অন্যযুগ/


বিশ্ব সাহিত্যত নির্বাসন দণ্ড আৰু নিৰ্বাসিত সাহিত্যিক প্রসঙ্গ

 ° অখিল কুমাৰ গগৈ


উনবিংশ শতিকাৰ প্ৰসিদ্ধ ৰাজনীতি বিশাৰদ, লেখক, দুটাকৈ শাসনকাল চলোৱা য়ুনাইটেড কিংডম (United Kingdom) ৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন ডিজৰেলী (Benjamin Disraeli, 1804-1881)য়ে কৈছে – “যিসকল সাধাৰণ লোক চিৰ নিৰ্বাসন দণ্ডৰে দণ্ডিত হয় বন্দী অৱস্থাত জীয়াই থাকিলে তেওঁলোকে জীৱনত বিৰাট এক নৈৰাশ্যবোধত আক্রান্ত হয়, কিন্তু যি সকল বিদ্বানলোক, তেওঁলোকৰ পক্ষে বন্দী দশাৰ দিনবোৰ হৈ পৰে অতি সুন্দৰ অৱসৰ স্বৰূপ” বেঞ্জামিন ডিজৰেলীৰ এই উদ্ধৃতিকে পটভূমি হিচাপে লৈ আজি আলোকপাত কৰিবলৈ লৈছোঁ বিশ্ব সাহিত্যত নির্বাসন দণ্ডৰ লগত সঙ্গতি ৰাখি ইয়াৰে এটি অংশ হিচাপে “নির্বাসন দণ্ড আৰু নির্বাসিত সাহিত্যিক” শীর্ষক প্রসঙ্গটি৷ ইতিমধ্যে আমি জানিব পাৰিছো যে ‘নির্বাসন’ এটি কঠোৰতম শাস্তি ব্যৱস্থা৷ মূলতঃ ই প্রশাসনিক আৰু প্ৰশাসনীয় ব্যৱস্থাৰ লগত ওতপ্রোতভাৱে জড়িত৷ সেই হিচাপে ই ৰাজনৈতিক৷ তথাপি এটা কথা ইয়াতে উনুকিয়াই থোৱা সমীচীন হ’ব, সাহিত্যিক, ৰাজনৈতিক, সামাজিক, অর্থনৈতিক আদি বিভিন্ন পথেৰে আহি প্রশাসনিক ব্যৱস্থাত সংলগ্ন হৈছে৷

‘নির্বাসন দণ্ড’ অতি প্রাচীনকালৰ পৰা চলি অহা এটি শাস্তি ব্যৱস্থা৷ এনে ব্যৱস্থাৰে ঘোৰ দণ্ডনীয় জন দণ্ডিত হৈ আজিও বিশ্বত তোলপাৰ লগাইছে৷ কেৱল সেয়ে নহয় জীৱনৰ গতিপথ সলনি হৈছে স্বদেশ-স্বজাতি ত্যাগ কৰিবলগীয়া হৈছে, মৰমৰ ওপজা ঠাই এৰি ক’ত হেৰাই গৈছে তাৰ ঠিকনা, খতিয়ান কোনে ৰাখিছে৷ কোনো ব্যক্তিক কোনো দেশৰ চৰকাৰে, প্ৰশাসনে ঘোৰ দণ্ড হিচাপে দেশান্তৰ কৰিছে বা নির্বাসন দণ্ড দিছে৷ অথবা কোনোবা ব্যক্তিয়ে প্রশাসনিক শাস্তি হিচাপে নির্বাসিত হোৱাৰ আগতে আত্মৰক্ষা বা আত্ম সন্তুষ্টিৰ হেতু স্বনির্বাসন লৈছে৷

নির্বাসন দণ্ড প্রত্যক্ষ আৰু পৰোক্ষ দুই ধৰণে হ’ব পাৰে৷ সেয়েহে আমি ক’ব পাৰো নিৰ্বাসন চৰকাৰে বা প্রশাসনে কোনো গুৰুতৰ অপৰাধৰ বাবে দিয়া নির্বাসন আৰু ব্যক্তিয়ে আত্মৰক্ষা বা আত্মমুক্তিৰ বাবে লোৱা স্বনির্বাসন৷ ইয়াতে আৰু এটা কথা আহি পৰে – সময়সীমা৷ কোনো অপৰাধীক চিৰনিৰ্বাসন দণ্ডৰে দণ্ডিত কৰা হয় অৰ্থাৎ অপৰাধীজন গোটেই জীৱনৰ বাবেই স্বদেশ এৰি দেশান্তৰী হয়৷ কোনো অপৰাধীক হয়তো কম সময়ৰ বাবেহে নির্বাসিত কৰা হয়৷ স্বনির্বাসনৰ কোনো সময়সীমা নাই৷ যেতিয়ালৈকে স্বনির্বাসিতজনে নিজকে আত্মৰক্ষা কৰি চলিব পাৰে তেতিয়ালৈকে তেওঁ স্বদেশলৈ উভতি নাহে৷

যেতিয়া স্বেচ্ছাচাৰী ৰজা ক্ষমতালৈ আহে তেতিয়া ক্ষমতাৰ অপব্যৱহাৰ হ’লে ৰজাই স্বেচ্ছাই সামান্য অপৰাধতে নির্বাসনদণ্ড দিয়ে৷ গ্ৰীচ দেশত ৰাজনৈভিক ক্ষমতাশালী লোকে সাধাৰণ মানুহক নির্বাসন দণ্ড দিছিল৷ প্ৰাচীন কালত ৰজা-মহাৰজাই শান্তি ব্যৱস্থাৰ নীতি অনুযায়ী প্ৰজাক হয় মৃত্যুদণ্ড নহয় নির্বাসন দণ্ড দিছিল৷ ভাৰততো বা উত্তৰ-পূৰ্বাঞ্চলতো বৃটিছ ৰাজত্বৰ সময়ত কলীয়াপানীলৈ নির্বাসন দিছিল অপৰাধীসকলক৷

