অন্যযুগ/


অসমীয়া কথা সাহিত্যত দেশ বিভাজন


বাসুদেব দাস


এখানে তো শাঁখেৰ কৰাতে

দিনগুলি কেটে যায় কৰাতের দাঁতে

সীমানার দাগে দাগে জমাট ৰক্তেৰ ভাগ

কালনেমি কৰে লঙ্কা ভাগ (দিনেশ দাস)

১৯৪৭ চনৰ আগস্ট মাহত ৰেডক্লিফৰ কলমৰ এটা আঁচোৰত ভাৰতবর্ষৰ অঙ্গহানি ঘটিছিল ক্ষতবিক্ষত হৈছিল দেশ অজস্র মানুহ ইপাৰৰ পৰা  সিপাৰলৈ গুচি গৈছিল। ঘৰ-দুৱাৰ এৰি,  মাটি-বাৰী এৰি লক্ষ লক্ষ মানুহ সিপাৰৰ পৰা  ইপাৰত  আশ্রয় লাভৰ বাবে গুচি আহিছিল ধর্ষকৰ  হাতত লাঞ্ছিতা হৈছিল বহুতো মাতৃ আৰু ভগ্নী  বাস্তুহাৰা হৈছিল লক্ষ লক্ষ মানুহ হত্যাৰক্তপাতনাৰীহৰণ আৰু নির্যাতনৰ ইতিহাসক আজিৰ প্রজন্মই পাহৰি গলেও উদ্বাস্তু সেই মানুহবোৰে সেই কলঙ্কময় জীৱনক কোনোদিন পাহৰিব পাৰিবনে ?

পঞ্জাৱৰ দাঙ্গা আৰু দেশভাগৰ বেদনাদীর্ণ ঘটনাক লৈ গঢ়ি  উঠিছে বহুতো অসাধাৰণ কাহিনী ভীষ্ম সাহানিকৃষণ চন্দৰখুশৱন্ত সিঙৰ নিচিনা প্রতিষ্ঠিত লেখকসকলে  এই বিষয়ত কলম ধৰিছে ৰচিত হৈছে গৰম হাৱা’, তামস’, এ ট্রেন টু পাকিস্তানৰ নিচিনা  আসাধাৰণ কিছু শিল্প গুণান্বিত চলচ্চিত্র বাংলা ভাষাত নিমাই ঘোষৰ ছিন্নমূল আৰু ঋত্বিক ঘটকৰ কোমল গান্ধাৰ আৰু মেঘে ঢাকা তাৰা’ চলচ্চিত্রত সমগ্র মহাদেশৰ এই বিপুল ট্ৰেজেডিক জীৱন্ত ৰূপ দান কৰা হৈছে। বাংলাৰ বিৱেক অন্নদাশঙ্কৰ ৰায়ে তেওঁৰ ‘তেলেৰ শিশি ভাঙল বলে খুকুৰ পৰে ৰাগ কৰ তোমৰা যে সব বুড়ো খোকা ভাৰত ভেঙে ভাগ কৰ তাৰ বেলা’ ছড়াত দেশভাগৰ এই মর্মান্তিক বেদনাক অমৰ কৰি ৰাখি গৈছে। অসমীয়া সাহিত্যত কিন্তু এই বিষয়টো প্ৰায় উপেক্ষিত হৈ থাকি গৈছে।দেশ বিভাজনৰ বাবে সামাজিক আৰু অর্থনৈতিক বিপর্যয়ৰ প্রত্যক্ষ প্রভাৱ যিদৰে বাঙালী জীৱনক বিপর্যস্ত কৰি তুলিছিল অসমীয়া সমাজ জীৱনত তেনে কোনো ঘটনা ঘটা নাছিল। বাঙালীসকলৰ নিচিনা   অসমীয়া মানুহে সকলো এৰি   পূর্বপুৰুষৰ ঘৰ-বাৰী এৰি গুচি আহিব লগা হোৱা নাছিল। গতিকে  বাস্তুভিঠা ত্যাগৰ যি বেদনা সেয়া  অসমীয়া সাহিত্যত তেনেদৰে প্রতিফলিত হোৱা নাই  বুলিয়ে কব পাৰি। কিন্তু  একেবাৰে নাই বুলি কলে ভুল কোৱা হব। ভাৰতৰ আন আন প্রদেশৰ সাহিত্য বিশেষকৈ  পঞ্জাৱী, উর্দু, বাংলা আৰু হিন্দীৰ তুলনাত সেয়া অৱশ্যেই কম। আলোচ্য প্রবন্ধত আমি অসমীয়া চুটিগল্প আৰু উপন্যাসত দেশ বিভাজনৰ যন্ত্ৰণা কিদৰে প্রতিফলিত হৈছে সেয়া আলোচনা কৰিবলৈ চেষ্টা কৰিম। আৰু  এটা  কথা, দেশ বিভাজনৰ বাবে হাজাৰ হাজাৰ উদ্বাস্তু লোকে অসমত অবৈধভাৱে অনুপ্রৱেশ কৰা বাবে অসমীয়া সমাজ জীৱনলৈ যি অস্তিত্বৰ সঙ্কট ঘন হৈ নামি আহিছিল সেয়া  অসমীয়া চুটিগল্প আৰু  উপন্যাসত খুব এটা বিৰল নহয়। আমাৰ আজিৰ আলোচনাত এই সম্পর্কত আলোকপাত কৰাৰ চেষ্টা থাকিব।

