কংকণ বৰা
“সংগীত ফল্গুৰ দৰে,
জ্যোতিৰ লহৰ, শব্দ-যন্ত্র ইত্যাদি৷”
এটা সময়ত ৰাধিকাৰাম
ঢেকীয়াল ফুকনে ‘ঔপপত্তিক আৰু ক্রিয়াসিদ্ধ তৌযত্রিক’ সংগীত সাধনাৰ বাবে অসমীয়াসকললৈ
আহ্বান জনাইছিল৷ সংগীতক নৱৰসৰ শ্ৰেষ্ঠতম কলা মাধ্যম বুলি তেওঁ গ্রহণ কৰিছে৷ ভূপেন হাজৰিকাৰ
বেলিকাও ই ব্যতিক্রম নহয়৷ নৱকান্ত বৰুৱা, নিৰ্মলপ্রভা বৰদলৈ, কেশৱ মহন্ত, বীৰেন দত্ত
আদি ব্যক্তিসকলৰ দৰেই ভূপেন হাজৰিকায়ো আধুনিক গীতকে কলাসন্মত কৰি সমাজ পৰিৱৰ্তনৰ আহিলা
হিচাপে মানুহৰ মাজলৈ লৈ গৈছিল৷ বিমূর্ত কলাৰ চেতনাৰে তেওঁ আশাবাদকে মূৰ্ত কৰিছে৷ “নৰকংকালৰ
অস্ত্ৰ সাজি / শোষণকাৰীক বধিম / সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম / নতুন অসম গঢ়িম৷”
সংস্কৃতিয়ে যিহেতু
জীৱনৰ সার্বিক ৰূপ (Whole of Life) টোকেই সামৰি লয়, গতিকে বহল পৰিভাষাত, জীৱন অন্বেষণ,
আমাৰ চিন্তন-মনন-বীক্ষণ তথা সামগ্রিক জীৱন অভিজ্ঞতাকেই ই সামৰি ল’ব খোজে বা লয়৷ গীতত
প্রেম, প্রকৃতি বা প্রকৃতি প্ৰেমৰ জৰিয়তে কিদৰে একোটা নির্দিষ্ট চিন্তা, অভিজ্ঞতা বা
মানুহৰ একান্তই ক’বলগীয়াখিনি প্রকাশ কৰে সেয়া কিছু ব্যক্তি বা সময়কেন্দ্রিক লগতে আনুসংগিক
কিছু বিষয়েৰে সংঘবদ্ধ৷ ভূপেন হাজৰিকাই প্ৰেমক কিদৰে চাইছে, প্রকৃতিক লৈ তেখেতৰ দৃষ্টিভঙ্গী
কি তথা প্রেম আৰু প্ৰকৃতিক মূল বিষয়বস্তু হিচাপে লৈ লিখা গীতসমূহ কিদৰে স্বকীয় বা পৰিচাৰিত
সাধাৰণ অৱলোকনৰ উৰ্ধত সেয়া তেখেতৰ বহু গীত আৰু চিন্তাত সুস্পষ্ট৷ আধুনিক কিম্বা উত্তৰ-আধুনিক
বলয়ত প্ৰেম আৰু প্ৰকৃতিয়ে কিদৰে ৰূপান্তৰৰ মাজেদি এক নতুন ৰূপ পাইছে, মানুহ আৰু প্ৰকৃতিৰ
পৃথিৱীখনৰ সহমর্মিতা, কিছু দুৰ্বোধ্যতা আৰু কিছু সময়কেন্দ্রিক অনুবন্ধিত ব্যৱস্থাক
অগ্রাহ্য কৰি কিদৰে নতুন আৰু পুৰণিক সুন্দৰৰ লগত সমন্বয় ঘটাইছে সেয়া তেখেতে গীতৰ মাধ্যমেৰেই
ক’বলৈ সক্ষম হৈছে৷ সংস্কৃতিৰ সুন্দৰতাখিনিক মূলধন হিচাপে লৈ প্ৰেমক গভীৰ নিৰৱতাৰ পৰা
বুটলি আনি আনুভূতিক পৰিচ্ছন্নতা আৰু স্বতঃস্ফূর্ততাৰে নিজৰ ব্যক্তিসত্ত্বাক তেওঁ সমুজ্জ্বলকৈ
গঢ়িব পাৰিছিল আৰু সেই সত্ত্বাই প্ৰেমৰ মাধ্যমেৰেই মানুহৰ আটাইতকৈ প্রয়োজনীয় শব্দবোৰ
