অন্যযুগ/


‘গোৱাহে এবাৰ মোৰ প্ৰিয় বিহংগিনি’: পৰিপাৰ্শ্ব-সমালোচনা, ৰোমাণ্টিকতাবাদ আৰু ৰঘুনাথ চৌধাৰীৰ কবিতাৰ পুনঃপঠন

জ্যোতিষ্মান দাস

 

       ইউৰোপৰ যুক্তিৰ-যুগ’(Age of Reason)খ্যাত দীৰ্ঘ অষ্টাদশ শতিকাৰ আলোকপ্ৰাপ্তি’ (Enlightenment)ৰ প্ৰতিক্ৰিয়া হিচাপেই উত্থান হৈছিলৰোমান্টিকতাবাদৰ৷ ফ্ৰান্সিছ বেকনৰ  অভিজ্ঞতাবাদ’ (Empiricism), আইজাক নিউটনৰ পদাৰ্থবিজ্ঞানৰ যুগান্তকাৰী মতবাদৰ প্ৰভাৱ আৰু ৰেনে ডেকাৰ্টৰ বিখ্যাত উক্তি ‘Cogito, ergo sum’ (মই ভাৱোসেয়ে মই আছোঁ)ৰ ধাৰণাই  পৃষ্ঠপোষকতা কৰা বিচাৰ ক্ষমতাসম্পন্ন (rational) মানৱ-জগত আৰু নিৰপেক্ষ প্ৰকৃতিৰ মাজৰ পাৰ্থক্য আছিল আলোকপ্ৰাপ্তিৰ বৰ্ণাঢ্য যাত্ৰাৰ অন্যতম অনুপ্ৰেৰণা৷(Rangarajan 20) ইউৰোপীয় আলোকপ্ৰাপ্তিৰ যুগে ঈশ্বৰৰ স্থানত মহাবিশ্বৰ কেন্দ্ৰত যুক্তিৰ আধাৰত মানুহক কৰা প্ৰতিষ্ঠাই প্ৰকৃতিৰ ওপৰত মানৱজাতিৰ আধিপত্য আৰু অধিকাৰক বিনাচৰ্তে অনুজ্ঞা আৰু নায্যতা প্ৰদান কৰিলে৷ পৃথিৱীৰ জৈৱ-শৃংখলাৰ এক অংশ হিচাপে মানুহৰ পৰম্পৰাগত অৱস্থানক অগ্ৰাহ্য কৰি সমগ্ৰ জীৱ-জগতৰ উচ্চতম অৱস্থানত মানুহক প্ৰতিষ্ঠাৰে এক অধিঃশ্ৰেণীক-শৃংখলাৰ পোষকতা কৰা এই বাগ্‌ধাৰাই  জীৱ-জগতক অমানৱীয় অন্য(Non-Human Other) হিচাপে প্ৰতিষ্ঠা কৰে৷ তদানীন্তন সময়ৰ সাহিত্য-পাঠৰ মাজৰেও  বহুলৰূপত এনে দৃষ্টিভংগীৰ প্ৰকাশ আৰু প্ৰচাৰ হল৷  উদাহৰণস্বৰূপে ডেনিয়েল ডিফোৰ Robinson Crusoe(১৭১৯)ৰ দৰে গ্ৰন্থত মানুহৰ সাৰ্বভৌমত্ব ৰক্ষা আৰু আধিপত্য স্থাপনৰ হেতু জীৱ-জগতৰ ওপৰত কৰা শোষণ প্ৰয়োজনীয় আৰু স্বাভাৱিক হিচাপে ৰূপায়ণ কৰা হৈছে৷ এই নৃকেন্দ্ৰিক-চিন্তাধাৰাৰ(Anthropocentrism) বিৰোধিতাৰে বিংশ শতিকাৰ শেষাৰ্ধৰপৰা উত্থান হোৱা পৰিপাৰ্শ্ব-সমালোচনা(Ecocriticism)পৰিৱেশতন্ত্ৰ-কেন্দ্ৰিকদৰ্শনৰ পটভূমি দৰাচলতে আলোকপ্ৰাপ্তিৰ পৰৱৰ্তী ৰোমাণ্টিকতাবাদী চেতনাৰ মাজতে তৈয়াৰ হৈছিল৷ ৰোমাণ্টিকতাবাদী চিন্তাৰ অন্যতম আধাৰ আছিল ৰুছোৰ(১৭১২-১৭৭৮) প্ৰকৃতিলৈ উভতি যোৱাৰ দৰ্শন৷ অৱশ্যে স্পিনজা(১৬৩২-১৬৭৭)ৰ দৰে সোতৰ শতিকাৰ দাৰ্শনিকৰ মাজেতা এক গভীৰ পাৰিপাশ্বিৰ্ক দৰ্শনৰ উপস্থিতি লক্ষ্যণীয়, যি মানৱ-অস্তিত্বক প্ৰকৃতিৰ পৰা অভিন্ন হিচাপে উপস্থাপন কৰি ডেকাৰ্টৰ শৰীৰ-মনৰ দ্বৈতবাদ(Mind-Body Dualism)ৰ বিৰোধিতা কৰিছিল৷ যি কি নহওক, ৱৰ্ডছৱৰ্থ আৰু কলৰিজৰ Lyrical Ballads(১৭৯৮), শ্লেগেল ভাতৃদ্বয়ৰ উদ্যোগত প্ৰকাশিত Athenaeum (১৭৯৮) পত্ৰিকাৰ যোগেদি ইউৰোপত সূচনা হোৱা ৰোমাণ্টিকতাবাদী আন্দোলনে মানুহৰ মানসিক আৰু আত্মিক প্ৰশান্তিৰ উদ্দেশ্যেৰে প্ৰকৃতিৰ লগত সহাৱস্থানৰ প্ৰয়োজনীয়তাক গভীৰভাৱে উপলব্ধি কৰিছিল৷ সেয়েহে সাম্প্ৰতিক সময়ৰ পাৰিপাৰ্শ্বিক-সচেতনতাৰ সৈতে জড়িত বহু ধাৰণাৰ উৎপত্তিৰ নেপথ্যত ৰোমাণ্টিকতাবাদৰ প্ৰেৰণা অন্তৰ্নিহিত হৈ থকাৰ কথা একাংশ চিন্তাবিদে স্বীকাৰ কৰে৷ (Rangarajan 19) ডনাল্ড ৱৰষ্টাৰে তেখেতৰ Nature’s Economy (১৯৭৭) শীৰ্ষক গ্ৰন্থখনত লিখিছে : ‘‘And at the very core of this Romantic view of nature was what later generations would come to call an ecological perspective: that is, a search for holistic or integrated perception, an emphasis on interdependence and relatedness in nature, and an intense desire to restore man to a place of intimate intercourse with the vast organism that constitutes the earth.’’(Worster 19) এক্সেল গুডবডিয়ে Ecocritical Theory : Romantic Roots and Impulses from Twentieth-Century European Thinkers(২০১১) শীৰ্ষক নিবন্ধত কৈছে–‘‘Romanticism’s formative influence on thinking about nature has been enormous, and its potential legacy is by no means exhausted.  It profoundly influenced the philosophy of deep ecology, which has underpinned much of the modern environmental movement. In the late eighteenth century, Romanticism drew attention to the losses incurred in the Enlightenment project of the conquest of nature, and the triumph of reason over intuition and the emotions. As the natural environment in Europe became increasingly domesticated and rationally exploited, “untouched” or “wild” nature acquired connotations of the pure and sacral. It is no coincidence that “Mother Nature” was a poetic product of the age of the steam engine. Externally, Romantic writers such as Rousseau, Goethe, Schiller, Novalis, Blake, Coleridge, Shelley, and Wordsworth drew attention to the (as yet local) environmental pollution resulting from industrialization.’’(Goodbody 63)