এনে নীতিও প্রচলন যে যদিহে নির্বাসিতজন নিৰ্দ্ধাৰিত সময়ৰ আগতে উভতি আহে তেতিয়া নির্বাসিতজনক যিকোনো লোকেই হত্যা কৰিব পাৰে আৰু হত্যাকাৰীজনৰ ওপৰত কোনো আইনগত ব্যৱস্থা লোৱা নহয়৷ প্রাচীন কালত হিব্রুসকলে নৰহত্যাকাৰীসকলক নিসংগ ঠাইত নির্বাসন দিছিল৷ সেই সময়ত এই শাস্তি ব্যৱস্থা সঘনাই হৈছিল৷ পিছত ৰাজ শাসনৰ লগত ঘনিষ্ঠ সম্পর্ক, বিকল্প লঘু শাস্তি প্ৰচলনৰ বাবে এই প্রথা কমি আহিল৷ কিন্তু স্বনির্বাসন প্রথা চলি থাকিল৷

ৰাছিয়াত জাৰসকলে অপৰাধীসকলক শাস্তি হিচাপে নির্বাসন দিছিল ছাইবেৰীয়াত ইংলেণ্ডৰ অপৰাধীসকলক নির্বাসিত কৰা হৈছিল অস্ট্রেলিয়ালৈ৷ প্রাচীন কালত নির্বাসন দণ্ডক এটি কঠোৰ শান্তি ব্যৱস্থা বুলি গণ্য কৰা হৈছিল৷ বিশ্বৰ প্ৰায়বিলাক দেশতেই, এই নির্মম শাস্তি ব্যৱস্থা প্রচলিত আছিল আৰু কম পৰিমাণে আজিও আছে৷ প্রচীন কালত ৰাছিয়া, ইটালী, ইংলেণ্ড আৰু ভাৰতত স্বাভাৱিক ভাবেই বহু ব্যক্তিয়ে স্বনির্বাসন লৈছিল৷ দেশৰ পৰা বাহিৰলৈ নগলেও দেশৰ ভিতৰতে অতি নির্জন ঠাইত গোপন ঠাইত স্বনির্বাসন লৈছিল৷

আধুনিক এখন চৰকাৰ বা ৰাজনৈতিক দলে স্বনির্বাসন লব পাৰে৷ ই প্রশাসনিক সত্য বা নিয়ম৷ এখন দেশ বা ৰাজ্য আন এখন দেশে অধিকাৰ কৰিলে প্রথম দেশৰ চৰকাৰে আন এখন দেশলৈ

নির্বাসিত হ’ব পাৰে৷ ই আইন সঙ্গত ব্যৱস্থা৷ নির্বাসিত কালছোৱাত অন্য দেশৰ লগত মিত্রতা স্থাপন কৰি হেৰুওৱা দেশ পুনৰ নিজৰ হাতলৈ আনিব পাৰে৷ দ্বিতীয় মহাযুদ্ধৰ সময়ত ইথিওপিয়াৰ সম্রাটে স্বদেশ আনে অধিকাৰ কৰাত স্বনিৰ্বাসন লৈছিল৷ হলেণ্ড, লুক্সেমবার্গ আৰু যুগোশ্লোভিয়াৰ মানুহে ইংলেণ্ডত স্বনির্বাসন লৈছিল৷ ফ্ৰান্সৰ চাৰ্লচ ডি গ’ল (Charles De Gaulle--1890-1970) আৰু চেকুশ্রুভিয়াৰ এডৱাৰ্ড বেন (Edward Ben--) এ ৰাজনৈতিক স্বনির্বাসনৰ সময়তে ৰাজনৈতিক শাসন শক্তি অর্জন কৰিছিল৷

আহোম শাসন কালছোৱাত ল’ৰা ৰজাৰ অত্যাচাৰী প্ৰকোপৰ পৰা হাত সাৰিবলৈ গদাপাণি নগা পাহাৰত স্বনির্বাসন লৈছিল৷ এনেদৰে ইতিহাসৰ পাত লুটিয়ালে আৰু বহুতো নিদর্শন পোৱা যাব৷ তিব্বতী ধৰ্ম প্ৰচাৰক ডালাই লামাই ভাৰতত স্বনির্বাসন লৈছিল৷ ইয়াতে আমি চালমন ৰুচডি আৰু তচলিমা নাছৰিণৰ প্ৰসংগ আনিব পাৰি৷

প্রাচীনত্বৰ দৃষ্টিৰে বিশ্লেষণ কৰিবলৈ গ’লে ভাৰতীয় মহাকাব্যদ্বয় ৰামায়ণ আৰু মহাভাৰতকেই প্রথম স্থান দিব লাগিব৷ আকৌ এই দুই মহাকাব্যৰ ভিতৰত আদি কাব্য হিচাপে ইয়াত অন্তর্নিহিত কাহিনীৰ পৰা নিৰ্বাসন দণ্ড প্রসংগটি অন্বেষণ কৰি আলচ কৰিব পৰা হয়৷ বহুজনে এই প্রসংগটি একমুখে স্বীকাৰ কৰিবলৈ দ্বিধাবোধ কৰিব যে বাল্মীকিৰ ৰামায়ণত নির্বাসন দণ্ড প্রসঙ্গটি অনুপস্থিত৷ অৱশ্য হয়, ৰামায়ণৰ কাহিনীৰ লগত নির্বাসন দণ্ড প্রসঙ্গটিৰ প্ৰত্যক্ষ সম্বন্ধ নাথাকিলেও একেবাৰে অসামঞ্জস্যমূলক নহয়৷ যি কি নহওক, ৰামায়ণৰ মুখ্য চৰিত্ৰ ৰাম আৰু সীতাৰ কাহিনীৰ লগত নির্বাসন দণ্ড প্রসঙ্গটি ৰিজাই চাব পাৰি৷

