে তত্ত্ব প্ৰতিষ্ঠা কৰা প্ৰবন্ধ, আৰু (৩)যুক্তি আৰু তথ্যৰ সহায়েৰে তত্ত্ব প্ৰতিষ্ঠা কৰা প্ৰবন্ধ৷

মৌলিক প্ৰবন্ধ (Fundamental Article): মৌলিক প্ৰবন্ধত কোনো একোটা বিষয়ত এটা বা ততোধিক সম্পূৰ্ণ নতুন দিশ বা তত্ত্বৰ অৱতাৰণা কৰা হয়৷ এই নতুন দিশটো বা তত্ত্বক প্ৰতিপন্ন কৰিবলৈ যদি লেখকে যুক্তিৰ আশ্ৰয় লয়, তেন্তে এই ধৰণৰ প্ৰবন্ধবোৰক “যুক্তিৰ সহায়েৰে তত্ব প্ৰতিষ্ঠা কৰা প্ৰবন্ধ”-ৰ শাৰীত পেলাব পাৰি৷ তদুপৰি ব্যক্তিগত অভিজ্ঞতা আদিও এই শ্ৰেণীত পেলোৱা হয়৷ জনপ্ৰিয় আলোচনী প্ৰান্তিকত প্ৰকাশ পোৱা ‘চিন্তন’ শীৰ্ষক প্ৰবন্ধবোৰ এনে শ্ৰেণীৰ প্ৰবন্ধৰ উৎকৃষ্ট উদাহৰণ৷ যদি লেখকে নতুন দিশ বা তত্ত্বক প্ৰতিষ্ঠা কৰিবলৈ পূৰ্বে প্ৰকাশিত অথবা নিজেই নিৰ্ণয় কৰা তথ্যৰ সহায় লয়, তেন্তে এই ধৰণৰ প্ৰবন্ধবোৰক “তথ্যৰ সহায়েৰে তত্ত্ব প্ৰতিষ্ঠা কৰা প্ৰবন্ধ”ৰ শাৰীত পেলাব পাৰি৷ গৱেষণাধৰ্মী প্ৰায়বোৰ প্ৰবন্ধই এই শ্রেণীৰ অন্তৰ্গত৷ কেতিয়াবা কেতিয়াবা তত্ত্ব একোটাক প্ৰতিষ্ঠা কৰিবলৈ লেখকে যুক্তি আৰু পূৰ্বে প্ৰকাশিত তথ্য দুইটাৰে সহায় ল’ব লগা হয়৷ এনে প্ৰবন্ধক আমি তৃতীয়টো শ্রেণী “যুক্তি আৰু তথ্যৰ সহায়েৰে তত্ত্ব প্ৰতিষ্ঠা কৰা প্ৰবন্ধ”ত পেলাব পাৰো৷

অমৌলিক প্ৰবন্ধ (Secondary Article): এনে প্ৰবন্ধত লেখকৰ নিজা অৱদান বুলিবলৈ বিশেষ একো নাথাকে৷ মাত্ৰ প্ৰকাশিত তথ্যৰাজি নিজৰমতে নিৰ্বাচন কৰি সজাই-পৰাই মনোগ্ৰাহীকৈ লিখি উলিওৱা হয়৷ অসমৰ কাকত-আলোচনীত প্ৰকাশিত বেছিভাগ প্ৰবন্ধই এই শ্ৰেণীত পেলাব পাৰি৷ এই ধৰণৰ প্ৰবন্ধ লিখাটো পৰৰ পিঠাৰে বিহু পতা ধৰণৰ কাম হ’লেও জণগণৰ মাজলৈ তথ্যৰ পৰিচলনত এনে প্ৰবন্ধৰ গুৰুত্ব অতি বেছি৷

বিষয়বস্তুৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰি প্ৰবন্ধৰ অন্য এটা শ্ৰেণীবিভাজন হ’ল-

(ক) বাতৰি (News) : এই ধৰণৰ প্ৰবন্ধত অলপতে ঘটা ঘটনা আৰু অলপতে ঘটিবলগীয়া ঘটনাৰ বিষয়ে বৰ্ণোৱা হয়৷ বাতৰিত সাধাৰণতে ৫ টা ‘W’ আৰু এটা ‘H’ সামৰা হয়৷ ৫ টা ‘W’ হ’ল কোন (Who), কি (What), ক’ত (Where), কেতিয়া (When), কিয় (Why)৷ বাতৰিত সামৰি লোৱা ‘H’ টো হ’ল কেনেকৈ (How)।

(খ) কাহিনীধৰ্মী (Feature) : এই ধৰণৰ প্ৰবন্ধত তথ্যসমূহ কিছু সৃষ্টিশীল ধৰণেৰে সুন্দৰকৈ বৰ্ণনাধৰ্মীভাৱে আগবঢ়োৱা হয়৷ ইয়াৰ উপৰি ইয়াত বিশ্লেষণো থাকে৷ কাহিনীধৰ্মী প্ৰবন্ধবোৰ কোনো ব্যক্তি, কোনো ঘটনা, ঠাই বা অন্য যিকোনো বিষয়কেন্দ্ৰিক হ’ব পাৰে৷

(গ) সম্পাদকীয় (Editorial) : এই ধৰণৰ প্ৰবন্ধই যি কোনো এটা বিষয় বা তৰ্কবাদত এজন লেখকৰ মতামতক প্ৰতিনিধিত্ব কৰে৷ এনে প্ৰবন্ধ পাঠকক কোনো এটা বিষয়বস্তুৰ ওপৰত যুক্তিপূৰ্ণভাৱে ভাবিবলৈ বাধ্য কৰোৱাৰ উদ্দেশ্যেৰেই পৰিকল্পিতভাৱেই লিখা হয়৷