প্রথমতে আমি অসমীয়া চুটিগল্পৰ কথা কম। ১৯৮৮ চনত প্রকাশিত প্রখ্যাত অসমীয়া সাহিত্যিক হোমেন বৰগোহাঞিৰ ‘ইছমাইল শেখৰ সন্ধানত’ প্রকাশিত হয়। শিয়ালদহ ষ্টেশ্যনত উদ্বাস্তুবোৰৰ  দুৰুহ-দুঃসহ জীৱন যাপন আৰু এগৰাকী বাস্তুহাৰা গাভৰু আৰু তেওঁৰ দেউতাৰ  জীৱনৰ কৰুণ পৰিণতি আলোচা চুটিগল্পত সুন্দৰকৈ  ফুটাই তোলা হৈছে। ৰিক্সাৱালা অন্নদাচৰণ মুখোপাধ্যায়ৰ দুর্ভাগা বেশ্যা ছোৱালীৰ কাহিনী গল্পটোত অতি মর্মন্তুদ ভাষাত বর্ণনা কৰা হৈছে। দেশবিভাজনৰ পাছত সদায় পূজাহ্নিক লৈ ব্যস্ত থকা মুখোপাধ্যায় আন সকলোৰে সৈ্তে জন্মভূমি পৰিত্যাগ কৰি উদ্বাস্তু হৈ শিয়ালদহ ষ্টেশ্যনত আশ্রয় ল’বলৈ বাধ্য হয় গল্পৰ কথক এজন হাকিম চৰকাৰৰ আদেশত তেওঁ হাতীৰ সহায়েৰে অবৈধ বাসিন্দাস্বৰূপ উদ্বাস্তু মানুহবোৰৰ ঘৰ-বাৰী ভাঙিবলগীয়া হয়। এই ভাগ্যবিপর্যয়ৰ চিকাৰ উদ্বাস্তুবোৰৰ মাজত ইছমাইল শেখো এজন চৰকাৰী নির্দেশ পালন কৰিবলৈ গৈ তেওঁ ইছমাইল শেখৰ জীৱনলৈ যি অবর্ণনীয় দুখ-দুর্দশা মাতি আনিছে তাৰ বাবে ইছমাইল শেখৰ ওচৰত ক্ষমা  খুজিবৰ বাবে তেওঁ ইছমাইলক বিচাৰি ফুৰিছে। ইছমাইল শেখে তেওঁক ক্ষমা নকৰিলে তেওঁৰ শান্তি নাই। ইফালে প্রাণৰ ভয়ত ইছমাইল শেখ চৰকাৰী বিষয়াৰ হাতত ধৰা পৰার ভয়ত পলাই ফুৰিছে। গল্পৰ কথকে তেওঁক অনুসৰণ কৰি এজনী শিক্ষিতা উদ্বাস্তু বেশ্যা মণিমালাৰ ঘৰত আহি উপস্থিত হয়। গাভৰুজনীৰ বিছনাত আলবার্তো মোৰাভিয়াৰ ‘দ্য উইমেন অফ ৰোম’ কিতাপখন দেখি গল্পৰ কথক তাইৰ বিষয়ে জানিবলৈ আগ্রহী হৈ উঠে। মণিমালাই তেওঁৰ কৌতূহল নিৱাৰণ কৰে। তাই কয় যে ইছমাইল শেখৰ নিচিনাকৈ তায়ো এজন মানুহৰ আগে আগে দৌৰি আছে। সেই মানুহজন  তাইৰ দেউতাক বিদগ্ধ ব্রাহ্মণ পণ্ডিত অন্নদাচৰণ মুখোপাধ্যায়। শিয়ালদহৰ উদ্বাস্তু ভগনীয়া শিবিৰত এদিন দেউতাকে ক্ষুধার্ত অৱস্থাত বেশ্যাৰ উচ্ছিষ্ট খাবলৈ লোৱা দেখি দেউতাকক সাংসাৰিক দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ উদ্দেশ্যে মণিমালাই পলাই আহি বেশ্যাৰ বৃত্তি গ্রহণ কৰে। এদিন দেউতাকক তাই  ৰিক্সা চলোৱা অৱস্থাত দেখা পাইছিল। তাৰ পাছৰ পৰাই মণিমালাই দেউতাকৰ চকুত ধৰা পৰি যোৱাৰ ভয়ত পলাই ফুৰিছে। গল্পটোত এই বেশ্যাগৰাকীৰ জৰিয়তে বাস্তুহাৰা জীৱনৰ  মানসিক আৰু সামাজিক জীৱন সুন্দৰকৈ দাঙি ধৰা হৈছে।দেশ বিভাজনৰ নিচিনা চূড়ান্ত এটা ৰাষ্ট্রনৈতিক ঘটনাই কিদৰে সাধাৰণ গাভৰু নাইবা নাৰীৰ জীবনৰ  গতিপথ সলনি কৰি দিলে তাৰ এক নির্মম বৃত্তান্ত নির্মাণ কৰিছে লেখকে।

জেহিৰুল হুছেইনে নব্বৈৰ দশকৰ শেষৰ ফালে ছিন্নমূল বাঙালীৰ তিনি প্রজন্মৰ শিপা সন্ধানৰ বাস্তৱ ছবি ‘ভাল মানুহৰ সংজ্ঞা’ গল্পত দাঙি ধৰিছে। গোপাল মজুমদাৰ পঞ্চাছৰ দশকত পূৰ্ব বংগৰ নেত্রকোণাৰ পৰা এই দেশলৈ গুচি আহিছিল । তেওঁৰ পাঁচ বছৰীয়া ছোৱালী বাণীৰ মুখেৰে আমি দেশ বিভাজনর গল্প শুনো– ‘জানেন, মুসলমানৰা আল্লাহুক বইল্যা দা, মশাল লইয়া ছুটিয়া আইল। তাৰা আসিয়া গ্রামের সব ঘৰে আগুন দিল। পালা। পালা। আমৰা জঙ্গলে ঢুকলাম। দূৰ থাইক্যা দেখি আমাদেৰ গেৰামে দাউ দাউ কইৰা জ্বইলতাছে আৰ বাঁশ ফুইটতাছে। চাৰিদিক কেবল আগুন আৰ আগুন। গ্রামের মানুষগুলি এদিক-ওদিক ছুইটতাছে। এৰই মাঝে দিদিৰ চিৎকাৰ, বাবাগো আমাৰে বাঁচাও। ওই আমৰা দিদিৰ শেষ কথা শুনলাম। তাৰপৰ দিদি চিৰকালেৰ লাইগ্যা হাৰাইয়া গেল। এইদেশত আশ্রয় পালেও গোপাল মজুমদাৰৰ মনত চিৰকালৰ বাবে সংশয় আছিল। ষাঠিৰ দশকত ভাষা আন্দোলনৰ সময়ত দুষ্কৃতিকাৰীবোৰে  তেওঁৰ ঘৰ-বাৰী  জ্বলাই দিয়ে । আকৌ  তেওঁ ছিন্নমূল হৈ পৰে। তাৰ মাজত বাণী ডাঙৰ হয়, বিয়া কৰাই সংসাৰী হয়। ছোৱালীজনীক বৰপেটাৰ এটা অৱস্থা সম্পন্ন কৃষক পৰিয়াললৈ বিয়া দিছে। বড়ো দুস্কৃতীকাৰীসকলৰ আক্রমণত সিহঁতে আকৌ মাটী-বাৰী হেৰুৱাব লগা হয়।

