অন্যযুগ/


নীলমণি ফুকনৰ শিল্পকলা চেতনা

  নীলিমা ঠাকুৰীয়া হক 


( আৰ্ট বস্তুটো চিৰদিনৰ ডিছছেইটিছফেকছন, অহেতুকী । কিবা এটা প্ৰপাগেট কৰা তাৰ কাম নহয়।                                                              - সংগ্ৰহ, ৰামকিংকৰ বেইজ )

       

বৰ্ষণমুখৰ সন্ধিয়া কিনকিনীয়া বা হুৰহুৰাই নামি অহা বৰষুণজাকত তিতি তিতি আহি থাকোঁতে হঠাৎ কেতিয়াবা বতাহৰ সৈতে ভাহি আহে মতলীয়া গোন্ধ এটা । সেয়া নিমগছৰ ফুলৰ গোন্ধ । তিতা গছৰ মিঠা গোন্ধ । গোন্ধক গোন্ধ হিচাপে লৈছিলোঁ । তাৰো যে বৰণ আছে আৰু সেই গোন্ধ আৰু বৰ্ণই অনন্য শৰীৰী অনুভূতিক নান্দনিক স্তৰলৈ উত্তৰণ ঘটাই নিজকে আবিষ্কাৰ কৰাৰ সুযোগ দিয়ে, সেইকথা নীলমণি ফুকনদেৱৰ ৰচনাৰ পৰাহে শিকিলোঁ ।

পাতি-সোণাৰুৰ ফুলৰ এঠাইত তেঁও লিখিছে

ছাতিটো আছিল এটা মায়াবী ছাতি, যিটো সৰু ছাতিৰ তলত কোনোবা এটা আহাৰৰ প্ৰথমজাক বৰষুণত মই সোমাইছিলোঁ । ওঁঠত, জিভাত লগাইছিলোঁ হালধীয়া, যিমান পাৰোঁ সিমান চকুৰে শুহি লৈছিলোঁ হালধীয়া, আঙুলিত দি শুঙি চাইছিলোঁ হালধীয়া কেতেকী ফুলৰ কেশৰৰ ধূলি । মইও যে তেজ-মঙহৰ মানুহসৃষ্টিৰ আদিৰে পৰা সকলোৱে জনা কথাটো, মই যেন সেইদিনাহে প্ৰথম জানিলোঁ ।”       

নীলমণি ফুকনদেৱ প্ৰকৃতাৰ্থতে অতি সংবেদনশীল আৰু শিল্পানুৰাগী ব্যক্তি । কবি হিচাপে জনাৰ আগতে তেওঁক মই শিল্পৰসিক বুলিহে জানিছিলোঁ । ১৯৭৯/৮০ চনত, মোৰ কৈশোৰ আৰু যৌৱনৰ সন্ধিক্ষণত তেওঁক দেখা পাইছিলো শিলপুখুৰীস্থিত, শ্ৰদ্ধেয় বীৰেন দত্ত ছাৰৰ ঘৰ ভাড়া লৈ গঢ় লৈ উঠা গুৱাহাটী আৰ্টিষ্টছ্ গীল্ডৰ মজিয়াত । তেতিয়া শ্ৰদ্ধেয় নৱকান্ত বৰুৱা, যুগল দাস, হীৰেন ভট্টাচাৰ্য, অতুলানন্দ গোস্বামী আদি গুণী-জ্ঞানী লোকৰ সৈতে ফুকনদেৱো নিয়মীয়াকৈ গীল্ডলৈ আহিছিল আৰু চিত্ৰকলা-ভাস্কৰ্য সম্পৰ্কে হোৱা আলোচনা চক্ৰত ভাগ লৈছিল । তদুপৰি চিত্ৰকলা-ভাস্কৰ্যৰ প্ৰদৰ্শনীবোৰ দৰ্শন কৰিছিল আৰু শিল্পীসকলক উৎসাহ-উদ্দীপনা যোগাইছিল । শিল্পকলাৰ ওপৰত থকা তেওঁৰ অগাধ দখলক সকলো শিল্পীয়ে শ্ৰদ্ধা কৰিছিল । অসমৰ অগ্ৰজ-অনুজ প্ৰতিগৰাকী কবি আৰু কাব্যানুৰাগীয়ে যেনেকৈ তেওঁৰ সান্নিধ্যৰে ঋদ্ধ হয়, তেনেদৰে প্ৰতিজন চিত্ৰকলা-ভাস্কৰ্যৰ শিল্পীয়ে তেওঁৰ এষাৰ মন্তব্য শুনিবলৈ আগ্ৰহেৰে ৰৈ  থাকে ।