(ঘ) কি-ক’ত-কেনেকৈ (How to) : এনে ধৰণৰ প্ৰবন্ধত পোনপটীয়া তথ্য বা কোনো এটা কাম সম্পাদন কেনেকৈ কৰিব পাৰি বা অতীতত কেনেকৈ সম্পাদন কৰা হৈছিল তাৰ পোনপটীয়া নির্দেশনা থাকে৷

(ঙ) ব্যক্তি আৰু ব্যক্তিত্ব (Profile) : এনে ধৰণৰ প্রবন্ধত একো একোজন ব্যক্তিৰ জীৱনৰ ওপৰত আলোকপাত কৰা হয়৷ এনে প্ৰবন্ধৰ বাবে তথ্যৰাজি সাধাৰণতে সাক্ষাৎকাৰ বা গৱেষণাৰ যোগেদি আহৰণ কৰা হয়৷

‘প্ৰবন্ধ এটা কেনেকৈ লিখিব লাগে’ এই প্ৰশ্নটো নিঃসন্দেহে এক কঠিন প্ৰশ্ন৷ কাৰণ প্ৰতিজন লেখকৰে নিজা নিজা ধৰণ আছে যিবোৰ ধৰণ হাতৰ আঙুলিৰ চাপৰ দৰেই একক আৰু অনন্য৷ এনে ক্ষেত্ৰত এই প্ৰশ্নটোৰ কোনো উত্তৰেই নাই৷

কিন্তু প্ৰবন্ধ এটা লিখাৰ আগতে কেইটিমান কথালৈ মন কৰা উচিত বুলি আমি বিবেচনা কৰো৷ সেইকেইটা এতিয়া পৰ্যায়ক্ৰমে আলোচনা কৰিম৷

১) স্ব-পঠন : নিজে এজন ভাল পঢ়ুৱৈ নোহোৱাকৈ এজন ভাল লেখক হ’বলৈ আশা কৰাটো উচিত নহয়৷ যিকোনো বিষয়বস্তু লৈ লিখা গ্রন্থ, প্ৰবন্ধ আদি অধ্যয়ন কৰোঁতে কৰোঁতে পঢ়ুৱৈজনৰ মূৰত সকলো বিষয়তে একোটা স্বকীয় চিন্তাই গঢ় ল’বলৈ আৰম্ভ কৰে৷ লেখক হোৱাৰ প্ৰাথমিক চৰ্তই হ’ল যিকোনো বিষয়ত স্বকীয় চিন্তাৰ উন্মেষ ঘটা প্ৰক্ৰিয়াটো৷ সাম্প্ৰতিক সময়ত অসমীয়া ভাষাত উন্নত মানসম্পন্ন প্ৰবন্ধৰ অভাৱ বুলি সততে উঠি থকা অভিযোগটোৰ মূলতে লেখকসকলে পৰ্যাপ্ত পৰিমাণে অধ্যয়ন নকৰাটোৱেই বুলি আমি গণ্য কৰো৷ তদুপৰি যিকোনো এটা বিষয়ে লিখিবলৈ যাওঁতে অন্যান্যসকলে সেই নিৰ্দিষ্ট বিষয়টোত কি ধৰণেৰে চিন্তা কৰিছে তাক জনা উচিত৷ তাকে কৰিবলৈ যাওঁতে অধ্যয়নৰ বিকল্প নাই৷

২) বিষয় বস্তু সম্পৰ্কীয় জ্ঞান : নিজে পূৰ্বতে একো নজনা বিষয়ৰ ওপৰত হঠাতে তথ্যপাতি গোটাই লিখা আৰম্ভ কৰা উচিত নহয়৷ বিষয়বস্তুৰ গভীৰ জ্ঞান নহ’লে প্ৰবন্ধ একোটা তৰল হ’ব পাৰে৷ কোনো এক বিষয়ত, বিশেষকৈ তথ্যৰ সহায়েৰে তত্ত্ব প্ৰতিষ্ঠা কৰা প্ৰবন্ধ এটা লিখোঁ বুলি ভাবিলে, প্ৰথমে বিষয়টোৰ ওপৰত বেছ কিছুদিন ধৰি অধ্যয়ন কৰি সমস্ত বিষয়টোৰ ওপৰত এটা স্বকীয় ধাৰণা গঢ়লৈ উঠিবলৈ দিব লাগে৷ তাৰ পাছতহে প্ৰবন্ধ এটা লিখিবলৈ আৰম্ভ কৰা উচিত৷

৩) প্ৰবন্ধৰ দৈৰ্ঘ্য : ভাল প্ৰবন্ধৰ দৈৰ্ঘ্য কেতিয়াও বেছি নহয়৷ কিন্তু ‘বেছি’ বা ‘কম’ এই শব্দবোৰ গুণবাচক (Qualitative) হে, পৰিমাণগত (Quantitative) নহয়৷ ভাল প্ৰবন্ধ এটা কিমান দীঘল হ’ব লাগে বা কিমান চুটি হ’ব লাগে তাৰ কোনো ধৰা-বন্ধা নীতি নাই৷ মাত্ৰ ইয়াকেই কোৱা হৈছে যে “প্রবন্ধ একোটা সিমানেই দীঘল হোৱা উচিত যাতে বিষয়বস্তুটো সামৰিব পাৰে আৰু সিমানেই চুটি হোৱা উচিত যাতে আকৰ্ষণীয়তা বৰ্তি থাকে”৷ তদুপৰি প্ৰকাশিত মাধ্যম, যেনে বাতৰি কাকত, আলোচনী, কিতাপ অথবা ইণ্টাৰনেট এইসমূহৰ ওপৰত নিৰ্ভৰ কৰি প্ৰবন্ধ একোটা চুটি-দীঘল হ’ব পাৰে৷ বেছি দীঘল প্ৰবন্ধ বেছিভাগ পঢ়ুৱৈয়েই পঢ়িবলৈ বেয়া পায়৷ সেয়ে প্ৰবন্ধ বেছি দীঘল যেন হ’লে উপ শিৰোনাম দি প্ৰবন্ধটো সৰু সৰু ভাগত ভগাই দিলে পাঠকে বোজা কমি যোৱা যেন পায় আৰু পঢ়িবলৈ ইচ্ছা কৰে৷

