অন্যযুগ/


নীলমণি ফুকন আৰু তাৰক চন্দ্ৰ গোস্বামী : এটি সোঁৱৰণ

 জয়ন্ত দেৱ শৰ্মা

এটা এটা মাত্ৰ শব্দ

সেউজীয়া

বিষ্ণুৰ নাভিকমলত জন্ম হৈছিল

শব্দটো

কবি নীলমণি ফুকনে লিখা সেই সেউজীয়া শব্দমালাৰ মাজত আছে অনেক ৰহস্যবোধ। এবাৰ কবিৰ ঘৰলৈ গৈছিলোঁ, কবিৰ মনৰ ৰহস্য সম্পৰ্কে কিছু বুজিবলৈ। লগত আছিল মোৰ পৰিবাৰ। মই সুধিলোঁ– “ হীৰেন গোহাঁইসাগৰতলিৰ শংখ নামৰ  কিতাপত আপোনাৰ সতে হোৱা এটি সাক্ষাৎকাৰত আপোনাক ধৰ্ম সম্পৰ্কে আপোনাৰ ধাৰণা সম্পৰ্কে সুধিছিল। আপোনাৰ উত্তৰ আছিল হিমেনেৎৰ এটি উদ্ধৃতিৰে– The poet is mystic though he does not necessarily have a god৷ ফুকনছাৰে কিন্তু পোনপটীয়াকৈ কলে– 'ৰহস্য মই বুজি নাপাওঁ। মানুহে পৃথিৱীৰ ৰহস্য চাৰি শতাংশমানহে বুজি পায়, বাকী অন্ধকাৰত।'

কবি মালিগাঁৱৰ বেজবৰুৱা নগৰত থাকে। সন্মুখতে অৰ্থনীতিবিদ প্ৰয়াত তাৰকচন্দ্ৰ গোস্বামীছাৰৰ ঘৰ। গোস্বামী ছাৰৰ ঘৰলৈ কলেজত পঢ়াৰ সময়ত প্ৰায়ে গৈ থাকোঁ। মই জীৱনত লগ পোৱা শিক্ষাগুৰুসকলৰ ভিতৰত মোৰ বাবে এজন আদৰ্শ শিক্ষাগুৰু গোস্বামীছাৰ। নীলাচলপুৰৰ এই অঞ্চলটোৰ নাম হেনো গোস্বামী ছাৰেই দিয়া। নীলমণি ফুকনছাৰে তাৰকচন্দ্ৰ গোস্বামীছাৰৰ বৰ্ষপূৰ্তি শ্ৰদ্ধাৰ্ঘ্যৰ সজল সোৱঁৰণতলিখিছিল গোস্বামীয়ে দিয়া নাম। কলেজত পঢ়া দিনত ছাৰৰ ঘৰৰ ফুলনিৰ মাজেৰে বৈ গৈছিল এটি সৰু নিজৰা। প্ৰাকৃতিক। সেইদিনা নাছিল নিজৰাৰ কোনো কলকলনি। কলৈ গল ছাৰৰ চোতালৰ সেই নিজৰাৰ ধাৰা, সেই সুন্দৰ চকচকীয়া পানী। কথা পাতি গম পালোঁ, যান্ত্ৰিক প্ৰগতিৰ সতে প্ৰতিযোগিতাত নমা কবিৰ কোনো প্ৰতিৱেশীৰ কংক্ৰিটৰ দেৱালে নিস্তব্ধ কৰি দিলে সেই জলধাৰাৰ মুকলি উচ্চাৰণ। কবিয়ে সৌন্দৰ্য ভাল পায়, সেই বাবেই কৈছিল অনাবিল সৌন্দৰ্যৰ মাজত নগ্ন হওক, মগ্ন ওক, স্তব্ধ হওক মুক্ত কৰক মন আৰু হৃদয়ক। পানীধাৰাৰ কথা মনলৈ আনি আকৌ মনত পৰিল ৱাৰ্ডছৱাৰ্থৰ কবিতাৰ এটি ফাঁকি– My dear, dear sister! And this prayer I make/ knowing that nature never did betray” কিছু সময় মনে মনে থাকিলোঁ। হঠাৎ অত্যুৎসাহী হৈ সুধি পেলালোঁ নুসুধিবলগীয়া প্ৰশ্ন এটা “আপোনাৰ গোলাপী জামুৰ লগ্ন কবিতাটোৰ নান্দনিক সৌন্দৰ্য কত? একেষাৰেই কলে– ব নোৱাৰিম। মেটাফৰখিনি জানো।

মই মনে মনে আওৰালোঁ 

ক্ৰমশঃ মৰি অহা এটা  আঙুলি

বৰফ হৈ অহা এটি জুৰি

কবিৰ বাবে শব্দবোৰ বাৰু কি? তেখেতৰ নিজৰ কবিতাতে আছে অন্ধলা প্ৰেমৰ জাংফাই বৰণীয়া অনুচ্চ শব্দবোৰ

ফুকনদেৱে কবিতাত কৈছে– “কবিতা প্ৰেমৰ কাৰণে, জোনটো ৰঙা হৈ পৰাৰ ভয়ৰ কাৰণে, অকলশৰে উৰি যোৱা চৰাইটোৰ কাৰণে কিন্ত আটাইতকৈ অৰ্থপূৰ্ণভাৱে

“মৰুভূমিৰ সূৰ্যটোৰ কাৰণে

মৃত্যুৰ অৰ্থ আৰু জীৱনৰ শূন্যতাখিনিৰ কাৰণে”

তেনেতে মোলৈ যোৰহাটৰ মৰমজ্যোতি দত্তই ফোন কৰিছিল শৰ্মা ছাৰ, আপুনি কত আছে?”

