অন্যযুগ/


হিয়াৰ আমঠু বিহু : এক ঐতিহাসিক আলোচনা

 ডা প্ৰাঞ্জল কুমাৰ নাথ

 

কৃষ্টি, সংস্কৃতি আৰু লোকপৰম্পৰা শ্বাসত আৰু পৰিৰ্তনশীল। ইয়াৰ আদি বা অন্ত বিচাৰি পোৱাতো বৰ এটা সহজ কথা নহয়। তথাপি পৰম্পৰা বা লোক-সংস্কৃতি বৈ যায়। বোৱতী নৈৰ দৰে সকলোকে বুকুত বান্ধি বৈ থাকে চিৰদিন, চিৰকাল 

অসমীয়া জাতিৰ বাপতি সাহোন বিহুএটা কৃষিৰ লগত জড়িত থকা উৎসৱ। সমাজ জীৱনৰ লগত নিবিড় সম্পৰ্ক থকা এই বিহুত জড়িত থাকে কৃষকৰ আৱেগ, চিন্তা আৰু প্ৰকৃতিৰ উৰ্বৰা শক্তি ত-বহাগৰ কঁৰাল মৰা ৰদে শুকান কৰি পেলোৱা প্ৰকৃতিক বসন্তৰ বৰদৈচিলা আৰু বৰষু্ণে জীপাল কৰি তোলে। গছৰ লঠঙা ডালবোৰত অংকুৰিত হৈ উঠে ন-কুঁহিপাত। ফুলে-ফলে জাতিষ্কাৰ হৈ উঠা এটা সুন্দৰ পৰিৱেশত চৰাই-চিৰিকটিয়ে নাচিবলৈ ধৰে আৰু কুলি-কেতেকীয়ে জোৰে প্ৰেমৰ, চেনেহৰ গীত। উন্মনা প্ৰকৃতিৰ কোমল পৰশত ডেকা-গাভৰুৰ মনলৈ নামি আহে যৌৱনৰ মাদকতা। অস্থিৰ মনত প্ৰাণ পাই উঠে অলেখ অযুত সপোন আৰু ওলাই আহে এনেকুৱা এফাঁকি বিহু –

ঘৰতো নবহে মনে সমনীয়া পথাৰতো নবহে ঐ মন।

কমোৱা তুলাবোৰ যেনেকৈ উৰিছে, অই; তেনেকৈ উৰিবৰ মন।।” 

এতিয়া কথা হল প্ৰেমৰ উন্মাদ অনা, যৌৱনৰ গীত গোৱা, প্ৰকৃতিৰ সুৱাস লোৱা, জাতি, ধৰ্ম, বৰ্ণ, উচ্চ-নীচৰ ভেদাভেদ আঁতৰাই পেলোৱা মৰমৰ বিহুটো অসমৰ প্ৰত্যেক জাতি-জনগোষ্ঠীৰ হৃদয়ত কৰ পৰা আৰু কেনেকৈ আহি সোমাই পৰিল, সেইটো এটা ডাঙৰ সাঁথৰ

এটা কথা ঠিক যে কোনো এটা লোকসংস্কৃতিৰ জন্ম কৰ পৰা, কেনেকৈ হয়, তাক সঠিককৈ কোৱাটো সহজ নহয়। যিহেতু বিহুও আমাৰ লোকসংস্কৃতিৰে এক সম্পদ, সেয়ে বিহুৰ উৎপত্তি কৰ পৰা কেনেকৈ হল তাক কোৱাটো বা তাৰ বিষয়ে আলোচনা কৰাটো এটা বিচাৰ্য বিষয়