পাছলৈ নিজেও কাব্যচৰ্চা আৰম্ভ কৰিলোঁ যদিও সুদীৰ্ঘ তিনিটা দশকত তেওঁৰ কাষলৈ গলে কবিতাৰ বিষয়ে খুব কম কথা পতা হয় আৰু আমি বেছিভাগ সময় কেবল ছবিৰ কথাই পাতোঁ । চিত্ৰ-ভাস্কৰ্য আৰু শিল্পীৰ প্ৰতি তেওঁৰ আগ্ৰহৰ বাবে তেওঁৰ সমকালীন বহু ভাৰতীয় শিল্পীক সুবিধা পালেই সাক্ষাৎ কৰিছিল আৰু তেওঁলোকৰ বিষয়ে আৰু গভীৰভাৱে জানিবলৈ চেষ্টা কৰিছিল । 

তেওঁ ৰচনা কৰা “ৰূপ বৰ্ণ বাক” প্ৰতিগৰাকী অসমীয়া শিল্পী আৰু শিল্পানুৰাগীৰ বাবে এক অমূল্য সম্পদ । তেওঁৰ পৰা আমি যেনেদৰে অসমৰ পুৰণি শিল্পীসকলৰ, বিশেষকৈ মুক্তানাথ বৰদলৈ,সুৰেন বৰদলৈ,  প্ৰতাপ বৰুৱা, জগত সিং কছাৰী আদিৰ নাম আৰু কামৰ কথা জানিছিলোঁ, তেনেদৰে অসমৰ লোককলা আৰু ভাস্কৰ্যৰ বিষয়েও বহু কথা জানিব পাৰিছিলোঁ । কোন শিল্পীয়ে কেতিয়া কত কি কাম কৰিছে, সেই কথা জানিবলৈ আৰু সেই চিত্ৰ-ভাস্কৰ্য চাবলৈ তেওঁৰ উৎসাহৰ অন্ত নাছিল আৰু সুযোগ পালেই সেই শিল্পকৰ্ম স্বচক্ষে চাবলৈ, শিল্পীক লগ ধৰি কথা পাতিবলৈ তেওঁ উদ্বাউল হৈ আছিল ।

ইউৰোপৰ নৱজাগৰণৰ শিল্পীসকলৰ পৰা আধুনিক শিল্পীসকললৈ, মুঠতে লিঅনাৰ্ডডা ভিঞ্চি, মাইকেল এঞ্জেলোৰ পৰা পল গঁগা, ভেনগ, ৰেমব্ৰাঁ, চেজান, মাৰ্ক ছাগাল, পিকাছো, মুঙ্খৰ চিঞৰটোলৈ, ল ক্লি-ৰ বিমূৰ্ত ছবিবোৰৰ পৰা জাপানীজ, চাইনীজ ছবিবোৰলৈ- অজস্ৰ ছবিৰ কথা তেওঁ জানে । তেনেদৰে ভাৰতৰো বিভিন্ন লোককলা চিত্ৰৰ পৰা আধুনিক ভাৰতীয় চিত্ৰকৰ ৰাজা ৰবি বাৰ্মা, অমৃতা শ্বেৰগিল, নিকোলাছ ৰৰিক, নন্দলাল বসু, ৰামকিংকৰ বেইজ, তৈয়ব মেহতা, এম্ এফ্ হুছেইন, মনজিত বাৱাকে আদি কৰি অলেখৰ কথা শুনিবলৈ, জানিবলৈ তেওঁ এখন জীৱন্ত বিশ্বকোষৰ লেখীয়া । আনকি আজিৰ দিনটোত (তেওঁক লগ পোৱা দিনটোত) কোনে কি কাম কৰি আছে সেইকথা অনুজ সকলৰ পৰা জানিবলৈ তেওঁ ইচ্ছা প্ৰকাশ কৰিছিল ।

মাত্ৰ সিদিনাখন লকডাউনৰ সময়ত তেওঁৰ খবৰ লবলৈ যাওঁতে যথাৰীতি ছবিৰ কথা পাতোঁতে তেওঁ মনত পেলাইছিল মোগল শৈলীৰ পৰম্পৰাৰ আধাৰতে অলপ পৰিৱৰ্তন ঘটাই অঁকা বিখ্যাত ইনাইৎ খাঁ ডায়িংনামৰ ছবিখনৰ কথা । 

