পৰমানন্দ মহন্ত
‘অভিযাত্ৰী তুমি অমৃত সন্ধানী’ – নামটোতেই কিবা কালিকা থকা যেন লাগে; ভিতৰৰ পৃষ্ঠাত দেখিলোঁ ‘অভিযাত্ৰী তুমি অমৃত সন্ধানী (প্ৰথম খণ্ড) – যোৰহাটৰ বিশিষ্ট শিল্পীসকলৰ সাংস্কৃতিক যাত্ৰাৰ এক চমু অৱলোকন’৷ লেখিকা নিজেই এগৰাকী সংগীত আৰু নৃত্য শিল্পী, আৰু যোৰহাট মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সযযোগী অধ্যাপক ড০ মৌচুমী মহন্ত৷ মহাবিদ্যালয়খনৰ কহিনুৰ জয়ন্তী উপলক্ষ্যে প্ৰকাশ পোৱা (২০২৪ চন) কিতাপখনত লেখিকাই ‘যোৰহাটৰ কেইবাগৰাকীও সফল তথা জনপ্ৰিয় সংগীত শিল্পীৰ সুৰ সন্ধানৰ ওপৰত আলোকপাত কৰিছে৷’ ‘আগকথা’ত লেখিকাই কিতাপখন লিখাৰ তাগিদাৰ কথা অতি আন্তৰিকতাৰে প্ৰকাশ কৰিছে এইবুলি : ‘শিল্প সাধনা কৰা মানুহখিনি বৰ সাধাৰণ মানুহ নহয়৷ বহু বছৰজোৰা সাধনাৰ পাছতহে তেওঁলোকে তেওঁলোকৰ কলা প্ৰদৰ্শনৰ যোগেদি আন মানুহক কিঞ্চিৎ হ’লেও আনন্দ প্ৰদান কৰিব পাৰে৷ তাকো এদিন আনন্দ প্ৰদান কৰিলেই নহ’ব, সেয়া ধাৰাবাহিক হ’ব লাগিব৷ এই ধাৰাবাহিকতা যেতিয়াই এজন শিল্পীয়ে ৰক্ষা কৰিব পাৰিব, তেতিয়াই তেওঁ মানুহৰ অন্তৰত সোমাব পাৰিব, অৰ্থাৎ তেওঁ সফল শিল্পী হ’ব পাৰিব৷ এই সফল শিল্পীসকলে সমাজ-সংস্কৃতিৰ উত্তৰণত এক মহৎ ভূমিকা পালন কৰিব পাৰে৷’ … এনে বহু শিল্পীৰ জন্ম এই যোৰহাট নগৰত হৈছে – যিসকলে যোৰহাটৰ সমাজ-সংস্কৃতিৰ উত্তৰণত বৰঙণি যোগাই আহিছে৷ আকৌ কিছুসংখ্যকৰ যোৰহাটত জন্ম হোৱা নাই, অথচ যোৰহাটকে কৰ্মভূমি হিচাপে গ্ৰহণ কৰি যোৰহাটৰ সমাজ-জীৱনৰ উত্তৰণত অৰিহণা যোগাইছে৷ এইসকল শিল্পীৰ বৰঙণিৰ যোগেদিয়েই অসমৰ সাংস্কৃতিক ৰাজধানী বুলি যোৰহাটে নিজৰ পৰিচয় দিবলৈ সক্ষম হৈছে৷ এই গ্ৰন্থত তেনে কেইজনমান ৬০ বছৰৰ উৰ্ধ্বৰ শিল্পী সাংস্কৃতিক যাত্ৰাৰ বৰ্ণনা কৰা হৈছে৷’ এইখন কিতাপত বাদ পৰি যোৱা অন্যান্য শিল্পীৰ কথা ভবিষ্যতে সামৰি লৈ যুগুতোৱাৰ পৰিকল্পনাৰ কথাও লেখিকাই ব্যক্ত কৰিছে৷
কিতাপখনত ১৯০২-১৯৬৩
চনৰ সময়ছোৱাত অসমত জন্ম লোৱা সংগীত তথা নৃত্য শিল্পীৰ জীৱন আৰু সাধনাৰ কথা অতি আন্তৰিকতাৰে লিপিৱদ্ধ কৰা হৈছে, কিয়নো ইয়াত বৰ্ণিত প্ৰায়বোৰ