দিব পাৰিছিল৷ সমাজ-পৰিস্থিতিৰ লগত নিবিড়ভাৱে সংপৃক্ত হৈ থকা তেখেতৰ বিভিন্ন ছিৰিয়াছ
বিষয়ধর্মী গীততো আমি প্রেম বিচাৰি পাওঁ৷ প্ৰেমৰ অভিব্যক্তি কিছু স্বকীয় আৰু ব্যাপক৷
আনেহে নালাগে, ‘মানুহে মানুহৰ বাবে’ গীতটিৰ কোনোবা কোণত ভূপেন হাজৰিকা ব্যক্তিসত্ত্বাৰ
মানুহ আৰু মানৱ জাতিৰ প্ৰতি থকা প্রেম আৰু দায়বদ্ধতাকে অংকন কৰিছে৷ তেখেতৰ দর্শন আছিল
স্পষ্ট, যুক্তিৰে আৰু গভীৰ মানৱ প্ৰেমৰ দৃষ্টিভংগীৰে তেওঁ সমস্যাৰ বিশ্লেষণ কৰিছিল৷
অকৃত্রিম আৱেগেৰে, আকলুৱা এটি সত্ত্বাই নিজৰ প্ৰেমিকাৰ বাবে গাইছে-
নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত,
বিচাৰো মৰমৰ মাত এষাৰ৷
তেওঁ বিশ্বাস কৰে
মানুহৰ জীৱনত মানুহহে আটাইতকৈ গুৰুত্বপূর্ণ৷ মানুহৰ সৰ্বসত্ত্বাক প্রেমে কিদৰে পৰিচালিত
কৰে বা তেনে প্রেম কেনে হোৱা উচিত সেয়া তেওঁ গীতৰ মাধ্যমেৰেই প্ৰকাশ কৰিছে৷ “তোমাৰ
দেখো নাম পত্রলেখা” গীতটিত ভূপেন হাজৰিকাই নিজৰ জীৱনকেই ৰোমন্থন কৰিছে৷ সৃষ্টিৰ তাগিদাত
সময় বাগৰি গৈ থাকে৷ কেতিয়াবা অকণমান আহৰি লৈ একান্তমনে বিচ্ছিন্না পত্নীক উদ্দেশ্যি
অভিমানেৰে লিখিছে-
তোমাৰ দেখোঁ নাম
পত্রলেখা
পত্র তুমি নিলিখা
হ’লা
হয়তো মোৰ পুৰণা ঠিকনা
তোমাৰ মনত নাই৷
কৈশোৰ অৱস্থাতেই
ভূপেন হাজৰিকাৰ শ্বিলঙৰ এগৰাকী ছোৱালীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল৷ “শৈশৱতে
ধেমালিতে” গীতটিত ধনৰ বাবেই এগৰাকী প্রেমিকাই কৰা প্ৰতাৰণাক বাঙ্ময় কৰিছে৷ ব্যর্থ প্রেমক
শব্দৰে যুগুতাইছে এইদৰে -
মনৰ গৰাকী এৰি তুমি
ধনৰ গৰাকী বৰিলা
ধন ধন বুলি ধনৰ প্ৰেমেৰে
স্বৰূপ প্রকাশ কৰিলা৷
কোৱা হয়, “কলা মাত্রেই
বিকৃতি সাপেক্ষ৷ জগত জীৱনৰ স্বৰূপ বা বস্তুৰূপ শিল্পীৰ মানস লোকত ৰূপান্তৰিত হয়৷ অৰ্থৎ
কলাৰ জগতত বস্তুজগতৰ বিকাৰ বা ৰূপান্তৰ ঘটে৷ কিন্তু ই নিশ্চিহ্ন হৈ নাযায়৷ ইয়াত কল্পনাৰ
ব্যৱহাৰ মুখ্য”৷ আধুনিক শিল্পীসকলেও পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ নিজ নিজ মাধ্যমেৰে বাস্তৱৰ
উপৰি তলত কি আছে তাৰ অনুসন্ধান কৰিবলৈ আৰম্ভ কৰিলে যাক আদ্রেই মালৰোৱে digging
below the surface বুলিছে৷ ভূপেন হাজৰিকায়ো বিভিন্ন অভিজ্ঞতাৰ জকাঁটো বুটলি আনি তাত
