পুলিন কলিতা
‘My great
desire is that the reader will be able to connect to …. and learn a bit more
about the otherwise cold and abstract historical (or current affairs) facts of
their conflict. ….. We can look conflict straight in its eyes…. By
understanding what conflict is, we might be in a better position to deal with
it.’
আমাৰ ভাষাত ‘শিশু
সাহিত্য’ বুলি লিখা অজস্ৰ কিতাপ প্ৰকাশ পাইছে৷ আমাৰ শিশু সাহিত্যৰ এটা ডাঙৰ অংশ অধিকাৰ
কৰি আছে জীৱনীমূলক কিতাপে৷ সংখ্যাৰে দ্বিতীয় বৃহৎ হ’ব কাহিনী কিতাপবোৰ৷ ‘শিশু সাহিত্য’ৰ
এটা ডাঙৰ ভঁৰাল আমাৰ থাকিলেও গুণ আৰু মানৰ দিশেৰে এইবোৰ আশ্বস্ত কৰিব পৰা ধৰণৰ বুলি
একেষাৰে কৈ দিবলৈ দ্বিধা হয়৷ আমাৰ ভাষাত শিশুৰ বাবে উপযোগী ভাষাৰে লিখা জ্ঞানবৰ্ধক
কিতাপৰো অভাৱ আছে৷ ভালেমান নাটনিৰ পাছতো শিশু সাহিত্যৰ ভঁৰাল এটা আমাৰ আছে৷ পিছে আমাৰ
ভাষাত শিশু সাহিত্যতকৈ গুণ-মানেই নহয়, সংখ্যাৰ দিশতো বহুত দুৰ্বল হ’ল কিশোৰ সাহিত্য৷
শৈশৱ আৰু প্ৰাকযৌৱন কালৰ মাজৰ মনস্তাত্ত্বিকভাবে বেছ জটিল অথচ প্ৰাপ্তবয়স্ক হৈ উঠাৰ বাটৰ
গুৰুত্বপূৰ্ণ সময়ছোৱাই হৈছে কৈশোৰ কাল (adolescence)৷ শিশুকালৰ বহু পাঠ-প্ৰয়োজন এই
সময়ছোৱাত অদৰকাৰী হৈ পৰে, দৰকাৰ হৈ পৰে নতুন আৰু পৃথক বৈশিষ্ট্য আৰু বিষয়ৰ কিতাপ— যি
কিতাপৰ পঠনে শিশু এটিক বয়স্ক হৈ উঠাত সহায় কৰিব পাৰে৷ এনে কিতাপ হ’ব পাৰে জীৱনী, গল্প-উপন্যাস
বা কেৰিয়াৰ সম্পৰ্কীয় বা অনুপ্ৰেৰণামূলক গদ্য৷ নক’লেও হয় যে ইংৰাজী ভাষাত এনে ধৰণৰ
কিতাপৰ আকাল নাই৷ এখন খুব বিখ্যাত কিশোৰোপযোগী উপন্যাস হ’ল The Outsider৷ ১৯৬৭ চনত
প্ৰকাশ পোৱা এছ ই হিণ্টনৰ (S. E. Hinton) এই উপন্যাসখন বহু কেইজন সাহিত্য সমালোচকৰ
মতে প্ৰথম কিশোৰোপযোগী সাহিত্য৷ ষ্টেফানি মায়াৰৰ (Stephenie Meyer) ‘The Twilight
Saga’ আৰু মায়া এঞ্জেলোৰ (Maya Angelou) ‘I Know Why the Caged Bird Sings’ এই ধৰণৰ
সাহিত্যৰ আন দুটা ভাল উদাহৰণ৷