৪) ক্ষেত্ৰফল কমাই গভীৰতা বঢ়াই দিব লাগে : এই শিৰোনামটোৰ অৰ্থ হ’ল প্ৰবন্ধ একোটা লিখিবলৈ লওঁতে বৰ বৃহৎ বিষয় পৰিসৰ এটা সামৰি লোৱাৰ পৰিৱৰ্তে পৰিসৰটো কমাই নিৰ্দিষ্ট বিষয়টোৰ গভীৰলৈ যাবলৈ চেষ্টা কৰিব লাগে৷ কাৰণ প্ৰবন্ধৰ দৈৰ্ঘ্যৰ সীমাবদ্ধতা আছে৷ পৰিসৰ কমাই নিদিলে সীমাবদ্ধ শব্দৰ ভিতৰত বিষয়বস্তুৰ গভীৰলৈ যাব নোৱাৰি৷ বিষয়বস্তুৰ গভীৰলৈ যাব নোৱাৰিলে প্ৰবন্ধ একোটা তৰাং হোৱাৰ সম্ভাৱনা থাকে৷

৫) ভাষা : প্ৰবন্ধ এটা লিখিবলৈ আৰম্ভ কৰাৰ আগতে কেইটামান কথা খাটাং হোৱা উচিত৷ সেই কেইটা হ’ল:

* কোন মাধ্যমৰ বাবে প্ৰবন্ধটো লিখা হৈছে- বাতৰি কাকত, আলোচনী নে ইণ্টাৰনেটৰ বাবে?

* সেই বিশেষ মাধ্যমটোৰ কিবা বিশেষ ভাষা ৰীতি আছে নেকি? আলোচনী এখনৰ ভাষা বাতৰিকাকত এখনৰ ভাষাৰ লগত নিশ্চয় নিমিলিব৷

* কোন বয়সৰ পাঠকক উদ্দেশ্য কৰি প্ৰবন্ধটো লিখা হৈছে- শিশু, কিশোৰ, ছাত্ৰ, যুৱক নে বয়সস্থ লোক?

* প্ৰবন্ধটোৰ উদ্দেশ্য কি, উপদেশ প্ৰদান, পৰামৰ্শ প্ৰদান, তথ্যৰ প্ৰচাৰ, বৰ্ণনা নে যুক্তি তৰ্ক? প্ৰবন্ধৰ শ্ৰেণী অনুযায়ী ভাষা সলনি হয়৷ বাতৰিৰ ভাষাৰ সৈতে কাহিনীৰ ভাষা কেতিয়াও নিমিলে৷

এই কথাকেইটাই প্ৰবন্ধ একোটাৰ ভাষা কেনে হোৱা উচিত তাক নিৰ্ণয় কৰে৷ কিন্তু সাধাৰণীকৰণ কৰি আমি ক’ব পাৰোঁ যে প্ৰবন্ধৰ ভাষা সদায় সৰল আৰু পোনপটীয়া হোৱা উচিত৷ বাক্য চুটি হোৱা উচিত৷ বৰ বেছি উপমা আৰু ফুলাম ভাষা সততে পৰিহাৰ কৰা উচিত৷ অসমৰ এজন আগশাৰীৰ লেখক হোমেন বৰগোহাঞি ভাষাত “গদ্য হোৱা উচিত এখন সুনিৰ্মিত পকীবেৰৰ নিচিনা৷ ঘৰৰ এখন বেৰত যেনেকৈ এছটা ইটা কম বা বেছি হ’বৰ উপায় নাই বা এঠাইৰ পৰা আন ঠাইলৈ লৰচৰ কৰিবলৈ উপায় নাই, ঠিক তেনেকৈ সুনিৰ্মিত গদ্যতো এটা শব্দ কম বা বেছি হোৱাৰ বা ভুলভাৱে স্থাপিত হোৱাৰ উপায় নাই’’৷ আমি নিজে ভাবোঁ যে প্ৰবন্ধৰ ভাষা এনে হোৱা উচিত যাতে “বিদ্যাৱতীৰ স্বামীয়েও পঢ়িব পাৰে”৷ অস্পষ্ট ধুঁৱলি-কুঁৱলি ভাষা, আৱেগিক ভাষা আৰু অতি ব্যক্তিগত কথা সততে পৰিহাৰ কৰিব লাগে৷ প্ৰবন্ধত তথাকথিত সান্ধ্যভাষাৰ স্থান নাই!

