ডঃ প্ৰিয় দেৱ
গোস্বামী
মানুহৰ মগজুৰ বিকাশ হৈ সমাজ পাতি থাকিবলৈ লোৱাৰ পৰাই জ্ঞান আহৰণ প্ৰক্ৰিয়াৰ আৰম্ভ হ'ল। ই আছিল সভ্যতাৰ দিশত মানুহৰ প্ৰথমটো খোজ। মানুহৰ মাজত স্বাভৱিক ভাষাৰে এজনে আনজনৰ লগত যোগাযোগ কৰা প্ৰক্ৰিয়াৰ আবিষ্কাৰ এক যুগান্তকাৰী ঘটনা আছিল।ইয়াৰ পাছৰ পৰাই মানুহৰ ইতিহাস আৰম্ভ হৈছে। স্বাভাৱিক ভাষাৰে আমি মনৰ ভাব প্ৰকাশ কৰোঁ। আমাৰ উপলব্ধি, পৰ্যৱেক্ষণ, আবিষ্কাৰ, সাহিত্য, দুখ-বেদনা সকলো ভাষাৰ সহায়ত কথিত বা লিখিত আকাৰে আমি প্ৰকাশ কৰোঁ। আমাৰ মগজুপ্ৰসূত এই কথাবোৰ কিছুমান নীতি-নিয়মেৰে আমি বিশ্লেষণ কৰোঁ। কিন্তু মগজুৱে এই শক্তি কেনেকৈ আহৰণ কৰিলে এই বিষয়ে এতিয়ালৈকে জনা হোৱা নাই। ভাষাৰ উক্তিবোৰ আমি যুক্তিৰে অধ্যয়ন কৰোঁ।যুক্তিৰে সংপৃক্ত কথাবোৰ দৰ্শন শাস্ত্ৰৰ অধ্যয়নৰ ক্ষেত্ৰ। আৰু যুক্তিৰ এই কথাবোৰকে বিভিন্ন সময়ত গণিতৰ ভাষাৰে প্ৰকাশ কৰাৰ চেষ্টা চলে। যুক্তিত সত্য নিহিত হৈ থাকে। এতেকে দাৰ্শনিক তথা গণিতজ্ঞসকলে যুক্তিৰে পৃথিৱীখন ফঁহিয়াই চাবলৈ বিচাৰে আৰু ইয়াক গাণিতিক ৰূপ দিবলৈও প্ৰয়াস কৰে। গটফ্ৰাইড লিৱনিজ, জৰ্জ বুল, এলেন মেথিচন টুৰিঙ, ৰ্বাট্ৰান্ড ৰাছেল, কুৰ্ট গডেল আদি অনেকজনে মানুহৰ মনক যুক্তিৰে অধ্যয়ন কৰি গাণিতিক ৰূপ দিবলৈ প্ৰয়াস কৰিছিল। তেঁওলোক সফলো হৈছিল।
ৱাল্টাৰ পিটছ (Walter
Pitts, 23rd
April, 1923 - 14th
May, 1969)-ও এনে
এজন ব্যক্তি আছিল যাৰ বিজ্ঞানৰ জগতলৈ অৱদান আছিল অতুলনীয় আৰু যুগমীয়া। বিশেষকৈ
কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত তেওঁ এজন প্ৰাতঃস্মৰণীয় ব্যক্তি। যুক্তিৰে
পৃথিৱীখনক যুক্ত কৰিবলৈ চেষ্টা কৰা
ৱাল্টাৰ পিটছৰ বাল্য অৱস্থাৰ অভ্যাস আছিল গুণ্ডাগিৰি কৰা। আমেৰিকাৰ ডেট্ৰ'ইটৰ ক'বলৈ গ'লে এক নিষিদ্ধ অঞ্চলত পিটছৰ জন্ম হৈছিল ১৯২৩ চনত। উদ্যোগত ব্যৱহৃত বয়লাৰৰ নিৰ্মাতা দেউতাকৰ পৰিয়াল পোহপাল
দিয়াত অসুবিধা হোৱা নাছিল। কিন্তু চুবুৰীৰ পৰিৱেশ তথা ল'ৰাবোৰৰ স্বভাৱ-চৰিত্ৰ ভাল নাছিল। ১৯৩৫ চনৰ এদিন আবেলি লগৰ লৰাবোৰে তেওঁক কিবা
কাৰণে খেদি লৈ ফুৰিছিল। তেঁও তেতিয়া স্থানীয় পুথিভঁৰালটোত সোমাই হে আত্মৰক্ষা