কিয় জনা নাযায়, কিন্তু
অসমীয়া ভাষাৰ প্ৰতিষ্ঠিত লেখকসকলে শিশু বা কিশোৰৰ বাবে লিখা দেখা নাযায়৷ চুবুৰীয়া পশ্চিমবংগত
প্ৰায় প্ৰতিগৰাকী প্ৰতিষ্ঠিত লেখকেই কিন্তু শিশু আৰু কিশোৰৰ বাবেও লিখি আহিছে৷ এই দুই
শ্ৰেণীৰ পঢ়ুৱৈৰ বাবে গল্প বা উপন্যাসেই যে লিখিব লাগিব, এনে কথা নিশ্চয় নাই; এই দুটা
শিতানৰ বাহিৰৰ অন্যান্য গদ্যও তেওঁলোকে লিখিব পাৰিলেহেঁতেন৷ অসমত এই ক্ষেত্ৰত ব্যতিক্ৰম
হ’ল হোমেন বৰগোহাঞি৷ তেওঁ কিশোৰৰ বাবে উপন্যাসেই কেৱল লিখা নাছিল, ভালেমান গদ্য কিতাপো
লিখিছিল৷ বৰগোহাঞিৰ “সাউদৰ পুতেকে নাও মেলি যায়” অসমীয়া ভাষাত কিশোৰ সাহিত্যৰ উজ্জ্বলতম
নিদৰ্শন৷ সম্ভৱতঃ এইখন (আজি পৰ্যন্ত লিখা) শ্ৰেষ্ঠ অসমীয়া কিশোৰ উপন্যাস৷ এইখন উপন্যাসৰ
প্ৰভাৱ অসমীয়া সাহিত্যত বাৰুকৈ উপলব্ধি কৰিব পাৰি৷ এই উপন্যাসখনৰ নায়ক বা ঘাই চৰিত্ৰ
‘বাপুকণ’ অসমীয়া শিশু/কিশোৰ উপন্যাসৰ এটি আৰ্হি চৰিত্ৰ— এই চৰিত্ৰটোৰ আৰ্হিত নিৰ্মিত
চৰিত্ৰক কেন্দ্ৰীয় চৰিত্ৰ হিচাপে লৈ লিখা উপন্যাস ভালেমান হৈছে৷ এইখন উপন্যাসৰ আগৰ
এখন ভাল উপন্যাস হ’ল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ “আই”৷ অসমীয়া কিশোৰ উপন্যাসৰ বাটকটীয়া
অভিধা পাবৰ যোগ্য “আই”ক অসমীয়া সমালোচকে কিয় উপেক্ষা কৰিলে সেয়া আমি বুজি নাপালো৷বৰগোহাঞিৰ
‘বাপুকণ’ৰ প্ৰভাৱৰ বাহিৰত থাকি লিখা এখন কিশোৰ উপন্যাস হ’ল ‘শৈশৱৰ বকুলবন’৷ মইনা গোস্বামীৰ
এই উপন্যাসখন প্ৰকাশ হৈছিল ১৯৯৩ চনত৷ সাধাৰণতে শিশু আৰু কিশোৰ সাহিত্যৰ পৰিসৰত ‘ৰাজনীতি’ক
সুমুওৱা নহয়৷ এনেয়েও আমাৰ সাহিত্যত ৰাজনীতিক এটা বৰ্জনীয় বিষয় হিচাপে ধৰাৰ প্ৰৱণতা
এটা আছেই— বৰ কম লেখকেহে নিজৰ সৃষ্টিত ৰাজনীতিক প্ৰৱেশ কৰিবলৈ দিয়ে! এই ফালৰপৰা ‘শৈশৱৰ
বকুলবন’ এখন ব্যতিক্ৰম (কিশোৰ) উপন্যাস— ইয়াৰ ঘাই চৰিত্ৰ ‘বাপু’ তেওঁৰ চৌপাশৰ সমাজখনৰ
ৰাজনৈতিক চৰিত্ৰ সম্পৰ্কে সচেতন৷ বাপুকণৰ প্ৰভাৱৰ বাহিৰত চকুত নপৰাকৈ থাকি যোৱা এখন
