অন্যযুগ/


চেঁচা জামুকীৰ জুই

 প্ৰদীপ শইকীয়া 


যোৱা চাৰিটা দশকজুৰি যাৰ কবিতাই আমাক মোহগ্ৰস্ত কৰি ৰাখিছে আৰু সাগৰতলিত শঙ্খ বিচৰাৰ আনন্দত বুৰাই ৰাখিছে সেইগৰাকী স্বনামধন্য কবি, শিল্পৰসিক শ্ৰদ্ধেয় নীলমণি ফুকনক প্ৰথম লগ পাইছিলোঁ ১৯৮৮ চনত ।

তেতিয়াৰে পৰা ক'ব নোৱাৰাকৈয়ে  নীলকান্ত মণিটি মোৰ বুকুৰ খাজত লিপিট খাই সোমাই আছে ।  

আনন্দতে, কেতিয়াবা বিষাদৰ মাজতো নীলমণি ফুকনৰ কবিতা আজিও বুকুতলৈ পঢ়োঁ । ভাবৰ প্ৰশান্ত-অশান্ত-সীমাহীন সমুদ্ৰত বুৰ যাওঁ, ওপঙি উঠোঁ, আকৌ তল যাওঁ । 

নীলমণি ফুকন আচলতে নিজেই এটা নিটোল শিল্প । 

এটি মুকুতাক জন্ম দিবলৈ স্বাতী নক্ষত্ৰৰ পৰা সৰি পৰা এটোপাল নিয়ৰৰ বাবে যেনেদৰে ৰৈ থাকে শামুকৰ গৰ্ভ, পৃথিৱীয়েও মহাকালৰ অনন্ত বাটত বাট চাই থাকে এনে এজন ক্ষণজন্মা কবিৰ আগমনৰ বাবে । যাৰ হাতৰ দীপশিখাই দশোদিশে পোহৰ বিয়পায়,যাৰ অন্তৰ্দৃষ্টিয়ে পোহৰ-আন্ধাৰ-মাটি-পানী-বতাহক, স্থাৱৰ-জঙ্গম-তৰু-লতা-শিলাকো অন্য এক মাত্ৰা প্ৰদান কৰি মহাবিশ্বৰ ঊষা-কীৰ্তন কৰে । 

আধুনিক ভাৰতীয় কাব্য-আকাশৰ উজ্জ্বল জ্যোতিষ্ক, শ্ৰদ্ধা আৰু চেনেহৰ কবিজনা কুশলে থাকক- এয়ে কামনা । 

তেখেতৰ জীৱনজোৰা সাধনাৰ প্ৰতি সন্মান জনাই ভাৰত চৰকাৰে আগবঢ়োৱা সাহিত্যৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠ বঁটা প্ৰদান অনুষ্ঠানটিত উপস্থিত থাকিবলৈ পাই গৌৰৱবোধ কৰিছোঁ ৷ ই মোৰ জীৱনৰ এক অবিস্মৰণীয় অভিজ্ঞতা হৈ ৰব ৷ 

এটা কথাই মনত বৰকৈ আমনি কৰি আছে বাবে লিখিব খুজিছোঁ ৷ বঁটা প্ৰদান অনুষ্ঠানটিত নীলমণি ফুকনৰ কবিতাৰ বিষয়েহে আলোচিত বা বিশেষভাৱে উল্লেখ কৰা হল ৷ নীলমণি ফুকনৰ কবিতাৰ বিশাল ৰহস্যময় নেপথ্যত থকা বিষয়সমূহৰ কথা প্ৰায় অনালোচিত হৈ ৰল ৷ যিবোৰ আছিল তেখেতৰ কবিতাৰ প্ৰকৃত মৌচাক ৷ 

নীলমণি ফুকনে অকল কবিতাহে ৰচিছিল নেকি ! কত অনন্য অসাধাৰণ শৈলীৰ, বিষয়বস্তুৰ গদ্য ৰচনা কৰিছে তেখেতে ৷ কলাৰসিক বুলি উল্লেখ কৰিলেই কথাবোৰ সম্পূৰ্ণ নহয় ৷ 

চৰ-অচৰ এই ব্ৰহ্মাণ্ডক ফুকনে দেখিছে অন্য দৃষ্টিৰে ৷ উপলব্ধি অনুভৱ কৰিছে একান্ত নিজা ধৰণে ৷ ফুকনৰ সমসাময়িক বহু প্ৰখ্যাত অসমীয়া কবিৰ ব্যক্তিত্ব আৰু সৃষ্টিৰাজি তেখেতৰ সৃষ্টিৰাজিৰে লগত তুলনীয় নহয় ৷ ই অপ্ৰিয় কথা হব পাৰে ৷ কিন্ত সত্য বুলি অন্ততঃ প্ৰমাণিত হৈছে ৷ 

ফুকন ছাৰৰ সৈতে বিভিন্ন সময়ত একেলগে ছবি চোৱাৰ অভিজ্ঞতা হৈছে ৷ যোৱা শতিকাৰ নৱম দশকৰে কথা ৷ ভেন গঘৰ প্ৰিণ্ট্ ছবিৰ এখন প্ৰদৰ্শনীত একেলগে এখন এখনকৈ ছবি চাই আছিলোঁ ৷ শেষত ছাৰে মোক সুধিলে- তোমাৰ কোনখন ছবি বেছি ভাল লাগিছে ? 