কৰিছিল। অৱশ্যে সেই পুথিভঁৰালটো তেওঁৰ বাবে অচিনাকি নাছিল। কাৰণ তেতিয়ালৈকে তেওঁ
ঘৰত অধ্যয়ন কৰাতকৈ নিজাকৈয়ে পুথিভঁৰালটোত
গ্ৰীক, লেটিন, তৰ্কবিদ্যা আৰু গণিতৰ কিতাপসমূহ অধ্যয়ন কৰিবলৈ ভাল পাইছিল। পিটছৰ এনে
আাচৰণৰ বাবে দেউতাকে তেওঁক পঢ়া-শুনা বাদ দি কামত ধৰিবলৈ কৈছিল। পিটছৰ কাৰণে
বাহিৰৰ পৃথিৱীখন আছিল অতি বিসংগতিপূৰ্ণ, কিন্তু
ভিতৰখন যেন যুক্তিৰে পৰিপূৰ্ণ। সেইদিনা তেওঁ পুথিভঁৰালটোৰ পৰা ওলাই আহিবলৈ ভয়
কৰিছিল জানোচা তেওঁক আকৌ লগৰ ল'ৰাবোৰে
খেদি আহে। গতিকে ৰাতিখন তেওঁ পুনৰ সংকটত পৰিবলৈ নিবিচাৰি ৰাতিটো তাতেই সোমাই থকাৰ
সিদ্ধান্ত ল'লে। তেওঁ থাক থাককৈ সজাই থোৱা কিতাপবোৰৰ মাজে মাজে ঘূৰি
ফুৰিছিল। যেতিয়া তেওঁ ৰাছেল আৰু আলফ্ৰেড হোৱাইটহে'ডৰ প্ৰিঞ্চিপিয়া মেথমেটিকাৰ প্ৰায় দুহেজাৰ পৃষ্ঠাৰ তিনিটা খণ্ডৰ কিতাপ
কেইখনৰ সন্মুখীন হ'ল তেতিয়া তেওঁ সেই কেইখন পঢ়িবলৈ লাগি গ'ল। ৰাছেল আৰু আলফ্ৰেড হোৱাইটহে'ড আছিল ইংলেণ্ডৰ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ গণিতৰ
অধ্যাপক। দুয়ো বিশ্বপ্ৰসিদ্ধ দাৰ্শনিক ব্যক্তি। তিনিদিন ধৰি পিটছ তাতেই থাকি প্ৰিঞ্চিপিয়া
মেথমেটিকাৰ আটাইকেইটা খণ্ড পঢ়ি শেষ কৰিহে বাহিৰলৈ ওলাই আহিল। লগতে কিতাপখনত থকা
কেইবাটাও গুৰুতৰ আঁসোৱাহো তেওঁ ধৰা পেলালে।
পিটছে ভাবিলে যে ৰাছেল এই ভুলবোৰৰ বিষয়ে অৱগত
হোৱা উচিত। গতিকে তেওঁ আঁসোৱাহকেইটাৰ খচৰা প্ৰস্তুত কৰিলে আৰু ৰাছেললৈ এখন চিঠি
লিখি কথাকেইটা জনালে। সেই সময়ত পিটছৰ বয়স হৈছিল মাত্ৰ ১২ বছৰ। ৰাছেলে পিটছৰ চিঠিৰ
অকল উত্তৰ দিয়াই নহয়, তেওঁক
কেমব্ৰীজত স্নাতক পৰ্যায়ৰ ছাত্ৰ হিচাপে অধ্যয়ন কৰিবৰ বাবেও আমন্ত্ৰণ জনাইছিল।
কিন্তু ১২ বছৰীয়া পিটছে সেই নিমন্ত্ৰণ গ্ৰহণ কৰিব নোৱাৰিলে। তাৰ ঠিক তিনি বছৰৰ
পাছত পিটছে যেতিয়া গম পালে যে ৰাছেলে চিকাগ’ বিশ্ববিদ্যালয়ত ভাষণ দিবলৈ আহিব, তেতিয়া তেওঁ ঘৰৰ পৰা ওলাল বিশ্ববিদ্যালয়ত ভাষণ শুনিবলৈ। এই যে তেওঁ ঘৰৰ পৰা ওলাই
আহিল, তেওঁৰ আৰু নিজৰ পৰিয়ালটোৰ লগত পাছত
কোনোকালেই দেখাদেখি নহ'ল।
পিটছৰ জীৱন সমৃদ্ধ কৰাত কেইবাজনো বিশেষ ব্যক্তিৰ
