অন্যযুগ/


অজিত ছিংনাৰৰ গল্পত জনজাতীয় সমাজ

 (‘গুৰিয়াল’ আৰু ‘কুৰকেপন’ৰ বিশেষ উল্লিখনেৰে)


বিশ্বজিৎ শইকীয়া

 

 

অসমীয়া সমাজ জীৱনত ইতিহাসে ঢুকি নোপোৱা কালৰ পৰাই জনজাতীয় উপাদানৰ উপস্থিতিৰ উমান পোৱা যায়৷ এই বিশেষত্বই অসমীয়া সমাজ খনক সুকীয়া মৰ্যাদা প্ৰদান কৰিছে৷ সাহিত্যৰ মাজেদি এখন সমাজৰ প্ৰতিচ্ছবি প্ৰতিফলিত হয়৷ অসমীয়া সাহিত্যতো  জনজাতীয় জীৱনৰ সৈতে জড়িত বিভিন্ন বিষয়য়ে অতীজৰে পৰা প্ৰাধান্য পাই আহিছে৷ অজিত ছিংনাৰৰ গল্পৰ মাজেদি তেওঁৰ মাতৃভূমি আৰু নিজা জনজাতীয় লোকৰ প্ৰতি থকা ভালপোৱা, অকৃত্ৰিম আত্মীয়তাবোধ পোহৰলৈ আহে৷ অসমীয়া সাহিত্যত সাম্প্ৰতিক সময়ত আত্মপ্ৰকাশ কৰা অজিত ছিংনাৰে একাধাৰে সাহিত্যৰ কেইবাটাও বিভাগত আত্ম সৃজনীশীল প্ৰতিভাৰে উজলি উঠিছে৷ নগাঁও জিলাৰ আমচৌত ১৯৬৫ চনত জন্ম গ্ৰহণ কৰা ছিংনাৰৰ গল্প ছেগা-চোৰোকাকৈ অসমৰ আগশাৰীৰ কাকত আলোচনী প্ৰান্তিক, গৰীয়সীবৰ্ণমালা, এনাজৰীদৈনিক কাৰ্বি, অন্যযুগ আদিত প্ৰকাশ পাই আহিছে৷ ছিংনাৰৰ প্ৰকাশিত গল্প-সংকলন কেইখন হপৰুৱাই পোৱা মানুহ (২০১১), আৰু পাহাৰৰ গাৰে নামি অহা সপোন (২০২২)৷ তেওঁৰ উপন্যাসসমূহ হলংৰি আতমন (২০১৪)ছেৰ হংথম (২০১৬)সন্ধ্যাবেলাৰ শোকগাথা (২০১৬)বর্ষাদেৱীৰ মালিতা (২০১৯) আৰু ধেৱাই ধোৱা ধৰণী (২০২৪)৷ ইয়াৰ বাহিৰেও বৰ্ণমালাৰ গদ্য সংগ্ৰহ আৰু কাৰবি সংস্কৃতিৰ ইতিহাস তেওঁৰ দ্বাৰা সম্পাদিত দুখন গ্ৰন্থ৷

জন্মসূত্ৰে কাৰ্বি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা এইগৰাকী গল্পকাৰৰ গল্পত কাৰ্বি জনজাতীয় লোকজীৱন চেতনা প্ৰতিফলিত হোৱা দেখা যায়৷ ছিংনাৰৰ ‘গুৰিয়াল’ নামৰ গল্পটোৰ বিষয়বস্তু কাৰ্বিসকলৰ জনজীৱনৰ আধাৰতে গঢ় লৈ উঠিছে৷ গল্পটোত এগৰাকী নিষ্কৰ্মা স্বামীৰ বিপৰীতে এগৰাকী কৰ্মোদ্যমী কাৰ্বি নাৰীৰ স্থিতিশীল জীৱনৰ ছবি ফুটি উঠিছে৷ কাৰ্বি ভিতৰুৱা গাঁও এখনৰ পটভূমিত গঢ় লোৱা গল্পটোৰ ঘাই বিষয়বস্তু হৈছে জনগোষ্ঠীয় ঐতিহ্য আৰু পৰম্পৰাগত বিশ্বাসৰ সৈতে আধুনিক পৰিৱৰ্তনকামী চিন্তাৰ মাজত হোৱা দ্বন্দ্ব৷

