পাৰ্থপ্ৰতিম ৰাজকোঁৱৰ
"The only way
of expressing emotion in the form of art is by finding an 'objective
correlative'; in other words, a set of objects, a situation, a chain of events
which shall be the formula of that particular emotion; such that when the
external facts, which must terminate in sensory experience, are given, the
emotion is immediately evoked." -T S Eliot.
টি. এছ. এলিয়টে "The Use of Poetry and the Use of Criticism" (১৯৩৩)-অত
কোৱা কথা এই কথাষাৰে মোক যথেষ্ট আকৰ্ষণ কৰে৷ Eliot য়ে কোৱা এই কথাষাৰৰ বক্তব্য হ'ল যে কোনো এক নিৰ্দিষ্ট
অনুভূতি প্রকাশ কৰিবলৈ হলে এক
পৰিস্থিতি, বা এক
ঘটনা ক্ৰমৰ সন্ধান কৰা, যি
শব্দৰে কৈ নিদিয়াকৈয়ে ইংগিতেৰে স্বতঃস্ফূর্তভাৱে কোনো বিশেষ অনুভূতি
পাঠকৰ মনত জগাই
তুলিব পাৰে। কবিতাত মোৰ দুখ লাগিছে বুলি প্ৰত্যক্ষভাৱে নোকোৱাকৈয়ো পৰিস্থিতিৰ
অৱতাৰণাৰে তাৰ সংকেট দিব পাৰি৷ আৰু তেতিয়াই কবিতাৰ সৌন্দৰ্য্য অধিক আকৰ্ষণীয় হয়।
এইক্ষেত্ৰত জাপানী হাইকুবোৰ বৰ খাপ খায়৷ হাইকুত কেতিয়াও
প্ৰত্যক্ষভাৱে "মই দুখী" বা "মই সুখী" বুলি কৈ দিয়া নহয়, বৰঞ্চ কিছুমান বাহ্যিক
বস্তু/পৰিস্থিতিৰ বা ঘটনাক্ৰমৰ সহায়তহে অনুভূতিক বাহ্যিকভাৱে প্ৰকাশ কৰা হয়
। Matsuo Basho ৰ এটা
হাইকু চাওঁ আহক -
On a bare branch
A crow has settled
—
Autumn evening.
উদং ডালত বহি থকা কাউৰীটোৰ সৰল দৃশ্যটোৱে জীৱন আৰু প্ৰকৃতিৰ
ক্ষনস্থায়ী মূহুৰ্ত এটা ডাঙি ধৰিছে৷ উদং ডাল আৰু অকনশৰীয়া কাউৰীজনে একাকীত্বৰো প্ৰতীক৷
Eliot য়ে কৈছিল "external facts must terminate
in sensory experience" - হাইকুত ঠিক এইটোৱেই পোৱা
যায় ।
কেইদিনমানৰ আগতে মোৰ সমন্ধীয় বৌ, প্ৰয়াত দীপ্তি
সন্দিকৈৰ "একাপ কফিত চুমুক দি" শীৰ্ষক এটা কবিতা পঢ়িছিলোঁ৷
একাপ কফিত চুমুক দি-!!
...
সুখৰেইবা দুখৰেই জীৱনবোধৰ গানেই গাইছো…!
সোণালী শৈশৱ বৈভৱৰ নদীখন বৈয়ে আছে
ঘাত প্ৰতিঘাতৰ জাঁজৰিত,
কেতিয়াবা উত্তাল কেতিয়াবা তৰাং
গধূলি এন্ধাৰত সুবাসিত খৰিকা জাঁই শেৱালীৰ জোনাকী পোহৰৰ মেল !
ৰাতিৰ আকাশত ডাৱৰৰ জোলাত ওলমা জোনাইৰ খেল !
ক'তনো পাম
এনে সন্ধিয়া --সুতীব্ৰ সুবাস,ৰাতিৰ
জোনাক--!
এতিয়াআজৰি আবেলিত কল্পনাৰ একাপ কফিত চুমুক দি নিৰলস ভাৱে মই দুলিছো
প্ৰিয় বন্ধু বান্ধৱীৰ নিস্বাৰ্থ অনুভৱত !!
