অন্যযুগ/


এপ্ৰেণ্টিচশ্বিপ বা শিক্ষানবিচী : দ্বৈত বৃত্তিগত প্ৰশিক্ষণ আৰু কাৰখানা-উন্মুখ প্ৰতিভাৰ বিকাশ

° ভাৰত বৰুৱা 

 

ভিড অতিমাৰিৰ বাবে সমগ্ৰ বিশ্বৰেই কাৰখানাসমূহত কৰ্মীৰ অভাৱে দেখা দিলে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ঔদ্যোগিক ইতিহাসত ইয়াক দ্যা গ্ৰেট ৰেজিগনেশ্যনবুলি কোৱা হৈছে। কেৱল ২০২১ চনতেই আমেৰিকা  যুক্তৰাষ্ট্ৰত ৪৭ মিলিয়ন কৰ্মীয়ে ইস্তফা দিয়ে। এই ইস্তফাৰ কেইবাটাও অন্তৰ্নিহিত কাৰণ আছে, তাৰ ভিতৰত উন্নত জীৱিকা আৰু পাৰিৱাৰিক জীৱনৰ ভাৰসাম্য, বৃত্তিগত জীৱনত নমনীয়তা, বৰ্ধিত পাৰিশ্ৰমিক, আৰু লগতে এক বলিষ্ঠ কলঘৰ-কৃষ্টিৰ তাগিদা। কিন্তু ইস্তফা দিয়াৰ পাছৰ গতিবিধি ভালদৰে লক্ষ্য কৰিলে দেখা যায় যে এয়া প্ৰকৃততে দ্যা গ্ৰেট ৰেজিগনেশ্যন নহৈ হব লাগিছিল দ্যা গ্ৰেট ৰিছাফল। অৰ্থাৎ কৰ্মীসকলে এঠাইত কৰ্মসংস্থান এৰি অন্য স্থানত চাকৰি লৈছেগৈ। ২০২০ চনৰ নৱেম্বৰ মাহৰ পাছৰ পৰা মানুহে যি হাৰত কৰ্মসংস্থান এৰিছে তাতকৈ বেছি হাৰত পুনৰ কৰ্মসংস্থান লাভ কৰি আহিছে।

 

 বহু কোম্পানীয়ে বহু সময়ত এনে এটা  দুশ্চিন্তাত ভূগে যে তেওঁলোকে যদি উপযুক্ত সয়মত উপযুক্তভাৱে দক্ষ কৰ্মী নাপায় তেন্তে কোম্পানীৰ বিস্তৰ ক্ষতি হব পাৰে। এনে ধৰণৰ দুশ্চিন্তা বিশেষকৈ বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিত বিষয়ৰ উদ্যোগবোৰৰ ক্ষেত্ৰত বেছি। বহু কোম্পানীৰ কাৰিকৰী দিশৰ কামবোৰৰ বাবে অৰ্হতাসম্পন্ন কৰ্মীৰ দৰকাৰ হয় যদিও পি. এইছ. ডি.-ৰ দৰে উচ্চ ডিগ্ৰীধাৰীৰ দৰকাৰ নহয়। উপযুক্ত অৰ্হতাসম্পন্ন চাকৰিয়াল গোটাবৰ বাবে কোম্পানীবোৰে সাধাৰণতে দুই ধৰণৰ পথ অনুসৰণ কৰে। প্ৰথমটো হল শিক্ষানবিচী বা এপ্ৰেণ্টিচশ্বিপত ভিতৰুৱাকৈ প্ৰশিক্ষণ দি কাৰিকৰী কামৰ বাবে প্ৰশিক্ষাৰ্থীসকলক যোগ্য কৰি তোলা হয়। এনে ধৰণৰ এপ্ৰেণ্টিচশ্বিপৰ আৰ্হি জাৰ্মানীত বহু দশক পুৰণি আৰু লাহে লাহে এই আদৰ্শ ইউৰোপৰ অন্য দেশবোৰলৈও বিয়পিবলৈ লৈছে। দ্বিতীয় আৰ্হিটো হল চাৰ্টিফিকেট আঁচনি আৰু সহযোগী ডিগ্ৰীৰ দ্বাৰা স্থানীয় কমিউনিটি কলেজবোৰৰ লগত অংশীদাৰী প্ৰথাৰে নিৰ্দিষ্ট কোম্পানীৰ কাৰিকৰী সংস্থাপনৰ বাবে বিদ্যাৰ্থীক প্ৰশিক্ষণ দিয়া। এই দ্বিতীয় আৰ্হি বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰত বেছিকৈ প্ৰচলিত।

