অন্যযুগ/


নীলমণি ফুকন : অন্তহীন ব্যাপ্তিৰ কবি

অৰিন্দম বৰকটকী

 

জ্ঞানপীঠ বঁটা লাভ কৰি নীলমণি ফুকনে আমাৰ ভাষা-সাহিত্য আৰু অসমীয়া কবিতাক সৰ্বভাৰতীয় প্ৰেক্ষাপটত সন্মানীয় স্তৰত পুনৰবাৰ প্ৰতিষ্ঠা কৰিলে৷ এই বঁটা ফুকনৰ ব্যক্তিগত প্ৰাপ্তি নহয়, ই তেখেতে সদায় কৈ অহা জাতিটোৰ ভাষাটোৰ কবিতালৈ সন্মান৷ নীলমণি ফুকনৰ কবিতা পঢ়িলে মনলৈ প্ৰশ্ন আহে কিহৰ বাবেনো তেখেত অসমীয়া কবিতাৰ জগতত আমাৰ দৰে পাঠকৰ বাবে একক আৰু অনন্য হৈ ৰব পাৰিছে? আমাৰ বাবে তাৰ উত্তৰ ফুকনৰ কবিতাৰ ভাষাৰ জগতখন তেনেই আপোনসুৰীয়া সুৰত বন্ধা জগত এখন হোৱাটো আৰু ভাবৰ জগতখন মূল আৰু ঐতিহ্যৰ আঞ্চলিক বৈশিষ্ট্যৰ পথেদি আগবাঢ়ি সাৰ্বজনীন চৰিত্ৰৰ ৰূপ লব পৰাটোৱেই বুলি বিশ্বাস কৰোঁ৷ এই দুটা চৰিত্ৰকনো নীলমণি ফুকনে তেওঁৰ প্ৰথমখন সংকলন সূৰ্য হেনো নামি আহে এই নদীয়েদিৰ পৰা শেহতীয়া সংকলনলৈকে কিহৰ জোৰত ধৰি ৰাখিব পাৰিলে সেই কথা ভাবি বিস্মিত হওঁ৷ আমাৰ বাবে প্ৰথম পৰ্যায়ত তাৰ প্ৰথম কাৰণ কবি হিচাপে নীলমণি ফুকনে কোনোদিনেই কবিতাক বৌদ্ধিক কছৰৎভূমি নকৰাটো, দ্বিতীয় কাৰণ তেওঁৰ কবিতাত বিপ্লৱী মাৰ্কা কবিসকলৰ দৰে ভাষণ দিয়াৰ প্ৰৱণতা নথকাটো আৰু তৃতীয় কাৰণ হাজাৰ ধুমুহাই নাহক কিয় সকলো আক্ৰমণক প্ৰতিহত কৰি স্থিতপ্ৰজ্ঞৰ দৰে, নীলকণ্ঠৰ দৰে এক ভৱিষ্যতমুখী সদৰ্থক দৃষ্টিৰে স্থিতি লৈ থাকিব পৰাটো৷ দ্বিতীয় পৰ্যায়ত কবি নীলমণি ফুকনৰ আৰু কিছুমান বিশেষ চৰিত্ৰৰ প্ৰসংগ আহিব যিবোৰ হয়তো আন বহুতো কবিৰ ক্ষেত্ৰত দুৰ্লভ হৈয়েই ৰব৷ তাৰ প্ৰধান আৰু প্ৰথমটো কাৰণ হৈছে পশ্চিমীয়া আৰু মহাদেশীয় কবিতাৰ তেখেত এজন বিস্তৃত অধ্যয়নশীল পাঠক হোৱাৰ উপৰি অসমীয়া গাঁৱলীয়া সংস্কৃতিৰ পৰিচয়ৰ সৈতে তেখেতৰ থকা আত্মিক সম্পৰ্ক আৰু একে সময়তে সংগীত, চিত্ৰকলা, ভাস্কৰ্য আদি বিভিন্ন art form-বোৰৰ প্ৰতিও আগ্ৰহশীল হোৱাটো৷ তেখেতে প্ৰতিটো art form-অৰ স্বতন্ত্ৰতাৰ গুৰুত্বক উপলব্ধি কৰিব পাৰিছিল আৰু সদায় সচেতন হৈ ৰৈছিল যাতে তেখেতৰ কবিতা এনেবোৰ প্ৰভাৱে জপটিয়াই ধৰা বিধৰ নহয়গৈ৷ তেখেতৰ কবিতাত চিত্ৰকলাৰ দৰে চাক্ষুষ অভিজ্ঞতাৰ চৰিত্ৰ আছে, সংগীতৰ দৰে ধ্বনিময়তাৰ অন্তঃস্ৰোত আছে– কিন্তু এই সৃষ্টি তেখেতৰ উপলব্ধিৰ গভীৰতাৰ পৰাহে সৃষ্টি হোৱা৷ উপলব্ধিৰ এনে গভীৰতাই কবিৰ ক্ষেত্ৰত এক অন্য মাত্ৰাৰ আৱেগ অথবা আনন্দময়-প্ৰেৰণাময় অৱস্থাৰ সৃষ্টি কৰিব পাৰিছিল৷ আৱেগ আছিল বাবেই কবিতাৰ যি আচল চৰিত্ৰ- শ্ৰুতি সি নীলমণি ফুকনৰ কবিতাত কেতিয়াও বিঘ্নিত হোৱা নাছিল৷