শিল্পীৰ সান্নিধ্য আৰু সম্পৰ্কৰ সুবাস লেখিকাৰ অভিজ্ঞতালব্ধ৷ কিতাপখনত উল্লেখ কৰা প্ৰতিগৰাকী
শিল্পীৰ জীৱন পৰিক্ৰমাৰ পৰা দুটা কথা অতি স্পষ্টভাৱে প্ৰকাশ পাইছে –এইসকল শিল্পীৰ শিল্প
প্ৰতিভা জন্মগত, আৰু সেই অংকুৰিত প্ৰতিভাই আত্মপ্ৰকাশ কৰিবলৈ সাধনাৰ মন্ত্ৰেৰে দীক্ষিত
হ’বলৈ প্ৰকৃত গুৰুৰ সন্ধানত ব্ৰতী হয়৷ প্ৰায় আপোচবিহীন সাধনাৰে তেওঁলোকে নিজৰ শিল্পী
প্ৰতিভা বিকশাই তোলে৷ অৱশ্যে অনেক শিল্পীৰ ক্ষেত্ৰতেই ঘৰখন বা সমাজে প্ৰতিপাল কৰা এক
সাংগীতিক পৰিৱেশ উত্তৰণৰ সহায়ক হোৱা দেখা যায়৷ লেখিকা নিজে এগৰাকী নিষ্ঠাবান শিল্পী
হোৱাৰ কাৰণেই সংগীত পৰিৱেশনৰ সময়চোৱাত শিল্পীৰ মানসিক অৱস্থা, অনুভূতিৰ তীব্ৰতাৰ বিষয়ে
জ্ঞাত, আৰু এগৰাকী শিল্পীয়ে ‘বাণীবন্ধনৰ সময়ত আৰু শেষত তেখেত কান্দোনত ভাগি পৰিছিল’,
আৰু সেয়েহে এইবুলিও অনুভৱ ব্যক্ত কৰিব পাৰিছে – ‘গীত এটা নিজৰ কৰি, অনুভূতি ঢালি গোৱাটো
ইমান সহজ নহয়৷ প্ৰকৃততে শিল্পীয়ে তেনে কৰিব পাৰিলেহে সেই গীতে শ্ৰোতাৰ অন্তৰ চুব পাৰিব৷’
১৯০২-১৯৬৩ চনৰ ভিতৰত
জন্ম লাভ কৰা যি তেত্ৰিছ গৰাকী ষাঠিৰ উৰ্ধ্বৰ শিল্পীৰ জীৱন পৰিক্ৰমা ইয়াত বৰ্ণনা কৰা
হৈছে, তেওঁলোকৰ সাংগীতিক/ শৈল্পিক কৰ্মৰাজিৰ স্ফুৰণ, বিকাশ আৰু পৰিৱেশৰ থলী যোৰহাটেই৷
নিজৰ নিৰ্বাচিত কলা-সাধনাৰ বিষয়ত শিল্পীসকলৰ দৃঢ় সংকল্পৰ নিদৰ্শন প্ৰেৰণাদায়ক৷ ভাবি
আচৰিত হ’ব লাগে, যোৰহাট চহৰতে ইমানখিনি সংগীত-নৃত্য-শিল্পগতপ্ৰাণ শিল্পীয়ে কলা-সংস্কৃতিৰ
বিকাশৰ বাবে ইমানবোৰ কাম কৰি আছে, ভৱিষ্যৎ প্ৰজন্মক প্ৰশিক্ষণৰ ব্যৱস্থা কৰি শিল্পকলাৰ
মহৎ ঐতিহ্য প্ৰবহমান কৰি ৰাখিবলৈ সততে যত্নপৰ হৈ নীৰৱে ব্ৰতী হৈ আছে অথচ তেওঁলোকৰ স্থিতি
সম্পৰ্কে সমাজত যেন সাৰসুৰেই নাই, তেওঁলোকৰ স্থিতি যেন দস্তুৰমত উপেক্ষণীয়! অথচ ভিতৰি
ভিতৰি এই লোকসকলে দেহে-কেহে লাগি থকাৰ কাৰণেই যে সংগীত-নৃত্য শিল্পৰ ধাৰাটো এতিয়াও