 

 জাৰ্মানীৰ BASF নামৰ ৰাসায়নিক কোম্পানীটোৱে আজি প্ৰায় ১০০ বছৰ মান ধৰি এনে ধৰণৰ এপ্ৰেণ্টিচশ্বিপৰ জৰিয়তে কাৰিকৰী প্ৰশিক্ষণ দি আহিছে। BASF-অৰ সংবাদদাতাৰ মতে তেওঁলোকৰ ৰাসায়নিক গৱেষণাগাৰৰ বেঞ্চবোৰ পূৰ্ণ কৰি ৰাখিবৰ বাবে তেওঁলোক আৰাম্ভণিৰে পৰাই এপ্ৰেণ্টিচশ্বিপৰ ওপৰত সম্পূ্ৰ্ণ নিৰ্ভৰশীল। এই এপ্ৰেণ্টিচশ্বিপ আঁচনিয়ে কাৰখানা-উন্মুখ প্ৰতিভাৰ সৃষ্টি কৰি BASF-অৰ দৰে বিশাল ৰাসায়নিক কোম্পানীৰ উন্নতি আৰু ধাৰণ ক্ষমতাত বৰঙণি যোগাই আহিছে। BASF-অৰ আৰ্হিৰ এপ্ৰেণ্টিচশ্বিপ বা শিক্ষানবিচী জাৰ্মানীত বেছি জনপ্ৰিয় আৰু হাইস্কুলীয়া শিক্ষা সাং কৰা বিদ্যাৰ্থীৰ ৫০%-ই কোম্পানীয়ে যোগান ধৰা বৃত্তিগত প্ৰশিক্ষণ লয়। জাৰ্মানীত এনে ধৰণৰ এপ্ৰেণ্টিচশ্বিপ বা শিক্ষানবিচীক “dual vocational training” অৰ্থাৎ দ্বৈত বৃত্তিগত প্ৰশিক্ষণ বোলা হয় আৰু ইয়াত সংমিশ্ৰণ কৰা হয় পাৰম্পাৰিক হাইস্কুলীয়া শিক্ষা আৰু ব্যৱহাৰিক “on-the-job” প্ৰশিক্ষণ। জাৰ্মানীৰ ৰাসায়নিক কোম্পানীবোৰ পাৰদৰ্শী কৰ্মী গোটাবৰ বাবে এই শিক্ষানবিচী বা এপ্ৰেণ্টিচশ্বিপৰ ওপৰত বাৰুকৈয়ে নিৰ্ভৰশীল। ভৱিষ্যতে ৰাসায়নিক কাৰখানৰ কৰ্মসংস্থান লোৱাৰ ইচ্ছা থকাসকলক কাৰখানাই এই এপ্ৰেণ্টিচশ্বিপৰ জৰিয়তে কেৱল বিজ্ঞানভিত্তিক কেৰিয়াৰৰ পথেই মুকলি নকৰে, শিক্ষানবিচসকলে কাৰিকৰী প্ৰশিক্ষণ লোৱাৰ লগতে পৰিমিত উপাৰ্জনো কৰিব পাৰে। এই ধৰণৰ দ্বৈত বৃত্তিগত শিক্ষা এতিয়া কেৱল জাৰ্মনীতেই সীমিত হৈ নাথাকি ইউৰোপৰ আন আন দেশ, যুক্তৰাজ্য আৰু আনকি আমেৰিকা যুক্তৰাষ্ট্ৰলৈও প্ৰসাৰিত হৈছে। বিশেষকৈ ৰাসায়নিক কোম্পানীবোৰে এই এপ্ৰেণ্টিচশ্বিপক বাৰুকৈয়েই আঁকোৱালি লৈছে কিয়নো এই পদ্ধতিৰেহে বিসদৃশ পটভুমি আৰু বৈচিত্ৰ্যপূৰ্ণ প্ৰসাৰৰ লগতে উপযুক্ত অৰ্হতাসম্পন্ন ৰসায়নবিদ তৈয়াৰ কৰিবলৈ সক্ষম হয়।