সাৰ্থক কিশোৰ উপন্যাস হ’ল জীমণি চৌধুৰীৰ “পিঞ্জৰ”৷ ২০০৪ চনত প্ৰকাশ পোৱা উপন্যাসখন
আমাৰ শিক্ষাব্যৱস্থাই শিশু-কিশোৰক গিনিপিগ পৰি পেলোৱাৰ এটা বলিষ্ঠ প্ৰতিবাদ (আৰু সমাধানসূত্ৰ)
আছিল৷ বলীউডৰ অভিনেতা আমিৰ খানৰ চমক্প্ৰদ জনপ্ৰিয়তা অৰ্জনকাৰী চলচ্চিত্ৰ “তাৰে জমীন
পৰ”ত( ২০০৭) এই উপন্যাসখনকে আহল-বহলকৈ আমি দেখা পাইছিলো৷ 
আমাৰ ভাষাত কিশোৰোপযোগী
গল্প-উপন্যাসেই য’ত কম, তেনে ক্ষেত্ৰত এই ধৰণৰ গদ্য ৰচনা কম হোৱাতো স্বাভাৱিক কথাই৷
এই অভাৱৰ পৃথিৱীত আমি নাম ল’ব পৰা এখন বিশেষ উল্লেখযোগ্য কিশোৰোপযোগী গদ্য কিতাপ হ’ল
ৰুবুল মাউতৰ “মোৰো এটা সপোন আছে”৷ এই গ্ৰন্থখনৰ ঘাই চৰিত্ৰ লেখক নিজে— ভৌগোলিক পশ্চাদ্পদতা
আৰু আৰ্থিক দৰিদ্ৰতাৰ বিৰুদ্ধে এটা পৰিয়ালৰ সাৰ্বিক যুঁজৰ আৰু এই যুঁজখনত ঘাই চৰিত্ৰটোৰ
অবিচল সাহসৰ বৰ্ণনা এই গ্ৰন্থখনৰ বক্তব্য৷ এইখন অসমীয়া ভাষাৰ যোৱা এটা দশকৰ অতি জনপ্ৰিয়
অকাহিনী কিতাপবোৰৰ এখন৷ এইখিনিতে আমি নাম ল’ব লাগিব এখন উপন্যাসৰো— মৃণাল কলিতাৰ “বকুল
ফুলৰ দৰে” ৷ এইখনো যোৱা এটা দশকৰ অতি জনপ্ৰিয় অসমীয়া কাহিনী কিতাপ৷ শিশু সাহিত্য শিতানত
অকাদেমি বঁটা পালেও আমাৰ বিবেচনাত এইখন এখন সাৰ্থক কিশোৰ উপন্যাসহে৷

এই লেখাৰ আৰম্ভণিতে
এটা উদ্ধৃতি দিয়া হৈছে৷ এই মন্তব্যটো জ্লাতা ফিলিপ’ভিকৰ৷ উদ্ধৃতিটো সংগ্ৰহ কৰা হৈছে
জ্লাতাই সহ-সম্পাদনা কৰা গ্ৰন্থ “ষ্টোলেন ভয়চ”ৰ ( Stolen Voice, Arvind Kumar
Publishers, India, 2007) পৰা৷ জ্লাটাৰ পৰিচয় দীঘলীয়াকৈ গুগলতে পোৱা যায়৷ ইয়াত এইখিনি
ক’লেই হৈ যায় যে কিশোৰী কালত জ্লাতা চৰ্চাত হৈছিল “ছাৰাজেভোৰ এন্ ফ্ৰাংক” ( Ann
Franc of Sarajevo) হিচাপে৷ অসমৰ মানুহে যুদ্ধ দেখাই নাই; দ্বিতীয় বিশ্বযুদ্ধখন অসম
অভিমুখে আহি আছিল যদিও কোহিমাতে ইয়াৰ অন্ত পৰিছিল৷ চীনৰ আক্ৰমণ, বাংলাদেশৰ স্বাধীনতা
যুদ্ধ আদিও অসমৰ চাৰিসীমাৰ বাহিৰতে থাকি গৈছিল বাবে অসমৰ সমাজ জীৱনত ইয়াৰ প্ৰভাৱো বিশেষ
পৰা নাছিল৷ সৈন্যবাহিনীটো অসমৰ মানুহ কম থাকে, সেই বাবে পশ্চিম সীমান্তৰ সঘন যুদ্ধসদৃশ