ঙ) ব্যাখ্যাচিত্ৰৰ ব্যৱহাৰ : আলোকচিত্ৰ, মানচিত্ৰ, লেখচিত্ৰ, ব্যংগচিত্ৰ আদিৰ ব্যৱহাৰে প্ৰবন্ধ এটা সহজে বোধগম্য হোৱাত সহায় কৰে৷ গতিকে সুযোগ-সুবিধা থাকিলে এইসমূহ ব্যৱহাৰ কৰিব লাগে৷ কিন্তু এনে চিত্ৰৰ তলত সদায়েই পৰিচয়সূচক টোকা দিব লাগে৷ টোকা দিয়াৰ কামটো নিজেই কৰিব লাগে৷

৭) তথ্যসূত্ৰ বিশ্বাসযোগ্যতা : প্ৰবন্ধ এটা লিখোঁতে তাত ব্যৱহাৰ কৰা তথ্যৰাজি বিশ্বাসযোগ্য সূত্ৰৰ পৰা আহৰণ কৰা হ’বই লাগিব৷ কিছু বছৰৰ আগলৈকে সীমিত সংখ্যক কাকত-আলোচনীৰ প্ৰচলন থাকোঁতে তথ্যৰ বিশ্বাসযোগ্যতা সম্পৰ্কত তেনেকৈ প্ৰশ্ন উঠাৰ অৱকাশ নাছিল৷ কিন্তু মুদ্রণ প্ৰযুক্তি আৰু তথ্য প্ৰযুক্তিৰ দ্ৰুত বিকাশৰ যুগত তথ্যৰ বিশ্বাসযোগ্যতাৰ প্ৰশ্নটো বাৰে বাৰে আহিব ধৰিছে৷ আজিকালি অসংখ্য কিতাপ, কাকত-আলোচনী প্ৰকাশ হয়৷ তদুপৰি আছে ইণ্টাৰনেটৰ দৰে মাধ্যম৷ সাধাৰণতে প্ৰতিষ্ঠিত প্ৰকাশন প্ৰতিষ্ঠানৰ দ্বাৰা প্রকাশিত কিতাপ, কাকত-আলোচনীত তথ্য বিভ্ৰাট নাথাকে যদিও ইণ্টাৰনেটৰ অসংখ্য ভুৱা তথ্যৰ সমাহাৰ ঘটে৷ গতিকে ইণ্টাৰনেটত প্ৰকাশিত তথ্য ব্যৱহাৰ কৰাৰ আগতে সেই বিশেষ ৱেবছাইট (Website) টোৰ বিশ্বাসযোগ্যতা যোগ্যতা সম্পৰ্কে ধাৰণা লৈ ল’ব লাগে৷ কিছুদিনৰ আগতে ইণ্টাৰনেটত “National Geographic” নামৰ আন্তঃৰাষ্ট্ৰীয় পত্ৰিকাখনৰ নামত প্ৰকাশিত ঘটোৎকচৰ জীৱাষ্মটোৰ আলোকচিত্ৰ আৰু বৰ্ণনাই বহু শিক্ষিত লোককো বিভ্ৰান্ত কৰিছিল৷

৮) সততা : এজন প্ৰবন্ধকাৰৰ বাবে সততা হ’ল সকলোকৈ আৱশ্যকীয় গুণ৷ প্ৰবন্ধ এটাত ব্যৱহাৰ হোৱা তথ্যৰাজিৰ সামান্য পৰিৱৰ্তন কৰি নিজৰ সুবিধামতে ব্যৱহাৰ কৰাৰ অসংখ্য উদাহৰণ দেখা যায়৷ ই হ’ল এক অক্ষমণীয় অপৰাধ৷ তদুপৰি নিজে মূল তথ্যসূত্ৰ নেদেখাকৈ গৌণ উৎসৰ পৰা পৰাপক্ষত তথ্য ব্যৱহাৰ কৰিব নালাগে৷ নিজে মূল তথ্যসূত্ৰ পৰীক্ষা নকৰাকৈ ব্যৱহাৰ কৰাৰ পৰিণতিৰ এক উদাহৰণ আমি দিওঁ৷ ড প্রতাপ চন্দ্ৰ চৌধুৰীৰ মূল্যৱান গৱেষণা গ্ৰন্থ “History of Civilization of the People of Assam to the Twelve Century AD” ৰ মতে (৩৭০ পৃষ্ঠা) কৌটিল্যৰ অৰ্থশাস্ত্ৰত কামৰূপৰ সূবৰ্ণকুড্যুত বৃহৎ পৰিমাণে সোণ উৎপাদন হয় বুলি সকলোতকৈ পুৰণি উল্লেখ আছে৷ চৌধুৰী ডাঙৰীয়াৰ কথাখিনি ১৯৫৯ৰ পৰা ২০১৬ লৈ এই ৫৭ বছৰে অসংখ্য গৱেষণা গ্ৰন্থত উল্লেখ কৰা হ’ল৷ আনকি সৌ সিদিনা ২০০৯ চনত প্ৰকাশিত, ড বীৰেন্দ্ৰনাথ দত্তৰ তত্ত্বাৱধানত কৰা ড দীনেশ বৈশ্যৰ গৱেষণা গ্ৰন্থ Traditional Science and Material Culture of Early Assam ৰ ৩১৩ পৃষ্ঠাত ড প্ৰতাপ চন্দ্ৰ চৌধুৰীৰ উক্তিটো পোনপটীয়ালৈ উদ্ধৃত কৰা হৈছে৷ কিন্তু অৰ্থশাস্ত্ৰৰ পাত লুটিয়াই দেখা গ’ল যে সম্পূৰ্ণ অৰ্থশাস্ত্ৰখনত সুবৰ্ণকুড্যৰ নাম দুবাৰ মাত্ৰ উল্লেখ আছে৷ কিন্তু তাত সোণ উৎপন্ন হোৱা বুলি কোৱা নাই৷ অৰ্থশাস্ত্ৰত সুবৰ্ণকুড্যত ৰঙচুৱা হালধীয়া বৰণৰ তৈলপণিক (ধুনা), পাটকাপোৰ পোৱা যায় বুলিহে উল্লেখ আছে (অৰ্থশাস্ত্ৰ, পৃষ্ঠা ৫৪, ৫৬)৷ অৰ্থশাস্ত্ৰৰমতে জম্বুনদ, শতকুম্ভ পৰ্বত, হাটক, বেলু আৰু শৃংগশুক্তিতহে সোণ পোৱা যায় (অৰ্থশাস্ত্ৰ, পৃষ্ঠা ৬০)৷

