অন্যযুগ/


কবিতা এপাহ সোণ-হালধীয়া ফুল- নীলমণি ফুকনৰ “সম্পূৰ্ণ কবিতা”

পৰী হিলৈদাৰী

নীলমণি ফুকনৰবুৰঞ্জীনামৰ বিখ্যাত কবিতাটোৰ এটা বিশেষ ব্যাখ্যাত সমালোচক ড০ হীৰেন গোহাঁয়ে মন্তব্য কৰিছে যে ইতিহাসৰ ধবংসলীলা, তাৰ অতলস্পৰ্শী বেদনা আৰু মানুহৰ অন্তিম অসহায়তাৰ প্ৰতি কবিৰ প্ৰতিক্ৰিয়া নিৰ্মম আৰু উদাসীন৷ কবিতাটোৰ কেইটামান বিশেষ চিত্ৰকল্পৰ আঁত ধৰি ড০ গোহাঁয়ে কৈছে যেইতিহাসৰ দ্বন্দ্ব, অপচয় আৰু ধ্বংসলীলাৰ ৰূপ ঘন কুঁৱলীৰ মাজেদি যিজন কবিয়ে দেখে আৰু যি তাৰ উংস-সন্ধানত উদ্যোগী নহয়, তেওঁৰ প্ৰতিভাৰ বিকাশ সন্দেহৰ স্থল৷এই সন্দৰ্ভত আমি দুটা কথা উল্লেখ কৰিব খুজিছোঁ৷ প্ৰথম, ইতিহাসৰ ধ্বংসলীলা আৰু মানুহ তথা প্ৰকৃতিৰ যন্ত্ৰণাৰ প্ৰতি কবি নীলমণি ফুকন নিৰ্বিকাৰ নহয়, আৰু সেই কাৰণেই কবিতাটোৰ প্ৰথম পুৰুষৰ বক্তাসমষ্টিঅমিবুলি উল্লেখিত কথকজনকহে কবিয়ে সমালোচনাত্মক দৃষ্টিৰে দূৰত্বৰ পৰা চাইছে, কবিসত্তা সেইআমিৰ লগত সংলগ্ন হৈ থকা নাই; আৰু যদি আছেও, কবিয়ে নিজৰ দুৰ্বলতা বা পলায়নবাদিতাক শ্লেষাত্মক সুৰতহে উপস্থাপন কৰিছে, আত্মগৰিমাৰ অভিব্যঞ্জনা ইয়াত নাই৷ দ্বিতীয় কথা, মানুহৰ যন্ত্ৰণাৰ প্ৰতিবুৰঞ্জীনামৰ কবিতাটোৰ কবি নীলমণি ফুকন উদাসীনতাৰ দোষত দোষী বুলি যদি আমি ধৰিও লওঁ, কবিজনৰ এনে বহু কবিতা আছে, ত কবি আৰু কবিতাৰ বক্তাজনৰ মাজত মানসিক অৱস্থানগত বা দৃষ্টিভংগীকেন্দ্ৰিক দূৰত্ব নাই, বৰং কবিসত্তাই কবিতাটোৰ বক্তা বা বক্তাসমষ্টিৰ বক্তব্য বা উক্তিবোৰৰ মাজেদি মানুহৰ দুখ-যন্ত্ৰণাৰ প্ৰতি পৰম একাত্মবোধহে প্ৰকাশ কৰিছে৷ এই সংযোগ ক্ষণস্থায়ী নহয়৷ নীলমণি ফুকনৰ সম্পূৰ্ণ কবিতা সেই শ্ৰেণীৰ কবিতা৷ কবিতাই তাৰ জন্মলগ্নৰে পৰা কেনেকৈ বৃহৎ জীৱনক ক্ষুদ্ৰ প্ৰাত্যহিকতালৈ কাষ চপাই আনিছে, কবিতা নিজেই কিয় অস্তিত্বৰ সংকটত পৰিছে আৰু শেষত, ‘অৰ্থ কৰোঁতাজনঅৰ্থাৎ কেনেকৈ কবিৰ তেজ-মঙহৰ কণ্ঠৰ মাজত কবিতাই নতুন জীৱন লাভ কৰিছেকবিতাৰ এই ঘাতপ্ৰতিঘাতৰ ইতিহাসক ‘সম্পূৰ্ণ কবিতা’ নামৰ কবিতাটোৱে এনেদৰে চিত্ৰায়িত কৰিছে যে বিষয়টোৰ সৈতে কবিৰ আত্মিক সংযোগক সন্দেহাতীত সত্যৰ ৰূপত পঢ়ুৱৈয়ে গ্ৰহণ কৰিব পাৰে৷ 
     সম্পূৰ্ণ কবিতা নামৰ সংকলনখনিত সন্নিৱিষ্ট হোৱা নীলমণি ফুকনৰ  ‘সম্পূৰ্ণ কবিতা’ শীৰ্ষক তিনিটা ভাগত বিভক্ত কবিতাটিৰ অন্তঃস্থলত প্ৰোথিত হৈ আছে কবিতাৰ ওপৰত আৰোপিত কবিৰ পৰম আস্থা আৰু তাৰ লগতে সংশয়ৰ প্ৰচ্ছায়া৷ জন্মলগ্নৰে পৰা কবিতাই যি বাট বুলিছে উপেক্ষা আৰু উত্তৰণ, বন্দীত্ব আৰু মুক্তি, যন্ত্ৰণা আৰু প্ৰশান্তি, ফুল আৰু কাঁইটৰ সেই কঠিন বাটৰ এখন সাংকেতিক ছবি কবিতাটোৰ চিত্ৰকল্প, শব্দ-ব্যঞ্জনা , ভাব-বিন্যাস আৰু গাঁথনিৰ জৰিয়তে ভাস্বৰ হৈ উঠিছে৷