এই কথা আমাৰ সকলোৰে জ্ঞাত যে ৰামচন্দ্ৰই পিতৃ বাক্য পালনার্থে চৈধ্য বছৰ বনবাস স্বীকাৰ কৰি লৈছিল৷ কিন্তু ই পিতৃ দশৰথতকৈ কৈকেয়ীৰ কূটনীতি তথা চালনাত পৰিহে ৰামচন্দ্ৰই চৈধ্য বছৰ বনবাস আপোচবিহীনভাবে স্বীকাৰ কৰি লৈছিল৷ নিজ পুত্ৰ ভৰতক ৰাজসিংহাসন অধিষ্ঠিত কৰাবৰ বাবেই কৈকেয়ীৰ এই ছলনা৷

সেই সময়ত কৈকেয়ীৰ মোহবশতঃ বাক্যত বন্দী হৈ ৰজা দশৰথে দিবলগীয়া দুটা বৰ অনুযায়ী প্ৰথম বৰ মতে ৰামক চৈধ্য বছৰ বনবাস আৰু দ্বিতীয় বৰ অনুযায়ী ভৰতক ৰাজ্যভাৰ দিয়াই আছিল কৈকেয়ীৰ মুখ্য উদ্দেশ্য৷ প্রকৃততে সেই সময়ত চৈধ্য বছৰ বনবাস ৰামৰ (মনুষ্যৰূপী) প্ৰতি গুৰুতৰ দণ্ড আছিল৷ ৰাম অপৰাধী নহ’লেও কৈকেয়ী আৰু মন্থৰাৰ কুমন্ত্ৰণাত বা কূটনীতিৰ মেৰপাকত পৰি বনবাসৰ দৰে ঘোৰ দণ্ডৰে দণ্ডিত হৈছে৷ ৰাজ্য, পিতৃ-মাতৃ, ভ্রাতৃ ভৰত আদি)ৰ পৰা চৈধ্য বছৰৰ বাবে বিচ্ছেদিত হৈছে৷ ৰাজকীয় ভূষণ পৰিত্যাগ কৰি বল্কল পৰিধান কৰি চৈধ্য বছৰ বনবাসত থাকি ফল-মূল খাই জীৱন ধাৰণ কৰিবলৈ ৰাজ্যৰ পৰা বাহিৰ হৈ বনবাসলৈ গৈছিল অর্থাৎ বাধ্যতামূলক ভাবে যাবলগীয়া হৈছিল৷ ৰামচন্দ্ৰৰ লগতে ধর্মপত্নী সীতা আৰু ভ্ৰাতা লক্ষ্মণেও এই বনবাসৰ দৰে যন্ত্ৰণাৰ অংশীদাৰ হৈছিল৷ সেই বনবাস আৰু নিৰ্বাসনৰ মাজত সাদৃশ্য বিচাৰি পোৱা যায়৷ বনবাসেই যেন নির্বাসনলৈ পৰিবৰ্ধন হৈছে৷ অৱশ্যে কিছু কথাত অমিলো নথকা নহয়৷৷ প্রত্যক্ষভাবে ৰামক নির্বাসন দিছিল বুলি নকৈ ৰামৰ চৈধ্য বছৰ বনবাসক আমি নির্বাসন দণ্ডৰ লগত ৰিজাব পাৰো৷ দশৰথৰ শাসনাধীন কালতে তেওঁৰ ৰাণী (কৌশল্যা আৰু সুমিত্রা) কৈকেয়ীয়ে ৰামৰ প্ৰতি চৰকাৰী ক্ষমতাৰ অপপ্ৰয়োগ কৰিছে আৰু ৰামক বনবাসলৈ পঠাইছে৷ বৰ্তমানৰ ‘নির্বাসন দণ্ডৰ লগত ইয়াৰ এইটোৱেই পার্থক্য যে – বর্তমান এখন চৰকাৰে প্ৰশাসনিক নীতি আৰু বিচাৰ অনুযায়ী অপৰাধীৰ ওপৰত গুৰুতৰ শাস্তি হিচাপে নির্বাসন দণ্ডৰ আদেশ জাৰি কৰে৷ চৰকাৰে ইচ্ছা হ’লে নির্বাসিতজনক মৃত্যুদণ্ডও দিব পাৰে৷ ইয়াত একপক্ষীয় দুর্নীতিৰ লগত সম্পর্ক নাই৷ কিন্তু ৰামায়ণত কুজী মন্থৰাৰ কুমন্ত্ৰণাৰ সহায়ত কৈকেয়ীয়ে ৰামক বনবাস দিয়াইছে আৰু নিজপুত্ৰ ভৰতক ৰাজ্যভাৰ অৰ্পণ কৰাইছে৷ এইয়া কৈকেয়ীয়ে দশৰথৰ এগৰাকী ৰাণী হিচাপে ক্ষমতাৰ অপব্যৱহাৰ কৰিছে৷ সেয়েহে নির্বাসন দণ্ডৰ ব্যাখ্যা আৰু বিশ্লষণৰ পোহৰত ৰামৰ বনবাসকো নিবর্বাসন দণ্ড বুলি কোৱাত অত্যুক্তিৰ দোষে নুচুব৷