প্ৰবন্ধ এটা কেনেকৈ লিখিবলৈ আৰম্ভ কৰিব লাগে :

আমি আগতে উল্লেখ কৰিছো যে “প্রৱন্ধ এটা কেনেকৈ লিখিব লাগে” বুলি সোধা প্ৰশ্নটোৰ কোনো উত্তৰেই নাই৷ তদুপৰি বিষয় অনুযায়ী কৰা প্ৰবন্ধৰ শ্রেণী বিভাজন কথাও আমি উল্লেখ কৰিছো৷ এই প্ৰতিটো শ্ৰেণী সলনি হোৱাৰ লগে লগে বিষয় অনুযায়ী লিখাৰ ধৰণো সলনি কৰিব লগীয়া হয়৷ বাতৰি লিখাৰ ধৰণে সম্পাদকীয় লিখিলে নহ’ব৷ কিন্তু সকলো ক্ষেত্ৰতে কিছু কিছু সাধাৰণীকৰণ কৰিব পাৰি৷ বিভিন্ন খ্যাতিমান প্ৰবন্ধ লেখকৰ প্ৰবন্ধবোৰ চালিজাৰি চোৱাৰ লগতে নিজৰ কিছু অভিজ্ঞতাৰ সহায় লৈ “প্ৰবন্ধ এটা কেনেকৈ লিখিব লাগে” প্ৰশ্নটোৰ সাধাৰণীকৰণ কৰিবলৈ যত্ন কৰা হ’ল৷ প্ৰবন্ধ এটা লিখিবলৈ আগবাঢ়োঁতে নিম্নোল্লিখিত পৰ্যায়সমূহৰ মাজেদি আগবাঢ়িব লাগিব:

১) এটা বিষয়বস্তুৰ নিৰ্বাচন : প্ৰবন্ধ এটা লিখাৰ প্ৰথম ঢাপ হ’ল এটা ভাল বিষয়বস্তু নিৰ্বাচন কৰা৷ নিজৰ দখল থকা এটা বিষয় নিৰ্বাচন কৰি অতিকমেও ১-২ সপ্তাহ বিষয়টো চিন্তা কৰি থাকিব লাগে৷ যদি বিষয়বস্তুটো বেছি বহল যেন অনুভৱ হয়, তেন্তে ইয়াক ঠেকাই আনিব লাগে, যাতে বিষয়বস্তুটো বেচি বস্তুনিষ্ঠ হয়৷

২) এটা আকৰ্ষণীয় শিৰোনাম নিৰ্বাচন : প্ৰবন্ধ  একোটাৰ শিৰোনামটো সদায়েই আকৰ্ষণীয় হ’ব লাগে৷ যেনেকৈ যি কোনো এটা বাণিজ্যিক পণ্যই আকৰ্ষণীয় সুন্দৰ ৰংচঙীয়া ঢাকনি অবিহনে গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰে, ঠিক সেই দৰেই এটা সুন্দৰ শিৰোনাম অবিহনে একোটা ভাল প্ৰবন্ধয়ো পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰে৷ এই শিৰোনামসমূহ সদায়েই “শুষ্কং কাষ্ঠং তিস্থতি অগ্ৰে” নহৈ “নীৰস তৰুবৰ পুৰত ভাতি” হ’ব লাগে৷ এটা দৃষ্টি আকৰ্ষণ কৰিব পৰা ভাল শিৰোনামে প্ৰবন্ধটোৰ বিষয়বস্তু সম্পৰ্কে আভাস দিয়ে৷ কেতিয়াবা আকৌ কোনো লেখকে শিৰোনামটো এনেধৰণেৰে দিয়ে যে তাৰ পৰা প্ৰবন্ধৰ ভিতৰত কি আছে একো ধাৰণা কৰিব নোৱাৰি৷ তেতিয়া পাঠকে কৌতুহলৰ বশৱতী হৈ প্ৰবন্ধটো পঢ়িবলৈ আৰম্ভ কৰে৷

৩) এজন পাঠকৰ দৃষ্টিৰে চিন্তন : প্ৰবন্ধৰ শিৰোনাম নিৰ্ধাৰণৰ পাছত লেখকে সদায় নিজকে এজন পাঠকৰূপে কল্পনা কৰি তেনে এটা শিৰোনামৰ পৰা তেওঁ পাঠক হিচাপে কি কি বিচাৰিব তাক চিন্তা কৰা উচিত৷ তাৰপাছত লেখকে এজন পাঠকে কি কি বিচাৰিব পাৰে তাৰ প্ৰশ্ন তালিকাখন কৰি পেলোৱা উচিত৷ এই তালিকাখনেই হ’ব প্ৰবন্ধটোত সন্নিৱিষ্ট হ’বলগীয়া অধ্যায়৷ এই প্ৰশ্ন তালিকাখনৰ উত্তৰসমূহেই প্ৰবন্ধটোৰ ৰূপৰেখা প্ৰস্তুত কৰিব৷