প্ৰথম ভাগৰ প্ৰথম শাৰীটোৱে যি সৰ্বগ্ৰাসী আন্ধাৰৰ ক্ৰমৱৰ্ধমান উপস্থিতিৰ কথা কৈছে তাত পাহাৰটো আৰু নৈখনৰ প্ৰতিকী তাৎপৰ্যক আমি এনেদৰে ব্যাখ্যা কৰিব পাৰোঁ– পাহাৰটোত দীঘল হৈ অহা আন্ধাৰখিনি আত্মগৰ্বই সৃষ্টি কৰা বিচ্ছিন্নতাৰ দ্যোতক, যি মানুহক মানুহৰ পৰা আঁতৰাই ৰাখে৷ আন্ধাৰখিনিয়ে চলমান নৈখনক ঢাকি ধৰা মানে জীৱনৰ উচ্ছ্বলতাক আক্ৰান্ত কৰা৷ “ধাৰ নিছিগা স্তব্ধতাৰ শোণিতৰ এটি ধাৰ” শাৰীটোত স্তব্ধতাৰ ধাৰ আৰু শোণিতৰ ধাৰৰ মাজত বিৰোধাভাস স্পষ্ট, যদিও দুয়োটাৰ মাজত যতিচিহ্ন প্ৰয়োগ হোৱা নাই৷ স্তব্ধতাই স্থবিৰতা বুজাব পাৰে, নীৰৱতা বুজাব পাৰে আৰু তাৰ জৰিয়তে পৰিৱৰ্তনহীন জীৱনশৈলীৰ কথাও বুজাব পাৰে৷ এই অন্তহীন স্তব্ধতাৰ মাজত কিন্তু শোণিতৰ ধাৰ এটিও প্ৰৱাহিত হৈ আছে– অৰ্থাৎ জীৱনৰ চালিকাশক্তিৰ দ্যোতক তেজৰ প্ৰৱাহক পাহাৰটোৰ বাঢ়ি অহা আন্ধাৰখিনিয়ে গ্ৰাস কৰিব পৰা নাই বা নোৱাৰে৷ এই প্ৰৱাহৰ ইংগিত দ্বিতীয় আৰু তৃতীয় স্তৱকত মুখৰ হৈ উঠিছে–