কালিদাসৰ ‘মেঘদূত’:

মন্দাক্রান্তা ছন্দত ৰচিত মহাকবি কালিদাসৰ ‘মেঘদূত’ কাব্য বিশ্বসাহিত্যত এক অমৰ সৃষ্টি৷ এই মেঘদূত কাব্যৰ কাহিনী আৰু কাব্যিক সৌন্দৰ্যৰ অন্তৰালত আছে নির্বাসন৷ এই নির্বাসনৰ গইনা লৈয়েই পৰবৰ্তী ঘটনা আগবাঢ়ি গৈছে৷

মেঘদূত কাব্যত বর্ণিত ঘটনা তথা কাহিনী হ’ল এন ধৰণৰ:

“অলকাৰ অধিপতি কুবেৰৰ ভৃত্য এক যক্ষই তেওঁৰ নৱবিবাহিতা পত্নীৰ কাষত আত্মহাৰা হৈ থাকি কৰ্তব্যৰ প্ৰতি পিঠি দিছিল৷ যক্ষই কৰ্তব্যৰ প্ৰতি কৰা এই অৱহেলা কুবেৰৰ অসহ্য হোৱাত যক্ষক নির্বাসন দিছিল এবছৰৰ কাৰণে ৰামগিৰিত৷ কুবেৰৰ দ্বাৰা নিৰ্বাসিত হৈ, যক্‌ষই প্রিয়া বিৰহত ৰামগিৰিত আঠমাহ কটালে৷ অলকাপুৰীত থকা প্রিয়ালৈ মনোবেদনাৰ কথা এচপৰা মেঘৰ যোগেদি প্ৰেৰণ কৰিছে প্রিয়া বিৰহত আকুল হোৱা যক্ষই৷ ইয়াত নির্বাসন দণ্ড কাব্য সৃষ্টিৰ মূলতে থকা এটি কাৰণহে, কাব্যৰ মূল উদ্দেশ্য নহয়৷

ভৱভূতিৰ “উত্তৰ ৰাম চৰিত”:

নির্বাসন দণ্ডৰ উল্লেখ থকা প্ৰাচীন সাহিত্যৰ অন্য এক নমুনা হ’ল মহাকবি ভৱভূতিৰ “উত্তৰ ৰাম চৰিত’৷ এটা কথা উল্লেখ্য যে ভৱভূতিৰ নাটকতহে ৰামৰ সমগ্ৰ জীৱনবৃত্ত ৰূপায়িত হোৱা দেখা যায়৷ যি কি নহওক এই নাটক খনত কি দৰে নিৰ্বাসন দণ্ডৰ উল্লেখ পোৱা যায়৷ তাক চাবলৈ প্ৰয়াস কৰা হৈছে৷

সীতাৰ ওপৰত ৰামৰ শাস্তিমূলক বিহিত ব্যৱস্থাৰ আগজাননী পোৱা যায় ৰামৰ এটি সংলাপৰ যোগেদি:

ৰাম: মিত্ৰা বৰুণৰ পুত্ৰ ভগৱান ঋষিজনাৰ যি আদেশ৷ মই যদি প্ৰজাক সন্তুষ্ট কৰিবৰ কাৰণে স্নেহ, দয়া, সুখ আনহে নালাগে প্রিয়তমা গৰাকী কুমাৰীকো ত্যাগ কৰিব লগা হয়, তেতিয়াও মোৰ মনত কষ্ট নহ’ব৷

দ্বিতীয় অংকত ৰামে নিজকে নিজে কৈছে—

“... গৰ্ভৰ ভৰত অলস হৈ পৰা অৱস্থাত সীতাক যি ৰামে নির্বাসন দিব পাৰিছিল, তই সেই ৰামৰ

শৰীৰৰে অংগ, তোৰ কৰুণাৰ অৱকাশ ক’ত”

প্ৰজাৰঞ্জক ৰামে নাগৰিকসকলে ৰটনা কৰা মিছা অপবাদত অতিষ্ঠ হৈ মহাৰাণী সীতাক নির্বাসন দিয়াত লক্ষ্মণে নি তেওঁক প্ৰসৱৰ আগমুহূৰ্তত বাল্মীকিৰ আশ্ৰমৰ ওচৰত এৰি থৈ আহিছিল৷ প্ৰজাৰঞ্জক ৰজা ৰামৰ কাৰণে সীতা নির্বাসন অপৰিহাৰ্য আছিল বুলি স্বীকাৰ কৰিছে৷ কিন্তু বাসন্তয়ে সীতা নির্বাসনৰ কাৰণে ৰামক কঠোৰভাৱে সমালোচনা কৰিছে৷ অথচ তেওঁ ৰামৰ প্ৰতি নিষ্ঠুৰ আৰু সহানুভূতিহীন হোৱা নাই৷ বনদেৱী বাসন্তীয়ে (অগস্ত্যৰ আশ্রমলৈ গৈ থকা) বিদ্যার্থিনী আত্রেয়ীৰ মুখত সীতা নির্বাসনৰ কথা শুনি সুধিছে এনেদৰে – “হায়  হায় আর্যা অৰুন্ধতী আৰু বশিষ্ঠৰ সাক্ষাতে, বৃদ্ধা ৰাণীসকল জীৱিত থকা কালতে এই অঘটন কেনেকৈ ঘটিবলৈ পালে?”