       ৰোমাণ্টিকতাবাদীসকলৰ বাবে প্ৰকৃতি আছিল আত্ম-উপলব্ধিৰ এক পৱিত্ৰ পথ আৰু সু-স্বাস্থ্য-সৌন্দৰ্য আৰু নৈতিক আদৰ্শৰ ভঁৰাল৷(Rangarajan 20) অৱশ্যে অত্যধিক আৱেগপ্ৰৱণতাৰ হেতু ৰোমান্টিকতাবাদ ভিন্ন সময়ত সমালোচনাৰ সন্মুখীন হৈ আহিছে৷ পেট্ৰিক ডি মাৰ্ফি, টিমথি মৰতন, ডানা ফিলিপছৰ দৰে পৰিপাৰ্শ্ব-সমালোচকে জৈৱিক আন্তঃসম্পৰ্ক, মন আৰু প্ৰকৃতিৰ ঐক্য, অন্তদৃৰ্ষ্টি আৰু নৈতিক প্ৰমূল্যৰ ভিত্তিত পাৰিৱেশিক সমস্যাসমূহৰ ৰোমান্টিকতাবাদে আগবঢ়োৱা সৰল ব্যাখ্যাৰ বিৰোধিতা কৰিছে(Rangarajan 21)৷ তথাপিও বিংশ শতিকাৰ দ্বিতীয় ভাগৰ পৰা বিশ্বজুৰি বিজ্ঞানসন্মতৰূপত উন্মেষ ঘটা পাৰিপাশ্বিৰ্ক-সজাগতাৰ সূঁতি ক্ষীণকৈ হলেও ৰোমাণ্টিক যুগৰ পৰাই প্ৰৱহিত হৈ আহিছে বুলি কোৱাত কোনো দ্বিমত থাকিব নালাগে৷

       ৰোমাণ্টিক কবিতাত ফুল-গছ-লতিকা-নদী-পাহাৰৰ দৰে প্ৰাকৃতিক উপাদানৰ উপৰিও বিবিধ জীৱ-জন্তুৰ প্ৰসংগইও গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে আৰু প্ৰবন্ধৰ জৰিয়তে মূলত এই দিশটোৰ প্ৰতি দৃষ্টিনিক্ষেপ কৰিব বিচৰা হৈছে৷ ৰুছোৱে তেখেতৰ Discourse on the origin and Basis of Inequality Among Men (১৭৫৫) গ্ৰন্থত জীৱ-জন্তুসমূহকো প্ৰাকৃতিক-আইনৰ অংশ হিচাপে অন্তৰ্ভুক্ত কৰিছিল, যিটো ডেকাৰ্টীয় ব্যাখাৰ বিপৰীত আছিল৷ মানুহৰ জীৱ-জন্তুৰ প্ৰতি থাকিবলগীয়া নৈতিক দায়বদ্ধতাৰ দিশটোক তেখেতে বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে আৰু কলৰিজ, ৱৰ্ডথৱৰ্থ, ব্লেক, ক্লেয়াৰ আদি ৰোমান্টিক কবিসকলৰ বহু কবিতা আছিল ৰুছোৰ এই বাৰ্তাৰ প্ৰতি প্ৰাণোচ্চল সঁহাৰি৷(Rangarajan ২২) ইংৰাজী কবিতাৰ ৰোমান্টিক পৰম্পৰাত পশু বিষয়ক কবিতাৰ সংখ্যা যথেষ্টসংখ্যক৷ কলৰিজৰ To a young Ass’, ব্লেকৰ ‘The Tyger’, জন ক্লেয়াৰৰ ‘The Badger’ দৰে কবিতাৰ কথা এই প্ৰসংগত উল্লেখযোগ্য৷ ৰবাৰ্ট চাউদীৰ To a spider’, ৰবাৰ্ট বাৰ্ণচৰ To a Mouse’ আদি কবিতাৰ জৰিয়ত ক্ষুদ্ৰ জীৱসত্তাৰ প্ৰতি দেখুওৱা আন্তৰিকতা মনকৰিবলগীয়া৷ এনেদৰে ৰোমাণ্টিক কবিতাৰ মাজেৰে উজ্জ্বলৰূপত পৰিলক্ষিত হয় জীৱ-জগতৰ প্ৰতি মানুহৰ সহমৰ্মিতা, আন্তৰিকতা আৰু অন্তৰংগতাৰ দ্যোতনা৷ কলৰিজে To a young Ass’ত গাধ-পোৱালিটোক অভিহিত কৰিছে বন্ধুআৰু ভাতৃঅভিধাৰে:

‘‘How askingly its footsteps hither bend?

It seems to say, And have I then one friend?

Innocent foal! thou poor despis'd forlorn!

I hail thee Brother—spite of the fool's scorn!’’

       চুবুৰীয়া বাংলা ৰোমান্টিক কবিতাৰ পৰম্পৰাত ৰবীন্দ্ৰনাথৰ আৰোগ্য (১৯৪৩) কবিতা সংকলনৰ অন্তৰ্গত প্ৰত্যহ প্ৰভাতকালে ভক্ত এ কুকুৰ’ ( ইংৰাজী অনুবাদ: This Dog) পশু বিষয়ক কবিতাৰ এটি উল্লেখযোগ্য নিদৰ্শন৷ কবিতাটোৰ মাজেৰে কুকুৰ এটাৰ সৈতে গঢ়ি উঠা কবিৰ সম্পৰ্ক আৰু কুকুৰটোৰ সান্নিধ্যত উপলব্ধি কৰা আনন্দৰ প্ৰকাশ ঘটিছে এনেদৰেঃ

‘‘প্ৰত্যহ প্ৰভাতকালে ভক্ত এ কুকু

স্তব্ধ হয়ে বসে থাকে আসনে কাছে

যতক্ষণে সঙ্গ তা না কবি স্বীকা

স্পৰ্শ দিয়ে৷

এটুক স্বীকৃতি লাভ কি

সৰ্বাঙ্গে তঙ্গি উঠে আনন্দপ্ৰবাহ৷’’    

       অসমীয়া ৰোমাণ্টিক কবিতাৰ অৰ্ধশতিকাজোৰা ইতিহাসৰ মাজত পশু বিষয়ক কবিতা সম্পৰ্কে কৰা সীমিত অনুসন্ধানৰ অন্তত এটা কথা কব পাৰি যে অসমীয়া ৰোমাণ্টিক কবিসকলৰ কবিতাত বিভিন্ন পশুৰ উল্লেখ আছে যদিও নিৰ্দিষ্ট একোটা পশুক বিষয় হিচাপে লৈ লিখা কবিতা বিৰল৷ ৰোমাণ্টিক কবিতাৰ এটা অতি উল্লেখযোগ্য বিশেষত্ব আছিল: চহাজীৱনৰ প্ৰতি আকৰ্ষণ, আৰু অসমীয়া পৰম্পৰাগত চহাজীৱনৰ সৈতে সম্পৰ্কজড়িত পশুৰ সংখ্যাও যথেষ্ট৷ কিন্তু এনে পশুক বিষয় হিচাপে লৈ লিখা ৰোমাণ্টিক যুগৰ কবিতা মোৰ সীমিত অনুসন্ধানত পোহৰলৈ নাহিল৷ ঊষাত (দ্বিতীয় ভাগ, ষষ্ঠ সংখ্যা) প্ৰকাশিত পদ্মনাথ গোহাঞিবৰুৱাৰ ৰঙাঘোঁৰাকবিতাটো মূলতঃ প্ৰতীকাত্মক৷ কবিতাটোত ঘোঁৰাটোক উদ্দেশ্যি কবিয়ে সোণাইসম্বোধনৰ যি প্ৰয়োগ কৰিছে সি কলৰিজে গাধক উদ্দেশ্যি কৰা ভাতৃসম্বোধনলৈ মনত পেলায় (‘‘দেখি তোৰ লয়লাস, সাদৰী সোণাই / অন্তৰ আনন্দে হয় পূৰ’’)৷ পশু বিষয়ক আন এটা উল্লেখনীয় কবিতা হৰঘুনাথ চৌধাৰীৰ হৰিণা-পোৱালী’(জোনাকী, নতুন খণ্ড, দ্বিতীয় ভাগ, ম সংখ্যা)৷  উদ্ভিদভিন্ন জীৱ-জগতক আশ্ৰয় কৰি লিখা ৰোমান্টিক-যুগৰ অসমীয়া কবিতাৰ অধিকাংশই আচলতে বিহংগ বিষয়ক৷ কীট-পটঙ্গমবিষয়ক কবিতাও অৱশ্যে নথকা নহয়৷ জোনাকীত প্ৰকাশিত চন্দ্ৰকুমাৰ দত্তৰ মৌমাখি’ ( দ্বিতীয় ভাগ, ১২শ সংখ্যা), ঊষাত প্ৰকাশিত মছলাদুদ্দিন আহমদৰ ভোমোৰাৰ দৰে কবিতা এই প্ৰসংগত উল্লেখযোগ্য৷ নিঃসন্দেহে বিহংগ বিষয়ক বিখ্যাত ইংৰাজী কবিতা ৱৰ্ডথৱৰ্থৰ To the Skylark’, ‘The Redbreast chasing the Butterfly’, শ্বেলীৰ To a skylark’, ‘Ode to a Nightingale’ৰ অনুপ্ৰেৰণাৰে অসমীয়া ৰোমান্টিক কবি অনুপ্ৰাণিত হৈছিল৷ ইংৰাজী ৰোমান্টিক কবিতাৰ ইতিহাসত বিহংগ বিষয়ক কবিতাৰ ক্ষেত্ৰত জন ক্লেয়াৰ(১৭৮৩-১৮৬৪)ৰ নামটোও বিশেষভাৱে প্ৰণিধানযোগ্য৷ ‘The Yellowhammers Nest’, ‘Little Trotty Wagtail’, ‘The Pewits Nest’, ‘The Thrush's Nest’ আদি কবিতাৰ কবি জন ক্লেয়াৰে তেখেতৰ কবিতাত চৰাইৰ জীৱন-শৈলীৰ সাৰ্থক ৰূপত কৰা ৰূপায়ণ ইংৰাজী ৰোমান্টিক কবিতাৰ এক উল্লেখনীয় ঐতিহ্যঃ