 

 BASF জাৰ্মানীৰ এক আগশাৰীৰ গ্লবেল ৰাসায়নিক কোম্পানী হোৱাৰ লগতে পৃথিৱীৰ আটাইতকৈ ডাঙৰ ৰাসায়নিক পদাৰ্থৰ উৎপাদক। ইয়াৰ মূলথলী জাৰ্মানীত, লগতে  আমেৰিকা যুক্তৰাষ্ট্ৰ  আৰু কানাডাৰ বাহিৰেও বিশ্বৰ মুঠ ৯০ খন দেশত ইয়াৰ শাখা আছে। জৰ্মানীৰ লোডউইগছহাফেন চহৰৰ BASF-অৰ মূলশাখাতেই কেৱল প্ৰশিক্ষাৰ্থীৰ প্ৰশিক্ষণৰ বাবেই উৎসৰ্গিত উৎপাদন কলঘৰ, পৰীক্ষাগাৰ আৰু কৰ্মশালা আছে। এইবোৰ পৰিচালনাৰ বাবে BASF-অৰ নিগজী প্ৰশিক্ষক আছে আৰু কোম্পানীৰ কৰ্মচাৰীয়েই উৎপাদন কলঘৰবোৰ পৰিচালনা কৰে। ইয়াৰ সমান্তৰাল ভাবেই শিক্ষানবিচসকলে শ্ৰেণীগত শিক্ষাৰ বাবে বৃত্তিগত স্কুললৈ যায়। BASF যদিও এটা ৰাসায়নিক কোম্পানী, তথাপি ইয়াৰ প্ৰশিক্ষণ কেন্দ্ৰত ৩০টা ভিন্ন বৃত্তিৰ শিক্ষানবিচক কাৰিকৰী প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা আছে। তাৰে ভিতৰত কেইটামান উল্লেখযোগ্য বৃত্তি হল কেমিকেল টেকনিচিয়ান, ইলেকট্ৰনিকচ টেকনিচিয়ান, অটমেচন টেকনজিষ্ট, অপাৰেটিং ইঞ্জিনিয়াৰ, ইণ্ডাষ্ট্ৰিয়েল মেকানিকচ, আদি।

 