এনেদৰে এখন ঘৰৰ এটাৰ পাছত এটা প্রজন্মই এনে প্রতিকূল পৰিস্থিতিৰ মাজতো মানুহৰ প্রতি বিশ্বাস হেৰুওৱা নাই। গল্পটোৰ শেষৰ ফালে লেখকৰ কণ্ঠত ধ্বনিত হৈছে চিৰকালীন মানৱতাৰ বাণী।

হিন্দুস্তান আৰু পাকিস্তান বিভাজনৰ সময়ত সংঘটিত সাম্প্রদায়িক সংঘর্ষত সমাজৰ নিৰীহ,নিৰপৰাধী মানুহৰ জীৱন কিদৰে  আৰু  কিমান নির্মমতাৰে লাঞ্ছিত হৈছিল তাৰ জীৱন্ত চিত্র আমি চৈয়দ আব্দুল মালিকৰ গল্প বীভৎস বেদনাত দেখিবলৈ  পাওঁ গল্পৰ কথক এটা  বিদেশী কোম্পানীৰ এজেণ্ট হোটেল বিচাৰি ফুৰাৰ সময়ত  তেওঁৰ লগত  ৩৫/৩৬ বছৰীয়া উমাৰ পৰিচয় হয় উমাহঁত  উদ্বাস্তু চৰকাৰৰ পৰা তাহাঁতে  ক্ষতিপূৰণ হিচাপে পঁচিশ টকা পাইছিল। আজি ছয় বছৰ পাৰ হৈ ল, আজিও সেই পঁচিশ টকাৰ জৰিয়তেই সিহঁত তিনিটা প্রাণীয়ে কোনোমতে  দিন কটাবলগীয়া হয়।উদ্বাস্তু উমাহঁতে ধর্মান্ধতাৰ বলি হৈ ইয়াত আহি আশ্রয় লবলৈ বাধ্য হৈছে। তেওঁলোকে মাটি-বাৰী, আত্মীয়-স্বজন, বংশ পৰিয়াল সকলোকে হত্যাকাৰীৰ হাতত এৰি আহিবলগীয়া হৈছে। তথাপি তেওঁলোকৰ শেষ ৰক্ষা হোৱা নাই। ভাৰতত সোমাবৰ আগ মুহূৰ্তত পাকিস্তানৰ সীমান্তত নাৰী জীৱনৰ আটাতকৈ ডাঙৰ সম্পদ সতিত্বক তাই বিসর্জন দিবলগীয়া  হৈছে। সম্পূর্ণ উলংগ হৈ প্রায় তিনিশ ছোৱালীক দুশো গুণ্ডাৰ চকুৰ আগত  থাকিবলৈ দিয়া হৈছিল। সেই লাঞ্ছিতাসকলৰ  মাজত উমাও এজনী আছিল। জাৰৰ ৰাতিও সিহঁতৰ দেহাত কোনো কাপোৰৰ আৱৰণ নাছিল। কাপোৰৰ ব্যবহাৰ, মান-সম্মানবোধ সকলো গুচাই সিহতঁক পশুৰ পর্যায়লৈ নমাই দিয়া হৈছিল। পিন্ধনৰ পোছাক উমাৰ দেহৰপৰা আঁতৰাই দিয়াৰ লগতেই গল্পৰ কথকৰ চকুৰ সমুখত দুটা বিবস্ত্র গাভৰুৰ  মাংসল দেহা, কোমল দেহাৰ ওপৰত কলা কলা দাগ, স্তনৰ ওপৰত, দুয়োৰে বুকুৰ  মাজত, চিৰ আবৃত কৰি ৰখা দেহাৰ সকলো ঠাইত। দেহাত  খুুচি- খুচি খোদাই কৰা কলা কলা কেইটামান আখৰ, ইমান বীভৎস, ইমান কদাকাৰ। উমাই পাগলৰ নিচিনাকৈ কবলৈ ধৰে– ‘চাওক আৰু এবাৰ চাই লওক, আপোনালোকে স্বাধীনতা পালে, ভাৰত পালে, পাকিস্তান পালে। আৰু আমি পালোঁ এয়া—’ একেবাৰে নির্লজ্জভাৱে উমাই লেমটো নিজৰ বুকুৰ কাযত দাঙি ধৰিলে । মোৰ চকুত পৰিল  উমাৰ বুকুু দুটাৰ ওপৰত ক’লা আখৰৰ লেখা এখন নতুন দেশৰ নাম, - আৰু জিন্দাবাদ।’ এনেদৰেই আলোচ্য গল্পটো দেশ বিভাজনৰ  এটা অমূল্য দলিল হৈ উঠিছে।