‘‘How true she warped the moss to form her nest,

And modelled it within with wood and clay;

And by and by, like heath bells gilt with dew

There lay her shining eggs as bright as flowers.

Ink-spotted over shells of greeny blue;

And there I witnessed in the sunny hours

A brood of nature’s minstrels chirp and fly

Glad as the sunshine and the laughing sky.’’ (The Thrush's Nest’)

       শেহতীয়াকৈ একাংশ সাহিত্য সমালোচকে ‘Creaturely Poetics’ শীৰ্ষক এটা ধাৰণা আগবঢ়াইছেযি ধাৰণাই মানুহ আৰু অন্যান্য জীৱৰ মাজৰ সম্পৰ্ক অন্বেষণ কৰাৰ বিশেষ সাহিত্যিক আৰু দাৰ্শনিক দৃষ্টিভংগীক নিদেৰ্শ কৰে৷ মানুহ আৰু জীৱজগতৰ জীৱন-নিৰ্বাহৰ ভিন্ন ৰূপৰ মাজত থকা আন্তঃসংযোগ আৰু অংশীদাৰী অভিজ্ঞতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা এই দৃষ্টিভংগীয়ে মানুহ-ভিন্ন জীৱ-জগতখনকো সাহিত্যত ‘Significant Others’ হিচাপে ৰূপায়ণৰ পক্ষপাতিত্ব কৰে৷ কেৰী উলফে তেওঁৰ What Is Posthumanism? (২০১০) গ্ৰন্থত পোনপ্ৰথমে এই দৃষ্টিভংগীৰ অৱতাৰণা কৰিছিল৷ Creaturely poetics: animality and vulnerability in literature and film(২০১১) শীৰ্ষক চৰ্চিত গ্ৰন্থখনত আনাত পিকে ‘Creaturely Poetics’ৰ অধ্যয়নৰ পাৰিপাশ্বিৰ্ক দৃষ্টিভংগীৰ আভাস দি লিখিছে– Reading through a creaturely prism consigns culture to contexts that are not exclusively human, contexts beyond an anthropocentric perspective. It recognizes in culture more than the cliched expression of the “human condition” but an expression of something inhuman as well: the permutations of necessity and materiality that condition and shape human life. (Pick 5)

       সাহিত্য অধ্যয়নৰ পাৰিপাশ্বিৰ্ক দৃষ্টিভংগীৰ সাম্প্ৰতিক প্ৰেক্ষাপটত  ‘Creaturely Poetics’ ৰ ধাৰণাই সাহিত্য-অধ্যয়নৰ অনালোচিত আৰু অল্প-আলোচিত প্ৰসংগ কেতবোৰত পোহৰ পেলাইছে৷ ক্ৰিয়েচাৰলি পয়েটিকচ্‌ৰ আলমত অসমীয়া কবিতাৰ ৰোমাণ্টিক যুগৰ অন্যতম শ্ৰেষ্ঠ কবি ৰঘুনাথ চৌধাৰী(১৮৭৯-১৯৬৭)ৰ একাংশ কবিতাৰ ভাৱ-ভাষা-প্ৰতীক  বিচাৰ কৰি চালে কবিগৰাকীৰ কাব্যচেতনাৰ অন্তৰংগ বহু দিশ পোহৰলৈ আহে৷ সাদৰী(১৯১০), কেতেকী(১৯১৮), কাৰবালা(১৯২৩), দহিকতৰা(১৯৩১), মনাই বৰাগী (ৰচনাৱলীত সংকলিত)- তিনিকুৰি বছৰজোৰা কাব্যসাধনাৰ ফঁচল এই পাঁচখন কবিতাপুথিৰে ৰঘুনাথ চৌধাৰী অসমীয়া কবিতাৰ ৰোমাণ্টিক যুগৰ অগ্ৰণী কবি হিচাপে স্বীকৃত হৈ আহিছে৷ কবিৰ কবিতাত আন প্ৰথম-স্তৰৰ ৰোমাণ্টিক কবিৰ দৰেই পৰিপাৰ্শ্বৰ সৌন্দৰ্যৰ সাৰ্থক ৰূপায়ণ পৰিলক্ষিত হয়৷ কবিৰ কাব্যদৃষ্টিত সমন্বিত ৰূপত দেখা যায় ৰোমাণ্টিক যুগচেতনাৰ প্ৰভাৱ আৰু ভাৰতীয় দৰ্শনৰ সূক্ষ্মতম অনুৰণন