অৱদান আছিল অসীম। পিটছৰ জীৱনৰ সৈতে সম্পৃক্ত তেনে এজন বিশেষ ব্যক্তি আছিল ৱাৰেন মেককালাক (Warren McCulloch)। তেওঁ আছিল এজন বিখ্যাত বিজ্ঞানী। পিটছৰ জন্ম হোৱা বছৰত ৱাৰেন মেককালাকৰ বয়স হৈছিল ২৫ বছৰ। এই দুয়োজনৰ মাজত এক মিল আছিল। দুয়ো ৰাছেলৰ প্ৰিন্সিপিয়া অধ্যয়ন কৰিছিল। ৱাৰেন মেককালাক কিন্তু আছিল আঢ্যৱন্ত পৰিয়ালৰ সন্তান। দুয়োৰে
সামাজিক পৰিৱেশ আছিল সৰ্ম্পূণ পৃথক। তেওঁ গণিত, দৰ্শণ, মনস্তত্ত্ব, পৰীক্ষামূলক
নান্দনিকতা, স্নায়ু-শৰীৰবিজ্ঞান অধ্যয়ণ কৰিছিল।কিন্তু
প্ৰকৃতাৰ্থত তেওঁ আছিল এজন দাৰ্শনিক। তেওঁ বিশ্বাস কৰিছিল যে মগজুৰ নিউৰনবোৰে এক যান্ত্ৰিক
প্ৰক্ৰিয়াৰে কাৰ্য সম্পন্ন কৰে। যদিও
পিটছ আৰু মেককালাক দুয়ো সম্পুৰ্ণ দুটা পৃথক সামাজিক পৰিৱেশৰ পৰা আহিছিল, কিন্তু নিয়তিয়ে দুয়োকে একেলগে যেন জী থাকিবলৈ,
কাম কৰিবলৈ পঠাইছিল, আনকি মৃত্যু বৰণ কৰিবলৈও। তেওঁ লোক দুয়ো মানুহৰ মনৰ প্ৰথম যান্ত্ৰিক তত্ত্ব, স্নায়ুবিজ্ঞানৰ প্ৰথম গণনামূলক পদ্ধতি, আধুনিক কম্পিউটাৰৰ যুক্তিসংগত আৰ্হি আৰু কৃত্ৰিম বুদ্ধিমত্তা আদি
বিষয়ৰ ভেটি প্ৰতিষ্ঠা কৰিছিল। এই বিষয়সমূহৰ মাজেদিয়েই তেওঁ লোক দুজনৰ মাজত সহযোগিতাৰ এক অনুপম কাহিনী গঢ় লৈ
উঠিছিল, লগতে গঢ় লৈছিল দুয়োৰে মাজত আজীৱন
বন্ধুত্বৰ এক বান্ধোন। মেককালাকৰ বয়স যেতিয়া ৪২ বছৰ হৈছিল তেতিয়া তেওঁ পিটছক লগ
পাইছিল। সেই সময়ত পিটছৰ বয়স হৈছিল মাথোন ১৮ বছৰ। মেককালাক আছিল এজন সন্মানীয়
ব্যক্তি তথা বিজ্ঞানী আৰু পিটছ আছিল চিকাগ’
বিশ্ববিদ্যালয়ৰ আশে-পাশে ইটো-সিটো কামেৰে শাৰীৰিক পৰিশ্ৰম কৰা এজন ল’ৰা। চিকাগ’ বিশ্ববিদ্যালয়ত পিটছে লুকাই-চুৰকৈ ৰাছেলৰ
বক্তৃতা শুনিছিল।ইয়াতে তেওঁ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ জেৰম লেটভিনক (Jerome
Lettvin) লগ পাইছিল । লেটভিনে মেককালাক আৰু পিটছ দুয়োকে চিনাকি
কৰাই দিছিল। চিনাকিৰ লগে লগে দুয়ো গম পাইছিল যে তেওঁলোকৰ অধ্যয়নৰ ক্ষেত্ৰ একেই। দুয়ো ১৭-শ
শতিকাৰ গণিতজ্ঞ-দাৰ্শনিক গটফ্ৰাইড লিৱনিজৰ দৰ্শন অধ্যয়ন কৰিছিল। মেককালাকে পিটছক