গল্পটোৰ মূল চৰিত্ৰ কাছাঙৰ বিয়া হয় নিষ্কৰ্মা লাংটুক তকবিৰ সৈতে৷ মাক-দেউতাকৰ নিৰ্দেশ মতেই কাছাঙে দুবেলা দুসাঁজ ভালকৈ খাই-বৈ থাকিব পৰা অৱস্থাৰ ঘৰ এখনৰ ল’ৰা লাংটুকৰ সৈতে বিয়াৰ প্ৰস্তাৱ মানি লৈছিল৷ কিন্তু বিয়াৰ দুবছৰমানৰ পাছতেই পৰিস্থিতি সলনি হয় আৰু কাছাঙৰ জীৱনলৈ নামি আহে অনেক প্ৰত্যাহ্বানৰ সোঁত৷ কাছাঙৰ জীৱনৰ সংগ্ৰাম মূলতঃ জীয়াই থকাৰ সংগ্ৰাম, সংসাৰ এখন চলাই নিয়াৰ সংগ্ৰাম, ঘৰ এখন ধৰি ৰখাৰ সংগ্ৰাম৷ কাছাঙৰ দৰে প্ৰতিগৰাকী নাৰীয়েই এই সংগ্ৰামত অহৰ্নিশে অংশ গ্ৰহণ কৰি থাকিবলগীয়াত পৰিছে৷ কাছাং এটা প্ৰতিনিধিমূলক চৰিত্ৰহে মাথোন৷ পুৰুষতান্ত্ৰিক ব্যৱস্থাৰে পৰিচালিত কাৰ্বি সমাজত নাৰীৰ ভূমিকাও অতি গুৰুত্বপূৰ্ণ৷ পুৰুষৰ দৰে নাৰীসকলেও কাৰ্বি সমাজৰ স্বকীয়তা বজাই ৰখাত সমানে অৰিহণা আগবঢ়াই আহিছে৷ কাৰ্বি নাৰীসকল কঠোৰ পৰিশ্ৰমী আৰু কষ্টসহিষ্ণু৷ কাৰ্বি নাৰী সাধাৰণতে স্বাধীন মনৰ আৰু স্বাধীন চিতীয়া যুক্তিবাদী মনোভাৱৰ গৰাকী৷ ‘গুৰিয়াল’ গল্পৰ কাছাং চৰিত্ৰটো তাৰেই উদাহৰণ৷ গল্পটোত ঘৰ-বাৰী, ল’ৰা-ছোৱালী সমস্ত দায়িত্ব কাছাঙে মূৰ পাতি লৈছে৷ তাৰ বিপৰীতে গিৰীয়েক লাংটুকে গাঁৱত পূজাৰ মদ-মাংস খাই ঘূৰি ফুৰে৷ গল্পটোত কাৰ্বি সমাজৰ লোক বিশ্বাস, লোক-সংস্কৃতিৰ ভালেখিনি উপাদানে ভুমুকি মৰা চকুত পৰে৷ কাৰ্বিসকলে গাঁও পাতি বাস কৰে আৰু গাঁৱৰ এজন মুখিয়াল থকাৰ নিয়ম৷ সাধাৰণতে এই মুখিয়ালজনৰ উপাধিৰেই গাঁওখনৰ নামাকৰণ কৰাটো কাৰ্বি সমাজৰ এটা সুকীয়া বৈশিষ্ট্য৷ গল্পটোত উপাধিৰে বুজোৱা ছিংনাৰ গাঁও, তিমুং গাঁও আদিৰ উল্লেখ পোৱা যায়৷ কাৰ্বি সমাজত নাৰীৰ ভূমিকা গুৰুত্বপূৰ্ণ৷ কাৰ্বি নাৰীৰ কৰ্ম দক্ষতা আৰু দুঃসহসিকতাৰ ছবি এখন গল্পটোত প্ৰকাশ পাইছে৷ কিছুমান  কাৰ্বি পুৰুষৰ দৰে এলেহুৱা লাংটুকেও বিশ্বাস কৰে যে মতা মানুহে কান্ধত খৰি অনাটো অশুভ৷ এই বিশ্বাসৰ গইনা লৈ সি পাহাৰৰ ঝুমতলিৰ পৰা খৰি এডালো ঘৰলৈ নানে৷ কিন্তু কাছাঙে দিনৰ দিনটো ঝুমতলিত কাম কৰি ঘৰলৈ ঘূৰিবৰ সময়তো পিঠিত এবোজা খৰি লুৰি আনিব  লাগে৷ ইয়াৰ উপৰি কেতিয়াবা দুৰ্গম হাবিৰ মাজেদি আহিব লগীয়া হ’লে কাছাঙেই লাংটুকৰ আগে আগে আহি নাৰীৰ সাহসিকতাৰ পৰিচয় দিবলগীয়াত পৰে ৷ এয়া সমাজৰ নিয়ম৷ প্ৰতিগৰাকী কাৰ্বি নাৰীয়েই পাকৈত গৃহিণী৷ কাছাঙে কেঁচা খৰি ফুৱাই ফুৱাই ভাত ৰন্ধাৰ এক দৃশ্য গল্পটোত পোৱা যায়৷ কাৰ্বিসকলৰ খাদ্যাভ্যাসত তেল-মচলাৰ ব্যৱহাৰ প্ৰায় কম দেখিবলৈ পোৱা যায়৷ কাছাঙেও তেল-মচলা নিদিয়া ‘কালাদাং’ নামে এখন তৰকাৰী ৰান্ধে৷