৪) গৱেষণা : প্ৰবন্ধ এটা লিখাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰ্যায়টো হ’ল গৱেষণা৷ মৌলিক আৰু অমৌলিক দুইধৰণৰ প্ৰবন্ধৰ বাবেই গৱেষণা অতি জৰুৰী৷ শিৰোনাম ঠিক কৰাৰ পাছত সেই সম্পৰ্কে যিমান পাৰি অধ্যয়ন কৰি সম্ভৱপৰ সকলোখিনি তথ্য আহৰণ কৰিব লাগে৷ তাৰপাছত প্ৰাপ্ত হোৱা সমস্ত তথ্যৰাজি শ্ৰেণীকৰণ কৰি পৃথকে পৃথকে লিখি উলিয়াব লাগে৷ এই শ্ৰেণীকৰণৰ শিৰোনামবোৰ ‘সংজ্ঞা’, ‘পৰিসংখ্যা’, ‘বিখ্যাত লোকৰ উদ্ধৃতি’, ‘মানচিত্ৰ’, ‘লেখচিত্ৰ’ ইত্যাদি হ’ব পাৰে৷ এইসমূহৰ লগতে তথ্যসূত্ৰসমূহো লিখি ৰাখিব লাগে৷ এই সমস্ত তথ্যৰাজি প্ৰবন্ধটো হয়তো প্ৰয়োগ নহ’বও পাৰে৷ কিন্তু তথ্যৰাজি সংগ্ৰহ কৰোঁতে আমি আগতে কৈ অহাৰ দৰে সেইসমূহৰ বিশ্বাসযোগ্যতালৈ দৃষ্টি ৰখাটো অতি প্ৰয়োজনীয়৷ উদাহৰণস্বৰূপে সত্ৰীয়া সংস্কৃতি সম্পৰ্কীয় এখনি উল্লেখযোগ্য গ্রন্থ “সত্ৰীয়া সংস্কৃতিৰ স্বৰ্ণৰেখা”ত লেখকে ত্ৰয়োদশী তিথিত বেঙেনা খাব নাপায় বুলি উল্লেখ কৰি লিখিছে ‘“ত্ৰয়োদশী তিথিৰ দিনা বেঙ্গেনাত পোক হয়৷ পোকৰ সৈতে খালে খৰ-খজতি ৰোগ জন্মে৷ আমেৰিকাৰ এজন চিকিৎসকে ত্ৰয়োদশী তিথিত বেঙেনা ভক্ষণৰ নিষেধ বুলি জানি পৰীক্ষা কৰি চাবৰ বাবে যথা সময়ত বেঙেনা কাটি অনুবীক্ষণ যন্ত্ৰ দি চাই দেখিলে যে বেঙেনাৰ মাজত অতি ক্ষুদ্ৰ ক্ষুদ্ৰ পোকৰ উৎপত্তি হৈছে আৰু মৰি আছে৷ কিন্তু ত্ৰয়োদশী তিথিৰ কাল অতীত হোৱাত তেতিয়া পোক দেখিবলৈ নেপালে”৷ সমস্ত অবৈজ্ঞানিক তথ্যত ভাণ্ডাৰ এই শাৰীকেইটা৷ আমি বহুদিন ধৰি কিতাপ-আলোচনী খুচৰিও আমেৰিকাৰ সেই চিকিৎসকজনে চলোৱা বেঙেনা পৰীক্ষাটোৰ কোনো প্ৰতিবেদন নাপালোঁ৷ এজন প্ৰবন্ধ লেখকে সদায় আবেগৰহিতভাৱে প্ৰাপ্ত তথ্যবোৰ বিচাৰ কৰি সত্যাসত্য নিৰ্ণয় কৰিহে ব্যৱহাৰ কৰিব লাগে৷

৫) ক্ষেত্ৰ অধ্যয়ন : মৌলিক প্ৰবন্ধ ৰচনা কৰোঁতে কেতিয়াবা ক্ষেত্ৰ অধ্যয়নৰো প্ৰয়োজন হয়৷ ক্ষেত্ৰ অধ্যয়নে একোটা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা আৰু গ্ৰহণযোগ্যতা বৃদ্ধি কৰে৷ ক্ষেত্ৰ অধ্যয়ন নকৰাকৈ কেৱল পুথিভঁৰালত বহিয়েই সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে বহু বিখ্যাত পণ্ডিতেও সিদ্ধান্ত গ্ৰহণ কৰোঁতে উজুতি খোৱা দেখা যায়৷

বাণীকান্ত কাকতিয়ে কামাখ্যা দেৱীৰ যোনীপুজাৰ উৎস সন্ধান কৰিবলৈ গৈ কেৱল মাতৃতান্ত্ৰিক হোৱা বাবেই গাৰো-খাচীসকলৰ পৰা অহা বুলি সিদ্ধান্ত দি দিলে৷ কিন্তু ড কাকতিয়ে যদি এবাৰো খাচীসকলৰ মাজলৈ ক্ষেত্ৰ অধ্যয়নৰ বাবে গ’লহেঁতেন, তেখেতৰ সিদ্ধান্তই সলনি হৈ গ’লহেতেন বুলি আমি নিঃসন্দেহ৷ খাচী-গাৰোসকলৰ ওপৰত হোৱা অসংখ্য নৃতাত্ত্বিক গৱেষণাৰ কোনো এটাতো গাৰো-খাচীসকলৰ মাজত যোনীপূজাৰ প্ৰচলন আছিল বুলি পোৱা নাযায় (অন্ততঃ আমাৰ চকুত পৰা নাই)৷ সাধাৰণ যুক্তি মতেও যদি মাতৃতান্ত্ৰিক সমাজবোৰ যোনীপূজক হয় তেন্তে সকলো পিতৃতান্ত্ৰিক সমাজ লিংগপূজক হ’ব লাগিব৷ বিজ্ঞানসন্মত গৱেষণাত এনে কল্পনা আৰু ভাববিলাসৰ স্থান নাই৷ আমিও খাচীপাহাৰৰ অতি ভিতৰুৱা ঠাইত তিনিবছৰ ধৰি গৱেষণাৰ কাম কৰিছিলোঁ৷ এতিয়াও খ্ৰীষ্টান ধৰ্মৰ সলনি প্ৰাচীন ধৰ্মকে (চেংখাচী) সাবটি থকা কোনো খাচী লোকে যোনীপূজা কৰা বুলি কোনো তথ্য দিব নোৱাৰিলে৷ ক্ষেত্ৰ অধ্যয়নৰ পৰিৱৰ্তে অধিক তাত্ত্বিক গৱেষণাই এনে বিভ্ৰান্তিৰ জন্ম দিয়ে৷ ক্ষেত্ৰ অধ্যয়নৰ লগতে কেতিয়াবা সাক্ষাৎকাৰো ল’ব পাৰি৷