বৰ্ণনা কৰিছিল যে তেওঁ কেনেকৈ লিৱনিজৰ ল’জিকেল ক’ল’ন গণিতৰ সহায়ত মগজুৰ আৰ্হি তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছে।এই ক্ষেত্ৰত
মেককালাক ৰাছেলৰ প্ৰিন্সিপিয়া গ্ৰন্থৰ দ্বাৰা
অনুপ্ৰাণিত হৈছিল। ৰাছেল আৰু আলফ্ৰেড হোৱাইটহেডে দেখুৱাইছিল যে গণিতৰ সকলোবোৰ
তত্ত্ব ল’জিকৰ সহায়ত গঢ়ি তুলিব পাৰি। তেওঁলোকৰ বুনিয়াদী
ভেটি আছিল প্ৰস্তাৱনাসমূহ যিবিলাক প্ৰকৃততে আছিল একো একোটা উক্তি যিবিলাকক সঁচা আৰু মিছা হিচাপে ভাগ কৰিব পাৰি। এই সৰল প্ৰস্তাৱনাৰ পৰাই গণিতৰ জটিল
কথাবোৰো আহৰণ কৰিব পাৰি। ল’জিকৰ এই তত্ত্বৰ দ্বাৰা অনুপ্ৰাণিত হৈ
মেককালাকে মগজুৰ নিউৰনবোৰে কেনে ধৰণে চিন্তা কৰা প্ৰক্ৰিয়াটো সম্পন্ন কৰে সেই বিষয়ে অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলে। তেওঁৰ
উপলব্ধি হ’ল যে মগজুৰ নিউৰনবোৰৰ কাৰ্যও দ্বৈত প্ৰণালীৰ- হয়
নিউৰনবোৰে সংকেত পঠাব বা নপঠাব। নিউৰনবোৰে ল’জিক গে’টৰ দৰে কাম কৰে, ই বহু তথ্য গ্ৰহণ কৰিব পাৰে আৰু তথ্যসমূহ বিশ্লেষণ কৰি ফলাফলক এটা
তথ্য হিচাপে সংকেত আকাৰত নিৰ্গমণ কৰিব পাৰে।এই প্ৰসংগত ব্ৰিটিছ গণিতজ্ঞ এলেন
টুৰিঙেও দেখুৱাইছিল যে যন্ত্ৰয়ো যিকোনো গণনা কৰিব পাৰে যদিহে ইয়াক সীমিত সংখ্যক
ঢাপত সম্পন্ন কৰিব পাৰি। এনেবোৰ কথাৰ পৰা মেককালাকে সিদ্ধান্ত কৰিছিল যে মগজুৰ
ক্ৰিয়া-প্ৰণালীও এটা যন্ত্ৰৰ দৰেই। তোওঁ
ভাবিছিল যে নিউৰনবোৰকো ল’জিকৰ নিয়মেৰে সংযোগ কৰিব পাৰি আৰু প্ৰিন্সিপিয়াত
দেখুওৱাৰ দৰে ইয়াৰ সহায়ত চিন্তাৰ জটিল প্ৰক্ৰিয়াবোৰো সম্পন্ন কৰিব পাৰি। মেককালাকে
যেতিয়া পিটছক তেওঁৰ প্ৰকল্পৰ বিষয়ে জনালে, তেতিয়া
পিটছে ধৰিব পাৰিলে যে গণিতৰ কোনবোৰ আহিলা ইয়াত ব্যৱ্হাৰ কৰিব লাগিব। এই কথাটোত মেককালাক খুব আৰ্কষিত হ’ল আৰু পিটছক তেওঁৰ লগতে বাস কৰিবৰ বাবে চিকাগ’লৈ লৈ
আহিল। গাণিতিকভাৱে নিউৰন জালিকাৰ আৰ্হি কেনেকৈ প্ৰস্তুত
কৰিব পাৰি এই বিষয়ে মেককালাকৰ কোনো ধাৰণা নাছিল। কিন্তু পিটছে এই সমস্যাটো কেনেকৈ
সমাধান কৰিব পাৰি বুজি পাইছিল। গণিতৰ কোনখিনি তত্ত্ব ইয়াত ব্যৱহাৰ কৰিব পৰা যাব এই বিষয়ে পিটছেহে ধাৰণা কৰিব পাৰিছিল। পিটছৰ
গণনাখিনি ঠিক শেষ হোৱাৰ সময়তে তেওঁলোক দুয়ো মানুহৰ মনৰ এটা যান্ত্ৰিক আৰ্হি