কাৰ্বি সমাজত বিভিন্ন লোকবিশ্বাস অনুসৰি অনেক দেৱ-দেৱতাৰ পূজা-পাতল কৰা হয়৷ লাংটুকে গাঁৱৰ পেং, কাংডুক, চ’জুন আদি পুজাবোৰত মদে-মাংসৰে ভোজ খাই ঘূৰি ফুৰে৷ কাৰ্বিসকলৰ ধৰ্মীয় অনুষ্ঠানত মদ-মাংসৰ সম্পৰ্ক অতি গাঢ়৷ কাৰ্বি সমাজতো দেও-ভূত, পিঁশাচ, অপদেৱতা আদিৰ বিশ্বাস আছে৷ অপদেৱতাৰ কুদৃষ্টি পৰিলে মানুহৰ বেমাৰ-আজাৰ হয় বুলি তেওঁলোকে বিশ্বাস কৰে৷ বেমাৰ-আজাৰ হ’লে মঙ্গল চোৱাই অপদেৱতাক সন্তুষ্ট কৰাৰ উদ্দেশ্যে বিভিন্ন পূজা-পাতল কৰাৰ নিয়মো কাৰ্বিসকলৰ মাজত প্ৰচলিত৷ লাংটুক আৰু কাছাঙৰ সৰু ল’ৰা হেমাৰিৰ টান নৰিয়াতো তাক চিকিৎসালয়লৈ লৈ যাবলৈ লাংটুকে বিচৰা নাই৷ সিহঁতৰ ডাঙৰজনী ছোৱালী কাদমৰ এবাৰ নৰিয়া হোৱাত বেজ লগায়েই বেমাৰ ভাল কৰিবলৈ চেষ্টা কৰিছিল৷ যদিও পাছত আমচৈৰ ডাক্তৰৰ কাষ চপাতহে বেমাৰ ভাল হয়৷ কাছাঙে হেমাৰিক হস্পিটাললৈ লৈ যাবলৈ কোৱাত বাপেক লাংটুকে ওলোটাই ধমক দি কয় - “থোৱাহে কাদমৰ মাক৷ ডাক্তৰে কেইটা মানুহৰ বেমাৰ ভাল কৰিছে৷ সিহঁতৰ ঔষধ খাই কিমান মানুহ মৰিছে মই জানো নহয়৷ তুমি একো নাজানা, মানুহৰ বেমাৰ আজাৰ হয় দেও ভূত, অপদেৱতা অসন্তুষ্ট হ’লে৷ গতিকে মঙল চোৱাই সেইমতে অসন্তুষ্ট হোৱাজনক পূজা দিলেই হ’ল৷ বেমাৰ ভাল হৈ যাব৷” (ছিংনাৰ, পৃ. ৪৫)