        নৈখনৰ পানীত কমনিয়াই থকা তৰাবোৰক

        জাকৈয়া ছোৱালীহঁতে

        থিতাদহে খালৈত সুমুৱাই ল’লে

        আৰু,

        হঠাৎ ছটফটাই উঠিল তোমাৰ চকুত

        সন্ধিয়াটো

        ধপধপাই উৰি গ’ল কেনিবাদি দুটা নিশাচৰ চৰাই

প্ৰথমটো চিত্ৰকল্পত পানীত কমনিয়াই থকা তৰাবোৰে মাছৰ কথাই নিশ্চয় কৈছে; মাছ, যি জনন ক্ৰিয়া আৰু উৰ্বৰতাৰ প্ৰতীক৷ কিন্তু পানীত খেলি থকা তৰাৰ পোহৰবোৰক জাকৈয়া ছোৱালীহঁতে খালৈত সুমুৱাই থোৱা কথাটোত অসীমক সসীমত লাভ কৰাৰ ইংগিত এটাও নিহিত হৈ আছে যেন বোধ হয়৷ পাছৰ স্তৱকত কাৰোবাৰ দুচকুত সন্ধিয়াটো ছটফটাই উঠিল বুলি কোৱা কথাষাৰতো তেনে ধৰণৰ ভাবৰ অনুৰণন এটা শুনা যেন লাগে৷ ছটফটাই উঠা সন্ধিয়াটো আৰু ধপধপাই উৰি যোৱা নিশাচৰ চৰাই দুটাৰ প্ৰসংগই আন্ধাৰৰ মাজতো প্ৰাণোচ্ছ্বল হৈ থকা জীৱনৰ কথাকে দোঁহাৰিছে৷ চতুৰ্থ স্তৱকত পুনৰ পাহাৰটোৰ দীঘল হৈ অহা আন্ধাৰৰ কথা উচ্চাৰিত হৈছে, কিন্তু একেসময়তে প্ৰেমৰ কথাও আহি পৰিছে৷ ‘মেলি ধৰিলে / প্ৰেমৰ সকলো নগ্নতা’ বুলি কোৱা কথাষাৰত দ্বৰ্থকতা আছে৷ তথাপি ইয়াৰ যোগেদি কৃত্ৰিমতা বৰ্জিত, আৱৰণহীন প্ৰেমৰ কথাকে কৈছে বুলি ধৰি ল’ব পাৰি৷ এই প্ৰেমৰ শক্তিৰ ওপৰত ভৰসা আছে কাৰণেই কবিয়ে আকুলভাৱে ক’ব পাৰিছে–

        ফুল তুলি ফুৰা হাতখনত নোকোবাবা

        আৰু নোকোবাবা

        প্ৰেমৰ শপত

        তেজ-মঙহৰ শব্দবোৰৰ শপত

‘ফুল তুলি ফুৰা হাতখন কবিতাৰ সৃষ্টিত নিয়োজিত কবিকুলৰ হাত, যাৰ সম্পৰ্ক সদায় তেজ-মঙহৰ শব্দবোৰৰ লগত৷ এই যে কবিয়ে আকুতি কৰিছে – ‘হাতখনত নোকোবাবা / নোকোবাবা’ বুলি– ই নিশ্চয় কবিতাৰ কাৰণে এক সংকটকালীন সময়ৰ সত্যৰ সৈতে আমাক মুখামুখি কৰোৱাইছে৷ পাহাৰটোৰ দীঘল-দীঘল হৈ অহা আন্ধাৰখিনিক যদি এই সংকটৰ কাৰণে জগৰীয়া কৰা হয়, তথাপি পূৰ্বোক্ত চিত্ৰকল্প দুটাত নিহিত অৰ্থই এই আন্ধাৰ যে দুৰ্জেয় নহয় তাৰ ইংগিত আমাক ইতিমধ্যেই দি গৈছে৷ গতিকে আন্ধাৰৰ প্ৰসংগৰে প্ৰথম ভাগটো আৰম্ভ হ’লেও প্ৰেম আৰু তেজ-মঙহৰ শব্দবোৰেহে শেষত গৈ কেন্দ্ৰীয় ভাবৰ ৰূপত অৱস্থান লাভ কৰিছে৷ এই তেজ-মঙহৰ শব্দবোৰেই গোটেই কবিতাটোৰ তিনিওটা পৃথক ভাগৰ মাজত ঐক্যসূত্ৰও স্থাপন কৰিছে৷