ভৱভূতিৰ এই উত্তৰ ৰাম চৰিত নাটকত সীতা নিৰ্বাসনৰ আগতেই বশিষ্ঠৰ লগত মাতৃসকল ঋষ্যশৃংগৰ যজ্ঞলৈ গৈছে৷ আনহাতে বাল্মীকি মুনিৰ ৰামায়ণত তপোবন দর্শন কৰোৱাৰ ছলেৰে কুলবধু সীতাক অন্তঃসত্ত্বা অৱস্থাত নির্বাসন দিয়াৰ সময়ত ৰামৰ মাতৃসকল অনুচিতভাৱে নীৰৱে আছিল৷

হৰিনাৰায়ণ দত্তবৰুৱা সম্পাদিত মাধৱ কন্দলিৰ দ্বাৰা অনূদিত ৰামায়ণত সীতাক দিয়া নির্বাসনৰ কথা এনেদৰে পোৱা যায়৷ ৰামে লক্ষ্মণক ছলেবলে হ’লেও সীতাক নির্বাসন দিবলৈ আদেশ দিছে -

বিপাঙে পৰিলো বাপ উদ্ধাৰা আমাক৷

ছলবাদে দিয়ো নিয়া নির্বাস সীতাক ৷৷

ইয়াৰ পিছত জনক নন্দিনী সীতাই কৈছে--

আকৌ কৈছে-

(পদ-৭০৮০,পৃ:৪৪৩)

দুষ্টে দিল অপযশ তাতে আন ত্রাস৷

ছলে নিয়া দিয়াইলন্ত আমাক নির্বাস,৷৷

দেখা দেখা ইটো কেনে স্বামী মর্য্যাদ৷

কিসক কৰিলে এতমান ছলবাদ ৷৷

(পদ ৭০৮২/ পৃ:৪৪৪)

কাষ্ঠতে ফৰিল বজ্রে বান্ধিলেক হিয়া৷

দুৰ্জনৰ বোলতে নিৰ্বাস মোক দিয়া৷৷ (৭০৮৯)

কোন শত্ৰু তোমাৰ কৰিলো কিবা হানি৷

কৰিলো এনুৱা উগ্ৰদণ্ড কিবা জানি৷৷

ছলবাদে দিয়ো নিয়া নির্ব্বাস মনে৷

আকস্মিতে তেজে যেন

ভার্য্যাক টেণ্টনে৷৷ (৭০৯০)

অনাদোষত অন্তঃসত্ত্বা সীতাক নির্বাসন দি ৰামে অনুভৱ কৰিছে-

যেহি দিনা দিল নিয়া নির্ব্বাস সীতাক৷

নাহি অন্ন পান প্রভু ভৈলন্ত অবাক,৷৷

কান্দন্তে কান্দন্তে ভৈলা নয়ন তবধ৷

কৰিলো পাতকী গৰ্ভৱতী স্ত্ৰীৰ বধ ৷৷

(৬৭৫৮/পৃঃ ৪২৩)

আদি কবি বাল্মীকিৰ ৰামায়ণত সীতাৰ বনবাসৰ প্ৰসঙ্গটো অলপ পৃথকভাবে উল্লেখ আছে৷ বাল্মীকি ৰামায়ণত ৰামে লক্ষ্মণক কৈছে:

“ কালিলৈ প্রাতঃ কালতে তুমি সাৰথি সুমন্ত্ৰৰ দ্বাৰা সঞ্চালিত ৰথত আৰোহণ কৰিবা আৰু সীতাক সেই ৰথতে উঠাই এই ৰাজ্যৰ সীমাৰ বাহিৰত এৰি আহিবা৷ গঙ্গাৰ সিপাৰে বাল্মীকিৰ আশ্রম৷ সেই আশ্ৰমৰ নিকট নির্জন বনত সীতাক এৰি থৈ তুমি শীঘ্রে উলটি আহিবা৷ লক্ষ্মণ মোৰ এই আজ্ঞা পালন কৰা৷ সীতাৰ বিষয়ে তোমাৰ লগত মই আৰু কোনো কথাই পাতিব নিবিচাৰোঁ, গতিকে তুমি এতিয়া যোৱা৷ এই বিষয়ে কোনো প্রকৃত বিচাৰ এতিয়া নকৰিবা৷ মোৰ এই নিশ্চয়তাত তুমি যদি কোনো প্ৰকাৰৰ সমস্যা সৃষ্টি কৰা তেন্তে মই বৰ কষ্ট পাম৷ ৰামে লক্ষ্মণক আজ্ঞা দিছে যে সীতাক বাহিৰত থকা আশ্ৰমৰ কাষত (বাল্মীকিৰ) এৰি থৈ আহিবলৈ৷ পোনপটীয়াকৈ নির্বাসনৰ কথা উল্লেখ নাথাকিলেও এয়াই যেন অন্তঃসত্ত্বা নির্দোষী সীতাৰ বাবে এক প্ৰকাৰৰ নির্বাসন দণ্ড৷ পোনপটীয়াকৈ সীতা নির্বাসনৰ কথাটো বাল্মীকিকৃত ৰামায়ণত অনুপস্থিত যদিও এইপ্রসঙ্গটোকে পৰৱৰ্তী কালত অনুবাদক, কবি, তথা সাহিত্যিকে ‘উত্তৰাকাণ্ড’ লিখি তাত এই ঘটনাটোকে নির্বাসন হিচাপে প্রক্ষেপ কৰিছিল৷ অর্থাৎ উত্তৰাকাণ্ড ৰামায়ণতহে সীতা বনবাসৰ কথা তথা এক পক্ষে সীতা নির্বাসনৰ প্ৰসঙ্গটো বিচাৰি পোৱা যায়৷

আধুনিক অসমীয়া সাহিত্যত নির্বাসন দণ্ড প্রসঙ্গ:

প্রাচীন অসমীয়া সাহিত্যত আমি যি দৰে নিৰ্বাসন দণ্ডৰ নজিৰ বিচাৰি পাওঁ ঠিক তেনেদৰেই আধুনিক অসমীয়া সাহিত্যতো নির্বাসন দণ্ডৰ উল্লেখ কম পৰিমাণে হ’লেও পোৱা যায়৷ ওপৰত ইতিমধ্যেই প্রাচীন সাহিত্যৰ ক’ত কি দৰে পোৱা যায় তাৰ এটি সমীক্ষা চলাৰ সামান্য প্রয়াস৷ কৰা হ’ল৷ ইয়াৰ লগে লগে আধুনিক অসমীয়া সাহিত্যত নির্বাসন দণ্ড বিষয়টো ক’ত কিদৰে সিঁচৰতি হৈ আছে সেই বিষয়েও আলোচনা কৰাৰ যত্ন কৰা হৈছে৷

লক্ষ্মীনাথ বেজবৰুৱাৰ নাটকত নির্বাসন দণ্ড:

‘বেলিমাৰ’: অসমীয়া নাট্যসাহিত্যলৈ লক্ষ্মীনাথ বেজবৰুৱাৰ অৱদান সদায়েই স্মৰণীয়৷ বেজবৰুৱাৰ এখন লেখত লবলগীয়া নটক হ’ল ‘বেলিমাৰ’৷ ‘বেলিমাৰ’ নাটকত নির্বাসন দণ্ডৰ উল্লেখ পোৱা যায়৷ প্রথম অঙ্কত ভূতৰ পুতেক সতৰামে কেনেকৈ চন্দ্ৰকান্তৰ পৰা লাই পাই মহাপ্রতাপী পূর্ণানন্দৰ বিপক্ষে ষড়যন্ত্ৰ আৰু শেষত পূর্ণানন্দৰ কোপদৃষ্টিত পৰি নিৰ্বাসিত হ’ব লগা হ’ল তাক সুন্দৰ ৰূপত উপস্থাপন কৰি দেখুৱাইছে৷

জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটকত নির্বাসন দণ্ড:

‘কাৰেঙৰ লিগিৰী’:

ৰূপান্তৰ দৰ্শনৰ পৃষ্ঠপোষক তথা ৰূপান্তৰ চেতনাক আগ স্থান দিয়া ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাই নাটকৰ যোগেদি অভিনৱত্ব আনিবলৈ প্ৰয়াস কৰিছিল৷ সাহিত্য, সঙ্গীত, নাটক আদিৰ যোগেদি ৰূপান্তৰৰ চিন্তা আৰু চেতনা অতি স্পষ্ট ৰূপত প্ৰকাশ পাইছে৷ জ্যোতিপ্ৰসাদৰ ৰূপান্তৰৰ দৰ্শন আটাইকেইখন নাটকতে পৰিলক্ষিত হয়৷

‘কাৰেঙৰ লিগিৰী’ নাটকখনৰ এটি উল্লেখযোগ্য নাৰী চৰিত্ৰ হ’ল ‘শেৱালি’৷ শেৱালি সঁচাকৈয়ে শেৱালি ফুলৰ দৰেই সুবাসিত চৰিত্ৰ৷ মানুহৰ জীৱনৰ মহাসৌন্দর্য লুকাই থাকে ত্যাগময় সৌন্দর্য চেতনাৰ আধাৰ সাধাৰণ জনতাৰ মাজত৷ শেৱালি চৰিত্ৰটোৱেই তাৰ প্ৰমাণ৷ শাসক শ্ৰেণীৰ বাবে সাধাৰণ শ্ৰেণীৰ মানুহ হাতৰ পুতলা৷ ভাল লাগিলে খেলে, বেয়া লাগিলে দলিয়াই দিয়ে বকৰাণিলৈ৷ শেৱালিৰ ক্ষেত্রতো তেনেই হ’ল, লিগিৰী হৈ ৰজাৰ মন ভূলোৱাটো অপৰাধৰূপে গণ্য হ’ল৷ পৰিণতি ৰূপে শেৱালি নির্বাসিত হ’ল সুদূৰ নগা পাহাৰলৈ৷ নাটকখনৰ চতুৰ্থ অঙ্কৰ প্ৰথম দৰ্শনত ৰাজমাওৰ আদেশমর্মে চাওডাঙে নগা পাহাৰত এৰি থৈ অহাৰ কথা জানিবলৈ পোৱা গৈছে৷ সুন্দৰ কোঁৱৰে শেৱালিক বিচাৰি নগা পাহাৰ পালেগৈ৷ তাতে নির্বাসিত অনঙ্গক লগ পাই দুয়ো কথা হৈছে৷ আনহাতে পঞ্চম অঙ্কৰ প্ৰথম দৰ্শনত সুন্দৰ কোঁৱৰ আৰু অনঙ্গৰ মাজত যি কথোপকথন হৈছে তাত স্পষ্ট হৈ পৰিছে যে সুন্দৰ কোঁৱৰক ভাল পাই অপৰাধ কৰি শেৱালি নগা পাহাৰলৈ নির্বাসিত হ’ল৷

অনঙ্গ: কিন্তু শান্তি নেভাঙিলে যে শান্তি, নোপোৱা বাৰু কেলৈ আহিলা, শেৱালিৰ নিৰ্বাসন ৰহিত কৰিবলৈ, হয়নে?

সুন্দৰ: অকল নির্বাসন ৰহিত কৰিবলৈ অহা নাই৷

সুন্দৰ: ইমান হাঁহি কিয় বন্ধু?