 এটা সাক্ষাৎকাৰত নীলমণি ফুকনে এই বুলি মন্তব্য কৰিছিল–‘কবিতা কেৱল শব্দৰ খেল বুলি নাভাবোঁ, যদিও শব্দ বুলি হাহাকাৰ কৰিয়েই জীৱনৰ চল্লিশটা বছৰ পাৰ কৰিলোঁ ৷হয়, এটা অৰ্থত কবিতা শব্দৰ খেলা, কিন্তু ই অৰ্থৰো খেলা, জীৱনৰো খেলা৷

 অসমীয়া নামৰ ভাষাটোৰ শব্দবোৰৰ সযত্ন অনুশীলনেৰে নীলমণি ফুকনে যোৱা পঞ্চাছটা বছৰত জীৱন আৰু জগতক বাৰে বাৰে উন্মোচন কৰিবলৈ চেষ্টা কৰি আহিছে৷ কবিৰ নিজৰ ভাষাত শব্দৰ নিজৰ এখন জগত থাকে ৷ আমাৰ সমাজ জীৱনৰ মাজতেই সেইখন জগতৰ উৎপত্তি আৰু স্থিতি৷ এটা ভাষাৰ অনুশীলন আৰু ইয়াৰ সৈতে জড়িত হৈ থকা এটা জাতিৰ সাংস্কৃতিক ঐতিহ্য, জাতীয় জীৱনৰ সংঘাত আৰু সংশয়ক অনুধাৱন কৰাৰ আন্তৰিকতাৰ যোগেদি নীলমণি ফুকনৰ কবিতাই অসমীয়া সমাজ জীৱনকো উন্মোচন কৰি আহিছে, উন্মোচন কৰিছে জীৱন সত্যক ৷ 

নীলমণি ফুকনৰ কবিতাৰ তিনিটা পৰ্ব আছে বুলি অনুভৱ কৰোঁ৷ ১৯৫৫ চনৰ পৰা ১৯৭৫ চনলৈ নীলমণি ফুকনৰ কবিতাৰ এটা নিৰ্বাচিত সংকলন গোলাপী জামুৰ লগ্নৰ পাতনি লিখিছিল ভবেন বৰুৱাই৷ সূৰ্য্য হেনো নামি আহে এই নদীয়েদি (১৯৬৩), নিৰ্জনতাৰ শব্দ (১৯৬৫), আৰু কি নৈশব্দ (১৯৬৮), ফুলি থকা সূৰ্য্যমুখী ফুলটোৰ ফালে (১৯৭১), কাঁইট আৰু গোলাপ আৰু কাঁইট (১৯৭৫) এই পাঁচোখন সংকলনৰ স্বতন্ত্ৰ চৰিত্ৰটোৰ এই সময়ছোৱাৰ কবিতাসমূহক নীলমণি ফুকনৰ কবিতাৰ প্ৰথম পৰ্ব আখ্যা দিব পাৰি৷ কবিৰ বিস্ময় বিমুগ্ধ চৰিত্ৰ আৰু জীৱন সন্ধানী দৃষ্টিকোণৰ পৰিৱৰ্তন কাঁইট আৰু গোলাপ আৰু কাঁইট সংকলনখনৰে পৰাই যে ঘটিছিল তাৰ উমান এই সংকলনখনৰ নামৰ লগত আগৰ সংকলনখনৰ নামকেইটা ৰিজাই চালেই অনুমান কৰিব পাৰি৷ সাত সমুদ্ৰত শংখ বজাৰ আহ্বান এই সময়তেই আৰম্ভ হৈছিল আৰু তেওঁ লিখি উলিয়াইছিল এনে কেতবোৰ পংক্তি

১) “গাৰ প্ৰতিডোখৰ ঘাৰ মুখ মেলি

গোলাপৰ গোন্ধ লওঁ

কি মৰ্মভেদী!