উনৈছ শতিকাৰ প্রথমতে অসমত প্রৱেশ কৰিছিল ব্রহ্মদেশ অর্থাৎ আজিৰ ম্যানমাৰৰ মানসকল। লক্ষ লক্ষ মান অসমত প্রৱেশ কৰিলেও মানসকল প্রব্রজনকাৰী নাইবা অনুপ্রবেশকাৰী নাছিল, সিহঁত আছিল আক্রমণকাৰী। মানসকলক খেদিবৰ বাবেই অসমলৈ ব্ৰিটিছসকলৰ আগমন ঘটিছিল। ব্ৰিটিছৰ লগত অসমলৈ কিছু সংখ্যক বাঙালী মানুহ  আহিছিল। প্রায় অর্ধ শতিকালৈ (১৮২৬-১৮৭৪) অসম আছিল তেওঁলোকৰ উপার্জনভূমি। তেওঁলোকৰ মাজত বহুতেই ৰাজ্যখনক  বাসভূমি হিচাপে ধৰি লৈ অসমীয়া ভাষা-কৃষ্টি গ্রহণ কৰি মূল স্রোতৰ লগত মিহলি  গৈছে। আকৌ কিছুমানে  নিজা ভাষা-সংস্কৃতি ৰক্ষা কৰি এটা পৃথক জনগোষ্ঠীত পৰিণত হৈছে। দীপক কুমাৰ বৰকাকতীৰ উপন্যাস ‘উপত্যকাৰ পৰা উপত্যকালৈ’ ২০০২ চনত প্রকাশিত হয়। ইয়াৰ পটভূমি সুৰমা উপত্যকাৰ ছিলেট, বৰাক উপত্যকাৰ কাছাৰ আৰু নগাঁও উপত্যকাৰ আন আন অঞ্চল। পূর্বপাকিস্তান সৃষ্টিৰ পাছত তাত ৰাজনৈতিক অস্থিৰতাৰ বাবে বহুতো  বাংলা ভাষা-ভাষী লোক অসমৰ বৰাক উপত্যকাত প্রৱেশ কৰিছিল। তাৰ পাছত লাহে লাহে তেওঁলোক ব্রহ্মপুত্র উপত্যকাত বিয়পি পৰে। হিন্দু ভগনীয়াসকলক অনুসৰণ কৰি পৰৱর্তী কালত বহু মুছলিম পৰিয়াল আহি এই অঞ্চলবোৰত বসতি স্থাপন কৰে। ১৯৬০ চনৰ অসমৰ ভাষা আন্দোলন আৰু পৰৱর্তী কালৰ ১৯৮০-ৰ  দশকৰ বিদেশী খেদা আন্দোলনে এইসকল  সর্বহাৰা  মানুহৰ জীৱনত যি অস্থিৰতাৰ সৃষ্টি কৰিছিল তাৰ  জীৱন্ত চিত্র আলোচ্য উপন্যাসখনত দাঙি ধৰা হৈছে। উপন্যাসৰ মূল চৰিত্র কালীকিশোৰ শিক্ষিত, কর্মৰ প্রতি নিস্পৃহ, সফলতাৰ প্রতি বিৰাগী। জমিদাৰ পৰিয়ালৰ লৰা বাবে দেশ বিভাজনৰ পূৰ্বে কাম কৰিবলৈ তেওঁ কোনো প্রয়োজনবোধ কৰা নাছিল । পিছে পাছত আর্থিক দুৰৱস্থাৰ বাবে ইমান দিনৰ অভ্যাস সলনি কৰিবলৈ বাধ্য হৈছে। তেওঁ উপলদ্ধি কৰিছে যে মানুহৰ আটাতকৈ বেছি প্রয়োজন আর্থিক নিৰাপত্তা আৰু সামাজিক অৱস্থান। নগাঁৱৰ ওচৰৰ সৰু এখন  চহৰত  যেতিয়া তেওঁ অলপ আর্থিক আৰু সামাজিক নিৰাপত্তা অনুভৱ কৰিছে ঠিক তেতিয়াই অসম আন্দোলনৰ জোৱাৰত তেওঁৰ সকলো খেলিমেলি লাগি গৈছে। উপন্যাসখনৰ শেষত কালীকিশোৰৰ ছোৱালীৰ লগত  অসমীয়া লৰাৰ বিয়াৰ জৰিয়তে সমন্বয়ৰ প্রয়াস এটা দেখা যায়। আনফালে তেওঁৰ পুলিচ ভতিজাকৰ ডকাইতৰ হাতত হোৱা মৃত্যু কালীকিশোৰৰ জীৱনত এটা মর্মান্তিক অভিজ্ঞতা। সাম্প্রদায়িক সংঘর্ষত অনাথ  পিতৃহীন দুবছৰীয়া শিশু সেই ভতিজাকক লগত লৈ দেশৰ মাটি-বাৰী এৰি  কালীকিশোৰ পলাই আহিছিল। পাছত সেই শিশুৱেই মানুহৰ  হিংসাৰ বলি হব লগীয়া হল। অসমলৈ অবৈধভাৱে অহা বহিৰাগত নাগৰিকৰ সমস্যাই বহুবছৰ ধৰি অসমীয়া সমাজক বিপর্যস্ত কৰি তুলিছে। উপন্যাসখনত কালীকিশোৰৰ নিচিনা এজন সাধাৰণ চৰিত্রৰ জীৱন যাত্রাৰ জৰিয়তে ঔপন্যাসিক বৰকাকতীয়ে ৰাজনৈতিক বাস্তৱ আৰু পৰিসংখ্যাৰ তত্ত্বক মূর্ত কৰি তুলিবলৈ বিচাৰিছে। দেশ বিভাজন, সাম্প্রদায়িক সংঘর্ষ, শৰণাৰ্থী আৰু পুনর্বাসনৰ নিচিনা জটিল বিষয়বোৰৰ মানৱিক দিশটো দাঙি  ধৰাত ঔপন্যাসিক বহুখিনি  সফল হৈছে। 