ইয়াক লৈ বিভিন্ন সচেতন মহল, গৱেষক, পণ্ডিত তথা সাহিত্যিকসকলৰ মাজত মতবিৰোধ থকা দেখা যায়। ভাৰতৰ বিভিন্ন প্ৰান্ততো বিহু শব্দৰ ওচৰা ওচৰিকৈ বহু শব্দৰ প্ৰচলন উপলব্ধ। হিমালয়ৰ নামনিত থকা খচসকলে বিহুৰ দৰে পালন কৰে বিষু উৎসৱদক্ষিণ ভাৰতৰ নায়াৰসকলে পালন কৰে বিষু’, আনকি মধ্যপ্ৰদেশতো; ওঁৰালসকলে পালন কৰে বৈশাখী চিকাৰবহুতে কব খোজে যে, বিহু শব্দটো পিহুৰ পৰা আহিছে। প্ৰাচীন টাইসকলৰ তিনি হাজাৰ বছৰৰ পুৰণি হু আপনামৰ পৰা এই পিহুশব্দটো সৃষ্টি হৈছে, যাৰ অৰ্থ হৈছে গৰুক গা ধোওৱা। দ্বিতীয়তে পিমানে হৈছে বছৰৰ আৰম্ভণি আৰু হুমানে হৈছে গা ধোওৱা। অসমীয়া সমাজত ঠিক তেনেদৰেই, গৰুক গা ধোৱাৰ এক পৰম্পৰাৰে বহাগৰ বিহুটি আৰম্ভ হয়। কৃষক সমাজৰ মূল সম্পত্তি গৰুৰ শ্ৰীবৃদ্ধি বিচাৰি মাহ-হালধিৰে গা ধুৱাই; গৰুক নতুন পঘাৰে বান্ধি লাও, বেঙেনা ছটিয়াই, দীঘলতি, মাখিয়তী আদিৰে গৰুক কোবোৱা হয়


           ‘‘লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা

   মাৰে সৰু বাপেৰে সৰু তই হবি বৰ গৰু।।’’

বহুতে আকৌ বিহুশব্দৰ উৎপত্তি সম্বন্ধে কবলৈ গৈ প্ৰাচীন বেদ, পুৰাণ আদিকো টানি আনি কব খোজে যে, বিহু শব্দৰ উৎপত্তি সংস্কৃত শব্দ বিষুবনৰ পৰা আহিছে। অথৰ্ববেদ আৰু ঐতেৰয় ব্ৰাহ্মণ আদিত উল্লেখ আছে যে, ‘বিষুবনযাগ-যজ্ঞ কৰা এটা দিনৰ নাম। এই যজ্ঞই মূলতঃ সূৰ্যৰ গতি নিয়ন্ত্ৰণ কৰি শস্যৰ বীজ গজাত সহায় কৰে 

মহত্ত্বপূৰ্ণ যে আমাৰ অসমখন আৰ্য, অনাৰ্য, মংগোলীয়, অষ্ট্ৰিক আদি বিভিন্ন জাতি আৰু সংস্কৃতিৰ মিলনভূমি। এই মিলনৰ ভূমিত সকলো জাতি-জনগোষ্ঠীৰ মাজত প্ৰচলিত আছিল বিহু সদৃশ পৰম্পৰা আৰু গীত-মাতৰ। কোৱা হয় যে বহু বছৰ আগতে চীন দেশৰ হোৱাংহো আৰু ইয়াং চিকিয়াং নদীৰ উপত্যকাত অষ্ট্ৰিক আৰু মংগোলীয় জাতিৰ মিলন ঘটিছিল, তেওঁলোকৰ মাজত প্ৰচলিত কিছু পৰম্পৰা; প্ৰব্ৰজনৰ ফলত, অসমলৈও প্ৰসাৰিত হৈছিল। বিহুও আছিল এই পৰম্পৰাবোৰৰ ভিতৰৰে এটা 