পৰিৱেশৰ ক্ষয়ংকৰী সংঘাতবোৰৰ প্ৰভাৱো ইয়াত কম পৰে৷ অৱশ্যে কেইটামান সংঘাত অসমৰ মানুহে
দেখিছে৷ তাৰ ভিতৰত বিশেষভাবে নাম ল’ব পাৰি ভাৰত চৰকাৰৰ আলফাবিৰোধী বজৰং আৰু ৰাইনো অভিযান
দুটাৰ৷ অসম আন্দোলন আৰু বড়ো আৰু ডিমাছাসকলৰ আত্মনিয়ন্ত্ৰণ আন্দোলনৰ সময়তো অসমৰ অঞ্চল
বিশেষ সংঘাতৰ সন্মুখীন হৈছিল৷ পৰিতাপৰ কথা, এনেবোৰ সংঘাতক লৈ গৱেষণামূলক কাম ভালেখানি
হ’লেও সৃষ্টিশীল কাম কমেই হ’ল৷ শিশু আৰু কিশোৰৰ বাবেতো নহ’লেই বুলিব লাগে৷ এনে সময়তে
আমাৰ হাতত পৰিছে এখন কিশোৰ উপন্যাস— নাম “ঈপ্সিত আকাশ”, য’ত আমি জ্লাতা ফিলিপ’ভিকৰ
মন্তব্যটোৰ অনুৰণন শুনিবলৈ পাওঁ৷ অসমীয়া ভাষাৰ কিশোৰ উপন্যাসৰ টেঁটেৰা ভঁৰালটোত শেহতীয়াভাবে
জমা পৰিছে এইখন উপন্যাস, লেখক প্ৰাৰ্থনা গগৈ৷ ২০২৫ চনৰ বছৰটোতে দুটাকৈ মুদ্ৰণ ওলোৱা
এই উপন্যাসখনৰ প্ৰকাশক গুৱাহাটীৰ “দয়-কাও-ৰং”৷ ঈপ্সিত আকাশ দুটা অধ্যায়ত লিখা এখন মজলীয়া
আকাৰৰ কিতাপ, পৃষ্ঠা সংখ্যা ১১৮৷ ইয়াৰ ঘাই চৰিত্ৰ ‘মইনা’; মইনাৰ কাহিনীটো ক’বলৈ ব্যৱহাৰ
কৰা হৈছে ঊনৈছ যোগ ওঠৰ, অৰ্থাৎ সাতত্ৰিছটা পৰিচ্ছেদ৷ কিতাপখন দুটা অধ্যায় মইনাৰ জীৱনৰ
দুটা পৰ্যায়৷ মইনাৰ জীৱন দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজি বিদ্যাৰ্জনৰ আৰু গাঁৱৰপৰা চহৰলৈ
প্ৰব্ৰজনৰ হেপাহৰ জীৱন৷ মইনাৰ শৈশৱ কালটো অসমৰ সমাজ-ৰাজনৈতিক জীৱনৰ এটা অত্যন্ত জটিল
আৰু অস্থিৰ সময়— এফালে আলফাই গ্ৰাম্য সমাজখনত নিজৰ স্থিতি মজবুত কৰিছে, আনফালে ভাৰতীয়
সৈন্যই আলফা দমনৰ অভিযান চলাইছে৷ এই দুটা মহৰ যুঁজত বিৰিণাৰ মৰণ সাবটিবলগীয়া হৈছে
জীৱিকাৰ বাহিৰে আন যুঁজ কৰিবলৈ সময় নাইকিয়া সাধাৰণ মানুহে৷ সাহিত্যত ৰাজনীতি আনিবলৈ
দিগদাৰ পোৱা অসমৰ পৰিৱেশত “ঈপ্সিত আকাশ” ব্যতিক্ৰম : ইয়াত ১৯৯০ ৰ দশকত আলফা আৰু ভাৰতীয় সৈন্যই অসমৰ গাঁও-ভুঁইত সৃষ্টি কৰা