লাংটুকৰ কথা মতেই মঙলতি ছাৰ্থে ৰংপিয়ে মঙল চাই হেমৰিৰ জ্বৰ চুৰিদং দেৱতাৰ (জুৰি পানীত থকা দেৱতা) অসন্তুষ্টিৰ বাবে হোৱা বুলি কোৱাত জুৰিৰ পানীত চুৰিদং দেৱতাৰ সন্তুষ্টিৰ বাবে পূজা দিয়ে৷ কিন্তু তাৰ পাছতো হেমাৰি সুস্থ হৈ নুঠে৷

কাৰ্বিসকলে ঝুমতলিত জিৰণি ল’ব পৰাকৈ সুকীয়াকৈ ঘৰ সাজি লয়৷ তাক মাণ্ডু বা হেনতাপ বোলে৷ নিষ্কৰ্মা লাংটুক কাছাঙৰ লগত খেতিলৈ গ’লেও সি মাণ্ডু বা হেনতাপত ফটিকা খাই বহি থাকে৷ অকৰ্মন্য, সংসাৰৰ প্ৰতি দায়িত্বহীন লাংটুকে সৰু পুতেক হেমাৰিৰ টান নৰিয়াৰ সময়তো মদ খাই ঘূৰিবলৈ নেৰে৷ কেৱল লাংটুকৰ হেমাহিৰ বাবেই হেমাৰিয়ে টান নৰিয়াৰ ওচৰত হাৰ মানিব লগীয়া হয়৷

গল্পটোত কাছাঙৰ চিন্তা কেৱল পৰম্পৰাৰ গণ্ডীৰ ভিতৰতে আৱদ্ধ হৈ ৰোৱা নাই৷ কাছাং এগৰাকী পৰিৱৰ্তনকামী চেতনাৰ আধুনিক মনৰ কাৰ্বি নাৰী৷ অৱশ্যে তাই পৰম্পৰাকো এৰি দিয়া নাই৷ তাই কাৰ্বি পোছাক পেকক পৰিধান কৰে৷ কাছাঙে পিৰিয়ে পিৰিয়ে চলি অহা মঙল চোৱাই কৰা পূজা-পাতলকো বিশ্বাস কৰে যদিও তাই ডাক্তৰী চিকিৎসাৰো পোষকতা কৰে৷ স্কুল-কলেজৰ শিক্ষাৰে শিক্ষিত হোৱাৰ খুব হেঁপাহ আছিল কাছাঙৰ৷ গাভৰু অৱস্থাত তাই ভৈয়ামৰ বান্ধৱী মিনতিৰ সান্নিধ্য পাই তাই শিক্ষাৰ প্ৰতি উত্ৰাৱল হৈ পৰিছিল৷ স্কুলত ভৰি দি নোপোৱা কাছাঙে তাইৰ ছবছৰীয়া কাদমক স্কুলত নাম লগাই দিয়ে৷ কিন্তু লাংটুকে জীয়েকে স্কুলত পঢ়াটো সহজে ল’ব পৰা নাই৷ কাদমৰ পাছদিনা পৰীক্ষা থকা বুলি কোৱাৰ পাছতো কাণ্ডজ্ঞানহীন লাংটুকে এইদৰে বলকিবলৈ হে আৰম্ভ কৰে - “কি কলা? কাদমৰ পৰীক্ষা? কাদমক কোনে পঢ়াবলৈ কৈছিল? ছোৱালীক পঢ়ুৱাই কি লাভ? ডাঙৰ হ’লে এদিন লোকৰ হৈ যাব৷ আমি ইমানবোৰ টকা পইচা খৰচ কৰাৰ দৰকাৰ নাই৷” (ছিংনাৰ, পৃ. ৪৭)