এই কবিতাটোৰ পৰিৱেশ আৰু ঘটনাক্ৰমে কৌতূহল উদ্ৰেক
কৰে৷ একাপ কফিত চুমুক দি"
জীৱনৰ একাকিত্ব
আৰু অস্থিৰতাহআৰু গতিশীলতাৰ
উদাহৰণ।
একঘেয়া জীৱনৰ গতানুগতিকতা আৰু শুণ্যতাই জীৱন একাকী, নিস্তৰংগ আৰু স্থবিৰ কৰি
তোলে৷ দীপ্তি সন্দিকৈৰ এই কবিতাটোতো জীৱনৰ সুখ-দুখৰ সংঘাট আৰু
নস্তালজিয়াক এক গতিশীল চিত্ৰকল্পৰ মাজেৰে প্ৰকাশ কৰা হৈছে। কবিতাৰ মূল বিষয় জীৱনৰ
অবিৰত পৰিৱৰ্তন, য’ত সুখ
দুখৰ সংমিশ্ৰণে জীৱন বোধক
অসমাপ্ত গান ৰূপে প্ৰতিফলিত কৰে। এই কবিতাটোত কবিয়ে জীৱনৰ সন্ধিয়াৰ
সময়খিনিক একাপ কফিৰ ৰূপকৰ মাজেদি বৰ্ণনা কৰিছে। "সুখৰেইবা দুখৰেই জীৱন বোধৰ
গানেই গাই" – ইয়াত জীৱনৰ মিশ্ৰিত অনুভূতিক গানৰ ৰূপ দিয়া হৈছে।
আনন্দময়
সোণালী শৈশবৰ তুলনাত ঘাট প্ৰতিঘাট আৰু পৰিপক্ক জীৱনবোধেৰে পৰিপূৰ্ণ বয়স্ক জীৱনৰ
হতাশা অনাকৰ্ষণ অধিক৷
"ঘাত প্ৰতিঘাতৰ জাঁজৰিত"য়ে জীৱনৰ সংঘাত আৰু তাৰ প্ৰভাৱ ফুটাই তুলিছে৷ "গধূলি
এন্ধাৰত সুবাসিত খৰিকা জাঁই শেৱালীৰ জোনাকী পোহৰৰ মেল" – ইয়াত কবিয়ে গধূলি
আৰু জোনাকী পোহৰে জীৱনৰ শেষৰ সময়খিনিৰ শান্তি আৰু সৌন্দৰ্যৰ ইংগিত দিছে যি একঘেয়ামী
জীৱনৰ তাৎক্ষণিক আনন্দৰ উৎস।
"একাপ কফিত চুমুক দি" – কফিৰ কাপটোৱে জীৱনৰঅৱশ সান্নিধ্য
আৰু চিন্তাৰ এক স্থবিৰ মুহূর্ত বুজাইছে য'ত কবিয়ে সাময়িকভাৱে
মানসিক অশান্তিবোধবোৰ দূৰ কৰাৰ অৱকাশ বিচাৰিছে৷ এলিয়টৰ কবিতাটোতো Coffee spoon আধুনিক
জীৱনৰ একঘেয়ামী আৰু মানৱীয় বিচ্ছিন্নতাৰ প্ৰতীক। কবিয়ে ইয়াৰ জৰিয়তে আধুনিক মানুহৰ
নিস্তেজ, পুনৰাবৃত্তিমূলক
জীৱনক অলপ বিদ্রূপৰ মাজেৰেও চিত্ৰিত কৰিছে।
T S Eliot য়ে The Love Song of J Alfred Prufrock অত কৈছিল
"I have
measured out my life with coffee spoons;
I know the voices
dying with a dying fall...”
এলিয়টৰ এই কবিতাটোৱে‘ আধুনিক মানুহৰ একাকী জীৱন, নিৰৰ্থক ব্যতিব্যস্ততা আৰু
পাৰ হৈ যোৱা সময়ৰ অনুভূতিৰ বিষয়ে ধুনীয়াকৈ কয় । ‘I have measured out my life with coffee spoons’—য়ে
দৈনন্দিন জীৱনৰ সাধাৰণ ঘটনাপ্ৰৱাহৰ
আৰু সময়ৰ
পৰিপ্ৰেক্ষিতত জীৱনক জুখি চোৱাৰ কবিৰ প্ৰয়াসক বুজায় য’ত ব্যক্তিৰ অস্তিত্ব একপ্ৰকাৰ নিৰৰ্থক হৈ পৰে৷ এই
দৃশ্যটোৱে কবিৰ অস্থিৰতাৰ মনস্তাত্ত্বিক চিত্ৰণৰ সহায়ত আধুনিকতাবাদী
মানুহৰ সমস্যাৰ
প্ৰতিফলন কৰে৷
দীপ্তি সন্দিকৈৰ "একাপ কফিত চুমুক দি" কবিতাটোতো এক
অস্থিৰতা আছে৷ ঘাত-প্ৰতিঘাতৰ
জাঁজৰিত’ আৰু ‘কেতিয়াবা উত্তাল কেতিয়াবা তৰাং’—এইবোৰ বৰ্ণনাই ব্যক্তি জীৱনৰ
সংঘাত আৰু অস্থিৰতাক প্ৰতিফলিত কৰিছে। , ‘গধূলি এন্ধাৰত সুবাসিত খৰিকা জাঁই শেৱালীৰ জোনাকী পোহৰৰ মেল’ আৰু
‘ডাৱৰৰ জোলাত ওলমা জোনাইৰ খেল’—এই চিত্ৰসমূহত জড়তাৰ সৈতে জীৱনৰ সহাৱস্থান ইন্দ্ৰীয়গ্ৰাহ্য
হৈ উঠিছে৷
কবিতাটোৰ শেষৰফালে ‘প্ৰিয়
বন্ধু-বান্ধৱীৰ প্ৰসংগ আহি পৰিছে আৰু কবিৰ জড়তা ভঙাৰ প্ৰচেষ্টাৰ ইংগিত দিছে৷ ৷
কবিতাটোত জীৱনৰ গতিশীলতা, স্মৃতিৰ
মাধুৰ্য্য, আৰু
মানৱীয় সম্পৰ্কৰ সংযোগ সন্ধান মুখৰ হৈ ধৰা দিছে৷ কবিতাই সকলো সময়তে আকৰ্ষণ
নকৰে যদিও ভাল লাগিল এই কবিতাটো৷