প্ৰস্তুত কৰি উলিয়াইছিল।এইটোৱেই আছিল মানুহৰ মগজুৰ গণনাৰ প্ৰক্ৰিয়াক আধাৰ হিচাপে লৈ কৰা প্ৰথম
প্ৰয়োগ।
এই ক্ষেত্ৰত ইয়েই প্ৰথম। যুক্তি আছিল যে একেবাৰে
প্ৰাৰম্ভিক প্ৰযায়ত মগজু এক তথ্য সংসাধন কৰা এক প্ৰক্ৰিয়া। ক’ব পাৰি যে টুৰিঙৰ ধাৰণা অনুসাৰে তেওঁলোকে চিন্তা কৰা পদ্ধিতিটো বিচাৰি
পাইছিল। এলেন টুৰিং আছিল এজন বিখ্যাত গণিতজ্ঞ আৰু বিজ্ঞানী। মেককালাক আৰু পিটছে তেওঁলোকৰ গবেষণাৰ ফলাফল Bulletin of Mathematical
Biophysics নামৰ এখন প্ৰত্ৰিকাত “A
Logical Calculus of Ideas Immanent in Nervous Activity” শীৰ্ষক এক গৱেষণা প্ৰবন্ধৰ দ্বাৰা প্ৰকাশ কৰে।
যদিও তেওঁলোকৰ আৰ্হিটো এক জৈৱিক মগজুৰ একেবাৰে এটা সৰলীকৃত আৰ্হি আছিল তথাপি ই
মগজুৰ কাৰ্যপ্ৰণালীৰ মুখ্য নীতিটো প্ৰমাণ কৰাত সফল হৈছিল।এই গৱেষণা পত্ৰখনৰ গুৰুত্ব আছিল অনেক। এই বিষয়ে মেককালাকে
তেওঁৰ এদল ছাত্ৰৰ আগত প্ৰথম বাৰৰ বাবে বিজ্ঞানৰ ইতিহাসত ঘোষণা কৰিছিল, ‘আমি জানো
যে আমি কেনেকৈ জানো?’
যদিও পিটছ, মেককালাকৰ লগত বহু বেছিদিন নাথাকিল তথাপি মেককালাকৰ মাজত তেওঁ এজন
বন্ধু, পিতৃ আৰু সবাতোকৈ এজন বৌদ্ধিক সংঙ্গী
বিচাৰি পাইছিল। মেককালাকৰ ঘৰৰ ঠিকনাই আছিল পিটছৰ পৰবৰ্তী জীৱনৰ ঠিকনা। পিটছৰ কৰ্মই
আন এজন বিখ্যাত বিজ্ঞানীৰ মনতো সাঁচ বহুৱাবলৈ সক্ষম হৈছিল। তেওঁ আছিল চাইবাৰনেটিস্কৰ
প্ৰতিষ্ঠাতা গণিতজ্ঞ, দাৰ্শনিক নৰবাৰ্ট ৱাইনাৰ (Norbert
Wiener)। নৰবাৰ্ট ৱাইনাৰ ১৯৫৩ চনত আমাৰ দেশৰ বহুকেইখন
শৈক্ষিক প্ৰতিষ্ঠানত ভাষণ দিবলৈও আহিছিল। ১৯৪৩ চনত এদিন
লেটভিনে পিটছক Massachusetts Institute of
Technology (MIT)-ৰ কৰ্যালয়লৈ লৈ আনিছিল ৱাইনাৰৰ লগত
চিনাকি কৰাই দিবৰ বাবে। চিনাকি হোৱাৰ সময়ত ৱাইনাৰে বিশেষ কথা নাপাতি পোনে পোনে ৱাইনাৰে ব’ৰ্ডত কিছু অংক কৰিবলৈ লাগি গ’ল। ৱাইনাৰে অংক কৰাৰ সময়ত পিটছে যি পৰামৰ্শ আগবঢ়ালে তাৰ পৰাই ৱাইনাৰে গম পালে যে তেওঁ প্ৰকৃততে বিচাৰি থকা এজন ছাত্ৰৰ সন্ধান পাইছে। পাছত ৱাইনাৰে পিটছ সৰ্ম্পকে কৈছিল যে তেওঁ লগ পোৱা যুৱ
বিজ্ঞানীসকলৰ ভিতৰত পিটছ সেই যুগৰ অকল আমেৰিকাৰে নহয় সমগ্ৰ বিশ্বৰ ভিতৰতে অন্যতম