আদিম যুগৰ অষ্ট্ৰিকসকলে বিশ্বাস কৰিছিল যে সৃষ্টিৰ সম্পূৰ্ণ সম্ভাৱনা থকা ডেকা-গাভৰুৱে পথাৰত নাচিলে, গালে পৃথিৱীৰ উবৰ্ৰা শক্তি অধিক পৰিমাণে বৃদ্ধি পায়। যাৰ ফলত পথাৰত বৃদ্ধি পায় শস্যৰ উৎপাদন ক্ষমতা 

উল্লেখনীয় যে, ম্যানমাৰৰ টাইসকলে বিহু পালন কৰি অহাৰ কথা পূৰ্ণকান্ত বুঢ়াগোহাঁইৰ, “পাটকাইৰ সিপাৰে ন বছৰ” নামৰ গ্ৰন্থখনত স্পষ্টভাৱে উল্লেখ আছে। দ্বিতীয়তে, আহোমসকল; টাই শ্বান, টাই মাওসকলৰ পৰাই আহিছে। ইয়াৰ উপৰি একাংশ লোকে কব খোজে যে, আহোমসকল পূৰ্বতে উল্লিখিত; টাই শ্বানসকলৰ পৰা ফালৰি কাটি আহি উজনি অসমত সোমাই; বিহুৰ অতীতৰ ৰূপ এটাও লগত কঢ়িয়াই আনিছিল। এই সম্পৰ্কে বৌদ্ধ ধৰ্মীয় আৰু হিন্দু ধৰ্মীয় নানা পুৰণি কথাৰো প্ৰচলন আছে। ত্ৰয়োদশ শতিকাত চাওলুং চুকাফাৰ নেতৃত্বত পাটকাই পৰ্বত পাৰ হৈ সৌমাৰ পীঠৰ ভূ-খণ্ডত বসবাস কৰা টাই আহোমসকলে নিজৰ বিহু সংস্কৃতি, পৰম্পৰাৰ লগত ইয়াৰ বিভিন্ন কিছুমান জনজাতীয় পৰম্পৰাক অন্তৰ্ভুক্ত কৰি বিহুক এক সাৰ্বজনীন গ্ৰহণযোগ্যতা প্ৰদান কৰিছিল। যাৰ এক সীমিত ৰূপ মৰাণ, মটক, কছাৰী, চুতীয়া আদি জনগোষ্ঠীসমূহেও ইতিমধ্যে পালন কৰি আহিছিলেই 

প্ৰাচীন অসমত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ মাজত নিজ পৰম্পৰাগত কৃষি উৎসৱৰূপী ৰঙালী বিহুটো প্ৰত্যেকে নিজৰ-নিজৰ ধৰণেৰে উদযাপিত কৰি আহিছিল। পথাৰত নাচি বাগি গোৱা উদ্দাম গীতবোৰত লাহে-লাহে সোমাই পৰা ঢোল, টকা, তাল, গগণা আদিয়েও মানুহক বেছিকৈ আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল। এইখিনিতে উল্লেখ কৰিব পাৰি যে, বিহুত মহৰ শিঙৰ পেঁপা, ঢোল, টকা, তাল, গগণা আদি টাইসকলে তিনি-চাৰি হাজাৰ বছৰৰ পূৰ্বৰ পৰাই ব্যৱহাৰ কৰি অহাৰ প্ৰমাণ উপলব্ধ। উত্তৰ-দক্ষিণ চীনৰ কোৱাংচীত; টাই কোৱাংসকলে আজিও কাঠৰ ঢোল আৰু মহৰ শিঙৰ পেঁপা বজাই নাচে। যৌৱনৰ, প্ৰেমৰ যোৰা নাম গায়। ইয়াৰ উপৰি নাচনীয়ে খোপাত গুজি লোৱা কপৌফুল পাহিও; দক্ষিণ-পূব এছিয়াৰ আৰু চীনৰ প্ৰায় সকলো জনগোষ্ঠীয়ে ব্যৱহাৰ কৰে 