 আৰ্থিক দিশৰ পকা চাবলৈ গলে এনে ধৰণেৰে বহুল হাৰত যুৱ শিক্ষানবিচক প্ৰশিক্ষণ দিয়াটো BASF-অৰ দৰে বৃহৎ কোম্পানীৰ বাবেহে সম্ভৱ হয়। যুৱ প্ৰশিক্ষাৰ্থীসকলক দেশখনৰ প্ৰচলিত হাৰত ন্যূনতম পাৰিশ্ৰমিক, নিগাজী প্ৰশিক্ষকৰ উপযুক্ত বেতন দিয়াৰ লগতে কাৰিকৰী শিক্ষাৰ কেন্দ্ৰবোৰত প্ৰশিক্ষণৰ সময় আৰু উপযোগী আন্তঃগাঁথনি বজাই ৰাখিবৰ বাবে বিস্তৰ পৰিমাণৰ পুঁজিৰ দৰকাৰ। BASF-অৰ শিবিৰত একেলগে ১০০০ প্ৰশিক্ষাৰ্থীক মকৰল কৰাৰ সুবিধা আছে আৰু ভবিষ্যতে এই সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। জাৰ্মানীৰ Evonik নামৰ ৰাসায়নিক কোম্পানীটোৱেও কেৱল এই বছৰতেই ১১০ টা নতুন এপ্ৰেণ্টিচশ্বিপৰ বন্দৱস্ত কৰিছে। Evonik-অৰ মতে কিছুমান সৰু কোম্পানীয়ে ইচ্ছা থাকিলেও ১০০ জন এপ্ৰেণ্টিচশ্বিপৰ ব্যৱস্থা কৰাৰ বাবেও সক্ষম নহয় কিয়নো পাঠ্যক্ৰমৰ চাহিদা অনুপাতে প্ৰশিক্ষণ কেন্দ্ৰ বাহাল ৰখাটো ব্যয়বহুল। আজি ২০ বছৰ ধৰি Evonik-এ অন্য সৰু কোম্পানীৰ হৈও নিজা কেন্দ্ৰত শিক্ষানবিচক প্ৰশিক্ষণ দি আহিছে আৰু প্ৰশিক্ষণৰ শেষত শিক্ষানবিচসকলে অন্য কোম্পানীত কৰ্মসংস্থান লয়গৈ। এপ্ৰেণ্টিচশ্বিপৰ সময়চোৱাত সৰু কোম্পানীয়ে কেৱল শিক্ষানবিচসকলক ন্যূনতম পাৰিশ্ৰমিক দিয়ে আৰু Evonik-অৰ প্ৰশিক্ষকে Evonik-অৰ কেন্দ্ৰত প্ৰশিক্ষণ দিয়ে। এই প্ৰশিক্ষণৰ বাবদ এই শিক্ষানবিচসকলে আন সৰু কোম্পানীত নিগাজী কৰ্মসংস্থান লোৱাৰ আগতে Evonik-অৰ হৈ কেই বছৰমান অস্থায়ীভাৱে কাম কৰি যায়। Evonik-অৰ প্ৰশিক্ষণ কেন্দ্ৰত বছৰত মুঠ ৫০০ মান প্ৰশিক্ষাৰ্থীক অন্য কোম্পানীৰ হৈ প্ৰশিক্ষণ দিয়া হয়। Evonik-এ প্ৰতিযোগী ক্ষুদ্ৰ কোম্পানীৰ বাবে শিক্ষানবিচক নিজৰ কেন্দ্ৰত প্ৰশিক্ষণ দি ভৱিষ্যতৰ কৰ্মচাৰী তৈয়াৰ কৰি দিয়াৰ মূল লক্ষ্য হৈছে  যেতিয়া Evonik-অক পি. এইছ. ডি. ৰ দৰে উচ্চ ডিগ্ৰীধাৰী কৰ্মচাৰীৰ প্ৰয়োজন হব তেতিয়া এই ক্ষুদ্ৰ কোম্পানীবোৰ প্ৰতিযোগী হৈ ঠিয় নিদিব। সমগ্ৰ জাৰ্মানীত প্ৰতি বছৰে ৰাসায়নিক কোম্পানীবোৰত ৯০০০ মান শিক্ষানবিচক প্ৰশিক্ষণ দিয়া হয় আৰু এই সংখ্যা বৰ্ধিত হোৱাৰ সম্ভাৱনা আছে।

 