ইমান প্ৰভাৱশালী তাৰ উমান শেহতীয়াকৈ পোৱা গ’ল এক প্ৰকাৰৰ প্ৰাকৃতিক পৰিঘটনা
Natural Phenomenon –স্বৰূপ জনকণ্ঠ জুবিন গাৰ্গৰ শিল্পী প্ৰতিভাৰ জৰিয়তেই৷ ঘাইকৈ যোৰহাটতেই
যে জুবিনে নিজৰ শিল্পীসত্তাৰ অৱশ্যম্ভাৱিতা বিচাৰি পালে এই কথা তেওঁৰ অনেক ঠাইত প্ৰকাশ
পোৱা সাক্ষাৎকাৰসমূহত সদৰি কৰি গৈছে৷
কিতাপখন পঢ়ি যাওঁতে
বাৰে বাৰে ভূমুকি মাৰি যোৱা ভাব এটা হ’ল – এইসকল শিল্পীৰ সাধনাৰ ফল নতুন এচাম শিল্পী
গঢ় দিয়াতেই আৰু ৰাইজৰ আগত পৰিৱেশনৰ সুযোগ কেৱল বহাগৰ বিহু মঞ্চতেই আৱদ্ধ কিয়? শৰৎ আৰু
শীতৰ বতৰৰ কুহুমীয়া সময়খিনিত এখেতসকলৰ শিল্পী প্ৰতিভা প্ৰদৰ্শনৰ ব্যৱস্থা কৰিব নোৱাৰিনে?
জুবিনৰ আকস্মিক মৃত্যুৰ পাছতেই দুদিনমান বাতৰিত
প্ৰকাশ পাইছিল তেওঁৰ শিল্পী-সাংস্কৃতিক কৰ্মীৰ এক মঞ্চ গঠন কৰাৰ পৰিকল্পনাৰ কথা, পাছলৈ
অৱশ্যে এই বিষয়টোত একো নুশুনা হ’লোঁ৷ বংগৰ বাহিৰেও বিশেষকৈ দক্ষিণ ভাৰতৰ বিভিন্ন চহৰত
সংগীত সন্ধ্যাৰ বিপুল আয়োজন চলে, আৰু ৰাইজৰ সক্ৰিয় সমাগমত সন্ধ্যাবোৰ মংগলময় হৈ উঠে৷
আমাৰ ইয়াত এতিয়া চহৰে-নগৰে গ্ৰন্থমেলাই পোখা মেলিছে – ইও এটা অত্যন্ত গুৰুত্বপূৰ্ণ সাংস্কৃতিক
ঘটনাই বাৰু৷ কিন্তু একে ধৰণেৰে চহৰে-নগৰে সংগীতমেলাও অনুষ্ঠিত কৰিব নোৱাৰিনে? কিতাপখনৰ
পৰা পোৱা তথ্যৰ পৰা অনুমান কৰিব পাৰি যে এনে সংগীতমেলা পাতিবলৈ শিল্পীৰ নাটনি নহ’ব,
বৰঞ্চ তেওঁলোক দুগুণ উৎসাহিত হৈ অধিক শিকাৰুক
আকৃষ্ট কৰিবলৈ যত্নবান হ’ব৷ তদুপৰি আনঠাইৰ শিল্পীৰ আগমনে সংগীত-শিল্পৰ জগতখন অধিক বিকশিত
আৰু প্ৰাণৱন্ত কৰি তুলিব৷
এখন আপুৰুগীয়া কিতাপ ৰচনা কৰি লেখিকাই অসমত সংগীত-নৃত্য-শিল্পৰ বিকাশৰ ইতিহাসৰ এটা অধ্যায় ধৰি ৰাখিছে৷ কিতাপখনৰ পঠনে সংগীত নৃত্য-শিল্পৰ সাধকসকলৰ নীৰৱ সাধনা আৰু প্ৰাপ্তিৰ প্ৰতি সমাজত সচেতনতা বঢ়াই তেখেতসকলৰ প্ৰাপ্য সন্মান আৰু স্বীকৃতি প্ৰদানত উৎসাহ যোগাব বুলি আশা কৰিলোঁ৷ লেখিকাৰ শ্ৰদ্ধাপূৰ্ণ নিৱেদন এই তথ্যসমৃদ্ধ পুথিখনৰ কাৰণে লেখিকা কৃতজ্ঞতাৰ পাত্ৰ৷ দ্বিতীয় খণ্ডটিৰ কাৰণে আশাৰে বাট চাই ৰ’লোঁ৷