শ্ৰেষ্ঠ বিজ্ঞানী আছিল। ৱাইনাৰে পিটছৰ জ্ঞানৰ গভীৰতাৰ
সঠিক মূল্যাংকন কৰিব পাৰিছিল। এই কথাটো উপলব্ধি কৰি ৱাইনাৰে ভাবিছিল যে পিটছ যদিও
আনুষ্ঠানিক হাইস্কুল শিক্ষাৰে উত্তীৰ্ণ হোৱা নাছিল তখাপি তেওঁক MIT-ৰ পৰা গৱেষণাৰ ডক্তৰেট উপাধি দিবৰ বাবে কৰণীয়খিনি
কৰাৰ কথা চিন্তা কৰিছিল। ৱাইনাৰৰ এই লোভনীয় প্ৰস্তাৱ পিটছে উপেক্ষা কৰিব
পৰা বিধৰ নাছিল। গতিকে ১৯৪৩ চনত তেঁও MIT-ত এজন বিশেষ ছাত্ৰ হিচাপে এজন পৃথিৱী বিখ্যাত
অধ্যাপক ৱাইনাৰৰ অধীনত অধ্যয়নৰ বাবে নাম ভৰ্তি কৰে। পিটছৰ তত্তাৱধায়ক ৱাইনাৰে ভাবিছিল
যে তেওঁ মগজুৰ আৰু এক অধিক বাস্তৱসন্মত আৰ্হি প্ৰস্তুত কৰক। পিটছ আৰু মেককালাকে
ব্যৱহাৰ কৰা সংকেতিক ল’জিক সেই
সময়ত সকলোৱে বুজি পোৱা নাছিল। সেয়েহে সকলো বিজ্ঞানীয়ে পিটছ আৰু মেককালাকৰ আৱিস্কাৰক
বৰ বেছি স্বীকৃতি দিব খোজা নাছিল। ৱাইনাৰে কিন্তু সেই গৱেষণাৰ ফলাফলৰ গুৰুত্ব
উপলব্ধি কৰিব পাৰিছিল। তেওও জানিছিল যে এক বাস্তৱসন্মত আৰ্হি তৈয়াৰ কৰিব পাৰিলে ই
পৃথিৱীৰ ইতিহাস সলনি কৰি দিব পাৰিব।
এই কথাটোৱেই আজিৰ তাৰিখত সত্য প্ৰমাণিত হৈছে। যিটো
আজি সঁচাকৈয়ে সকলোতকৈ অধিক গুৰুত্বপূৰ্ণ চৰ্চাৰ বিষয় অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তা। বৰ্তমান ই আমাৰ বাবে কিছু উদ্বেগজনকো। ৱাইনাৰে জানিছিল যে যদি পিটছে ১০০ বিলিয়ন নিউৰনৰ
আন্তঃসংযোগ গাঁথনি জানিব লাগে তেন্তে তেওঁক পৰিসংখ্যা আৰু সম্ভাৱিতাৰ বিষয় দুটাৰ
জ্ঞানৰ প্ৰয়োজন হ’ব। গতিকে ৱাইনাৰে পিটছক এই বিষয় দুটাৰ বিষয়ে জ্ঞান দিছিল। এই
দুই বিষয়ত ৱাইনাৰ আছিল বিশেষজ্ঞ। আচলতে ৱাইনাৰেই তথ্যৰ প্ৰকৃত গাণিতিক সংজ্ঞা
আগবঢ়াইছিল। ১৯৪৩ চনৰ শেষলৈ ৱাইনাৰে
প্ৰিঞ্চটনত আয়োজন কৰা এখন সন্মিলনলৈ পিটছক লৈ
গৈছিল, য’ত
ৱাইনাৰে পিটছক জন-ভন নিউমেনৰ লগত চিনাকি কৰাই দিছিল। পিটছৰ কৰ্মই নিউমেনক বেছ
আৰ্কষণ কৰিছিল। এইদৰেই ৱাইনাৰ, পিটছ,
মেককালাক,
লেটভিন আৰু ভন নিউমেনক লৈ চাইৱাৰনেটিক্সৰ মুখ্য গোটটো গঠন হৈছিল।
উল্লেখযোগ্য যে বিজ্ঞানীৰ সেই গোটটোত এসময়ত ঘৰৰ
পৰা ওলাই অহা ৰাজপথৰ পিটছ সকলোৰে মাজত জিলিকি আছিল। এনেকুৱা আছিল যে পিটছক নেদেখুওৱাকৈ