‘‘জড় জগতত জীৱ জগতত

     পাওঁ সকলোতে দেখা

মহাবিশ্ব জুৰি বিৰিঙিছে যেন

       আনন্দৰ পূৰ্ণ ৰেখা’’

       প্ৰকৃতিক অন্তহীন আনন্দৰ উৎস হিচাপে উপস্থাপন কৰাৰ লগতে প্ৰকৃতিৰ অনাবিল সৌন্দৰ্যৰ কাব্যিক প্ৰকাশ তেখেতৰ আৱাহন’, ‘ভেঁট কলি’, ‘মাধুৰী’, ‘বিশ্ব’, ‘উপমা’, ‘বৰ্ষা’, ‘প্ৰাকৃতিক দৃশ্যআদি কবিতাত লক্ষ্য কৰা যায়৷ গছ-লতিকা-ফুল-তৰা-নদীৰ উপৰিও কবিৰ কবিতাত পক্ষীজগতৰ যি ৰূপায়ণ পৰিলক্ষিত হয়, সেয়া ৰঘুনাথ চৌধাৰীৰ কবিতাৰ আটাইতকৈ উজ্জ্বল বিশেষত্ব৷ কবিৰ চৰাইবিষয়ক কবিতাসমূহৰ মাজত মানুহ আৰু জীৱজগতৰ আন্তঃসম্পৰ্ক আৰু সাদৃশ্য-সন্দৰ্ভৰ যি গভীৰতম উপলব্ধিৰ প্ৰকাশ ঘটিছে সি কবিৰ কবিতাসমূহক পৰিপাৰ্শ্ব-চেতনাৰ শেহতীয়া বাগ্‌ধাৰাৰ দিশৰ পৰাও বিশেষ কৰি তুলিছে৷ ৰঘুনাথ চৌধাৰীৰ কবিতা সম্পৰ্কত সমালোচক বাণীকান্ত কাকতিয়ে লিখিছে–‘চৰাই জীৱনৰ লগত কবিৰ একান্ত সহানুভূতি আৰু আত্মোৎসৰ্গৰ ভাৱ দেখা যায়৷ (বৰুৱা ৯১৩) কবিতাসমূহ ৰচনাৰ নেপথ্যত কবিৰ চৰাই সম্পৰ্কীয় সূক্ষ্ম অধ্যয়ন যে জড়িত হৈ আছে তাৰ ইংগিত পক্ষীজগতৰ ভাৱ-ভংগী, আচাৰ-আচৰণ আদিৰ উপস্থাপনত লক্ষ্য কৰা যায়৷ চৰাইৰ বৰ্ণনাৰ সৈতে বহু সময়ত কবিয়ে অতীন্দ্ৰিয় উপলব্ধিৰ সংযোগ সাধন কৰিছে যদিও, সেয়া উপেক্ষা কৰি কবিৰ বিহংগ-প্ৰেমৰ বিশিষ্টতাক দুটা দিশৰ পৰা মন কৰিব পাৰিঃ প্ৰথমতে, পক্ষীজগতৰ আচাৰ-আচৰণৰ ৰূপায়ণ আৰু তাৰ সৈতে স্থানীয় সংস্কৃতি আৰু মানৱীয় অনুভূতিৰ সংযোগ সাধন, দ্বিতীয়তে, জীৱজগতৰ প্ৰতি আন্তৰিক সহানুভূতি আৰু সহমৰ্মিতাৰ প্ৰদৰ্শন৷ হাগীৰ বিয়াকবিতাটিৰ মাজেৰে এই প্ৰথম দিশটোৰ সাৰ্থক প্ৰকাশ ঘটিছে

 

‘‘জয়ে জয়ে আহি ফেঁহু চৰাইটি

মঙ্গল উৰুলি দিলে

দহিকতৰাই প্ৰভাতী সুৰত

স্তুতি গীত আৰম্ভিলে’’

................

‘‘পিন্ধালে ময়ূৰে গোমচেং মেখেলা

ভমকা-ফুলীয়া চাই’’

................

‘‘টুনি বুলবুলি নাচে ছেৱে ছেৱে

হেটুলুকা ওজাপালী’’

 

       যদিও জন ক্লেয়াৰৰ কবিতাৰ দৰে ৰঘুনাথ চৌধাৰীৰ কবিতাৰ মাজত পক্ষীজগতৰ জীৱন-শৈলীৰ ৰূপায়ণ অতি সূক্ষ্ম আৰু বিচিত্ৰ ৰূপত হোৱা নাই, তথাপিও অসমীয়া সামাজিক পৰম্পৰাৰ বৃত্তৰ ভিতৰত ভিন্ন চৰাইৰ ভূমিকাক মানৱীয় ৰূপত কৰা উপস্থাপন, মানুহ আৰু চৰাইৰ বিভিন্ন আচাৰ-আচৰণৰ মাজত সাদৃশ্য-সন্ধান, পক্ষীজগতৰ বিভিন্ন আদৱ-কায়দা, আগমনৰ সময়, জীৱন-শৈলীৰ ভিন্ন দিশ আদিৰ কাব্যিক অভিব্যক্তিৰে অসমীয়া ৰোমান্টিক কবিতাৰ ইতিহাসত কবিয়ে যোগান ধৰা বৈভৱ অতুলনীয়৷ আন দুটিমান উদাহৰণ

 

‘‘বিলৰ দাঁতিত পানী যুৱলীত

ডাউকে লগালে মাত

উঠিল ঝঙ্কাৰ ললিত গীতৰ

মেৱা সৰালীৰ গাত’’ (কেতেকী)

.........................