প্ৰথম ভাগৰ “ফুল তুলি ফুৰা হাতখন”ৰ প্ৰসংঙ্গই দ্বিতীয় ভাগৰ আৰম্ভণিতে “সোণ হালধীয়া ফুলপাহ”-লৈ বিস্তাৰ লাভ কৰিছে৷ কবিৰ শব্দ বুটলি ফুৰা সৃষ্টিশীল হাতখনত ‘সোণ হালধীয়া ফুল’ হৈছে কবিতাৰ দ্যোতক (নীলমণি ফুকনৰ কবিতাত সোণালী বৰণৰ ফুলৰ প্ৰসঙ্গই সঘনে ভুমুকি মাৰে, মটিফৰ দৰে)৷ কবিতাৰ লগত মানুহৰ সম্পৰ্ক অতিকৈ প্ৰাচীন; বিশ্বব্ৰহ্মাণ্ডৰ বিভিন্ন পৰিঘটনাবোৰ অবাক বিস্ময়েৰে চাই চাই আদিম মানুহে নিজৰ হৃদয়ত যি আৱেগ-অনুভূতিৰ জোৱাৰ অনুভৱ কৰিছিল, তাতেই কবিতাই সাৰ পাই উঠিছিল৷ দ্বিতীয়ভাগৰ প্ৰথম স্তৱকতে কবিয়ে কবিতাৰ জন্মলগ্নৰ মুহূৰ্তক অসম্ভৱ যেন লাগিলেও সুঁৱৰিবলৈ চেষ্টা কৰিছে এনেদৰে–

        সোণ-হালধীয়া ফুলপাহ বাৰু তোমাক

        কোনে দিছিল

        বেলিটো ওলাওঁতে নে বুৰোঁতে

কবিতাৰ জন্মলগ্নৰ সৈতে হাঁহি আৰু চকুপানী, যৌৱন আৰু জৈৱিক কামনা-বাসনাৰ সনাতন সম্পৰ্কৰ কথা দ্বিতীয় স্তৱকত সুৱঁৰি, তৃতীয় স্তৱকত কবিয়ে বাস্তৱলৈ উভতি আহি আমাক মুখামুখি কৰোৱাইছে এই কঠিন সত্যৰ

আজি সোণ হালধীয়া ফুলপাহ তোমাৰ নাই

যি ফুলপাহ ফুলি আছিল কজলা পানীৰ মাজত

শেলুৱৈয়ে ছাটি ধৰা দুটা শিলৰ চেপত

কজলা পানী, শেলুৱৈ আৰু শিলৰ চেপত কোনোমতে নিজৰ অস্তিত্ব বজাই ৰখা ফুলপাহে কবিতা আৰু কবিতাৰ সাৰবস্তু মানৱধৰ্মৰ সংকটকালীন অৱস্থানৰ সংকেত দিয়াৰ পৰিপ্ৰেক্ষিতত আৰু অৱশেষত ফুলপাহ অন্তৰ্হিত হৈ যোৱাৰ বেদনাত আহত কবিৰ মনত এতিয়া দুটা বিপৰীতধৰ্মী আশংকাই অনিশ্চয়তাৰ অনাহুত ভাবৰ খেলিমেলি সৃষ্টি কৰিছে৷ ফুলপাহ হয়তো এতিয়া অজান কৰবালৈ অথবা শূন্যতালৈ পখী হৈ উৰি গুচি গ’ল, নহ’লেবা ফাগুনৰ বনজুইত পুৰি ছাই হৈ গ’ল৷ শূন্যলৈ পাহি মেলি উৰি গুচি যোৱা কথাটোৱেও কিন্তু কবিক আশ্বস্ত কৰিব পৰা নাই- এই দুয়োটা সম্ভাৱনাই কবিতাহীন কঠিন বাস্তৱক বৰ্তমানৰ অনিবাৰ্য সত্য হিচাপে কবিৰ সন্মুখত থিয় দিছে৷ পঞ্চম স্তৱকত কবিৰ মনত পুনৰ কিছুমান আউল লগা প্ৰশ্নই জুমুৰি দি ধৰিছে

সোণ-হালধীয়া ফুলপাহ মই তোমাক দিছিলোঁ

নে তুমি মোক নে কোনোবাই কাৰোবাক দিছিল

কি বা ভাবি কি বা নেভাবি

কবিতাৰ জন্মলগ্ন প্ৰাচীন হ’লেও কাব্যসৃষ্টিৰ পৰম্পৰা এটা প্ৰজন্মৰ পৰা অন্য এটা প্ৰজন্মলৈ প্ৰৱাহিত হৈ আহিছে; কিন্তু মানুহ যেন এতিয়া সেই পৰম্পৰাৰ পৰা বিচ্ছিন্ন৷ বিচ্ছিন্নতাই আনি দিয়া স্মৃতিবিভ্ৰমৰ অন্ধকাৰে গ্ৰাস কৰাৰ শংকাত বিহ্বল কবিয়ে সেয়ে কবিতাৰ শিপাডালৰ বিস্তাৰ আৰু সনাতন উদ্দেশ্যক মনত ৰাখিবলৈ সচেতন প্ৰয়াস কৰিছ৷ তেওঁ আচলতে দ্বিতীয় এজনক এই প্ৰশ্নবোৰ সোধা নাই– প্ৰশ্নবোধক চিনৰ অনুপস্থিতিয়ে এনে এটা ইংগিতহে দিছে যে কবিয়ে নিজেই নিজক হেঁচুকি দি কবিতাৰ আৱহমান কালৰ পৰা প্ৰৱাহিত সুঁতিটোক চেতনাত অৱধাৰিতভাৱে বহন কৰাৰ তাড়না প্ৰকাশ কৰিছে৷