৬) খচৰা প্ৰস্তুতি : আমি এতিয়ালৈকে উল্লেখ কৰা পৰ্যায়সমূহলৈকে এটি ঘৰ সাজিবলৈ ইটা, লোহা, শিল বালি চিমেণ্ট গোটাই লোৱাৰ দৰে কাৰ্য এটা হ’ল৷ এতিয়া আহিব চিমেণ্ট আৰু পানীৰ সহায়েৰে বস্তুবোৰ জোৰা লগোৱা কামটো৷ খচৰা প্ৰবন্ধটোত মূলতঃ চাৰিটা খণ্ড থাকিব:

* আৰম্ভণি (Introduction) : প্ৰবন্ধ এটাৰ আৰম্ভণি অংশটোত প্ৰবন্ধটোৱে সামৰিব খোজা বিষয়টো বিষয়ে ধাৰণা দিয়াৰ উপৰিও পাঠকৰ আকৰ্ষণ অটুট ৰখাৰ বাবে সম্ভৱপৰ ব্যৱস্থা লোৱা হয়৷

* প্ৰকল্প (Hypothesis) : মৌলিক প্ৰবন্ধৰ ক্ষেত্ৰতহে এই পৰ্যায়তো আহে৷ যদি লেখকে প্ৰস্তাৱিত প্ৰবন্ধটোত কোনো মৌলিক তত্ব উপস্থাপন কৰিব বিচাৰে, তেন্তে এই পৰ্যায়ত তাক সৰল ভাষাত লিখি উলিয়াব লাগে৷

* মূল অংশ (Main Body) : মূল অংশতে লেখকে ক’বলগীয়া কথা, যুক্তি, তথ্য সকলোখিনি অৰ্ন্তভুক্ত কৰা হয়৷ এতিয়া মৌলিক প্ৰবন্ধৰ ক্ষেত্ৰত প্ৰকল্পটোৰ সমৰ্থনত ইতিমধ্যে উলিয়াই থোৱা তথ্যবোৰ লিখি যাব লাগে৷ অমৌলিক প্ৰবন্ধৰ ক্ষেত্ৰত তথ্যসমূহকে সুবিধাজনক ক্ৰমত সজাই লিখি যাব লাগে৷ ঠায়ে ঠায়ে মানচিত্ৰ, ৰেখাচিত্ৰ আলোকচিত্ৰবোৰ সংযোজন কৰিব লাগে৷

* সামৰণি (Conclusion) : প্ৰবন্ধটোৰ এই অংশত সাৰাংশৰ উপৰি বিষয়বস্তু সম্পৰ্কে লেখকৰ সৰ্বশেষ মতামত, অনুমোদন আদি থাকে৷

৭) খচৰা সুদৃঢ়কৰণ : এই পৰ্যায়ত ইতিমধ্যে লিখি উলিওৱা খচৰাটো পঢ়ি চাব লাগে৷ পঢ়ি গৈ থাকোঁতে য’তেই খচৰাটোৰ সুষম গতি বাধাপ্ৰাপ্ত হোৱা যেন লাগে সেই অংশটো নতুনকৈ লিখি তাৰ গতি সুষম কৰি ৰাখিবলৈ যত্ন কৰিব লাগে৷ ইয়াকে কৰিবলৈ যাওঁতে পেৰেগ্ৰাফবোৰ আগ-পিছ কৰিবলগীয়া হ’ব পাৰে৷ যেতিয়ালৈকে খচৰাটো পঢ়ি ভাল লগা নহয় তেতিয়ালৈকে এই কামটো কৰিব থাকিব লাগে৷ পঢ়ি থাকোঁতে এটা কথা মন কৰিব লাগে যে বিভিন্ন উৎসৰ পৰা গোটাই অনা তথ্যবোৰে নতুন প্ৰবন্ধটোত পৃথকে আচৰণ কৰাৰ পৰিৱৰ্তে এটা গোট হিচাপে অনুভৱ হয়৷ এই পৰ্যায়তে পুনৰাবৃত্তি, চৰ্বিত চৰ্বণ যদি হৈছে তেন্তে সেই অংশবোৰ আঁতৰাই পেলাব লাগে৷

৮) বিশেষীকৰণ : প্ৰবন্ধ একোটাৰ দৈৰ্ঘ্যৰ সীমাবদ্ধতা আছে৷ খচৰা পৰ্যায়ত প্ৰবন্ধ একোটাৰ দৈৰ্ঘ্য প্ৰয়োজনাধিক হৈ পৰে৷ এই পৰ্যায়ত প্ৰবন্ধ একোটাৰ দৈৰ্ঘ্য যথাযথ ৰাখিবৰ বাবে যিবোৰ অংশ কম গুৰুত্বপূৰ্ণ বুলি ভবা হয়, সেইবোৰ অংশ আঁতৰাই দিয়া হয়৷ তদুপৰি যদি প্ৰবন্ধটোৰ ভিতৰত উপশিৰোনাম সন্নিৱিষ্ট কৰিবলগীয়া হয় কৰি দিব লাগে৷