গোটটোৰ আন কোনেও কোনো বৈজ্ঞানিক প্ৰবন্ধ প্ৰকাশৰ বাবে নপঠাইছিল। ৰসায়ন বিদ্যা,
পৰ্দাথ বিদ্যা আনকি ইতিহাস, উদ্ভিদ
বিদ্যা আদি বিষয়তো পিটছৰ আছিল অগাধ জ্ঞান।
সেই সময়তে ভন নিউমেনে তেওঁৰ তথ্য সঞ্চয় কৰিব পৰা
কম্পিউটাৰ নিৰ্মাণৰ আৰ্হিত পিটছ আৰু মেককালাকৰ ধাৰণা ব্যৱহাৰ কৰিছিল আৰু তেওঁ
প্ৰকাশ কৰা গৱেষণা পত্ৰখনত অকল এখনেই প্ৰাসংগিক গৱেষণা পত্ৰৰ কথা উল্লেখ কৰিছিল।
সেইখন আছিল পিটছ আৰু মেককালেকৰ “A Logical Calculus...”। পিটছৰ আৰু এটা বিশেষ গুণ আছিল এয়ে যে তেওঁ
যিকোনো ভাষা অতি সহজে শিকি ল’ব পাৰিছিল। ইয়াৰ ফলত তেওঁ যিকোনো ভাষাৰ কিতাপ পঢ়ি
জ্ঞান আহৰণ কৰিব পাৰিছিল। ১৯৫৪ চনৰ ফৰচুন আলোচনীত কুৰিজন ৪০ বছৰৰ অনুৰ্ধ্ব তীক্ষ্ণধৰ বিজ্ঞানীৰ বিষয়ে এটা লেখা প্ৰকাশ হৈছিল, তাত Claude Shannon আৰু James Watson -অৰ লগত পিটছেও ঠাই পাইছিল। ১৯৫২ চনত মেককালাকে
সহযোগী সঞ্চালক হিচাপে MIT ত যোগদান
কৰিলেহি। তেওঁ তাত মগজুবিজ্ঞান সম্পকীয় এক প্ৰকল্পত কাম কৰাৰ বাবে নিমন্ত্ৰণ
পাইছিল। তেওঁ MIT-লৈ অহাৰ এটা মুখ্য কাৰণ আছিল যে
ইয়াত তেওঁ পিটছৰ লগত কাম কৰাৰ সুবিধা পাব। এই প্ৰকল্পৰ পৰিকল্পনা আছিল তথ্য তত্ত্ব,
নিউৰফিজিঅ’লজী,
পৰিসংখ্যা বিজ্ঞান আৰু কম্পিউটাৰ ব্যৱহাৰ কৰি
কেনেকৈ মগজুৱে মানুহৰ মনক জন্ম দিয়ে এই বিষয়ে অৱগত হোৱা। MIT-ত মেককালাক, পিটছ, লেটভিন, ৱাইনাৰ এই আটাইকেইজনে মিলি
স্নায়ুবিজ্ঞান, চাইবাৰনেটিক্স, কৃত্ৰিম বুদ্ধিমত্তা আদিৰে কম্পিউটাৰ বিজ্ঞানত এক বৌদ্ধিক আলোড়নৰ বাবে কাম
কৰিছিল। এনেদৰে আটাইকেউজন মিলিত হোৱাত একমাত্ৰ সুখী হোৱা নাছিল ৱাইনাৰৰ পত্নী
মাৰ্গাৰেট। কাৰণ আছিল তেওঁলোকৰ আড্ডাবোৰ, বিশেষকৈ
সুৰাৰ। মাৰ্গাৰেটে ৱাইনাৰৰ ওপৰত মেককালাকৰ প্ৰভাৱ
বিশেষকৈ ভালপোৱা নাছিল।
পৰিস্থিতি এনে হ’লগৈ যে
অৱশেষত ৱাইনাৰে পিটছ আৰু লেটভিনৰ লগত সকলো ধৰণৰ যোগাযোগ বন্ধ কৰি দিলে আৰু ইয়েই
পিটছৰ জীৱন অৱসানৰো আৰম্ভণি আছিল। পিটছ আৰু লেটভিনে ১৯৫৯ চনত “What
the Frog’s Eye Tells the Frog’s Brain,” শীৰ্ষক এখন গবেষণা পত্ৰ প্ৰকাশ কৰিছিল। চকু আৰু মগজুৰ যোগযোগ সম্পৰ্কীয় এইখন এখন অতি গুৰুত্বপূৰ্ণ গবেষণা পত্ৰ আছিল। পিছে ৱাইনাৰৰ লগত সম্পৰ্ক ছেদ হোৱাটো পিটছৰ বাবে