দ্বিতীয়ভাগৰ ষষ্ঠ স্তৱকত কবিয়ে কবিতাৰ অবৰ্তমানত মনত পেলাইছে যে যি কবিতা হেৰাই গ’ল, সেই কবিতাৰ ধাৰাল শব্দবোৰে হয়তো কাৰোবাক আঘাত কৰিছিল, যিটো বোধকৰো নিতান্তই স্বাভাৱিক আৰু প্ৰয়োজনীয় আছিল-

        ফুলপাহৰ কাইঁটে বাৰু কাক বিন্ধিছিল

        ৰাতিৰ কলিজাত নে তোমাৰ জিভাত

        নে কোনোবা কবিৰ অন্ধ চকুৰ মণিত

শব্দবোৰে কবিতাৰ ৰূপ পোৱাৰ আগতে কবিয়ে সেইবোৰে কঢ়িয়াই ফুৰা দুখ-যন্ত্ৰণাৰ ধাৰ ইন্দ্ৰিয়জ চেতনাৰে চাকি চায়; কেৱল ইন্দ্ৰিয়জেই নহয়, ‘অন্ধ চকুৰ মণি’ বুলি কৈ ইন্দ্ৰিয়জ দৃষ্টিৰ বাহিৰৰ সেই কাব্যিক অন্তৰ্দৃষ্টিৰ কথাকে যেন ক’ব খোজা হৈছে যি জীৱন-জগতৰ অভিজ্ঞতাৰ মৰ্মক উপলব্ধি কৰি “তেজ-মঙহৰ শব্দবোৰৰ” (প্ৰথম অংশত) সৈতে সেই অভিজ্ঞতাক সংযোজিত কৰিব পাৰে৷ কবিতা প্ৰেমৰেই অন্য এক ৰূপ, অৰ্থাৎ কবিতা হৈছে জীৱন আৰু জীৱনৰ সৈতে অঙ্গাঙ্গীভাৱে সংলগ্ন হৈ থকা যন্ত্ৰণাৰ প্ৰতি থকা ব্যাখ্যাতীত ভালপোৱা৷ সেই ভালপোৱাৰ প্ৰেমত বন্দী কবিৰ কাৰণে কবিতা যন্ত্ৰণাৰ পৰা মুক্তিৰ পাথেয় নহয়, বৰং দুখ-যন্ত্ৰণাৰ সৈতে গভীৰভাৱে একাত্ম হোৱাৰহে ঠিকনা৷ কবিতাৰ ভালপোৱাই ক্ষত-বিক্ষত কৰা কবিতাপ্ৰেমীৰ দেহৰ তেজ “ধূলি-বালি আৰু মৰিশালিৰ নিলাজী বনত” টোপাটোপে সৰি পৰা কথাটোৱে বোধকৰোঁ জীৱন আৰু মৰণৰ অনিবাৰ্য অথচ সৰল সত্যৰ সৈতে কবিতাই মানুহক মুখামুখি কৰোৱা সত্যটোকে প্ৰকট কৰিব খুজিছে৷ এই স্তৱকটোত ‘ৰাতিৰ কলিজা’, ‘তোমাৰ জিভা’, ‘অন্ধ চকুৰ মণি’ আৰু ‘তেজৰ উল্লেখে জীৱনোচ্ছ্বল পৰিৱেশ নিৰ্মাণ কৰিছে আৰু তাৎপৰ্যপূৰ্ণভাৱে ‘মৰিশালিৰ নিলাজী বনত’-ৰ মাজত অনুৰণিত হৈছে মৃত্যুৰ সংকেত৷ দ্বিতীয় শাৰীত ‘ৰাতিৰ কলিজা’-ৰ কথাৰে কবিয়ে যেন ইংগিত দিব বিচাৰিছে যে ৰাতিৰ নিৰল মুহূৰ্তবোৰতহে তেজ-মঙহৰ শব্দবোৰে কবিৰ হৃদয়ক উজ্জীৱিত কৰি তোলে৷ এই ৰোমাঞ্চকৰ অভিজ্ঞতাই কাক সমৃদ্ধ কৰিছে, কোন আছিল এই বিভূতিৰ অধিকাৰী কবিয়ে মনত পেলাব পৰা নাই আৰু স্মৃতিভ্ৰংশতা যে কেৱল তেওঁৰ নিজৰ হয়, ই যে সমগ্ৰ মানুহ জাতিটোক আক্ৰান্ত কৰা উন্নাসিকতাৰ অনাহুত ফল, সেই কথাই তেওঁক বাৰুকৈয়ে বিচলিত কৰিছে৷ এই বিহ্বলতা কবিতাটোৰ দ্বিতীয়ভাগৰ শেষত এনেদৰে প্ৰকাশ হৈছে-