গল্পটোত লাংটুকক পুৰণি চিন্তা চেতনাৰ প্ৰতিৰূপ আৰু তাৰ বিপৰীতে কাছা এহাতে পৰম্পৰাকো ধৰি ৰাখি আধুনিক চিন্তাৰে আগবাঢ়িব খোজা মানুহ প্ৰতিভূ৷ এইখিনিতে লাংটুক আৰু কাছাঙৰ চিন্তাৰ মাজত দ্বন্দ্ব দেখিবলৈ পোৱা যায়৷

আন জাতিৰ অৰ্থাৎ অনাকাৰ্বি লোকক কাৰ্বি গোত্ৰলৈ গোত্ৰান্তৰিত কৰাৰ নিয়মো কাৰ্বি সমাজত আছে৷ যাক কুৰকেপন বুলি কোৱা হয়৷ তেনে গোত্ৰান্তৰিত প্ৰথাৰে কলিতা কুলৰ ল’ৰা জীৱনক ছাৰবুঢ়া তকবিয়ে কাৰ্বি জাতত তুলি লোৱাৰ কথাৰে ছিংনাৰৰ ‘কুৰকেপন’ নামৰ গল্পটো গঢ় লৈ উঠিছে৷ কুৰকেপন গল্পটোৰ মূল বিষয়বস্তু হ’ল গোত্ৰ ব্যৱস্থা৷ উত্তৰ পূৰ্বাঞ্চলৰ আন আন জনগোষ্ঠীসমূহৰ দৰেই কাৰ্বিসকলৰ মাজতো গোত্ৰ প্ৰথা আছে৷ কাৰ্বিসকলৰ গোত্ৰ প্ৰথা অতি কটকটীয়া৷ তেওঁলোকৰ মাজত মূলত পাঁচটা গোত্ৰ আছে আৰু এটা মূল গোত্ৰৰ মাজত কেইবাটাও উপগোত্ৰ থাকে৷ একে গোত্ৰৰ জাতক-জাতিকাৰ মাজত বিৱাহ কাৰ্বি সমাজত নিষিদ্ধ৷ কাৰ্বিসকলৰ মাজত অনাকাৰ্বি লোকক জাতত উঠাই ল’ব পৰাৰো নিয়ম আছে৷