তেজ-মঙহ ঢালি নিপুণ খনিকৰৰ দৰে নিৰহ-নিপানীকৈ সৃষ্টি কৰিছিল গীত-কবিতা-গদ্য, যিসমূহ
আছিল বাস্তৱ জীৱনৰ একো একোখন জীয়া ছবি৷ কেতিয়াবা তেখেতৰ কলমৰ সিপাৰে এটা অস্থিৰ আধুনিক
মন, কেতিয়াবা জীৱনৰ জয়গান, মুঠতে তেখেতৰ কলম সদা ধাৰাল, সদা জাগ্রত৷
মানুহ আৰু প্ৰকৃতিৰ
এক অংগাঙ্গী সম্পর্ক আছে৷ ভূপেন হাজৰিকাৰ সৃষ্টিত বা শিল্পগুচ্ছত প্রকৃতি এক প্রধান
অলংকাৰ বা ৰূপক৷ প্রকৃতিক কিদৰে গীতত উপস্থাপন কৰিব, গীতত নিজৰ ক’বলগীয়াখিনিৰ মাধ্যম
হিচাপে প্রকৃতিক যিদৰে সংপৃত্ত কৰিছে বা আধুনিক-সামাজিক বলয়ত মানুহ আৰু প্ৰকৃতিৰ মাজৰ
কিছু দ্বন্দ্বক যিদৰে শৈল্পিক নিপুণতাৰে অৱলোকন কৰিছে সেয়া খুব কম শিল্পকর্মত দেখিবলৈ
পোৱা যায়৷ “মদাৰৰে ফুল হেনো পূজাতো নালাগে”- সামাজিক বৈষম্যৰ প্ৰতি এক তীর্যক অভিব্যঞ্জনা৷
বসন্তত আকাশ ৰাঙলী মদাৰৰ সৌন্দৰ্য্যৰ প্ৰতি মানুহৰ এক সুকীয়া আকর্ষণ আছে৷ সঁজাল ধৰা
প্ৰকৃতিক এক অন্য মাত্ৰা প্ৰদান কৰা মদাৰ ফুলকেই গীতত ৰজিতা খুৱাই তেওঁৰ সামাজিক অভিব্যক্তি
প্রকাশ কৰিছে৷ কোনোবাই অনাদৃত কৰিলেও মদাৰ হৃদয় পৰিৱৰ্তনকাৰী, জ্যোতিৰে আকাশ জিনাৰ
এক সবল প্রতীক-
সঁচা সৰু মানুহ যদি
ৰঙা মদাৰ হয়
মদাৰৰে শিখা যদি
হাতে হাতে লয়
তেতিয়াহে সমাজ আকাশ জ্যোতিৰে ভৰিব...
ব্ৰহ্মপুত্ৰ আৰু বহাগক লৈয়েই সমন্বয়ৰ বৰভেটি বনোৱাৰ তেওঁৰ প্ৰবল আপাহ৷ পাহাৰ-ভৈয়াম, আকাশ, মেঘ, নিয়ৰ, ৰদ, বৰষুণ আদিবোৰকো প্ৰকৃতিৰ পৰা বুটলি আনি সোণ পানী ঢলা আখৰেৰে ৰচনা কৰিছিল গীত৷ এক কথাত সভ্যতাৰ যাত্ৰাত প্ৰকৃতিৰ গুৰুত্ব আৰু একাত্মতাক অভিজ্ঞতালব্ধ আৰু অধ্যয়নপুষ্টতাৰে গীতত স্থান দি শিল্পসন্মত জীৱনৰ সন্ধানৰত এনে শিল্পী বিশ্বত বিৰল৷ কলিকতাৰ পৰা তেজপুৰলৈ বিমানৰে আহোঁতে লিখা “আকাশী যানেৰে” গীতটোতো প্রকৃতিৰ নান্দনিকতাৰ যি চাক্ষুস সেয়া ব্যক্ত কৰিছে৷ কাঞ্চনজংঘাৰ কাষেৰে উৰি অহা বিমানত বহি গাৰো পাহাৰটো দেখাত যেন এখন সেউজীয়া সাগৰ, শাৰী শাৰী চাহৰ বাগিছা আনকি বাঁহৰ লেকেচীত বহি থকা কপৌহালক প্রত্যক্ষ কৰি প্ৰকৃতিৰ অমিয়া সৃষ্টিৰ মাজত তেওঁ নিজকে বিলীন হৈ আহিছিল৷
ধৱল ধৱল গিৰিৰ শিৰত
প্ৰভাতী ৰ’দ পৰে
কাঞ্চনজংঘাৰ কাষেদি
আমাৰ বিমান আজি ঘূৰে....