আহোমৰ শাসনকালত চুডাংফাই ৰাজপাটত উঠাৰ সময়লৈকে ডেকা-গাভৰুসকলে বেলেগে-বেলেগে বিহু খোলা পাতি বিহু মৰাৰ কথা আমি পঢ়িবলৈ পাইছোঁ। কিন্তু ইয়াৰ পৰৰ্তী সময়ত লাহে-লাহে ডেকা-গাভৰুৱে একেলগে বিহু মৰা আৰম্ভ কৰিলে। বিহু মাৰিয়ে বহুতে যুগ্ম জীৱনৰো আৰম্ভণি কৰিবলৈ ধৰিলে। ঢোল, পেঁপা বজাই বলিয়া কৰি গাভৰুক পলুৱাই অনা ডেকাজনে, জনমানসত আৰু লগৰীয়াসকলৰ ওচৰত বীৰত্বৰ স্বীকৃতি পালে 

১৩৯৭ খ্ৰীষ্টাব্দ মানত, বিহু আহি শিঙৰি ঘৰ হৈ চোতালত প্ৰৱেশ কৰাৰ লগে-লগে বিহু গীতত অনুশাসন আহি পৰিল। প্ৰকৃতিৰ বুকুত খোলাকৈ গাব পৰা নামবোৰত শালীনতাৰ সুৰ-শব্দ সোমাই পৰিল। স্বৰ্গদেউ ৰুদ্ৰসিংহই বিহুক ৰংঘৰৰ বাকৰিলৈ আনি অসমীয়াৰ হিয়াৰ আমঠু কৰি পেলালে। ড লীলা গগৈৰ মতে বিহু আহি চোতাল পোৱাৰ আগতে সম্ভৱতঃ বিহু, হুঁচৰিয়ে ৰাস্তাৰেহে পৰিভ্ৰমণ কৰিছিল অৰ্থাৎ ডেকা-গাভৰুৱে জাক পাতি গাঁৱৰ মাজেদি ঢোল, পেঁপা বজাই বিহু মাৰি ফুৰিছিল আৰু গৃহস্থই নিজৰ ঘৰৰ পদূলি মূৰলৈ গৈ বিহুৱাসকলৰ পৰা আশীৰ্বাদ লৈছিল। স্বৰ্গদেউ, ডা-ডাঙৰীয়া, ৰজাৰ বিষয়ববীয়াৰ পৰা গৈ, গৈ বিহুয়ে চোতাল পোৱাৰ সময়ত; বিহু গীততকৈ হুচৰিয়ে বেছি প্ৰাধান্য পাইছিল। উদাহৰণ স্বৰূপে-

 স্বৰ্গদেউ ওলালে বাটচৰাৰ মুখলৈ, দুলীয়াই পাতিলে ডোলা,

  কাণত জিলিকিছে নৰা জাংফাই

  গাতে গোমেচেংৰ চোলা।”


        মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বা তাৰ পাছৰ সময়ছোৱাত অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰে গোটেই অসমীয়া সমাজখনক প্ৰভাৱিত কৰিছিল। তাৰ কিছু চাপ বিহুগীততো নপৰা নহয়। আনকি শ্ৰী শ্ৰী অনিৰুদ্ধদেৱে প্ৰৱৰ্তন কৰিছিল ধৰ্ম হুঁচৰিপ্ৰথা। বৈষ্ণৱ ধৰ্মৰ প্ৰসাৰে বিহু-হুঁচৰিত ধাৰ্মিকতা আৰু মাংগলিকতাৰ এটা নতুন ৰূপ আনি দিছিল 