 এই দ্বৈত বৃত্তিগত প্ৰশিক্ষণ যদিও জাৰ্মানীতেই আৰাম্ভ হৈছিল, ই লাহে লহে ইউৰোপৰ মুখ্যভূমিৰ অন্য দেশ যেনে অষ্ট্ৰিয়া, ছুইজাৰলেণ্ড আদি দেশলৈও প্ৰসাৰিত হৈছে। ছুইজালেণ্ডৰ ৰাসায়নিককোম্পানী Lonza-ই প্ৰায় ১০০ ওচৰা-ওচৰি শিক্ষানবিচক ইয়াৰ প্ৰশিক্ষণ কেন্দ্ৰত অন্তৰ্ভুক্ত কৰিছে। Lonza-ৰ এই নতুন কেন্দ্ৰত ২৩০ জন প্ৰশিক্ষাৰ্থী তৈয়াৰ কৰা হৈছে আৰু ছুইজাৰলেণ্ডৰ যুৱচামৰ মাজত এই এপ্ৰেণ্টিচশ্বিপৰ চাহিদা বাঢ়িবলৈ ধৰিছে। কেইবাটাও জাৰ্মান মূলৰ কোম্পানীয়ে এপ্ৰেণ্টিচশ্বিপ অন্য দেশলৈ প্ৰসাৰিত কৰিবলৈও ধৰিছে। শেহতীয়াকৈ Evonik-এ বেলজিয়ামত এপ্ৰেণ্টিচশ্বিপৰ কেন্দ্ৰ খুলিছে। আনহাতে BASF-এ  আমেৰিকা যুক্তৰাষ্ট্ৰত এপ্ৰেণ্টিচশ্বিপৰ কাৰ্যসুচী আৰাম্ভ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ২০ টা বিভিন্ন ৰাসায়নিক উৎপাদন কেন্দ্ৰত ১০০ জনমান শিক্ষানবিচক নিযুক্তি দিছে আৰু অতি সোনকালেই ইয়াক প্ৰসাৰিত কৰাৰ পৰিকল্পনা হাতত লৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰত জাৰ্মানীৰ তুলনাত এপ্ৰেণ্টিচশ্বিপৰ কাৰ্যসুচী তেনেই নগণ্য। পিছে অতিমাৰীৰ পাছৰ পৰা কৰ্মসংস্থানৰ বজাৰত অৰ্হতাসম্পন্ন কৰ্মচাৰীৰ অভাৱে দেখা দিছে বাবে চাহিদা বাঢ়িছে। এপ্ৰেণ্টিচশ্বিপে উচ্চ চাহিদাসম্পন্ন ৰাসায়নিক উৎপাদন উদ্যোগৰ বাবে উপযুক্ত অৰ্হতাসম্পন্ন কৰ্মচাৰী যোগন ধৰাটো খাটাং।

 