ৰুদ্ধশ্বাস পৰিৱেশটোৰ বাস্তৱ চিত্ৰ এখন অংকন কৰা হৈছে৷ একে সময়তে ইয়াত বিশ্বাসযোগ্যভাৱে অংকন কৰা হৈছে নৈ-পৰীয়া এখন অসমীয়া গাঁৱৰ চিত্ৰ : অৰ্থসম্পদ সামান্য বেছি গোটাব পৰা পৰিয়ালে নিঃকিন পৰিয়ালক কৰা শ্ৰম শোষণ,
বানৰ তাণ্ডৱে কঢ়িয়াই অনা বিপৰ্যয়, নিকটাত্মীয়ৰ খিয়লা-খিয়লি, আৰু এইবোৰৰ বিপৰীতে মাছেভৰা
খাল আৰু শস্যভৰা পথাৰবোৰে অনা উৎসাহ; এইখন সমাজে খিয়লা-খিয়লিও কৰে আৰু তাৰ পাছত একেলগে
নামঘৰত ভাওনাও পাতে! ১৯৯০ ৰ দশকৰ পটভূমিত মইনা এটা ব্যতিক্ৰম চৰিত্ৰ— পাৰিবাৰিক দাৰিদ্ৰ্যৰপৰা
পৰিত্ৰাণ পাবলৈ মইনাই মেট্ৰিক পাছ কৰি উঠিয়েই সৈন্যবাহিনীত যোগ দিয়াৰ কথা ভাবি থৈছে
আৰু ইয়াৰ বাবে আলফাৰ সৈতে সম্পৰ্কই নহয় সংস্পৰ্শলৈকো নাহিবলৈ সতৰ্ক হৈছে— যিটো কাম
কৰাটো সেই সময়ৰ গ্ৰাম্য অসমত অসম্ভৱপ্ৰায় আছিল! আকৌ, সেই সময় আৰু সেইখন সমাজৰ পটভূমিত
‘ৰূপম’-ও এটা ব্যতিক্ৰম চৰিত্ৰ : দেউতাকৰ
দৰে ৰূপমৰো আস্থা আছে কমিউনিজমত! মইনাতকৈ ৰূপমৰ ৰাজনৈতিক চেতনা পুৰঠ, কাৰণ সৰুৰেপৰাই
ৰূপমে নিজৰ ঘৰতে কমিউনিষ্টসকলক লগ পাইছে, পঢ়িবলৈ কমিউনিজম সম্পৰ্কীয় কিতাপ পাইছে— যি
দুটা মইনাই পোৱা নাই৷ এই ৰূপম পাছলৈ আলফাৰ দ্বাৰা অপহৃত হৈ কৰুণ গুপ্ত হত্যাৰ বলি হৈছিল৷
‘জিতু’ এই উপন্যাসখনৰ এটা উল্লেখনীয় চৰিত্ৰ— মইনাৰ সহপাঠী জিতু হ’ল আলফাৰ প্ৰভাৱে নষ্ট
কৰা এটা প্ৰতিভা, এনে চৰিত্ৰ আমাৰ সমাজত বিচাৰিলে ঢেৰ ওলাব৷ ‘নীৰেন ছাৰ’ হ’ল আজিৰ সমাজৰ
ফচিল সদৃশ এটা চৰিত্ৰ— গাঁওখনৰ উন্নতিৰ সপোনক নিজৰ সপোনৰ সৈতে একাকাৰ কৰি দৰিদ্ৰতা
বৰণ কৰিছিল এইজন ব্যক্তিয়ে৷ উপন্যাসখনে লেখকৰ তীক্ষ্ণধী পৰ্যৱেক্ষণ আৰু সচেতন ৰাজনৈতিক
দৃষ্টিভংগী থকাৰ কথা স্পষ্টকৈ কয়৷ পাছৰ বৈশিষ্ট্যটো আমাৰ বেছিভাগ লেখকৰ হয় নাথাকেই
অথবা থাকিলেও নিজৰ সাহিত্যকৰ্মত দেখুৱাবলৈ ভয় কৰে৷ দুই-চাৰিটা বানানৰ ভুলৰ কথা উপেক্ষা
কৰিলে এইখন কিশোৰ প্ৰজন্মৰ উপযোগী এখন সুপাঠ্য আৰু ভাল কিতাপ৷ প্ৰথমখন উপন্যাসতে পৰিপক্বতা
প্ৰদৰ্শন কৰা গগৈ এগৰাকী বলিষ্ঠ ঔপন্যাসিক হৈ উঠিব বুলি আশা কৰিব পাৰি৷***
ফোন : ৮৬৩৮৪৫৮৭৪৮