গল্পটোৰ কেন্দ্ৰীয় চৰিত্ৰ জীৱন তালুকদাৰ জন্মসূত্ৰে কলিতা জাতিৰ লোক৷ কৈৱৰ্ত কুলৰ ছোৱালী ৰূপালীক বিয়া কৰোৱা বাবে বাপেক মহেশ কলিতাই জীৱনক ত্যাজ্যপুত্ৰ কৰে আৰু ঘৰৰ পৰা উলিয়াই দিয়ে৷ জীৱনে ৰূপালীক লৈ প্ৰথমে গুৱাহাটীলৈ জীৱিকাৰ সন্ধানত ওলাই যায় যদিও তাত তাৰ বাবে সংসাৰ চলোৱা টান হৈ পৰে৷ তেনেতে জীৱনে ডিফুত ঠিকাদাৰী কাম কৰা স্কুলীয়া বন্ধু কেশৱ কলিতাৰ পৰা সহায় বিচাৰিবৰ উদ্দেশ্যে ডিফুলৈ গুচি আহে৷ বাটত জীৱনৰ একেখন ট্ৰেইনৰ যাত্ৰী ছাৰবুঢ়া তকবি নামৰ আদবয়সীয়া কাৰ্বি লোক এজনৰ সৈতে চিনাকি হয়৷ ছাৰবুঢ়া তকবিৰ পৰাই জীৱনে গম পায় যে কেশৱ কলিতাই ছোৱালী এজনীক বিয়া কৰোৱাৰ প্ৰলোভন দি সৰ্বোচ্চ লুটি কিছুদিনৰ আগতে ডিফুৰ পৰা পলাই গৈছে৷ এই কথা জানি জীৱন চিন্তিত হৈ পৰে৷ উভতি অহাৰ ট্ৰেইন নথকাত জীৱনহঁতক ছাৰবুঢ়া তকবিয়েই সিহঁতৰ ঘৰৰ আলহী কৰি ৰাখে৷ ৰাতি ছাৰবুঢ়াৰ ঘৰত খোৱা-বোৱাৰ পাছৰ কথা-বতৰাত জীৱনে তাৰ সকলো কথা বিৱৰি কোৱাত ছাৰবুঢ়াই জীৱনক তাতে থকাৰ প্ৰস্তাৱ দিয়ে৷ সন্তানৰ মুখ নেদেখা ছাৰবুঢ়া তকবিয়ে জীৱনক নিজৰ কুলত উঠাই নিজৰ ল’ৰা হিচাপে তুলি লয়৷ আকৌ হেমাৰী হাঞ্চেক পিতৃ কৰি ৰূপালীকো হাঞ্চে ফৈদত তুলি লৈ বোৱাৰী হিচাপে গ্ৰহণ কৰে৷ নতুন পুত্ৰ-বোৱাৰীয়ে সন্তানহীন ছাৰবুঢ়া তকবিৰ অভাৱকণ নোহোৱা কৰিলে৷ জীৱনে ছাৰবুঢ়া তকবিৰ ঘৰৰ সকলো কাম-কাজৰ দায়িত্ব মূৰ পাতি লয়৷ জীৱন আৰু ৰূপালীৰ দুটা সন্তান জন্ম হয়৷ নাতি-নাতিনী পোৱাৰ সুখত ছাৰবুঢ়া তকবি আৰু আইতাক কাদম ৰংহাংপীৰ কোলা ভৰি পৰে৷ বহু বছৰৰ পাছত মহেশ কলিতাই ত্যাজ্যপুত্ৰ ৰা জীৱনক পুনৰ ওভতাই নিবলৈ তাক বিচাৰি ছাৰবুঢ়া তকবিৰ ঘৰ ওলায়হি৷ হাগনিত ডাঙৰ পুতেকৰ মৃত্যু হোৱাত মহেশ কলিতাৰ ঘৰখনৰ গুৰি এতিয়া জীৱনে ধৰিবগৈ লগে৷ কিন্তু জীৱনে দেউতাকৰ আগত ছাৰবুঢ়া তকবিকহে এতিয়া তাৰ বাপেক বুলি কৈ নিজকে জীৱন তকবি হিচাপে চিনাকি দিয়ে আৰু দেউতাকৰ লগত যাবলৈ অমান্তি হয়৷

বয়স বাঢ়ি অহা লগে লগে ছাৰবুঢ়া তকবিৰ বাৰ্ধক্যজনিত ৰোগ বাঢ়ি আহে৷ এদিন ছাৰবুঢ়াই পৰিয়াল আৰু গাঁৱৰ মানুহক মাতি আনি জীৱনক পুনৰ কলিতা কুল গ্ৰহণ কৰিবলৈ কয়৷ “তোক মোৰ কুলত উঠাই ভুল কৰিলোঁ নে শুদ্ধ কৰিলোঁ? তোৰ দেউতাৰৰ পৰা তোক যেন কাঢ়ি আনিলোঁ৷ তোক কিবাকে হেৰুৱাই পেলাওঁ বুলিয়েই ভয়তে ইমান দিনে ক’ব নোৱাৰিলোঁ৷ তই এটা কাম কৰিবি৷ তই দেউতাৰৰ ওচৰলৈ গৈ সুধিবি যে কলিতলৈ উদ্ধাৰ হ’লে তেওঁ তোক এতিয়া ৰাখিব নে নাৰাখে৷ ...তেতিয়াহে মই শান্তি পাম৷ সমূহ ৰাইজৰ আগতে কথাটো ক’লো যাতে মোৰ মৃত্যুৰ পিছত তই কলিতালৈ উদ্ধাৰ হ’লে ৰাইজে তোক দুষিব নোৱাৰে৷” (ছিংনাৰ, পৃ. ৯৫)। ছাৰবুঢ়া তকবিৰ কথাত জীৱন বিবুদ্ধিত পৰে আৰু পুনৰ দেউতাকৰ ওচৰলৈ ঘূৰি যাব বুলি কথা দিয়ে৷ এইখিনিতে গল্পটোৰ সামৰণি পৰে৷