আনহাতে বিগত দশকত যুক্তৰাজ্যতো এপ্ৰেণ্টিচশ্বিপ প্ৰক্ৰিয়াৰ কিছু হলেও উত্তৰণ হোৱা দেখা গৈছে। বিশ্ববিদ্যালয়সমূহৰ টিউচনৰ মাচুলৰ ক্ষিপ্ৰ বৃদ্ধিয়েই ইয়াৰ মূল কাৰণ বুলি দৰ্শোৱা হৈছে। যুক্তৰাজ্যৰ Afton নামৰ ৰাসায়নিক কোম্পানীটোৱে জাৰ্মানীৰ এপ্ৰেণ্টিচশ্বিপৰ আৰ্হিত প্ৰশিক্ষণ দি আহিছে। এই কোম্পানীয়ে বিশেষকৈ এডিটিভ মেন্যুফেকচাৰিঙৰ দিশত ১৯৯০ চনৰ পৰাই এপ্ৰেণ্টিচশ্বিপ প্ৰক্ৰিয়াৰেই প্ৰশিক্ষণ দি আহিছে, আৰু ইয়াৰ ফলস্বৰূপে প্ৰায় ৭৫% শিক্ষানবিচেই Afton-তেই নিগাজীকৈ কৰ্মসংস্থান লৈছে। তাৰে বহুকেইজনে বৰ্তমান কোম্পানীতোৰ উচ্চপদস্থ বিষয়া হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে। এনে ধৰণৰ এপ্ৰেণ্টিচশ্বিপক বহু সমালোচকে শিক্ষানবিচ আৰু কোম্পানীৰ মাজত ২-৩ বছৰ ধৰি চলা সাক্ষাৎকাৰপ্ৰক্ৰিয়া বুলি তুলনা কৰে, ত শিক্ষানবিচ আৰু কোম্পানীয়ে পৰষ্পৰে পৰষ্পৰক জানিবলৈ বা বুজিবলৈ চেষ্ঠা কৰে আৰু অৱশেষত কৰ্মসংস্থান লোৱা আৰু দিয়াৰ সিদ্ধান্তত উপনিত হয়। শিক্ষানবিচসকলৰ বাবে এইটো এটা ডাঙৰ সুযোগ যে তেওঁলোকে নিগাজী কৰ্মসংস্থান লব বিচাৰিলে পূৰ্ব অভিজ্ঞতা প্ৰদৰ্শণ কৰিবৰ দৰকাৰ নহয়- তেওঁলোকে মাথো বিজ্ঞানত আৰু নতুনকৈ শিকাত আগ্ৰহ দেখুৱালেই যথেষ্ট বুলি ধৰা হয়। আনহাতে Afton-অৰ বাবেও এই এপ্ৰেণ্টিচশ্বিপ এটা স্থায়ীভাৱে অৰ্হতাসম্পন্ন কৰ্মচাৰীৰ নিশ্চিত কৰাৰ এক শক্তিশালী আহিলা হৈ পৰিছে। আনহাতে এই এপ্ৰেণ্টিচশ্বিপ প্ৰক্ৰিয়াক কোম্পানীয়ে সমাজসেৱা কৰাৰ পথ হিচাপেও গণ্য কৰে। কিয়নো বৃত্তিগত এপ্ৰেণ্টিচশ্বিপ নৱ প্ৰজন্মক বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক, আৰু গণিত বিষয়ৰ প্ৰতি উৎসাহিত কৰাৰ লগতে যুৱ-বিজ্ঞানী তৈয়াৰ কৰাতো সহায়ক হৈছে।

 

পিছে যুক্তৰাজ্যৰ এপ্ৰেণ্টিচশ্বিপ প্ৰক্ৰিয়াটো জাৰ্মানীৰ দ্বৈত বৃত্তিগত প্ৰশিক্ষণতকৈ অলপ পৃথক। কিয়নো যুক্তৰাজ্যত এপ্ৰেণ্টিচশ্বিপৰ দায়িত্ব লোৱা কোম্পানীবোৰৰ নিজা প্ৰশিক্ষণ কেন্দ্ৰ এতিয়াও গঢ় লৈ উঠা নাই। গতিকে প্ৰশিক্ষণ দিয়া অনুষ্ঠানবোৰে এতিয়াও বৃত্তিগত প্ৰশিক্ষণ স্কুল, কলেজ বা বিশ্ববিদ্যালয়ৰ সহযোগত কাম কৰে। আঁচনিৰ ওপৰত নিৰ্ভৰ কৰি শিক্ষানবিচসকলে বিভিন্ন শিক্ষাগত অৰ্হতা অৰ্জনত ব্ৰতী হয়, যেনে, হাইস্কুল শিক্ষা সাং কৰা, সান-মিহলি শৈক্ষিক তথা বৃত্তিমুলক আধাৰ ডিগ্ৰী, স্নাতক অথবা স্নাতকোত্তৰ ডিগ্ৰী লোৱা। গতানুগতিক পূৰ্ণকালিন হাইস্কুলীয়া বা কলেজীয়া ছাত্ৰৰ লগত এই এপ্ৰেণ্টিচশ্বিপ কৰাসকলৰ পাৰ্থক্য হল এয়ে যে  এপ্ৰেণ্টিচ বা শিক্ষানবিচসকলে শিক্ষাগ্ৰহণ আৰু প্ৰশিক্ষণৰ লগতে ধন উপাৰ্জনৰো সুযোগ পায়। Almac Group নামৰ কোম্পানীটোৱে ২০১৬ চনৰ পৰাই এনে ধৰণৰ এপ্ৰেণ্টিচশ্বিপ চলাই আছে ছাউডাৰ্ন ৰিজিঅনেল কলেজত। Almac Group-এ ২০২২ চনৰ মেমাহৰ পৰা নৰ্ডাৰ্ন আয়াৰলেণ্ডৰ উলস্তাৰ বিশ্ববিদ্যালয়ৰ সহযোগত অন্য এক এপ্ৰেণ্টিচশ্বিপ আঁচনিৰ আৰম্ভণি কৰিছে। এই কোম্পানীৰ অঁচনি সৰু, গতিকে তেওঁলোকে ২০১৬ চনৰ পৰা ছাউডাৰ্ন ৰিজিঅনেল কলেজৰ সহযোগত ৫০ জনমান শিক্ষানবিচকহে প্ৰশিক্ষণ দিব পাৰিছে আৰু তাৰে তিনি- চতুৰ্থাংশই এতিয়াও কোম্পানীৰ নিগাজী কৰ্মচাৰী হৈ আছে। আনহাতে উলস্তাৰ বিশ্ববিদ্যালয়ৰ সহযোগত ২০২৫ চনৰ ভিতৰত আৰু ১০০ জন প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ দিয়াৰ কাম চলি আছে। Almac Group-অৰ প্ৰশিক্ষাৰ্থীৰ সংখা কম যদিও ই এক উল্লেখযোগ্য পদক্ষেপ।