‘‘তোৰে লগৰীয়া আৰু এটি আছে

মইনা নামতী বাই

ওখ গছে গছে লাহ বাহ কই

ফুৰে বিহুনাম গাই৷’’ (কেতেকী)

 

       ৰঘুনাথ চৌধুৰীৰ প্ৰকৃতি-চিত্ৰায়ণৰ মাজত সংপৃক্ত হৈ থকা অসমীয়া জনজীৱন কবিৰ কবিতাৰ অন্যতম উল্লেখনীয় দিশ৷ অম্বিকাগিৰী ৰায়চৌধুৰীৰ ভাষাত– ‘‘ইয়াকেই বোলে সাহিত্যৰ জাতীয়ত্ব৷ ইয়াকেই বোলে–‘গোস্পদে নভো-মণ্ডলম্‌৷ সাধাৰণ অসমীয়া সাৰুৱা জীৱনৰ মাজেদি বিশ্ব-জীৱনৰ বিকাশ দৰ্শন, গৰুৰ খোজৰ পানীত সমস্ত নভোমণ্ডলৰ প্ৰতিবিম্ব’’(বৰুৱা ১৮৯) এই জাতীয়ত্বৰ নিদৰ্শন জন ক্লেয়াৰৰ কবিতাৰ মাজত যিদৰে স্থানীয় পৰম্পৰা, থলুৱা ভাষা, স্থানীয় প্ৰাকৃতিক-সম্পদৰ সাৰ্থক ৰূপায়ণেৰে প্ৰকাশিত হৈছে, চৌধাৰীৰ কবিতাৰ মাজতো সেয়া বলিষ্ঠৰূপত বিদ্যমান৷ অন্যহাতে মানৱীয় দুখ-বেদনাৰ ৰূপায়ণৰ বাবেও কবিয়ে ভিন্ন পক্ষীৰ অৱতাৰণা কৰিছে৷ এই প্ৰসংগত ৰঘুনাথ চৌধাৰীৰ স্মৃতিদিৱসশীৰ্ষক নিবন্ধত কবিৰ সৈতে ৱৰ্ডছৱৰ্থৰ কাব্যিক-চেতনাৰ তুলনাৰে  হীৰেন গোহাঁয়ে কৰা এটি মন্তব্য প্ৰণিধাযোগ্য ‘‘মানৱ -জীৱনৰ নানা ক্ৰুটি আৰু অভাৱ, যাতনা আৰু গ্লানিৰ ক্ষতিপূৰণ দুয়ো বিচাৰিছে প্ৰকৃতিৰ অনাবিল মাধুৰ্যত৷ ৱৰ্ডছৱৰ্থৰ ‘Cuckoo’ ৰু ‘The Solitary Reaper’ আদি কবিতাত যেনেকৈ কুলিৰ মাত মিহলি হৈ গৈছে মানৱ-জীৱনৰ যুগ-যুগান্তৰৰ পৰিচিত দুখ-বেদনাৰ লগত(‘some natural sorrow, loss or pain/ That has been and my be again’)৷ সেইদৰে কেতেকীকবিতাটো শকুন্তলা, নল-দময়ন্তী আদি আৰু কালিদাসৰ যক্ষৰ বিৰহ-বেদনা বা কৰুণ বিপৰ্যয়ৰ সোঁৱৰণী কেতেকীৰ গীতে কবিৰ মনত জগাই তুলিছে৷ কিন্তু ৱৰ্ডছৱৰ্থৰ বা প্ৰকৃতিত ‘unknown modes of being’ বা সত্তাৰ অপৰিচিত ৰূপ নিহিত হৈ আছে৷ চৌধাৰীৰ প্ৰকৃতিত মানৱ-জীৱনৰ সুখ-দুখ, আনন্দ-বেদনাৰ প্ৰতিফলন অধিক স্পষ্ট আৰু তীব্ৰ৷’’ (দাস আৰু বায়ন ৪০৫)