  অৰুণ শর্মাৰ উপন্যাস ‘আশীর্বাদৰ ৰং’ দেশ বিভাজনৰ পটভূমিত ৰচিত এখন বহুপঠিত উপন্যাস। ইয়াৰ প্রকাশ কাল ১৯৯৬। উপন্যাসখনৰ কাহিনী আৰম্ভ হৈছে ১৯৩৫ চনৰ পৰা; শেষ হৈছে অসম আন্দোলনৰ কালছোৱাত। কাহিনী আৰম্ভ হৈছে লুইতৰ বুকুৰ মিচিমি জাহাজত। সেই সময়ত ব্রহ্মপুত্রৰ বুকুৰে চলা জাহাজেৰে ব্ৰিটিছ শাসিত ভাৰতত পূর্ববঙ্গ আৰু নেপালৰ পৰা  হোৱা অনুপ্ৰৱেশৰ সম্ভেদ ইয়াত আলোচিত হৈছে।ইয়াৰ  লগতে আছে চাহ বাগিচাৰ ব্ৰিটিছ পৰিচালকৰ জীৱন যাত্রাৰ সম্ভেদ, ব্ৰিটিছ আমোলা-বিষয়াসকলৰ সৈ্তে দেশীয় সহযোগী মৌজাদাৰ, পুলিচৰ বিষয়া  আৰু  গা‍ঁৱৰ গাঁওবুঢ়াকে ধৰি, ধনী মুখিয়ালসকলৰ ঘনিষ্ঠতা আৰু এই সকলোৱে লগ লাগি গঞা ৰাইজক কৰা অৱহেলা আৰু বঞ্চনাৰ খবৰ। এইবোৰৰ উপৰি আছে স্বাধীনতা আন্দোলনৰ খবৰ; আন্দোলনত যোগদান কৰি গজেনৰ দৰে গঞাসকলে ব্ৰিটিছ পুলিচৰ লাঠিৰ কোব, চৰ-গোৰ-বন্দুকৰ গুলি বুকু পাতি গ্রহণ কৰিছে। পিছে স্বাধীনতাৰ পৰৱর্তী কালত স্বাধীনতাৰ ফল ভোগ কৰিছে স্বাধীনতা আন্দোলন বিৰোধী খর্গী মৌজাদাৰ  আৰু তেওঁৰ  সহযোগী বিশ্বাসঘাতকৰ দলটোৱে। অথচ জীৱন বিপন্ন কৰি আন্দোলনত অংশগ্রহণ কৰা গজেনৰ ভাগ্যত আছিল এই দলটোৰ হাতত  অপঘাত মৃত্যু। স্বাধীনতা লাভৰ পাছত এটা দুষ্টচক্ৰ কুৰৈগুৰি চাপৰিত বসবাস কৰা অভিবাসী মুছলমানখিনিৰ বিৰুদ্ধে ষড়যন্ত্রত লিপ্ত হল। গজেনে সেই কথা জানিব পাৰিলে যদিও তাৰ কোনো প্রতিকাৰ তেওঁ কৰিব নোৱাৰিলে। ফলস্বৰূপে তেওঁৰ  জীৱনলৈ নানা ধৰণৰ বিপর্যয় আৰু দুখ-দুর্যোগ নামি আহে। ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ আৰু মুছলিম লীগেও অসমলৈ সাম্প্রদায়িকতাৰ বিদ্বেষ বিয়পোপাত সহায় কৰিছিল। কিন্তু কুৰৈগুৰিৰ খাটিখোৱা মানুহ, কুৰৈগুৰিৰ মুছলমান সমাজখন পাকিস্তানপন্থী মৌলবাদীহঁতৰ ষড়যন্ত্রত ভোল নগৈ মৌলবাদীহঁতে আয়োজন কৰা সভাৰ পৰা আধাতে উঠি আহি সিহঁতৰ ষড়যন্ত্র প্রতিহত কৰিবলৈ ঠিক কৰি সিদ্ধান্ত ললে— ‘পাকিস্তান অইলে আমৰা কেন যাইমু? সেখানে গিয়া আমৰা কি অতখানি মাটি আবাদ পাইমু? এৰকম ফচল অইবে তাতে? কত কষ্ট কইৰা এখানে অতখানি মাটি ভাইঙিয়া লৈছি। বাৰী বানিয়াছি, খেত কইৰাছি, অহমীয়া ভাইদেৰ বাৰীতে গিয়া বিয়া পৰব পূজা পার্বণ একসঙ্গে খাওয়া, দাওয়া কৰতাছি, বিহু দেখতে গিয়াছি….কেমন কইৰা ছাৰব এই জাইগা গজেন ভায়া।’ গজেনে সিহঁতক আশ্বস্ত কৰি কৈছে— ‘মৌলবীহঁতে  তোমালোকৰ  মনত তেনেদৰে সন্দেহৰ ভাব সুমুৱাই দিছে যদিও, মই ক’ব পাৰোঁ  অন্ততঃ ইয়াত তোমালোকৰ মানুহখিনিৰ কোনো বিপদৰ  আশংকা নাই। আমি তোমালকৰ একো অসুবিধা হবলৈ নিদিওঁ, নিশ্চয় জানিবা।’ গজেনৰ কথাৰ দৃঢ়তা চাই মিঞাকেইজনৰ মনত নতুনকৈ আশাৰ পোহৰ জাগে। সিহঁত উৎফুল্লিত হৈ নিজৰ মাজত কোৱাকুই কৰিলে— ‘শুনছ, গজেন ভাইয়া কি কই ? আমাদেৰ কিছু অইবাৰ না। কোন দৰ কইবার না।পাকিস্তান দেশ অইলেও আমৰা এই দেশেই থাকমু।

পিছে ধন-কুবেৰ ৰক্ত পিশাচহতঁৰ উন্মুক্ত তাণ্ডবৰ ওচৰত  গজেনৰ  এনে প্রতিশ্রুতি বাস্তৱত ৰক্ষিত হোৱা  নাই। মনচুৰহঁতৰ   এইখন দেশ আপোন কৰাৰ  আশা পূৰণ নহল। মৌজাদাৰ আৰু  যাদৱ বৰাহতঁৰ  অনুচৰবোৰ  সিহঁতৰ ঘৰ-দুৱাৰ জ্বলাই দি প্রায় সকলো  গাঁৱৰ মানুহক হত্যা কৰি কুৰৈগুৰি চাপৰি উছন  কৰিলে। উদ্দেশ্য আছিল কুৰৈগুৰিৰ মানুহবোৰৰ সাৰুৱা মাটিখিনি দখল কৰা। শেষলৈ হাচিনা কুৰৈগুৰি গাঁৱৰ  নির্মমতা আৰু নিষ্ঠুৰতাৰ একমাত্র সাক্ষী হৈ জীয়াই থাকে। আশ্রয়হীনা, নিৰাপত্তাহীনা হাচিনাক গজেনে আশ্রয় দিবলৈ বাধ্য হয়। সি হাচিনাক বিয়া কৰায়। তেওঁ ধর্মান্তৰিত হবলগীয়া হয়। গজেনে হাৰ মনা নাই যদিও তেওঁৰ প্রতিদ্বন্দ্বী দুষ্টচক্রটোৱে  তাক  হত্যা কৰি এটি প্রতিবাদী সত্তাক চিৰকালৰ বাবে পৃথিৱীৰপৰা  বিদায় দিছে, তথাপি  ঔপন্যাসিকে বিশ্বাস কৰে যে অন্যায়-অনাচাৰৰ ওপৰত প্ৰতিষ্ঠিত সমাজ ব্যৱস্থাৰ পৰিৱর্তনৰ বাবে প্রতিবাদী কণ্ঠৰ  অভাৱ নহব। এদিন গজেনৰ  আদর্শক অনুসৰণ কৰি  আৰু কোনোবা প্রতিবাদী মানুহ আগবাঢ়ি আহিব । শতাব্দী প্রাচীন গাৱঁলীয়া জীৱনৰ কুসংস্কাৰ আৰু জাত-পাতৰ বিভেদৰ মাজত লালিত-পালিত হৈও গজেনৰ আইতাকে যি মহান উদাৰতা, মহৎ হৃদয় আৰু মানৱতাৰ পৰিচয় দিছে তাৰ কোনো তুলনা নাই। উপন্যাসৰ শেষত আমাৰ সম্মুখত এটি প্ৰশ্নই দেখা দিয়ে। যিবোৰ মানুহে ব্ৰিটিছৰ দিনত সৰ্বশক্তিৰে আন্দোলনৰ বিৰোধিতা কৰিছিল সিহঁতেই আজি স্বাধীন দেশৰ আটাইতকৈ সম্মানিত ব্যক্তি, আৰু যিসকলে স্বাধীনতাৰ বাবে অপৰিসীম ত্যাগ স্বীকাৰ কৰিলে সিহঁতবোৰ সকলোৰে পিছত পৰি থাকিল। সেইবাবেই খর্গী মৌজাদাৰ আৰু যাদৱ বৰাৰ নিচিনা দেশৰ শত্ৰুবোৰ যেতিয়া স্বাধীন ভাৰতৰ জাতীয় পতাকা উত্তোলনত ব্যস্ত তেতিয়া গজেনে সেয়া মনেৰে  মানি লব পৰা নাই। সি আইতাকৰ লগত নিজা চোতালত জাতীয় পতাকা উত্তোলনৰ  ব্যৱস্থা কৰিছে।