 

ৰসায়ন বিজ্ঞানৰ ক্ষেত্ৰত এই এপ্ৰেণ্টিচশ্বিপ আঁচনি অতিকে ফলপ্ৰসূ, কিয়নো এই সুযোগ নথকা হলে বহু হাবিয়াস থকা ছাত্ৰ-ছাত্ৰীৰ বাবে বিজ্ঞানৰ কেৰিয়াৰৰ দ্বাৰ মুকলি নহলহেঁতেন। উন্নত দেশ এখনতো যে এনে ধৰণৰ হবিয়াস থকা ছাত্ৰই শিক্ষাৰ সুযোগৰ পৰা বঞ্চিত হৈ থাকিব পাৰে সেয়া অবিশ্বাস্য হলেও সচাঁ। কিয়নো এই দেশবোৰত উচ্চশিক্ষা বা কলেজীয়া শিক্ষা খুবেই খৰচী আৰু এই দেশবোৰতো নিম্ন-মধ্যবৃত্ত আৰু দুখীয়া শ্ৰেণী এটা আছে। এই এপ্ৰেণ্টিচশ্বিপে এনে শ্ৰেণীৰ বিদ্যাৰ্থীক ধাৰত পোত নোযোৱাকৈ বিজ্ঞানৰ স্নাতক হোৱাৰ সুযোগ দিয়ে আৰু তাৰে কিছু কিছু প্ৰশিক্ষাৰ্থী বিজ্ঞানৰ সম্প্ৰদায়ৰ বিভূতিও হবগৈ পাৰিছে। এপ্ৰেণ্টিচশ্বিপৰ অভাৱত এইসকল কলিতে মৰহি গলহেঁতেন। সাধাৰণতে গতানুগতিক শিক্ষা ব্যৱস্থাই যি শিক্ষা দিয়ে তাত বিজ্ঞানৰ সূত্ৰবোৰৰ প্ৰয়োগৰ কিছু চেষ্টা কৰা হয় কিন্তু পেছাদাৰী নৈপুণ্য যিটো কেৱল প্ৰকৃত কৰ্মথলীতহে শিকিব পাৰি সেই সুযোগ এপ্ৰেণ্টিচশ্বিপৰ পৰাহে পায়। তাৰ লগতে প্ৰশিক্ষাৰ্থীসকলে শিকে প্ৰয়োজনীয় জীৱনশৈলী যেনে, কাম কৰি থকা প্ৰকল্পৰ বিষয়ত অধিপত্য আৰু দায়ৱদ্ধতা, একেলগে কাম কৰা দলটোৰ লগত পেছাদাৰীৰ দৰে ভাবৰ আদান প্ৰদান, ৰ্পৰেট লেণ্ডস্কেপত নেটৱৰ্কিং, পূৰ্ণকালিন কৰ্মৰ মাজে মাজে পাঠ্যক্ৰম আয়ত্তৰ ভাৰসম্য ৰক্ষা কৰা ইত্যাদি।