       দ্বিতীয়তে জীৱ-জগতকো নিজৰ আত্মীয়-স্বজনৰ ৰূপত কল্পনা কৰি কবিয়ে {দ্ৰষ্টব্যঃ শুনিবা নে প্ৰিয় সখা কথা এটি কওঁ–...জন্ম জন্মান্তৰে যেন তোমাকেহে পাওঁ (কেতেকী চৰাই’), মৰমী বন্ধু মোৰ অদহিকতৰা (দহিকতৰা’)} প্ৰকাশ কৰা সহানুভূতি আৰু সহমৰ্মিতাৰ ভাষাই  ব্লেকৰ ‘The Marriage of Heaven and Hell’ , ৰবাৰ্ট বাৰ্ণৰ ‘On Seeing a wounded Hare’ৰ দৰে কবিতালৈ মনত পেলায়৷ এইখিনিতে ইংৰাজ দাৰ্শনিক জেৰেমী বেনথামে (১৭৪৮-১৮৩২) মানুহ-ভিন্ন জীৱ-জগতৰ প্ৰসংগত কৰা বিখ্যাত প্ৰশ্ন Can they Suffer?ৰ প্ৰসংগ উল্লেখ কৰাটো প্ৰাসংগিক হব৷ বেনথামে পোষকতা কৰিছিল একধৰণৰ ‘hedonistic utilitarianism’ৰ৷ তেখেতৰ মতে আমি কৰা কামবোৰ এনে এক ভাৰসাম্য ৰক্ষা কৰা উচিত যি পীড়াৰ তুলনাত সকলো জীৱৰে আনন্দৰ আধিক্য সুনিশ্চিত কৰে৷ কুকুৰ, ঘোঁৰা, মানুহ সকলোৱে কষ্ট পাব পাৰে আৰু সেয়া মানুহে পোৱা দুখ-যন্ত্ৰণাৰ দৰেই গুৰুত্বপূৰ্ণ৷  Introduction to the Principles of Morals and Legislation গ্ৰন্থত তেখেতে লিখিছিলঃ Other animals, which, on account of their interests having been neglected by the insensibility of the ancient jurists, stand degraded into the class of things. ... The day has been, I grieve it to say in many places it is not yet past, in which the greater part of the species, under the denomination of slaves, have been treated ... upon the same footing as ... animals are still. The day may come, when the rest of the animal creation may acquire those rights which never could have been withholden from them but by the hand of tyranny. The French have already discovered that the blackness of skin is no reason why a human being should be abandoned without redress to the caprice of a tormentor. It may come one day to be recognized, that the number of legs, the villosity of the skin, or the termination of the os sacrum, are reasons equally insufficient for abandoning a sensitive being to the same fate. What else is it that should trace the insuperable line? Is it the faculty of reason, or perhaps, the faculty for discourse?...the question is not, Can they reason? nor, Can they talk? but, Can they suffer? Why should the law refuse its protection to any sensitive being?... The time will come when humanity will extend its mantle over everything which breathes...’’ (https://www.goodreads.com/quotes/470941-what-other-agents-then-are-there-which-at-the-same) বেনথামৰ এনে দৃষ্টিভংগীয়ে মানৱীয় বহু কাৰ্যক অনৈতিক হিচাপে প্ৰতিষ্ঠা কৰে আৰু সেয়েহে পৰৱৰ্তী সময়ত এনে ধাৰণাক লৈ বিৰ্তকও অব্যাহত আছে৷ তথাপিও ৰোমান্টিত-যুগতে বেনথামে আগবঢ়োৱা এনে ব্যাখাই জীৱ-জগতৰ প্ৰতি যি উদাৰতাৰ প্ৰদৰ্শন কৰিছে সেয়া নিঃসন্দেহে উল্লেখযোগ্য৷ তলত দিয়া পংক্তিকেইটা ৰঘুনাথ চৌধাৰীৰ কবিতাৰ মাজেৰে জীৱ-জগতৰ প্ৰতি প্ৰকাশিত সহমৰ্মিতাৰ উজ্জ্বল দৃষ্টান্ত

 

দুষ্ট ব্যাধে তাত মোহৰ বাগুৰা

পাতিছে সুন্দৰ কই

কিন্তু পখি তই আগ পাচ গুণি

ফুৰিবি সৰ্তক হৈ৷’ (কেতেকী)

......................

কান্তা-বিয়োগত বিৰহী চকোৱা

ল বাতুলৰ প্ৰায়

......................

নিমাখিত হৰিণায় তধা লাগি ৰল চায়

ভয়তে কঁপিছে দেখি ! থৰ থৰ কৰি;

বিষম বিপদ জানি ফাটে যেন হিয়া খনি

বাগৰিল বিষাদৰ চকুলো দুধাৰি৷’ (হৰিণা-পোৱালী)

.........................

অবোধ হৰিণা শিশু, জনমত হলো পশু

কিয়বা কৰিলা মোক সকলোৰে বৈৰী,

কাৰো একো অপকাৰ কৰা নাই জগতৰ

শ্বাপদ প্ৰাণীৰ আৰু নৰদেহ ধাৰি৷’ (হৰিণা-পোৱালী)

 

       কবি ৰঘুনাথ চৌধাৰীৰ প্ৰথমটো কবিতাৰ শিৰোনাম–‘‘গোৱাহে এবাৰ মোৰ প্ৰিয় বিহঙ্গিনি’’৷ কবিয়ে আত্মকথাত লিখিছে–‘‘চৰাইজনীৰ নাম নজনা কাৰণেই আৰু তাইক ভালকৈ নেদেখা বাবেই কোনো নাম নিদি ‘‘বিহঙ্গিনি’’ বুলিয়েই লিখিছিলোঁ৷’’ (বৰুৱা ৫২২) বিহঙ্গৰ প্ৰতি উৎসৰ্গিত কবি-প্ৰাণে কিন্তু সম্পূৰ্ণৰূপে নিজৰ চেতনাক নৃকেন্দ্ৰিকতাৰ পৰা জৈৱকেন্দ্ৰিকতালৈ প্ৰসাৰিত কৰিব পাৰিছিল বুলি কব নোৱাৰি৷ মৰমৰ পখীকবিতাটিত কবিয়ে হাবিৰ পৰা ধৰি আনি আশ্ৰয় দিয়া চৰাইটো উৰি যোৱাত বিষাদগ্ৰস্ত হৈ নুবুজিলোঁ হায় ! কপট চাতুৰী / দুষ্ট সেই বিহঙ্গৰবুলি কৰা আৱেগিক মন্তব্য বা মানুহক জীৱৰ প্ৰধান বুলি গণ্য কৰা মানসিকতা {দ্ৰষ্টব্যঃ কি যে স্বাৰ্থপৰ হিয়া দয়া মায়া নাইকীয়া, জীৱৰ প্ৰধান বুলি কৰে অভিমান / বিলাস সম্ভোগ তৃপ্তি ক্ষন্তেকীয়া সুখ অতি, জানিয়ো তথাচ হাঁয় বধে মোৰ প্ৰাণ ’(‘হৰিণা পোৱালী’), ‘জীৱজগতৰ এটি ক্ষুদ্ৰ প্ৰাণী হ, তই মোক কৰা উপহাস’ (‘জোন আৰু জোনাকী’)}ক দৰাচলতে কবিৰ সীমাবদ্ধতা বুলি নকৈ যুগচেতনাৰে সীমাবদ্ধতা বুলি কোৱাটোহে চাগে সমীচিন হব৷