৯) তথ্যসুত্ৰ সংযোজন : প্ৰবন্ধ  একোটা লিখি উলিউওৱাৰ পাচত কৰিবলগীয়া সকলোতকৈ গুৰুত্বপূৰ্ণ কাম হ’ল তথ্যসূত্ৰ সংযোজন৷ তথ্যসূত্ৰ অবিহনে প্ৰকৃততে এটা প্ৰবন্ধৰ কোনো মূল্য নাই৷ প্ৰবন্ধটোত যিমান লোকৰ তথ্য, মানচিত্ৰ পৰিসংখ্যা আদি ব্যৱহাৰ কৰা হৈছে, সেই সকলোৰে নাম, কোন কিতাপ বা আলোচনীত কোন চনত, কোন পৃষ্ঠাত প্ৰকাশিত হৈছে, প্ৰকাশক কোন এই সকলোবোৰ উল্লেখ কৰিব লাগে৷ যদি অপ্ৰকাশিত তথ্য হয় তেন্তে কি অৱস্থাত ক’ৰ পৰা এই তথ্য সংগ্ৰহ কৰা হৈছিল তাক পুংখানুপুংখভাৱে উল্লেখ কৰিব লাগে৷ ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্য হ’লে ইণ্টাৰনেট ঠিকনা আৰু সংগ্ৰহ কৰাৰ তাৰিখ উল্লেখ কৰিব লাগে৷

১০) অপেক্ষা : সাধাৰণতে এই পৰ্যায়টো কাৰ্যত পৰিণত কৰা নহয় যদিও আমি ব্যক্তিগতভাৱে এইটো এটা সফল প্ৰবন্ধ লিখিবৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ কাম বুলি অনুভৱ কৰো৷ প্ৰবন্ধটো লিখি সম্পূৰ্ণ কৰাৰ পাছত এই পৰ্যায়ত দীঘলীয়া সময়ৰ বাবে একো নকৰি পেলাই ৰখা হয়৷ যেতিয়া প্ৰবন্ধ সম্পৰ্কীয় সকলো কথাই মনৰ পৰা আঁতৰি যাব, তেতিয়া প্ৰবন্ধটো উলিয়াই পঢ়ি চোৱা উচিত৷ এনেদৰে বিৰতিৰ পাছত প্ৰবন্ধটো পঢ়িলে অসংখ্য খুটি-নাটি চকুত পৰে৷ মূলতঃ এই খুটি-নাটিবোৰ ভাষা সম্পৰ্কীয় হোৱা দেখা যায়৷ এইসমূহ সলনি কৰাৰ পাছতহে প্ৰকাশৰ উপযোগী এটা সৰ্বাংগসুন্দৰ প্ৰবন্ধ আশা কৰিব পাৰি৷

শেষত এটা কাহিনীৰে এই লেখা সামৰিব খুজিছোঁ৷ আমেৰিকান ঔপন্যাসিক লিঅন য়ুৰিচৰ (Leon Uris) এখন উপন্যাস QB VII-ৰ এটা চৰিত্ৰ “বিখ্যাত লেখকজনে” লেখক শিৱিৰত বক্তৃতা দিবলৈ গৈ সুধিলে “তোমালোকৰ কোনে কোনে লেখক হ’ব খোজাঁ? সকলোৱে হাত দাঙিলে৷ তেতিয়া বিখ্যাত লেখকে ভেকাহি মাৰি ক’লে “তোমালোকে ইয়াত কিয় সময় নষ্ট কৰি আছা? ঘৰলৈ যোৱাঁ, লিখিবলৈ আৰম্ভ কৰাঁ৷

তথ্যসূত্ৰ :

১. Baishya, Dinesh (2009): Traditional Science and Material Culture of Early Assam, EBH Publishers (India), Guwahati-781001

২. Choudhury, P.C (1959): History of Civilization of the People of Assam to the Twelve century AD, Department of Historical and Antiquarian studies in Assam, Guwahati.

৩. Kakati, Dr Bankanta (1989): The Mother Goddess Kamakhya, Publication Board, Assam, Guwahati-21.

৪. গোস্বামী, নাৰায়ণ চন্দ্ৰ (১৯৮৪): সত্ৰীয়া সংস্কৃতি স্বৰ্ণৰেখা (১ম সংস্কৰণ), নতুন কমলাবাৰী সত্ৰ, মাজুলী

৫. দেৱশৰ্মা, ৰজনীকান্ত (সম্পাদনা)(২০০২): কৌটিল্যৰ অৰ্থশাস্ত্ৰ, অনুবাদ ৰজনীকান্ত দেৱশৰ্মা আৰু ড ডিম্বেশ্বৰ শৰ্মা, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী-২১, দ্বিতীয় প্ৰকাশ৷

৬. বৰগোহাঞি, হোমেন (১৯৯৪): গদ্যৰ বিষয়ে কিছু চিন্তা-ভাবনা, প্ৰজ্ঞাৰ সাধনা, ষ্টুডেণ্টচ্‌ ষ্ট’ৰচ্‌, কলেজ হোষ্টেল ৰোড, গুৱাহাটী-৭৮১০০১

  

***

লেখকৰ ঠিকনা:

সহকাৰী অধ্যাপক, ভূতত্ব বিভাগ

জগন্নাথ বৰুৱা মহাবিদ্যালয়

যোৰহাট-৭৮৫০০১

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