 

 বিগত দুটা দশকত আমাৰ ৰাজ্যখনতো উচ্চ শিক্ষানুষ্ঠানবোৰৰ আন্তঃগাঁথনি সুদৃঢ় হোৱাৰ লগতে সংখ্যাও উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। বৰ্তমান সময়ত ৰাজ্যখনত দুখনকৈ কেন্দ্ৰীয় বিশ্ববিদ্য়ালয়, ১৫ খনৰো অধিক ৰাজ্যিক বিশ্ববিদ্য়ালয়, ৬ খনকৈ ব্য়ক্তিগত খণ্ডৰ বিশ্ববিদ্য়ালয়, ৯ খন মেডিকেল কলেজ, দুখনকৈ ডিমড্ বিশ্ববিদ্য়ালয়, সাতখনকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ গুৰুত্ব থকা প্ৰতিষ্ঠান আৰু তাৰে ভিতৰত আই. আই. টি. গুৱাহাটীয়ে আন্তঃৰাষ্ট্ৰীয় খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে। এয়া ৰাজ্যখনৰ আৰু নৱ প্ৰজন্মৰ বাবে গৌৰৱৰ কথা। কিয়নো এই কেইখন শিক্ষানুষ্ঠানে সম্প্ৰতি ন ন সুযোগ আগ বঢ়াইছে যিবোৰ আগৰ প্ৰজন্মই পোৱা নাছিল। এতিয়া কথা হৈছে এই প্ৰতিষ্ঠানবোৰে কেৱল গতানুগতিক পদ্ধতিৰে শিক্ষাদান নকৰি দেশৰ স্বনামধন্য কোম্পানীবোৰৰ সহযোগিতাত বিশেষকৈ কাৰিকৰী বিষয়বোৰত বিদ্যাৰ্থীক এপ্ৰেণ্টিচশ্বিপৰ জৰিয়তে পেছাদাৰী নৈপুণ্যৰ সুযোগ দিলে বিশ্ব দৰবাৰত বলিষ্ঠভাৱে ফেৰ মাৰিব পৰা নৱ প্ৰজন্ম এটা সৃষ্টি কৰাৰ সম্ভাৱনা আছে। আজিৰ সামাজিক মাধ্যমৰ যুগত সকলোৱে বিদেশৰ বিভিন্ন ভাল-বেয়া দিশ অনুসৰণ কৰা দেখা যায়। অসমতো সকলোৱে মিলি বিদেশৰ আৰ্হিত নৱ-প্ৰজন্মৰ বাবে এপ্ৰেণ্টিচশ্বিপৰ সুযোগ গঢ়ি তুলিব নোৱাৰিনে? বিদ্য়াৰ্থী হৈ থাকোঁতেই পাঠ্যক্ৰম আয়ত্ত কৰাৰ লগতে দায়ৱদ্ধতা, পেছাদাৰী ভাবৰ আদান প্ৰদান, ৰ্পৰেট নেটৱৰ্কিং, ৰ্ক-লাইফ ভাৰসাম্য ইত্যাদি ছফ্ট-স্কিলবোৰ শিকাৰ সুযোগ দিব নোৱাৰিনে?

 

থ্যসুত্ৰ : Chemical & Engineering News, 100 (32) 2023 ISSN 0009-2347 (American Chemical Society)

 ***

Bharat Baruah, Ph. D.

Associate Professor

Department of Chemistry and Biochemistry

Kennesaw State University

370 Paulding Avenue, MD#1203

Kennesaw, GA 30144


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