তেওঁ লিখিছে, “আধুনিক কালত ইম্প্ৰেছনিষ্ট, ছিম্বলিষ্ট, এক্সপ্ৰেছনিষ্ট চিত্ৰকৰসকলেই বাস্তৱৰ অনুকৃতিৰ পৰা চিত্ৰকলাক মুক্ত কৰি বা বাস্তৱক, প্ৰকৃতিক প্ৰতীকলৈ ৰূপান্তৰিত কৰিচিত্ৰলৈ দৃশ্যাতীতৰ ব্যঞ্জনা আৰু ব্যাপ্তি আনিবলৈ চেষ্টা কৰে । দৃশ্যমান বস্তুজগত বা বহি:জগতৰ বৰ্ণনা নহয়, ব্যঞ্জনা সৃষ্টিহে শিল্পীসকলৰ অন্বিষ্ট হৈ পৰে । আৰু তেতিয়াৰ পৰাই চিত্ৰ-ভাস্কৰ্য, আৰু কবি -শিল্পীৰ সম্পৰ্কটো গাঢ় হৈ আহে ।”(ৰূপ বৰ্ণ বাক)

”Painting is poetry that is seen rather than felt, and poetry is painting that is felt rather than seen.”-Leonardo da Vinci

চিত্ৰকলা আৰু কবিতাদুয়োটাকে নীলমণি ফুকনদেৱে সমানে দেখিছিলেও আৰু অনু্ভৱো কৰিছিল । শিল্পকলা আৰু কাব্যৰসেৰে সংম্পৃক্ত তেওঁআমাৰ জাতীয় কবি, আমাৰ গৌৰৱ আৰু অভিমান ।

   ওলমি থকা গোলাপী জামুৰ লগ্ন

   শ্যাম বৰণীয়া নাবিকবোৰ

   কিন কিন হেঙুলীয়াৰ মাজত

   এজাক সোণালী ফিছাৰ মাছ

   এটা কলা গোলাপৰ গোন্ধ

   ৰঙা সুমথিৰা টোপনি

     হৰিৎ প্ৰান্তৰত বাজি উঠিল এটা ঘণ্টা

এনে বহু ললিত পংক্তি তেওঁৰ কবিতাৰ কেনভাছত মূৰ্ত হৈ উঠে আৰু প্ৰায়ভাগ কবিতাতে পেলেটৰ পৰা উঠি অহা ৰংবোৰ সবাক আৰু সংবেদী হৈ উঠে ।

এগৰাকী দৃশ্যকাতৰ ধীমান ব্যক্তি তেওঁ, এই যুগৰ অন্যতম শ্ৰেষ্ঠ কবি । তেওঁৰ অতি সংবেদনশীল চেতনা আৰু চিত্ৰকলা-ভাস্কৰ্যৰ প্ৰতি গভীৰ অনুৰাগৰ কথা সুধী সমাজত সৰ্বজনবিদিত ।

নিজৰ চিত্ৰভাবনাৰ বিষয়ে নীলমণি ফুকনদেৱে “পাতি-সোণাৰুৰ ফুল” নামৰ আত্মকথাত লিখিছে – “অলপ জনা-বুজা হোৱাৰ পৰাই আন মানুহৰ দৰেই সহজাত দৃশ্যগত বোধ সংবেদন, অনুভূতি কিছুমানে হয়তো মোৰ মনৰ মাজত লাহে লাহে সজীৱ সক্ৰিয় হবলৈ ধৰিছিল । লাহে লাহে মোৰ চাৰিওদিশৰ জড় আৰু জীৱন্ত কোনো কোনো বস্তুক পুৱা, দুপৰীয়া, গধূলিৰ, ৰাতিৰ দৃশ্যবোৰক কেৱল বস্তু হিচাপে নাচাই,মোৰ জ্ঞান মনৰ অজ্ঞাতেই ,একোখন ধুনীয়া ছবি বা একোটা ধুনীয়া মূৰ্তি হিচাপে চাবলৈ ধৰিছিলোঁ।