অনঙ্গ: বহুত দিন হঁহিব পৰা নাই৷ আজি প্রাণ খুলি হাঁহিবলৈ অৱকাশ পাইছোঁ৷ আহা আহা, আহা বন্ধু, আজি নির্বাসিতৰ আলহী হোৱাহি!

দ্বিতীয় অঙ্কৰ চতুৰ্থ দৰ্শনত সুন্দৰ কোঁৱৰে নিজেই কাঞ্চনমতীক তেওঁৰ ৰাজ্যৰ পৰা নির্বাসন দিছে৷

সুন্দৰ: … মই তোমাক অনঙ্গৰাম বৰ-গোঁহাইক আৰু কাঞ্চনমতীক মোৰ ৰাজ্যৰ পৰা নিৰ্বাসন দিলো৷

(কাঞ্চন থক থক কৰে কঁপি মাটিত পৰিষ যায়, অনঙ্গ ধীৰ স্থিৰ)

চাও ডাঙহঁত, মোৰ ৰাজ্যৰ সীমা বাহিৰ কৰি এই মানুহহালক এৰি থৈ আহগৈ৷

(চাওডাঙবোৰে সেৱা কৰি মাটিত মূৰ লগায়)

(জ্যোতিপ্ৰসাদ ৰচনাৱলী, পৃ: ৮৭-১০৭)

অতুলচন্দ্ৰ হাজৰিকাৰ নাটকত নির্বাসন দণ্ড প্রসঙ্গ:

সাহিত্যাচার্য অতুল চন্দ্ৰ হাজৰিকাৰ নাটসমূহৰ অন্যতম হ’ল ‘টিকেন্দ্রজিৎ’ (জুন ২০০৯)৷ এইখন নাটকতো নির্বাসন দণ্ড দিয়াৰ বিষয়ে পৰোক্ষভাৱে উল্লেখ পোৱা যায়৷ নাটখনৰ পঞ্চম অঙ্কৰ তৃতীয় দর্শনত (ফাঁচী-মণ্ডপ) জেল অধ্যক্ষৰ সংলাপত ইয়াৰ আভাস পোৱা যায়৷

এই দর্শনত জেল অধ্যক্ষই টিকেন্দ্রজিৎ আৰু ঠঙাল জেনেৰেলৰ ফাঁচিৰ নিৰ্দেশ দিছে আৰু কুলচন্দ্ৰ আৰু আগুঁচা কোঁৱৰৰ ফাঁচীৰ সলনি ক’লাপানীৰ হুকুম হৈছে৷ বিশ্বাসযোগ্যতাৰ তাগিদাত জেল অধ্যক্ষৰ সংলাপটি দিয়া হ’ল:

জেল অধ্যক্ষ: এক নম্বৰ আছামী টিকেন্দ্রজিৎ! আৰু দুই নম্বৰ আছামী ঠঙাল জেনেৰেল৷ আজি তোমালোকৰ ফাঁচীৰ দিন৷ সেই কাৰণে দুইজনকে ফাঁচীৰ মঞ্চলৈ অনা হৈছে৷ স্পেছিয়েল কোর্টে৷ তোমালোকক প্ৰদান কৰা মৃত্যুদণ্ড বৰলাট বাহাদুৰে বাজাল ৰাখিছে৷ কুলচন্দ্ৰ আৰু আগুঁচা কোঁৱৰৰ ফাঁচীৰ সলনি ক’লাপানীৰ হুকুম হৈছে৷ আছামীবিলাকৰ সকলো স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি বাজেয়াপ্ত কৰা হৈছে৷ টিকেন্দ্রজিৎ আৰু ঠঙাল৷ তোমালোকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা, পাঁচজন বৃটিছ বিষয়াৰ হত্যাৰ প্ৰৰোচনা আৰু নৰহত্যা৷ এই অভিযোগবোৰ সঁচা বুলি প্রমাণিত হোৱাত ওপৰোক্ত শাস্তিৰ ব্যৱস্থা কৰা হৈছে৷ তোমালোক দুজনৰ কিবা ক’বলগীয়া থাকিলে সোনলালে কৈ যাব পাৰা৷ প্ৰথমতে টিকেন্দ্রজিৎ তুমি কোৱা৷

ক’লাপানীৰ হুকুম মানে বুজা যায় যে কলিয়াপানীলৈ নির্বাসন দিয়া৷ গুৰুতৰ অপৰাধীসকলক কলিয়াপানীলৈ নির্বাসিত কৰা হৈছিল৷

ৰজনীকান্ত বৰদলৈৰ উপন্যাসত নির্বাসন দণ্ড:

অসমীয়া সাহিত্য জগতত লব্ধপ্রতিষ্ঠ সাহিত্যিকসকলৰ ভিতৰত ৰজনীকান্ত বৰদলৈ স্মৰণযোগ্য আৰু অনুকৰণীয় ব্যক্তি৷ অসমীয়া ভাষাত বুৰঞ্জীৰ আলমত উপন্যাস ৰচোতা ন-পুৰণি ঔপন্যাসিকসকলৰ ভিতৰত এইজনকেই সর্বশ্রেষ্ঠ ঔপন্যাসিক আখ্যা দিয়া হয়৷ ‘অসমৰ স্কট’ আৰু ‘উপন্যাস সম্রাট’ বুলিও জনা যায়৷