তুমি কোন নাৰী গছ হৈ শিপোৱা

শিলৰ বুকুত

মাটি পানী জুই তেজে সেয়া মাতে মোক

২) গছবোৰ মোহাৰিলেই তেজ ওলায়

এতিয়া কাঁইট আৰু গোলাপ আৰু কাঁইট

জুইত ভৰি সুমুৱাই দিও হাত সুমুৱাই দিও

চকু মোহাৰিলেই ৰদ নাচি উঠেতীক্ষ্ণ উজ্জ্বল তীক্ষ্ণ

আহা আমি ঋতুমতী নাৰীৰ বাবেই বৰণ কৰো

বসন্তক

৩) উস আস উচুপনি কেঁকনি ভৰা দেই যোৱা

দিনৰ চকুলো বোৱা

প্ৰতিটো ৰাতিয়েই যেন নাঙঠ কোনো মৃত গাভৰুৰ দেহ

মুখত

শিয়ালে শুঙা

 ভবেন বৰুৱাই গোলাপী জামুৰ লগ্নৰ পাতনিত লিখিছিল কাঁইট আৰু গোলাপ আৰু কাঁইটত নীলমণি ফুকনৰ সাৰ্থক কবিতাৰ সংখ্যাটো আৰু ডাঙৰ হ৷ নীলমণি ফুকনৰ কবিতাই যেতিয়াই সামাজিক অৰ্থ আৰু বিস্তৃতিৰ প্ৰতি আগ্ৰহশীল হৈছিল তেতিয়াই তেওঁৰ কবিতাৰ চৰিত্ৰটো ভাব আৰু ভাষা উভয়তে ধাৰাল হৈ উঠিছিল ৷ উজনি অসমৰ ভাষাত দেখা পোৱা সহজ কোমলতাই সৃষ্টি কৰা আৰম্ভণিৰ কবিতাৰ অন্তৰ্নিহিত সুৰৰ চৰিত্ৰকো এই সামাজিক চৰিত্ৰৰ প্ৰভাৱে পৰিৱৰ্তন ঘটাইছিল ৷ ডহীৰেন গোহাঁয়ে সম্পাদনা কৰা আৰু পাতনি লিখা সাগৰতলিৰ শংখত অধিক গুৰুত্ব দিয়া কবিতা (১৯৮১) আৰু নৃত্যৰতা পৃথিৱী (১৯৮৫)-ৰ কবিতাসমূহ কবি নীলমণি ফুকনৰ ব্যক্তিৰ পৰা সমাজলৈ পৰিভ্ৰমণৰ ইচ্ছাৰ উত্তৰণতেই সৃষ্টি হোৱা আৰু তাৰ পূৰ্বানুমান কাঁইট আৰু গোলাপ আৰু কাঁইট নামৰ সংকলনখনত বিচাৰি পাব পাৰোঁ ৷ এই উত্তৰণ আছিল প্ৰকৃতিৰ পৰা প্ৰত্যাহিক বাস্তৱলৈ যাত্ৰা, ব্যক্তিগত নান্দনিক চেতনাৰ সৈতে সামাজিক উৎসই দিব পৰা সৃষ্টিশীল উৎসাহৰ সংযোগৰ যাত্ৰা, তাৰ সৈতে লোকসংস্কৃতি, জনসংস্কৃতি, ইতিহাসচেতনা, শিল্প-সংস্কৃতিৰ প্ৰতি আগ্ৰহী মনটো সদায় আছেই ৷ কবিতা আৰু নৃত্যৰতা পৃথিৱী কবিতাসমূহ আছিল নীলমণি ফুকনৰ দ্বিতীয় পৰ্বৰ কবিতা ৷ প্ৰথম পৰ্বৰ নীলমণি ফুকনৰ কবিতা পঢ়ি যিদৰে ব্যক্তিমনৰ বিস্ময় চেতনাৰ লগতে অসমীয়া ভাষা আৰু ইয়াৰ সৈতে সংযোগ হৈ থকা লোকসংস্কৃতি আৰু লোকজীৱনৰ এক পৰিচয় পাব পাৰি, দ্বিতীয় পৰ্যায়ৰ কবিতাসমূহ পঢ়ি বৰ্তমান, বাস্তৱ আৰু বুৰঞ্জীৰ প্ৰসংগৰে আমাৰ সামাজিক অস্তিত্বৰ এক ৰাজহুৱা আৰু মনস্তাত্ত্বিক পৰিচয় পাব পাৰি ৷ এই অৱস্থাতেই বাস্তৱক উপেক্ষা নকৰা কবিৰ দৃষ্টিবস্তু সলনি হৈছিলজীৱন সংযোগে সাধাৰণ শব্দকো ৰূপকীয় আৰু প্ৰতীকী তাৎপৰ্য দিছিল ৷ প্ৰথম পৰ্বত নীলমণি ফুকনে সচেতনভাৱে প্ৰতীক ব্যৱহাৰ কৰিছিল, দ্বিতীয় পৰ্বত বোধ আৰু চেতনাৰ অসাধাৰণ গভীৰতাই শব্দত একে সময়তেই স্বাধীনতা দিছিল আৰু একে সময়তে প্ৰতীক আৰু ৰূপকৰ অলংকাৰ দিছিল