হিতেশ ডেকা ৰচিত ‘মাটি কাৰ’খেনা দেশ বিভাজনৰ পটভূমিত ৰচিত উপন্যাস। বিদেশী লোকৰ অবাধ অবৈধ প্রব্রজনে অসমৰ আর্থিক আৰু সামাজিক জীৱনত  নানা ধৰণৰ সমস্যাৰ সৃষ্টি কৰিছিল। লেখক সেই সম্পর্কে বৰ  সচেতন আছিল। একেই সময়তে বৃহত্তৰ বাংলা গঢ়াৰ সপোন দেখা কিছু বাঙালী বুদ্ধিজীৱি আৰু কলিকতাৰ কিছু বাতৰি কাকতৰ অশুভ ভূমিকাৰ কথাও লেখকে তেওঁৰ কিছু উপন্যাসত দাঙি  ধৰিছে। পূর্ব পাকিস্তানৰ পৰা  অহা  বিপুল সংখ্যক শৰণার্থীৰ স্রোত অসমৰ সামাজিক জীৱনত যি অস্তিত্বৰ সঙ্কট সৃষ্টি কৰিছিল সেয়া এই উপন্যাসত আলোচিত হৈছে।

অসম আন্দোলনৰ পটভূমিত ৰচিত নিৰুপমা বৰগোহাঞিৰ ‘গোহানী আই গোসাঁনী আই’ ১৯৮৭ চনত প্রকাশিত হয়। আলোচ্য উপন্যাসৰ এটি সাধাৰণ চৰিত্র ৰজব আলীৰ জৰিয়তে লেখিকা দেশ বিভাজনৰ বাবে পূর্ব পাকিস্তানৰ পৰা সকলো  এৰি  গুচি অহা উদ্বাস্তুসকলৰ অস্তিত্বৰ সঙ্কটৰ কথা দাঙি  ধৰিছে। অপু আৰু আৰু ৰুণী ভাই ভনী। সিহঁতৰ কথোপকথন, বাদানুবাদৰ মাজেৰে অসম আন্দোলনৰ বিভিন্ন দিশ ইয়াত ফুটি উঠিছে। অসম আন্দোলন প্রকৃ্ত পক্ষত দেশ বিভাজনৰ ফল। দেশ বিভাজনৰ বাবে পূৰ্ব বংগৰপৰা অলেখ মানুহ নিজৰ মাটি-বাৰী এৰি অসমলৈ গুচি আহে। সেইবাবে খুব স্বাভাৱিক কাৰণতেই অসমৰ সামাজিক আৰু  অর্থনৈতিক জীৱনত নানা ধৰণৰ সমস্যাৰ সৃষ্টি হয়। অসমীয়া জীৱনৰ এই অস্তিত্বৰ সঙ্কটে যুৱ সমাজক আন্দোলনৰ ফালে ঠেলি দিয়ে। অপু অসম আন্দোলনৰ সমর্থক। সি ভাবে দীর্ঘকাল ধৰি  উত্তৰ পূর্বাঞ্চলৰ লগতে অসম যিদৰে কেন্দ্রীয় চৰকাৰৰ জৰিয়তে শোষিত হৈ আহিছে সেই শোষণৰ পৰা  মুক্ত হোৱাৰ বাবে  আন্দোলনৰ বাহিৰে  আন কোনো ৰাস্তা নাছিল। এফালে ৰুণীয়ে ভাবে যে সুদীর্ঘকাল ধৰি যিসকল অনা অসমীয়া জনগোষ্ঠীয়ে অসমক মাতৃভূমি জ্ঞানেৰে অসমীয়া ভাষা সংস্কৃতিক আপোন কৰি লৈছে তেওঁলোকক বিদেশী আখ্যা দি দেশৰ পৰা বিতাৰিত কৰা কোনোমতেই মানৱিক হব নোৱাৰে। এই আন্দোলনে আজি দীর্ঘকাল ধৰি শান্তিত বসবাস কৰি  আহা  হলধৰ আৰু ৰাজীব আলীৰ মাজত বিদ্বেষৰ বীজ ৰোপণ কৰাত অপু-ৰুণীৰ মাক শ্রীমতী গোস্বামী এই ভাবি শঙ্কিত হৈছে যে নিকট ভবিষ্যতে হয়তো বা হলধৰ  আৰু ৰজব আলীক পৰস্পৰৰ বিৰুদ্ধত  ছুৰীত শাণ দিয়া  দেখা যাব। উপন্যাসখন সমাপ্ত হৈছে আশাবাদৰ জৰিয়তে। শ্রীমতী গোস্বামীৰ তীব্র মানৱিক বোধেৰে  আপ্লুত হৈ তেওঁৰ ছোৱালীয়ে মাকক আঁকোৱালি লৈ আনন্দিত কণ্ঠে কৈছে — ‘মা,তুমি সত্যিই মা, প্রত্যেকৰ মা, হলধৰৰ মা, ৰজব আলীৰ মা, পৃ্থিবীৰ সকলো সন্তানৰ মা।