মন কৰিবলগীয়া কথা যে, বিহু বা হুঁচৰিৰ কোনো ব্যাকৰণগত নিয়ম নোহোৱাৰ বাবেই ইয়াত সকলো মানুহেই অংশ গ্ৰহণ কৰিব পাৰিছিল। ঢোল-পেঁপা বজাব জানক বা নাজানক, ভালকৈ নাচিব পাৰক বা নাপাৰক বেলেগে লগোৱা বিহুকে গাই সকলোৱে একেলগে ফূৰ্তি কৰি বিহুত কঁকাল ঘূৰাইছিল। কিন্তু অতীতৰ বিহুৰএই ফূৰ্তি কৰা বা ইচ্ছামতে বিহু মৰাৰ নীতি-নিয়মবোৰৰ কিছুমান সীমাৱদ্ধতা আছিল। কাৰণ অসমীয়া সমাজখন আছিল, সম্পূৰ্ণৰূপে কৃষিজীৱী সমাজ। কৃষিজীৱী সমাজখনৰ বাবে মাহ-মাহ ধৰি বিহু মৰা আৰু নিজৰ পেটত গামোচা বন্ধা; কথাটো একে ধৰণৰে আছিল। বহাগৰ বৰষুণে ধুৱাই পেলোৱা প্ৰকৃতিত, নিজৰ কৰ্ম নকৰি বিপদ চপাই আনটো, ভাল কথা নহয় বুলি ভাবিয়ে; সেই কৃষিজীৱী সমাজখনে বিহুটোক সাত, আঠ দিনৰ ভিতৰতেই সামৰাৰ নিয়ম নিৰ্ধাৰণ কৰিছিল। লোকবিশ্বাস অনুসৰি, বসন্তৰ সময়ছোৱাত হেনো পৃথিৱী ৰজঃস্বলা হয় আৰু গৰ্ভধাৰণৰ বাবে প্ৰস্তুত হয়। বিহু মাৰি, নাচি-বাগি কিছুমান কামোদ্দীপক ৰীতি-নীতিৰে পৃথিৱীৰ উৰ্বৰা শক্তিক জগাই তোলিব পৰা যায় বুলি বহু সমাজতে বিশ্বাস আছে। ইয়াক যদি অলপ বহল দৃষ্টিত আলোচনা কৰা হয়, তেতিয়া কব পাৰি যে, সদায় খেতিপথাৰৰ কাম কৰি ভাগৰি পৰা সমাজখনে; অকমান নাচি-গাই ফুৰ্তি কৰাৰ পাছত মনত অলপ জোৰ আৰু কাম কৰিবলৈ উৎসাহ পায়, আৰু সেই জোৰেৰে খেতিয়কসকলে এটা নতুন উদ্যমেৰে আকৌ খেতি-পথাৰত নামে

আৰু, এনেকুৱাও এটা প্ৰবাদো আছে যে, সেই সময়ৰ মানুহখিনিয়ে হুঁচৰি বা বিহু গাই সমূহীয়া ভোজ ভাত খাই বিহু উৰুৱাই দিয়াৰ পাছত কোনেও ঢোল বজাব নোৱাৰিছিল বা কোৱা হয় যে, আবতৰত ঢোলৰ মাত শুনিলে পথাৰৰ ধান গছত হেনো ধানৰ থোক নেমেলিছিল। সেয়েহে সকলোৱে সমূহীয়া ভোজৰ পাছত ঢোলৰ ছাল ঢিলা কৰি বা ঢোল ফুটাই খেতিৰ কামত মন দিছিল

বৃটিছৰ আগমনৰ পাছতেই অসমীয়া কৃষিজীৱী সমাজখন দুটা ভাগত বিভক্ত হল। এখন হল কৃষিজীৱী সমাজ আৰু আনখন হল চাকৰিজীৱি সমাজ। তাৰ লগতে সলনি হ, অসমৰ জাতীয় চেতনা। নবীনীকৰণ, আধুনিকীকৰণ তথা ঔদ্যোগীকৰণৰ প্ৰভাৱ লাহে-লাহে সকলোৰে মাজত বিস্তাৰিত হবলৈ ধৰিলে। মানৰ ভয়াৱহ আক্ৰমণ, সাম্ৰাজ্যবাদী শক্তি, ইংৰাজী শিক্ষাৰ প্ৰভাৱ, বাংলা  মাধ্যমৰ প্ৰচলন আৰু চৰকাৰী প্ৰতিষ্ঠানসমূহত কাম কৰিবলৈ অহা বংগদেশৰ বৰ্ণহিন্দুৰ প্ৰভাৱত ক্ৰমশঃ বিহু ম্লান হৈ পৰিল। কম-বেছি পৰিমাণে যিবোৰ বিহু গীত মাত চলি আছিল তাত বহুতো বিদেশী শব্দ বা পৰিৱেশে বিহুক আগচি ধৰিলে। উদাহৰণস্বৰূপে-