       Romantic Ecology (১৯৯১) শীৰ্ষক গ্ৰন্থখনত জনাথন বেটে ৰোমান্টিক-পৰম্পৰাই বহন কৰা পাৰিপাশ্বিৰ্ক-সজাগতাৰ দিশটোক যুক্তিসহকাৰে বিশ্লেষণ কৰি দেখুৱাইছে৷ গ্ৰন্থখনৰ পাতনিত  ৱৰ্ডচৱৰ্থ-শ্বেলীৰ প্ৰসংগত কৰা এষাৰ মন্তব্যৰে এই আলোচনা সামৰিছোঁ,  যিটো মন্তব্য অসমীয়া সাহিত্যৰ প্ৰেক্ষাপটত চন্দ্ৰকুমাৰ-ৰঘুনাথ চৌধাৰীৰ প্ৰসংগত আগবঢ়ালেও হয়তো ভুল নহThe time is now right to allow Wordsworth to become once more what he imagined himself to be, what Shelley called him, and what he was to the Victorians: ‘Poet of Nature'. It may be asked what good it will do to relearn Wordsworth's way of looking at nature. I acknowledge that a rereading of a nineteenth-century poet is not actually going to have any effect on any government's policies concerning ‘green' issues and also that such a reading runs the risk of appearing modish (do we really need a green literary criticism to go with our lead-free petrol and our ozone-friendly deodorant?). But it still seems to me valuable and important to make claims for the historical continuity of a tradition of environmental consciousness; Wordsworth by no means initiated that tradition, but he has been a vital influence upon it. (Bate 9)

 

তথ্যসূত্ৰঃ     

বৰুৱা, অতুলচন্দ্ৰ, সম্পা. ৰঘুনাথ চৌধাৰী ৰচনাৱলী, অসম সাহিত্য সভা, ১৯৮০.

দাস, শোনিত বিজয় আৰু মুনীন বায়ন, সম্পা. হীৰেন গোহাঁই ৰচনাৱলী, প্ৰথম খণ্ড, কথা, ২০০৯

Bate, Jonathan. Romantic Ecology: Wordsworth and the Environmental Tradition. Routledge, 1991.

Buell, Lawrence. The Environmental Imagination: Thoreau, Nature Writing, and the Formation of American Culture. Cambridge, MA: Harvard UP, 1995. Print.

Bentham, Jeremy. An Introduction to the Principles of Morals and Legislation. Batoche Books, 2000. https://www.utilitarianism.com/jeremybentham.html

Duddy, Tom. “John Clare and the Poetry of Birds.” The Poetry Ireland Review, Sept. 2011, pp. 60-73.

Dwyer, Jim. Where the Wild Books Are: A Field Guide to Ecofiction. U of Nevada P, 2010.

Glotfelty, Cheryll, and Harold Fromm. The Ecocriticism Reader: Landmarks in Literary Ecology. U of Georgia P, 1996.

Goodbody, Axel. ‘Ecocritical Theory: Romantic Roots and Impulses from Twentieth-Century European Thinkers.’ The Cambridge Companion to Literature and the

Environment. Ed. Louise Westling. New York: Cambridge UP, 2014. 61–74. 

Karremann, Isabel. “Human/Animal Relations in Romantic Poetry.” European Journal of English Studies, vol. 19, no. 1, Mar. 2015, pp. 94-110.

Kroeber, Karl. Ecological Literary Criticism: Romantic Imagining and the Biology of Mind. New York: Columbia UP, 1994. Print.

McKusick, James C. Green Writing: Romanticism and Ecology. MacMillan, 2000.

Ortiz-Robles, Mario. Literature and Animal Studies. Routledge, 2016.

Pick, Anat. Creaturely Poetics: Animality and Vulnerability in Literature and Film. Columbia UP, 2011.

Rangarajan, Swarnalatha. Eco Critcism: Big Ideas and Practical Strategies. Orient BlackSwan, 2018.

Rousseau, Jean-Jacques. Discourse on the Origin of Inequality. Courier Corporation, 2012.

Wolfe, Cary. What Is Posthumanism? U of Minnesota P, 2013.

Worster, Donald. Nature’s Economy: A History of Ecological Ideas. Cambridge, UK: Cambridge UP, 1994. Print.

লেখকৰ ঠিকনা:

জ্যোতিষ্মান দাস

সহকাৰী অধ্যাপক, অসমীয়া বিভাগ, তেজপুৰ বিশ্ববিদ্যালয়

নপাম, শোণিতপুৰ-৭৮৬০২৮

ফোনঃ ৮৬৩৮৫৫৯০৭৪


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