পূৰবী বৰমুদৈ ৰচিত ‘নদী বিচৰা মানুহ’ উপন্যাসখন পূর্ব বংগৰ পৰা অসমলৈ শৰণার্থী হৈ গুচি অহা সহজ সৰল মানুহবোৰৰ জীৱনৰ দুখ-বেদনাক কেন্দ্র কৰি ৰচিত হৈছে। ৰছিদ মিঞা, জ্যোৎস্না, ৰেছমা বিবি, মইনুল, পদ্মা, ধলেশ্বৰীৰ দেশৰ মানুহ।সিহঁতৰ  জীৱন পৰিচালিত হয় নদীৰ উঠা-নমাৰ লগত। মাজে মাজে বানপানীয়ে সিহঁতৰ  ঘৰ-বাৰী উটাই লৈ যায়। কেৱল পদ্মাই নহয়, যমুনা, কোৱেল, মেঘনা, বৰাক, কৰতোৱা, সুৰমা, ব্রহ্মপুত্র- এই নদীবোৰে মানুহৰ জীৱনক লালন-পালন কৰে । নদীৰ কলকল ধ্বনি শুনিবলৈ নাপালে, নদীৰ সুগন্ধি সিহঁতৰ নাকত নোসোমালে এই মানুহবোৰ জীয়াই থাকাৰ আনন্দ বিচাৰি  নাপায় । জীৱনযুদ্ধত ক্ষত-বিক্ষত মানুহবোৰৰ  খেতি কৰিবলৈ  নিজা গৰু ম’হ নাই বুলিলেও হয়। এই ক্ষেত্ৰত সিহঁঁত হিন্দু চুবুৰিৰ লাড়ুগোপাল চৌধুৰী ওৰফে লাড্ডু বাবু আৰু মুছলিম চুবুৰিৰ সৈফুদ্দিন ওৰফে ডাঢ়িবাবুৰ ওপৰত সকলো ধৰণে নির্ভৰশীল। তেওঁলোকৰ মাটিত মাহেকীয়া বা দৈনিক বন্দোবস্তিত মানুহখিনিয়ে কাম কৰে। তেওঁলোকৰে নাও-জাল ভাৰালৈ লৈ নদীত মাছ ধৰে আৰু তেওঁলোককে সেই মাছ আধামূলীয়া বিক্ৰী কৰে। তিৰোতা মানুহখিনিয়ে এই দুপৰতে খেতিপথাৰত কাম কৰে, গোৰাই থোৱা মৰাপাটৰ বাকলি গুচায় আৰু ঘৰুৱা বন-বাৰী, লাচনি-পাচনি কৰে। ধলেশ্বৰী আৰু পদ্মা নদীৰ মানুহবোৰৰ জীৱন সংগ্রাম এনেদৰেই চলি থাকে। এনে  এটা  সময়ত মইনুল নামে এজন যুৱক দেৱদূতৰ নিচিনা সিহঁতৰ মাজত উপস্থিত হয়। কলেজ পাছ কৰা লৰা, দেশ-বিদেশৰ কিমান কথাই যে সি জানে। কিছুদিনৰ ভিতৰতে মইনুল সহজ-সৰল মানুহবোৰৰ আপোনজন হৈ উঠে। মানুহবোৰৰ দুখ-দুর্দশা দেখি  তাৰ কোমল প্রাণ কান্দি উঠে- ‘তোমালোকৰ ইমান দুখ। ইমান  দুখ। স্বাধীন জীৱন যাপন কৰিবলৈ  ইচ্ছা  নাই তোমালোকৰ। পখিলাৰ নিচিনা স্বাধীন জীৱন।’ মইনুলে  সিহঁতক এখন নতুন দেশলৈ লৈ  যোৱাৰ সপোন  দেখুৱায়। তাত সিহঁতে মনৰ সুখত জীয়াই থাকিব পাৰিব। নদীত মাছ ধৰিব, খেতিত কাম কৰিব, মৰাপাট আৰু ধানৰ খেতি কৰি দুটা পইচা ৰোজগাৰ কৰিব  পাৰিব। মইনুলৰ মুখত এই সপোনৰ  কথা শুনি মানুহবোৰে  বুকুত এটা নতুন আশাৰ ভেঁটি বান্ধে । পিছে  পুৰুষানুক্রমে বসবাস কৰা জন্মভূমিৰ মায়া ত্যাগ কৰা ইমান  সহজ নহয়। গতিকে যাত্রাৰ আগ মুহূর্তত বহুজনেই দ্বিধাগ্রস্ত হয় আৰু কিছুমান মানুহ মইনুলৰ তত্ত্বাবধানত নতুন দেশৰ সন্ধানত আগবাঢ়ি যায়। সিহঁত সিহঁতৰ যৎসামান্য বিষয়-আশয় বিক্রি কৰি মইনুলৰ হাতত সকলোখিনি হাতখৰচ আৰু যোৱাৰ  খৰচ হিচাপে তুলি দিয়ে। এদিন এখন নতুন দেশত উপস্থিত হয় সিহতঁ। চকুত  বিস্ময়, মনত শঙ্কা। কিন্তু বিপদ আহে  আনফালৰ পৰা। মইনুল সকলোৰে সর্বস্ব হৰণ কৰি এদিন উধাও হৈ যায়। বহুতেই পৰম বিশ্বাসৰ সৈতে সিহঁতৰ টকা-পইচা, দুই-এপদ অলঙ্কাৰ মইনুলৰ হাতত তুলি দিছিল। এই অপ্রত্যাশিত আঘাতত সিহঁত মানসিকভাৱে ভাগি পৰে।ইতিমধ্যে মানুহবোৰৰ যাত্রাপথত এজন নতুন মানুহৰ আগমন ঘটে। সেইজনৰ কথাবার্তা মইনুলৰ  তুলনাত ৰুক্ষ। দলৰ সুন্দৰী আৰু কমবয়সীয়া ছোৱালীবোৰৰ প্রতি তাৰ বৰ লোভ। মানকাচৰত  গৈ দলটো দুটা ভাগত বিভক্ত হৈ যায়। সীমা পাৰ কৰোৱাৰ বাবে নাৱৰীয়া  সাজু হৈ আছে। ইতিমধ্যে মানুহবোৰৰ ইমান দিনৰ সপোন মাটিত মিহলি হৈ গৈছে। এখন দেশৰ পৰা  আন এখন  দেশলৈ বুলি সিহঁত  ৰাতিৰ আন্ধাৰত  চোৰৰ দৰে নদী পাৰ হয়। পেটত ক্ষুধা, পিয়াহ, বুকুত ভয় আৰু দুর্ভাৱনা। কোনো দেশেই সিহঁতক নিজৰ বুলি গ্রহণ নকৰে । সিহঁতৰ নিজা নদী, মাটি, আকাশ নামেৰে আৰু একো নাথাকিল। ত্রিশঙ্কু অৱস্থাত এনেদৰে  সিহঁতে  গোটেই জীৱন এখন ঠাইৰ পৰা আন এখন ঠাইত বিতাৰিত হৈ ঘুৰি-পকি  থাকে।