        সোণ-হালধীয়া ফুলপাহ বাৰু কাৰ আছিল

        মোৰ নে তোমাৰ

        কাহানিও চকুৰে নেদেখা নিনাও তৰা এটাৰ

        নে কল্লোলিত নীৰৱতাৰ

কবিতাৰ অনিশ্চিত ঠিকনাৰ সন্ধান আৰু কবি মনত তোলপাৰ লগোৱা সংশয়ক কবিয়ে এই কবিতাৰ তৃতীয় ভাগত অন্য ধৰণে ব্যাখ্যা কৰিছে, য’ত কাহানিও চকুৰে নেদেখা নিনাও তৰাটোক কবিয়ে মাটিৰ পৃথিৱীতে দেখা পাইছে, কাৰণ তেওঁ নীৰৱতাৰ আঁৰৰ কল্লোল শুনা পাইছে৷

‘সম্পূৰ্ণ কবিতাই সম্পূৰ্ণতা লাভ কৰিছে কবিতাটোৰ তৃতীয় ভাগত৷ শেষৰ এই অংশটোৰ প্ৰথম স্তৱকটো দীঘলীয়া, য’ত কবিয়ে নিত্য বৰ্তমানলৈ উভতি আহি কবিতাৰ সৰ্বময় ব্যাপ্তিৰ সত্যক উপলব্ধি কৰি পৰম সুখানুভূতি অনুভৱ কৰিছে৷ কবিতা হেৰাই যোৱাৰ বেদনাক জয় কৰিবলৈ কবিয়ে প্ৰাত্যহিকতাৰ পৰা বিশ্বব্ৰহ্মাণ্ডলৈকে সকলোতে যে কিবা নহয় কিবা এটা অৰ্থ থাকে, এই সত্যক হৃদয়ত ধাৰণ কৰিছে৷ অৰ্থনো কাৰ নাথাকে? কবিৰ ভাষাত–

        এই ধৰা প্ৰেমৰ কবিতাৰ  মাটি পানী জুই বায়ুৰ

        কণা কুকুৰৰ ভুকভুকনিৰ

        তেজ লগা চোলাৰ জেপত চীঁচিয়াই থকা

        এটা পতংগৰ

        অৰ্থ কৰিলে সকলো কথাৰে এটা অৰ্থ হয়

প্ৰথম শাৰীৰ পৰা চতুৰ্থ শাৰীটোলৈকে উল্লেখিত বিভিন্ন বস্তু, ঘটনা, পৰিঘটনাৰ অন্তৰালত অৰ্থ নিহিত হৈ থাকে–এই কথাষাৰৰ প্ৰকাশভংগীৰ মন কৰিবলগীয়া কথাটো হৈছে যে অৰ্থবাহক ঘটনা-পৰিঘটনাসূচক শব্দবোৰৰ মাজত কোনো যতিচিহ্ন নাই৷ প্ৰেমৰ কবিতাই হওক, কণা কুকুৰৰ ভুকভুকনিয়েই হওক, সকলোতে অৰ্থ থাকে; যতিচিহ্নৰ অনুপস্থিতিয়ে অৰ্থৰ বিশাল ব্যাপ্তিৰ কথাহে সূচাইছে, ইয়াত শ্লেষাত্মক ইংগিত নাই৷