মই কলোঁ, গুৱাহাটীত।”

“এতিয়া ক?

“মই কলোঁ, নীলমণি ফুকনছাৰৰ ঘৰত।

“অ আপুনি মোৰ মামাৰ ঘৰ পালেগৈমামীক দিয়কচোন ফোনটো।” মই ফোনটো বাইদেউলৈ আগ বঢ়াই দিলোঁ।

কবিতাত কি থাকে ছাৰ?” 

তেখেতৰ উত্তৰ– আনন্দ থাকে। বেদনা থাকে। বাখ্যা নাথাকে। কবিয়ে সংস্কাৰ, পৰিশোধনৰ কথাষাৰ গুৰুত্বপূৰ্ণ বুলি ভাবে। টলষ্টয়ে ৱাৰ এণ্ড পিচখন সাতবাৰ সংশোধন কৰিছিল। প্ৰতিটো কবিতাই সম্পূৰ্ণ নহয়। ভাবখিনি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। সেয়ে মেটাফ, প্ৰতীকবোৰৰ প্ৰয়োজন হয়। এইবিলাক চিনেমাৰ দৰে। মোৰ কবিতা বুৰঞ্জীয়ে সিদ্ধ কৰিছে।

“আপোনাৰ সৃষ্টিৰ সময় ?মই সুধিলোঁ৷

“মোৰ কবিতাৰ সৃষ্টি দুটা পৰ্বত হয়। প্ৰথম প্ৰস্তুতি পৰ্ব– ইয়াত ৰ, বৰষুণ, স্পৰ্শ, দয়া আদি বিভিন্ন কাৰকৰ সংমিশ্ৰণ ঘটে। প্ৰতী‍ক্ষা পৰ্বত লিখোঁ

তাৰক গোস্বামীছাৰ গলগৈ। এদিন ফুকনছাৰ খাৰঘূলিৰ বৰঠাকুৰ ক্লিনিক পালেগৈ। কি আৱেগিক। আহিবৰ সময়ত গোস্বামীছাৰে ফুকনদেৱক হাতদুখন দাঙি নমস্কাৰ জনালে। পূৰ্বে এনে নমস্কাৰ পৰ্ব তেওঁলোকৰ দুয়োৰে মাজত কোনোদিনে, কোনো সময়তে হোৱা নাছিল। কবিৰ বাবে এই কোনোদিনে নোহোৱা নমস্কাৰৰ মাজতে হয়তো  আছে কবিতাৰ ৰহস্য। কৰবাত হয়তো প্ৰতীক হব।

এই গোস্বামীছাৰ আৰু হৰেকৃষ্ণ ডেকা সম্পাদিত উত্তৰণত ফুকনদেৱেও কবিতা লিখিছিল‌। নীলমণি ফুকন আৰু তাৰক চন্দ্ৰ গোস্বামী দুয়োজনৰে আছিল প্ৰৱল  অন্তৰ্দৰ্শন। এজন কবি আৰু এজনে অৰ্থনীতিৰ মাজত বিচৰণ কৰি জীৱনক কৰিছিল সাৰ্থক। গোস্বামীছাৰে শ্ৰেণীকোঠাত নিৰস বিষয় এটি ধুনীয়াকৈ কৈ গৈ থাকোঁতে নিজকে নিমজ্জিত কৰি পেলায় মাধৱদেৱৰ “ৰসময়ী ভকতি”ৰ দৰে অৰ্থৰসত। 

খাৰঘূলিৰ বৰঠাকুৰ ক্লিনিকলৈ নীলমণি ফুকনদেৱে তাৰক গোস্বামীৰ খবৰ লবলৈল। দুয়োজন ব্যক্তিয়ে জীৱনত কিমান যে কথা পাতিলে, বেজবৰুৱা নগৰত গোস্বামীৰ দৰে প্ৰা খোলা শব্দ কৰি হঁহা মানুহ বিৰল। ফুকনদেৱে এই কথা দুৰ্জেয় যাত্ৰা গ্ৰন্থত লিখিছে। 

কিন্তু সেইদিনা কথাৰ সলনি নীলমণি ফুকনদেৱে তাৰক চন্দ্ৰ গোস্বামীৰ পৰা পাইছিল কেৱল মাত্ৰ এটি নমস্কাৰ। হয়তো এক কাব্যিক অনুভৱেৰে পিষ্ট কৰিছিল কবিপ্ৰাণ। বেজবৰুৱা নগৰলৈ ছাত্ৰ অৱস্থাত খুবেই গৈছিলোঁ। গোস্বামীছাৰৰ ঘৰত বহি অলপ ওপৰত থকা কবিৰ ঘৰখনলৈ চাইছিলোঁ। এটি নিজৰাৰ ধাৰা এটি কবিতাৰ দৰেই চোতালেৰে নামি অহাৰ অপূৰ্ব শোভা দেখিছিলোঁ...।


ভ্ৰাম্যভাষ : ৯৪৩৫০৯১৪৬৫

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