পৰৱৰ্তী জীৱনত অনলস দৃশ্যগত জিজ্ঞাসা, হাতে ঢুকি পোৱা দেশ-বিদেশৰ, নতুন-পুৰণি একোখন ছবি, একোটা মূৰ্তিকে মনৰ বিশেষ অৱস্থাত, বাৰে বাৰে চাই চায়েই, চোৱাকে চাই, মোৰ দৃশ্যগত চেতনা, অভিজ্ঞতা যৎপৰোনাস্তি সমৃদ্ধ, প্ৰাণময় কৰিবলৈ অহৰহ চেষ্টা কৰি আহিছোঁ ।”

গেজেপনি হাবিৰে ভৰা চকিয়াল গাঁওখনৰ পৰা হাতত সোণাৰুৰ সোণ-হালধীয়া লৈ ওলাই অহা নীলমণি ফুকনে আজীৱন অন্তৰত লালন কৰিছে শৈশৱৰ গাঁওখন, হাবিখন, হাবিৰ চৰাই-চিৰিকতি, গছ-লতাৰ সৈতে কাণেৰে নুশুনা মাতৰ ৰহস্যময় অনুভৱ, অজস্ৰ পাতি-সোণাৰুৰ ফুল উপচি থকা দৃশ্য, গেলাবিল নামৰ নৈখন, গাঁৱৰ পুৱা আৰু গধূলিবোৰ। এতিয়াও তেওঁৰ অন্তৰত গ্ৰাম্য জীৱন-যাত্ৰা, বিশেষকৈ গধূলিৰ সাধাৰণ দৃশ্যবোৰেই অসাধাৰণ অসামান্য ৰূপ লৈ মূৰ্ত হৈ থাকে । তেওঁৰ গাঁৱৰ গাতে লাগি থকা কুমাৰ গাঁওখনত মলা, চৰু, চাকি, টেকেলি, সূতুলি, জুনুকা আদি গঢ়া চাই চাই  অজানিতে  মৃৎ শিল্পৰ প্ৰতি আকৰ্ষণ বাঢ়ি যায় আৰু পৰবৰ্তী কালত মৃৎশিল্পৰ সৈতে তেওঁৰ ঘনিষ্ঠ আৰু দীঘলীয়া সম্পৰ্ক গঢ় লৈ উঠে ।

তেওঁৰ জন্মস্থান দেৰগাঁৱৰ সমীপৰ নেঘেৰিটিঙৰ দল আৰু নুমলীগড়ৰ দেওপাহাৰত সিঁচৰতি হৈ পৰি থকা শিলৰ ভাস্কৰ্যবোৰ দেখি, চুই চুই তেওঁ শিল্পকলা-ভাস্কৰ্যৰ প্ৰতি গভীৰ অনুৰাগ অনুভৱ কৰিছিল । তেওঁৰ মতে দেওপাহাৰে আজিও তেওঁৰ লগ এৰা নাই আৰু তেঁৱো লগ এৰা নাই দেওপাহাৰৰ ।

ত্ৰিশৰ দশকত আৱাহনত ওলোৱা ৰঙীণ ছবিবোৰেই আছিল তেওঁ দেখা প্ৰথম ছবি আৰু কটন কলেজলৈ পঢ়িবলৈ আহি বাৰ্ষিক সপ্তাহ উপলক্ষ্যে হোৱা কলা প্ৰদৰ্শনীখনেই আছিল তেওঁ দেখা প্ৰথম কলা প্ৰদৰ্শনী । প্ৰদৰ্শনীৰ ছবিবোৰ চাই তেঁৱো পেষ্টেল, চীনা চিঞাহি আৰু পানীৰঙেৰে ছবি আঁকিবলৈ লৈছিল । কিন্তু তেওঁ সেই প্ৰচেষ্টা অব্যাহত নাৰাখিলে আৰু কবিতাই তেওঁৰ আত্ম অন্বেষণৰ শক্তিশালী সংবেদনশীল মাধ্যম হিচাপে পৰিগণিত হল ।

নীলমণি ফুকনদেৱে এঠাইত লিখিছে যে  কবিতা নপঢ়াকৈ, গান এটা নুশুনাকৈ তেওঁ কেবাদিনো পাৰ কৰিব পাৰে, কিন্ত ছবি এখন নোচোৱাকৈ তেওঁ এদিনো কটাব নোৱাৰে । তেওঁ বহু বিখ্যাত ছবি স্বচক্ষে দেখিছে আৰু বহু ছবিৰ প্ৰিণ্ট আৰু চিত্ৰ সম্বন্ধীয় কিতাপ তেওঁৰ সংগ্ৰহত আছে । তেওঁৰ লগত কথা পাতোঁতে লক্ষ্য কৰিছোঁ যে শিল্পকলা সম্পৰ্কীয় কথা পাতিলে তেওঁৰ চকু-মুখ অবিশ্বাস্য ধৰণে উজলি উঠে, আৱেগিক হৈ পৰে কবি ।