           “ৰেলৰ আলিৰ দুবৰি বনে অই লাহৰী...

বা, দিখৌত গোমেগোমাই কম্পেনীৰ জাহাজখন...” ৰ দৰে বিহু অথবা হুঁচৰিৰ সৃষ্টি হ 

এনেদৰে গৈ থাকোঁতে হঠাৎ বিহুৰ বেয়া দিন আৰম্ভ হল। হলিৰাম ঢেকিয়াল ফুকন, কমলাকান্ত ভট্টাচাৰ্য, গুণাভিৰাম বৰুৱাৰ দৰে পণ্ডিতসকলে বিহুত অশ্লীলতাৰ গোন্ধ পালে আৰু ই এক অশোভনীয় পৰম্পৰা বুলি, ইয়াক অসমীয়াৰ বুকুৰ পৰা; চিৰদিনৰ বাবে মচি পেলাবলৈ আহ্বান জনালে। কিন্তু ইয়াৰ বিপৰীতে থিয় দি উঠিল লক্ষ্মীনাথ বেজবৰুৱা, ৰজনীকান্ত বৰদলৈ, বেণুধৰ ৰাজখোৱা, ডিম্বেশ্বৰ নেওগ, নকুল চন্দ্ৰ ভূঞা, মহেশ্বৰ নেওগ, বাণীকান্ত কাকতি, বিষ্ণুপ্ৰসাদ ৰাভা আদিৰ দৰে বহুতো মহান গৱেষক পণ্ডিতসকল। বিহু সম্পৰ্কে তেওঁলোকে নতুনকৈ চিন্তা-চৰ্চা কৰিলে, লিখা-মেলা আৰম্ভ কৰিলে। ১৯২৮ খ্ৰীষ্টাব্দত বিহুৱতীনামেৰে বিষ্ণু ৰাভাই গ্ৰামোফোনৰ ৰেকৰ্ড কৰি বিহুক অসমীয়াৰ ড্ৰয়িংৰূমত স্থান দিয়ালে। জনবিশ্বাস আৰু পৰম্পৰাই পুনৰ বিহুক নতুনত্ব দিয়াত অসমীয়া সমাজত ই আকৌ তীব্ৰতাৰে আগ বাঢ়িবলৈ ধৰিলে 

সময়ৰ প্ৰৱাহেও বিহুক মঞ্চৰ ফালে ঢাপলি মেলালে। বিহু মঞ্চলৈ কেতিয়া আৰু কেনেকৈ আহিল তাক লৈও পণ্ডিতসকলে নিজৰ নিজৰ মত ব্যক্ত কৰিছে। এই মতবোৰ মাজত বিৰোধিতা থকা সত্ত্বেও প্ৰত্যেকেই স্বীকাৰ কৰে যে, বিহুক ১৯৫০ চনত পোন প্ৰথমবাৰৰ বাবে তিনিচুকীয়াত মঞ্চত উদযাপন কৰা হয় আৰু লাহে লাহে গুৱাহাটী বা অন্যান্য দুই-এঠাইত মঞ্চত বিহু অনুষ্ঠিত হব ধৰিলে। ৰাধাগোৱিন্দ বৰুৱাই লতাশিলত বিহু পাতি সমগ্ৰ অসমীয়াৰ দেহ-মন ৰজনজনাই দিলে। তাৰ পাছতেই বিহুগীতৰ বিভিন্ন কেছেটবোৰৰ বাণীৱদ্ধ হবলৈ ধৰিলে, অসমৰ চুকে-কোণে বিহু-হুঁচৰিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হল। তাৰ সমান্তৰালভাৱে, বিহুত পৰম্পৰাত বাণিজ্যই অধিক প্ৰভাৱ বিস্তাৰ কৰিলে। ইণ্টাৰনেটত, সামাজিক মাধ্যম বা বিভিন্ন ধৰণৰ প্ৰচাৰ মাধ্যমত যেতিয়াই-তেতিয়াই,  তে-ততে বিহু পালন কৰা হল। বিহু নৃত্য আৰু গীতৰ বিকৃতকৰ 