তলত দেখিলোঁ মই গাৰো
পাহাৰ
সেইয়া যেন ক’ৰবাৰ
সেউজ সাগৰ
ওখোৰা মোখোৰা কতনা লহৰ৷
ৰজনীগন্ধা ফুলপাহক গতানুগতিক দৃষ্টিভঙ্গীৰ পৰা উলিয়াই আনি এক পৃথক অথচ শক্তিশালী ৰূপক হিচাপে প্রক্ষেপ কৰিছে “তুমি বিয়াৰ নিশাৰ শয়ন পাটীৰ” শীর্ষক গীতটিত-
তুমি বিয়াৰ নিশাৰ
শয়ন পাটীৰ এপাহি
ৰজনীগন্ধা
তোমাৰ মূল্য এনিশাৰ৷
ৰজনীগন্ধা ফুলপাহক
এগৰাকী বিবাহিত মহিলাৰ সৈতে তুলনা কৰাৰ সমান্তৰালভাৱে প্ৰকৃতিৰ সৃষ্টিৰাজিৰ প্ৰতিও
যে মানৱ সমাজ দায়িত্বশীল হ’ব লাগে সেয়াও গীতটিত পৰোক্ষভাৱে ক’বলৈ বিচাৰিছে৷ তেখেতৰ
“শ্বিলঙৰে গধূলি”
গীতটি যেন শ্বিলঙৰ
‘শৰত সন্ধিয়াৰ মোহনীয় প্রাকৃতিক দৃশ্যাৱলী, ৰঙীন চহৰাঞ্চল, মুনিচুনি বেলিকাৰ দূৰৈৰ
ওখ-চাপৰ খাচী গাওঁ, অকণি জোনাকী পৰুৱা আদিৰ সমষ্টি বর্ণনাৰে যেন শিল্পীৰ লাহী হাতৰ
পৰশত প্রাণ পোৱা এখন অনুপম ছবিহে’ (ড০ ভূপেন হাজৰিকাৰ গীত সমগ্ৰৰ চমু বিশ্লেষণ)৷
বিজুলী চাকিৰ তাঁৰবোৰত ওলমি থকা নিয়ৰৰ টোপালবোৰ আৰু অপেক্ষাৰত প্রেমিকজনৰ সংযোজন, অসমী
আইৰ পদূলিত কেনেকৈ কেতেকী মলমলায়, বৰষুণে নেপূৰ বজায়,
নীল আকাশত হালি-জালি পলাশে কেনেকৈ মৰমৰ জুই চতিয়াই, লুইতৰ বুকুতে জনমা অসমীয়াই লুইতৰ শক্তিৰেই লুইতৰ দুপাৰ বান্ধি বানক ৰুধিব পৰা শক্তিকো তেওঁ গীতেৰেই বাঙ্ময় কৰিছে৷
বিংশ শতিকাৰ প্ৰাৰম্ভণিৰ সময়ছোৱা বিশেষকৈ ১৯২০/৩০ ৰ সময়ছোৱা অসমৰ জনজীৱনত বিশেষ তাৎপৰ্য্যপূর্ণ৷ সেই সময়ৰে উপহাৰ ভূপেন হাজৰিকা নামৰ ব্যক্তিসত্ত্বাই বা পৰিক্ৰমাটোৱে সময় পৰিস্থিতিৰ অভিজ্ঞতাৰ জুমুঠি মাৰি, অসমীয়া জনজীৱনৰ অতীত-বৰ্তমানৰ অনুকূলতা আৰু ভৱিষ্যতৰ কাৰ্যপন্থা তথা পৰিৱৰ্তিত সভ্যতাৰ চিন্তন-মনন কিম্বা বৈচিত্র্যক শব্দৰে ধৰি ৰাখি তাত সুৰ বুলাই জনতাৰ কণ্ঠ দিছিল৷ কোৱা হয়, God gives speech to all, but songs to the few৷ এক পৰিশীলিত কণ্ঠ৷ প্ৰেম আৰু প্ৰকৃতিৰ স্বকীয় অনুকম্পাক এক সুকীয়া গতিময়তা প্ৰদান কৰা এক কণ্ঠ৷ তেওঁ নিজেই