কুৰকেপন গল্পটোত কাৰ্বি জনগোষ্ঠীয় বহু লোকাচাৰে ভুমুকি মাৰিছে৷ গোত্ৰ প্ৰথা কাৰ্বি সমাজত অতি কঠোৰ ৰূপত বিদ্যমান৷ জন্মসূত্ৰে কাৰ্বি ল’ৰা-ছোৱালীয়ে বাপেকৰ গোত্ৰ লাভ কৰে৷ আনহাতে অনাকাৰ্বি লোককো কাৰ্বি কুললৈ তুলি লোৱাৰ নিয়ম আছে৷ কাৰ্বি সমাজত বিয়া-বাৰুৰ ক্ষেত্ৰত গোত্ৰৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ৷ একে গোত্ৰৰ ডেকা-গাভৰুৰ মাজত কাৰ্বি সমাজত বিৱাহ নিষিদ্ধ হোৱা বাবে জীৱনক তকবি কুলত উঠাই লোৱাৰ বিপৰীতে কৈৱৰ্ত কুলৰ ৰূপালীক হাঞ্চে কুলত উঠাই হে সিহঁতৰ বিয়া কৰোৱা হৈছে৷ কাৰ্বি নাৰীয়ে গিৰীয়েকৰ উপাধি গ্ৰহণ নকৰে৷ কাৰ্বি নাৰীয়ে জন্মসূত্ৰে লাভ কৰা উপাধি বিয়াৰ পাছতো এৰি নিদিয়ে৷ গল্পটোত ইয়াৰ এক আভাস পোৱা যায়৷ ছাৰবুঢ়া তকবিৰ পত্নীয়ে তকবিপী উপাধি নিলিখি ৰংহাংপী উপাধিহে লিখে৷ আকৌ ছাৰবুঢ়াৰ দূৰ সম্পৰ্কীয় লংকি তিমুঙৰ পত্নী কাৰেঙেও ইংহিপী আৰু জীৱন তকবিৰ পত্নী ৰূপালীয়ে তকবিপী নিলিখি হাঞ্চেপী উপাধিহে লিখে৷

কাৰ্বি সমাজতো জন্মান্তৰবাদৰ বিশ্বাস দেখা পোৱা যায়৷ তেওঁলোকে বিশ্বাস কৰে যে, আত্মাৰ মৃত্যু নহয়৷ গল্পটোত জীৱন তকবি আৰু ৰূপালী হাঞ্চেপীৰ কন্যা সন্তানটিৰ জন্মৰ বেলিকা মঙলতীয়ে মঙল চাই পাঁচ বছৰৰ আগতে মৃত্যু হোৱা চেৰদিহুন নামৰ বায়েক এজনীয়ে পুনৰ জীৱন পোৱা বুলি জানিবলৈ দিয়ে৷ সেই মতেই কন্যা সন্তানটিৰ নাম চেৰদিহুন তকবিপী ৰখা হয়৷ জীৱনহঁতৰ দ্বিতীয়টো সন্তানৰ জন্মতো মঙলতীয়ে মঙল চাই পূৰ্ব পুৰুষৰ হেমাই আকৌ জন্ম লৈছে বোলাত ল’ৰাটোৰ নাম হেমাই তকবি ৰখা হয়৷