ক) “কথাটো বৰ সাংঘাটিক

নিজৰ চকু দুটা নিজে কাঢ়ি

হাতত লৈ ফুৰাৰ দৰে

বৰ সাধাৰণ

পাৰ এজোৰ পোহাৰ দৰে

খ) “পালানে কিবা উত্তৰ

দেখিলানে নিজকে উপঙি

নিজৰে তেজৰ ডোঙত

পালানে ঘূৰাই তোমাক

তোমাৰ পিয়াহ

তোমাৰ শোক

 সম্পূৰ্ণ স্বকীয়তাৰে নীলমণি ফুকনে কবিতা আৰু নৃত্যৰতা পৃথিৱীত আয়ত্ত কৰা চৰিত্ৰটোৰ সম্ভাৱনা কাঁইট আৰু গোলাপ আৰু কাঁইট সংকলনখনৰ ৰজস্বলা পথাৰখন পাৰ হৈ’, ‘গছপাতবোৰ মোহাৰিলেই তেজ ওলায়’, ‘আকাশ অতসী’, ‘ধনশিৰি পাৰ হলেই পথাৰ’, ‘উস আস উচুপনি কেঁকনি ভৰা’, আঘাত হানা আঘাত হানা’, ‘পাৰ হৈ আহি সেই বিথনা প্ৰান্তৰ’, ‘তুমি সৈনিক, তোমাৰেই উন্মোচনৰ ক্ষমতাআদি কবিতাত বিচাৰি পাব পাৰি ৷ এই কবিতাকেইটাৰ জনমুখী চৰিত্ৰৰ বাবে হয়তো ভবেন বৰুৱাই ভাল পাব পৰা নাছিল ৷ ডহীৰেন গোহাঁয়েও সাগৰতলিৰ শংখত সংকলিত কৰা নাছিল ৷ নীলমণি ফুকনৰ গুৰুত্ব বিচাৰ কৰাত ডহীৰেন গোহাঁই আৰু ভবেন বৰুৱাৰ অৱদান শ্ৰদ্ধাৰে স্বীকাৰ কৰিও নীলমণি ফুকনৰ নিজস্বতাৰ উমান এই কবিতাৰ প্ৰসংগৰে নীলমণি-চৰ্চাত বিচাৰি পাব পাৰি ৷ যাৰ বাবে নীলমণি ফুকনে তেওঁৰ অন্তিম সংকলন অলপ আগতে আমি কি কথা পাতি আছিলোত এটা নতুন পৰ্বৰ সূচনা কৰিবলৈ সক্ষম হৈছিল ৷ কবিৰ বাবে এয়া সম্ভৱ হৈছিল তেওঁৰ বাবে কাব্য সত্য জীৱন-সত্যৰ পৰা বিচ্ছিন্ন নোহোৱাত আৰু জীৱন বৃত্তৰ পৰিক্ৰমাৰ পূৰঠ অৱস্থাত সম্ভৱ হব পৰা কাব্য ভাবনাৰ নতুন স্তৰ সম্পৰ্কে ধাৰণা কৰিব পৰাত ৷ নীলমণি ফুকনৰ আগ বয়সৰ কবিতাই (যিবোৰ কবিতাৰ সৰহ সংখ্যকেই আছিল কোলাহলতকৈ নিৰ্জনতাৰ অথচ নিঃসঙ্গতাৰ নহয়, জীৱনতকৈ মৃত্যুৰ অথচ সমাপ্তিৰ নহয়) আমাক শিকালে একক মননৰ প্ৰকৃতি-বিস্ময় আৰু জীৱন-জিজ্ঞাসাৰ গুৰুত্ব, মাজ বয়সৰ কবিতাই আমাক বুজালে যে সমাজবোধ আৰু ইতিহাসবোধৰ পৰাই উৎসাৰিত হব নতুন কবিতাৰ ভাষা আৰু শেষৰ পৰ্বৰ একমাত্ৰ সংকলনখনৰ কবিতাসমূহে সামগ্ৰিকভাৱে জনালে শেষত ভাষাৰো বন্ধন ছিঙি কবিতাই বিচাৰে অন্তহীন ব্যাপ্তিমানুহৰ তেজত, মঙহত, বতাহত, আকাশত

 এই অন্তহীন ব্যাপ্তিৰে আমাৰ ভাষা আৰু কবিতাক সমৃদ্ধ কৰা নীলমণি ফুকনলৈ সশ্ৰদ্ধ কৃতজ্ঞতা আৰু অভিনন্দন ৷

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