কৈছে- “কেতিয়াবা এনে লাগে প্রেমেই মোৰ সৰ্বসত্ত্বাক পৰিচালনা কৰিছে৷ মই প্ৰেমিক৷ সেয়ে নৰ-নাৰীৰ প্ৰেম, মানৱ প্ৰেম, দেশপ্ৰেম সৌন্দৰ্য প্ৰেম এই সকলোবোৰকে ই সন্মান কৰোঁ৷ সেই কাৰণেই মই হৃদয় উজাৰি ভাল পাইছো মাছলৈ যোৱা ৰংমনক, এন্ধাৰ কাতিৰ নিশা পুত্রশোকত উচুপি উঠা দুখুনী মাতৃগৰাকীক, দিচাংমুখৰ মিচিং ডেকাটিক, ফুট গধূলিতে গাই হেৰোৱা গোর্খালী গাভৰুজনীক, মোক সাবটি ধৰা মনপা কাইটিক৷ ভাল পাইছোঁ লুইতখনক, ভাল পাইছোঁ মৰমী অসমী আইক৷”
অসমীয়া সমাজ সাংস্কৃতিক
জীৱনৰ ইতিহাস ভূপেন হাজৰিকা নামৰ ব্যক্তিসত্ত্বা আৰু তেওঁৰ সৃষ্টিৰাজিক বাদ দি সংৰচনা
কৰি নোৱাৰি৷ তেখেতৰ গীতসমূহৰ বিষয়বস্তু যি পৰিধি বা ব্যাপকতা, ‘প্রেম’ আৰু ‘প্রকৃতি’
তাৰে আভ্যন্তৰৰ দুটি মাথোঁ বিষয় বা দৃষ্টিভঙ্গী৷ কিন্তু এই প্রেম আৰু প্ৰকৃতিক সৰ্বসন্মতাৰে
এক সামাজিক সাংস্কৃতিক দায়িত্ববোধৰ পৰিমণ্ডলত নিক্ষেপিত কৰি জন্ম দিয়া শব্দবোৰ গীত
হৈছিল, আৰু গীতবোৰ একো একোখন ছবি হৈছিল, মানুহৰ একান্তই আকাংক্ষিত ছবি৷ শিল্পক নিজৰ
কৰ্ষণেৰে এক নির্দিষ্ট স্তৰলৈ পৰ্যবসিত কৰি নিজৰ ব্যক্তিসত্ত্বাক যিদৰে উন্মোচন কৰিছিল,
নিজৰ স্বভাৱজাত অনুসন্ধিৎসাৰ লগতে তেঁওৰ যি স্ব-নির্মাণ, সামগ্রিকভাৱে এই সকলোবোৰে
তেওঁলৈ এক বিশ্ববীক্ষা আনিছিল বুলি ক’ব পাৰি৷ সেয়ে, ভূপেন হাজৰিকা অসমীয়াৰ এক পূর্ণাংগ
সত্ত্বা, অসমীয়া জাতীয় জীৱনৰ এক পৰিক্ৰমা, পৰিশ্ৰাৱিত সময়ৰ গতিত একক হৈ থকা এটি আপাহ৷
সহায়ক গ্রন্থপঞ্জী :
১) ড০
ভূপেন হাজৰিকাৰ গীত সমগ্ৰৰ চমু বিশ্লেষণ, তৰণী পাঠক আৰু পাঠক প্রকাশনৰ হৈ প্রকাশিত,
২০০৯
২) ভূপেন্দ্র জ্যোতি,
ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ হৈ প্রকাশিত, নৱম বার্ষিক সংকলন, ২০২২
৩) Kalita,
Kartik and Chakraborty, Chadamita.
৪) Love in
Bhupen Hazarika’s Songs. International Journal of Mechanical Engineering, 2022
***
ফোন : ৮৬৩৮৮৩৯১৭২