বৰ্তমান সময়ত চত-বহাগৰ ওচৰে-পাজৰে বিভিন্ন ঠাইত বিহুৰ কৰ্মশালা অনুষ্ঠিত কৰা হয়। যত অংশগ্ৰহণকাৰীৰ ব্যাপকতা বা তাত শিকোৱা এটা নিৰ্দিষ্ট গীত বা ঢোল-পেঁপাৰ সুৰ শিকায়ে অনুষ্ঠানটোৰ সাফল্য নিৰ্ধাৰণ কৰাৰ পৰম্পৰা আৰম্ভ হল। বিহুৰ আচল তত্ত্বখিনি যেন সকলোৱে মিলি গচকি-মোহাৰি নাইকিয়া কৰাৰ এটা পৰম্পৰাও সৃষ্টি হল। ভিন্ন কাৰণত ডেকা-গাভৰুৱে বিহুৰ সময়ত মানুহৰ ঘৰত গৈ হুঁচৰি গোৱা বা বিহু মৰাতকৈ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিহে ভাল পোৱা হল। আনফালে, কৃষিজীৱী অসমৰ গ্ৰাম্য সমাজখনত গৰু-গাইৰ পৰিৱৰ্তে স্থান পালে ট্ৰেক্টৰ, পাৱাৰটিলাৰ আদিয়ে। লক্ষ্যণীয় যে, বৰ্তমান সময়ত, বহুতো ঠাইত গৰু বিহুৰ দিনা গৰুৰ সলনি যুৱক বা পুৰুষসকলে নিজেহে নদীত গা ধুবলৈ যায়, কাৰণ বৰ্তমান সময়ত মানুহৰ ঘৰত গৰু-ছাগলী পাবলৈ নাইকিয়া হৈছে। বিশ্বায়নৰ যুগত পৰিৰ্তন স্বাভাৱিক, কিন্তু জাতীয় উৎসৱ বিহুৰ অন্তৰালত থকা বিভিন্ন সৰু সৰু কথাবোৰ, পৰম্পৰাগত ৰীতি-নীতিবোৰ প্ৰত্যেক প্ৰজন্মই জনাতো নিতান্তই আৱশ্যকীয়। কাৰণ তেনে কৰিলেহে নতুন প্ৰজন্মই আমাৰ জাতীয় উৎসৱ বিহুক আকোঁৱালি লব আৰু প্ৰত্যেকৰে মনৰ পৰা বিহু বুলিলেই স্বতঃস্ফূৰ্তভাৱে ওলাই আহিব-


          “
অতিকৈ চেনেহৰ মুগাৰে মহুৰা

তাতোকৈ চেনেহৰ মাকো,

তাতোকৈয়ো চেনেহৰ বহাগৰ বিহুটি

নাপাতি কেনেকৈ থাকোঁ।”


***

ঠিকনা :


ডা প্ৰাঞ্জল কুমাৰ নাথ

সহায়ক অধ্যাপক, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়

হোজাই

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