নদীমাতৃক দেশৰ মানুহবোৰ  নদীক বাদ দি কোনো কথাই ভাবিব নোৱাৰে। লাহে লাহে বিশাল এটা নদীৰ তীৰত  সিহঁত  ঘৰ সাজি থাকিবলৈ আৰম্ভ  কৰে। সিহঁতক লৈ আৰম্ভ হয় ৰাজনীতিৰ সেই চিৰন্তন খেল। জবুৰ মিঞাৰ নিচিনা দালাল সুযোগ বুজি ৰেছন কার্ড আৰু ভোটাৰ লিষ্টত নাম উঠোৱাৰ বুদ্ধি কৰি মানুহবোৰৰ জীৱন দুর্বিষহ কৰি তোলে। পুলিচে ধৰি নিয়াৰ  ভয় দেখুৱাই ৰেছমা বিবিক ভোগ কৰিবলৈও বিচাৰে। মানুহে সদায়  সপোন দেখিবলৈ  ভাল পায়। এই নতুন দেশত শত প্রতিকূলতাৰ মাজতো আকৌ মানুহবোৰে সপোন  দেখে। লেখিকা পূৰবী বৰমুদৈয়ে বৰ সহানুভূতিৰে দেশ বিভাজনৰ বলি চৰ অঞ্চলৰ মানুহৰ জীৱন যাত্রাৰ ছবি দাঙি ধৰিছে ।

লেখক আব্দুছ ছামাদৰ ‘বৈ যায় চম্পাৱতী’ উপন্যাসত অসমত বহুকাল ধৰি বসবাস কৰা অভিৱাসী মুছলমানসকলৰ অস্তিত্বৰ সমস্যাক গভীৰ মমতাৰ সৈতে ফুটাই তোলা হৈছে। অসমৰ চৰ অঞ্চলত যুগ যুগ ধৰি বসবাস কৰি আহা দুখ, দাৰিদ্র আৰু নিৰক্ষৰতাৰ ছত্রচ্ছায়াত লালিত-পালিত এইবোৰ মানুহ দৈহিক পৰিশ্রমক জীৱিকাৰ উৎস হিচাপে মানি লৈছে। অথচ খাটি খোৱা এই মানুহবোৰক যেতিয়া বাংলাদেশী বুলি সম্বোধন কৰা হয় তেতিয়া সিহঁতে মর্মান্তিক যন্ত্রণা অনুভৱ কৰে। সিহঁতৰ প্রত্যেকেৰই জন্ম অসমত। অসমৰ পানী, বতাহত সিহঁতৰ  দেহা-মনে পুষ্টি লাভ কৰিছে।

উপন্যাসৰ কেন্দ্রীয় চৰিত্র ৰহমতে ৰিক্সা চলায়। সি জন্মৰ পৰা  ৰিক্সাচালক নাছিল।১৯৮৩ চন। অসম আন্দোলন তেতিয়া তুঙ্গত। চাৰিফালৰ হিংসা, সন্ত্রাস আৰু অবিশ্বাসে জীৱন যাপনক অসহনীয় কৰি তুলিছে। ৰহমত তেতিয়া তৃতীয় শ্রেণীৰ ছাত্র। ৰাতিপুৱাৰ পৰা সিদিনা সকলো সন্ত্রস্ত। খবৰ পোৱা গৈছে যে আজি হিন্দুহঁতে সিহঁতৰ গাঁও আক্রমণ কৰিব। ৰহমতৰ ঘৰৰ কাষত  ফজলহতঁৰ ঘৰ। চন্দনপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্রেণীৰ ছাত্র ফজল পঢ়া-শুনাত অত্যন্ত মেধাবী। তাৰপৰাই ৰহমতে জানিব পাৰে যে হিন্দুবোৰে সিহঁতক বাংলাদেশী বুলি অপমান কৰিলেও সিহতঁ মুঠেই বিদেশী নহয়।চম্পাৱতী নদীৰ নিচিনাই তাৰ তীৰৰ গাঁওবোৰৰ বাসিন্দাসকলো বহু পুৰণি। সিহঁত বহুতৰ  প্রপিতামহৰ জন্ম এই নদীৰ তীৰত। মফেজ মাষ্টৰে ভাবে যে অসম আন্দোলনে অসমৰ জাতীয় জীৱন কোনো ভাল প্রভাৱ পেলাব নোৱাৰিব।  সোণয়ে তেওঁ ভাবে। তেওঁৰ মতে অসমত বিদেশী আছে, সেই বিষয়ত কোনো সন্দেহ নাই। কিন্তু এয়াও সত্য যে অসমৰ সমস্যা অকল বিশেষ এটি সম্প্রদায়ৰ জৰিয়তে সৃষ্ট হোৱা নাই। চন্দনপুৰ গাঁৱৰ মুছলমানসকলক বাংলাদেশী বুলি সন্দেহ কৰা হয় অথচ সিহঁতৰ কোনেও কেতিয়াও বাংলাদেশ দেখাই নাই। এই বিভাজন অসমৰ জাতীয় ঐক্যত  ফাট মেলোৱাৰ আশঙ্কা নুই কৰিব নোৱাৰি। এনেদৰে  লেখক আব্দুছ ছামাদে আলোচ্য উপন্যাসত দেশ বিভাজনৰ ফলত সৃষ্ট অভিবাসী মুছলমানসকলৰ সমস্যাক ৰূপায়িত কৰি এটি বিশেষ সময়ক ধৰি  ৰাখিছে।             

আলোচ্য প্রবন্ধত দেশ বিভাজনক কেন্দ্র কৰি অসমীয়া কথা সাহিত্যত যিবোৰ  গল্প- উপন্যাস লিখা হৈছে তাৰ এটি সংক্ষিপ্ত পৰিচয় দাঙি ধৰাৰ চেষ্টা কৰা হল। উদ্বাস্তু সমস্যাক লৈ  অসমৰ বৰাক উপত্যকাত বাংলা ভাষাত বহুতো সার্থক গল্প-উপন্যাস লিখা  হৈছে। সেইবোৰ লৈ  ভবিষ্যতলৈ আলোচনাৰ  বাট মুকলি থাকিল।


ঠিকনা :

আশীর্বাদ এপার্টমেণ্ট

১০ যশোহৰ ৰ'ড

চেণ্ট্ৰেল জে'ল বা: ষ্টপৰ বিপৰীতে

ফ্লেট নং- ৪ জি

ফোর্থ ফ্লোৰ

কলকাতা—৭০০০২৮

ম'বাইল : ৯৭৪৮৪২১৩৪১

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