অভিশাপ স্বৰূপ হ’ল। মানসিকভাৱে পিটছ ভাগি পৰিল। তেওঁৰ মানসিক
অৱস্থা এনে হ’লগৈ যে যেতিয়া তেওঁক MIT -য়ে গৱেষণাৰ ডক্তৰেট উপাধি দিবৰ বাবে
আৱশ্যকীয় নথি-পত্ৰত হস্তাক্ষৰ কৰিবৰ বাবে দিছিল তেতিয়া তেওঁ তেনে কাগজত চহী কৰিবলৈ
অস্বীকাৰ কৰিলে। আনকি তেওঁ খচৰা গৱেষণা গন্থৰ লগতে গৱেষণাৰ সকলো ধৰণৰ নথি-পত্ৰ আদি জ্বলাই নষ্ট কৰি পেলালে। এনে কাৰ্যৰ
বাবে বহু মূল্যৱান তথ্য চিৰকালৰ বাবে হেৰাই গ’ল।
তেনে বিভিন্ন নেতিবাচক ঘটনাক্ৰমৰ কাৰণেই পিটছ MIT-ত নিযুক্ত হৈ থাকিল যদিও তেওঁ কাম কৰাৰ শক্তি
হেৰুৱাই পেলাইছিল। প্ৰায় সময়তে তেওঁ সুৰাৰ ৰাগিত আসক্ত হৈ থাকিল। তেওঁৰ স্বভাৱ যেন
সেই ১২ বছৰীয়া খেয়ালী মনৰ লৰাটোৱেই হৈ থাকিল। আগতে তেওঁৰ হাতত থকা কিতাপবোৰ যেন
এতিয়া একোটা সুৰাৰ বটল হ’ল।
মেককালাকৰ লগ হৈ পিটছে চাইৱাৰনেটিক্স আৰু কৃত্ৰিম
বুদ্ধিমত্তা বিষয়ৰ ভেঁটি স্থাপন কৰিছিল। ই শৈক্ষিক জগতলৈ অমূল্য অৱদান। দাৰ্শনিক
ফ্ৰয়ডৰ তত্ত্বৰ পৰা তেওঁলোকৰ তত্ত্ব কিন্তু সৰ্ম্পূণ বেলেগ আছিল। তেওঁলোকে
দেখুৱাইছিল যে মগজুৱে কেনেকৈ গণনা কৰে আৰু তথ্য প্ৰসচকৰণ কৰে। ইয়াৰ দ্বাৰা তেওঁলোকে
যন্ত্ৰই কেনেদৰে গণনা কৰিব আৰু ইয়াৰ সজ্জা কেনেকুৱা হ’ব সেই
বিষয়ে আগবঢ়োৱা ধাৰণাৰ ওপৰত ভিত্তি কৰিয়েই বৰ্তমানৰ আধুনিক কম্পিউটাৰ নিৰ্মাণ
সম্ভৱ হৈছে। এটা সময়ত লিৱনিজৰ ধাৰণাৰ আঁত ধৰি ভবা হৈছিল যে স্নায়ু বিজ্ঞান, গাণিতিক ল’জিক,
মনস্তত্ত্ব, কম্পিউটাৰ বিজ্ঞান, কৃত্ৰিম
বুদ্ধিমত্তা সকলো বিষয় একেই। তেওঁলোক দুজনে এই সকলোবোৰৰ বিষয়ৰ কাম-কাজ সুন্দৰকৈ
পৃথক-পৃথককৈ দেখুৱালে।
১৯৬৯ চনৰ ২১ এপ্ৰিল তাৰিখে চিকিৎসাধীন হৈ থকা মেককালাকলৈ পিটছে এখন আৱেগিক চিঠি লিখিছিল। পিটছ নিজেও
তিনি সপ্তাহ চিকিৎসালয়ত থাকিব লগা হৈছিল।জণ্ডিছ আৰু লিভাৰৰ কৰ্মক্ষমতা
বিকল হৈ ১৯৬৯ চনৰ ১৪ মে তাৰিখে পিটছৰ মৃত্যু হয়। তাৰ ঠিক চাৰি মাহৰ পাছত মেককালাকৰো মৃত্যু হয়। যেন এজনক বাদ দি আনএজনৰ অৱস্থান অযুক্তিপূৰ্ণ।
ঠিকনা :
খনীয়া গাঁও
জোনাকী পথ, ডিব্ৰুগড়-৭৮৬০০৩
ফোন-৯৪৩৫৪৭৩৮৭২