তপৰাই কলোঁ- ছ’ (Sorrow) ছবিখন ৷ ছাৰক সুধিলোঁ-আপোনাৰ ? ছাৰে কলে- কোনখনৰ কথানো কম ৷ প্ৰতিখনেই ৷ 

ছাৰে কৈ গল ক্ৰমে ক্ৰমে আলু খোৱা, সূৰ্য্যমূখী ফুল, হালধীয়াত কাউৰী, বিশেষ জোতাপাটৰ বিষয়ে আৰু এইবোৰৰ নেপথ্যৰ কথাবোৰ ,আনন্দ বিষাদ, বৰ্ণময় অবৰ্ণনীয় জীৱন যন্ত্ৰণা, ৰহস্যময়তাৰ কথা ৷ 

পৰৱৰ্তী কালত ছছবিখনিক লৈ ১৪ নং ছবি ছ’ “ নামেৰে পষেক  আলোচনীক কবিতা এটা প্ৰকাশ হৈছিল ৷ কবিতাটো উৎসৰ্গা কৰিছিলোঁ ছাৰৰ নামত ৷ 

ৰামকিংকৰ বেইজৰ The Santhal Family ভাস্কৰ্যটিক লৈ ৰচনা কৰা মোৰ বানপ্ৰস্থ নামৰ কবিতাটিও ছাৰলৈ উৎসৰ্গা কৰিছিলোঁ ৷ 

সেইজনেই নীলমণি ফুকন ৷ 

এবাৰ তেখেতৰ ঘৰত ৷ পাতি আছিলোঁ প্ৰাচীন ভাস্কৰ্যৰ কথা ৷ আমি দেখা আৰু নেদেখাবোৰৰ কথা ৷ বহুত কথা ৷ আমি সাধাৰণতেই কবিতাৰ কথা নাপাতিছিলোঁ ৷ শিল্প শিল ভাস্কৰ্য নীৰৱতাৰ কথাই পাতিছিলোঁ ৷ মোক কৈছিল- সাঁচীৰ স্তূপলৈ যাবা ৷ অনুভৱ কৰিবা নিৰ্জনতাৰ ভাষা ৷ কি সাংঘাতিক ৷ কি সাংঘাতিক ৷ 

সাগৰতলিৰ শঙ্খ প্ৰকাশ হোৱাৰ পাছত অৱশ্যে এদিন তেখেতৰ কবিতা, চীনা জাপানী কবিতাৰ বিষয়ে বহু কথা পাতিছিলোঁ ৷ অনেক মই নজনা নতুন কথা কৈছিল ছাৰে ৷

ভাস্কো পপাই আঁকি দিয়া তেখেতৰ হাতখন, উপহাৰ দিয়া কিতাপখন দেখুৱাইছিল- You have given me your hand . 

এদিন ছাৰক সুধিলোঁ চৰাঘৰৰ বেৰত আঁৰি থোৱা কলীয়া কাঠৰ পুৰণি মুখাখনৰ কথা ৷ ছাৰে কলে, 'এই কথা তুমিয়েই মোক প্ৰথম সুধিলা ৷ প্ৰায় সকলোৱেই কবিতাৰ কথাহে পাতিব খোজে ৷ছাৰে মুখাখনৰ কথাবোৰ কলে ৷ 

মোক কলে- 'এই কথাবোৰ পাতি থাকিলে মোৰ আমনি নালাগে ৷ তুমি আহি থাকিবা ৷ আমি অন্য কথাবোৰ পাতিম ৷' কেতিয়াবা সংগীতৰ কথাও পাতিছিলোঁ ৷ 

এদিন কলে- 'তোমাৰ কবিতাত স্ফটিক শব্দটোৰ ব্যৱহাৰ বেছি নেকি ? এদিন অলপ অভিমান কৰিয়েই কলে- তেজ বঁতিওৱা পাতমাদৈ কত দেখিছা ? পাটমাদৈ ধুনীয়া চৰাই ৷'

এদিন কলে- 'কোনো সমালোচকে কবিক ওপৰলৈ নিব নোৱাৰে ৷ কবিয়ে নিজেই নিজৰ উত্তৰণ ঘটাব লাগিব ৷'

অনেক কথা আছে ৷ অনেক কথা থাকিল পাতিবলৈ ৷ 

বিজ্ঞসকলে নীলমণি ফুকনৰ সৃষ্টিৰ বিষয়ে লিখি গৈছে, লিখি আছে ৷ লিখি থাকিব ৷ লিখি শেষ কৰিব পাৰিবনে ! 

ছাৰ ছাৰেই ৷ 

দৃশ্যমান অথচ অদৃ্শ্য যিখন জগতৰ তেওঁ বাসিন্দা , সেইবোৰ চুব পৰাটো বৰ সহজ কথা নহয় ৷

ইলোৰাৰ ইন্দ্ৰসভাত আমিনো কোন কূটা !

 

(লেখক সদৌ অসম কবি সন্মিলনৰ সভাপতি।)

ভ্ৰাম্যভাষ : ৯৪৩৫৩১৯৯৩৬

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