       তেওঁৰ  বহুতো কবিতা চিত্ৰ বা ভাস্কৰ্যৰ দ্বাৰা অনুপ্ৰাণিত

                   তেতিয়াৰ পৰা আকাশত

                     এই কাউৰীবোৰ

                     কা কা কৰি মাতে

                    মোৰ বুকুৰ হাড়ত”

ভিনচেণ্ট ভেন গঘৰ “Crows over the wheat field” নামৰ অবিস্মৰণীয় ছবিখনে তেওঁৰ জীৱনৰ ভাবনা-বেদনাৰ ওপৰত গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছে বুলি কবিয়ে স্বীকাৰ কৰে । তেনেদৰে

           শোৱনিকোঠাটোত সোমালো

            তেওঁ নাই

            বিছনা চকী মেজ দাপোন হাতকানি

           টোপনিত লালকাল

             

           ৰাতিৰ এজোপা ছাইপ্ৰেছ গছ

           ঘূৰ্ণিত এটা নীল নক্ষত্ৰ

           আমাৰ বুকুত সজাই থৈ

           সূৰ্যৰ মুখৰ

          হালধীয়া এডোখৰ

          পকি থকা ঘেঁহুৰ মাজেৰে

         কোনেও নেদেখাকৈ তেওঁ

          ভিনচেণ্ট গলগৈ।”

এই কবিতাটোত ভিনচেণ্টৰ তিনিখন ছবি  “Bedroom at Arles”, “The starry night” আৰু  “Crows over the wheat field”-অৰ কাব্যাঙ্কনে প্ৰাণৰ সঞ্চাৰ কৰিছে ।

নীলমণি ফুকনৰ বহুতো কবিতা, যেনে– “ইয়াৰ পৰাই পানী” (দ-পৰ্বতীয়াত থকা গঙ্গা-যমুনাৰ শৈলমূৰ্তি), “ঘৰৰ ওপৰেৰে গাই এজনী” (মাৰ্ক ছাগালৰ শিল্পকৰ্ম), “মুখ -আন্ধাৰিত আৰু হাড় কঁপোৱা জোনাকত” (ইলোৰাৰ গুহাত থকা বোধিসত্ত্ব পদ্মপাণি), “এডোখৰ স্ফটিকত কাটি ললো তোমাক” (ইজিপ্সীয়ান ভাস্কৰ্য নেফাৰটিটি) আদি কবিতা চিত্ৰ-ভাস্কৰ্যৰ পৰা উঠি অহা একোপাহ কাব্যশিল্প, যিয়ে অসমীয়া কাব্য সাহিত্যক অনন্য মাত্ৰা প্ৰদান কৰিছে ।

তেওঁৰ কাব্য চেতনাৰ পৰা শিল্পকলাৰ ভাবনাক পৃথক কৰিব নোৱাৰি, বৰঞ্চ কব পাৰি যে তেওঁৰ চিত্ৰ-ভাবনাই ৰূপ-স্বাদ-গোন্ধৰ বিভিন্ন বিচিত্ৰ ৰূপান্তৰৰ মাজেৰে গৈ তেওঁৰ কবিতাক সমৃদ্ধ কৰিছে ।

শৈশৱৰ পৰাই নিসৰ্গৰ বিভিন্ন ৰূপে আৰু পাৰিপাৰ্শ্বিক ঘটনাৰাজিয়ে দৃশ্যগত অভিজ্ঞতা হৈ পলে পলে তেওঁক আলোড়িত আৰু ৰোমাঞ্চিত কৰি আহিছে । স্মৃতিপটত ঠাঁহ খাই থকা সুগন্ধি ৰূপ-ৰসৰ আৱেগ-আন্দোলনেই তেওঁৰ শিল্পকলাৰ চেতনাতো শাণ দিছে । সময়ৰ লগে লগে সেই ভাবনা-চেতনা পৰিপুষ্ট আৰু ৰসঘন হৈছে । তেওঁৰ দৰে ঋদ্ধ শিল্পানুৰাগী দ্বিতীয় এজন পাবলৈ আমি বহুকাল অপেক্ষা কৰিব লাগিব ।

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