ৰজনীকান্ত বৰদলৈৰ ৰচিত উপন্যাসসমূহৰ ভিতৰত ‘ৰঙ্গিলী’ উপন্যাসত ৰঙ্গিলী-সৎৰামৰ দৰে আন চাৰিটা প্রেম-প্রীতি বিজড়িত কাহিনী সন্নিবিষ্ট হৈছে৷ ইয়াৰ লগতে উপন্যাসখনত নির্বাসন দণ্ড প্রসঙ্গটিও উল্লেখ্য৷ উপন্যাসত বর্ণিত কাহিনী মতে অশিক্ষিত সৎৰামে চন্দ্ৰকান্ত সিংহৰ সংগ লাভ কৰি চাৰিঙীয়া ফুকনৰ বাব পায়ো সন্তুষ্ট নহ’ল৷ তাৰ উচ্চাভিলাষেই দুৰাকাংক্ষাত পৰিণত হ’লগৈ৷ ফলত সি ৰঙ্গিলীৰ কথা পাহৰিয়েই গৈছিল যদিও শেষত যেতিয়া ৰাজ্যৰ পৰা নিৰ্বাসিত হৈ নগা পাহাৰলৈ যাবলৈ ওলাল তেতিয়াহে পূৰ্বৰ প্ৰণয়ীলৈ মনত পৰিল৷ ৰঙ্গিলীয়ে জিয়ৰীকালৰে পৰা সৎৰামৰ ছবিখনকে অন্তৰত ঠাই দি সেইজনকে জীৱনৰ লগৰীৰূপে পাবলৈ সংকল্প লৈ আছিল৷ কিন্তু সেই অনুপাতে সৎৰামৰ পৰা ৰঙ্গিলীয়ে মৰম-স্নেহ পোৱা নাছিল৷ ৰাজৰোষত দেশৰ পৰা নিৰ্বাসিত হোৱা সত্বেও আনৰ চকুত ধূলি মাৰি ঢুকাই লুকাই আহি সৎৰামক লগ ধৰি নানা পৰামৰ্শ দিছিল৷

সৎৰামৰ ৰঙ্গিলীৰ প্ৰতি ভাল ভাৱ আছিল যদিও নিজে কোনো দিনে ৰঙ্গিলীক প্রেমিকাৰূপে স্বীকৃতি দিয়া নাছিল৷ সৎৰাম নগাপাহাৰলৈ নির্বাসিত হোৱাৰ পিছত লুকাই লুকাই দেখা কৰা সময়ত মনৰ ভিতৰত ইমান দিনে সাঁচি ৰখা কথাখিনি ব্যক্ত কৰিলেও বুকুত মূৰ থৈ প্রেম নিবেদন কৰা নাছিল৷ ৰঙিলী আৰু সৎৰামৰ প্ৰেমৰ ই এক সুন্দৰ নিদৰ্শন৷

ৰজনীকান্ত বৰদলৈৰ আন এখন লেখত লবলগীয়া বুৰঞ্জীমূলক উপন্যাস হ’ল ‘ৰহদৈ লিগিৰী’৷ এই উপন্যাসত বর্ণিত কাহিনী মতে ৰাজকাৰেঙৰ স্বয়ং চন্দ্ৰকান্ত সিংহয়ো ৰহদৈৰ প্ৰেমত বিয়া হৈ ‘তোৰ ৰূপত বলিয়া’৷ ৰহদৈ লিগিৰী পৃ:৪৩) বুলি কোৱাই নহয় ‘তুৰন্তে বিয়া কৰাই সৰুৰাণী’( ৰহদৈ লিগিৰী পৃ:১০২) পতাৰ লোভ দেখুৱাই তাইৰ মন পাবলৈ যত্ন কৰিছিল৷ ৰজাৰ কামলিপ্সাৰ পৰা নৱপৰিণিতা ৰাণীৰ চক্ৰান্তত ৰক্ষা পৰিছিল যদিও ৰাঙলী বাহৰত ৰহদৈৰ পূৰ্বৰ প্ৰণয়ী দয়াৰামৰ লগত দেখাদেখি হ’ল৷ পূর্ণানন্দ বুঢ়াগোহাঞি আৰু ৰাজমাৱে চক্রান্ত কৰি দয়াৰামক নগা পাহাৰলৈ নির্বাসিত কৰিছিল আৰু ৰহদৈক বদন বৰফুকনক হত্যা কৰাৰ পুৰস্কাৰ স্বৰূপে ৰূপসিং বঙাললৈ বিয়া দিয়াৰ ব্যৱস্থা কৰিছিল৷

বৰদলৈৰ উপন্যাস চন্দ্ৰকান্ত সিংহ ৰাজপাটত উঠাৰ পৰা বৃটিছে অসম দখল কৰালৈকে এই কালছোৱাৰ৷ হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ পিছত ফুলেশ্বৰীৰ নৃত্য দেখি বিয়া কৰাই বৰ ৰজা (গুণাভিৰাম বৰুৱা, অসম বুৰঞ্জী, পৃ:৯৮) পাতিলে আৰু ৰজাৰ চিনাকি হ’ল ‘সৰু ৰজা’ ( বৰদলৈ ৰচনামালা পৃ,৫৫০, নির্মল ভকত ২৫-২৬) ফুলেশ্বৰীয়ে ৰাজকাৰ্যতো হাত দিছিল৷ চন্দ্রকান্ত সিংহৰ খেলাৰ লগৰী সৎৰামৰ অপকর্ময়ো পূর্ণানন্দ বুঢ়াগোহাঁইক ৰাজকার্যত কিছু কঠিন হ’বলৈ বাধ্য কৰাইছিল৷ সৎৰামক নির্বাসন দিয়াৰ পিছত পূর্ণানন্দ সর্বেসর্বা হৈ পৰিল৷

(আগলৈ)

 

লেখকৰ ঠিকনা:

সহকাৰী অধ্যাপক

অসমীয়া বিভাগ

শিৱসাগৰ ছোৱালী মহাবিদ্যালয়

ভ্রাম্যভাষ:৯৬৭৮৩৪৭৬১১

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