সকলোতে অৰ্থ থাকে, কিন্তু অৰ্থৰ সন্ধান কৰোঁতাজনৰ সক্ৰিয়তা অবিহনে অৰ্থ প্ৰাপ্তিৰ আয়োজন আধৰুৱা হৈ ৰয়৷ অৰ্থ কৰোঁতাজনৰ দহো আঙুলিৰ মূৰৰ নক্ষত্ৰবোৰতো থাকে একোটা অৰ্থ” বুলি কোৱা কথাষাৰৰ তাৎপৰ্য বিশেষভাৱে মন কৰিবলগীয়া৷ সকলো কথাৰে অৰ্থ থাকিলেও অৰ্থ কৰোঁতাজন অৰ্থাৎ কবিৰ আঙুলিৰ মূৰৰ নক্ষত্ৰবোৰৰ অৰ্থইহে বাকী কথাবোৰৰ অৰ্থ পোহৰলৈ আনিব পাৰে৷ কি অৰ্থতনো দহো আঙুলিৰ মূৰবোৰ নক্ষত্ৰ হ’ল? বোধকৰোঁ কবিয়ে ক’ব বিচাৰিছে যে পৃথিৱীৰ মাটিত ভৰি ৰাখিও যিজনে নক্ষত্ৰৰ পোহৰ বিচাৰি ফুৰে আৰু দহো আঙুলিৰে শব্দ-শিল্প গঢ়ি তোলে, সেইজনেই কবি৷ এই কথাষাৰে কবিতাটোৰ প্ৰথম ভাগত উল্লেখ কৰা “নৈখনৰ পানীত কমনিয়াই থকা তৰাবোৰক জাকৈয়া ছোৱালীহঁতে থিতাদহে খালৈত সুমুৱাই থলে”– এই শাৰীকেইটাই নিৰ্মাণ কৰা চিত্ৰকল্পটোলৈ মনত পেলাই দিয়ে৷ পানীত নাচি থকা তৰাৰ পোহৰবোৰ মাছৰ লগতে খালৈত সুমুৱাই থোৱাৰ দৰে শব্দবোৰৰ অন্তঃস্থলত প্ৰোথিত হৈ থকা অৰ্থৰ পোহৰক কবিয়ে কবিতাৰ সাজত মানুহৰ চেতনাত ৰোপণ কৰে৷ অচলতে কবিতাৰ সৃষ্টিৰ প্ৰক্ৰিয়াটো একপক্ষীয় হ’ব নোৱাৰে৷ কবিৰ ভাষাত,

        আহত শব্দবোৰ বিচাৰি থাকে তেজ=মঙহৰ এটা

        কণ্ঠ

        চলি থাকে প্ৰেমিক আৰু কবিৰ বলিয়ালি

        গধূলিৰ উচুপি থকা গছপাতবোৰে বিচাৰি থাকে

        এখন লুণীয়া জিভাৰ স্পৰ্শ

        জ্বলি থাকে এগৰাকী নিনাও বৃদ্ধাৰ

        হাতৰ তলুৱা পুৰি এগছি চাকি

শেষৰ শাৰীটোৱে ৰচনা কৰা গ্ৰাম্য পৰিৱেশটোত এক আকৰ্ষণীয় কাব্যিক অভিব্যঞ্জনা ফুটি উঠিছে৷ কবিতাটোৰ দ্বিতীয় ভাগত কবিতা হয়তো ‘কাহানিও নেদেখা নিনাও তৰা এটাৰ’ সম্পদ আছিল বুলি কবিতাক কিছু পৰিমাণে দুৰ্লভ আৰু দৈনন্দিনতাই স্পৰ্শ কৰিব নোৱৰা ঐশ্বৰ্য হিচাপে তুলি ধৰা হৈছিল৷ কিন্তু তৃতীয় অংশত কবিয়ে এগৰাকী অনামী, অকলশৰীয়া বৃদ্ধাৰ হাতৰ তলুৱা পুৰি জ্বলি থকা এগছি চাকিতেই কবিতাৰ আৱিষ্কাৰ কৰিছে৷

কবিতাটোৰ শেষত কবিকুলক “হে পৰম কাৰুণিক কথক” বুলি সম্বোধন কৰি কবিয়ে তেওঁলোকৰ ওচৰত এটি নিৱেদন জনাইছে অতি আকুল ভাব আৰু ভাষাৰে–

        কোৱা আৰু এটা অৰ্থ

        তেওঁ যি নক’লে এই নিৰ্যাতিতক

কবিয়ে নিজকে কিয় নিৰ্যাতিত বুলি কৈছে? ‘নিৰ্যাতিত’ শব্দটোৱে আমাক মনত পেলাই দিয়ে “সম্পূৰ্ণ কবিতা”-ৰ প্ৰথম ভাগৰ শেষৰ শাৰীকেইটালৈ–