নৃগোষ্ঠীয় ফালৰ পৰা কাৰ্বিসকল মংগোলীয় প্ৰজাতিৰ অন্তৰ্গত৷ কিন্তু জীৱন তকবিৰ জীয়েক চেৰদিহুনৰ গাত অলপো মঙ্গোলয়দৰ লক্ষণ নাই৷ চেৰদিহুনে নিজকে এছ টি (জনজাতীয়) বুলি পৰিচয় দিয়াৰ পাছতো বহুতে তাইক সন্দেহৰ চকুৰে চাইছে৷ গল্পটোত এক প্ৰকাৰ সংঘাত আৰম্ভ হয় এইখিনিত, যেতিয়া ছাৰবুঢ়া তকবিয়ে জীৱনক কলিতা কুলত উদ্ধাৰ হৈ নিজৰ দেউতাকৰ ঘৰলৈ উভতি যোৱাৰ কথা কয়৷ এইখিনিতে চব্বিছটা বছৰে নিজকে কাৰ্বি বুলি পৰিচয় দি অহা চেৰদিহুনৰ মনত অনেক প্ৰশ্নৰ উকমুকনি উঠিছে৷ চেৰদিহুনে মানসিক আত্মীয়তাৰ দ্বন্দ্বত ভোগে আৰু তাইৰ মনত গোত্ৰান্তৰৰ কৃত্ৰিম অভিমানৰ খেলখনক লৈ এইদৰে প্ৰশ্নৰ উদয় হয়- “তাইৰ দেউতাকে বাৰু কলিতালৈ উদ্ধাৰ হ’ব পাৰিবনে? আৰু তাই নিজে? ইমান উদাৰ মানুহ এজনৰ লগত যি আত্মীয়তা, তাক তাক শিথিল কৰি দিব পাৰিবনে? আজি তাই চেৰদিহুন তকবিপী, কাইলৈ চেৰদিহুন তালুকদাৰ বুলি পৰিচিত হ’ব৷ ইয়ো সম্ভৱ নে? আচলতে মানুহৰ জাত কি? কিহৰ বাবে ছাৰবুঢ়া তকবিয়ে তাইৰ মাক দেউতাকক কাৰবিলৈ তুলি লৈছিল? আৰু কিহৰ বাবে এতিয়া মহেশ তালুকদাৰে তাহঁতক কলিতালৈ তুলিব বিচাৰিছে?”(ছিংনাৰ, পৃ. ৯৫) চেৰদিহুনৰ মনত উদয় হোৱা এই গোত্ৰান্তৰীয় কৃত্ৰিম অভিজাত খেলখন আৰু আত্মীয়তাৰ দ্বন্দ্বৰ  মাজতে গল্পটো শেষ হৈছে৷

গল্পকাৰ অজিত ছিংনাৰে তেওঁৰ গল্পৰ মাজেদি কাৰ্বি লোকৰ জীৱনচৰ্যাকাৰ্বিসকলৰ লোকবিশ্বাসলোকাচাৰ আদি দাঙি ধৰাৰ ক্ষেত্ৰত সদায় সচেতন৷ আলোচিত ছিংনাৰৰ গল্প দুটাৰ মাজেদিও কাৰ্বি সমাজ ব্যৱস্থাকাৰ্বি পৰম্পৰা, ৰীতি নীতি ইত্যাদি বিষয়ৰ উন্মেষ ঘটিছে৷ গুৰিয়াল’ গল্পটোত কাৰ্বি সকলৰ গতানুগতিক জীৱনচৰ্যাপুৰণি ধ্যান ধাৰণা অন্ধবিশ্বাসেৰে মদমত্ত চেতনা আৰু সংস্কাৰমুখী প্ৰগতিশীল চেতনাৰ মাজত সংঘাতৰ সৃষ্টি হৈছে৷ কাৰ্বি সমাজৰ গোত্ৰান্তৰীয় প্ৰথাৰ ভিত্তিত কুৰকেপন’ গল্পটো নিৰ্মিত৷ ছিংনাৰৰ গল্পত কাৰ্বি জনজাতীয় লোক উপাদানৰ ব্যাপক পয়োভৰ ঘটিছে৷ ই গল্পকাৰ ছিংনাৰৰ কাৰ্বি জনজাতীয় সমাজৰ প্ৰতি আকৃত্ৰিম প্ৰীতি আৰু দায়বদ্ধতাৰ স্বাক্ষৰ দাঙি ধৰিছে৷

 

সহায়ক গ্ৰন্থঃ

ছিংনাৰঅজিত৷ পৰুৱাই পোৱা মানুহ ৷ থেংৰাক পাব্লিকেশ্বনছপ্ৰথম প্ৰকাশ২০১১৷

 

*** 

ঠিকনা :

গৱেষক  (অসমীয়া বিভাগ)

অসম বিশ্ববিদ্যালয়, ডিফু চৌহদ

-মেইল - biswajitsaikia110@gmail.com     

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