        ফুল তুলি ফুৰা হাতখনক নোকোবাব

        আৰু নোকোবাব

        প্ৰেমৰে শপত

        তেজ-মঙহৰ শব্দবোৰৰ শপত

এই শাৰীকেইটাৰ পঠনত অনুভৱ হোৱা কবিজনৰ আত্মপুতৌৰ ভাব আৰু ৰোমাণ্টিক দুখ-বিলাসিতা কবিতাটোৰ শেষৰ শাৰীত ব্যৱহৃত ‘নিৰ্যাতিত’ শব্দটোত নোহোৱা হৈছে৷ কবিয়ে যে উত্তৰণৰ বাটেৰে ৰোমাণ্টিক ভাববিলাসিতাৰ পৰা আঁতৰি আহি, অতীতমুখিতা অতিক্ৰমি, শেষৰ ভাগত অৰ্থপিয়াসী আধুনিক মননশীলতা আত্মস্থ কৰিছে, সেই কথা ‘নিৰ্যাতিত’ শব্দটোৰ পুনৰাবৃত্তি হৈও তাৰ মাজত অনিৰণিত নতুন তাৎপৰ্যত স্পষ্টভাৱে অনুভূত হৈছে৷ কবিতাৰ স্বাৰ্থত, প্ৰেম আৰু জীৱনৰ স্বাৰ্থত আধুনিক মননৰ অধিকাৰী কবিজনে নিৰ্যাতিত হ’বলৈ আৰু শংকাবোধ নকৰে৷ আচলতে যিজনে যন্ত্ৰণাক্লিষ্ট হ’বলৈ ভয় নকৰে, সেয়েইহে সকলো কথাৰ, সকলো যন্ত্ৰণাৰ মাজত অৰ্থ বিচাৰি ফুৰে৷ তাতেই কবিতাই শিপা মেলে, শব্দবোৰে বিচাৰি পায় ‘তেজ-মঙহৰ এটা কণ্ঠ’৷

কবিতাৰ উত্তৰণৰ এই পৰ্যায়ত কণা কুকুৰতকৈ তাৰ ভুকভুকনি, তেজ লগা চোলাৰ তেজৰ দগবোৰতকৈ চোলাৰ জেপত থকা পতঙ্গটোৰ চীঁচিয়নি বেছি অৰ্থৱহ হৈ পৰে৷

কবিতা এক ঐতিহ্যৰ ৱহমান সুঁতি; কেতিয়াবা সেই সুঁতি শুকাই গ’লেও সেয়া হয় ক্ষণস্থায়ী– তেজ-মঙহৰ কণ্ঠই যেতিয়া তেজ-মঙহৰ শব্দবোৰক বিচাৰি পায়, তেতিয়াই কবিতাই পুনৰ জীৱন লাভ কৰে৷ কবিতাটোৰ তিনিটা অংশই যেন কবিতাৰ জন্ম, মৃত্যু আৰু পুনৰজনম প্ৰাপ্তিৰ কথাকে কৈছে– যি কাৰণত ই এক “সম্পূৰ্ণ কবিতা”৷ “কেনে আছো নুসুধিবা মোক” নামৰ কবিতাটোৰ প্ৰথম ভাগত নীলমণি ফুকনে লিখিছে–

        বিশাল শিল এটাত মূৰ আফালি যেতিয়া

        তেজেৰে ৰাঙলী হয় এটা নক্ষত্ৰ

        তেতিয়াও কবিয়ে কয় সূৰ্যটো হেনো

        মোৰ আৰু তোমাৰ

কবিয়ে তেজৰঙা সময়তো মানুহক সপোন দেখুওৱাব পাৰে, কথাষাৰত শ্লেষৰ সুৰ এটা হয়তো আছে, কিন্তু এই কবিতাবোৰে প্ৰতীয়মান কৰা বিশেষ সত্যটো হ’ল যে কবিতাৰ জন্ম, মৰ্মাৰ্থ আৰু সীমাবদ্ধতাৰ বিচাৰ নীলমণি ফুকনৰ কবিতাৰ অন্যতম বিষয় তথা বিশেষত্ব৷

                                         ---

ফোন : ৭০০২৩৭০৫৭৭


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